• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

ASSAMESE SECTION / Assam / Climate Change

by HIRANMOY CHETIA
February 10, 2026
in ASSAMESE SECTION, ASSAM, Climate Change
Reading Time: 4 mins read
0
মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা
Share on FacebookShare on TwitterShare on LinkedIn

মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

সৌৰ আধানযুক্ত পাতল তাঁৰৰ বেৰাই অসমৰ মানাহ ভূ-খণ্ডত সহাৱস্থানৰ সূচনা কৰিছে

ড° হিৰণ্ময় চেতিয়া

Hiranmoy Chetia 1
ড° হিৰণ্ময় চেতিয়া

পোহৰ আৰু ছাঁৰ এটা নিশা

অসমৰ চিৰাং জিলাৰ এক নিস্তব্ধ, চন্দ্ৰালোকিত নিশা। পথাৰৰ কাষত কিছুমান কৃষকে নিঃশব্দে গোট খাই থিয় হৈ আছিল। তেওঁলোকৰ দৃষ্টি পথাৰৰ এমূৰে থকা  গছৰ শাৰীটোত নিবদ্ধ আছিল। অলপ পিছতেই সেইফালৰ পৰা কুঁৱলীৰ মাজেৰে লাহে লাহে ওলাই আহিল কিছুমান বিশাল ছাঁ। সেই ছাঁবোৰ আছিল এটা বিশাল হাতীৰ জাকৰ।

আগৰ বছৰবোৰত এই দৃশ্য মানেই হ’ল অশান্তি- পথাৰৰ শস্য অনিষ্ট, ঘৰ ভঙা, হয়তো আনকি কোনো লোকৰ জীৱন হেৰুৱা। কিন্তু এইবাৰ কথাবোৰ বেলেগ আছিল।

মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

জোনৰ পোহৰত মৃদুভাৱে জিলিকি থকা এডাল পাতল তাঁৰে এজন নীৰৱ প্ৰহৰীৰ দৰে পথাৰখন ঘেৰি ৰাখিছিল। পথাৰখন বেৰি ৰখা সেই তাঁৰডালৰ ওচৰ পাই হাতীবোৰে থমকি ৰৈছিল, আৰু অস্বস্তিত পৰি হুলস্থুল কৰি তাৰ পৰা লাহে লাহে বনাঞ্চলৰ ফালে উভতি গৈছিল। গাঁওবাসীৰ বাবে সেই তাঁৰাডাল কেৱল বিদ্যুত পৰিবাহি এক ধাতুৰ তাঁৰ নাছিল—ই আছিল নিৰাপত্তা আৰু শান্তিৰ এক নৱ প্ৰতিশ্ৰুতি।

সংঘাতৰে ভৰা এক ভূ-খণ্ড

RelatedPosts

ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026

ভাৰতত হাতী-মানুহৰ সহাৱস্থান এক জটিল বাস্তৱতা। ভাৰতবৰ্ষত প্ৰায় ২২,৫০০ টা হাতী আছে আৰু এই বিশালকায় জন্তুবিধ দিনে-দিনে সংকুচিত হৈ অহা বনাঞ্চল আৰু বাঢ়ি অহা খেতিভূমিৰ ফলত জনবসতিপূৰ্ণ অঞ্চলত প্ৰবেশ কৰিব লগা হোৱাত বহু ঠাইত হাতী-মানুহৰ সংঘাত প্ৰায় দৈনন্দিন ঘটনাত পৰিণত হৈছে। প্ৰতি বছৰে এনে সংঘাতৰ ফলত প্ৰায় ৫০০ জন মানুহ আৰু ১০০ টা হাতীয়ে প্ৰাণ হেৰুৱাবলগা হয়।

ঐতিহাসিক হাতী কৰিড’ৰৰ সৈতে উৰ্ব্বৰ খেতিভূমিৰে সংপৃক্ত হৈ থকা অসমে এই সংকটৰ সৰ্বাধিক প্ৰভাৱ অনুভৱ কৰিছে। প্ৰতিবছৰে ৰাজ্যখনত আনুমানিক ৮০ টা হাতী আৰু ৭০ জন মানুহে হাতী-মানুহৰ সংঘাতত প্ৰাণ হেৰুৱাবলগা হয়। ইয়াৰ ফলত আগৰ বছৰসমূহত মানুহৰ মাজত ভয় আৰু হতাশাই ঠাই লৈছিল আৰু বহু সময়ত মানুহে নিষ্ঠুৰ প্ৰতিশোধ লোৱাৰ বাবে বিভিন্ন অবৈধ উপাই, যেনে- বিষাক্ত হাতীৰ খাদ্য, খাৰুৱা বোমা ইত্যাদি অবলম্বন কৰিছিল, যাৰ ফলত মানুহ আৰু হাতী উভয়ৰে অনিষ্ট হৈছিল আৰু দুয়োপক্ষৰ মাজৰ দূৰত্ব বঢ়াই তুলিছিল।

এক নতুন চিন্তাধাৰাৰ সূচনা

২০১৮ চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ‘প্ৰথম সংযোজন’ অঞ্চলৰ সীমান্তত এক নতুন উপায়ৰ কথা ভাবা হ’ল। চেষ্টাৰ জু(Chester Zoo) সহযোগত আৰু অসম বন বিভাগ,  আৰু গাঁৱৰ কৃষক আৰু নেতৃস্থানীয় লোকসকলৰ সৈতে একলগ হৈ কাম কৰি ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (WTI)-এ আগবঢ়ালে এক বিকল্প সমাধান- ওলমি থকা সৌৰ তাঁৰৰ বেৰা।

পৰিস্থিতি আছিল অতি সংকটজনক। উদ্যানৰ আশে-পাশে থকা গাঁওসমূহত মাত্ৰ ছয় মাহৰ ভিতৰতে সাতটা হাতীৰ মৃত্যু হৈছিল। হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গতানুগতিকভাবে ব্যৱহৃত সমাধানসমূহ বিফল হৈছিল আৰু এই কথা স্থানীয় লোক আৰু সংৰক্ষণবিদসকলে উপলব্ধি কৰিছিল। পৰম্পৰাগতভাবে ব্যৱহাৰ কৰা ভূ-পৃষ্ঠৰ লগত সংলগ্ন হৈ থকা বেৰা বানপানীৰ ফলত জমা হোৱা পানী আৰু গছ-লতাই আৱৰি ধৰাৰ ফলত তথা হাতীৰ কৌতুহলী শুঁড়ৰ আগত সহজেই নষ্ট হৈ পৰিছিল।

ইয়াৰ বিকল্প হিচাপে ওলমি থকা সৌৰতাঁৰৰ বেৰে ব্যৱহাৰিক পৰিৱৰ্তন আনিলে। এই সৌৰচালিত তাঁৰ মাটিত সংলগ্ন কৰি নাৰাখি মাটিৰ ওপৰত ওলোমাই ৰখা হয়, যাৰ ফলত বানপানীৰ পৰা হ’ব পৰা ক্ষতি হ্ৰাস পাইছিল, শ্বৰ্ট চাৰ্কিট সীমিত কৰিছিল আৰু হাতীক আঘাত নিদিয়াকৈ দূৰত ৰাখিবলৈ সক্ষম হৈছিল।

মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

২০১৯ চনত মাথো এক কিলোমিটাৰ দৈৰ্ঘ্যৰে আৰম্ভ হোৱা এই সৌৰচালিত তাঁৰৰ বেৰাৰ কামটো এতিয়া ২০ কিলোমিটাৰতকৈ অধিক বিস্তৃত। এই প্ৰকল্পই বৰ্তমান ৪২ খন গাঁও আৰু প্ৰায় ৮,০০০ পৰিয়ালক সুৰক্ষা প্ৰদান কৰিছে। বনাঞ্চলৰ প্ৰান্তত চাৰিটা কমিউনিটি পৰ্যবেক্ষণ টাৱাৰ স্থাপন কৰা হৈছে, য’ৰ পৰা প্ৰশিক্ষিত স্বেচ্ছাসেৱকসকলে দৈনিক হাতীৰ গতিবিধি নিৰীক্ষণ কৰে।

এই সৌৰচালিত তাঁৰৰ ফলাফল অতি ধনাত্মক- বেৰ দিয়া অঞ্চল্ত মানুহৰ মৃত্যু শূন্য, শস্যৰ ক্ষতি নাটকীয়ভাৱে হ্ৰাস পাইছে, আৰু এসময়ত ভয়ত পথাৰ এৰি যোৱা কৃষকসকলৰ মাজত আত্মবিশ্বাস ঘূৰি আহিছে আৰু বহু কৃষক পুনৰ পথাৰলৈ উভতি আহিছে।

মানুহেই এই ব্যৱস্থাৰ প্ৰকৃত শক্তি

এই পদক্ষেপৰ প্ৰকৃত শক্তি প্ৰযুক্তিৰ ওপৰত নহয়, মানুহৰ মাজতহে নিহিত হৈ আছে।

এই সৌৰতাঁৰৰ বেৰাসমূহ চোৱা-চিতা কৰিবৰ বাবে উদ্যানৰ কাষৰীয়া গাঁওসমূহত স্থানীয় সৌৰ বেৰা পৰিচালনা সমিতি গঠন কৰা হৈছে। সমিতিসমূহে ইয়াৰ দৈনিক  তদাৰক আৰু ৰক্ষণাবেক্ষণ কৰা, চোৱা-চিতাৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰা, আৰু মেৰামতিৰ সকলো দায়িত্ব বহন কৰে। ৰাতি “বাবা বন্ধু” বা “হাতী পৰ্যবেক্ষক” নামেৰে পৰিচিত প্ৰাথমিক সঁহাৰি দলসমূহে পথাৰত পহৰা দিয়ে, আৰু প্ৰয়োজন হ’লে জনাঞ্চলত বা পথাৰত প্ৰবেশ কৰিবলৈ লোৱা হাতীক নিৰাপদে বনাঞ্চলৰ ফালে ঘূৰাই নিয়ে।

সৌৰবেৰা গঢ়াতকৈ তাক সচল ৰাখাটো বহুগুণে কঠিন কাম। ঘাঁহ-বন, লতাজতীয় গছ-গছনিৰ দ্ৰুতগতিত বৃদ্ধি পাই এই বেৰাবোৰ আগুৰি ধৰে আৰু ইয়াক সেইবাবে অনবৰতে পৰিষ্কাৰ কৰি থাকিব লগা হয়। বাৰিষাৰ বৰষুণে ইয়াৰ খুঁটা আৰু বেটাৰীৰ ক্ষতি কৰে। হাতীয়েও তাঁৰৰ দুৰ্বল অংশসমূহ পৰীক্ষা কৰি ভাঙিবলৈ চেষ্টা কৰে। তাঁৰৰ এটা অংশ অনিষ্ট হ’লেই বা ছিঙিলেই গোটেই বেৰাটোকে দুৰ্বল বা অকামিলা কৰি পেলাব পাৰে। বেৰাসমূহ অহৰহ কাৰ্যক্ষম কৰি ৰাখিবলৈ হ’লে নিশাৰ ভাগত হ’ব পৰা চুৰি, বেটাৰী বিকল হোৱা, আৰু জৰুৰী মেৰামতিৰ বাবে দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়। গতিকে স্থানীয় লোকসকলৰ   দৈনিক সহযোগীতা অবিহনে এই ব্যৱস্থা কেতিয়াও সফল আৰু চিৰস্থায়ী হ’ব নোৱাৰে।

WTI-এ এই ব্যবস্থাটো সফল ৰূপায়ন আৰু কাৰ্যক্ষম কৰি ৰখাৰ বাবে স্থানীয় বাবা বন্ধুসকলক প্ৰশিক্ষণ দিয়া, সমিতিসমূহ শক্তিশালী কৰা আৰু যিকোনো পৰিস্থিতিত বেৰা সচল ৰাখিব পৰা দক্ষ কাৰিকৰী দল গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

বাবা বন্ধু তথা কৃষক নিৰন বৰ্মনে কয়- “আগতে হাতী আহিলে বাহিৰ ওলাই যাবলৈয়ো ভয় লাগিছিল। এতিয়া আমি কেনেকৈ সিহঁতক নিৰাপদে উভতাই পঠিয়াব লাগে সেইয়া জানো। এতিয়া আমি অসহায় নহয়, বৰঞ্চ নিজকে দায়িত্বশীল অনুভৱ কৰোঁ।”

মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

বেৰাৰ সিপাৰে: পথাৰ, জীৱিকা আৰু ভৱিষ্যত

এই পদক্ষেপ কেৱল সৌৰবেৰা স্থাপনৰ কামতে সীমাবদ্ধ নাছিল। কৃষি বিজ্ঞান কেন্দ্ৰ আৰু স্থানীয় কৃষি গোটসমূহৰ সৈতে সহযোগিতাৰ জৰিয়তে কৃষকসকলে শস্যৰ কেলেণ্ডাৰ ব্যৱহাৰ কৰি কৃষিকাৰ্যৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কৃষকসকলে হাতীৰ গতি-বিধি বেছি হোৱা সময়চোৱাত হাতীক অধিক আকৰ্ষিত কৰা শস্যসমূহ পৰিহাৰ কৰি নতুন শস্যৰ খেতি কৰিবলৈ ধৰিছে।

একে সময়তে হাঁহ-কুকুৰা, গাহৰি আৰু ছাগলী পালনৰ দৰে বিকল্প জীৱিকাৰ ব্যৱস্থাই সুস্থিৰ আয়ৰ সুবিধা প্ৰদান কৰিছে আৰু হাতীয়ে সহজতে নষ্ট কৰিব পৰা শস্যৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিছে। সৌৰবেৰাৰ লগতে বিকল্প জীৱিকাৰ সন্ধানৰ জৰিয়তে গঢ়ি তোলা এই পদক্ষেপ হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ এক “স্থানীয় সম্প্ৰদায়ৰ নেতৃত্বত সহাৱস্থান”ৰ আৰ্হিলৈ ৰূপান্তৰিত কৰিছে- যিয়ে মানুহৰ জীৱিকা আৰু হাতীৰ প্ৰাচীন পথ দুয়োটাকে সুৰক্ষিত কৰে।

যেতিয়া হাতীয়ে তাঁৰৰ ক্ষমতা পৰীক্ষা কৰে-

হাতী এবিধ খুওব বুধিয়ক জন্তু আৰু ইহঁতে সহজেই তাৰ চৌপাশৰ পৰিবেশৰ বুজ ল’ব পাৰে। সেইয়ে ইহঁতে সৌৰবেৰাৰ ওচৰতো সহজে হাৰ মানি ল’ব নিবিচাৰে আৰু তাক প্ৰতিহত কৰাৰ উপাই বিচাৰি ফুৰে। কিছুমানে তাঁৰৰ ওপৰত ডাল পেলাই তাক অকামিলা কৰিবলৈ শিকিছে, কিছুমানে তলেদি সৰকি যোৱাৰ কৌশল আয়ত্ত কৰিছে, আৰু আন কিছুমানে তাঁৰৰ ভল্টেজ কমিলে জোৰেৰে ভাঙি সোমাই যাবলৈ শিকিছে। অলপ অভিজ্ঞতাতেই নতুন কৌশল শিকি ল’ব পৰা সিহঁতৰ অসাধাৰণ বুদ্ধিমত্তাই মানুহৰ প্ৰতিটো কৌশলক প্ৰত্যাহ্বান জনায়।

বহুসময়ত প্ৰকৃতিয়েও এই পদক্ষেপসমূহৰ পৰীক্ষা লয়। বিভিন্ন সময়ত প্ৰচণ্ড বতাহ, সৰি পৰা গছ, দ্ৰুত বৃদ্ধি পোৱা গছ-লতা ইত্যাদিয়ে বেৰাৰ কাৰ্যক্ষমতা বিকল কৰি তোলে। কিন্তু স্থানীয় সমাজৰ লোকসকলৰ সতৰ্কতা, তৎক্ষণাৎ মেৰামতি আৰু যিকোনো পৰিস্থিতিৰ সৈতে অহৰহ অভিযোজন কৰিব পৰা ক্ষমতাই ব্যৱস্থাটো সচল কৰি ৰাখে আৰু এক সংঘাতবিহীন ভৱিষ্যতৰ আশা জীয়াই ৰাখে।

ৰূপান্তৰিত মানাহ

২০১৭ চনৰ পৰা ২০২৪ চনলৈকে উপগ্ৰহৰ পৰা লোৱা চিত্ৰই মানাহৰ ভূ-খণ্ডত এটা স্পষ্ট পৰিবৰ্তনৰ কাহিনী কয়। এই সহযোগীতামূলক ব্যৱস্থাৰ পিছতেই অঞ্চলটোত বনাঞ্চল সুস্থিৰ হ’বলৈ লৈছে, নদীৰ পাৰৰ ঘাঁহনিবোৰ সম্প্ৰসাৰিত হৈছে, আৰু এসময়ত পৰিত্যক্ত কৃষিভূমিবোৰ এতিয়া শস্যৰে সেউজীয়া হৈ উঠিছে। মানুহৰ মনৰ পৰা লাহে লাহে ভয় আঁতৰিছে আৰু স্থানীয় লোকসকল আগতকৈ অধিক সতৰ্ক আৰু আশাবাদী হৈ পৰিছে। এসময়ত সপোন যেন লগা হাতী-মানুহৰ সহাৱস্থান এতিয়া বাস্তৱত তেওঁলোকৰ মনত শিপাবলৈ ধৰিছে।

মানুহ আৰু হাতীৰ মাজত সমন্বয়ৰ বাবে সৌৰ তাঁৰৰ বেৰা

বিভাজন নহয়, সংযোগ গঢ়া এক তাঁৰ

খুঁটাৰ ওপৰেৰে টানি থোৱা ওলমি থকা সৌৰতাঁৰৰ বেৰাখন দেখাত অতি সাধাৰণ যেন লাগিলেও  মানাহত ই এক গভীৰ অৰ্থ বহন কৰে।

ই আচলতে এফালৰ পৰা চাবলৈ গ’লে মানুহ আৰু হাতীৰ মাজত হ’ব পৰা সংঘাতত বাধা প্ৰদান কৰিছে আৰু আনফালে একে সময়তে মানুহৰ মনৰ পৰা ভয় আঁতৰাই দুয়োবিধ প্ৰাণীৰে জীয়াই থকা আৰু সহাৱস্থানৰ সেতু স্থাপন কৰিছে। ইয়াৰ প্ৰকৃত সাফল্য কেৱল শস্য নষ্ট হোৱাতো হ্ৰাস কৰা বা প্ৰাণহানি ৰোধ কৰাতে সীমাবদ্ধ নহয়; ই বিশ্বাস পুনৰ গঢ়ি তোলাত, স্থানীয় পৰিয়ালবোৰক নিৰ্ভয়ে শুবলৈ দিয়াত, তথা হাতীক প্ৰতিশোধ নোলোৱাকৈ নিজৰ প্ৰাচীন যাত্ৰাপথসমূহেদি যাত্ৰা অব্যাহত ৰাখিবলৈ সুযোগ দিয়ে। গতিকে এই পদক্ষেপে বিচ্ছেদৰ সলনি এক শান্তিৰ পৰিবেশৰ সূচনা কৰিছে।

এছিয়াৰ হাতীবোৰে ভাৰতৰ বনাঞ্চলৰ মাজেৰে নিজৰ যাত্ৰা অব্যাহত ৰাখোঁতে এই নীৰৱ, উজ্জ্বল তাঁৰডাল এক আশাৰ ৰেঙণি হিচাপে থিয় দিছে, যি সোঁৱৰাই দিয়ে যে প্ৰকৃত সংৰক্ষণৰ আৰম্ভণি বুজাবুজিৰ আৰু সহযোগীতাৰ যোগেদিহে আৰম্ভ হয়।

লেখক ড° হিৰণ্ময় চেতিয়া ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (WTI)ৰএজন জীৱবিজ্ঞানী। তেওঁ হাতী-মানুহৰ সংঘাত প্ৰশমনৰ বাবে কাম কৰি আছে।

Mahabahu Climate Logo
 
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
HIRANMOY CHETIA

HIRANMOY CHETIA

Related Posts

ice
Climate Change

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

by Kakali Das
March 14, 2026
0

Why Is Greenland Moving and What Does It Mean for Global Sea Levels? KAKALI DAS Not all parts of our...

Read moreDetails
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d