মানুহ হোৱাৰ আনন্দ
গৌতম শৰ্মা
আচলতে আমি শিকিবলৈ নপঢ়ো, নম্বৰৰ কাৰণেহে পঢ়োঁ; জ্ঞান ল’বৰ বাবে নপঢ়োঁ, চাকৰি এটা পাবৰ বাবেহে পঢ়োঁ ৷
আমি কোনোদিনেই বৃত্তিমুখী হোৱাৰ বিপৰীতে জীৱনমুখী হ’বলৈ শিকা নাই ।
আমাৰ সমাজত এনে এক ধাৰণা আছে যে চাকৰি নকৰা মানুহবোৰ মানুহেই নহয়, সেই ধাৰণাক আমি আঁতৰাই পেলাব পাৰিবই লাগিব । আৰু ইয়াৰ বাবে মেধা, বল, বুদ্ধি আৰু কৰ্মদক্ষতাক একেলগ কৰাই আমি আগবাঢ়িব লাগিব ।
ভাৰতত ধনীৰ শীৰ্ষত থকা বিখ্যাত লোক কেইজনেনো চৰকাৰী চাকৰি কৰে ? আচলতে আমি এলেহুৱা, শুনিবলৈ অশুৱলা হ’লেও আজি আমাক আমাৰ শিক্ষা ব্যৱস্থাই এলেহুৱা কৰি গঢ়িছে ৷ এইক্ষেত্ৰত ঘৰখনৰ পৰা ওচৰ-চুবুৰীয়া তথা সমাজখনো কম দায়ী নহয় ৷
ল’ৰা-ছোৱালীয়ে উচ্চ শিক্ষা, উচ্চ ডিগ্ৰী ল’লে বুলিয়েই চৰকাৰী চাকৰি পাবই লাগিব, কৰিবই লাগিব এনে এটি ভ্ৰান্ত ধাৰণা আমাৰ সমাজবোৰত তাহানিৰে পৰা আছে ৷ যিটো ধাৰণাই এগৰাকী কৰ্মদক্ষ, সুচিন্তাশীল মেধাৱী ছাত্ৰ বা ছাত্ৰীক পংগু কৰি গঢ়ি তোলাত সাৰ-পানী যোগাই আহিছে ৷ কিয়নো, ভালকৈ পঢ়িছোঁ যেতিয়া চাকৰি এটা পামেই নিশ্চয় ! এই বৰ্দ্ধমূল ধাৰণাটোৱেই সমাজত বিশৃংখলতাৰ ভয়াবহতা বিয়পোৱাত প্ৰবল সহায় কৰি আহিছে ।
বহুতে ভাবিছে চাগৈ বৃত্তিমুখী তথা চাকৰিমুখী উদ্দেশ্যত আকৌ বিশৃংখলতাৰ ভয়াবহতা আকৌ ক’ৰ পৰা আহিল ?
ইয়াত দুটা বিশেষ দিশ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে । প্ৰথম কথা, যোৱা দুই-তিনিটা দশকত দেশত যিমান জনবিস্ফোৰণ হৈছে তাৰ বিপৰীতে সংস্থাপনৰ বাটসমূহ মুকলি হোৱা নাই । দ্বিতীয়তে, উচ্চ শিক্ষা, ডিগ্ৰীধাৰীসকলেই যেতিয়া সংস্থাপনহীন হয় তেতিয়া তেওঁলোকৰ বহুজনেই বহুসময়ত বিবেকৰ হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাটো আমাৰ দৃষ্টিগোচৰ হয়; আৰু সেইটো হোৱাটো তেনেই স্বাভাৱিক । যেতিয়া হাজাৰ-হাজাৰ, লাখ-লাখ, কোটি-কোটি টকা পঢ়োঁতেই ব্যয় কৰি উপযুক্ত ক্ষেত্ৰসমূহত সংস্থাপন পোৱা নাযায় তেতিয়া ব্যক্তি এজন বহুত হতাশাত ভোগাটো তেনেই স্বাভাৱিক, ধাৰ, ঋণ আৰু সমাজ আদিবোৰে দিয়া মানসিক যন্ত্ৰণাৰ কথা বহু দূৰতেই থ’লোঁ ।
এইবোৰ সচৰাচৰ আমি সদায় দেখি অহা শুনিবলৈ অশুৱলা, গ্ৰহণ কৰিবলৈ টান একো-একোটা সৰু সৰু উদাহৰণ । আচল সমস্যাবোৰ এতিয়াও উল্লেখ কৰিবলৈ বাকী আছে । আমি মানুহ হিচাপে পৃথিৱীলৈ আহিছোঁ যেতিয়া কিবা এটা নহয় কিবা এটা কৰি খাই জীয়াই থাকিবই লাগিব । কিন্তু এই জীয়াই থাকিবলৈও যে আমি শিকিব লাগে সেই কথা বহুতেই নাজানোঁ ।
নিজক সুখী কৰিবৰ বাবেই আজি মানুহে মানুহৰ বিৰুদ্ধে তুলি লৈছে ঠগ, প্ৰবঞ্চনা, দানৱতা আৰু কপটতাৰ অস্ত্ৰ । যিবোৰে সৃষ্টি কৰিছে প্ৰতিহিংসা, প্ৰতিশোধৰ দৰে অন্য কেতবোৰ ন-ন অস্ত্ৰ । আজি মানুহে মানুহক হত্যা কৰিবলৈও অলপো কুণ্ঠাবোধ নকৰে, কাৰোবাক হত্যা কৰিবলৈ লোৱা আগতে কাৰো এবাৰো হাত নকঁপে ! আজি আমি মন গ’লেই কাৰোবাক গুলিয়াই, মৰিয়াই মাৰি পেলাব পৰা হ’লোঁ । কিন্তু কিয় এনে হৈছে, কিয় আজি মানুহ ইমান হিংসু আৰু নৃশংস হৈ পৰিছে ?
এই প্ৰশ্নসমূহৰ সঠিক উত্তৰ আমাক আজি লাগে । কিন্তু কোনে কি দিব এইসমূহৰ উত্তৰ ? হাতত স্মাৰ্টফোন থাকিলেই মানুহ জানোঁ স্মাৰ্ট হয়, নামৰ পাছত হাজাৰটা ডিগ্ৰী থাকিলেই মানুহ জানোঁ সু-শিক্ষিত, জ্ঞানী তথা বিবেকৱান হয় ? আপোনাৰ ঘৰৰ চৌপাশে যেতিয়া অজ্ঞানতা, বৰ্বৰতা, অন্ধবিশ্বাস-কুসংস্কাৰৰ প্ৰহাৰত নিৰীহজনে চিঞৰি চিঞৰি কান্দে তেতিয়া আপুনি কোনখন কাণেৰে তাক শুনি থাকিব পাৰে ? তেতিয়া আপোনাৰ মনত এবাৰলে হ’লেও আপোনাৰ জ্ঞানৰ সীমাবদ্ধতা, শিক্ষা আৰু ডিগ্ৰীৰ মূল্যহীনতালৈ প্ৰশ্ন নাজাগেনে ?
আপুনি বহুত কিতাপ পঢ়ে সেয়েহে আপুনি বিদ্বান, সমাজেও আপোনাক বুদ্ধিজীৱী হিচাপেই জানে, স্বীকৃতি দিছে; সেইফালৰ পৰা আপুনি বহুত ডাঙৰ ডাঙৰ সন্মানীয় আসনত বহিবলৈ সক্ষম হৈছে, আপোনাৰ সুনিপুন সৃষ্টিয়ে বহুতৰে অন্তৰ ভেদ কৰি গৈছে ।
কিন্তু আপোনাৰ সেই জ্ঞানে, সৃষ্টিয়ে আপোনাৰ নিজৰ ঘৰখনৰ, সমাজখনৰ মানুহখিনিক যেতিয়া স্পৰ্শ কৰিবলৈ সক্ষম নহয় তেতিয়া আপোনাৰ মনটো হতাশাত ভাগি নপৰেনে ? যদি মনলৈ হতাশা আহে তেন্তে সেই মানুহখিনিক শিক্ষিত, জ্ঞানী কৰাই অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে জনসজাগতা সৃষ্টি কৰাৰ দায়িত্ব আপোনাৰ নাই বুলি আপুনি ভাবে নেকি ? আমি জানোঁ, ইয়াৰ উত্তৰ আপোনালোক কোনেও দিব নোৱাৰে, কাৰোৰে ওচৰত ইয়াৰ উত্তৰ বিচৰাৰ বাবে আজি অলপো সময় নাই, নোহোৱাটোৱেই স্বাভাৱিক ।
যান্ত্ৰিক যুগৰ ভোগসৰ্বস্ব সমাজৰ একো-একোজন বাসিন্দা আজি আমি । যিখন সমাজৰ ৰূপ-ৰস-সৌগন্ধ সকলো কৃত্ৰিম, য’ত বাস কৰা মানুহবোৰ চকু থাকিও অন্ধ, মুখ থাকিও বোবা, হাত-ভৰি থাকিও পংগু। “কিন্তু এনেকৈ আৰু কিমান দিন জীয়াই থাকিব এই সমাজ, এই দেশ, এই সভ্যতা ?” কাৰো বিচাৰলৈ কিয় এই প্ৰশ্ন অহা নাই !
সময়ে আমাৰ মানসিকতাক বস্তুবাদী কৰিছে সঁচা কিন্তু এই বস্তুবাদী মানসিকতা মানুহ আৰু মানৱীয় প্ৰমূল্যবোধতকৈ কেতিয়াও অধিক মূল্যৱান হ’ব পৰা নাই, কেতিয়াও হ’বও নোৱাৰে; সিয়ো এক বাখ্যাহীন সত্য । আমি মানুহ, চাবি দিয়া, আনে চলাই থকা পুতলা বা যন্ত্ৰ নহয় । যদি মানুহ হৈ মানুহক নিচিনো, মানুহ হৈ মানুহক মৰম নকৰোঁ, মানুহ হৈ মানুহক অলপো বুজিবলৈ, বিশ্বাস কৰিবলৈ যত্ন নকৰোঁ তেন্তে কোনে কৰিব !
মানুহে বস্তুতকৈ মানুহক যিদিনা বেছি গুৰুত্ব দিবলৈ শিকিব, টকাতকৈ মৰম, সন্মান, সহানুভূতি আৰু মানৱীয় গুণসমূহক অধিক গুৰুত্ব দিব; যিদিনাখন মানুহে শত্ৰুতকৈ মিত্ৰক, নিজৰ ঘৰখনক, সমাজখনক আৰু দেশখনক অন্তৰৰপৰা ভালপাবলৈ শিকিব সেইদিনাহে মানুহ হোৱাৰ আনন্দ আৰু গৌৰৱক মানুহে পুনৰ সঠিককৈ উদ্ধাৰ কৰিব পাৰিব ।
আমি নিজৰ কথা বহুত ভাবিলোঁ, বহুত নিজকে সুখী কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু নিজৰ কথা ভাবি থাকোঁতেই দেখোন আজি আমাৰ সকলো আনে হস্তক্ষেপ আৰু হস্তগত কৰিবলৈ ওলাইছে, বহুজনেই স্বগৃহতে নিজৰ মাজতে খোৱা-কামোৰাত লিপ্ত হৈ ধ্বংস হোৱাৰ উপক্ৰম হৈছে ৷ সেয়েহে এইক্ষণত আমি নিজৰ কথা অকল ভবাতকৈ অকণমান আমাৰ কথাও ভাবিব লাগিব ।
আমি আমাৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণত যেনেদৰে ক’তো একো আপোচ-মীমাংসা নকৰোঁ ঠিক সেইদৰে জাতীয় স্বাৰ্থৰ খাতিৰতো আমি আমাৰ নীতি-লক্ষ্যত উপনীত নোহোৱালৈকে কোনো আপোচ কৰাৰ কথা আহিব নালাগিব, তেতিয়াহে প্ৰকৃত মানুহ হোৱাৰ আচল আনন্দক সকলোৱে উপভোগ কৰিব পাৰিম ।
[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক, ফোন: ৯৯৫৪০-০০২০০]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)