-বিস্মিতা লিখক |
অসমৰ ভিতৰত গুৱাহাটী মহানগৰতেই জনসংখ্যা আৰু যান-জঁটৰ খুব ভিৰ হোৱা দেখা যায়। গুৱাহাটীৰ প্ৰত্যেকটো পইণ্টতেই ট্ৰেফিক ডিউটি থাকে। ‘‘নিয়মবোৰ বনোৱা হয় আমাৰ বাবে। সেয়া ৰাতি আপুনি শুৱাৰ আগত বাথৰুমলৈ যোৱা নিয়মেই হওক বা ট্ৰেফিক নিয়মেই হওক—নিয়মসমূহ মনা-নমনাটো আমাৰ মানসিকতাৰ ওপৰত।’’ কথাতেই কয়—‘মানিলে ধান আৰু নামানিলে পতান’। ঠিক সেইদৰে যান-জঁটৰ অসুবিধাসমূহ দূৰ কৰিবলৈ হ’লে আমি প্ৰত্যেকজন সচেতন ব্যক্তিয়ে ট্ৰেফিক নিয়ম মানি চলিব লাগে।
আপুনি এবাৰ ভাবকচোন—জুন-জুলাই মাহত আপুনি এ.চি. গাড়ীৰে অফিচলৈ নাইবা আপোনাৰ প্ৰাইভেট কামত মহানগৰীৰ জালুকবাৰীলৈ গৈ আছে। ট্ৰেফিক জাম লগাৰ বাবে আপুনি হয়তো অশান্তি পাইছে, কাৰণ ট্ৰেফিক জামে আপোনাৰ সময়খিনি অপচয় কৰাৰ দৰে লাগিল। আপোনাৰ চাগৈ সেই সময়খিনিত ট্ৰেফিক ডিউটিৰ আৰক্ষীজনলৈ যথেষ্ট খং উঠিছে। কিন্তু কিয়? আপোনালোকৰ নিজৰ ভুলৰ বাবেহে এই ট্ৰাফিক জাম লাগে। কাৰণ প্ৰত্যেকজন ব্যক্তিৰে এটা ভুল চিন্তা—‘মই আগতে পাব লাগে’ এই মনোভাবটোৰ বাবেই বৃহৎ সমস্যাটোৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।
যেতিয়া উৎকট ৰ’দ-বৰষুণ, বতাহ, ঢেৰেকনি এই সময়খিনিত কৰ্তব্যত নিয়োজিত ট্ৰেফিক আৰক্ষীসকলৰ কথা এবাৰ মন কৰকচোন। যোৱা ৩০ মাৰ্চৰ দিনা মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ মিথুন দাস নামৰ কনিষ্টবলজন বশিষ্ঠ চাৰিআলিৰ ট্ৰেফিক পইণ্টত কৰ্তব্য পালন কৰি থকাৰ সময়তে প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু ঢেৰেকনিৰ মাজতো ট্ৰেফিক পইণ্টৰপৰা আঁতৰি নগৈ নিজৰ দায়িত্ব পালন কৰিছিল। এই কথা ইণ্টাৰনেট সেৱাসমূহত ভাইৰেল হৈছিল আৰু প্ৰত্যেকেই মিথুনক শুভেচ্ছা জনালে। অসম আৰক্ষীৰ ডি.জি.পি. কুলধৰ শইকীয়া ছাৰেও মিথুনৰ কৰ্মক গৌৰৱবোধ কৰি প্ৰশংসা কৰিলে। জনসাধাৰণৰ সেৱাত নিয়োজিত ট্ৰেফিক আৰক্ষীসকলৰ কষ্ট দেখিলে সঁচাই এতিয়াও যে মানৱীয়তা হেৰাই যোৱা নাই এই কথা মনলৈ আহে।
আহক আমি সকলোৱে যান-জঁটৰ সমস্যাসমূহ দূৰ কৰিবৰ বাবে সচেতন হোৱাৰ লগতে ট্ৰেফিক নিয়মসমূহ মানি চলো।