মানৱ সভ্যতাৰ ইতিহাসৰ কৰুণ উদ্যোগিক বিপৰ্যয় ভূপাল গেছ ট্ৰেজেডীৰ ৩৯ বছৰ
কল্যাণ কলিতা

প্ৰাচীন আৰু আধুনিকতাৰ সংমিশ্ৰণত গঢ় লৈ উঠা এক সু পৰিকল্পিত নগৰ হৈছে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপাল৷ ভাৰতবৰ্ষৰ মধ্যস্থানত অৱস্থিত এই মনোমোহা নগৰখনক ৰজা ভোজৰ নামেৰে প্ৰথমে “ভোজ-পাল” বুলি কোৱা হৈছিল।
ই “ভোজ” ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল য’ত উজ্জয়িনী (বৰ্তমানৰ উজ্জয়িন, ভূপালৰ পৰা প্ৰায় ১৯০ কিলোমিটাৰ দূৰত্বত) ৰাজ্যখনৰ মুখ্য স্থান আছিল। বিভিন্ন প্ৰাকৃতিক আৰু কৃত্ৰিম হ্ৰদৰ উপস্থিতিৰ বাবে City of Lakes বুলি জনা যায়৷
ভাৰতৰ অন্যতম সেউজীয়া চহৰ হিচাপে পৰিচিত ভোপাল হৈছে ভাৰতৰ ১৬ সংখ্যক আৰু বিশ্বৰ ১৩১ নম্বৰ বৃহত্তম চহৰ। মধ্যপ্ৰদেশ গঠনৰ পিছত ভূপাল আছিল ছিহোৰ জিলাৰ অংশ ৷ ১৯৭২ চনত ইয়াক দুভাগ কৰি নতুন জিলা ভূপাল গঠন কৰা হয়।
ভাৰতৰ্ষতৰ মাজমজিয়াত অৱস্থিত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপাল বিভিন্ন ঐতিহাসিক সমলৰ আকৰ, কৃত্ৰিম হ্ৰদ আৰু সেউজীয়াৰ বাবে পৰিচিত যদিও এই চহৰখনৰ নাম মনলৈ আহিলেই অৱধাৰিতভাৱে আহে বিশ্বৰ আটাইতকৈ ভয়াৱহ তথা শোকাৱহ ঔদ্যোগিক দুৰ্ঘটনাটোৰ কথা৷ আজিৰ পৰা ৩৯ বছৰ পূৰ্বে আজিৰ তাৰিখতে ভূপালৰ ইউনিয়ন কাৰ্বাইডৰ কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছত প্ৰত্যক্ষভাৱে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়।
এই শোকাৱহ ঘটনাক ভূপাল দুৰ্যোগ বা ভূপাল গেছ ট্ৰেজেডী বুলি সমগ্ৰ বিশ্বতে জনা যায়। চৰকাৰী তথ্য অনুসৰি ভূপাল গেছ ট্ৰেজেডীত ৩,৭৮৭ জন লোকৰ মৃত্যু হয়। পিছত মধ্যপ্ৰদেশ চৰকাৰে এই পৰিসংখ্যা আপডেট কৰে কাৰণ তাৎক্ষণিক চৰকাৰী অনুমান অনুসৰি ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হেনো ২২৫৯ জনহে ৷
কিন্তু ইয়াৰ বিপৰীতে ভূপাল গেছ ট্ৰেজেডীৰ বলি হোৱা লোকসকলৰ ন্যায়ৰ বাবে যুঁজ দিয়া কৰ্মীসকলে মৃত্যুৰ সংখ্যা ৮ হাজাৰৰ পৰা ১০ হাজাৰৰ ভিতৰত হোৱা বুলি কব বিচাৰে৷ এই সন্দৰ্ভত ২০০৬ চনত দাখিল কৰা শপতনামাযোগে চৰকাৰে কয় যে ভোপালৰ গেছ নিৰ্গত হোৱাৰ ফলত ৫,৫৮,১২৫ জন লোক আঘাতপ্ৰাপ্ত হৈছে য’ত প্ৰায় ৩,৯০০ গৰাকী ব্যক্তি গুৰুতৰ আৰু স্থায়ীভাৱে অক্ষম হৈছিল ৷
ভাৰতীয় সময়মতে ১৯৮৪ চনৰ ২ ডিচেম্বৰৰ মাজনিশাৰ পিছত বৰ্তমান ডাউ কেমিকেলছ নামেৰে জনাজাত ইউনিয়ন কাৰ্বাইডত গেছ নিৰ্গমণ আৰম্ভ হৈছিল। ভূপালৰ ইউনিয়ন কাৰ্বাইড কাৰখানাৰ প্লাণ্ট নম্বৰ Cত সংঘটিত হৈছিল এই কাণ্ড।

ইয়াৰ পিছত শীতকালৰ ৰাতিপুৱাৰ শীতল বতাহজাকে গতি বৃদ্ধি কৰাৰ লগে লগে ই ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছ চহৰৰ বাকী অংশলৈ বিয়পি পৰে আৰু নিমিষতে ইজনৰ পিছত সিজনকৈ মানুহৰ লগতে আন জীৱ জন্তুক হত্যা কৰে ৷ এই দুৰ্ঘটনাতো ইমানেই শোকাৱহ আছিল যে বহুলোক শুই থকা অৱস্থাতে চৎফটাই মৃত্যুক আকোৱালি লয় ৷
এই গেছ নিৰ্গমণৰ ফলত ক্ৰমান্বয়ে গেছৰ ডাৱৰ নামি আহি চহৰখনক মাৰাত্মকভাৱে আৱৰি ধৰিবলৈ ধৰে আৰু চহৰখনৰ সকলো ঠাই, হ্ৰদবোৰ গেছ চেম্বাৰত পৰিণত হয়৷ চৰকাৰৰ শপতনামা অনুসৰি ঘটনাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এই বিষাক্ত গেছৰ দ্বাৰা প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হয়। অনুমান কৰা অনুসৰি ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় ৪০ টন মিথাইল আইছ’চাইনেট (MIC) গেছ আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ নিৰ্গত হৈছিল।
মিথাইল আইছ’চাইনেট হৈছে অত্যন্ত বিষাক্ত আৰু বায়ুত ইয়াৰ ঘনত্ব ২১পিপিএম স্পৰ্শ কৰিলে গেছটো উশাহ লোৱাৰ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে মৃত্যু হ’ব পাৰে। সেইদিনা ভূপালৰ বতাহত এই স্তৰ বহুগুণ বেছি আছিল, গতিকে ইয়াৰ ফলাফল নিশ্চিতভাৱে অৱধাৰিত আছিল ৷

এক বৃহৎ পৰিষৰত অৱস্থিত এই ইউনিয়ন কাৰ্বাইডৰ প্লাণ্ট নম্বৰ C ৰ পৰা গেছ নিৰ্গমণ হোৱাৰ কাৰণ হিচাপে চৰকাৰী ৰেকৰ্ড অনুসৰি মিথাইল আইছ’চাইনেট প্লাণ্টটো ঠাণ্ডা কৰিবলৈ ব্যৱহাৰ কৰা পানীৰ সৈতে মিহলি হৈছিল।
যাৰ ফলত গেছৰ আয়তন বৃদ্ধি হয় আৰু ৬১০ নম্বৰৰ টেংকত প্ৰচণ্ড চাপ পেলায়। পৰিপ্ৰেক্ষিতত গেছীয় চাপৰ হেতুকে টেংকৰ লগতে ইয়াৰ আৱৰণ হিচাপে ব্যৱহাৰ কৰা অতি মজবুত চিমেণ্টৰ প্লাষ্টাৰ ফাটি গৈ বিষাক্ত গেছ টেংকৰ পৰা মুক্ত হৈ বৃহৎ অঞ্চলত ক্ষীপ্ৰতাৰে বিয়পি পৰে৷ এই ঘটনাত প্ৰায় ৫ লাখ লোক মিথাইল আইছ’চাইনেট গেছৰ সংস্পৰ্শলৈ আহিছিল।
উল্লেখ্য যে ১৯৮৪ চনত ভূপালৰ জনসংখ্যা আছিল প্ৰায় ৮.৫ লাখ আৰু ইয়াৰ আধাতকৈ অধিক জনসংখ্যাৰ কাহ হৈছিল, চকু আৰু ছালত খজুৱতি হৈছিল, চকু উখহি গৈছিল, চকুৰ গুৰি ৰঙা পৰি হৈছিল আৰু ইয়াৰ সমান্তৰালকৈ উশাহ-নিশাহত কষ্ট পাবলৈ আৰম্ভ কৰিছিল ৷ এই গেছৰ প্ৰাদুৰ্ভাৱৰ ফলত তাৎক্ষণিকভাৱে আভ্যন্তৰীণ ৰক্তক্ষৰণ, নিউমোনিয়া আদিত আক্ৰান্ত হয় আৰু মৃত্যু হয়।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত কাৰখানাটোৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ গাঁও আৰু বস্তিসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়৷ উল্লেখ্য যে ইউনিয়ন কাৰ্বাইডৰ এলাৰ্ম চিষ্টেমে ঘণ্টাৰ পিছত ঘণ্টা কাম কৰা নাছিল। যাৰ বাবে ফেক্টৰীৰ পৰিচালকে কোনো এলাৰ্ম দিবলৈ সক্ষম নহ’ল৷ হঠাৎ ৩ ডিচেম্বৰৰ পুৱা বিচনা ত্যাগ কৰাৰ পিছতে হাজাৰ হাজাৰ লোকে উশাহ লবলৈ কষ্ট পোৱাৰ লগতে শাৰিৰীকভাৱে অসুস্থতা অনুভৱ কৰি চিকিৎসালয়লৈ দৌৰিবলৈ আৰম্ভ কৰিলে।
সেই সময়ত আজিৰ দৰে ভূপালত বেছি চিকিৎসালয় নাছিল। মাত্ৰ দুখন চৰকাৰী চিকিৎসালয়ত মহানগৰীৰ আধা জনসংখ্যাক ঠাই দিয়াটো অসম্ভৱ কথা৷ মানুহে কষ্ট পাইছিল, উশাহ ল’বলৈ অসুবিধা পাইছিল আৰু বিভ্ৰান্ত হৈছিল। চিকিৎসকসকলো সম্পুৰ্ণৰূপে বিভ্ৰান্ত হৈ পৰিছিল৷ কাৰণ ৰোগৰ তাৎক্ষণিক কাৰণ জানিবলৈ তেওঁলোক অপাৰগ হৈছিল ৷

ৰোগীসকলে মূৰ ঘূৰোৱা, উশাহ বন্ধ হোৱা, ছালৰ বিষ আৰু ফোহা ওলোৱাৰ অভিযোগ কৰাৰ লগতে একাংশই হঠাতে অন্ধ হোৱা বুলি অৱগত কৰিছিল৷ ভূপালৰ চিকিৎসকসকলে কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। তেওঁলোকৰ নাছিল ঔদ্যোগিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ অভিজ্ঞতা৷ আনহাতে মিথাইল আইছ’চাইনেটৰ সংস্পৰ্শলৈ অহাৰ লক্ষণসমূহ তেওঁলোকৰ বাবে তৎক্ষণাত বোধগম্য নাছিল।

ইয়াৰ মাজতে তেওঁলোকে পাৰ্যমানে চিকিৎসা সেৱা আগবঢ়াই গেছ নিৰ্গত হোৱাৰ প্ৰথম দুদিনতে চিকিৎসালয় দুখনে প্ৰায় ৫০ হাজাৰ ৰোগীক চিকিৎসা কৰা বুলি জানিব পৰা গৈছিল৷ আনুষ্ঠানিকভাৱে চৰকাৰে ঘোষণা কৰিছিল যে গেছ নিৰ্গত হোৱাটো আঠ ঘণ্টাত নিয়ন্ত্ৰণ কৰা হৈছিল যদিও আজি ৩৯ বছৰৰ পাছতো চহৰখনে সম্পুৰ্ণভাৱে ইয়াৰ কবলৰ পৰা ওলাই আহিবলৈ অসুবিধা পাইছে।
বিভিন্ন উৎসই প্ৰকাশ কৰা অনুসৰি মৃতকৰ সংখ্যা ১৫ হাজাৰৰ পৰা ২০ হাজাৰৰ ভিতৰত হ’ব বুলি অনুমান কৰাৰ লগতে প্ৰায় ডেৰ লাখ জীৱিত লোকে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, চকুৰ বিষ বা অন্ধতা, আৰু বিষাক্ত গেছৰ সংস্পৰ্শলৈ অহাৰ ফলত অন্যান্য ৰোগত আক্ৰান্ত হৈছিল৷ যাৰ বাবে বহুতকে কেইশ ডলাৰৰ ক্ষতিপূৰণ দিবলগীয়া হৈছিল।
পিছত তদন্তত প্ৰতিষ্ঠা কৰা হয় যে কৰ্মচাৰীৰ অভাৱত, উদ্যোগটোৰ অদক্ষ পৰিচালনা আৰু সুৰক্ষা পদ্ধতিৰ বাবেই এই দুৰ্যোগৰ সৃষ্টি হয়৷ পৰৱৰ্তী সময়ত ১৯৯৮ চনত পূৰ্বৰ কাৰখানাৰ স্থানখিনি মধ্যপ্ৰদেশ ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰা হয়। কিন্তু এক ভয়াবহতাক প্ৰতিনিধিত্ব কৰা এই ঠাইখনক লৈ যিমান তৎপৰতা গ্ৰহণ কৰিবলগীয়া আছিল, নহ’ল৷ কিয়নো ২১ শতিকাৰ আৰম্ভণি পৰ্যন্ত ৪০০ টনতকৈ অধিক ঔদ্যোগিক আৱৰ্জনা এই স্থানত জমা হৈ আছিল।

প্ৰতিবাদ আৰু মামলা-মোকৰ্দমাৰ চেষ্টা অব্যাহত থকাৰ পাছতো ২০০১ চনত ইউনিয়ন কাৰ্বাইড কৰ্প’ৰেশ্যনক ক্ৰয় কৰা ডাউ কেমিকেল কোম্পানীয়ে সেই স্থান সঠিকভাৱে পৰিষ্কাৰ কৰা নাছিল। অঞ্চলটোৰ মাটি আৰু পানীৰ প্ৰদূষণৰ বাবে বাসিন্দাসকলে দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যা আৰু জন্মগত বিসংগতিৰ বলি হৈছিল ৷
২০০৪ চনত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ভূপালৰ বাসিন্দাসকলক ভূগৰ্ভস্থ পানীৰ প্ৰদূষণৰ বাবে বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ ৰাজ্যখনক নিৰ্দেশ দিয়ে। আনহাতে ২০১০ চনত ইউনিয়ন কাৰ্বাইডৰ সহযোগী ভাৰতৰ কেইবাজনো প্ৰাক্তন কাৰ্যবাহীক তথা ভাৰতীয় নাগৰিকক দুৰ্যোগটোৰ ক্ষেত্ৰত গাফিলতিৰ বাবে ভূপাল আদালতে দোষী সাব্যস্ত কৰে।
ইউচিচি আৰু দুৰ্যোগৰ সময়ত ইউচিচিৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাৰেন এণ্ডাৰছনৰ বিৰুদ্ধে আমেৰিকাত দাখিল কৰা দেৱানী আৰু অপৰাধমূলক গোচৰসমূহ ১৯৮৬ চনৰ পৰা ২০১২ চনৰ ভিতৰত একাধিকবাৰ খাৰিজ কৰি ভাৰতীয় আদালতলৈ পুনৰ নিৰ্দেশিত কৰা হৈছিল, কিয়নো আমেৰিকাৰ আদালতে ইউচিআইএলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ভাৰতৰ এক স্বতন্ত্ৰ সত্তা হোৱাৰ বাবে।

ভাৰতৰ ভূপালৰ জিলা আদালততো ইউচিচি, ইউচিআইএল আৰু এণ্ডাৰছনৰ সৈতে জড়িত দেৱানী আৰু অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল।
আনহাতে ২০১০ চনৰ জুন মাহত ইউচিআইএলৰ প্ৰাক্তন অধ্যক্ষ কেশুব মহিন্দ্ৰাকে ধৰি দূৰ্ঘটনাটোৰ সময়ত ইউচিআইএলৰ কৰ্মচাৰী হিচাপে কৰ্মৰত সাতজন ভাৰতীয় নাগৰিকক তেওঁলোকৰ গাফিলতিৰ ফলত এই গেছ ট্ৰেজেডী সংঘটিত হৈ বহুলোকৰ মৃত্যুৰ কাৰণ হোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰা হয় আৰু দুবছৰৰ কাৰাদণ্ড আৰু প্ৰায় ২০০০ ডলাৰকৈ জৰিমনা বিহা হয়, যিটো ভাৰতীয় আইন অনুসৰি সৰ্বোচ্চ শাস্তি৷ কিন্তু ৰায়দানৰ কিছু সময়ৰ পিছতে সকলোকে জামিনত মুকলি কৰি দিয়া হয়।

আনহাতে এজন প্ৰাক্তন কৰ্মচাৰীকো দোষী সাব্যস্ত কৰা হৈছিল, কিন্তু ৰায়দান হোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল।
আমেৰিকাৰ মিচিগানত মুখ্য কাৰ্যালয় থকা ডাউ কেমিকেলে ইউনিয়ন কাৰ্বাইড কৰ্প’ৰেশ্যনক ক্ৰয় কৰাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ বহুজাতিক নিগমে এই গোচৰটো আবেদনকাৰীৰ আবেদনৰ ওপৰত কাৰণ দেখুৱাই দিয়া জাননী প্ৰদান কৰা ভূপাল আদালতৰ অধিকাৰক্ষেত্ৰত নপৰে বুলি দাবী কৰাৰ পিছত যোৱা ২৩ নৱেম্বৰত ন্যায়িক দণ্ডাধীশ বিধান মহেশ্বৰীয়ে শুনানি ৬ জানুৱাৰীলৈ স্থগিত ৰাখে ।
গেছ ট্ৰেজেডীৰ বাবে কাম কৰা সংস্থাসমূহক প্ৰতিনিধিত্ব কৰা অধিবক্তা অভি সিঙে জনোৱা মতে, আবেদনকাৰীসকলে অৱশ্যে দৃঢ়তাৰে কয় যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে ২০১২ চনত বিচাৰ ক্ষমতাৰ বিষয়টোৰ সিদ্ধান্ত লৈছিল, আৰু এইদৰে ডাউ কেমিকেলক এই গোচৰত অভিযুক্ত কৰা উচিত। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা ছত্তীশগড়ৰ প্ৰাক্তন মহাধিবক্তা ৰবীন্দ্ৰ শ্ৰীবাস্তৱ আৰু সন্দীপ গুপ্তাৰ নেতৃত্বত অধিবক্তাসকলে কোম্পানীটোৰ পক্ষ দাঙি ধৰে।

ডাউ কেমিকেলক প্ৰতিনিধিত্ব কৰা এজন অধিবক্তাৰ মতে বহুজাতিক প্ৰতিষ্ঠানটো আন্তঃৰাষ্ট্ৰীয় আইনৰ দ্বাৰা পৰিচালিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই গোচৰটো ভূপাল আদালতৰ অধিকাৰক্ষেত্ৰত নপৰে।
তেওঁ লগতে কয় যে আদালতৰ সন্মুখত এই কথাও দাখিল কৰা হৈছিল যে উচ্চ ন্যায়ালয়ে বিচাৰ ক্ষমতাৰ বিষয়টো নিষ্পত্তি কৰা নাই। তেওঁলোকৰ আবেদনত চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (চিবিআই), ভূপাল গ্ৰুপ ফৰ ইনফৰ্মেশ্যন এণ্ড একচন আদি সংগঠনে যুক্তি আগবঢ়ায় যে যিহেতু ডাউ কেমিকেলৰ ইউনিয়ন কাৰ্বাইডৰ মালিক, সেয়েহে ইয়াক অপৰাধমূলক গোচৰত অভিযুক্ত কৰা উচিত।
প্ৰণিধানযোগ্য যে ভূপালৰ গেছ ট্ৰেজেডীৰ পূৰ্বে ১৯৭৬ চনত দুটা স্থানীয় ট্ৰেড ইউনিয়নে উদ্যোগটোৰ ভিতৰত প্ৰদূষণৰ অভিযোগ উত্থাপন কৰিছিল যদিও এই অভিযোগে বিশেষ গুৰুত্ব নাপালে৷ ইয়াৰ পিছতে ১৯৮১ চনত প্লাণ্টৰ পাইপৰ ৰক্ষণাবেক্ষণৰ কাম কৰি থাকোঁতে ভুলবশতঃ ফচজিনত এজন শ্ৰমিক ছিটিকি পৰে৷ লগে লগে তেওঁ আতংকিত হৈ গেছ মাস্ক আঁতৰোৱাৰ ফলত বৃহৎ পৰিমাণৰ বিষাক্ত ফচজিন গেছ উশাহত লয় আৰু ৭২ ঘণ্টাৰ পিছতে তেওঁৰ মৃত্যু হয়।
এইবোৰৰ পিছত ৰাজকুমাৰ কেছৱানী নামৰ সৎ সাহসী সাংবাদিক এজনে অনুসন্ধান আৰম্ভ কৰে আৰু তেওঁৰ তথ্যসমূহ ভূপালৰ স্থানীয় কাকত এখনত প্ৰকাশ কৰে, য’ত তেওঁ এনেদৰে আহ্বান জনায়, “ভূপালৰ মানুহবোৰ সাৰ পাওক, আপোনালোক আগ্নেয়গিৰিৰ প্ৰান্তত আছে।” ইয়াৰ পিছতে ১৯৮২ চনৰ জানুৱাৰী মাহত ফচজিন নিৰ্গত হোৱাৰ ফলত ২৪ জন শ্ৰমিক আক্ৰান্ত হয় আৰু আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়৷

সেই সময়ত কোনো শ্ৰমিককে সুৰক্ষামূলক সঁজুলি পৰিধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ইয়াৰ এমাহ পিছত ১৯৮২ চনৰ ফেব্ৰুৱাৰী মাহত এম আই চি নিৰ্গত হোৱাৰ ফলত ১৮ জন শ্ৰমিকৰ ওপৰত প্ৰভাৱ পৰে। একেটা বৰ্ষৰ আগষ্ট মাহত এজন ৰাসায়নিক অভিযন্তা তৰল এম আই চিৰ সংস্পৰ্শলৈ আহে, যাৰ ফলত তেওঁৰ শৰীৰৰ ৩০ শতাংশতকৈ অধিক অংশ জ্বলি যায়। আনহাতে অক্টোবৰ মাহত আৰু এটা এম আই চি লিক হয় ৷
লিক বন্ধ কৰাৰ চেষ্টাত এম আই চিৰ তত্বাৱধায়কজন গুৰুতৰভাৱে ৰাসায়নিকভাৱে জ্বলি যায় আৰু আন দুজন শ্ৰমিক গেছৰ সংস্পৰ্শলৈ আহে। ১৯৮৩ আৰু ১৯৮৪ চনৰ ভিতৰত এম আই চি, ক্ল’ৰিন, মনোমিথাইলামাইন, ফছজিন, আৰু কাৰ্বন টেট্ৰাক্লৰাইড একেলগে লিক হৈছিল।
ভূপাল গেছ দুৰ্যোগৰ প্ৰায় চাৰি দশকৰ পাছত বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি এই ঘাতক গেছ নিৰ্গত হোৱাৰ সময়ত মাতৃগৰ্ভত থকা সন্তানসকলৰ কৰ্কট ৰোগ আৰু বিভিন্ন অক্ষমতাৰ আশংকা অন্য ঠাইৰ সন্তানতকৈ বহু পৰিমানে বেছি। আৰু স্বাস্থ্যজনিত বিৰূপ প্ৰভাৱো সমগ্ৰ ভৌগোলিক অঞ্চলটোত ধাৰণা কৰাতকৈ বহু বেছি আছিল।
তেওঁলোকে প্ৰকাশ কৰা অনুসৰি বিশ্বৰ আটাইতকৈ ভয়াৱহ ঔদ্যোগিক দুৰ্যোগ এই গেছ নিৰ্গত হোৱা স্থানৰ পৰা ১০০ কিলোমিটাৰ দূৰত্ব পৰ্যন্ বিৰূপ প্ৰভাৱ পেলাইছে৷ কিন্তু ইয়াৰ বিপৰীতে এতিয়ালৈকে মাত্ৰ ৪.৫ কিলোমিটাৰ ব্যাসাৰ্ধকহে সংস্পৰ্শৰ ভৌগোলিক অঞ্চল হিচাপে গণ্য কৰা হৈছে।

গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি ১৯৮৫ চনত জন্মগ্ৰহণ কৰা আৰু সেই দুৰ্ভাগ্যজনক নিশাটোত নিৰ্গমণ হোৱা ঠাইৰ পৰা ১০০ কিলোমিটাৰৰ ভিতৰত থকা পুৰুষৰ তিনিটা দশকৰ পাছতো কৰ্কট ৰোগৰ সম্ভাৱনা ২৭গুণ বেছি। এনে পুৰুষসকলে বিভিন্ন অক্ষমতাৰ লগতে শৈক্ষিক আৰু নিয়োগ ক্ষমতাত বিভিন্ন ধৰণে দুৰ্বল৷
আজি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উত্তৰণেৰে মানৱ সভ্যতা শীৰ্ষত অৱতৰণ কৰাৰ সময়তো এই ভয়ংকৰ প্ৰদুষণৰ সংক্ৰমণৰ পৰা ভূপাল সম্পুৰ্ণৰূপে মুক্ত নোহোৱাটো যেন আমাৰ সভ্যতাৰ প্ৰতি এক ভেঙুচালি ৷ এনে সময়ত হয়তো ঔদ্যোগিক প্ৰক্ৰিয়াত সম্ভাৱ্য বিপদ চিনাক্ত আৰু মূল্যায়ন কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, আৰু ভৱিষ্যদ্বাণীমূলক বিশ্লেষণৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে।
এই প্ৰযুক্তিসমূহে বিপুল পৰিমাণৰ তথ্য বিশ্লেষণ কৰিব পাৰে আৰু সম্ভাৱ্য বিপদৰ বাবে আগতীয়া সতৰ্কবাণী প্ৰদান কৰিব পাৰে, যাৰ ফলত সক্ৰিয় সুৰক্ষা ব্যৱস্থা সম্ভৱ হয়। ইয়াৰোপৰি সামাজিক আৰু পৰিৱেশ প্ৰভাৱ মূল্যায়নো অতি জৰুৰী ৷

বিশেষকৈ বিপজ্জনক সামগ্ৰীৰ সৈতে জড়িত উদ্যোগসমূহৰ বাবে সামাজিক আৰু পৰিৱেশ প্ৰভাৱ মূল্যায়নক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন৷ চৰকাৰী কৰ্তৃপক্ষই সুৰক্ষাৰ নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰাটো নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ।
ইয়াৰ বাবে সুৰক্ষাৰ মানদণ্ড মানি চলাৰ ওপৰত নিয়মীয়াকৈ পৰিদৰ্শন কৰিব লাগে, আৰু উলংঘাৰ বাবে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে৷ কাৰণ একো একোটা সৰু গাফিলতিৰ ফলতে ভূপাল ট্ৰেজেডী সদৃশ বিপৰ্যয় সংঘটিত হবলৈ হয়তো এক পল নালাগিব৷
03-12-2023
Images collected from different sources
কল্যাণ কলিতা, ফোন- ৯৯৫৭৩৪৮৬২৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)