• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

ASSAMESE SECTION / Assam / Music / Zubeen

by Dhrupadi Bezbarua
October 19, 2025
in ASSAMESE SECTION, ASSAM, Bhupen Hazarika, Bishnu Rabha, Jyoti Prasad Agarwala, Music
Reading Time: 5 mins read
0
“মায়াবিনী ” হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত
Share on FacebookShare on TwitterShare on LinkedIn

মায়াবিনী হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

মায়াবিনী  হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

ধ্ৰুপদী বেজবৰুৱা 

Dhrupadi photo
ধ্ৰুপদী বেজবৰুৱা 

অসম তথা উত্তৰ পূৰ্বাঞ্চল হৈছে নিজা সাংস্কৃৃতিক ঐতিহ্যৰে মহীয়ান ঠাই ৷ অসমৰ বিহুনাম, আইনাম-বিয়ানাম ,মালিতা,দেহবিচাৰৰ গীতৰ দৰেই ,নাগালেণ্ডৰ হেলিয়ামলেও ,হেৰেইলেও ,নেওলেও ৷ অৰুণাচলৰ বাৰি , অ’লা ,হিমব’ ৷ মিজোৰামৰ থিয়াম হ্লা ,হ্লাড’  ,পুইপুন হ্লা কে আদি কৰি সাতভনীৰ  প্ৰতিখন ৰাজ্যই নিজা নিজা লোক সংগীতৰে সমৃদ্ধ ৷

অসমত শংকৰদেৱৰ বৰগীতৰ পিছতেই জ্যোতিপ্ৰসাদ আগৰৱালাই সংগীতক নতুন মাত্ৰা প্ৰদান কৰিছিল ৷ এদিনবাৰ্গ বিশ্ববিদ্যালয়তৰ ছাত্ৰ জ্যোতিপ্ৰসাদে লগত পশ্চিমীয়া সংগীতৰ ভাবধাৰাক বুকুত সাবতি স্বদেশলৈ ঘূৰি আহে ৷ আইনাম-বিয়ানামৰ দৰে থলুৱা গীতৰ সুৰত জ্যোতিপ্ৰসাদ আগৰৱালাই বহু নতুন গান ৰচনা কৰিলে তেনে এটা গান আমি সকলোৱে উলাহেৰে গুণগুনোৱা —

“গছে গছে পাতি দিলে ফুলৰে শৰাই 

ৰাম ৰাম 

ফুলৰে শৰাই ৷” 

এয়া আৰম্ভ হৈছিল অসমীয়াৰ শিপাৰ সুৰক সাৰথি কৰি গীত ৰচনাৰ এক নতুন ধৰণ ৷ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ঠিক পিছতই তেওঁলোকৰ ছাঁত ডাঙৰ হৈ উঠা পুলিটোৱে পৰৱৰ্তীসময়ত বটবৃক্ষৰ দৰে জাতিটোক আৱৰি ধৰিছিল ৷ আজলী হিঁয়াত বিজুলী বান মাৰি অসমীয়া সংগীতৰ জগতখনলৈ প্ৰৱেশ কৰা ভূপেন হাজৰিকাই অসমীয়া সংগীতৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল ৷

আফ্ৰিকাৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰা এফ্ৰ-আমেৰিকান কৃষ্ণাংগসকলে শ্বেতাংগসকলক বিৰোধ কৰি জুম বান্ধি গোৱা গীতৰ সুৰত অসমীয়া পটভূমি আৰু শব্দৰ অলংকাৰে সজাই গীত ৰচনা কৰিছিল ডঃ ভূপেন হাজৰিকাই ৷ তেওঁৰ গীতসমূহে অসমত জ্যোতি-বিষ্ণুতকৈ এক পৃথক শৈলীৰ সংগীতৰ সৃষ্টি কৰিছিল ৷ 

মায়াবিনী  হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

“ হে দোলা হে দোলা

একা বেঁকা পথেৰে 

কঢ়িয়াও কঢ়িয়াও 

বৰ বৰ মানুহৰ দোলা ” 

এনে এক সংমিশ্ৰিত শৈলীৰ গীত যি  হৈছে অসমৰ মহোহো অসমৰ নিজা পটভূমি আৰু বিলাতৰ ভাবধাৰা সংমিশ্ৰণত ৷

জ্যোতি-বিষ্ণুৱে সৃষ্টি কৰা অসমৰ সাংস্কৃতিক পৰিৱেশটোৰ আপডাল কৰিছিল ড:ভূপেন হাজৰিকাই ৷ কিন্তু ভূপেন হাজৰিকাই অসমৰ সাংস্কৃতিক জগতৰ বাঘজৰী ডাল গতাবলৈ যেন এখন উপযুক্ত হাত বিচাৰি পোৱা নাছিল! ভূপেন হাজৰিকা ,খগেন মহন্ত ,দীপালী বৰঠাকুৰে নিজা সৃষ্টিৰে ঐশ্বৰ্যশালী কৰি তোলা সাংস্কৃতিক জগতখনে উত্তৰাধিকাৰী পোৱা নাছিল ৷ অসমৰ সংগীত জগতখন তেতিয়া আন এক সম্ভাৱনাৰ দোকমোকালিৰ বাবে ৰৈ আছিল ৷

সেই সন্ধানমুখী পৰিৱেশৰ মাজতেই নিজৰ যাদুকৰী কন্ঠৰে “অনামিকা” এলবামৰ জৰিয়তে অসমীয়া সংগীতৰ জগতত নিজৰ খোপনি পুতিছিল জুবিন গাৰ্গে ৷“অনামিকা” (১৯৯২) , “মায়া” (১৯৯৫), “চান্দনী ৰাত” (হিন্দী -১৯৯৫), “পাখি” (১৯৯৯) আদি বহুকেইটা গীতৰ এলবামৰ জৰিয়তে শুই পৰা অসমীয়া সংগীতৰ জগতত খলকনি তোলা জুবিন গাৰ্গে ২০০১ চনত সৃষ্টি কৰিছিল “ মায়াবিনী” ৰ ৷ প্ৰসিদ্ধ চিত্ৰ পৰিচালক মুনীন বৰুৱাদেৱৰ “দাগ” ছবিৰ বাবে ৰচনা কৰা “ মায়াবিনী” গীতটি আছিল জুবিন গাৰ্গৰ শ্ৰেষ্ঠতম সৃষ্টিৰ অন্যতম ৷ 

এইখিনিতেই মন কৰিবলগীয়া যে মায়াবিনী গীতটি যদিওবা এটি ৰোমান্টিক গীত আৰু প্ৰধানত এই গীতটিয়ে প্ৰেমিকে প্ৰেমিকাৰ প্ৰতি তেওঁৰ অনুভৱ ব্যক্ত কৰি গোৱা গীত বুলি এক ধাৰণা আছে ; তথাপিও ভালদৰে বিশ্লেষণ কৰিলে মন কৰিব পাৰি যে ই মৰমৰ গীত, আপোন মানুহৰ বাবে গোৱা এটি আপোনত্বৰ গীত যি কেৱল প্ৰেমিক-প্ৰেমিকাৰ মাজৰ আপোনত্বতেই সীমাবদ্ধ নহয় ৷ 

মায়াবিনী  হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

“ মায়াবিনী ৰাতিৰ বুকুত 

দেখা পালো তোমাৰ ছবি 

ধৰা দিলা গোপনে আহি

হিঁয়াৰ কোণত৷”

এই মৰমৰ গীতটি নিশাৰ এন্ধাৰত নিজ সন্তানক বিচাৰি হাবাথুৰি খোৱা পিতৃ-মাতৃয়ে সন্তানৰ স্মৃতিত গুণগুণায়৷ কোনো এক নিজান ৰাতিত কোনো দেশপ্ৰেমিকে দেশৰ হকে হেৰাই যোৱা ছহিদকো মায়াবিনীৰ শব্দত বিচাৰি পায় ৷ গীতটোৰ “ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন “ কথা কেইটাই যেন ব্যক্তি জীৱনৰ পৰা জাতীয় জীৱনৰ সংঘাত আৰু পৰাজয়ৰ গ্লানিৰ কথাকে কয় ৷ তেনেদৰে “প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা“ শাৰীটোৱে দেশ আৰু জাতিৰ বাবে জীৱন যৌৱন হেলাৰঙে ত্যাগ কৰা শত সহস্ৰৰজনৰ স্মৃতিকে “প্ৰভাতী ফুলৰ“ দৰেই সোঁৱৰাব খোজে ৷

মায়াবিনী  হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

সেয়ে হয়তো জুবিন গাৰ্গৰ “মায়াবিনী“য়ে প্ৰতিজন ব্যক্তিক আপোনত্বৰে বান্ধে, মৰমেৰে সাবতে। ইতিমধ্যে “মায়াবিনী” গীতটি বাঙালী ,হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদিত হৈছে ৷ শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই মায়াবিনী গীতৰ পৰিৱৰ্তে প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈ পৰিলে ৷

জুবিন গাৰ্গৰ নশ্বৰদেহ আগুৰি ধৰি সৰুসজাইত প্ৰায় ১৫লাখ লোকে সমস্বৰে “মায়াবিনী” পৰিৱেশন কৰে আৰু কোনো লিখিত তথ্য নথকাৰ সত্বেও প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ ১৩দিনলৈকে সমগ্ৰ অসমত প্ৰায় ৩কোটি লোকে মায়াবিনী প্ৰাৰ্থনা হিচাপে পৰিৱেশন কৰিছে বুলি অনুমান কৰিব পাৰি ৷ এই ১৩টা দিনত জাতি-বৰ্ণ নিৰ্বিশেষে বুঢ়া চেমনীয়া শিশু সকলোৱে অসমত সমস্বৰে মায়াবিনীৰে আপোন সংহতি গঢ়িছে ৷

ঠিক তেনেদৰেই নাগালেণ্ড ,মণিপুৰ ,মিজোৰাম ,অৰুণাচল সকলোতে প্ৰতেক্যেই নিজা ভাষাত মায়াবিনী গীতেৰেই নিজ ঠাইৰ পৰা যুগজয়ী শিল্পীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি একেটি সুৰত কান্দিছে ৷ এয়া যেন সাতভনী এলেকাৰ জাতীয় সংহতিৰ আন এক সাংংগীতিক ৰূপ ৷ 

প্ৰথমবাৰৰ বাবে এটি ৰোমান্টিক গীতে সকলোকে মৰমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ সমাজৰ সকলোধৰণ, সকলো বৰণ, সকলো ধৰ্মৰ মানুহক, সাতোভনীৰ বৰ্ণিল জনসম্প্ৰদায়ক, সমগ্ৰ ভাৰতবৰ্ষক মায়াৰে বান্ধি পেলোৱা “মায়াবিনী” হৈ পৰক উত্তৰপূৰ্বাঞ্চলৰ জাতীয় সংহতিৰ সংগীত ৷ ঠিক জুবিনৰ আদৰ্শৰে ,জুবিনে ভবাৰ দৰে ,জুবিনে বিচৰা মতে বৰ অসমৰ অসমীয়া মহাজাতিৰ হৃদয়ৰ সংগীত ৷

মায়াবিনী  হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

ধ্ৰুপদী বেজবৰুৱা , যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় 

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Zubeen Garg
Dhrupadi Bezbarua

Dhrupadi Bezbarua

Related Posts

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster
ASSAM

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

by PAHARI BARUAH
September 16, 2026
0

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster and the Collapse of Public Health From Carbide-Ripened...

Read moreDetails
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d