মায়াবিনী হওক সাতভনীৰ জাতীয় সংহতিৰ সংগীত

ধ্ৰুপদী বেজবৰুৱা
অসম তথা উত্তৰ পূৰ্বাঞ্চল হৈছে নিজা সাংস্কৃৃতিক ঐতিহ্যৰে মহীয়ান ঠাই ৷ অসমৰ বিহুনাম, আইনাম-বিয়ানাম ,মালিতা,দেহবিচাৰৰ গীতৰ দৰেই ,নাগালেণ্ডৰ হেলিয়ামলেও ,হেৰেইলেও ,নেওলেও ৷ অৰুণাচলৰ বাৰি , অ’লা ,হিমব’ ৷ মিজোৰামৰ থিয়াম হ্লা ,হ্লাড’ ,পুইপুন হ্লা কে আদি কৰি সাতভনীৰ প্ৰতিখন ৰাজ্যই নিজা নিজা লোক সংগীতৰে সমৃদ্ধ ৷
অসমত শংকৰদেৱৰ বৰগীতৰ পিছতেই জ্যোতিপ্ৰসাদ আগৰৱালাই সংগীতক নতুন মাত্ৰা প্ৰদান কৰিছিল ৷ এদিনবাৰ্গ বিশ্ববিদ্যালয়তৰ ছাত্ৰ জ্যোতিপ্ৰসাদে লগত পশ্চিমীয়া সংগীতৰ ভাবধাৰাক বুকুত সাবতি স্বদেশলৈ ঘূৰি আহে ৷ আইনাম-বিয়ানামৰ দৰে থলুৱা গীতৰ সুৰত জ্যোতিপ্ৰসাদ আগৰৱালাই বহু নতুন গান ৰচনা কৰিলে তেনে এটা গান আমি সকলোৱে উলাহেৰে গুণগুনোৱা —
“গছে গছে পাতি দিলে ফুলৰে শৰাই
ৰাম ৰাম
ফুলৰে শৰাই ৷”
এয়া আৰম্ভ হৈছিল অসমীয়াৰ শিপাৰ সুৰক সাৰথি কৰি গীত ৰচনাৰ এক নতুন ধৰণ ৷ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ঠিক পিছতই তেওঁলোকৰ ছাঁত ডাঙৰ হৈ উঠা পুলিটোৱে পৰৱৰ্তীসময়ত বটবৃক্ষৰ দৰে জাতিটোক আৱৰি ধৰিছিল ৷ আজলী হিঁয়াত বিজুলী বান মাৰি অসমীয়া সংগীতৰ জগতখনলৈ প্ৰৱেশ কৰা ভূপেন হাজৰিকাই অসমীয়া সংগীতৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল ৷
আফ্ৰিকাৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰা এফ্ৰ-আমেৰিকান কৃষ্ণাংগসকলে শ্বেতাংগসকলক বিৰোধ কৰি জুম বান্ধি গোৱা গীতৰ সুৰত অসমীয়া পটভূমি আৰু শব্দৰ অলংকাৰে সজাই গীত ৰচনা কৰিছিল ডঃ ভূপেন হাজৰিকাই ৷ তেওঁৰ গীতসমূহে অসমত জ্যোতি-বিষ্ণুতকৈ এক পৃথক শৈলীৰ সংগীতৰ সৃষ্টি কৰিছিল ৷

একা বেঁকা পথেৰে
কঢ়িয়াও কঢ়িয়াও
বৰ বৰ মানুহৰ দোলা ”
এনে এক সংমিশ্ৰিত শৈলীৰ গীত যি হৈছে অসমৰ মহোহো অসমৰ নিজা পটভূমি আৰু বিলাতৰ ভাবধাৰা সংমিশ্ৰণত ৷
জ্যোতি-বিষ্ণুৱে সৃষ্টি কৰা অসমৰ সাংস্কৃতিক পৰিৱেশটোৰ আপডাল কৰিছিল ড:ভূপেন হাজৰিকাই ৷ কিন্তু ভূপেন হাজৰিকাই অসমৰ সাংস্কৃতিক জগতৰ বাঘজৰী ডাল গতাবলৈ যেন এখন উপযুক্ত হাত বিচাৰি পোৱা নাছিল! ভূপেন হাজৰিকা ,খগেন মহন্ত ,দীপালী বৰঠাকুৰে নিজা সৃষ্টিৰে ঐশ্বৰ্যশালী কৰি তোলা সাংস্কৃতিক জগতখনে উত্তৰাধিকাৰী পোৱা নাছিল ৷ অসমৰ সংগীত জগতখন তেতিয়া আন এক সম্ভাৱনাৰ দোকমোকালিৰ বাবে ৰৈ আছিল ৷
সেই সন্ধানমুখী পৰিৱেশৰ মাজতেই নিজৰ যাদুকৰী কন্ঠৰে “অনামিকা” এলবামৰ জৰিয়তে অসমীয়া সংগীতৰ জগতত নিজৰ খোপনি পুতিছিল জুবিন গাৰ্গে ৷“অনামিকা” (১৯৯২) , “মায়া” (১৯৯৫), “চান্দনী ৰাত” (হিন্দী -১৯৯৫), “পাখি” (১৯৯৯) আদি বহুকেইটা গীতৰ এলবামৰ জৰিয়তে শুই পৰা অসমীয়া সংগীতৰ জগতত খলকনি তোলা জুবিন গাৰ্গে ২০০১ চনত সৃষ্টি কৰিছিল “ মায়াবিনী” ৰ ৷ প্ৰসিদ্ধ চিত্ৰ পৰিচালক মুনীন বৰুৱাদেৱৰ “দাগ” ছবিৰ বাবে ৰচনা কৰা “ মায়াবিনী” গীতটি আছিল জুবিন গাৰ্গৰ শ্ৰেষ্ঠতম সৃষ্টিৰ অন্যতম ৷
এইখিনিতেই মন কৰিবলগীয়া যে মায়াবিনী গীতটি যদিওবা এটি ৰোমান্টিক গীত আৰু প্ৰধানত এই গীতটিয়ে প্ৰেমিকে প্ৰেমিকাৰ প্ৰতি তেওঁৰ অনুভৱ ব্যক্ত কৰি গোৱা গীত বুলি এক ধাৰণা আছে ; তথাপিও ভালদৰে বিশ্লেষণ কৰিলে মন কৰিব পাৰি যে ই মৰমৰ গীত, আপোন মানুহৰ বাবে গোৱা এটি আপোনত্বৰ গীত যি কেৱল প্ৰেমিক-প্ৰেমিকাৰ মাজৰ আপোনত্বতেই সীমাবদ্ধ নহয় ৷

দেখা পালো তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিঁয়াৰ কোণত৷”
এই মৰমৰ গীতটি নিশাৰ এন্ধাৰত নিজ সন্তানক বিচাৰি হাবাথুৰি খোৱা পিতৃ-মাতৃয়ে সন্তানৰ স্মৃতিত গুণগুণায়৷ কোনো এক নিজান ৰাতিত কোনো দেশপ্ৰেমিকে দেশৰ হকে হেৰাই যোৱা ছহিদকো মায়াবিনীৰ শব্দত বিচাৰি পায় ৷ গীতটোৰ “ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন “ কথা কেইটাই যেন ব্যক্তি জীৱনৰ পৰা জাতীয় জীৱনৰ সংঘাত আৰু পৰাজয়ৰ গ্লানিৰ কথাকে কয় ৷ তেনেদৰে “প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা“ শাৰীটোৱে দেশ আৰু জাতিৰ বাবে জীৱন যৌৱন হেলাৰঙে ত্যাগ কৰা শত সহস্ৰৰজনৰ স্মৃতিকে “প্ৰভাতী ফুলৰ“ দৰেই সোঁৱৰাব খোজে ৷

সেয়ে হয়তো জুবিন গাৰ্গৰ “মায়াবিনী“য়ে প্ৰতিজন ব্যক্তিক আপোনত্বৰে বান্ধে, মৰমেৰে সাবতে। ইতিমধ্যে “মায়াবিনী” গীতটি বাঙালী ,হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদিত হৈছে ৷ শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই মায়াবিনী গীতৰ পৰিৱৰ্তে প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈ পৰিলে ৷
জুবিন গাৰ্গৰ নশ্বৰদেহ আগুৰি ধৰি সৰুসজাইত প্ৰায় ১৫লাখ লোকে সমস্বৰে “মায়াবিনী” পৰিৱেশন কৰে আৰু কোনো লিখিত তথ্য নথকাৰ সত্বেও প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ ১৩দিনলৈকে সমগ্ৰ অসমত প্ৰায় ৩কোটি লোকে মায়াবিনী প্ৰাৰ্থনা হিচাপে পৰিৱেশন কৰিছে বুলি অনুমান কৰিব পাৰি ৷ এই ১৩টা দিনত জাতি-বৰ্ণ নিৰ্বিশেষে বুঢ়া চেমনীয়া শিশু সকলোৱে অসমত সমস্বৰে মায়াবিনীৰে আপোন সংহতি গঢ়িছে ৷
ঠিক তেনেদৰেই নাগালেণ্ড ,মণিপুৰ ,মিজোৰাম ,অৰুণাচল সকলোতে প্ৰতেক্যেই নিজা ভাষাত মায়াবিনী গীতেৰেই নিজ ঠাইৰ পৰা যুগজয়ী শিল্পীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি একেটি সুৰত কান্দিছে ৷ এয়া যেন সাতভনী এলেকাৰ জাতীয় সংহতিৰ আন এক সাংংগীতিক ৰূপ ৷
প্ৰথমবাৰৰ বাবে এটি ৰোমান্টিক গীতে সকলোকে মৰমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰিবলৈ সমাজৰ সকলোধৰণ, সকলো বৰণ, সকলো ধৰ্মৰ মানুহক, সাতোভনীৰ বৰ্ণিল জনসম্প্ৰদায়ক, সমগ্ৰ ভাৰতবৰ্ষক মায়াৰে বান্ধি পেলোৱা “মায়াবিনী” হৈ পৰক উত্তৰপূৰ্বাঞ্চলৰ জাতীয় সংহতিৰ সংগীত ৷ ঠিক জুবিনৰ আদৰ্শৰে ,জুবিনে ভবাৰ দৰে ,জুবিনে বিচৰা মতে বৰ অসমৰ অসমীয়া মহাজাতিৰ হৃদয়ৰ সংগীত ৷

ধ্ৰুপদী বেজবৰুৱা , যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

















