• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Social Media

মাস্কে টুইটাৰৰ কৰ্মচাৰীক পাইকাৰী হাৰত বৰ্খাস্ত কৰিছে: অন্তৰালত কি?

কাকলি দাস 

by Anjan Sarma
November 12, 2022
in Social Media, Business, Tech
Reading Time: 4 mins read
0
ইলন মাস্কৰ টুইটাৰৰ মালিকীস্বত্ব আৰম্ভ হ’ল অব্যাহতি, অনিশ্চয়তাৰে!
Share on FacebookShare on TwitterShare on LinkedIn

মাস্কে টুইটাৰত পাইকাৰী হাৰত বৰ্খাস্ত কৰিছে

কাকলি দাস 

Musk

হঠাৎ যদি আপোনাক কোৱা হয় যে আপুনি আৰু অফিচলৈ অহাৰ প্ৰয়োজন নাই, তেন্তে কেনে হ’ব?

আশাকৰোঁ আপোনাৰ সৈতে এনেকুৱা নহ’ব৷ কিন্তু ইলন মাস্কে টুইটাৰৰ সৰ্বময়কৰ্তাৰ দায়িত্ব লোৱাৰ পিছত টুইটাৰত এনেকুৱা হৈছে।

৭৫০০ কৰ্মচাৰীৰ ভিতৰত টুইটাৰে প্ৰায় আধা কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ আগবাঢ়িছে আৰু কৰি আছে। ধন সঞ্চয়ৰ ব্যৱস্থা লৈছে নেকি বিশ্বৰ আটাইতকৈ ধনী মানুহজনে? টুইটাৰক ৰক্ষা কৰিবলৈ?

মাস্কে সম্পূৰ্ণ অধিগ্ৰহণৰ পিছত টুইটাৰৰ পৰা কৰ্মচাৰী বৰ্খাস্ত হোৱাৰ আশা কৰা হৈছিল। কিন্তু মাস্কৰ সমৰ্থকসকলো এনেদৰে বৰ্খাস্ত হোৱাৰ বাবে আচৰিত হৈ পৰিছে, কিয়নো দেখা গৈছে যে মাস্কে চাকৰি কাঢ়ি নিয়াৰ আনন্দ লাভ কৰি আছে। বহু উদ্যোগত বৰ্খাস্ত কৰাটো এটা স্বাভাৱিক কৰ্ম। ফেচবুকেও নীৰৱে ১২ হাজাৰ কৰ্মচাৰীক বৰ্খাস্ত কৰিব পাৰে আৰু কৰিও আছে , ভাৰতৰ এড-টেক উদ্যোগেও বহুতকে বৰ্খাস্ত কৰিলে, কিন্তু টুইটাৰৰ এই কাৰ্য্য ক্ষমাহীন আৰু অতি গৰিহণাযোগ্য ।

টুইটাৰৰ পূৰ্বৰ মুখ্য কাৰ্যবাহী পৰাগ আগৰৱালাৰ প্ৰতি মাস্কৰ শত্ৰুতাৰ বিষয়ে সকলোৱে জানে – টুইটাৰ ক্ৰয়ৰ চুক্তি ইলনৰ ক্ষেত্ৰত বাধ্যতামূলক কৰা হৈছিল। কিন্তু, কোম্পানীটোক অধিগ্ৰহণ কৰি নতুনকৈ ৰূপ দিবলৈ উপায় এইটোৱেই নেকি?

আহক আমি বুজ লওঁ কিয় বৃহৎ সংখ্যক বৰ্খাস্ত হৈছে। ইয়াৰ ফলত টুইটাৰৰ কেনেকৈ ভাল হ’ব? নে ইয়াৰ আন জটিল কাৰণ আছে?

মাস্কে টুইটাৰৰ কৰ্মচাৰীক পাইকাৰী হাৰত বৰ্খাস্ত কৰিছে: অন্তৰালত কি?
Photo by Pixabay on Pexels.com

নেটফ্লিক্সত ‘স্কুইড গেমছ‘ চাইছেনে?

 ইলন মাস্কে নিজৰ কৰ্মচাৰীসকলৰ সৈতে সেইটো ‘গেম’ খেলি আছে। কৰ্মচাৰীসকলে এটা ইমেইল এনেদৰে পাইছিল – ‘সময় কঠিন’, ‘টুইটাৰক ৰক্ষা কৰিবলৈ লোৱা পদক্ষেপ’ ইত্যাদি ইত্যাদি ইত্যাদি। কেনেকৈ ৰক্ষা কৰিব? বৰ্খাস্ত কৰি(!) – আৰু ইমেইলৰ জৰিয়তে বৰ্খাস্ত কৰি!

কৰ্মচাৰীসকলক ‘অফিচিয়েল ইমেইল’ত অৱগত কৰা হয় , অন্যথা ব্যক্তিগত ইমেইলত। কোনো ‘চাইন অফ’ নাই, কোনো নাম নাই – মাত্ৰ শীতল, পোনপটীয়া ভাষাত বাৰ্তাটো প্ৰেৰণ হৈছে কৰ্মচাৰী সকললৈ। এটা ইমেইল আৰু আপোনাৰ কৰ্মসংস্থাপন নাই – আৰু কোনো আলোচনাও নাই, ‘আপুনি আৰু কামলৈ আহিব নালাগে’।

ইয়াতকৈও বেয়া কথাটো হ’ল – বহু কৰ্মচাৰীয়ে প্ৰকাশ কৰিছিল যে তেওঁলোকক কৰ্মক্ষেত্ৰৰ লেপটপৰ পৰা দূৰৈৰ পৰাই লগ আউট কৰা হৈছিল, কোনো জাননী নিদিয়াকৈ। এইদৰেই কৰ্মচাৰীসকলে তেওঁলোকক বৰ্খাস্ত কৰাৰ কথা জানিব পাৰিলে।

ইলন মাস্কে ৭৫% কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব বিচাৰিছিল, গতিকে সেয়া কোনো আচৰিত কথা নহয়, কিন্তু কাৰ্যটো কৰা ধৰণটো ভাল হোৱা নাই, আনকি মাস্কৰ অনুৰাগীৰ সৈতেও। ইলন মাস্কক মংগল গ্ৰহত উপনীত হ’ব বিচৰা এজন সুন্দৰ অভিলাষী বন্ধু যেন লাগিছিল – তেন্তে তেওঁৰ এইধৰণৰ আচৰণ, খং আৰু হতাশা কিয়?

মাস্কে টুইটাৰৰ কৰ্মচাৰীক পাইকাৰী হাৰত বৰ্খাস্ত কৰিছে: অন্তৰালত কি?

মাস্কে তলত দিয়া চুক্তিৰ চৰ্তসমূহত সন্মতি দিলে –

• বৰ্খাস্ত হ’লে কৰ্মচাৰীৰ ক্ষতিপূৰণ আৰু সুবিধা ১ বছৰৰ বাবে দিয়া হ’ব, 

• চাকৰিৰ পৰা বৰ্খাস্ত হ’লে দুমাহৰ দৰমহাও দিয়া হ’ব ,

• ইকুইটিৰ নগদ মূল্য দিয়া হ’ব ।

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি মাস্কে ‘ছেভাৰেন্স পে’ৰ বাবে সন্মত হৈছে যদিও ‘ইকুইটি কেছ’ত সন্মত হোৱা নাই।

এতিয়া কৰ্মচাৰী সকলে টুইটাৰৰ বিৰুদ্ধে সঠিক জাননী অবিহনে গণ বৰ্খাস্তৰ বাবে ‘ক্লাছ একচন’ গোচৰ তৰিছে, কেলিফৰ্ণিয়াৰ আইন বিৰোধী কৰ্ম হিচাপে। শ্ৰমিক সমন্বয় আৰু পুনৰ প্ৰশিক্ষণ অধিসূচনা আইন (WARN) গাইডলাইনত কৰ্মচাৰীসকলক ৬০ দিনৰ আগতীয়া জাননী দিয়াৰ পৰামৰ্শ দিয়া হৈছে।

টুইটাৰে এতিয়াও কোনো মন্তব্য কৰা নাই – কিন্তু ক্ষতিপূৰণৰ চুক্তি কৰিবলৈ কৰ্মচাৰীৰ সৈতে নথিপত্ৰ জাল নকৰিবলৈ টুইটাৰক নিৰ্দেশ দিবলৈ গোচৰটোত কোৱা হৈছে ।

টেছলাৰো একেধৰণৰ কাহিনী আছিল- যেতিয়া ১০% কৰ্মচাৰী কৰ্তন আৰম্ভ হৈছিল। সেই সময়ত টেছলাই ফেডাৰেল ন্যায়াধীশৰ পৰা শ্ৰমিকসকলৰ বৰ্খাস্ত কৰাৰ ক্ষেত্ৰত বন্ধ দুৱাৰৰ কোঠাত নিজৰ কৰ্ম সম্পন্ন কৰিবলৈ বাধ্য কৰা ৰায়দান লাভ কৰিছিল।

মাস্কে টুইটাৰৰ কৰ্মচাৰীক পাইকাৰী হাৰত বৰ্খাস্ত কৰিছে: অন্তৰালত কি?

উদ্যোগ বিশেষজ্ঞসকলে কয় যে প্ৰতিভাৱান অভিযন্তাসকলে আন ঠাইত কৰ্মসংস্থানৰ সুযোগ বিচাৰি পাব। কিন্তু আমেৰিকাত মন্দাৱস্থা দ্ৰুতগতিত কাষ চাপিছে আৰু চাকৰিৰ মন্থৰতাও ওচৰ চাপিছে। যিয়েই নহওক, আমেৰিকাত মন্দাৱস্থাৰ সৃষ্টি হৈছে, আনহাতে ভাৰতক এতিয়াও বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাত- বিশেষকৈ আই টি খণ্ডত এক উজ্জ্বল স্থান বুলি কোৱা হয়। কিন্তু, আমাৰ দেশত এতিয়াও দক্ষ কৰ্মশক্তি সীমিত।

ইলন মাস্ক আটাইতকৈ ধনীসকলৰ ভিতৰত অন্যতম – তেন্তে এই আচৰণ কিয়? 

মাস্ক টুইটাৰত যথেষ্ট সক্ৰিয় হৈ প্ৰতি দুদিনৰ মূৰে মূৰে নানান কথাৰে বিভিন্ন ঘোষণা কৰে। তেওঁ এতিয়া ‘মুখ্য টুইট’ হিচাপে ‘টুইটাৰ পৰীক্ষণ’ৰ বাবে মাহিলী ৮ ডলাৰ মাচুলৰ প্ৰস্তাৱ দিছে (প্ৰথম প্ৰস্তাৱিত মূল্য আছিল ২০ ডলাৰ)। ‘মুক্ত কন্ঠ'( Free Speech) ৰক্ষাৰ বাবেহে হেনো এয়া দিবলগীয়া মূল্য।

মাস্কে কয় যে, টুইটাৰে ‘মুক্ত কন্ঠ’ নীতি পৰ্যালোচনা কৰিবলৈ ‘কন্টেন্ট মডাৰেচন কাউন্সিল’ গঠন কৰিব। “টুইটাৰ সকলোৰে বাবে বিনামূলীয়া হেলস্কেপ হ’ব নোৱাৰে”: ইলন মাস্কে বিজ্ঞাপনদাতাসকলক বুজাই দিলে। প্ৰথমে “চৰাইটো মুক্ত হৈছে”; টুইট আৰু এতিয়া ‘মডাৰেচন কাউন্সিল’ – ধনৰ বাবে বিজ্ঞাপনদাতাসকললৈ এখন মুকলি চিঠি।

আন এটা ওপঙা ধাৰণা হ’ল ‘পেইড ভিডিঅ’ বৈশিষ্ট্য’ – প্ৰাপ্তবয়স্ক কন্টেন্ট প্ৰৱেশ কৰিবলৈ ‘পেমেণ্ট’ৰ ব্যৱস্থা।

Parag agarwalla twitter
টুইটাৰৰ পূৰ্বৰ মুখ্য কাৰ্যবাহী পৰাগ আগৰৱালা

এই সকলোবোৰ সিদ্ধান্ত হঠাতে কিয় লোৱা হ’ল?

 কাৰণ মাস্কে বিচাৰিছ যে টুইটাৰে টকা উপাৰ্জন কৰিব লাগিব।

মাস্কে গুৰুত্বসহকাৰে টুইটাৰ ক্ৰয় কৰিবলৈ বিচৰা নাছিল – এই ‘বাইআউট’ তেওঁৰ ওপৰত আদালতে ৪৪ বিলিয়ন ডলাৰৰ উদ্ধৃত মূল্যত জাপি দিছিল। ইয়াৰ পূৰ্বে ইলন মাস্কে টেছলাৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল আৰু টেছলাক ব্যক্তিগতভাৱে লোৱাৰ কৌতুকক লৈ ‘এছ ই চি’ৰ নিষ্পত্তিত যথেষ্ট জৰিমনা ভৰিবলগীয়া হৈছিল। ইলন মাস্কে অফাৰ প্ৰত্যাহাৰ কৰিব বিচাৰিছিল, তেওঁ কয় যে টুইটাৰ চুক্তিৰ বাবে ‘বট'(BOT) এটা প্ৰধান সমস্যা।

মাস্কে প্ৰস্তাৱিত চুক্তিখন পৰিত্যাগ কৰিব বিচাৰিছিল যদিও টুইটাৰে আইনগতভাৱে চুক্তিখন সম্পূৰ্ণ কৰিবলৈ মাস্কক বাধ্য কৰাইছিল,আৰু আদালতত নিষ্পত্তি কৰিবলৈ আগবাঢ়ি গৈছিল। মাস্কে নিবিচাৰিছিল যে তেওঁৰ/তেওঁৰ ব্যৱসায়ৰ বিষয়ে আৰু লজ্জাজনক তথ্য ফাদিল হওক, আৰু উল্লেখযোগ্য যে এই গোচৰৰ বিচাৰকজনো কোনো আজে বাজে কথাৰে গোচৰ চলাই নিয়াৰ মুডত নাছিল।

শেষত ইলন মাস্কে টুইটাৰ কিনিবলগীয়া হ’ল সেই মূল্যত , যিটো মূল্য তেওঁ উদ্ধৃত কৰিছিল – ইয়াকেই হয়তো আইনৰ শাসন বোলা হয়।

এতিয়া ইয়াৰ অংকৰ বিষয়ে চোৱা যাওক – অধিগ্ৰহণৰ পূৰ্বে টুইটাৰে যোৱা তিনিমাহত ৩৪৪ মিলিয়ন ডলাৰৰ লোকচান পঞ্জীয়ন কৰিছিল। টুইটাৰত ব্যৱহাৰকাৰীৰ সংখ্যাও অধিক স্থবিৰ হৈ আছে – পৰিচালনা সমিতিৰ দ্বাৰাও বিশেষ বৃদ্ধিৰ আশা কৰা নাছিল৷ টুইটাৰত ব্যৱহাৰকাৰীৰ সংখ্যা ৪.৩৬ মিলিয়ন, আৰু ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুকত ক্ৰমে ১.৫ বিলিয়ন, ২.৫ বিলিয়ন আৰু ৩ বিলিয়ন।

টুইটাৰৰ পৰা আশা কম আছিল – শ্বেয়াৰৰ মূল্যও কম আছিল। ইলন মাস্কে ভাবিছিল যে তেওঁ কেনেবাকৈ নিজৰ অকল্পনীয় যাদু টুইটাৰৰ ক্ষেত্ৰতো কৰিব পাৰিব আৰু সেয়ে চুক্তিৰ প্ৰস্তাৱ দিছিল।

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হোৱাৰ পিছতো মাস্কে এই চুক্তি সম্পূৰ্ণ কৰিবলৈ ১৩ বিলিয়ন ডলাৰৰ ঋণ লৈছে। হিচাপ অনুসৰি, দিবলগীয়া সুত ১ বিলিয়ন ডলাৰ হ’ব, যিটো সংখ্যা ২০২১ চনত কোম্পানীৰ মূল লাভতকৈ কম। গতিকে, খৰচ হ্ৰাস কৰাৰ আশা স্বাভাবিকতে কৰা হৈছিল।

 লাভজনক কৰাৰ কোনো পথ এতিয়াও স্পষ্ট নহয় – সেইবাবেই ইলন মাস্কে টুইটাৰৰ জৰিয়তে ধন ঘটাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে – নহ’লে চুক্তিৰ ফল নাপাব!

musk1

লগতে, সময়ো বৰ ভাল নহয় – Covid-19ৰ পিছত ‘Online Ad Spend’ হ্ৰাস পাইছে; ফেচবুক , গুগলৰ দৰে প্ৰতিষ্ঠিত নামেও ইয়াৰ সৈতে যুঁজি আছে। এতিয়া, মাস্কৰ অনলাইন বেণ্টাৰ আৰু স্পষ্টবাদীতাই এড এজেন্সীসমূহক ধন উলিয়াবলৈ সতৰ্ক কৰি দিছে – সেয়েহে পৰীক্ষণ ‘বেজ'(Badge)ৰ বাবে ৮ ডলাৰ/মাহে প্ৰস্তাৱ দিয়া হৈছে।

ভাৰ্জে( Verge) হিচাপ কৰিছিল যে যদি ৪ লাখ লোকে ‘ভেৰিফিকেচন বেজ’ কিনে তেন্তে ৩৮ মিলিয়ন ডলাৰ আহিব – যিটো সুতৰ পৰিশোধৰ এক বিলিয়নৰ এক অংশ। ইয়াৰ দ্বাৰা খৰচ বহন নহ’ব৷ ইফালে টুইটাৰ বিক্ৰী কৰাসকলেও আনন্দমনেৰে নিজৰ নিজৰ বিশাল পৰিমাণৰ ধন লৈ উৎসৱ – আনন্দ কৰি আছে। মাস্কৰ আন কোম্পানীবোৰেও উত্তাপ লাভ কৰিছে। এবছৰত ৫০% ডুব গ’ল টেছলা।

গতিকে, ‘টুইটাৰ চুক্তি’ এনে এক চুক্তি যিয়ে কেৱল ধনেই নহয়, সময় আৰু সম্পদো কাঢ়ি লৈ ​​গ’ল – যি সম্পদ টেছলা আৰু স্পেচএক্সৰ কামত আহিলহেতেন । ধনী হওক বা দুখীয়া – ঋণৰ ফান্দ সকলো পৰে। বেয়া হিচাপ বোৰ যিকোনো ব্যক্তিয়েই কৰিব পাৰে (এতিয়ালৈকে টুইটাৰৰ বাবে লাভৰ পথ কোনো নাই)। 

সেইবাবেই ইলন মাস্ক হতাশ হৈ পৰিছে – ইমানবোৰ বৰ্খাস্ত আৰু বহু ওপঙা ধাৰণাৰে টকা উপাৰ্জনৰ বাবে তেওঁ ওপঙি উঠিছে।

(কাকলি দাসৰ মূল ইংৰাজী লেখাৰ অসমীয়া ভাঙনিঃ অৰবিন্দ ৰাভা)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

RelatedPosts

The Future of Social Media in India

The Future of Social Media in India

February 22, 2026
Can Sarvam AI Make India a Global Sovereign AI Power?

Can Sarvam AI Make India a Global Sovereign AI Power?

February 20, 2026
AI Impact Summit 2026: New Delhi Navigates a Shifting Global AI Landscape

AI Impact Summit 2026: New Delhi Navigates a Shifting Global AI Landscape

February 19, 2026

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

The Future of Social Media in India
Social Media

The Future of Social Media in India

by PAHARI BARUAH
February 22, 2026
0

The Future of Social Media in India: AI Regulation, Digital Addiction, and the Rise of Decentralized Platforms PAHARI BARUAH The...

Read moreDetails
Can Sarvam AI Make India a Global Sovereign AI Power?

Can Sarvam AI Make India a Global Sovereign AI Power?

February 20, 2026
AI Impact Summit 2026: New Delhi Navigates a Shifting Global AI Landscape

AI Impact Summit 2026: New Delhi Navigates a Shifting Global AI Landscape

February 19, 2026
India cuts Russian oil dependence: economic impact on Moscow and potential benefits for Ukraine

India cuts Russian oil dependence: economic impact on Moscow and potential benefits for Ukraine

February 12, 2026
How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

How the US Dollar Became the World’s Most Powerful Currency? From Bretton Woods to Petrodollar

February 12, 2026
Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d