• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মাহেকীয়াৰ বিষয়ে জানো আহক

ডাঃ মনোজ কুমাৰ শইকীয়া

by Anjan Sarma
May 28, 2023
in Health, Women
Reading Time: 3 mins read
0
ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন
Share on FacebookShare on TwitterShare on LinkedIn

মাহেকীয়াৰ বিষয়ে জানো আহক

ডাঃ মনোজ কুমাৰ শইকীয়া

মাহেকীয়াৰ বিষয়ে জানো আহক

যৌৱন কাল আৰম্ভ হোৱাৰ পিছৰেপৰা প্ৰতি ২৮ দিনৰ অন্তৰত ঋতুস্ৰাৱ (menstruation)হয় ।

প্ৰথম ঋতুস্ৰাৱ ১০-১২ বছৰ বয়সত আৰম্ভ হয় আৰু ইয়াক ৰজপ্ৰবৃত্তি (Menarche) বোলা হয়।নিয়মিত ভাৱে ঋতুস্ৰাব ৪৫-৫০ বছৰ বয়স পৰ্যন্ত চলি থাকি বন্ধ হয় আৰু তাক ৰজনিবৃতি (Menopause) বোলে। ঠাণ্ডা দিনত ঋতুচক্ৰৰ দিন বাঢ়ি ৩২ দিন মানত হয় আৰু গৰম দিনত কমি আহি ২৪-২৫ দিনত হয় ।

এবাৰ ঋতুস্ৰাব হলে ৩০-৪০ মিলি লিটাৰ ৰক্তক্ষৰণ হয়।কিছুমান যুৱতী বা স্ত্ৰীৰ ঋতুস্ৰাৱ তিনি সপ্তাহত, কিছুমানৰ এমাহ আৰু কিছুমানৰ পাছ সপ্তাহত ঋতুস্ৰাৱ হয়। বংশগত কাৰণ , পৰিবেশ, শাৰীৰিক স্বাস্থ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যেক যূৱতী বা স্ত্ৰীৰ ঋতুচক্ৰৰ সময় বেলেগ বেলেগ হয়। সেয়েহে এনে ধৰণৰ ঋতুচক্ৰৰ পাৰ্থক্য থাকিলে শৰীৰৰ একো ক্ষতিসাধন নহয়।

            ডিম্বাশয়ৰ পৰা ডিম্ব উৰ্বৰিকৰনৰ হৈ (১২-১৪ ) দিনত ডিম্ববাহী নৃলীত থিতাপি লয় । এনে অৱস্থাত প্ৰায় দুদিন পৰ্যন্ত গৰ্ভনিষেচনৰ বাবে শুক্ৰৰ আগমনলৈ অপেক্ষা কৰি ৰয়। উক্ত সময়ৰ ভিতৰত শুক্ৰৰ লগত মিলিত হৈ গৰ্ভনিষেচন নহলে ডিম্ব পুনৰ জৰায়ু অভিমুখে গতি কৰে। সাধাৰণতে ডিম্ব উৰ্বৰিকৰনৰ প্ৰায় ২৬-২৭ দিনত জৰায়ুত থকা কৰপাছ লুটিআম (Corpus Luteum) ক্ষয়প্ৰাপ্ত হোৱা বাবে এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰমহৰন হৰমন স্লাবিত হোৱাত বাধা ওপজে‌।

ফলস্বৰূপে জৰায়ুৰ শ্লেষ্মাকলাৰ (Endometrium) সিৰা সঙ্কূচিত হয় বাবে ক্ষয়প্ৰাপ্ত ডিম্ভটো এৰি যায়।এনে অৱস্থাত ৰক্তস্ৰাৱ হৈ জৰায়ু আৰু যোনীৰে বাহিৰ ওলোৱাক ঋতুস্ৰাৱ বোলা হয়। ডিম্ব উৰ্বৰিকৰনৰ পৰা পুনৰ ঋতুস্ৰাৱ হোৱালৈকে স্ত্ৰীৰ শৰীৰৰ উষ্ণতা (Basal Body Temperature) ৰাতিপুৱা বিছনাত শুই থকা অৱস্থাত প্ৰায় ০’৩-০’৫ ডিগ্ৰী ছেলছিয়াছ বা ০’৫-১ ডিগ্ৰী ফাৰেণহাইট বৃদ্ধি পায়।

মাহেকীয়াৰ বিষয়ে জানো আহক

সেয়েহে নিয়মিত ভাবে দৈনিক শৰীৰৰ উষ্ণতা জুখি থাকিলে ডিম্ব উৰ্বৰিকৰনৰ সঠিক সময়  নিৰূপন কৰিব পাৰি।

                  ঋতুস্ৰাৱ চলি থকা সময়ত ঋতুমতী স্ত্ৰী শাৰীৰিক শ্ৰম আৰু সঙ্গমলিপ্তৰ পৰা বিৰত থাকিব লাগে।শাৰীৰিক শ্ৰম আৰু সঙ্গমলিপ্তৰ পৰা জৰায়ূ আঘাতপ্ৰাপ্ত হৈ অত্যাধিক পৰিমাণে ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে।

ঋতুস্ৰাৱৰ, সময়ত ক্ষৰণ হোৱা তেজত প্ৰষ্টাগ্লেনডিন(Prostaglandin) নামৰ এবিধ ৰাসায়নিক পদাৰ্থ উৎপন্ন হোৱা বাবে জৰায়ুৰ মাংসপেশী, শ্লেষ্মাকলা আৰু সিৰা-উপসিৰা সঙ্কোচন হয়।

সেয়েহে ঋতুস্ৰাৱৰ সময়ত দুদিনমান আগৰ পৰাই ককালৰ আৰু তলপেটৰ বিষ আৰম্ভ হয়। সেয়েহে এই বিষ ঋতুস্ৰাৱৰ দুই-তিনি দিনলৈকে থাকে। ককাল আৰু তলপেটৰ বিষ বেছি হলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। জৰায়ূ আৰু স্তনৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সেয়েহে ঋতুস্ৰাৱৰ দুদিনমান আগৰ পৰা স্তনৰ আকাৰ সামান্য বৃদ্ধি পায়, টনটনীয়া হয় , স্পৰ্শ কৰিলে বিষ অনুভৱ হয়।

ইয়াৰোপৰি ঋতুস্ৰাৱৰ সময়ত বমিভাৱ আহে, খোৱাৰ প্ৰতি অনিচ্ছা , গাটো গৰম অনুভৱ হয়, কোষ্ঠকাঠিনতা, মূৰঘূৰণি আৰু ৰক্তচাপ সামান্য বাঢ়ে। এই সময়ত স্ত্ৰী পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। নেপকিন ব্যৱহাৰৰ কৰাটো ভাল।

পৰাপক্ষত এই সময়ত গা ধূব নালাগে। ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত যৌনাঙ্গ তথা সিৰা-উপসিৰা সঙ্কোচন হোৱাৰ ফলত স্ৰাৱ বন্ধ হব পাৰে। গা ধূবলগীয়া হ’লে কুহুমীয়া গৰম পানীৰে ধূব লাগে।

মাহেকীয়াৰ বিষয়ে জানো আহক
Photo by Karolina Grabowska on Pexels.com

ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত ভালদৰে গা ধূব লাগে আৰু ডেটল পানীৰে যৌনাঙ্গ ভালদৰে ধূই পৰিস্কাৰ কৰিব। অসমীয়া সমাজ ব্যৱস্থাত ঋতুস্ৰাৱ হোৱাক চুৱা হোৱা বা নোৱাৰা হোৱা বুলি কোৱা হয়। এই সময়ত স্ত্ৰী সকলো ধৰণৰ শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত থাকে।

এইদৰে তিনি দিন অতিবাহিত হোৱাৰ পিছত গা-পা ধূই পৰিস্কাৰ হয়। চতুৰ্থ দিনত ৰাতিৰ আহাৰ গ্ৰহণ নকৰি লঘোন দিয়ে । অসমৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাবে চলি অহা এই নীতি-নিয়ম সম্পূৰ্ণ স্বাস্থ্য আৰু বিজ্ঞান সন্মত।‌

          প্ৰথম ঋতূস্ৰাৱ বা শান্তি হোৱাক বহুতে দ্বিতীয় বিবাহ (Second marriage) বুলি কয় ।

আগৰ দিনত ছোৱালী শান্তি হোৱাৰ আগতে বিয়া দিয়াৰ প্ৰথা আছিল। এইদৰে কুমাৰী ছোৱালীক ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে দিয়া বিয়াখনক আগবিয়া বোলা হয়। বৰবিয়া হোৱাৰ পিছত স্বামীৰ ঘৰতহে ছোৱালীৰ শান্তি হয়।

সম্ভৱতঃ সেই কাৰণে শান্তি হোৱাক দ্বিতীয় বিবাহ বা ছেকেন্দ মেৰেজ বোলা হয়।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ঋতুস্ৰাৱৰজপ্ৰবৃত্তি
Anjan Sarma

Anjan Sarma

Related Posts

Afghan women2
Afghanistan

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

by LIZA KAYHAN
August 16, 2026
0

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis LISA KAYHAN Five...

Read moreDetails
My name is Mujtaba Faizi- Today, I speak on behalf of the people of Afghanistan

My name is Mujtaba Faizi- Today, I speak on behalf of the people of Afghanistan

August 14, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d