• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মাহেকীয়াৰ বিষয়ে জানো আহক

ডাঃ মনোজ কুমাৰ শইকীয়া

by Admin
May 28, 2023
in Health, Women
Reading Time: 3 mins read
0
ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন
Share on FacebookShare on TwitterShare on LinkedIn

মাহেকীয়াৰ বিষয়ে জানো আহক

ডাঃ মনোজ কুমাৰ শইকীয়া

মাহেকীয়াৰ বিষয়ে জানো আহক

যৌৱন কাল আৰম্ভ হোৱাৰ পিছৰেপৰা প্ৰতি ২৮ দিনৰ অন্তৰত ঋতুস্ৰাৱ (menstruation)হয় ।

প্ৰথম ঋতুস্ৰাৱ ১০-১২ বছৰ বয়সত আৰম্ভ হয় আৰু ইয়াক ৰজপ্ৰবৃত্তি (Menarche) বোলা হয়।নিয়মিত ভাৱে ঋতুস্ৰাব ৪৫-৫০ বছৰ বয়স পৰ্যন্ত চলি থাকি বন্ধ হয় আৰু তাক ৰজনিবৃতি (Menopause) বোলে। ঠাণ্ডা দিনত ঋতুচক্ৰৰ দিন বাঢ়ি ৩২ দিন মানত হয় আৰু গৰম দিনত কমি আহি ২৪-২৫ দিনত হয় ।

এবাৰ ঋতুস্ৰাব হলে ৩০-৪০ মিলি লিটাৰ ৰক্তক্ষৰণ হয়।কিছুমান যুৱতী বা স্ত্ৰীৰ ঋতুস্ৰাৱ তিনি সপ্তাহত, কিছুমানৰ এমাহ আৰু কিছুমানৰ পাছ সপ্তাহত ঋতুস্ৰাৱ হয়। বংশগত কাৰণ , পৰিবেশ, শাৰীৰিক স্বাস্থ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যেক যূৱতী বা স্ত্ৰীৰ ঋতুচক্ৰৰ সময় বেলেগ বেলেগ হয়। সেয়েহে এনে ধৰণৰ ঋতুচক্ৰৰ পাৰ্থক্য থাকিলে শৰীৰৰ একো ক্ষতিসাধন নহয়।

RelatedPosts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 7, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

June 7, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 7, 2023

            ডিম্বাশয়ৰ পৰা ডিম্ব উৰ্বৰিকৰনৰ হৈ (১২-১৪ ) দিনত ডিম্ববাহী নৃলীত থিতাপি লয় । এনে অৱস্থাত প্ৰায় দুদিন পৰ্যন্ত গৰ্ভনিষেচনৰ বাবে শুক্ৰৰ আগমনলৈ অপেক্ষা কৰি ৰয়। উক্ত সময়ৰ ভিতৰত শুক্ৰৰ লগত মিলিত হৈ গৰ্ভনিষেচন নহলে ডিম্ব পুনৰ জৰায়ু অভিমুখে গতি কৰে। সাধাৰণতে ডিম্ব উৰ্বৰিকৰনৰ প্ৰায় ২৬-২৭ দিনত জৰায়ুত থকা কৰপাছ লুটিআম (Corpus Luteum) ক্ষয়প্ৰাপ্ত হোৱা বাবে এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰমহৰন হৰমন স্লাবিত হোৱাত বাধা ওপজে‌।

ফলস্বৰূপে জৰায়ুৰ শ্লেষ্মাকলাৰ (Endometrium) সিৰা সঙ্কূচিত হয় বাবে ক্ষয়প্ৰাপ্ত ডিম্ভটো এৰি যায়।এনে অৱস্থাত ৰক্তস্ৰাৱ হৈ জৰায়ু আৰু যোনীৰে বাহিৰ ওলোৱাক ঋতুস্ৰাৱ বোলা হয়। ডিম্ব উৰ্বৰিকৰনৰ পৰা পুনৰ ঋতুস্ৰাৱ হোৱালৈকে স্ত্ৰীৰ শৰীৰৰ উষ্ণতা (Basal Body Temperature) ৰাতিপুৱা বিছনাত শুই থকা অৱস্থাত প্ৰায় ০’৩-০’৫ ডিগ্ৰী ছেলছিয়াছ বা ০’৫-১ ডিগ্ৰী ফাৰেণহাইট বৃদ্ধি পায়।

মাহেকীয়াৰ বিষয়ে জানো আহক

সেয়েহে নিয়মিত ভাবে দৈনিক শৰীৰৰ উষ্ণতা জুখি থাকিলে ডিম্ব উৰ্বৰিকৰনৰ সঠিক সময়  নিৰূপন কৰিব পাৰি।

                  ঋতুস্ৰাৱ চলি থকা সময়ত ঋতুমতী স্ত্ৰী শাৰীৰিক শ্ৰম আৰু সঙ্গমলিপ্তৰ পৰা বিৰত থাকিব লাগে।শাৰীৰিক শ্ৰম আৰু সঙ্গমলিপ্তৰ পৰা জৰায়ূ আঘাতপ্ৰাপ্ত হৈ অত্যাধিক পৰিমাণে ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে।

ঋতুস্ৰাৱৰ, সময়ত ক্ষৰণ হোৱা তেজত প্ৰষ্টাগ্লেনডিন(Prostaglandin) নামৰ এবিধ ৰাসায়নিক পদাৰ্থ উৎপন্ন হোৱা বাবে জৰায়ুৰ মাংসপেশী, শ্লেষ্মাকলা আৰু সিৰা-উপসিৰা সঙ্কোচন হয়।

সেয়েহে ঋতুস্ৰাৱৰ সময়ত দুদিনমান আগৰ পৰাই ককালৰ আৰু তলপেটৰ বিষ আৰম্ভ হয়। সেয়েহে এই বিষ ঋতুস্ৰাৱৰ দুই-তিনি দিনলৈকে থাকে। ককাল আৰু তলপেটৰ বিষ বেছি হলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। জৰায়ূ আৰু স্তনৰ মাজত এক নিবিড় সম্পৰ্ক আছে। সেয়েহে ঋতুস্ৰাৱৰ দুদিনমান আগৰ পৰা স্তনৰ আকাৰ সামান্য বৃদ্ধি পায়, টনটনীয়া হয় , স্পৰ্শ কৰিলে বিষ অনুভৱ হয়।

ইয়াৰোপৰি ঋতুস্ৰাৱৰ সময়ত বমিভাৱ আহে, খোৱাৰ প্ৰতি অনিচ্ছা , গাটো গৰম অনুভৱ হয়, কোষ্ঠকাঠিনতা, মূৰঘূৰণি আৰু ৰক্তচাপ সামান্য বাঢ়ে। এই সময়ত স্ত্ৰী পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। নেপকিন ব্যৱহাৰৰ কৰাটো ভাল।

পৰাপক্ষত এই সময়ত গা ধূব নালাগে। ঠাণ্ডা পানীৰে গা ধোৱাৰ ফলত যৌনাঙ্গ তথা সিৰা-উপসিৰা সঙ্কোচন হোৱাৰ ফলত স্ৰাৱ বন্ধ হব পাৰে। গা ধূবলগীয়া হ’লে কুহুমীয়া গৰম পানীৰে ধূব লাগে।

মাহেকীয়াৰ বিষয়ে জানো আহক
Photo by Karolina Grabowska on Pexels.com

ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত ভালদৰে গা ধূব লাগে আৰু ডেটল পানীৰে যৌনাঙ্গ ভালদৰে ধূই পৰিস্কাৰ কৰিব। অসমীয়া সমাজ ব্যৱস্থাত ঋতুস্ৰাৱ হোৱাক চুৱা হোৱা বা নোৱাৰা হোৱা বুলি কোৱা হয়। এই সময়ত স্ত্ৰী সকলো ধৰণৰ শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত থাকে।

এইদৰে তিনি দিন অতিবাহিত হোৱাৰ পিছত গা-পা ধূই পৰিস্কাৰ হয়। চতুৰ্থ দিনত ৰাতিৰ আহাৰ গ্ৰহণ নকৰি লঘোন দিয়ে । অসমৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাবে চলি অহা এই নীতি-নিয়ম সম্পূৰ্ণ স্বাস্থ্য আৰু বিজ্ঞান সন্মত।‌

          প্ৰথম ঋতূস্ৰাৱ বা শান্তি হোৱাক বহুতে দ্বিতীয় বিবাহ (Second marriage) বুলি কয় ।

আগৰ দিনত ছোৱালী শান্তি হোৱাৰ আগতে বিয়া দিয়াৰ প্ৰথা আছিল। এইদৰে কুমাৰী ছোৱালীক ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে দিয়া বিয়াখনক আগবিয়া বোলা হয়। বৰবিয়া হোৱাৰ পিছত স্বামীৰ ঘৰতহে ছোৱালীৰ শান্তি হয়।

সম্ভৱতঃ সেই কাৰণে শান্তি হোৱাক দ্বিতীয় বিবাহ বা ছেকেন্দ মেৰেজ বোলা হয়।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: ঋতুস্ৰাৱৰজপ্ৰবৃত্তি
Admin

Admin

Related Posts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?
Women

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

by Admin
June 7, 2023
0

Wrestlers’ Protest: Will they get Justice against Sexual Harassment? KAKALI DAS Welcome to the New India – on Veer Savarkar’s...

Read more
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

June 7, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 7, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 7, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

Women In Academia, Institutional Workplaces & The Society – Harassment & Ways To Curb It

June 5, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 7, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

June 7, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 7, 2023
বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 7, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    908 shares
    Share 363 Tweet 227
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    644 shares
    Share 258 Tweet 161
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    635 shares
    Share 254 Tweet 159
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    419 shares
    Share 168 Tweet 105
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    261 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: