• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

মায়াৱী কুকুৰা

ASSAMESE SECTION/Poem

by Anjan Sarma
September 16, 2025
in ASSAMESE SECTION, Poetry, Poetry
Reading Time: 5 mins read
0
মায়াৱী কুকুৰা
Share on FacebookShare on TwitterShare on LinkedIn

মায়াৱী কুকুৰা

অঞ্জন শৰ্মা

মায়াৱী কুকুৰা

একক কণ্ঠ:

শুনা শুনা সকলোৱে শুনা কাণ পাতি

যোগিনীতন্ত্ৰৰপৰা মই দিম উদ্ধৃতি—

‘‍‘ত্ৰিংশদ্ যোজনবিস্তীৰ্ণং দীৰ্ঘেণ শতযোজনং।

কামৰূপং বিজাণীহি ত্ৰিকোণাকাৰমূত্তমম।।’’

সমৱেত কণ্ঠ:

সংস্কৃত নাজানো আমি, দিবনে ভাঙি?

একক কণ্ঠ: 

আতুৰ নহ’বা, মই দিম ভাঙি-পাতি,

শুনা শুনা শুনা

সকলোৱে কাণ পাতি পাতি

কালিকাপুৰাণৰপৰাও মই এয়া দিওঁ উদ্ধৃতি—

সমৱেত কণ্ঠ:

ৱা: ৱা: ৱা: ৱা:.. ঈৰশ্বাদ্ ঈৰশ্বাদ্।

একক কণ্ঠ:

‘‍‘কৰতোয়া নদী পূৰ্বং যাবদ্দিক্কৰ বাসিনীম্।

ত্ৰিংশদ্ যোজনবিস্তীৰ্ণং যোজনৈকশতায়তম্।।

ত্ৰিকোণং কৃষ্ণবৰ্ণঞ্চ প্ৰভূতাচল পুৰিতম্।

নদীশতসমাযুক্তং কামৰূপং প্ৰকীৰ্ত্তিতম।।’’

সমৱেত কণ্ঠ: 

সংস্কৃত নাজানো আমি, দিবনে ভাঙি?

একক কণ্ঠ:

স্বাধীন আছিল কামৰূপ, বৰ শক্তিশালী

কামৰূপৰ পশ্চিমে সীমা কৰতোৱা নদী

কামৰূপ ৰাজ্যৰ পূবে দিক্কৰবাসিনী

কামৰূপ আছিল বহলে তিনিশ যোজন

আৰু দীঘলে আছিল কামৰূপ এশ যোজন।

কামৰূপ ৰাজ‍্যখন ত্ৰিকোণাকৃতি

য’ত কৃষ্ণবৰ্ণ লোকৰ বসতি

কামৰূপ বহু পৰ্বতেৰে বেষ্টিত

জান-জুৰি নদ-নদীৰে বিধৌত।

সমৱেত কণ্ঠ: 

কামৰূপ কামৰূপ

নৰক-ভগদত্তৰ কামৰূপ

কামৰূপ কামৰূপ

ভাস্কৰবৰ্মাৰ কামৰূপ

কামৰূপ কামৰূপ

কিমান যে তাৰ ৰং-ৰূপ!

একক কণ্ঠ:

নৰক, নৰক আছিল কামৰূপৰ ৰোমাণ্টিক হিৰো,

চকুত ছাট মাৰি ধৰা আছিল শৌৰ্য-বীৰ্য।

নৰক হৈ পৰিছিল দেৱী কামাখ‍্যাৰ প্ৰেমাসক্ত,

বিবাহৰ প্ৰস্তাৱ দিছিল দেৱীক হৈ প্ৰেমোন্মত্ত।

সমৱেত কণ্ঠ:

তাৰপিছত? তাৰপিছত?

একক কণ্ঠ:

দেৱী কামাখ‍্যাই বুজিছিল কথা বিষম,

আ: ৰোমাণ্টিক নৰকৰ কি তীব্ৰ প্ৰেম!

নৰক, নৰকক দেৱীয়ে প্ৰস্তাৱ দিছিল—

‘‍‘হে নৰক, মোৰ মন্দিৰ থকা পৰ্বতখনৰ চাৰিওদিশে

যদিহে পাৰা সাজিব চাৰিখন শিলৰ খটখটী

লগতে এটি বিতোপন জিৰণি-গৃহ—একেনিশাই

তোমাৰ সৈতে নিশ্চিতভাৱে বিবাহপাশত আবদ্ধ হ’ম মই।’’

সমৱেত কণ্ঠ:

ৱা: ৱা: ৱা: ৱা:.. ঈৰশ্বাদ্ ঈৰশ্বাদ্।

তাৰপিছত? তাৰপিছত?

একক কণ্ঠ:

কামৰূপাধিপতি নৰক আছিল মহাশক্তিৱন্ত

চূৰ্ণ-বিচূৰ্ণ কৰিছিল সৰগৰ দেৱতাৰো দম্ভ।

দেৱীৰ প্ৰতিশ্ৰুতি শুনি

হেলাৰঙে শিল দাঙি দাঙি আনি

নিশাতেই প্ৰায় সমাপ্ত কৰিছিল

জিৰণি-গৃহ আৰু খটখটী।

সমৱেত কণ্ঠ:

বিবাহ হ’ল নেকি? বিবাহ!

কেঁচা কল কাটি নৰক-কামাখ‍্যাৰ?

একক কণ্ঠ:

দেৱীয়ে দেখিছিল কথা অতি বিষম

নৰকৰ সৈতে বিবাহ! অসম্ভৱ! অসম্ভৱ!!

পাহৰি গৈছিল স্ব-মুখেৰে নৰকক দিয়া প্ৰতিশ্ৰুতি।

কামৰূপক কৰি অহা প্ৰতাৰণাৰ

সেয়াই আৰম্ভণি!

নিশাটোৰ অন্ত নৌপৰোতেই দেৱীয়ে স্ৰজিলে

মায়াৱী কুকুৰা

যেন অসম চুক্তি বা আই-এম-ডি-টি কিম্বা

হিন্দু বাংলাদেশীৰ নাগৰিকত্ব বা

আলফাৰে আলোচনা…

মায়াৱী কুকুৰা!

মায়াৱী কুকুৰাৰ মাতত

সমগ্ৰ নীলাচল পাহাৰ ৰজনজনাই গ’ল

অন্ধকাৰতেই অন্ধকাৰ খণ্ড-বিখণ্ড হৈ গ’ল

কামৰূপাধিপতি নৰকক কৰা হ’ল

প্ৰচণ্ড প্ৰতাৰণা

নিজে দিয়া প্ৰতিশ্ৰুতি দেৱীয়ে

নিজেই কৰিলে উলংঘা

কামৰূপক সৰগৰ দেৱ-দেৱীয়ে কৰা প্ৰতাৰণাৰ

সেয়াই সূচনা!

সমৱেত কণ্ঠ:

হয় হয় হয়

প্ৰতাৰণাৰ বিষপান আমাৰ অদৃষ্ট

আমি যে নীলকণ্ঠ!

আমি যে নীলকণ্ঠ!!

মায়াৱী কুকুৰা
দেৱী কামাখ‍্যা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মায়াৱী কুকুৰা
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
সুধাকন্ঠৰ জীৱন পৰিক্ৰমা : চমু অৱলোকন

ভূপেন হাজৰিকা আৰু লুইত

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
চুনদকু

চুনদকু

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
Mahabahu – Special Issue

অৰুনোদইৰ আঁত ধৰি

August 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d