• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 1, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

মায়াৱী কুকুৰা

অঞ্জন শৰ্মা

by Admin
March 2, 2023
in Cultural, Poetry
Reading Time: 5 mins read
0
মায়াৱী কুকুৰা
Share on FacebookShare on TwitterShare on LinkedIn

মায়াৱী কুকুৰা

অঞ্জন শৰ্মা

মায়াৱী কুকুৰা

একক কণ্ঠ:

শুনা শুনা সকলোৱে শুনা কাণ পাতি

RelatedPosts

Piano Kids to Conduct Workshop on Traditional  Bihu Songs

Piano Kids to Conduct Workshop on Traditional Bihu Songs

March 29, 2023
ব’লক, অলপ উভতি যাওঁ

ব’লক, অলপ উভতি যাওঁ

March 27, 2023
Stories in the Art of Terracotta

Stories in the Art of Terracotta

March 15, 2023

যোগিনীতন্ত্ৰৰপৰা মই দিম উদ্ধৃতি—

‘‍‘ত্ৰিংশদ্ যোজনবিস্তীৰ্ণং দীৰ্ঘেণ শতযোজনং।

কামৰূপং বিজাণীহি ত্ৰিকোণাকাৰমূত্তমম।।’’

সমৱেত কণ্ঠ:

সংস্কৃত নাজানো আমি, দিবনে ভাঙি?

একক কণ্ঠ: 

আতুৰ নহ’বা, মই দিম ভাঙি-পাতি,

শুনা শুনা শুনা

সকলোৱে কাণ পাতি পাতি

কালিকাপুৰাণৰপৰাও মই এয়া দিওঁ উদ্ধৃতি—

সমৱেত কণ্ঠ:

ৱা: ৱা: ৱা: ৱা:.. ঈৰশ্বাদ্ ঈৰশ্বাদ্।

একক কণ্ঠ:

‘‍‘কৰতোয়া নদী পূৰ্বং যাবদ্দিক্কৰ বাসিনীম্।

ত্ৰিংশদ্ যোজনবিস্তীৰ্ণং যোজনৈকশতায়তম্।।

ত্ৰিকোণং কৃষ্ণবৰ্ণঞ্চ প্ৰভূতাচল পুৰিতম্।

নদীশতসমাযুক্তং কামৰূপং প্ৰকীৰ্ত্তিতম।।’’

সমৱেত কণ্ঠ: 

সংস্কৃত নাজানো আমি, দিবনে ভাঙি?

একক কণ্ঠ:

স্বাধীন আছিল কামৰূপ, বৰ শক্তিশালী

কামৰূপৰ পশ্চিমে সীমা কৰতোৱা নদী

কামৰূপ ৰাজ্যৰ পূবে দিক্কৰবাসিনী

কামৰূপ আছিল বহলে তিনিশ যোজন

আৰু দীঘলে আছিল কামৰূপ এশ যোজন।

কামৰূপ ৰাজ‍্যখন ত্ৰিকোণাকৃতি

য’ত কৃষ্ণবৰ্ণ লোকৰ বসতি

কামৰূপ বহু পৰ্বতেৰে বেষ্টিত

জান-জুৰি নদ-নদীৰে বিধৌত।

সমৱেত কণ্ঠ: 

কামৰূপ কামৰূপ

নৰক-ভগদত্তৰ কামৰূপ

কামৰূপ কামৰূপ

ভাস্কৰবৰ্মাৰ কামৰূপ

কামৰূপ কামৰূপ

কিমান যে তাৰ ৰং-ৰূপ!

একক কণ্ঠ:

নৰক, নৰক আছিল কামৰূপৰ ৰোমাণ্টিক হিৰো,

চকুত ছাট মাৰি ধৰা আছিল শৌৰ্য-বীৰ্য।

নৰক হৈ পৰিছিল দেৱী কামাখ‍্যাৰ প্ৰেমাসক্ত,

বিবাহৰ প্ৰস্তাৱ দিছিল দেৱীক হৈ প্ৰেমোন্মত্ত।

সমৱেত কণ্ঠ:

তাৰপিছত? তাৰপিছত?

একক কণ্ঠ:

দেৱী কামাখ‍্যাই বুজিছিল কথা বিষম,

আ: ৰোমাণ্টিক নৰকৰ কি তীব্ৰ প্ৰেম!

নৰক, নৰকক দেৱীয়ে প্ৰস্তাৱ দিছিল—

‘‍‘হে নৰক, মোৰ মন্দিৰ থকা পৰ্বতখনৰ চাৰিওদিশে

যদিহে পাৰা সাজিব চাৰিখন শিলৰ খটখটী

লগতে এটি বিতোপন জিৰণি-গৃহ—একেনিশাই

তোমাৰ সৈতে নিশ্চিতভাৱে বিবাহপাশত আবদ্ধ হ’ম মই।’’

সমৱেত কণ্ঠ:

ৱা: ৱা: ৱা: ৱা:.. ঈৰশ্বাদ্ ঈৰশ্বাদ্।

তাৰপিছত? তাৰপিছত?

একক কণ্ঠ:

কামৰূপাধিপতি নৰক আছিল মহাশক্তিৱন্ত

চূৰ্ণ-বিচূৰ্ণ কৰিছিল সৰগৰ দেৱতাৰো দম্ভ।

দেৱীৰ প্ৰতিশ্ৰুতি শুনি

হেলাৰঙে শিল দাঙি দাঙি আনি

নিশাতেই প্ৰায় সমাপ্ত কৰিছিল

জিৰণি-গৃহ আৰু খটখটী।

সমৱেত কণ্ঠ:

বিবাহ হ’ল নেকি? বিবাহ!

কেঁচা কল কাটি নৰক-কামাখ‍্যাৰ?

একক কণ্ঠ:

দেৱীয়ে দেখিছিল কথা অতি বিষম

নৰকৰ সৈতে বিবাহ! অসম্ভৱ! অসম্ভৱ!!

পাহৰি গৈছিল স্ব-মুখেৰে নৰকক দিয়া প্ৰতিশ্ৰুতি।

কামৰূপক কৰি অহা প্ৰতাৰণাৰ

সেয়াই আৰম্ভণি!

নিশাটোৰ অন্ত নৌপৰোতেই দেৱীয়ে স্ৰজিলে

মায়াৱী কুকুৰা

যেন অসম চুক্তি বা আই-এম-ডি-টি কিম্বা

হিন্দু বাংলাদেশীৰ নাগৰিকত্ব বা

আলফাৰে আলোচনা…

মায়াৱী কুকুৰা!

মায়াৱী কুকুৰাৰ মাতত

সমগ্ৰ নীলাচল পাহাৰ ৰজনজনাই গ’ল

অন্ধকাৰতেই অন্ধকাৰ খণ্ড-বিখণ্ড হৈ গ’ল

কামৰূপাধিপতি নৰকক কৰা হ’ল

প্ৰচণ্ড প্ৰতাৰণা

নিজে দিয়া প্ৰতিশ্ৰুতি দেৱীয়ে

নিজেই কৰিলে উলংঘা

কামৰূপক সৰগৰ দেৱ-দেৱীয়ে কৰা প্ৰতাৰণাৰ

সেয়াই সূচনা!

সমৱেত কণ্ঠ:

হয় হয় হয়

প্ৰতাৰণাৰ বিষপান আমাৰ অদৃষ্ট

আমি যে নীলকণ্ঠ!

আমি যে নীলকণ্ঠ!!

মায়াৱী কুকুৰা
দেৱী কামাখ‍্যা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: মায়াৱী কুকুৰা
Admin

Admin

Related Posts

Piano Kids to Conduct Workshop on Traditional  Bihu Songs
Music

Piano Kids to Conduct Workshop on Traditional Bihu Songs

by Admin
March 29, 2023
0

Piano Kids to Conduct Workshop on Traditional Bihu Songs Prantik Deka A two-day intensive piano workshop on our ancient cultural...

Read more
ব’লক, অলপ উভতি যাওঁ

ব’লক, অলপ উভতি যাওঁ

March 27, 2023
Stories in the Art of Terracotta

Stories in the Art of Terracotta

March 15, 2023
অসমৰ লোকসংস্কৃতি

তাই আহোম সমাজত  বিহুৰ আৰম্ভনিৰ কিছু আভাস

March 14, 2023
Lal Ded: A Kashmiri Poetess

Lal Ded: A Kashmiri Poetess

March 14, 2023
ৰাভা জনজাতি আৰু প্ৰকৃতি

ৰাভা জনজাতি আৰু প্ৰকৃতি

March 11, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 31, 2023
মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

মেডিয়া ট্ৰাস্ট অসমৰ দ্বাৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিচাৰণ

March 31, 2023
নিঃচৰ্ত শব্দসাধক

নিঃচৰ্ত শব্দসাধক

March 31, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 31, 2023

Popular Stories

  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 93 Tweet 58
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 325 Tweet 203
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    204 shares
    Share 82 Tweet 51
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    210 shares
    Share 84 Tweet 53
  • Brahmaputra -The never-ending metaphor as Media of the valley

    100 shares
    Share 40 Tweet 25
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    153 shares
    Share 61 Tweet 38
  • কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা! 

    75 shares
    Share 30 Tweet 19
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    70 shares
    Share 28 Tweet 18
  • Nature-Writings: New Rising In The World Of Literature

    57 shares
    Share 23 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    56 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: