• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Ukraine

‘মা, আমি পুনৰ স্বৰ্গত লগ হ’ম’!

অৰবিন্দ ৰাভা

by Anjan Sarma
April 17, 2022
in Ukraine, Uncategorized
Reading Time: 1 min read
0
‘মা, আমি পুনৰ স্বৰ্গত লগ হ’ম’!
Share on FacebookShare on TwitterShare on LinkedIn

হৃদয়বিদাৰক চিঠি প্ৰকাশ কৰিলে ইউক্ৰেনৰ প্ৰশাসনে

‘মা, আমি পুনৰ স্বৰ্গত লগ হ’ম। স্বৰ্গত তোমাক যাতে মই দেখা পাব পাৰো, তাৰ বাবে মই ভাল জীয়ৰী হ’বলৈ আপ্ৰাণ চেষ্টা কৰি থাকিম।’ 


ইউক্ৰেন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ পটভূমিত বাৰ’ডায়াস্কাত মৃত্যুবৰণ কৰা মাতৃৰ উদ্দেশ্য কৰি এনেদৰেই এখন চিঠি লিখিছে ৯ বছৰীয়া এজনী ইউক্ৰেনীয় শিশুকন্যাই। হাতেলেখা সেই হৃদয়বিদাৰক চিঠিখনৰ ছৱি টুইটাৰত পোস্ট কৰিছে ইউক্ৰেনৰ আভ্যন্তৰীণ বিষয়ক মন্ত্ৰালয়ৰ উপদেষ্টা এষ্টন গেৰাচেম্বোই।


প্ৰাপ্ত তথ্য অনুসৰি ছোৱালীজনীৰ মাতৃয়ে গাড়ীত উঠি বাৰ’ডায়াস্কা অভিমুখে গৈ থাকোতেই ৰাছিয়াৰ সৈন্যৰ আক্ৰমণত মৃত্যুৰ মুখত পৰে।

ছোৱালীজনীয়ে নিহত মাতৃক উদ্দেশ্য কৰি চিঠিখনত লিখিছে, ‘মা, মোৰ জীৱনত ৯ বছৰ জুৰি তোমাৰ সঙ্গ পোৱা বাবে তোমাক অশেষ ধন্যবাদ। মোৰ শৈশৱত তোমাক পালো, তাৰ বাবে মই কৃতজ্ঞ। তুমি আকাশত সুখত থকাটোকেই মই বাঞ্চা কৰো। মইও যদি স্বৰ্গলৈ যাব পাৰিলোহেতেন, ভাল হ’লহেতেন। সপোনত আমি লগালগি হ’ম। স্বৰ্গলৈ যাতে যাব পাৰো, তাৰ বাবে মই এজনী ভাল ছোৱালী হৈ থাকিম।’

RelatedPosts

The Carbon Footprints of War

The Carbon Footprints of War

March 2, 2026
4 Years : Ukraine’s Defiance, Global Consequences, and the Unfinished Struggle for Justice

4 Years : Ukraine’s Defiance, Global Consequences, and the Unfinished Struggle for Justice

February 24, 2026
Ukraine5

Ukraine’s Winter of Defiance and the World’s Test of Conscience

February 21, 2026

এফালে যেতিয়া যুদ্ধবিধ্বস্ত দেশখনৰ এখনৰ পিছত এখনকৈ স্বজনহাৰাৰ অলেখ বেদনাদায়ক ছৱি প্ৰকাশ হৈছে, আনফালে কিভ সংলগ্ন একাধিক অঞ্চলত অজস্ৰ গণকবৰৰ সন্ধান পোৱা গৈছে বুলি ইউক্ৰেনৰ বাসিন্দাসকলে দাবী কৰিছে। ৰাজধানী চহৰ আৰু সংলগ্ন অঞ্চলৰ দখল ত্যাগ কৰি গুচি যোৱাৰ আগেয়ে ৰাছিয়াৰ বৰ্বৰ সৈন্যবাহিনীয়ে বুজোভা অঞ্চলত বহু মানুহক নিৰ্দয়ভাবে হত্যা কৰি কবৰ দিছে। মঙলবাৰে (১২ এপ্ৰিল, ২০২২)ও ক্ৰামাতোৰস্ত চহৰত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ কৰি ৰাছিয়াই হত্যা কৰিছে ৫২ জনক। প্ৰতিদিনে নতুন নতুন খবৰ আহিয়েই আছে – মৃত্যুৰ, কবৰৰ, নিৰ্দয়তাৰ।

sign stop war on protest against war
Photo by Mathias P.R. Reding on Pexels.com

পুনৰ ৰাছিয়াৰ সৰ্বগ্ৰাসী নৃশংসতাৰ আশংকাত দেশখনৰ দক্ষিণলৈ পলাবলৈ আৰম্ভ কৰিছে বহু মানুহ। লুহান্সক চহৰত ৰাছিয়াৰ সৈন্যই চূৰ্ণ- বিচূৰ্ণ কৰি পেলাইছে হৈছে বিদ্যালয়, বহু মহলীয়া অট্টালিকা। ইউক্ৰেনক সম্পূৰ্ণৰূপে পদানত কৰিবলৈ যি ধৰণৰ সৰ্বাত্মক ধ্বংসলীলা চলাব লাগে, যি ধৰণৰ আক্ৰমণ চলাব লাগে, যি ধৰণে হত্যালীলা চলাব লাগে, এতিয়াও তেনেদৰে ৰাছিয়ান সেনাই চলোৱা নাই বুলি পতিয়ন গৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ নতুন ৰাছিয়াৰ সেনাবাহিনীৰ জেনেৰেল হিচাপে আলেকজেণ্ডাৰ দোভোৰনিকভক নিযুক্তি দিছে।

Screenshot 20220417 101408 Chrome
আলেকজেণ্ডাৰ দোভোৰনিকভ


কেইদিনমানৰ আগতে কিভত স্বচক্ষে যুদ্ধ পৰিস্থিতি প্ৰত্যক্ষ কৰিবলৈ হাজিৰ হৈছিল বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। যুদ্ধবিধ্বস্ত অঞ্চলত পৰিভ্ৰমণ কৰি পুটিনৰ বৰ্বৰতা প্ৰত্যক্ষ কৰি বৰিছ জনছন-এ কৈছে,’ বুচা, ইৰপিনত পুটিনে যি ধৰণৰ যুদ্ধ অপৰাধ কৰিছে, সেই অপৰাধে ৰাছিয়াৰ মৰ্যদাক স্থায়ীভাৱে নষ্ট কৰিছে।’ সহস্ৰ প্ৰতিকুলতাক নেওচি ইউক্ৰেনে যিদৰে কিভক ৰক্ষা কৰিবলৈ জপিয়াই পৰিছে, তাৰবাবে ভূয়সী প্ৰশংসা কৰিছে বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ। ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ঝেলেনস্কিৰ সৈতে বৰিছ জনছন-এ কিভৰ ৰাজপথত খোজকাঢ়ি থকা ছৱি ইউক্ৰেনৰ প্ৰশাসনে সামাজিক মাধ্যমত ইতিমধ্যে প্ৰকাশ কৰিছে। 

“মা, মোৰ জীৱনত ৯ বছৰ জুৰি তোমাৰ সঙ্গ পোৱা বাবে তোমাক অশেষ ধন্যবাদ। মোৰ শৈশৱত তোমাক পালো, তাৰ বাবে মই কৃতজ্ঞ। তুমি আকাশত সুখত থকাটোকেই মই বাঞ্চা কৰো। মইও যদি স্বৰ্গলৈ যাব পাৰিলোহেতেন, ভাল হ’লহেতেন। সপোনত আমি লগালগি হ’ম। স্বৰ্গলৈ যাতে যাব পাৰো, তাৰ বাবে মই এজনী ভাল ছোৱালী হৈ থাকিম।“


এইবছৰৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰে। সেই আক্ৰমণৰ পটভূমিত বিশেষজ্ঞসকলে ধাৰণা কৰিছিল যে পৰমাণু বোমাৰে বলীয়ান মহা শক্তিশালী ৰাছিয়াই এসপ্তাহৰ ভিতৰতে ইউক্ৰেন দখল কৰিবলৈ সক্ষম হ’ব আৰু ইউক্ৰেনে প্ৰতিৰোধ আগবঢ়াবলৈ সমূলি ব্যৰ্থ হ’ব। কিন্তু বাস্তৱ চিত্ৰখন সুকীয়া হৈ পৰিল! দেখা গৈছে যে এই এপ্ৰিল মাহৰ ১৭ তাৰিখ পৰ্যন্তও ৰাছিয়া সফল হ’ব পৰা নাই আৰু ইউক্ৰেন আক্ৰমণ কৰি নিজেও চৰম ক্ষতিৰ সন্মূখীন হ’বলগীয়া হৈছে বুলি ৰাছিয়াইইও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। অলপতে মস্কোই স্বীকাৰ কৰিছে বিপুল ক্ষয়-ক্ষতিৰ বিষয়ে। আৰু সেইবাবেই হয়তো নিজৰ মুখ ঢাকিবলৈ পুটিনে ৰাছিয়াৰ সৈন্যবাহিনীৰ জেনেৰেল সলনি কৰিবলৈ বাধ্য হ’ল। 


এতিয়া নতুন জেনেৰেল যে অধিক নৃশংস হৈ পৰিব আৰু ইউক্ৰেনৰ আকাশ বতাহত ক্ৰন্দন বাৰুদৰ ধোঁৱাৰ সৈতে উৰি ফুৰিব – সেয়া সকলোৱে অনুমান কৰিছে। সেইহেতুকেই বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ ইউক্ৰেন ভ্ৰমণ কৰি ঝেলেনস্কিক বিপুল পৰিমাণে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগানৰ প্ৰতিশ্ৰুতি দি আহিছে। ইতিমধ্যে ৰাছিয়াৰ নতুন জেনেৰেল আলেকজেণ্ডাৰে অহা ৯ মে’ তাৰিখৰ আগতেই পুটিনক শুভ সংবাদ দিবলৈ সকলো ধৰণে চেষ্টা চলাব বুলি আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৯ মে’ তাৰিখেই, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, ৰাছিয়াই জাৰ্মানী জয় কৰিছিল। কিন্তু বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে অধিক তৎপৰতা দেখুৱাবলৈ গৈ ৰাছিয়াৰ সৈন্যই অধিক ভুল সিদ্ধান্ত ল’ব পাৰে। 
(১৭-০৪-২০২২)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

The Carbon Footprints of War
Climate Change

The Carbon Footprints of War

by Rituraj Phukan
March 2, 2026
0

The Carbon Footprints of War IRAN, UKRAINE , GAZA , Etc RITURAJ PHUKAN Several wars continue to rage around the...

Read moreDetails
4 Years : Ukraine’s Defiance, Global Consequences, and the Unfinished Struggle for Justice

4 Years : Ukraine’s Defiance, Global Consequences, and the Unfinished Struggle for Justice

February 24, 2026
Ukraine5

Ukraine’s Winter of Defiance and the World’s Test of Conscience

February 21, 2026
India cuts Russian oil dependence: economic impact on Moscow and potential benefits for Ukraine

India cuts Russian oil dependence: economic impact on Moscow and potential benefits for Ukraine

February 12, 2026
Frozen in the Dark: Ukraine’s Winter of Survival Amid War and Fragile Hopes for Peace

Frozen in the Dark: Ukraine’s Winter of Survival Amid War and Fragile Hopes for Peace

February 10, 2026
Ukraine’s Fight for Justice: How to Stop Russian Atrocities in 2025

Oleksandra Matviichuk: ‘I have a question’!

February 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d