• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 11, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Ukraine

‘মা, আমি পুনৰ স্বৰ্গত লগ হ’ম’!

অৰবিন্দ ৰাভা

by Admin
April 17, 2022
in Ukraine, Uncategorized
Reading Time: 1 min read
0
‘মা, আমি পুনৰ স্বৰ্গত লগ হ’ম’!
Share on FacebookShare on TwitterShare on LinkedIn

হৃদয়বিদাৰক চিঠি প্ৰকাশ কৰিলে ইউক্ৰেনৰ প্ৰশাসনে

‘মা, আমি পুনৰ স্বৰ্গত লগ হ’ম। স্বৰ্গত তোমাক যাতে মই দেখা পাব পাৰো, তাৰ বাবে মই ভাল জীয়ৰী হ’বলৈ আপ্ৰাণ চেষ্টা কৰি থাকিম।’ 


ইউক্ৰেন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ পটভূমিত বাৰ’ডায়াস্কাত মৃত্যুবৰণ কৰা মাতৃৰ উদ্দেশ্য কৰি এনেদৰেই এখন চিঠি লিখিছে ৯ বছৰীয়া এজনী ইউক্ৰেনীয় শিশুকন্যাই। হাতেলেখা সেই হৃদয়বিদাৰক চিঠিখনৰ ছৱি টুইটাৰত পোস্ট কৰিছে ইউক্ৰেনৰ আভ্যন্তৰীণ বিষয়ক মন্ত্ৰালয়ৰ উপদেষ্টা এষ্টন গেৰাচেম্বোই।


প্ৰাপ্ত তথ্য অনুসৰি ছোৱালীজনীৰ মাতৃয়ে গাড়ীত উঠি বাৰ’ডায়াস্কা অভিমুখে গৈ থাকোতেই ৰাছিয়াৰ সৈন্যৰ আক্ৰমণত মৃত্যুৰ মুখত পৰে।

ছোৱালীজনীয়ে নিহত মাতৃক উদ্দেশ্য কৰি চিঠিখনত লিখিছে, ‘মা, মোৰ জীৱনত ৯ বছৰ জুৰি তোমাৰ সঙ্গ পোৱা বাবে তোমাক অশেষ ধন্যবাদ। মোৰ শৈশৱত তোমাক পালো, তাৰ বাবে মই কৃতজ্ঞ। তুমি আকাশত সুখত থকাটোকেই মই বাঞ্চা কৰো। মইও যদি স্বৰ্গলৈ যাব পাৰিলোহেতেন, ভাল হ’লহেতেন। সপোনত আমি লগালগি হ’ম। স্বৰ্গলৈ যাতে যাব পাৰো, তাৰ বাবে মই এজনী ভাল ছোৱালী হৈ থাকিম।’

RelatedPosts

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

August 9, 2022
Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

August 9, 2022
জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

August 8, 2022

এফালে যেতিয়া যুদ্ধবিধ্বস্ত দেশখনৰ এখনৰ পিছত এখনকৈ স্বজনহাৰাৰ অলেখ বেদনাদায়ক ছৱি প্ৰকাশ হৈছে, আনফালে কিভ সংলগ্ন একাধিক অঞ্চলত অজস্ৰ গণকবৰৰ সন্ধান পোৱা গৈছে বুলি ইউক্ৰেনৰ বাসিন্দাসকলে দাবী কৰিছে। ৰাজধানী চহৰ আৰু সংলগ্ন অঞ্চলৰ দখল ত্যাগ কৰি গুচি যোৱাৰ আগেয়ে ৰাছিয়াৰ বৰ্বৰ সৈন্যবাহিনীয়ে বুজোভা অঞ্চলত বহু মানুহক নিৰ্দয়ভাবে হত্যা কৰি কবৰ দিছে। মঙলবাৰে (১২ এপ্ৰিল, ২০২২)ও ক্ৰামাতোৰস্ত চহৰত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ কৰি ৰাছিয়াই হত্যা কৰিছে ৫২ জনক। প্ৰতিদিনে নতুন নতুন খবৰ আহিয়েই আছে – মৃত্যুৰ, কবৰৰ, নিৰ্দয়তাৰ।

sign stop war on protest against war
Photo by Mathias P.R. Reding on Pexels.com

পুনৰ ৰাছিয়াৰ সৰ্বগ্ৰাসী নৃশংসতাৰ আশংকাত দেশখনৰ দক্ষিণলৈ পলাবলৈ আৰম্ভ কৰিছে বহু মানুহ। লুহান্সক চহৰত ৰাছিয়াৰ সৈন্যই চূৰ্ণ- বিচূৰ্ণ কৰি পেলাইছে হৈছে বিদ্যালয়, বহু মহলীয়া অট্টালিকা। ইউক্ৰেনক সম্পূৰ্ণৰূপে পদানত কৰিবলৈ যি ধৰণৰ সৰ্বাত্মক ধ্বংসলীলা চলাব লাগে, যি ধৰণৰ আক্ৰমণ চলাব লাগে, যি ধৰণে হত্যালীলা চলাব লাগে, এতিয়াও তেনেদৰে ৰাছিয়ান সেনাই চলোৱা নাই বুলি পতিয়ন গৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ নতুন ৰাছিয়াৰ সেনাবাহিনীৰ জেনেৰেল হিচাপে আলেকজেণ্ডাৰ দোভোৰনিকভক নিযুক্তি দিছে।

আলেকজেণ্ডাৰ দোভোৰনিকভ


কেইদিনমানৰ আগতে কিভত স্বচক্ষে যুদ্ধ পৰিস্থিতি প্ৰত্যক্ষ কৰিবলৈ হাজিৰ হৈছিল বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। যুদ্ধবিধ্বস্ত অঞ্চলত পৰিভ্ৰমণ কৰি পুটিনৰ বৰ্বৰতা প্ৰত্যক্ষ কৰি বৰিছ জনছন-এ কৈছে,’ বুচা, ইৰপিনত পুটিনে যি ধৰণৰ যুদ্ধ অপৰাধ কৰিছে, সেই অপৰাধে ৰাছিয়াৰ মৰ্যদাক স্থায়ীভাৱে নষ্ট কৰিছে।’ সহস্ৰ প্ৰতিকুলতাক নেওচি ইউক্ৰেনে যিদৰে কিভক ৰক্ষা কৰিবলৈ জপিয়াই পৰিছে, তাৰবাবে ভূয়সী প্ৰশংসা কৰিছে বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ। ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ঝেলেনস্কিৰ সৈতে বৰিছ জনছন-এ কিভৰ ৰাজপথত খোজকাঢ়ি থকা ছৱি ইউক্ৰেনৰ প্ৰশাসনে সামাজিক মাধ্যমত ইতিমধ্যে প্ৰকাশ কৰিছে। 

“মা, মোৰ জীৱনত ৯ বছৰ জুৰি তোমাৰ সঙ্গ পোৱা বাবে তোমাক অশেষ ধন্যবাদ। মোৰ শৈশৱত তোমাক পালো, তাৰ বাবে মই কৃতজ্ঞ। তুমি আকাশত সুখত থকাটোকেই মই বাঞ্চা কৰো। মইও যদি স্বৰ্গলৈ যাব পাৰিলোহেতেন, ভাল হ’লহেতেন। সপোনত আমি লগালগি হ’ম। স্বৰ্গলৈ যাতে যাব পাৰো, তাৰ বাবে মই এজনী ভাল ছোৱালী হৈ থাকিম।“


এইবছৰৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰে। সেই আক্ৰমণৰ পটভূমিত বিশেষজ্ঞসকলে ধাৰণা কৰিছিল যে পৰমাণু বোমাৰে বলীয়ান মহা শক্তিশালী ৰাছিয়াই এসপ্তাহৰ ভিতৰতে ইউক্ৰেন দখল কৰিবলৈ সক্ষম হ’ব আৰু ইউক্ৰেনে প্ৰতিৰোধ আগবঢ়াবলৈ সমূলি ব্যৰ্থ হ’ব। কিন্তু বাস্তৱ চিত্ৰখন সুকীয়া হৈ পৰিল! দেখা গৈছে যে এই এপ্ৰিল মাহৰ ১৭ তাৰিখ পৰ্যন্তও ৰাছিয়া সফল হ’ব পৰা নাই আৰু ইউক্ৰেন আক্ৰমণ কৰি নিজেও চৰম ক্ষতিৰ সন্মূখীন হ’বলগীয়া হৈছে বুলি ৰাছিয়াইইও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। অলপতে মস্কোই স্বীকাৰ কৰিছে বিপুল ক্ষয়-ক্ষতিৰ বিষয়ে। আৰু সেইবাবেই হয়তো নিজৰ মুখ ঢাকিবলৈ পুটিনে ৰাছিয়াৰ সৈন্যবাহিনীৰ জেনেৰেল সলনি কৰিবলৈ বাধ্য হ’ল। 


এতিয়া নতুন জেনেৰেল যে অধিক নৃশংস হৈ পৰিব আৰু ইউক্ৰেনৰ আকাশ বতাহত ক্ৰন্দন বাৰুদৰ ধোঁৱাৰ সৈতে উৰি ফুৰিব – সেয়া সকলোৱে অনুমান কৰিছে। সেইহেতুকেই বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ ইউক্ৰেন ভ্ৰমণ কৰি ঝেলেনস্কিক বিপুল পৰিমাণে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগানৰ প্ৰতিশ্ৰুতি দি আহিছে। ইতিমধ্যে ৰাছিয়াৰ নতুন জেনেৰেল আলেকজেণ্ডাৰে অহা ৯ মে’ তাৰিখৰ আগতেই পুটিনক শুভ সংবাদ দিবলৈ সকলো ধৰণে চেষ্টা চলাব বুলি আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৯ মে’ তাৰিখেই, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, ৰাছিয়াই জাৰ্মানী জয় কৰিছিল। কিন্তু বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে অধিক তৎপৰতা দেখুৱাবলৈ গৈ ৰাছিয়াৰ সৈন্যই অধিক ভুল সিদ্ধান্ত ল’ব পাৰে। 
(১৭-০৪-২০২২)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan
Ukraine

Attacking a nuclear plant ‘suicidal,’ UN chief tells in Japan

by Admin
August 9, 2022
0

Attacking a nuclear plant ‘suicidal' UN UN Secretary-General António Guterres condemned a recent attack on a nuclear power station in...

Read more
Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

Fresh Israel-Palestinian Islamic Jihad truce prevents ‘full-scale war’

August 9, 2022
জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

জটিল চাকনৈয়াত সাম্প্ৰতিক বিশ্বঃ আমি ক’ত আছো!

August 8, 2022
Chomsky does not give an exact answer “yes or no” to the question!!

Chomsky does not give an exact answer “yes or no” to the question!!

August 5, 2022
Global hunger crisis pushing one child per minute, into severe malnutrition

Ukraine: Black Sea grain shipment success raises hopes

August 5, 2022
Those Who Fought a Totalitarian Regime: A History of Dissidents from 1976 to 1991

Those Who Fought a Totalitarian Regime: A History of Dissidents from 1976 to 1991

August 4, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022

শৰাইঘাটৰ যুদ্ধৰ পটভূমিত আলাবৈ ৰণ

June 22, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
Are Controversies Produced in Bollywood?

Are Controversies Produced in Bollywood?

August 11, 2022
Politics Around Population Explosion In INDIA

Politics Around Population Explosion In INDIA

August 11, 2022
১১ আগষ্টঃ কেইটামান খবৰ

১১ আগষ্টঃ কেইটামান খবৰ

August 11, 2022
Bhupinder Singh: A Legendary singer with deep and soulful voice

Bhupinder Singh: A Legendary singer with deep and soulful voice

August 11, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    108 shares
    Share 43 Tweet 27
  • বিহাৰৰ ঘটনাই ভাৰতৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলায়!

    9 shares
    Share 4 Tweet 2
  • ১০ আগষ্টঃ কেইটামান খবৰ

    8 shares
    Share 3 Tweet 2
  • 6 Simple Self-Care Hacks For Women

    7 shares
    Share 3 Tweet 2
  • নীতিশ কুমাৰৰ পদত্যাগ আৰু বিজেপিৰ সঙ্গত্যাগঃ বিহাৰত ৰাজনীতি উত্তপ্ত

    12 shares
    Share 5 Tweet 3
  • Statement on Arrest of VOA Freelance Journalist in Juba, South Sudan

    6 shares
    Share 2 Tweet 2
  • Politics Around Population Explosion In INDIA

    6 shares
    Share 2 Tweet 2
  • ৯ আগষ্টঃ কেইটামান খবৰ

    9 shares
    Share 4 Tweet 2
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • ১১ আগষ্টঃ কেইটামান খবৰ

    5 shares
    Share 2 Tweet 1
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: