-ডা° সুকৃতি চৌধুৰী |
কেনে আছে? ভাল নে?
অভিভাৱক আৰু অভিভাৱিকা৷ মানে ল’ৰা-ছোৱালীৰ বায়’লজিকেল অথবা জন্ম নিদি/জন্মৰ কাৰণ নহৈয়ো নৈতিকভাৱে মাক আৰু দেউতাক৷
সেয়ে আজি মা-দেউতা ৰ প্ৰসংগকলৈয়েই আপোনালৈ দুটামান প্ৰশ্ন আৰু উত্তৰ লৈ আনিছো………..
প্ৰশ্ন:-মা আৰু দেউতাৰ মাজত তুলনা হয় নে?
উত্তৰ:-নহয়৷
প্ৰশ্ন:-কিয়?
উত্তৰ:-পুৰুষ আৰু নাৰী হিচাপে তেওঁলোক ভাৱাত্মকভাৱে বেলেগ হয়৷
প্ৰশ্ন:- তেনেহ’লে যি ল’ৰা-ছোৱালীৰ মাক বা দেউতাকৰ কোনো এজনৰ মৃত্যু হ’ল আৰু তাৰপিছত যে মাকেই দেউতাকৰ সকলোখিনি কৰে বা দেউতাকেই মাকৰ সকলোখিনি কৰে সেই মাক গৰাকীক বা সেই দেউতাকজনক আপুনি কি বুলি ক’ব?
উত্তৰ:-মানুহে যদি আন্তৰিকতাৰে ইচ্ছা কৰে, পুৰুষ বা নাৰীৰ সকলো কামেই উচ্চ গুণৱত্বাসম্পন্নকৈ কৰিব পাৰে৷ চাওকচোন আমি চিলনী কৰা কামটো মহিলাৰ বুলি ভাবো৷ অথচ কাপোৰ চিলোৱা ৯৫% দৰ্জীয়েই পুৰুষ যি সকলে অ’তি ধুনীয়াকৈ চিলাইৰ কাম কৰে৷ তাৰোপৰি যিমানবোৰ ডাঙৰ ডাঙৰ “চেফ/ৰান্ধনী” ৰ নাম শুনিব তেওঁলোকৰো ৯৯% পুৰুষহে৷ অথচ আমি ৰন্ধা কামটো নাৰীৰ বুলি কওঁ৷ আনহাতে এভাৰেষ্ট শৃংগত কিমানজনী যে নাৰীয়ে বগাই উঠিলগৈ তাৰ হিচাপ নাই৷ অথচ আমি ভাবি থাকো যে পাহাৰ বগোৱাৰ দৰে কঠিন কামবোৰ পুৰুষৰ৷ এইবোৰ সামন্য উদাহৰণহে৷ বহলাই চালে এনে উদাহৰণ আপুনি অজস্ৰ পাব৷ সেয়ে দেউতাৰ অবৰ্তমানত মায়ে দেউতাৰ ভূমিকাটোও লোৱা অথবা মাৰ অবৰ্তমানত দেউতাই মাৰো ভূমিকা পালন কৰাটো স্বাভাৱিক প্ৰক্ৰিয়া৷
আনহাতে এনেকুৱা এচাম মাক আৰু দেউতাকো আছে যি ক্ষেত্ৰত নাৰীগৰাকী কোনো পুৰুষৰ সৈতে শাৰীৰিক সংস্পৰ্শলৈ আহি অনাহক গৰ্ভধাৰণ কৰি গোপনে সন্তানটো জন্ম দি কুকুৰ মেকুৰীৰ খাদ্য হ’বলৈ ডাষ্টবিনলৈ নিক্ষেপ কৰে৷ আৰু সেই সন্তানটোৰ পিতৃয়ে চোৰৰ দৰে মুখ লুকুৱাই পলাই সাৰে৷ পিছৰ কালত সেই নাৰী আৰু পুৰুষ হয়তো সমাজৰ ভদ্ৰ মহিলা আৰু ভদ্ৰ পুৰুষ৷ কিন্তু সন্তানটো ……….
আনহাতে সদায় দেখি থকা অনাকাংক্ষিতভাৱে কৰাব লগা হোৱা এবোৰচনৰ কথা নকওঁয়েই৷ শব্দটো “অনাকাংক্ষিত” বুলি কৈছো৷ মন কৰে যেন৷মাতৃ বা গৰ্ভস্থ সন্তানৰ কিবা স্বাস্থ্যজনিত সমস্যা থকাৰ বাবে চিকিৎসকে বিতং পৰীক্ষা কৰি নিজেই কোনো গৰ্ভৱতী মহিলাক এবোৰচন কৰাবলৈ উপদেশ দিয়া কথাটো ইয়াৰ বাহিৰত থৈছো৷ মই ক’ব খুজিছো নিজৰ ভুলৰ বাবেই পেটৰ ভিতৰতে কাৰোবাক……………….মানে বিয়া নোহোৱাৰ বাবে বিয়া হোৱাৰ পিছতো কিবা অসুবিধাৰ বাবে বা সমস্যাৰ বাবে বা পিতৃ পৰপুৰুষ হোৱাৰ বাবেই বা সন্মান ৰক্ষাৰ খাতিৰত কত অজস্ৰ ল’ৰা-ছোৱালীয়ে দৈনিক এই পৃথিৱীৰ পোহৰ নেদেখাকৈয়েই গুচি যায়………এই মুহুৰ্তত প্ৰচণ্ড খঙেৰে মোৰ মনলৈ আহি থকা দুটামান উপমা মই এগৰাকী চিকিৎসা হোৱাৰ বাবেই লিখিব নোৱাৰো ………..৷ কিন্তু পেটৰ ভিতৰতে হত্যা কৰা সেই সন্তানৰ পিতৃ বা মাতৃয়ে এনে কৰাব লগা হোৱাৰ বাবে এবাৰো অনুতাপ কৰে নে? ৯৯% নকৰে বুলিয়েই মই ভাবো৷
তথাপিও মা মায়েই আৰু দেউতা দেউতায়েই৷ কিয় জানে……..
|| মা ||
** আপুনি চকু মেলাৰ পৰা চকু হাল জাপ খাই অহালৈকে মৰমেৰে উপচাই ৰখা গৰাকীয়েই মা
**এই পৃথিৱীৰ সৈতে আপোনাক পৰিচয় কৰাই দিয়া গৰাকীয়েই মা
**আপোনাৰ শৰীৰটোৰ মাজত প্ৰাণ সঞ্চাৰ কৰা গৰাকীয়েই মা
**আপুনি যাতে ভোকত নাথাকে সেই কথা নিশ্চিত কৰা মানুহগৰাকীয়েই হ’ল মা
**আপোনাৰ ব্যক্তিগত কেয়াৰ লোৱা মহিলাগৰাকীয়েই হ’ল মা
**জীৱনত যেতিয়া আপুনি হাৰি যায়, ভাগৰি যায়, আহত হয় সেই সময়ত আপোনাক কেয়াৰ কৰা গৰাকীয়েই মা
**পৃথিৱীত আপোনাক খোজ কাঢ়িবলৈ শিকোৱা গৰাকীয়েই মা
**অকনো গোপন নকৰাকৈ নিজৰ অভিজ্ঞতাৰে আপোনাক যি শিকায় সেইগৰাকীয়েই মা
**আপোনাক ভাৱাত্মকভাৱে গঢ় দিয়ে মায়েই
**জন্মৰ পিছৰে পৰা আপুনি যাৰ মৰম ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰে তেওঁয়েই হ’ল মা
|| আনহাতে দেউতা হ’ল ||
**আপোনাক অপৰিসীম ভাল পাইয়ো প্ৰকাশ কৰিব নজনা জনেই হ’ল দেউতা৷ তেওঁৰ চকুত আপুনি খং বা শাসন দেখিব কিন্ত কলিজাখন ভৰি থাকে কেবল মৰমেৰে
**এই পৃথিৱীক যিজনে আপোনাৰ পৰিচয় কৰায় সেইজন দেউতা
**যিজনে জীয়াই থকাৰ সম্বলবোৰ গোটাই আনি দিয়ে তেওঁ দেউতা
**ভোকত থাকিলে যে কিমান কষ্ট হয় এই কথা শিকায় দেউতাই
**ব্যক্তিগতভাৱে আপোনাৰ দায়িত্ব লয় বা আপোনাক দায়িত্ব ল’বলৈ শিকোৱাজন দেউতা
** বিফলতাৰ পৰা শিক্ষা ল’বলৈ শিকোৱাজনেই দেউতা
**নিজৰ ভৰিৰ ওপৰত ঠিয় দিবলৈ শিকাৰ পিছত দৃঢ়তাৰে আগবাঢ়ি যাবলৈ শিকোৱাজনেই দেউতা
** আপোনাক আপোনাৰ নিজৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল’বলৈ শিকোৱাজনেই দেউতা
**বাস্তৱবাদী হ’বলৈ কোৱাজনেই দেউতা
উপসংহাৰঃ
নিজে জন্ম দিলেই মা হৈ নাযায় বা জন্মৰ কাৰণ হ’লেই দেউতা হৈ নাযায়৷ জন্ম নিদিয়াকৈ বা জন্মৰ কাৰণ নোহোৱাকৈও মা বা দেউতা হ’ব পাৰি৷ আচল কথা হ’ল গুণ সমূহ আহৰণ আৰু দায়িত্ব পালনহে৷
আকৌ কওঁ—দেউতাও মা হ’ব পাৰে বা মা হৈ উঠিব পাৰে দেউতা৷
মই তেনেই সৰুতেই মা-দেউতাক হেৰুৱাৰ পিছতো এজনী 14 বছৰীয়া ছোৱালীয়ে 29 নে 30 বছৰীয়া মহান পুৰুষৰ মাজত পিতৃ আৰু মাতৃ দুয়োজনকেই বিচাৰি পাইছিলো৷ তেওঁৰ বাবেই মই ৷ আপোনালোকে ইমান মৰম দিয়া সুকৃতি৷ তেওঁ মোৰ জীৱনলৈ মা-দেউতা হৈ নহাহেঁতেন আজি নাজানো মোৰ পৰিচয় কি হ’লহেঁতেন৷ কিন্ত এইটো জানো যে আপুনি পঢ়ি থকা এই পোষ্টটো লিখিব পৰাকৈ মই যে মই হৈ নুঠিলোহেতেন৷
হাঁহি থাকিব️