• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মিচিং সমাজ আৰু সংস্কৃতি

-খগেন পেগু

by Anjan Sarma
July 5, 2021
in Special Report
Reading Time: 3 mins read
0
বৃহত্তৰ অসমীয়া মহাজাতিত অসমীয়া শিখৰ অৱস্থিতি
Share on FacebookShare on TwitterShare on LinkedIn

-খগেন পেগু |

ইংৰাজ বুৰঞ্জীবিদ ই এ গেইটৰ মতে Miri means go between। ড৹ লক্ষ্মী দেৱীৰ ‘অসম বুৰঞ্জী’ত তাকে অনুবাদ কৰি কোৱা হৈছে, ‘মিৰি’ মানে মাজৰ মানুহ। তিব্বতী ভাষাত ‘মি’ মানে মানুহ আৰু ‘ৰি’ মানে পাহাৰ। অৰ্থাৎ মিৰি শব্দৰ অৰ্থ হ’ব পাহাৰীয়া মানুহ। আকৌ বহুতৰে ধাৰণা, ‘মিৰৃ’ অৰ্থাৎ এক শ্ৰেণীৰ দেওধাই শব্দৰপৰাও মিৰি হ’ব পাৰে। ডাঃ নোমল পেগুৱে তেখেতৰ The Mishings of the Brahmaputra Valley-ত “The proposition that the word ‘Miri’-an ambiguous term denoting the socio-religious functions prevalent among the Pasi-Minyongs, the Padam, the Galongs of the Abor hills and the Mishings of the plains is generally agreed upon to be genuine.”

সি যি কি নহওক, ‘মিৰি’ শব্দটো নিজা নহয়, সেয়া লোকে দিয়া নাম বুলি বহুতেই ক’ব বিচাৰে। কিয়নো ভৈয়ামৰ মিৰিসকলে নিজকে মিচিং বুলিহে পৰিচয় দিয়ে।

অৱশ্যে ‘মিচিং’ কেনৈক হ’ল এই লৈয়ো মত পাৰ্থক্য আছে। সাধাৰণতে পাহাৰত বাস কৰা লোকসকলৰ বৰণ প্ৰায় বগা। তাৰ উপৰি নিজকে স্বাভাৱিকতে শ্ৰেষ্ঠ বুলি ভবা এটা স্বভাৱ সকলোৰে থাকে। সেয়ে কিছু লোকে কৰা অনুমানৰ ওপৰত ভিত্তি কৰি ঁ তৰুণচন্দ্ৰ পামেগামে মত পোষণ কৰিছে ‘মি’ ‘য়াচূং’ অৰ্থাৎ আমি (মানুহ) + য়াচূং (বগা বা ভাল) = ‘মিচূং’ বা ভাল মানুহ আৰু অনা মিচিং মাত্ৰেই হ’ল ‘মি’ ‘কৃপাগ’ অৰ্থাৎ আমি (মানুহ) + কৃপাগ (লেখত ল’ব নোৱৰা) = মিপাগ বা লেখত নপৰা মানুহ। ‘মচূং’ (নিজৰ ফালে আনি ভালকৈ ৰখা) শব্দৰপৰাও ‘মিচৃং’ হোৱা বুলি কিছুমান কয়। কিন্তু মিচিংসকলৰ সামাজিক জীৱন শান্তিপূৰ্ণ। তেওঁলোক স্বাভাৱিকতে শান্তিপ্ৰিয় বা শান্ত প্ৰকৃতিৰ। গতিকে আমি (মানুহ)+ আনচৃং (শান্ত প্ৰকৃতিৰ) = মিচৃং নতুবা ‘আনচৃঃনৗ মিচৃঙৗ’ (শান্তিপ্ৰিয় মিচিং) হোৱা বুলি বৰ্তমান বহুতেই মত পোষণ কৰিছে। এতিয়া ‘অৃ’ ধ্বনিৰ অভাৱত অন্য ভাষাত লিখোতে মিচৃং শব্দটো মিচিঙলৈ অপভ্ৰংশ হৈছে।

অসমৰ যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কামৰূপ মেট্ৰ’ আদি জিলাত আৰু অৰুণাচল প্ৰদেশৰ প্ৰায় ৩০ খন গাঁও বা অঞ্চলত মিচিং লোকৰ বসতি আছে। বৰ্তমান ব্ৰহ্মপুত্ৰৰ উত্তৰে অৰুণাচল সীমান্তৰপৰা জীয়া ভৰলীৰ পশ্চিমত অৱস্থিত মানচিৰি অৱবাহিকালৈ আৰু দক্ষিণে শদিয়াৰপৰা গুৱাহাটী আৰু কোকৰাঝাৰলৈ বিয়পি থকা মিচিংসকলে সাধাৰণতে নৈৰ পাৰত বাস কৰে। ব্ৰহ্মপুত্ৰৰ নৈৰ বাহিৰেও সোৱণশিৰি, ধনশিৰি, দিখৌ, দিচাং, জাঁজী, দিহিং, জীয়া ভৰলী, মানচিৰি আদি বহুতো উপনৈৰ পাৰে পাৰে মিচিং গাঁও দেখা যায়। নৈৰ পাৰত বাস কৰে কাৰণে বাৰিষা নৈৰ পানীৰপৰা ৰক্ষা পাবলৈ তেওঁলোকে চাং ঘৰত থাকে। অৱশ্যে বিভিন্ন জীৱ-জন্তুৰ সম্ভাব্য আক্ৰমণৰপৰা হাত সাৰিবলৈও নিৰাপত্তাজনিত কাৰণত চাংঘৰেই বেছি অনুকূল।

বাসস্থান আৰু অন্যান্য কাৰণত মিচিংসকলক প্ৰধানকৈ নটা খেলত ভাগ কৰিব পাৰি। যেনে— ১) পাগৰ ২) দৗলু ৩) দাম্বুগ ৪) অয়ান ৫) চাংয়াং ৬) মঃয়িং ৭) চামুগুৰীয়া ৮) বংকোৱাল আৰু ৯) তামাৰ-গঞা বা তেমেৰা। অৱশ্যে ইয়াৰে শেষৰ তিনিটা খেল চামুগুৰীয়া, বংকোৱাল আৰু তামাৰ গঞা বা তেমেৰাক একেটা খেলৰে লোক বুলি ক’ব পাৰি আৰু এই তিনিওটা খেলৰ বেছিভাগ লোক কিছুমান নামবাচক বিশেষ্য শব্দৰ বাদে মিচিং ভাষা ভালকৈ ক’ব নাজানে।

যিবিলাক মিচিং মানুহ হাবি-বন পুৰি পাহাৰত অন্যান্য খেতিৰ লগতে ‘চৃঃপাগ’ অৰ্থাৎ কপাহৰ খেতি কৰি কাপোৰ বোৱা-কটা বেছিকৈ কৰিছিল তেওঁলোক ভৈয়ামত চৃঃপাগ+ আৰ’ = পাগৰ নামেৰে পৰিচিত হ’ল। যিসকলে শদিয়াৰপৰা ভটিয়াই গৈ ভৰলীৰপৰা আকৌ উজাই আহি সোৱণশিৰি নৈৰ পাৰত বা অন্যান্য কিছুমান ঠাইত থিতাপি ল’লে তেওঁলোকক ‘চাঃলাত’ বা ‘চাঃয়াং’ নামেৰে জনা গ’ল। যিসকল ‘দৗলু’ বা দক্ষিণ পাৰে ব্ৰহ্মপুত্ৰৰ পাৰত থাকিবলৈ ল’লে সেইসকলক ‘দৗলু’ অৰ্থাৎ দক্ষিণ বুলি কোৱা হ’ল। ‘মঃয়িং’ নামৰ ঠেক ঠাইত বাস কৰা কাৰণে ‘মঃয়িং’ নামৰ উৎপত্তি হ’ল। মিঞং পাহাৰেদি ‘অয়ামনা গৃইলা’ অৰ্থাৎ পিঠি পিছলাই হেলনীয়াকৈ ভৈয়ামলৈ নামি অহা বাবে অয়াম বা অয়ান নাম পালে। দামৰসকলৰপৰা ফাটি আহি ভৈয়ামত নতুনকৈ ‘মঃবুগ (আমং আবুগ) অৰ্থাৎ মাটি এডোখৰ বিচাৰি আহি ঘৰ-বাৰী পতা বাবে দাম্বুগ হ’ল। টেমাক নৈৰ পাৰত যিসকলে গাঁও পাতি বাস কৰিলে তেওঁলোক তেমাৰ বা তামাৰ নামেৰে জনাজাত হ’ল।

বৰ আবৰৰ দুটা দলৰ মাজত সংঘৰ্ষ চলি থাকোতে এৰাতি এটা দলে ভুলতে নিজৰ স্ত্ৰী আৰু ল’ৰা-ছোৱালীক কাটি শেষ কৰিলে। সেয়ে মনৰ বেজাৰতে তেওঁলোকৰ পুৰুষসকলে স্ত্ৰী বা ল’ৰা-ছোৱালী নোহোৱাকৈ ভৈয়ামলৈ নামি অহাত তেওঁলোকক আমি (মানুহ) + আংঙাৰাং (শুদা বা ল’ৰা-ছোৱালী নোহোৱা) = ‘মিৰাং’ বুলি কোৱা হ’ল। সম্ভৱতঃ মুষ্টিমেয় তেওঁলোকে ভৈয়ামলৈ নামি আহি ইয়াৰ অনা মিচিং সম্প্ৰদায়ৰ লগত প্ৰথমে সান্নিধ্য লাভ কৰিছিল আৰু তেওঁলোকৰ লগত সঘনে ভাবৰ আদান-প্ৰদান হোৱাত নিজৰ কথিত ভাষা প্ৰায় পাহৰি পেলালে। তেওঁলোকৰ যিসকলে ডিব্ৰুগড় হৈ শিৱসাগৰৰ চামগুৰিত বসবাস কৰিবলৈ ল’লে তেওঁলোকক চামগুৰীয়া বা চামুগুৰীয়া বুলি কোৱা হ’ল। বৰ্তমান তেওঁলোকে অসমীয়াতেই কথা-বতৰা পাতে যদিও সামাজিক আৰু সাংস্কৃতিকভাৱে অন্যান্য সকলো বিষয়ত মিচিংসকলৰ লগত মিলি আছে। বিহ পাদ্ৰিত সোণ কমোৱা অথবা বিহৰ তৃণৰ ওপৰত বহা বাবে বিহিয়া হোৱা সকলো বহুদিনৰ আগৰপৰাই মিচিং হ’ল।

এনেকৈ বাসস্থান আৰু অন্যান্য কাৰণত মিচিংসকলৰ মাজত কেইবাটাও খেলৰ সৃষ্টি হ’ল যদিও এটা খেলৰ একে গোত্ৰৰ মানুহ আন এটা খেলতো দেখিবলৈ পোৱা যায়। যেনে—‘বমি’ গোত্ৰ মানুহ পাগৰ, চাঃয়াং আৰু মঃয়িং খেলত দেখা যায়। চঃব গোত্ৰৰ মানুহ পাগৰ খেলতো আছে, অন্য এটা খেলতো আছে। সেইদৰে ‘মিয়ঃ পাংকং’ গোত্ৰৰ মানুহ অয়ান খেলতো দেখা যায়, দামবুগ খেলতো দেখা যায়। মিচিংসকলৰ মাজত একে গোত্ৰৰ ভিতৰত চন্দ্ৰ-সূৰ্য থাকে মানে কেতিয়াও বিয়া হ’ব নোৱাৰে। একে গোত্ৰ বা একে জাতৰ মানুহৰ মাজত সদায়ে ভাই-ককাই সম্বন্ধ। পেঃগুৱে পেঃগুক, পাঃয়ৗঙে পাঃয়ৗঙক যুগ যুগ পাৰ হৈ গ’লেও কেতিয়াও বিয়া কৰাব নোৱাৰে। মিচিংসকলৰ মাজত কন্দাৰ, চঃব, লংগৃং, লঃইং, বমিঃ, মিয়ং পাংকং, চুংগা-চুঃৰাং, জঃতৃৰ আদি বহুতো গোত্ৰ আছে যাৰ লেখ দিয়া সহজসাধ্য নহয়। সেইদৰে বিভিন্ন গোত্ৰৰ পেঃগু, দলেঃ, পাঃয়ৗং, নৰ, পাৱ’, দাৱ’, তাৱ’, পৗৰমে, পাঃদুন, কুলিঃ, কুতুম, টাঅৃদ আদি বহুতে জাত বা উপাধি মিচিংসকলৰ মাজত আছে।

মিচিংসকলে নিজকে চন্দ্ৰ–সূৰ্যৰ বংশধৰ বুলি চিনাকি দিয়ে। তেওঁলোকে চন্দ্ৰক পিতৃ আৰু সূৰ্যক মাতৃৰূপে গণ্য কৰে। সেইদৰে যিকোনো ধৰ্মীয় অনুষ্ঠান বা উৎসৱ-পাৰ্বণত তেওঁলোকে ‘আনৗ দঃঞি’ (মাতৃ সূৰ্য) আৰু ‘আবু পঃল’ (পিতৃ চন্দ্ৰ) বুলি পোন প্ৰথমেই উচ্চাৰণ কৰি লয়। অৱশ্যে কিছুমান গমাং বা আঃবাং, কিংবদন্তি বা সাধুকথা আদিত ইয়াৰ ব্যতিক্ৰম দেখা যায়। সেইবিলাক সূৰ্যক আকাশ দেৱতা, আবুতানিৰ ঘৈণীয়েক কাৰ্মীৰ পিতৃ হিচাপে পোৱা যায়।

সি যি কি নহওক, কিংবদন্তি মতে, মিচিংসকলৰ আদি বাসস্থান আছিল তিব্বতৰ ‘কিঃলং কাংগেঃ’ আৰু তাৰপৰাই তেওঁলোকে ‘ৰৗগৃঃ ৰৗগাম’ (অৰ্থাৎ বৰ্তমান অৰুণাচলৰ পাচিঘাট আৰু তাৰ আশে-পাশে থকা অঞ্চল) লৈ নামি আহি দক্ষিণলৈ আগবাঢ়ে। হয়তো ম্যানমাৰ পৰ্যন্ত। কাৰণ দ্বিতীয় ব্ৰিটিছ-বৰ্ম যুদ্ধ (১৮৫১-৫২ চন) ত পেঃগু আৰু প্ৰমেঃ নামৰ দুটা অঞ্চল ব্ৰিটিছসকলে দখল কৰি নিজৰ হাতলৈ অনাৰ উল্লেখ পোৱা যায়। বৰ্তমান ম্যানমাৰত আনকি পেঃগু, মেঃগু আদি পৰ্বতৰো অস্তিত্ব পোৱা যায়। তাৰ পিছত হয়তো তেওঁলোকে অসমৰ শদিয়া অঞ্চললৈ ঘূৰি আহে। নতুবা তেওঁলোক আহোমসকল থাইলেণ্ডৰপৰা প্ৰব্ৰজন কৰাৰ দৰে ম্যানমাৰৰপৰা হয়তো শদিয়া হৈ ভৈয়ামলৈ নামি আহে।

প্ৰবাদ আছে যে তেওঁলোকে পাহাৰৰপৰা নামি আহোতে বাটতে দুয়োপাৰে ওখ আৰু থিয় গৰাৰ এটা প্ৰকাণ্ড খাল পাইছিল। সেই খাল ‘মাঃয়িং’ আৰু ‘মাংকং’ নামৰ দুডাল লতাৰ ওপৰেদি বগাই পাৰ হৈছিল। লতা দু়ডালৰ এডাল সোণবৰণীয়া আৰু আনডাল ৰূপ বৰণীয়া আছিল। সৰলচিতীয়া মিচিংসকলে খুব সম্ভৱ পাহাৰকে স্বৰ্গ আৰু লতা দুডালকে সোণ-ৰূপৰ জখলা বুলি অভিহিত কৰিছে।

মিচিংসকল মংগোলীয় আৰু তীব্বত-বৰ্মীয় জনগোষ্ঠীৰ লোক। তেওঁলোকৰ শাৰীৰিক গঠন অন্যান্য মংগোলীয় জাতিৰ লগত প্ৰায় মিলে। তেওঁলোক বৰ ওখও নহয়, বৰ চাপৰো নহয়। শুদ্ধ বগা নহ’লেও তেওঁলোকৰ দেহৰ বৰণ প্ৰায় বগা। হাত-ভৰি নোদোকা আৰু শৰীৰ হৃষ্ট-পুষ্ট। নাক সাধাৰণতে চুটি আৰু চকুবোৰ চেপেটা। সৰুকালৰপৰা ‘কঃবাং’ বা জখলাত উঠা-নমা কৰা কাৰণে তেওঁলোকৰ ভৰিৰ কলাফুলবিলাক শকত।

মিচিংসকল বৰ শান্তিপ্ৰিয়। তেওঁলোকৰ ঘৰৰ মুৰব্বীক কেন্দ্ৰ কৰি একেটা ঘৰতে বংশৰ কেইবাটাও পৰিয়াল একেলগে থাকে। ঘৰৰ সকলো আয়-ব্যয় মুখিয়ালৰ পৰামৰ্শ মতেই কৰা হয় যদিও ঘৰত তিৰোতাসকলে কুকুৰা-গাহৰি পুহি সেইবিলাক স্বতন্ত্ৰভাৱে বিক্ৰী কৰে আৰু বেলেগে বেলেগে নিজৰ নতুবা নিজৰ পৰিয়ালৰ যাৱতীয় খৰচ উলিয়াই লয়। পুৰুষসকলেও ঘৰৰ সমূহীয়া কাম খতি নকৰি আজৰি সময়ত ‘ৰৃক্ চৗঃ’ বা বেলেগে ধান, মাহ, সৰিয়হ আদিৰ খেতি কৰি নিজৰ লাগতিয়াল খৰচ উলিয়াই লয়।

মিচিং মহিলাসকল পুৰুষতকৈ বেছি পৰিশ্ৰমী। পুৱাৰপৰা গধূলিলৈকে ঘৰুৱা কামত ব্যস্ত থাকিও তেওঁলোকে নিজে বৈ-কাটি নিজৰ পিন্ধা-উৰা কাপোৰ-কানি যোগাৰ কৰে।

যৌথ কৰ্ম বা পাৰস্পৰিক সহযোগিতা মিচিংসকলৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। উদাহৰণস্বৰূপে, গাঁৱৰ ধনী-দুখীয়া নিৰ্বিশেষে ‘ৰগবৃ গগনাম’ আৰু ‘দৃাগলৌগ গৃনাম’ কৰাটো তেনে যৌথ কৰ্মৰ ভিতৰুৱা কাৰ্য। ঘৰ বনোৱা আদি কামত গাঁৱত প্ৰায় প্ৰতিঘৰৰ মানুহে একোটা ঘৰক সহায় কৰাটো হ’ল ‘ৰৃগব আৰু ধান কটা বা হাল বোৱা কামত পাৰিশ্ৰমিক দি ৰাইজক লগোৱাটো ‘দাগলৗগ’।

মিচিং সমাজ পিতৃপ্ৰধান। ইয়াত বাপেক বা পিতৃৰ বংশই ল’ৰা-ছোৱালীৰো নিজৰ বংশ। সেয়ে ল’ৰা-ছোৱালীয়ে মাক বা মাতৃৰ উপাধি গ্ৰহণ নকৰি পিতৃৰ উপাধি গ্ৰহণ কৰে। মিচিং সমাজত দাস প্ৰথা নাই। সকলোৱে সমানে খোৱা-লোৱা কৰিব পাৰে। তেওঁলোকৰ সমাজত দুগলা লাঃনাম (পলুৱাই নি বিয়া কৰা অথবা গন্ধৰ্ব প্ৰথাৰে বিয়া কৰা), ‘মিদাঃমলা লাঃনাম’ (সজাই-পৰাই বিয়া কৰা), ‘কুমপাঃচুল লাঃনাম’ (আশীৰ্বাদ লৈ বিয়া কৰা) আদি বিবাহ প্ৰথা আছে। এটা সময়ত ‘চলা লাঃনাম’ (বলপূৰ্বক লৈ বিয়া পতা) প্ৰথাও মিতিৰৰ সন্মতি সাপেক্ষে আছিল। আজিকালি কিন্তু এই অগণতান্ত্ৰিক প্ৰথা একেবাৰে উঠি গৈছে। মিচিং বিবাহ প্ৰথাৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল, ইয়াত যৌতুক প্ৰথাৰ কোনো বাধ্যবাধকতা নাই।

অতীতত মিচিংসকলৰ ধৰ্ম বিশ্বাসৰ পৰম্পৰা কেনে আছিল এয়া থিৰাং নহয়। তেওঁলোকে বৰ্তমান হিন্দু ধৰ্ম বা খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে যদিও তেওঁলোকৰ কিছুমান নিজা পূজা-সেৱা আৰু উৎসৱ আছে। গাঁৱত তেওঁলোকে পালন কৰা বৈষ্ণৱ ধৰ্মক কেৱলীয়া বা কালসংগতি ধৰ্ম বুলি কোৱা হয়। গাঁও বা নগৰত প্ৰায় ভাগে এক শৰণ ভাগৱতী ধৰ্ম অথবা শ্ৰীমন্ত শংকৰদেৱ সংঘ আদিত সোমাই বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে আৰু কিছুমানে খ্ৰীষ্টান ধৰ্মও গ্ৰহণ কৰিছে। কালসংগতি বা কেৱলীয়া ধৰ্মত বিশ্বাস কৰাসকলে সকাম-নিকাম বা পূজা-সেৱা কৰোতে মাছ, মাংস আৰু আপং ব্যৱহাৰ কৰে। এইবিলাকৰ উপৰি মিচিংসকলে আলি আঃয়ৗ লৃগাং (শস্যৰ বীজ সিঁচিবলৈ আৰম্ভ কৰা উৎসৱ), দবুৰ উই (মাৰি-মাৰক, দায়-দোষ আদি মৰিষণৰ বাবে কৰা পূজা), পঃৰাগ (অৱস্থাসম্পন্ন সময়ত তিনি বা পাঁচ বছৰৰ মূৰত অনুষ্ঠিত কৰা পূজা-উৎসৱ), আঃমৰাগ (আহুধান চপোৱাৰ পিছত কৰা ক্ষুদ্ৰ নৰাছিগা পূজা অনুষ্ঠান), তালৗং উই (ওপৰ দেৱতা) বুলি দঃমুগ, দংকং, অৗচাৰ, পৗদং, মুদলৃং, য়াৰিঃ (মেঘ, বতাহ, বৰষুণ, বজ্ৰ, বিজুলী), দঃঞি-পঃল (চন্দ্ৰ-সূৰ্য)ক সাক্ষী কৰি ৰুঃনৗ পৃনৗ (সৃষ্টিকৰ্তা), কাৰ্চৃং কাৰ্তাং (পালন কৰ্তা), চৗঃদৃ মৗঃল (আদিম পুৰুষ-প্ৰকৃতি), চিনৗ মঃব (স্বৰ্গীয় উপৰিপুৰুষ), ৰুগজি মেঃৰাং (তৰু-তৃণ আৰু পোক-পৰুৱা) আদিক পূজা কৰে। উৰম তচাগ (নপুৰুষীয়া সকাম), আচি উই (জলদেৱতা), পৗজাব উই (হাঁহ দেৱতা), য়ুমৰাং উই (বনদেৱতা), অকুম ডাঙৰীয়া (ঘৰ ডাঙৰীয়া), কাঃৰাগ (ৰিষ্ট বা গ্ৰহদোষ), য়াল’ৱাঃমৃদ বা য়াল’ গগনাম (জীৱ মাতা) আদি পূজা-সকাম পাতে। মিচিং সমাজৰ পূজা সেৱাত মিবু বা মিৰৃ (দেওধাই)ৰ ভূমিকা উল্লেখযোগ্য। মংগল চোৱা আৰু তাৰ বিধান দিয়াটো মিবু বা মিৰৃৰ কাম। মিচিংসকলে ‘চিনৗ মঃব’ অৰ্থাৎ মৃত আত্মাৰ তৃপ্তি আৰু সদগতিৰ বাবেও ‘উৰুম আপিন’ (আদ্যশ্ৰাদ্ধ), ‘দদগাং’ (শ্ৰাদ্ধ) আদি পাতে। আজিকালি অৰুণাচলৰ আদি জনগোষ্ঠীৰ লগত তাল-মিল ৰাখি কিছুমানে ‘দঃঞি-পঃল’ নামৰ এটা ধৰ্ম গ্ৰহণ কৰা দেখা গৈছে। দঃঞি-পঃল ধৰ্মৰ আচাৰ-অনুষ্ঠানবিলাক প্ৰায় কেৱলীয়া বা কালসংহতিৰ নিচিনাই।

কৃষিজীৱী মিচিংসকলৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ ভিতৰত আলিঃ আঃয়ৗ লৃগাং, দবুৰ পূজা, পঃৰাগ, আঃমৰাগ আদি অন্যতম। ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা আলিঃ আঃয়ৗ লৃগাং উদযাপন কৰা হয়। আলিঃ আঃয়ৗ লৃগাঙৰ অৰ্থ শস্যৰ বীজ বা গুটি সিঁচিবলৈ আৰম্ভ কৰা। ৰাজহুৱা দবুৰ পূজা বছৰৰ জেঠ মাহৰ ১৫ তাৰিখে অনুষ্ঠিত কৰা হয়। ইয়াৰ উদ্দেশ্য হ’ল আত্মশুদ্ধি, বেমাৰ-আজাৰ, বিপদ-বিঘিনিমুক্ত আৰু শস্য-শ্যামলা পৃথিৱীক পোক-পৰুৱাৰ উপদ্ৰৱৰপৰা ৰক্ষা কৰিবলৈ উপাস্য দেৱতাক আহ্বান জনোৱা। মিচিংসকলে কাতিবিহু, মাঘবিহু আৰু বহাগ বিহু পালন কৰাৰ উপৰি কাতি-আঘোণ মাহত ধান চপাই ‘আঃমগ দগদ’ (ন-খোৱা), আঃমৰাগ (সৰু নৰা ছিগা উৎসৱ), পঃৰাগ (ডাঙৰ নৰা-ছিগা উৎসৱ) আদি পাতে।

মিচিংসকলৰ অনেক মৌখিক গীত-মাত বা লোকগীত আছে যিবিলাকৰ ভিতৰত অইমিঃতম, আঃবাং, কাবান আদি অন্যতম। মিচিং লোকগীত হিচাপে অইনিঃতমৰ জনপ্ৰিয়তা সৰ্বাধিক।

কাবানবিলাক একো একোটা বিননিগীত। হৃদয়ত যেতিয়া বব নোৱৰা দুখ-বেদনা থূপ খায় তেতিয়া বহুদিন সঞ্চিত হোৱা অব্যক্ত মনৰ বেদনাই কেতিয়াবা গীতিময় আৱেগেৰে প্ৰকাশ পায়।

আঃবাংসমূহ কিছুমান পৌৰাণিক গীত। ইয়াৰ ভাষা প্ৰাচীন আৰু সেয়ে সৰ্বসাধাৰণ মানুহে সহজে সেইবোৰ বুজিব নোৱাৰে। যিসকল ব্যক্তিয়ে ‘মিবু’ আৰু ‘মিৰৃ’ৰ লগত সংস্পৰ্শ ৰাখি তেওঁলোকৰ ভাষা আহৰণ কৰিছে, তেওঁলোকেহে আঃবাঙৰ ভাষা বুজি পায়।

অইনিঃতম, আঃবাং, কাবানৰ উপৰি বৃঃৰৃগ নিঃতম, (ঋতু উৎসৱৰ গীত), লুপ’ নিঃতম (কথোপকথনমূলক গীত), মিদাঃ নিঃতম বা জঃয়ঃ (বিয়াগীত), মমান (খেল-ধেমালিৰ গীত), কঃ নিঃনাম বা বৃনিঃ (নিচুকনি গীত), বিভিন্ন লোক কথা আৰু প্ৰৱচনৰো মিচিং সমাজত প্ৰচলন আছে।

বিষয়বস্তু আৰু পৰিৱেশনৰ ৰীতিৰ ওপৰত নিৰ্ভৰ কৰি মিচিং নৃত্যক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি। যেনে— ১) ধৰ্মমূলক (Ritual), ২) কৃষি উৎসৱমূলক (Agro Festival) আৰু ৩) বিশ্ৰামমূলক (Recreational)

মিচিংসকলে নিজকে মিচিং বুলি পৰিচয় দিয়াৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা কথিত ভাষাক ‘মিচিং আগম অৰ্থাৎ মিচিং ভাষা বুলি কয়। এই মিচিং ভাষাৰ কেইবাটাও উপভাষা আছে। এইবোৰ প্ৰধানত পাগৰ, দৗলু, চাঃয়াং, অয়ান, দাম্বুগ আৰু মঃয়িং। ৰূপতাত্ত্বিক বিচাৰত পাগৰ্, দৗলু, দামবুগ আৰু অয়ান উপভাষা প্ৰায় একে। তেনেকৈ চাঃয়াং আৰু মঃয়িঙৰ সম্পৰ্কও কিছু ওচৰ। চমুকৈ অসমীয়া ‘কি’ অব্যয়ক পাগৰ-দৗলু-দাম্বুগ-অয়ান উপগোষ্ঠীয়ে অক’ বা অকক্ (অক’ অৗ অকক্) বুলি কয় আৰু মঃয়িং-চাঃয়াং উপগোষ্ঠীয়ে আদীসকলৰ দৰে অৃংক বুলি কয়। অৱশ্যে আদিসকলৰো কিছুমানে অক’ শব্দই ব্যৱহাৰ কৰে।

বহুদিন ধৰি মিচিং ভাষা কথিত অৱস্থাতে আছিল। কিন্তু ১৯৭২ চনত মিচিং আগম কৗবাং অৰ্থাৎ মিচিং ভাষা সংস্থা গঠন হোৱাত ইয়াক লিখিত ৰূপত প্ৰকাশ কৰাৰ প্ৰচেষ্টা বৰ্তমান পূৰ্ণগতিত চলি আছে। সংশোধিত ৰোমান লিপিয়েই হ’ল মিচিং লিপি।

বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ঠাইত দ্বিতীয় শ্ৰেণীৰপৰা মিচিং ভাষাৰ শিক্ষা আৰম্ভ কৰিব লাগে বুলি অসম চৰকাৰৰ ওচৰত দাবী জনোৱা হৈছে।

মিচিং সমাজৰ ৰাজনৈতিক গঠন গণতান্ত্ৰিক। অৰুণাচলৰ আদি অৰ্থাৎ পাঃচি, পাঃদাম, দামৰ আৰু মিঞংসকলৰ দৰে মিচিং গাঁওবিলাকতো দঃলুঃ কৗবাং আছে। গাঁৱত হাই-কাজিয়া হ’লে নতুবা কোনোবাই দায়-জগৰ লগালে গাঁৱৰ সমাজ ‘মৃৰং অকুম’ বা মিচিংসকলৰ ৰাজহুৱা সভাকক্ষ ও সাংস্কৃতিক কেন্দ্ৰত গোট খাই কৗবাং পাতে। অতীতত ‘গাঃম’সকলেই সমাজৰ মুৰব্বী আছিল। আজিকালি গাঁৱৰ গাঁওবুঢ়া নতুবা বয়োজ্যেষ্ঠসকলে বিচাৰ কৰি ৰায় দিয়ে আৰু দোষীক শাস্তি প্ৰদান কৰে।

পৰিশিষ্টত, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে অসমৰ নৈ-উপনৈবিলাকৰ পাৰে পাৰে বসতি কৰা মিচিংসকলৰ বাসস্থানৰ কোনো ভৌগোলিক পৰিসীমা নাই যদিও ১৯৯৫ চনৰপৰা তেওঁলোকৰ এখনি স্বায়ত্ত শাসিত পৰিষদ গঠন হৈছে। আমাৰ আশা, বিচিত্ৰতাৰে ভৰা মিচিং সমাজ আৰু সংস্কৃতিৰ উত্তৰণে ভৱিষ্যতে বৰলুইতৰ দুইপাৰ উজলাই তুলিব।

(খিলঞ্জীয়াৰ সৌজন্যত)

ৰাভা ইতিহাসৰ জিলিঙনিঃ এটি চমু আভাস

ৰাজকুমাৰ ৰাভা

ৰাভা জাতিৰ ঐতিহাসিক পটভূমি

ৰাভাসকল বস্তুতঃ এটা আদিম জাতি। এওঁলোক অসম, মেঘালয় আৰু পশ্চিমবংগৰ বিভিন্ন স্থানত সিঁচৰতি হৈ আছে। মতবাদ মতে ৰাভাসকলৰ আদি বাসভূমি আছিল ৰাছিয়াৰ ছাইবেৰিয়া। নানা পণ্ডিতে বিভিন্ন মতবাদ আৰু মতভেদৰ সৃষ্টি কৰি গৈছে কাৰণে ঐতিহাসিক পটভূমি সৰ্বসন্মতভাৱে বিচাৰি পোৱা টান। এইটো স্পষ্ট যে সাম্প্ৰতিক সময়ত ৰাভা জাতিৰ স্থান, জনসংখ্যা, পৰিচয় ক্ৰমাগতভাৱে পোহৰলৈ আহিছে আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ ধাৰা অব্যাহত ৰাখিলে ৰাভা জাতিৰ ঐতিহাসিক পটভূমি অধিক স্পষ্ট আৰু সঠিক ৰূপত পোৱা যাব। এইটো ক’ব পাৰি যে ১৯০৩ চনত প্ৰকাশিত Linguistics Survey of Indiaৰ মানচিত্ৰত সন্নিৱিষ্ট মতে গাৰোপাহাৰ জিলাৰ ‘ফুলবাৰী’ৰপৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে গাৰোপাহাৰ আৰু খাচিয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তৱৰ্তী কিছু অঞ্চল সামৰি ৰাভা মানুহৰ বাসভূমি হিচাপে চিহ্নিত আছে।

পৰিচয়ঃ নিজস্ব ঐতিহ্য, বৈশিষ্ট্য, বিশ্বাস, আখ্যান, উপাখ্যানেৰে পৰিপুষ্ট ৰাভাসকল এটা পৃথক জনজাতি। ভাৰতীয় সংবিধানত ৰাভা এটা জনজাতি হিচাপে স্বীকৃত। মংগলীয় ফৈদৰ জাতি সামাজিক ফালৰপৰা কেইবাটাও শাখা বা ঠালত বিভক্ত, যেনে—(ক) ৰংদানি (খ) পাতি (গ) মায়তৰি (ঘ) দাহিৰ (ঙ) ততলা (চ) বিতলিয়া (ছ) হানা (জ) কোচ আদি। ৰাভা জাতিৰ এই শাখাবোৰ কেনেকৈ নামকৰণ হৈছিল, তাৰ প্ৰতিটোৰে কাহিনীও আছে। ৰাভাসকল এই ঠাল বা শাখাৰ ভিতৰত ৰংদানি, মায়তৰি আৰু কোচসকলেহে ৰাভা ভাষা জানে আৰু প্ৰচলিত। বিভিন্ন কাল, মান, স্থান অনুসৰি বাকী ঠালবোৰৰ মাজত ৰাভা ভাষাটো প্ৰচলিত নহয় বা নাজানে যদিও সম্প্ৰতি নিজস্ব ভাষাটোক আদৰি লৈছে আৰু ঠাই বিশেষে ক’ব পৰাৰ লগতে প্ৰচলিত হোৱা পৰিলক্ষিত হৈছে। লগতে ৰাভাসকলে কৃষ্টি-সংস্কৃতি, সাজপাৰ আদিত সকলোতে একত্ৰীকৰণ হৈছে।

ভাষাঃ ৰাভা জাতিৰ নিজস্ব ভাষা (দোৱান) আছে। গাণিতিক সংখ্যাও পৰিপূৰ্ণভাৱে আছে। ৰাভা ভাষা নিশ্চিতভাৱে ব্যাকৰণসন্মত। বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া, অব্যয়, শব্দৰূপ, ধাতুৰূপ ইত্যাদি নিয়ম মানি চলে। ইয়াৰ উপৰি খণ্ডবাক্য, জতুৱা ঠাঁচ আদিৰে প্ৰকাশ ভংগী আছে। মুঠতে ৰাভা ভাষাৰ নিজস্বতা সম্পূৰ্ণকৈ আছে। গৱেষণা আৰু অনুশীলনৰ অভাৱত পূৰ্বতে ৰাভা ভাষা বিস্মৃতিৰ গৰ্ভত হেৰাই গ’লেও সম্প্ৰতি এই ভাষা বহুখিনি উদ্ধাৰ হৈছে আৰু পুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ নতুন পদক্ষেপ লোৱাত ৰাভা ভাষা ঠন ধৰি উঠা বুলি দৃঢ়তাৰে ক’ব পাৰি।

উদাহৰণ হিচাপে ক’ব পাৰি যে, ৰাভা ভাষাৰ অভিধান ইতিমধ্যে দুখন প্ৰকাশ হৈছে আৰু নিখিল ৰাভা সাহিত্য সভাৰ তৰফৰপৰা আৰু এখন অভিধান প্ৰকাশৰ পথত। ৰাভা, ইংৰাজী আৰু অসমীয়া ভাষাত ‘‘ছামলায়দিনি ৰাওছামি” নামৰ পূৰ্ণাংগ ৰাভা প্ৰশাসনীয় পৰিভাষা প্ৰকাশ পাইছে। বৰ্তমান নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত “ফামানচিনি” (পৰিচয়)ৰপৰা পৌৰমৌতকাপছিনি (স্নাতকোত্তৰ) শ্ৰেণীলৈ ৰাভা ডিপ্ল’মা কোৰ্চ পৰীক্ষাৰ বাবে নিজাববীয়া প্ৰচেষ্টাৰে পাঠ্যপুথি যুগুত কৰি উলিয়াই ৰাভা ডিপ্ল’মা পৰীক্ষা ইং ২০১১ চনৰপৰা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। তদুপৰি ৰাভা ভাষা প্ৰচাৰ, প্ৰসাৰ আৰু উত্তৰণৰ দিশত বেবাক্ ৰাভা ক্ৰৌৰাং ৰুনচুম্ তথা নিখিল ৰাভা সাহিত্য সভাই কাম কৰি আহিছে।

ৰাভা ভাষা উত্তৰণৰ প্ৰথম কালছোৱা বুলি ক’লে ৰাভা উত্তৰণৰ সোণালী যুগ ‘চাম্পায়’ আৰু প্ৰাক্ চাম্পায় বুলি কোৱা হৈছে। ‘চাম্পায়’ ৰাভা ভাষাৰ আলোচনীৰ জৰিয়তে ৰাভা ভাষা জীৱন্ত হৈ উঠে। ইয়াৰ বহু বছৰৰ পিছত ইং ২০০৫ চনত ৰাভা ভাষাৰ প্ৰথম পষেকীয়া বাতৰিকাকত ‘চিঙি খুৰাং’ প্ৰকাশ পায়।

সমাজঃ ৰাভা সমাজ পোনতে মাতৃপ্ৰধানৰ দৰে আছিল যদিও ক্ৰমে পিতৃপ্ৰধানলৈ ৰূপান্তৰিত হৈছে। অৱশ্যে (নোক ধাংকায়) ঘৰ-জোঁৱাই বিয়াৰ ব্যৱস্থাক মাতৃপ্ৰধান বুলি ধৰি ল’ব পাৰি। ল’ৰা-ছোৱালী মাকৰ বাৰায় (গোত্ৰ) অন্তৰ্ভুক্ত হয়। বাপেকৰ বাৰায় ‘পাম’ হ’লে আৰু মাকৰ বাৰায় ৰংখ হ’লে ল’ৰা-ছোৱালীৰ ‘ৰংখ’ বাৰায় অন্তৰ্ভুক্ত হ’ব। মাকৰ বাৰায়ৰ ফালৰপৰা যিমান বাৰায়ৰ জন্ম হয়, সেইবোৰেই ‘মাহাৰী’ আৰু মাহাৰী সূত্ৰে নিকটস্থ মাহাৰীৰ সম্পত্তিৰ অধিকাৰত পূৰ্ণ দাবী থাকে। কিন্তু একেই মাহাৰীৰ কোনো পুৰুষে সেই সম্পত্তি দাবীৰ কোনো হেতু নাথাকে। ৰাভা সমাজত নাৰীৰ স্থান অতি উচ্চ নহ’লেও সমাজত নাৰীৰ স্থান আছে।

ৰাভাসকলৰ বাৰায় মূলত কেইবাভাগত বিভক্ত। বাৰায় (গোত্ৰ)সমূহ হ’ল—পাম বাৰায়, ৰংখ বাৰায়, চিৰা বাৰায়, হাতো বাৰায়, মাতা বাৰায়, ফেনাং বাৰায়, চৰ্চুং বাৰায়, ৰুংদুং বাৰায়, হাকাচাম বাৰায়, বানথো বাৰায়, ছন্দুক বাৰায়, চেৰেংগী বাৰায়, বাকচাক্ বাৰায়, বাইদা বাৰায়, ছংদু বাৰায়, জুৰো বাৰায়, তাৰা বাৰায়, হাদু বাৰায়, হালো বাৰায়, ছন্তোক বাৰায়, দয়নাং বাৰায়, দিপকা বাৰায়, অনে বাৰায়, দাবাং বাৰায়, চিকলাং বাৰায়, চংথপ্ বাৰায়, মেজেংগা বাৰায়, খানদা বাৰায়, বাৰচুং বাৰায়, বানদাহাই বাৰায়, কানত্ৰাং বাৰায়, লকবক্ বাৰায়, চাপাৰ বাৰায়, পৌনচিবক বাৰায় আদি।

সংস্কৃতিঃ ৰাভাসকল নিজস্ব লোকগীতত চহকী। তেনেদৰে লোকসাধু, লোকবিশ্বাস আৰু লোক-সংস্কৃতিৰে ভৰপূৰ। আৱহমান কালৰেপৰা চলি অহা ৰাভাসকলৰ বৰ্ণাঢ্য সংস্কৃতি বৰ্তমান আধুনিকতাৰ পৰশ নোপোৱাকৈ থকা নাই। ৰাভাৰ সমাজ জীৱনত চলি অহা বিভিন্ন পূজা-পাতল, উৎসৱ-পাৰ্বণ আদিত গীত, মাত, সুৰ, তাল, লয়, বাদ্য-নৃত্যৰ সা-সঁজুলি তথা সাজপাৰ অতি প্ৰাঞ্জল ৰূপত চলি আহিছে। ৰং-ৰহইচ নৃত্যৰপৰা যুদ্ধ বা ৰণ, খেতি-বাতি, বিয়া-সবাহ আৰু শ্ৰাদ্ধ আদিতো আৱহমান কালৰেপৰা নৃত্য-গীত চলি আহিছে। এই নৃত্য-গীত আনন্দৰপৰা দুখলৈ, প্ৰেমৰপৰা বিৰহলৈ বিবিধ গথা। ৰাভা কৃষ্টি বৰ্তমানলৈকে ২৪ প্ৰকাৰৰ আছে। তাৰে ভিতৰত মূল নৃত্যসমূহ হ’ল— হামজাৰ, ছাথাৰ, ফাৰকান্তি, হাছং, খোকচি, ছিবোদাৰমাং, বায়খো, পাংবা, না-বোকায়, বহুৰঙী আদি।

ৰাভা কৃষ্টি-সংস্কৃতিত অতীতৰেপৰা চলি অহা প্ৰতীক হ’ল মানছালেংকা বা মাছৰোকা চৰাই। এই মানছালেংকা আৰ্হিত কৰুৱা আৰু বাতিকটিকা নামৰ চৰাইক লৈ এডাল মাৰিত সংলগ্ন কৰি লোৱা হয় কাঠৰ প্ৰতিকৃতিৰে আৰু নাচৰ তালে তালে মতাসকলে নচুৱায় লগতে নাচনীসকলে ৰাভাৰ পৌৰাণিক বীৰ-বীৰাংগনাৰ ঢাল আৰু তৰোৱাল লৈ নৃত্য পৰিৱেশন কৰে। লগতে বাদ্যৰ তালিকাত থাকে খাম, ব্ৰাংচি (বাঁহী), তেংতক্, চিংগা, কাৰানল, বাদুংদুঙা, বাদুংদুপ্পা আদি। ৰাভাৰ ঐতিহ্যমণ্ডিত কৃষ্টি-সংস্কৃতিত এইকেইবিধ বাদ্য আৰু সা-সৰঞ্জাম বৰ্তমান আধুনিকতাৰ যুগতো সম্পূৰ্ণ বিৰাজমান।

পৌৰাণিক আখ্যান আৰু পৰম্পৰাগত বিশ্বাস মতে, ৰাভাসকলৰ ভাষা, কৃষ্টি, খোৱা খাদ্য আদি দানৰূপে পাইছিল জগত সৃষ্টিকৰ্তা স্বয়ং ঋষি মহাদেৱৰপৰা। ৰাভাৰ লোকবিশ্বাসত এতিয়াও বিশ্বাসযোগ্য হিচাপে থকা সেই ধাৰণাসমূহ ৰাভা জীৱনৰ অংগে অংগে প্ৰতীয়মান।

ৰাভা বীৰ-বীৰাংগনাঃ ‘বাহাৰিস্তান ঘায়েবী’ বুৰঞ্জীমতে সোতৰ শতিকাৰ দ্বিতীয় দশকত ‘ছাম্ভোৰ’ ৰাজ্যৰ ৰজা আছিল ৰাজাবীৰ পৰশুৰাম। তেনেদৰে ৰাভা বুৰঞ্জীত বীৰ ৰজা দদান, মাৰুক্ষেত্ৰী আদি যোদ্ধাসকলৰ নাম পোৱা যায়। তেনেকৈ নদাই, চাম্পাই আদি বীৰাংগা সকলো ৰাভা বুৰঞ্জীত উজ্জ্বল হৈ আছে। এই বীৰ-বীৰাংগনাসকলৰ অলেখ কাহিনী পুঞ্জীভূত হৈ আছে। এইসকলৰ ৰাজত্ব কালৰ অনেক স্মৃতি মাকৰী পাহাৰ, ৰংজুলি, কল্যাণপুৰত এতিয়াও আছে। তদুপৰি ফেডাৰ ডোবাতো দদানৰ শেষ স্মৃতি নিৰৱে আছে।

ৰাভাৰ উৎসৱ পূজা-পাতলঃ বুৰঞ্জীত ৰাভাসকলৰ ৰজাবীৰ দদানৰদ্বাৰাই বায়খো পূজা কৰা হৈছিল আৰু ক্ৰমাগতভাৱে বায়খো উৎসৱলৈ পৰিণত হ’ল। ৰাভাসকলৰ প্ৰধান দেৱতা ঋষি বা মহাদেৱ। আখ্যান মতে বায়-খোকচি নামৰ দুই বাই-ভনী দেৱীৰপৰাই বায়খো দেৱী আৰু খোকচি দেৱীক অতীতৰেপৰা ৰাভাসকলে পূজা কৰি আহিছে। তদুপৰি লাভা, দেৱতাকে ধৰি বিভিন্ন দেৱ-দেৱীৰ পূজা কৰি আহিছে। ৰাভাসকল জড় উপাসক। তেওঁলোকে শিল, গছ-গছনিক পূজা কৰি গাহৰি, কুকুৰা, পাৰ আদি উছৰ্গা কৰে।

সমাজ, আচাৰ নীতিঃ ৰাভাসকল মূলতে কৃষিজীৱী। প্ৰাচীন কালৰেপৰা সামাজিকভাৱে ঐক্যবদ্ধতা ৰক্ষা কৰি আহিছে। বন্য জন্তু চিকাৰ, মৎস্য চিকাৰ আদি পুৰুষ-মহিলাই একেলগে কৰে। গাঁৱৰ পূজা-পাতল, বিবাহ, শ্ৰাদ্ধ আদিতো সমানে অংশ গ্ৰহণ কৰে। প্ৰাচীন কালত হোৱা যুদ্ধ-বিগ্ৰহতো মতা-মাইকীৰ সক্ৰিয় সহযোগিতাৰ প্ৰমাণ পোৱা যায়। খেতি-বাতিতো সমভাৱে কাম কৰে। যুদ্ধ-বিগ্ৰহ ভাল পোৱা বাবে ৰাভা জাতিক ক্ষত্ৰিয় বুলিও কোৱা হয়।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মিচিং সমাজ আৰু সংস্কৃতি
Anjan Sarma

Anjan Sarma

Related Posts

Supreme Court Stands Firm Against Wealthy Silencing Media!
Special Report

India’s Judicial Transparency In the path of Transition

by Pradakshina Sarmah
August 15, 2026
0

India’s Judicial Transparency In the path of Transition PRADAKSHINA SARMAH Judicial Transparency refers to the openness, accessibility, and accountability of...

Read moreDetails
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d