মিজোৰামৰ সততাৰ দোকান
মিজোৰামৰ ৰাজধানী আইজলৰ পৰা পূৱলৈ কিছু দূৰলৈ গৈ থাকিলে চেলিং নামৰ সৰু পৰিচ্ছন্ন এখন চহৰ পোৱা যায়। তাৰপৰা ৬ নং ৰাজ্যিক পথেৰে অলপ আগুৱাই গ’লেই দেখা যায় এখনৰ পিছত এখনকৈ ভালেমান দোকান। কিন্তু সেই দোকানবোৰত দোকানী নাই!
হয়, সেই দোকানবোৰত সঁচাকৈয়ে কোনো দোকানী নাই। থাকে থাকে সজাই থোৱা আছে নিত্য প্ৰয়োজনীয় সামগ্ৰী, কিন্তু বিক্ৰেতা নাই। ক্ৰেতাসকল আহি দোকানৰ সন্মুখত থিয় হৈছে, দোকানৰ পৰা নিজৰ প্ৰয়োজনীয় সামগ্ৰী নিজৰ মোনাখনত ভৰাইছে। ক্ৰেতাসকলৰ কোনোবা যদি স্থানীয় বাসিন্দা, কোনোজন হ’ল ৰাষ্ট্ৰীয় পথেৰে গাড়ী চলাই অহা চালক। নিজৰ মোনাত লাগতিয়াল সামগ্ৰী ভৰাই লোৱাৰ পিছত ক্ৰেতাই টকা গণি গণি দোকানৰ ভিতৰত থকা কাচ/গ্লাচৰ বাকচটোত বা পাত্ৰটোত ভৰাই দিছে। কোনোবাই হয়তো ৮০ টকাৰ সামগ্ৰী কিনিছে, তেওঁ ১০০ টকা বাকচটোত সুমুৱাই দি ২০ টকা বাকচটোৰ পৰাই লৈ লৈছে। সাধুকথা যেন লাগিলেও মিজোৰামৰ ক্ষেত্ৰত এয়াই সত্য।
মিজোসকল সততাৰ বাবে কিয় প্ৰসিদ্ধ, এনেধৰণৰ দোকানলৈ আহিলেই গম পোৱা যায়।

আইজলৰ পৰা ৪৫ কিলোমিটাৰ দূৰত থকা চেলিং পাৰ হৈ ৬ নং ৰাজ্যিক পথেৰে আগুৱাই গ’লেই টিপাইমুখী গাওঁ। চেলিং-অৰ পৰা টিপাইমুখীলৈ আগবাঢ়ি গ’লে, আধা কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত দৃশ্যমান হয় এখনৰ পিছত এখনকৈ দোকানীবিহীন দোকান। প্ৰতিখন দোকান চালিঘৰৰ ভিতৰত। ভিতৰত সজাই থোৱা আছে বিভিন্ন পণ্য। সতেজ পাচলিৰ পৰা আৰম্ভ কৰি ফল, ফলৰ ৰস, মাছ, শুকান মাছ, কেঁকোৰা, শামুক, পেকেটত থকা গাহৰিৰ মাংস, জীৱন্ত কুকুৰা, কণী, ইত্যাদি। অথচ দোকানী নাই! দোকানীৰ বিষয়ে স্থানীয় লোকক সুধিলে তেওঁলোকৰ পৰা গম পোৱা যায় যে দোকানী হয়তো সেই সময়ত ওচৰৰ খেতি পথাৰত কৃষিকাৰ্যত ব্যস্ত হৈ আছে। হয়তো খৰি লুৰিবলৈ গৈছে। অথবা দূৰৈৰ বিলত মাছ মাৰিবলৈ গৈছে। চুৰিৰ কোনো প্ৰশ্নই নাই। কাৰণ ইয়াত কোনেও চুৰ নকৰে। চুৰি কৰিবলৈ কোনেও শিকাই নাই।
“সহস্ৰ বছৰ ধৰি চলি অহা এনে পৰম্পৰাৰ মূল ভেটি হ’ল পাৰস্পৰিক বিশ্বাস। দোকানীসকলৰ অধিকাংশই হ’ল কৃষক পৰিয়ালৰ সন্তান। নিজৰ উৎপাদিত সামগ্ৰী তেওঁলোকে এনেদৰেই বিক্ৰী কৰে। দিনৰ শেষত দোকানীসকল দোকানলৈ আহে আৰু কাচৰ পাত্ৰ/কেচবক্সৰ পৰা লাভৰ টকাখিনি হাতত লৈ বাকী টকা তাতেই থৈ ঘৰলৈ গুচি যায়। স্থানীয় মানুহৰ ধাৰণা, মানৱতা আৰু সততা এনে বিষয় – যি মানুহৰ আত্মাক সুন্দৰ আৰু সৰল কৰি তোলে।”
দোকানত প্ৰতিটো পণ্যত দাম লিখা থাকে। ‘কেচবক্স’টোক মিজো ভাষাত ‘পাউইচা বাউম’ বুলি কোৱা হয়। স্থানীয় লোকক সুধিলে গম পোৱা যায় যে দোকানত তৰহে তৰহে সামগ্ৰী সজাই থৈ দোকানীয়ে সপৰিবাৰে গুচি যায় ওচৰৰ খেতি পথাৰলৈ বা বিললৈ মাছ ধৰিবলৈ। কোনোবাই আকৌ দিনৰ দিনটো জংগলত মৌ সংগ্ৰহ কৰাত ব্যস্ত হৈ থাকে। দিনত যিবোৰ সামগ্ৰী বিক্ৰী নহয়, নিশাটো তেনেদৰেই সেইবোৰ সামগ্ৰী খোলা দোকানতেই পৰি থাকে। কোনেও হাত দিয়াৰ প্ৰশ্নই নাই! পিছদিনা পুনৰ দোকানীয়ে খেতিপথাৰৰ পৰা সতেজ পাচলি, ফল ইত্যাদি দোকানখনত সজাই থৈ গুচি যায়। কোৱা হয় যে মিজোৰামৰ এনে ‘সততাৰ দোকান’ৰ ইতিহাস হাজাৰ বছৰ প্ৰাচীন। মিজো ভাষাত এনে দোকানক কোৱা হয় ‘নগাহ লৌ ডাহৰ’। অৰ্থাৎ, দোকানীবিহীন দোকান!

সহস্ৰ বছৰ ধৰি চলি অহা এনে পৰম্পৰাৰ মূল ভেটি হ’ল পাৰস্পৰিক বিশ্বাস। দোকানীসকলৰ অধিকাংশই হ’ল কৃষক পৰিয়ালৰ সন্তান। নিজৰ উৎপাদিত সামগ্ৰী তেওঁলোকে এনেদৰেই বিক্ৰী কৰে। দিনৰ শেষত দোকানীসকল দোকানলৈ আহে আৰু কাচৰ পাত্ৰ/কেচবক্সৰ পৰা লাভৰ টকাখিনি হাতত লৈ বাকী টকা তাতেই থৈ ঘৰলৈ গুচি যায়। স্থানীয় মানুহৰ ধাৰণা, মানৱতা আৰু সততা এনে বিষয় – যি মানুহৰ আত্মাক সুন্দৰ আৰু সৰল কৰি তোলে। প্ৰেম, বিদ্বেষ, হিংসা, ইত্যাদি থাকিব পাৰে, কিন্তু মানৱতাই সমাজক উন্নততৰ সমাজ হিচাপে প্ৰতিষ্ঠা কৰে। নীতিশিক্ষা যেন লাগিলেও মিজোৰামত এয়াই স্বাভাৱিক। আৰু, চেলিং-অত সামগ্ৰী ক্ৰয় কৰাৰ ভিত্তিয়েই হ’ল পাৰস্পৰিক বিশ্বাস।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.