• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 24, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

মিনতি বচন : মধুপুৰ সত্ৰৰ পূজ্যস্পাদ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত

মধুপুৰ সত্ৰৰ পূজ্যস্পাদ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত

by Admin
March 18, 2023
in Remembrance
Reading Time: 2 mins read
0
মিনতি বচন : মধুপুৰ সত্ৰৰ পূজ্যস্পাদ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত
Share on FacebookShare on TwitterShare on LinkedIn

মধুপুৰ সত্ৰৰ পূজ্যস্পাদ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত

কুমাৰ দীপক দাস

মিনতি বচন : মধুপুৰ সত্ৰৰ পূজ্যস্পাদ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত

মিনতি বচন

তাহানিৰ কামৰূপ-কমতাত সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনৰ এনে এটা দিশ নাই য’ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ প্ৰভাৱ অনুভূত নহয়৷


শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি-আদৰ্শই পঞ্চদশ-ষোড়শ শতিকাৰ সমসাময়িক বৃহত্তৰ অসমৰ সামাজিক, সাংস্কৃতিক জীৱনত যি নৱজাগৰণৰ সূচনা কৰিছিল সেই কৃষ্ণভক্তিৰ বাণী আৰু আদৰ্শ সঞ্চাৰিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতে মহাপুৰুষ মাধৱদেৱ আৰু আতাপুৰুষ সকলে বৈষ্ণৱ আন্দোলনক জাগ্ৰত ৰূপত আগুৱাই নিবলৈ তেনে আদৰ্শৰে বিভিন্ন কাব্য, গীত, নাট আদি ৰচনা কৰে আৰু আন আন শিষ্য-প্ৰশিষ্যসকলকো সেই কাৰ্যত ব্ৰতী কৰাইছিল ।

 মহাপুৰুষ শংকৰদেৱ , মাধবদেৱ ,দামোদৰদেৱ ,হৰিদেৱকে ধৰি বৈষ্ণৱ গুৰু সকলে আমাৰ আধ্যাত্মিক জগত খনত এক অনন্য ৰূপৰে উদ্ভাষিত কৰি সেই তাহানিতে উত্তৰ বংগ তথা কোচবিহাৰক এই আধ্যাত্মিক আন্দোলনৰ এক উৰ্বৰ ভূমি হিচাবে প্ৰতিষ্ঠা কৰিছিল ৷

RelatedPosts

RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

March 21, 2023
সখি প্ৰসাদ কছাৰী আৰু আমাৰ মাজত নাই !

সখি প্ৰসাদ কছাৰী আৰু আমাৰ মাজত নাই !

March 16, 2023
Lal Ded: A Kashmiri Poetess

Lal Ded: A Kashmiri Poetess

March 14, 2023

বৈষ্ণৱ আন্দোলনৰ অন্যতম এক সুতি ঐতিহ্যমণ্ডিত ভেলা মধুপুৰ ।ভক্তি ৰসৰ মধু নিগৰি থকা এই ভূমি খণ্ডতে প্ৰতিস্হিত মধুপুৰ সত্ৰ ,স্হানীয় লোক সকলে নামাংকন কৰিলে মধুপুৰ ধাম নামেৰে ।


১৫৯৬ খৃস্টাব্দত প্ৰথম গৰাকী সত্ৰাধিকাৰ হিচাবে অধিস্হিত কৰা হৈছিল বুঢ়ীৰ পো’ গোবিন্দ আতৈদেৱক ।

পৰ্যায়ক্ৰমে সত্ৰীয়া পৰম্পৰাৰ মাজেৰে পিচলৈ ক্ৰমানুসাৰে :

প্ৰয়াত নিৰঞ্জন আতৈ
প্ৰয়াত দামোদৰ আতৈ
প্ৰয়াত গোপীনাথ আতৈ
প্ৰয়াত কৃষ্ণবাপু সত্ৰীয়া
প্ৰয়াত গঙ্গা ভড়ালী আতৈ
প্ৰয়াত পচাৰাম ভড়ালী আতৈ
প্ৰয়াত কিনাৰাম আতৈ
প্ৰয়াত নিৰণ আতৈ
প্ৰয়াত তোলন আতৈ
প্ৰয়াত গুৰুপ্ৰসাদ আতৈ
প্ৰয়াত লক্ষ্মীকান্ত আতৈ
প্ৰয়াত ফটীক চন্দ্ৰ হাজৰিকাদেৱে
সত্ৰাধিকাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ।

২০১২ চনৰ পৰা মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পদত সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰিয়েই বৰপেটা সত্ৰৰ পৰা মালা নিৰ্মালী প্ৰদান কৰি এই আসনত সদ্যপ্ৰয়াত লক্ষ্মীকান্ত মহন্ত বাপদেৱক অধিস্হিত কৰি ডেকা সত্ৰাধিকাৰ হিচাবে শ্ৰীযুত পীতাম্বৰ ভকতদেৱক অধিস্হিত কৰা হয় ।

মিনতি বচন : মধুপুৰ সত্ৰৰ পূজ্যস্পাদ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত
মধুপুৰ

পৰম্পৰা ৰক্ষা কৰি মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত ইয়াৰ উন্নয়নকে ধৰি যাবতীয় কাম কাজ পৰিচালনা কৰাত সহযোগ কৰি ইয়াৰ লগতে সত্ৰৰ সকলো ধৰ্মীয় কামকাজ তথা মধুপুৰ সত্ৰৰ অন্তৰ্নিহিত সকলো ব্যৱস্হাপনা দুয়োগৰাকী সত্ৰ প্ৰধানে নিয়াৰিকৈ পৰিচালনা কৰিবলৈ লয় ।আনহাতে ,সত্ৰ খনৰ যথাযথ উন্নয়ন তথা সত্ৰীয়া সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত উক্ত দুয়োগৰাকী সত্ৰাধিকাৰে হাত উজান দিব লৈছিল ।

কিন্তু যোৱা দুমাহজুৰি অৱধাৰিত ভাবে মহন্তদেৱৰ দ্ৰুত গতিত স্বাস্থ্যৰ অৱনতি ঘটি যোৱা ৮ মাৰ্চ তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে ।

পৰম পূজ্যস্পাদ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তদেৱ পৰলোকগামী হোৱাৰ দু:খৱৰটোৱে আমাক সকলোকে মৰ্মাহত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহৎ আদৰ্শক সাৰোগত কৰি বৈষ্ণৱ সংস্কৃতিৰ প্ৰসাৰৰ লগতে আধ্যাত্মিকতাৰে সমাজক ঐক্যবদ্ধ তথা শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে । উদাসীন ভকত হিচাবে জীৱন যাপন কৰা মহন্তবাপজনাৰ বিয়োগত অসমৰ বৈষ্ণৱ আন্দোলনৰ এক অপূৰণীয় ক্ষতি হ’ল ।

প্ৰয়াত লক্ষ্মীকান্ত মহন্ত বাপজনাৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ সান্নিধ্য চৰ্চাৰে তেখেতৰ প্ৰতি ৰাজহুৱাকৈ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰা বাবে ১৮ মাৰ্চ ২৩ইং তাৰিখ শনিবাৰৰ দিনা ঐতিহ্যপূৰ্ণ মধুপুৰ সত্ৰ প্ৰাংগনত মধুপুৰ সত্ৰ সমিতিয়ে ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত , মধুপুৰ সত্ৰৰ সৈতে পৰম্পৰা ৰক্ষা কৰি অহা সত্ৰ , নামঘৰ তথা বাপ বান্ধৱ সকলক জড়িত কৰি দিনযোৰা এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লয়।


আমি অতি বিনম্ৰতাৰে আপোনাসৱক জনাব বিচাৰো যে অসম চৰকাৰে মধুপুৰ সত্ৰ উন্নয়নৰ ক্ষেত্ৰত এক সুদুৰপ্ৰসাৰী আচনি গ্ৰহন কৰাৰ উপৰিও সত্ৰাধিকাৰ গৰাকীৰ শুশ্ৰূষাত ব্যয় হোৱা সকলো দায়িত্ব গ্ৰহন কৰি ধুবুৰী জিলা প্ৰশাসনৰ জড়িয়তে ইয়াক সম্পাদন কৰা ব্যৱস্হা গ্ৰহন কৰি আমাক কৃতাৰ্থ কৰিছে ।এই ক্ষেত্ৰত অসমৰ মাননীয় মূখ্যমন্ত্ৰীদেৱৰ লগতে ধুবুৰীৰ স্হানীয় তদাৰক মন্ত্ৰী শ্ৰী জয়ন্তমল্ল বুজৰবৰুৱা তথা উপায়ুক্ত ডাঙৰীয়াক শলাগ জ্ঞাপন কৰিলোঁ ।


সদৌ শেষত , পুনৰবাৰ এক শৰণ নাম ধৰ্মৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ সৈতে আজীৱন কৃচ্ছ সাধন কৰা সত্ৰৰ যুগমীয়া সত্ৰীয়া পৰম্পৰাৰ ধাৰক বাহক ৰূপে নিজকে নিয়োজিত কৰি ইয়াৰ গৰীমা অক্ষুন্ন ৰাখিবলৈ শাৰীৰিক সমস্যা নেওচি প্ৰচেষ্টা চলোৱা এই গৰাকী মহানুভব প্ৰয়াত মহন্ত বাপদেৱ আৰু ইয়াৰ লগতে তেখেত এগৰাকী বিশিষ্ট উপদেষ্টা হিচাবে ঐতিহ্যপূৰ্ণ মধুপুৰ সত্ৰৰ গৰিমা আৰু ঐতিহ্যক সমৃদ্ধিশালী কৰিবলৈ তেখেতে প্ৰদান কৰা পৰামৰ্শ আৰু উপদেশবোৰ আজিৰ এই কঠিন মূহুৰ্তত আমি শ্ৰদ্ধাৰে সুঁৱৰি মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ হৈ তেখেতৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ ৷


তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনালোঁ –

“ তুমি সত্য ব্ৰহ্ম তোহ্মাত প্ৰকাশে
জগত ইটো অসন্ত।
জগততে সদা তুমিও প্ৰকাশা
অন্তৰ্য্যামী ভগৱন্ত॥
এতেকেসে জ্ঞানী গণে অৱশেষি
জগতকে বোলে হৰি।
আৱে জগজীৱ তোহ্মাৰ চৰণ
ভজো হৃদয়ত ধৰি
॥“ ১৬৬২
• কীৰ্ত্তন পদ


ভৱদীয়
কুমাৰ দীপক দাস
প্ৰাক্তন সাংসদ ,
সাধাৰণ সম্পাদক
মধুপুৰ সত্ৰ সমিতি ৷৷

[আদ্যশ্ৰাদ্ধৰ দিন :১৮ মাৰ্চ ২০২৩]

18-03-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA
Inspiration

RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

by Admin
March 21, 2023
0

RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA SAKSHI KUMARI Sakshi Kumari In the history of  Indian art this...

Read more
সখি প্ৰসাদ কছাৰী আৰু আমাৰ মাজত নাই !

সখি প্ৰসাদ কছাৰী আৰু আমাৰ মাজত নাই !

March 16, 2023
Lal Ded: A Kashmiri Poetess

Lal Ded: A Kashmiri Poetess

March 14, 2023
শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ মেধিদেৱৰ বিয়োগ

শিক্ষাবিদ ড° বিৰিঞ্চি কুমাৰ মেধিদেৱৰ বিয়োগ

February 22, 2023
কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

February 21, 2023
২০ ফেব্ৰুৱাৰী: ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন

২০ ফেব্ৰুৱাৰী: ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন

February 20, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
woman crossing on bridge

ইক’থেৰাপি

March 23, 2023
london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
Paper Leak in Recruitment Exams in the Country!

Paper Leak in Recruitment Exams in the Country!

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    772 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: