–দিলীপ দৈমাৰী |
কৌশিক বসু এজন অৰ্থনীতিবিদ। লন্ডন স্কুল অফ ইকোনমিক্সৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱা তেওঁ এতিয়া আমেৰিকাৰ কৰ্ণেল বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক। মাজতে বিশ্ববেংকৰ প্ৰধান অৰ্থনীতিবিদ হিচাপে কৰ্মৰত আছিল। তাৰেও আগতে ২০০৯ চনৰ পৰা ২০১২ চন পৰ্যন্ত তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান অৰ্থনৈতিক উপদেষ্টা হিচাপে কাম কৰিছিল। সেইসময়ৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ সেই পদত যোগ দিছিল। তেতিয়াই তেওঁ ভাৰতৰ আমোলাতন্ত্ৰৰ নানা প্ৰথাৰ সৈতে ভালদৰে পৰিচিত হয়।
এসময়ত গাখীৰৰ দৰে বগা এম্বেছাদৰ গাড়ীৰ ওপৰত ৰঙা লাইট জ্বলাই লৈ ভাৰতৰ আমোলাসকলে ভ্ৰমণ কৰিছিল। সেই গাড়ীবোৰত সৰু সৰু ফেন লগোৱা আছিল। পৰ্দাও আছিল। সময়ৰ তালে তালে তেনে গাড়ীৰ প্ৰচলন এতিয়া নাই, কিন্তু এতিয়াও বগা তাৱেলেৰে ঢাকি ৰখা চকীত আমোলাসকল বহা দেখা যায়। সময় সলনি হৈছে। কিন্তু কিছুমান প্ৰথা সযতনে ৰক্ষা কৰা প্ৰথা এতিয়াও বিদ্যমান। কৌশিক বসুৱে তেনে কিছুমান কথাই ডাঙি ধৰিছে। যেনে, কৌশিক বসুৰ বক্তব্য অনুসৰি- ভাৰতৰ আমোলাই মিনিটত এবাৰ নহয়, দুবাৰ নহয়, ১৬ বাৰ ‘ছাৰ’ শব্দটো উচ্চাৰণ কৰে!
এই মাহৰ আৰম্ভণিতে কৌশিক বসুৰ এখন স্মৃতিচাৰণমূলক গ্ৰন্থ প্ৰকাশিত হৈছে। “পলিচিমেকাৰচ্ জাৰ্ণাল: ফ্ৰম নিউ দিল্লী টু ৱাশ্বিংটন ডি চি” নামৰ গ্ৰন্থত তেওঁ নিজ চকুৰে দেখা ‘ভাৰতৰ আমোলাতন্ত্ৰ’ৰ কিছুমান প্ৰথা বিশদভাৱে ডাঙি ধৰিছে। গ্ৰন্থখনত তেওঁ ভাৰতৰ আমোলাসকলৰ তাৱেল ব্যৱহাৰৰ পৰা আৰম্ভ কৰি কথাই কথাই ‘ছাৰ’ সম্বোধন, বহা চকীৰ বিশেষ ধৰণ, অনুমতি অবিহনে কক্ষলৈ প্ৰৱেশ কৰা প্ৰথা, সময়ৰ কাম সময়মতে কৰাৰ প্ৰতি ধাউতি প্ৰদৰ্শন আদিৰ লগতে বিভিন্ন বিষয় ডাঙি ধৰিছে।
ছাৰঃ
ভাৰত চৰকাৰৰ আমোলাসকলে ‘ছাৰ’ শব্দটো খুব পছন্দ কৰে। যিদৰে ক’বলৈও ভাল পায়, শুনিবলৈও ভাল পায়। অধীনস্থ সকলে উৰ্দ্ধতন আমোলাক কথাই কথাই ‘ছাৰ’ ‘ছাৰ’ কৰি থাকে। কিন্তু কেইবাৰ কয়? এবাৰ, দুবাৰ, তিনিবাৰ? নহয়, সেয়াও সঠিক নহয়। এবাৰ এখন চৰকাৰী বৈঠকত তেওঁ ইচ্ছা কৰি গণিছিল। সেই বৈঠকত এজন কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছিল। এজন জ্যেষ্ঠ আমোলাই সেই বৈঠকত প্ৰতি মিনিটত গড়ে ১৬ বাৰ ‘ছাৰ’ শব্দটো উচ্চাৰণ কৰিছিল। সেই সম্পৰ্কে কৌশিক বসুৱে কৈছে যে এবাৰ ‘ছাৰ’ উচ্ছাৰণ কৰিলে যদি আধা ছেকেণ্ড সময় লাগে, তেনেহ’লে ভাৰতৰ আমোলাসকলে তেওঁলোকৰ বক্তব্যত মুঠ সময়ৰ ১৩% সময় ‘ছাৰ’ শব্দটো উচ্চাৰণ কৰোতেই ব্যয় কৰে!
সকলো ক্ষেত্ৰতেই অনুমতিঃ
মহাত্মা গান্ধীয়ে এবাৰ কৈছিল যে ‘মোৰ অনুমতি অবিহনে কোনেও মোক মাৰিবও নোৱাৰিব’। এই বাক্য অমোঘ হিচাপে গ্ৰহণ কৰিছে ভাৰতৰ আমোলাসকলে। চৰকাৰী দপ্তৰবোৰত সৰুৰ পৰা ডাঙৰ – সকলো কামৰ বাবে অনুমতি ল’ব লাগে। আপুনি অসুস্থ আত্মীয়ক সাক্ষাৎ কৰিবলৈ যাব, দপ্তৰত কফিৰ ব্ৰেন্ড সলনি কৰিব বা শৌচাগাৰ পৰিষ্কাৰ কৰিবলৈ অইন এজন কৰ্মচাৰী প্ৰয়োজন; কামটো যিয়েই নহওক – আপুনি অনুমতি ল’ব লাগিব। আৰু এনে অনুমতি সৰ্বোচ্চ উৰ্দ্ধতন কৰ্তৃপক্ষৰ পৰা শৃংখলা মানি অধস্তনলৈ- সকলোৱে হয়ভৰ দিব লাগিব।
ব্যতিক্ৰম কক্ষত প্ৰৱেশৰ ক্ষেত্ৰতঃ
সকলোতে অনুমতি লাগিলেও ভাৰতৰ চৰকাৰী দপ্তৰত কোনোবাই কোনোবাৰ কক্ষত প্ৰৱেশৰ ক্ষেত্ৰত অনুমতিৰ প্ৰয়োজন নাই। আৰম্ভণিতে এনে কাৰ্যই কৌশিক বসুক বাৰুকৈয়ে অশান্তি দিছিল, কাৰণ তেওঁ পশ্চিমীয়া আদব- কায়দাৰ সৈতে অভ্যস্ত আছিল। পশ্চিমীয়া দেশবোৰত কোনোবাই কোনোবাৰ কক্ষত সোমোৱাৰ আগেয়ে অনুমতি লয়। ইয়াৰ ব্যতিক্ৰম নহয়।
সঠিক চকীঃ
কৌশিক বসুৰ পৰ্যবেক্ষণ – চৰকাৰী বৈঠকবোৰত উৰ্দ্ধতন কৰ্তৃপক্ষৰ বহা চকীবোৰ অইনসকলৰ তুলনাত কিছু ওখ হয়। ইয়াৰ ফলত তেওঁৰ অতিৰিক্ত সুবিধা হয়। তেওঁ উচ্চস্বৰে সকলোৰে মনযোগ আকৰ্ষণ কৰি কথা ক’ব পাৰে, প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, তেওঁৰ পদমৰ্যাদা জাহিৰ কৰিব পাৰে। কৌশিক বসুৱে কৈছে যে চৰকাৰী দপ্তৰবোৰত চকীসমূহৰ সোঁহাতে তলপিনে এটা ‘লিভাৰ’ থাকে আৰু সেইটো টনা-টনি কৰি চকীৰ উচ্চতা কম-বেছি কৰিব পাৰি। মই নিজেও প্ৰথা অনুসৰি বৈঠকৰ সময়ত সকলোৰে অগোচৰে চকী ওখ কৰি লৈছিলো।
তাৱেলঃ
ভাৰতৰ চৰকাৰী দপ্তৰত কৰ্মকৰ্তাসকল বহা চকীত পিঠিৰ ফালে তাৱেল ৰখা প্ৰথা উপনিৱেশকালৰ পৰাই চলি আহিছে। টয়লেটত তাৱেল ৰখা সম্পৰ্কত তেওঁ কৈছে যে ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ তলৰ মহলাত ঊৰ্দ্ধতন কৰ্তৃপক্ষৰ ব্যৱহাৰৰ বাবে এটি টয়লেট/শৌচাগাৰ আছিল। সেইটো ব্যৱহাৰ কৰিছিল ভাৰতৰ বিত্ত, ৰাজহ, আৰু ব্যয়-বিষয়ক সচিবে; তিনিওৰে বাবে তিনিখন সুকীয়া তাৱেল আছিল, তিনিখন সুকীয়া ‘ৰেক’ আছিল। কৌশিক বসুক তেওঁৰ দপ্তৰৰ খৰ্মচাৰীয়ে কৈছিল যে সেই টয়লেটত তেওঁলোক তিনিজনৰ বাহিৰে বেলেগৰ প্ৰৱেশ নিষিদ্ধ আছিল। কাৰণ অইনে ব্যৱহাৰ কৰিলে তেওঁলোকৰ দৰ্প ক্ষুণ্ণ হ’ব! কৌশিক বসুকো ব্যৱহাৰ কৰিবলৈ নিদিছিল মন্ত্ৰালয়ৰ কৰ্মচাৰীয়ে। পিছলৈ অৱশ্যে কৌশিক বসুৱে সেই ‘অভিজাত শৌচাগাৰ’ ব্যৱহাৰ কৰিবলৈ অনুমতি পাইছিল – তাকো ভাৰতৰ সেইসময়ৰ বিত্তমন্ত্ৰীয়ে অনুমোদন জনাব লগীয়া হৈছিল। তাৰপিছত হে তেওঁৰ নামত সুকীয়া তাৱেল আৰু ‘ৰেক’ বৰাদ্দ কৰা হয়। কিন্তু এই কৰ্মৰ বাবে তেওঁৰ অধীনস্থ কৰ্মচাৰী সকলে প্ৰচন্ড সংগ্ৰাম কৰিব লগীয়া হৈছিল!! এনেধৰণৰ বহুতো তথ্যৰে পূৰ্ণ গ্ৰন্হখন বৰ উপাদেয় হৈ পৰিছে…!