‘মিয়া চাফা’ আৰু খলিল জিব্ৰানৰ গল্প ‘The Satan‘ : এখন সাংঘাতিক ‘স্ক্ৰীপ্ট’ !!
ৰেজাউল কৰিম
এই কেইদিন খলিল জিব্ৰানৰ The Satan নামৰ বিখ্যাত গল্পটো বাৰে বাৰে মোৰ মনলৈ আহি আছে।
পৰাগ কুমাৰ দাস বুধবাৰৰ সম্পাদক হৈ থাকোতে গল্পটো অসমীয়ালৈ ভাঙনি কৰিছিলোঁ আৰু তেখেতে মোৰ অসমীয়া ভাঙনিটো ‘বুধবাৰ’ত প্ৰকাশ কৰিছিল। যিসকল ব্যক্তিয়ে খলিল জিব্ৰানৰ The Satan গল্পটো পঢ়া নাই তেওঁলোকৰ বাবে একেবাৰে চমুকৈ সাৰাংশটো আগবঢ়ালোঁ।
এখন অতি সাধাৰণ গাওঁ। মানুহবোৰ সহজ সৰল। পৰিশ্ৰম কৰি খায়। জীৱনৰ কোনো জটিলতা নাই, নাই কোনো ভেদভাৱ। সকলোৱে শ্ৰম কৰে। তেনে এখন গাঁৱৰ পথেৰে নিশাৰ ভাগত এজন পাদুৰি ( পুৰোহিত) খোজকাঢ়ি গৈ আছিল। তেনেতে তেওঁ বাটৰ কাষৰ গড়খাৱৈৰ পৰা কোনো অচিনাকি বিপদগ্ৰস্থ লোকৰ কাতৰ বিননি শুনিবলৈ পালে।
কোনোবাই তেওঁক উদ্দেশ্য কৰি কৈছে, মোক উদ্ধাৰ কৰক। মই বিপদগ্ৰস্থ, মৃত্যুমুখী। মোক উদ্ধাৰ কৰক।
এই কাতৰ আহ্বান শুনি পুৰোহিতজন থমকি ৰ’ল আৰু আগুৱাই গৈ দেখিলে যে তেজেৰে লুতুৰি পুতুৰি হৈ থকা দেখিবলৈ কুৎসিত মানুহ এজন পৰি আছে। মনতে ভাবিলে যে সেইজন কোনোবা চোৰ বা ডকাইত হ’ব পাৰে। কোনোবাই চাগে মাৰি তাত পেলাই থৈ গৈছে।
যদি কিবা কাৰণত পুৰোহিতজনে তেওঁক উদ্ধাৰ কৰাৰ পাছত লোকজনৰ মৃত্যু হয় তেতিয়া সকলোৱে পুৰোহিতকে লোকজনৰ হত্যাকাৰী বুলি ভাবিব। গতিকে এনে আপদ চপাই নলৈ পুৰোহিতজনে আগলৈ খোজ দিলে।
এনেতে গড়খাৱৈৰ পৰা পুনৰ কাতৰ আহ্বান আহিল তেওঁক উদ্ধাৰ কৰিবলৈ। এইবাৰ পুৰোহিতজনে ভাবিলে লোকজন চাগে কোনোবা পগলা মানুহ হ’ব। গতিকে, তেওঁ এইবাৰো সহায় নকৰি খোজ ল’লে ।
এইবাৰ লোকজনে গড়খাৱৈৰ ভিতৰৰ পৰা সেহাই সেহাই মাত লগাই ক’লে যে তেওঁ প্ৰকৃততে পুৰোহিতৰ বন্ধুহে। তেওঁলোকৰ বন্ধুত্ব বহু পুৰণি। গতিকে, তেওঁক মৰিবলৈ এৰি দিব নালাগে।
এই কথাত পুৰোহিতজন আগুৱাই গ’ল আৰু দেখিলে যে লোকজনক আগতে তেওঁ কেতিয়াও দেখা নাই । গতিকে তেওঁৰ বন্ধু হ’বই নোৱাৰে।
এইবাৰ পুৰোহিত জনে তেওঁৰ নাম সুধিলে।
পুৰোহিতজনক তেওঁৰ নামটো কোৱাৰ আগতে লোকজনে ক’লে যে, তেওঁলোক দুজন এজনে আনজনৰ পৰিপূৰক। পুৰোহিতজনৰ জীৱনৰ ভৱিষ্যত তেওঁৰ ওপৰতে নিৰ্ভৰশীল। আনকি ইমানদিনে তেওঁ তেওঁৰ ওপৰতে চলি আছে।
এই কথাত পুৰোহিতজন কিছু দ্বিধাবোধ কৰিলে যদিও নামটো জানিবলৈ জোৰকৈ ধৰিলে।
ইমান সময় গড়খাৱৈত পৰি থকা লোকজনে মনে মনে পুৰোহিতজনৰ মুখলৈ চাই আছিল। পাছত ভিতৰি ঈষৎ হাঁহি এটা মাৰি ক’লে যে, তেওঁৰ নাম চয়তান।
চয়তান বুলি শুনাৰ লগে লগেই পুৰোহিতজন চক্ খাই উঠিল আৰু দুখোজ পিছুৱাই গৈ ক’লে যে ভগৱানে তেওঁক চয়তানৰ পৰা হাত সাৰি থাকিবলৈ মানুহক নীতি শিক্ষা দিবলৈ কৈছে। গতিকে আজি তেওঁ চয়তানক উদ্ধাৰ কৰাটো তেওঁৰ বাবে নীতি বিৰুদ্ধ কথা হ’ব। এনেস্থলত চয়তানৰ মৃত্যু হোৱাটোৱেই উচিত। গতিকে তেওঁ চয়তানক চাফা কৰি দিব।
পুৰোহিতৰ মনোভাৱ বুজি উঠি চয়তানে আত্ম বিশ্বাসেৰে তেওঁক ক’লে যে, তেওঁ সিদ্ধান্ত লওতে কোনো কাৰণতে খৰখেদা কৰা উচিত নহয়। কাৰণ, তেওঁ নিজে নিজৰ মৃত্যুৰ কাৰণ হোৱাৰ কোনো যুক্তি নাই। এইবুলি চয়তানে পুৰোহিতজনক বুজাই দিলে যে, তেওঁৰ মখমলৰ পোছাক, ৰাজ অট্টালিকা, ৰাজকীয় জীৱন, ৰাজকীয় ক্ষমতা এই সকলোবোৰ বন্ধু চয়তানৰ অমূল্য অৱদান।
পুৰোহিতে আজীৱন তেওঁৰ অনুগামী সকলক এই কথাকেই বুজাই আহিছে যে তেওঁৰ অনুগামী সকলৰ সকলো প্ৰকাৰৰ দুখ যন্ত্ৰণাৰ মূল কাৰণ হৈছে চয়তান। চয়তানে সাধাৰণ মানুহক বিপথে নিয়ে। ঈশ্বৰৰ পথৰ পৰা বিচলিত কৰি ঈশ্বৰৰ অভিশাপ অৰ্জন কৰে। মানুহৰ দুখ ব্যধিৰ উৎস হৈছে চয়তান। গতিকে চয়তানৰ পৰা তেওঁলোক দুৰত থাকিব লাগে।
দুৰত থাকিলে তেওঁলোকৰ মঙ্গল হ’ব। দুৰত থাকিবলৈ তেওঁলোকে ভগৱানৰ এজেণ্ট পুৰোহিতৰ দিহা পৰামৰ্শ মানি চলিব লাগিব। পুৰোহিতে দিয়া দিহা পৰামৰ্শৰ বিনিময়ত একেবাৰে নিষ্কৰ্মাজনৰ পৰা আৰম্ভ কৰি তেওঁৰ অনুগামী সকলে নিজে নাখাই থাকিও পুৰোহিতক ধন সোণ দান দিয়ে। তেওঁক নেতা বুলি সন্মান কৰে।
তাৰ বিনিময়ত পুৰোহিতে এটা ক্ষমতাশালী ৰাজকীয় জীৱন কটাবলৈ সক্ষম হৈছে।
আজি যদি পুৰোহিতৰ তাৎক্ষাণিক সিদ্ধান্তৰ ফলত চয়তান চাফা হয় আৰু কালি যদি এই কথা প্ৰচাৰ হয় যে, মানুহৰ দুখ দুৰ্দশাৰ মূল চয়তানৰ মৃত্যু হৈছে। এতিয়াৰ পৰা মানুহ বিপথে যোৱাৰ কোনো সম্ভাৱনা নাই । তেনেহলে সকলোতকৈ লোকচান হ’ব পুৰোহিতৰ। কাৰণ, মানুহে তেওঁক সন্মান ভক্তি কৰা এৰিব। দান বৰঙনিসমূহ বন্ধ হ’ব। তেওঁৰ ৰাজকীয় জীৱনৰ অৱসান হ’ব। ৰাজপ্ৰাসাদো নাথাকিব। নাথাকিব ৰাজ ক্ষমতা ।
হঠাত পুৰোহিতজন হৈ পৰিব ক্ষমতাহীন বাটৰ ভিকহু সদৃশ। গতিকে পুৰোহিতে নিজেই চিন্তা কৰক তেওঁ চয়তানক সঁচাকৈয়ে চাফা কৰিব নে নিজৰ ৰাজকীয় ক্ষমতা বাহাল ৰাখিবলৈ মৃত্যুমুখী চয়তানক উদ্ধাৰ কৰি জীয়াই ৰাখিব ?
চয়তানৰ এই কথাত পুৰোহিতজনে চয়তানবিহীন সমাজত তেওঁৰ ভৱিষ্যতৰ কথা কল্পনা কৰি চমকি উঠিল। মনতে এখন্তেক কিবা ভাবিলে আৰু তাৰ পাছত তেওঁৰ দীঘল হাতৰ মখমলৰ চোলাৰ ভিতৰৰ পৰা হাতখন উলিয়াই চয়তানক বচাই ৰাখিবলৈ আগবঢ়াই দিলে।
পুৰোহিতজনৰ চোলাত চয়তানৰ গাৰ তেজ আৰু লেতেৰাবোৰ লাগি ধৰিল। আৰু অৱশেষত তেওঁ চয়তানক কান্ধত তুলি তেওঁৰ নিজৰ ঘৰলৈ বেগাই খোজ দিলে।
এই গল্পটোৰ লগত মিয়া চাফা কৰা কথাৰ কোনো সম্পৰ্ক নাই যদিও যোৱা চল্লিছ বছৰে মিয়াৰ ভয় দেখুৱাই অনেকেই ৰাজপাট খালে। ৰাজসুখ ভোগ কৰিলে। আৰম্ভণিতে আছিল বহিৰাগত পিছত হ’ল বিদেশী, বাংলাদেশী, সন্দেহযুক্ত নাগৰিক, মোগল সংস্কৃতি, বেদখলকাৰী, আজমল মূখ্যমন্ত্ৰী হ’ব, শিক্ষা জেহাদী আৰু এতিয়া পাচলি বেপাৰী মিয়া। খলিল জিব্ৰানৰ সেই চয়তানটোৰ দৰেই।
গতিকে ৰাজসুখৰ দোকানখন চলি থাকিবলৈ মিয়া ভীতি অতি প্ৰয়োজন। মামা আৰু চাচা উভয়ৰ বাবে ৰাজসুখৰ ভেটি হ’ল মিয়া।
কি যে সাংঘাতিক এখন স্ক্ৰীপ্ট !
বি: দ্ৰ: আমি মিয়া বুলি কাকো সম্বোধন নকৰোঁ। যোৱা দুদিনমান ধৰি বিষয়টো বৰকৈ প্ৰচাৰ হৈ থকা কাৰণেহে লিখিলোঁ।
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)