• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 5, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

মিয়া চাফা আৰু খলিল জিব্ৰানৰ গল্প ‘The Satan’ : এখন সাংঘাতিক ‘স্ক্ৰীপ্ট’ !!

ৰেজাউল কৰিম

by Anjan Sarma
July 25, 2023
in Politics, Drama, Opinion, Theater
Reading Time: 3 mins read
0
মিয়া চাফা আৰু খলিল জিব্ৰানৰ গল্প ‘The Satan’ : এখন সাংঘাতিক ‘স্ক্ৰীপ্ট’ !!
Share on FacebookShare on TwitterShare on LinkedIn

‘মিয়া চাফা’ আৰু খলিল জিব্ৰানৰ গল্প ‘The Satan‘ : এখন সাংঘাতিক ‘স্ক্ৰীপ্ট’ !!

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম 

এই কেইদিন খলিল জিব্ৰানৰ The Satan নামৰ বিখ্যাত গল্পটো বাৰে বাৰে মোৰ মনলৈ আহি আছে।

পৰাগ কুমাৰ দাস বুধবাৰৰ সম্পাদক হৈ থাকোতে গল্পটো অসমীয়ালৈ ভাঙনি কৰিছিলোঁ আৰু তেখেতে মোৰ অসমীয়া ভাঙনিটো ‘বুধবাৰ’ত প্ৰকাশ কৰিছিল। যিসকল ব্যক্তিয়ে খলিল জিব্ৰানৰ The Satan গল্পটো পঢ়া নাই তেওঁলোকৰ বাবে একেবাৰে চমুকৈ সাৰাংশটো আগবঢ়ালোঁ। 

এখন অতি সাধাৰণ গাওঁ। মানুহবোৰ সহজ সৰল। পৰিশ্ৰম কৰি খায়। জীৱনৰ কোনো জটিলতা নাই, নাই কোনো ভেদভাৱ। সকলোৱে শ্ৰম কৰে। তেনে এখন গাঁৱৰ পথেৰে নিশাৰ ভাগত এজন পাদুৰি ( পুৰোহিত) খোজকাঢ়ি গৈ আছিল। তেনেতে তেওঁ বাটৰ কাষৰ গড়খাৱৈৰ পৰা কোনো অচিনাকি বিপদগ্ৰস্থ লোকৰ কাতৰ বিননি শুনিবলৈ পালে। 

কোনোবাই তেওঁক উদ্দেশ্য কৰি কৈছে, মোক উদ্ধাৰ কৰক। মই বিপদগ্ৰস্থ, মৃত্যুমুখী। মোক উদ্ধাৰ কৰক।

এই কাতৰ আহ্বান শুনি পুৰোহিতজন থমকি ৰ’ল আৰু আগুৱাই গৈ দেখিলে যে তেজেৰে লুতুৰি পুতুৰি হৈ থকা দেখিবলৈ কুৎসিত মানুহ এজন পৰি আছে। মনতে ভাবিলে যে সেইজন কোনোবা চোৰ বা ডকাইত হ’ব পাৰে। কোনোবাই চাগে মাৰি তাত পেলাই থৈ গৈছে।

যদি কিবা কাৰণত পুৰোহিতজনে তেওঁক উদ্ধাৰ কৰাৰ পাছত লোকজনৰ মৃত্যু হয় তেতিয়া সকলোৱে পুৰোহিতকে লোকজনৰ হত্যাকাৰী বুলি ভাবিব। গতিকে এনে আপদ চপাই নলৈ পুৰোহিতজনে আগলৈ খোজ দিলে।

এনেতে গড়খাৱৈৰ পৰা পুনৰ কাতৰ আহ্বান আহিল তেওঁক উদ্ধাৰ কৰিবলৈ। এইবাৰ পুৰোহিতজনে ভাবিলে লোকজন চাগে কোনোবা পগলা মানুহ হ’ব। গতিকে, তেওঁ এইবাৰো সহায় নকৰি খোজ ল’লে ।

এইবাৰ লোকজনে গড়খাৱৈৰ ভিতৰৰ পৰা সেহাই সেহাই মাত লগাই ক’লে যে তেওঁ প্ৰকৃততে পুৰোহিতৰ বন্ধুহে। তেওঁলোকৰ বন্ধুত্ব বহু পুৰণি। গতিকে, তেওঁক মৰিবলৈ এৰি দিব নালাগে।

এই কথাত পুৰোহিতজন আগুৱাই গ’ল আৰু দেখিলে যে লোকজনক আগতে তেওঁ কেতিয়াও দেখা নাই । গতিকে তেওঁৰ বন্ধু হ’বই নোৱাৰে। 

মিয়া চাফা আৰু খলিল জিব্ৰানৰ গল্প The Satan : এখন সাংঘাতিক স্ক্ৰীপ্ট
খলিল জিব্ৰান

এইবাৰ পুৰোহিত জনে তেওঁৰ নাম সুধিলে।

পুৰোহিতজনক তেওঁৰ নামটো কোৱাৰ আগতে লোকজনে ক’লে যে, তেওঁলোক দুজন এজনে আনজনৰ পৰিপূৰক। পুৰোহিতজনৰ জীৱনৰ ভৱিষ্যত তেওঁৰ ওপৰতে নিৰ্ভৰশীল। আনকি ইমানদিনে তেওঁ তেওঁৰ ওপৰতে চলি আছে।

এই কথাত পুৰোহিতজন কিছু দ্বিধাবোধ কৰিলে যদিও নামটো জানিবলৈ জোৰকৈ ধৰিলে।

ইমান সময় গড়খাৱৈত পৰি থকা লোকজনে মনে মনে পুৰোহিতজনৰ মুখলৈ চাই আছিল। পাছত ভিতৰি ঈষৎ হাঁহি এটা মাৰি ক’লে যে, তেওঁৰ নাম চয়তান।

চয়তান বুলি শুনাৰ লগে লগেই পুৰোহিতজন চক্ খাই উঠিল আৰু দুখোজ পিছুৱাই গৈ ক’লে যে ভগৱানে তেওঁক চয়তানৰ পৰা হাত সাৰি থাকিবলৈ মানুহক নীতি শিক্ষা দিবলৈ কৈছে। গতিকে আজি তেওঁ চয়তানক উদ্ধাৰ কৰাটো তেওঁৰ বাবে নীতি বিৰুদ্ধ কথা হ’ব। এনেস্থলত চয়তানৰ মৃত্যু হোৱাটোৱেই উচিত। গতিকে তেওঁ চয়তানক চাফা কৰি দিব।

পুৰোহিতৰ মনোভাৱ বুজি উঠি চয়তানে আত্ম বিশ্বাসেৰে তেওঁক ক’লে যে, তেওঁ সিদ্ধান্ত লওতে কোনো কাৰণতে খৰখেদা কৰা উচিত নহয়। কাৰণ, তেওঁ নিজে নিজৰ মৃত্যুৰ কাৰণ হোৱাৰ কোনো যুক্তি নাই। এইবুলি চয়তানে পুৰোহিতজনক বুজাই দিলে যে, তেওঁৰ মখমলৰ পোছাক, ৰাজ অট্টালিকা, ৰাজকীয় জীৱন, ৰাজকীয় ক্ষমতা এই সকলোবোৰ বন্ধু চয়তানৰ অমূল্য অৱদান।

পুৰোহিতে আজীৱন তেওঁৰ অনুগামী সকলক এই কথাকেই বুজাই আহিছে যে তেওঁৰ অনুগামী সকলৰ সকলো প্ৰকাৰৰ দুখ যন্ত্ৰণাৰ মূল কাৰণ হৈছে চয়তান। চয়তানে সাধাৰণ মানুহক বিপথে নিয়ে। ঈশ্বৰৰ পথৰ পৰা বিচলিত কৰি ঈশ্বৰৰ অভিশাপ অৰ্জন কৰে। মানুহৰ দুখ ব্যধিৰ উৎস হৈছে চয়তান। গতিকে চয়তানৰ পৰা তেওঁলোক দুৰত থাকিব লাগে।

মিয়া চাফা আৰু খলিল জিব্ৰানৰ গল্প The Satan : এখন সাংঘাতিক স্ক্ৰীপ্ট
চয়তান

দুৰত থাকিলে তেওঁলোকৰ মঙ্গল হ’ব। দুৰত থাকিবলৈ তেওঁলোকে ভগৱানৰ এজেণ্ট পুৰোহিতৰ দিহা পৰামৰ্শ মানি চলিব লাগিব। পুৰোহিতে দিয়া দিহা পৰামৰ্শৰ বিনিময়ত একেবাৰে নিষ্কৰ্মাজনৰ পৰা আৰম্ভ কৰি তেওঁৰ অনুগামী সকলে নিজে নাখাই থাকিও পুৰোহিতক ধন সোণ দান দিয়ে। তেওঁক নেতা বুলি সন্মান কৰে।

তাৰ বিনিময়ত পুৰোহিতে এটা ক্ষমতাশালী ৰাজকীয় জীৱন কটাবলৈ সক্ষম হৈছে।

আজি যদি পুৰোহিতৰ তাৎক্ষাণিক সিদ্ধান্তৰ ফলত চয়তান চাফা হয় আৰু কালি যদি এই কথা প্ৰচাৰ হয় যে, মানুহৰ দুখ দুৰ্দশাৰ মূল চয়তানৰ মৃত্যু হৈছে। এতিয়াৰ পৰা মানুহ বিপথে যোৱাৰ কোনো সম্ভাৱনা নাই । তেনেহলে সকলোতকৈ লোকচান হ’ব পুৰোহিতৰ। কাৰণ, মানুহে তেওঁক সন্মান ভক্তি কৰা এৰিব। দান বৰঙনিসমূহ বন্ধ হ’ব। তেওঁৰ ৰাজকীয় জীৱনৰ অৱসান হ’ব। ৰাজপ্ৰাসাদো নাথাকিব। নাথাকিব ৰাজ ক্ষমতা ।

হঠাত পুৰোহিতজন হৈ পৰিব ক্ষমতাহীন বাটৰ ভিকহু সদৃশ। গতিকে পুৰোহিতে নিজেই চিন্তা কৰক তেওঁ চয়তানক সঁচাকৈয়ে চাফা কৰিব নে নিজৰ ৰাজকীয় ক্ষমতা বাহাল ৰাখিবলৈ মৃত্যুমুখী চয়তানক উদ্ধাৰ কৰি জীয়াই ৰাখিব ?

মিয়া চাফা আৰু খলিল জিব্ৰানৰ গল্প The Satan : এখন সাংঘাতিক স্ক্ৰীপ্ট

চয়তানৰ এই কথাত পুৰোহিতজনে চয়তানবিহীন সমাজত তেওঁৰ ভৱিষ্যতৰ কথা কল্পনা কৰি চমকি উঠিল। মনতে এখন্তেক কিবা ভাবিলে আৰু তাৰ পাছত তেওঁৰ দীঘল হাতৰ মখমলৰ চোলাৰ ভিতৰৰ পৰা হাতখন উলিয়াই চয়তানক বচাই ৰাখিবলৈ আগবঢ়াই দিলে।

পুৰোহিতজনৰ চোলাত চয়তানৰ গাৰ তেজ আৰু লেতেৰাবোৰ লাগি ধৰিল। আৰু অৱশেষত তেওঁ চয়তানক কান্ধত তুলি তেওঁৰ নিজৰ ঘৰলৈ বেগাই খোজ দিলে। 

এই গল্পটোৰ লগত মিয়া চাফা কৰা কথাৰ কোনো সম্পৰ্ক নাই যদিও যোৱা চল্লিছ বছৰে মিয়াৰ ভয় দেখুৱাই অনেকেই ৰাজপাট খালে। ৰাজসুখ ভোগ কৰিলে। আৰম্ভণিতে আছিল বহিৰাগত পিছত হ’ল বিদেশী, বাংলাদেশী, সন্দেহযুক্ত নাগৰিক, মোগল সংস্কৃতি, বেদখলকাৰী, আজমল মূখ্যমন্ত্ৰী হ’ব, শিক্ষা জেহাদী আৰু এতিয়া পাচলি বেপাৰী মিয়া। খলিল জিব্ৰানৰ সেই চয়তানটোৰ দৰেই।

গতিকে ৰাজসুখৰ দোকানখন চলি থাকিবলৈ মিয়া ভীতি অতি প্ৰয়োজন। মামা আৰু চাচা উভয়ৰ বাবে ৰাজসুখৰ ভেটি হ’ল মিয়া। 

কি যে সাংঘাতিক এখন স্ক্ৰীপ্ট !

বি: দ্ৰ: আমি মিয়া বুলি কাকো সম্বোধন নকৰোঁ। যোৱা দুদিনমান ধৰি বিষয়টো বৰকৈ প্ৰচাৰ হৈ থকা কাৰণেহে লিখিলোঁ।

মিয়া চাফা আৰু খলিল জিব্ৰানৰ গল্প The Satan : এখন সাংঘাতিক স্ক্ৰীপ্ট

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

 

RelatedPosts

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Can India Become a Developed Nation Without Health Literacy by 2047?

Can India Become a Developed Nation Without Health Literacy by 2047?

March 2, 2026

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey
Environment

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

by VIJAY LAXMI DAS
March 3, 2026
0

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey VIJAY LAXMI DAS By the time a plastic wrapper reaches...

Read moreDetails
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Can India Become a Developed Nation Without Health Literacy by 2047?

Can India Become a Developed Nation Without Health Literacy by 2047?

March 2, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026
Trade is not neutral: why Russia is investing in the International North-South Transport Corridor?

Trade is not neutral: why Russia is investing in the International North-South Transport Corridor?

February 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d