-তনয় চক্ৰৱৰ্তী
ৰিয়াধৰ পৰা এক আশ্চৰ্যকৰ বাতৰি পোৱা গৈছে। মাত্ৰ ৪৮ ঘন্টাৰ বাবে ভাড়ালৈ লোৱা দুটা উটৰ বাবে খৰছৰ পৰিমাণ হ’ল ২ কোটি চৌদি ৰিয়াল, অৰ্থাৎ ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৪৫ কোটি টকা!
এনেদৰে নাভাবিব যে উট দুটা বিক্ৰী কৰা হৈছে, কেৱল ভাড়ালৈ লোৱা হৈছে তেনে বিশাল পৰিমাণৰ ধন ব্যয় কৰি! এয়া আশ্বৰ্যজনক হ’লেও চৌদি আৰৱত সেয়াই সংঘটিত হৈছে। ‘দ্যা গাল্ফ নিউজ’-এ জনাইছে যে চৌদি আৰৱৰ শিল্পপতি আবদুল্লাহ আল দাবুচ-এ ২ কোটি ৰিয়ালৰ খৰছ বহন কৰিছে নিজৰ পুত্ৰৰ বিবাহৰ বাবে দুটা উট ভাড়া কৰি। এই নাভুত-নাশ্ৰুত ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে চৌদি আৰৱৰ কেমেল ক্লাবৰ পৰিচালনা পৰিষদৰ সভাপতি ফায়েদ বিন ফালাহ বিন হিথলিনে। তেওঁ আকৌ উটৰ ভাড়াৰ সম্পৰ্কীয় কথোপকথনৰ পৰা আৰম্ভ কৰি ৰিয়াল জমা দিয়া আৰু উট দুটা লৈ যোৱাৰ সকলো দৃশ্য ফ্ৰেমত আৱদ্ধ কৰিছে।
উট দুটাৰ ভাড়া ইমান কিয় অকল্পনীয়, সেই সম্পৰ্কে ফালাহ বিন হিথলিন-এ কৈছে যে উট দুটাই অলপতে চৌদি আৰৱত সম্পন্ন হোৱা উটৰ সৌন্দৰ্য প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰিছে আৰু উট দুটাৰ এটা হ’ল মতা উট, আনজনী মাইকী উট। শিল্পপতি আল দাবুচ-এ জনাইছে যে তেওঁৰ পুত্ৰই বিয়াৰ সময়ত এটা উটত উঠি কইনা আনিবলৈ যাব আৰু অইনটোত তেওঁ নিজে উঠিব। কিন্তু কোনটো উটত দৰা উঠিব, এতিয়াও ঠিক হোৱা নাই আৰু শিল্পপতিয়ে কৈছে যে দৰাৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব। আজি শুকুৰবাৰে আল দাবুচৰ পুত্ৰৰ বিয়া। এই লেখাৰ সময়লৈ গম পোৱা নাই, কোনটো উটত দৰা উঠিল! আজি বিয়া উপলক্ষে যোৱাকালি বৃহস্পতিবাৰেই উট দুটিক আস্তাবললৈ প্ৰেৰণ কৰা হৈছিল।
শনিবাৰে নিকাহ সম্পন্ন কৰি উভতি অহাৰ পিছত উটৰ মালিক আবদুল্লাহ বিন ওদেহ যাব উট লৈ আহিবলৈ। উট দুটাক ওভোতাই অনা ঘটনাকো ফ্ৰেমবন্দী কৰাৰ পৰিকল্পনা কৰিছে হিথলিন-এ। ভাৰতত যিদৰে ঘোঁৰাত উঠি বিয়া কৰোৱা দৃশ্য দেখা যায়, মৰুদেশত সেইদৰে উটৰ ব্যৱহাৰ কৰা হয়। এনে কাৰ্যৰ অন্তৰালত আছে ৰাজকীয় ঢং ! সেইহেতুকে পাত্ৰপক্ষৰ তৰফৰ পৰা উটৰ সৌন্দৰ্য বিচাৰ কৰাটোও এক পৰম্পৰা। কিন্তু শিল্পপতিৰ ক্ষেত্ৰত সেই বিচাৰ প্ৰয়োজন নহ’ল, কাৰণ ইতিমধ্যে ‘মিষ্টাৰ এন্ড মিচেছ কেমেল’ পুৰস্কাৰ লাভ কৰি উট দুটা শ্ৰেষ্ঠতম হৈয়েই আছিল। সমগ্ৰ ঘটনা কেমেৰাৰে আৱদ্ধ কৰি হিথলিনে জনাইছে যে উটৰ প্ৰতি মানুহৰ ভালপোৱা এতিয়াও আছে বুলি বুজাবলৈহে এই ভিডিঅ’ চিত্ৰ সম্পন্ন কৰা হৈছে।
বোধহয় সোমবাৰে, অৰ্থাৎ ২৭/১২/২০২১ তাৰিখে হিথলিনে চোছিয়েল মেডিয়াৰ মাধ্যমেৰে ভিডিঅ’টো আপলোড কৰিব। এক সাক্ষাৎকাৰত তেওঁ কৈছে,’ নিকাহৰ বাবে আপোনালোকে কোটি কোটি টকা খৰছ কৰে, এতিয়া অৱলা জন্তুবোৰৰ বাবেও খৰছ কৰক। তেতিয়াহে জন্তুবোৰৰ স্বাস্থ্যৰ উন্নতি সাধন হ’ব।’
প্ৰতিবছৰে মৰু দেশত উটৰ যি সৌন্দৰ্য প্ৰতিযোগিতা হয়, তাত বিভিন্ন ধৰণৰ গোপন কাৰ্যও চলে; যেনে – ‘বটেক্স’ নামৰ উত্তেজক ব্যৱহাৰ কৰি উটৰ সৌন্দৰ্য বৃদ্ধিৰ গোপন কৌশল দীৰ্ঘদিনৰ পৰাই চলি আহিছে। ইয়াকে লৈ পশুপ্ৰেমী সংগঠনবোৰে বহুদিন ধৰি সৰৱ হৈ আছে। কিন্তু এইবাৰ কঠোৰ নীতি নিয়মৰ মাজেৰে উটৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু বহুকেইটা উটক ব্লেকলিষ্টেড কৰাও হৈছে – গোপনে অবৈধ পন্হা অৱলম্বন কৰা হেতুকে। আৰৱত উটৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ মাধ্যমেৰে উটৰ শুক্ৰাণু বিক্ৰীৰ ব্যৱসায় হয় আৰু উটৰ সৌন্দৰ্যৰ ওপৰতে শুক্ৰাণুৰ মূল্য নিৰ্ধাৰণ কৰা হয়। একেদৰে, মাইকী উটৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে গৰ্ভধাৰণৰ সক্ষমতা। গতিকেই সৌন্দৰ্য প্ৰতিযোগিতাৰ গুৰুত্ব অপৰিসীম। সেইবাবেই ৪৮ ঘন্টাৰ বাবে ভাড়ালৈ লোৱা উটৰ বাবে খৰছৰ পৰিমাণ আকাশলংঘী! (২৪-১২-২০২১, শুক্ৰবাৰ)