• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature Novel

মিৰি-জীয়ৰী

-লেখক: ৰজনীকান্ত বৰদলৈ

by Anjan Sarma
June 20, 2021
in Literature, Novel
Reading Time: 29 mins read
0
formal masculine male with book on couch

Photo by Dziana Hasanbekava on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-লেখক: ৰজনীকান্ত বৰদলৈ |

 || সমৰ্পণ ||

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026

প্ৰিয় বিদ্যাধৰ,

 ভাই। তােমাৰ লগত যে কলিকতাত পঢ়াকালত একেলগে চাৰিবছৰ আছিলোঁ আৰু এই চাকৰি জীৱনতো লক্ষীমপুৰত দুবছৰ কটালোঁ, সেই কেইদিনৰ সুখ পাহৰিব নোৱাৰোঁ। তােমাৰ অমিয়া বচন, মোলৈ মৰম, মােৰ দুখত দুখ, মােৰ বেজাৰত বেজাৰ, ইত্যাদি গুণবিলাক এতিয়াও সদায় মােৰ মনত পৰি থাকে। তােমাৰ নিচিনা অকৃত্ৰিম মৰম মই এই সংসাৰৰ অলপ বন্ধুৰ পৰাহে পাইছোঁ। তােমাক কি দিম, কি কই বা সুখী কৰিম, মই একোকে বিচাৰি নাপালোঁ। সেই দেখি ভাই! মােৰ এই আকৰী আজলী “মিৰি- জীয়ৰীকে” তােমাৰ হাতত সমৰ্পণ কৰিলোঁ। তুমি তাইৰ কথাবিলাক অলপ যতনেৰে শুনিবা। আৰু তাইলৈ মাজে সময়ে মনত কৰি এটোপা চকুৰ লাে টুকিবা আৰু তােমাৰ সৰল চিত্তেৰে সৈতে তাইৰ আত্মাৰ সদ্‌গতিও প্ৰাৰ্থনা কৰিবা।

 মোৰ আজলী “মিৰি-জীয়ৰীয়ে” আজি-কালিৰ নব্য ধৰণেৰে বঙলা গান গাবলৈ নিশিকিলে। দুখ লাগিলে তাই আধা আধা ভঙা অসমীয়া মাতেৰেহে সামান্য সামান্য বিহু নাম গাব জানে। “নৰাছিগা” বিহু আহিলে তাই, “দাদাম্‌ বনেঙ বনেঙ দাদিঙ” ইত্যাদি নাম হে গায়। সেইদেখি আৰু ভাই! তুমি এইবিলাক [ ৩ ]গীত বিহু নামেৰে কলঙ্কিত হলেও শুনিবলৈ ভাল পোৱা বুলি জানিহে ইয়াত কেইটামান বিহু নাম দিলোঁ। কুৰুচি বুলি তুমি মােৰ দোষ নধৰিবা। গাভৰুৱে বেয়া বিহু নাম নাগায় আৰু গালেও মােৰ একো উপায় নাই। ইতি—

বৰপেটা                      তোমাৰ মৰমৰ

৮-৫-৯০                                শ্ৰীৰজা

               •••••••••••••••

[ ৪ ]

                       প্ৰথম অধ্যায়

                       নৈৰ পাৰত

 এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্ব্বত-লানীৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ। খেৰকটীয়া এখন বেলেগ নৈ নহয়। ব্ৰহ্মপুত্ৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজি কালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে তাৰ নাম লুইত। লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পচিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে।

[ ৫ ] সোৱণশিৰী নৈখন বহলে ব্ৰহ্মপুত্ৰৰ পাঁচ জোখৰ এজোখমান হব। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্ম্মল। যিমান ওপৰৰ ফাললৈ যোৱা যায়, ইয়াৰ পানী সিমান নিৰ্ম্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজি-কালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে। কিন্তু আজি-কালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আঁটিছিল। কিন্তু আজি-কালি পাঁচ ছয় টকা ৰূপ নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজি-কালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে। কিন্তু আজি-কালিও সোৱণশিৰী আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্য ফাঁকি ৰহিত হলেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে। সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই। আইৰ ৰূপৰো সীমা নাই। কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে। কতবা গাৱঁৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্ম্মল পানী দি দেহে মনে ভালে ৰাখিছে।

 আইৰ অসমীয়া মানুহতকৈ পৰ্ব্বতৰ পৰা অহা সৰল ভাবৰ মিৰি মানুহবিলাকৰ ওপৰত চেনেহ বেছি। স্বভাৱৰ এই অজলা-আজলী ল’ৰা-ছোৱালী মিৰি জাতিয়ে আইক এৰি কেতিয়াও থাকিব [ ৬ ]নোৱাৰে।পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা মিৰিহঁতৰ (ক) আইৰ কাষত নাথাকিলেই নহয়।”চৰগ পূজাত” (খ) সিহঁতক

 (ক) মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে তেওঁবিলাক আগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰ লগৰ মানুহ আছিল। তাৰ পিছত দেশত, সদায় খেলে খেলে কটা-ছিঙা হৈ থকাত তাত থাকিবলৈ শঙ্কা যেন বিবেচনা কৰি আমাৰ ভৈয়ামলৈ নামি আহে। তেওঁবিলাকে হেনো যি বাটে তৰা, কচু ইত্যাদি গছ আছিল সেইবিলাক বাটৰেহে আহিছিল।আহোঁতে সেই গছবিলাক কাটি কাটি থৈছিল। এফালৰ পৰা কাটি আহে মানে সেই গছবিলাক আকৌ গজালি মেলিছিল। বৰ আবৰে গছবিলাকৰ গজালি মেলা দেখি “মিৰিহঁত বহুদিনৰ আগেয়ে পলাইছে; সিহঁতক আৰু খেদি লগ পোৱা নাযাব” ইত্যাদি বিবেচনা কৰি উলটি গল। মিৰিসকলে তেতিয়া আহি ভৈয়ামত বসতি কৰে। তেওঁবিলাকৰ প্ৰধান খেল দুটা,-দহ গামৰ খেল, আৰু বাৰে গামৰ খেল। বাৰে গামৰ খেলৰ ভিতৰত হেনো চুতীয়া, দৈতিয়াল ইত্যাদি সৰু সৰু খেল আছে। দহ গামৰ খেলত আয়েঙিয়া, মায়েঙিয়া, চাৰেঙিয়া, দামুকিয়াল, শামুগুৰিয়া ইত্যাদি খেল আছে। এই গোটেই বিলাকেই আমাৰ ভৈয়ামত থকা মিৰি খেল। পৰ্বতৰ ওপৰতো নানা জাতৰ মিৰি আছে। ইহঁত এতিয়াও বৰ অসভ্যই হৈ আছে।সিহঁতৰ অনেক খেল আছে শুনা যায়। গাসি, ঘাসি, সাৰোগ, চিলি ইত্যাদি পৰ্বতীয়া মিৰি খেলৰ কথা আমি শুনিছোহঁক। আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ, খোৱা-লোৱা, আমাৰ ভৈয়ামৰ মিৰি আজিকালি অসমীয়া। তেওঁবিলাকৰ বেলেগ মাত থাকিলেও সকলোৱে অসমীয়া কথা কয়।কানি-কাপোৰ অসমীয়া মানুহৰ দৰে পিন্ধে। তেওঁবিলাকে হিন্দু ধৰ্মও লৈছে।

 (খ) “চৰগ পূজা”:-ই এটা মিৰি জাতীয় দৈবিক ক্ৰিয়া। ধন থকা যেই সেই মিৰিয়ে ইয়াক কৰিব পাৰে। পূজা বছৰেকে বা তিনি-চাৰি বছৰৰ আঁতৰে আঁতৰে কৰিব পাৰে। যি মানুহে এই পূজা এবাৰ কৰে সি সেই পূজা নিয়মিত সময়ত সদায় কৰি থাকিব লাগিব। পৰিয়ালটোৰ সকলোৰে ভালৰ অৰ্থে এই পূজাটো কৰে। ইয়াত মেঘ,বিজুলী,চন্দ্ৰ,সূৰ্য্য,তৰা,মাটি,পানী ইত্যাদি প্ৰকৃতিৰ দেৱতাসকলক মদ,গাহৰি,কুকুৰা দি পূজে। ক্ৰিয়া বহুত। ঠাইৰ অভাৱত ইয়াত বিস্তাৰিত বিৱৰণ দিব পৰা নগল।[ ৭ ]

শীতল কৰিবলৈ “মুগ্‌‌লীং মিৰেমাক” (গ) “তাঙ্গ লেছিনাক্‌ চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম কনেক্ বিদাক্‌ বঙ্কে, চিনকে তাককনে, টুকুইয়া আকিয়ে, কিময়কা, আচাৰে বিবি মতৈকা” (ঘ) ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰী আইৰ শীতল বতাহ

 (গ) মুগলীং মিৰেমা—এওঁলোক বিজুলী আৰু মেঘৰ দেৱতা। সোৱণশিৰী নৈৰ পাৰত থকা মিৰি গাঁওবিলাকত অনেক সময়তে চৰগ পৰে। সেইদেখি আৰু সাধাৰণতঃ বিজুলীৰ ছটামতা দেখিলে, মেঘৰ গাজনি শুনিলে ভয় লাগে দেখি স্বভাৱত অজলা মিৰি জাতিয়ে বিজুলী আৰু মেঘক দুজনা ডাঙৰ দেৱতা বুলি ভাবে। গাহৰি এটাক ধুৱাই পখলাই পাত এখনত জীয়াই জীয়াই পেলাই লয়। তাৰ পিচত মাৰি এডালেৰে মূৰত মৰিয়াব ধৰে। মূৰটো ফাটিলে যি তেজ ওলায় সেই তেজ টোপা আন এখন পাতত ধৰি মুগলীং মিৰেমাৰ নামেৰে তলত লেখা বচন মাতি উছৰ্গা কৰে।

 (ঘ) “বিজুলী আৰু মেঘ” আমি তোমালোকক এটা “৫ বছৰীয়া” “৪টা বগা খুৰা থকা” “শিঙাল” “দঁতাল” গাহৰি দিলোঁ। তোমালোকে ইয়াকে খাই আমাক ভালে ৰাখা। আমাৰ যেন মূৰৰ কামোৰ, পেট বেয়া নহয়। আমাক শীতলে ৰাখা।

 পাঁচ বছৰ বয়সীয়াল বুলিলেই গাহৰিটো প্ৰকৃততে পাঁচ বছৰ বয়সীয়া সি নহয়। পাঁচ বছৰ বয়সীয়া অৰ্থে ডাঙৰ। মিৰিৰ হেচাপ মতে পাঁচ বছৰ হোৱাই গাহৰিৰ ডাঙৰ আৰু শকত হোৱাৰ চিন। দুবছৰীয়া গাহৰি এটি দিলেও ৫ বছৰৰ নাম লয়। গাহৰিৰ দাঁত থাকে; শিং নাথাকে। শিঙাল বোলাৰ ভাব এই যে আগেয়ে মিৰিসকলে গৰু মহো পূজাত লগাইছিল আৰু খাইছিল, কিন্তু আজিকালি হিন্দুৰ সংসৰ্গত পৰি আমাৰ ভৈয়ামৰ মিৰিয়ে গৰু-মহ খাব এৰিছে। মূৰৰ কামোৰ মিৰিসকলৰ এটি সাধাৰণ ৰোগ। তেওঁবিলাকে বৰকৈ মদ খায়। সেইদেখি মূৰৰ কামোৰ সৰহ। পেট বেয়ালৈ মিৰিয়ে বৰ ভয় কৰে। আনকি জহনী লাগিলে মৰা মানুহকো পেলাই থৈ হাবিলৈ পলায়। যি বাটেদি পলায় সেই বাটটোও হাবি কাটি কাটি মাৰি যায়, যাতে জহনীৰ দেৱতাই বাট চিনি যাব নোৱাৰে। মিৰিসকলে অলপ গৰমকে বৰ গৰম বুলি ভাবে; কাৰণ প্ৰবাদ আছে তেওঁবিলাক আগেয়ে পৰ্ব্বতৰ শীতল ঠাইৰ মানুহ আছিল।

[ ৮ ]পানী নাপালে জীৱ নাথাকে। সোৱণশিৰীৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰীৰ কোলাত সৰু সৰু নাৱত উঠি উমলিব নাপালে মিৰিহঁতৰ মনত ৰঙ নালাগে। সেইদেখি এই মিৰি জাতিৰ অধিকাংশ মানুহেই আই সোৱণশিৰীৰ পাৰত বাস কৰে। ঠায়ে ঠায়ে সোৱণশিৰীৰ দুয়ো পাৰে মিৰিহঁতৰ গাঁও। কতবা হয়তো এপাৰে মিৰিৰ গাঁও আন পাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে।

      এনেকুৱা এখন মিৰিগাঁৱৰ পশ্চিম ফালে দুখন আহু ধানৰ ভূঁই আছিল। সেই ভূঁই দুখন সোৱণশিৰী নৈৰ পাৰতে। মুঠতে গড়াৰপৰা দহ বাৰ নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাঙ। মুঠেই পাঁচ ছয় নলৰ আঁতৰা আঁতৰি। এই চাঙ দুখনৰ এখনত এজনী আঠ নও বছৰ বয়সীয়া ছোৱালী। আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া ল’ৰা। দুইৰো হাতত দুডাল টকা। মাজে মাজে টুনী টোকোৰা ইত্যাদি চৰাই ধানত পৰে। সেই চৰাইবিলাকক ল’ৰা-ছোৱালীহালে টকা কোবাই কোবাই খেদিছে।

         বেলি প্ৰায় চাইটামান বাজিল। সূৰুয দেৱতাই লাগে লাহে পশ্চিম আকাশত ঠাই ললেগৈ। ৰ’দৰ কিৰণ সোৱণশিৰী নৈত পৰি জিল্‌মিলাইছে। ল’ৰা-ছোৱালীহালে অকলৈ অকলৈ বহি আছে। এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই ল’ৰা-ছোৱালী হালৰ জীৱ উৰি গ’ল। দুয়ো আতুৰ হৈ দৌৰ মাৰিলে। দৌৰত সাত আঠ নল গৈয়েই, ছোৱালীজনী উজুতি খাই পৰিল। কিন্তু তৎক্ষণাত ভালুকৰ ভয় পাছ কৰিও ল’ৰাটোৱে আহি ছোৱালীজনীক তুলিলে আৰু সুধিলে — “পানেই দুখ পালিনে কি?’’ [ ৯ ] ল’ৰাটোৰ এই কথাত ছোৱালীজনীয়ে খিল খিল কৰি হাঁহি কলে— “জঙ্কি মই একো দুখ পোৱা নাই।” ল’ৰাটোৰ নাম “জঙ্কি” আৰু ছোৱালীজনীৰ নাম “পানেই”। তেতিয়া জঙ্কিয়ে কলে— “পানেই আমি আৰু ইয়াত নাথাকোঁ, যাওঁ বল।” পানেই—“এৰা বল গুচি যাওঁগৈ। গধূলিও হৈছে।”

 তেতিয়া এই মিৰি ল’ৰা-ছোৱালী হালেই দুয়ো নাৱত উঠিলগৈ। ল’ৰাটোৱে গুৰিত থিয় হৈ গুৰি-বঠাপাত চলাব ধৰিলে। ছোৱালীজনীয়েও আগত থিয় হৈ আগ-বঠাপাত চবিয়াব ধৰিলে। নাৱৰ চাবে চাবে ছোৱালীজনীয়ে গাব ধৰিলে:—

                         (ঙ)

(১)

দূৰৈকৈ নলবি বূঁই ঐ চেনেঙা (চ)

দূৰৈকৈ নলবি বূঁই,

আয়োঁতে বিষাব লায়ৰী কঁকাল ঐ

যাওঁতে বিষাব বৰি।

তাৰ পিছত ল’ৰাটোৱেও গালে:—

                       (২)

বৰে নৈৰ নিৰেমল পানী ঐ কনেঙ্ (ছ) ঐ

বৰে নৈৰ নিৰমেল পানী

তাতোকৈ নিৰেমল সৰুটি কনেঙ্ ঐ

যেন চৰিয়াৰে পানী।

                      (ঙ)

 মিৰি জাতিয়ে অসমীয়া কথা কলে সদায় ‘খ’ ৰ ঠাইত ‘ক’, ‘ঘ’ ৰ ঠাইত ‘গ’, ‘ঠ’ ৰ ঠাইত ‘ট’, ‘ঢ’ ৰ ঠাইত ‘ড’, ‘ফ’ ৰ ঠাইত ‘প’, ‘ভ’ ৰ ঠাইত ‘ব’, ‘হ’ আৰু ‘স’ ৰ ঠাইত ‘অ’ উচ্ছাৰণ কৰে।

 গীতত থকা মিৰি ভাষাৰ শব্দবিলাকৰ অৰ্থ

 (চ)“চেনেঙা”—মৰমৰ ডেকা।

 (ছ)“কনঙা”—মৰমৰ গাভৰু।

[ ১০ ]এইদৰে নাম গাই গই থাকোঁতে থাকোঁতে নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি ল’ৰা-ছোৱালী হালেই পাৰত নাও এৰি নামিল। ঘৰাঘৰি যাবৰ পৰত পানেয়ে জঙ্কিক ক’লে,—“হেৰ জঙ্কি! হেৰ জঙ্কি! কাইলৈ আমাৰ ঘৰত ধেমালি হব। তই আহিবি দেই।”

 জঙ্কি—“বাৰু যাম দেই পানেই।”

                    ••••••••••••

                  দ্বিতীয় অধ্যায়

         লক্ষীমপুৰ নগৰৰ ওপৰত

 আজি বহাগৰ ঘাই বিহুৰ দিন। ঘৰে ঘৰে অসমীয়া কি ভাল মানুহ কি ইতৰ মানুহ সকলোৰে মনত ৰং-ধেমালি হৈছে। ঘৰে ঘৰে খোৱা-লোৱাৰ ধুমধাম পৰিছে। বছৰেকৰ সকলো দুঃখ-ভাগৰ, হাই-দন এৰি আজি অসমীয়া মানুহে বছৰেকৰ বিহুত উত্ৰাৱল হৈছে। বন্ধু-বৰ্গৰ লগত সকলোৱে দেখা-শুনা হৈছে। গুৰুজনক তলতীয়াজনে সেৱা–সৎকাৰ কৰি বছেৰেকলৈকে ভালে-কুশলে থাকিবলৈ আশীৰ্ব্বাদ লৈছে। সমনীয়া ল’ৰাবিলাকে লগ লাগি হাঁহি-খিকিন্দালি পাতিছে। ভাল মানুহৰ ঘৰবিলাকৰ ভিতৰত মাইকী মানুহবিলাকে লগ লাগি পচি খেলিছে। সেই খেলুৱাই তিনি-চাৰিজনী মাইকী মানুহৰ লগত দুই এক জন মতা ডেকা বাবুও বহিছে। মাকে পুতেকে বিপৰীত ভাগে, কড়িৰ ঢালত বহি কড়ি মাৰিব লাগিছে। কড়ি পেলোৱাত মাইকী মানুহৰ হাত বৰ পাৰ্গত। ছটা কড়িৰ এটা বুঢ়া আঙুলিৰ টিপাতে ধৰি এই পাঁচোটা বগৰাই দহ বোলোতে দহ পেলাইছে। তাকে দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি নিজেও সেইদৰে কড়ি গুঠি গুঠি লৈছে। মাকে পুতেকৰ চকুলৈ তাৰ পাছত হাতলৈ তত কৰিছে। তাকে দেখি মাকে পুতেকক পোনেই দাবি মাৰি ধৰিছে, “ওঁ তই কড়ি গুঠি লইছ?” পুতেকে— “নলওঁ দে বাৰু। এই চা মই কড়ি জোকাৰি [ ১২ ]লইছো, তইয়ো গুঠি নামাৰিবি” এই বুলি ঢাল পেলালে। পুতেকৰ সৌভাগ্যত পচি পৰিল। মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে। দেখুৱাই কড়ি জোকাৰি ললে হয়, কিন্তু বগৰাবৰ পৰত টিপাতে বুঢ়া আঙুলিৰ মাজত এটা কড়ি লৈ দহ পেলালে। মাকৰ এই কাৰবাৰ দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি এটি নতুন উপায় স্ৰজিলে। তেওঁ ঢাল চুৰ কৰিবলৈ আৰম্ভ কৰিলে। দহঘৰ চলাব লাগিলে গুটি পোন্ধৰ ঘৰলৈকে নিয়ে। চাৰি পৰিলে ছয়ৰ ঘৰত দিয়ে। পাৰিলে মাকেও পুতেকৰ এই কাৰবাৰ আলেখ-লেখ কৰি চাবলৈ ধৰিলে। অৱশেহত ধেমালিতে পুতেকক খকৰা-মুকতি এটা মাৰি দিলে। পুতেকে খিল-খিল কৰি হাহি “ও নেখেলো যা” এই বুলি উঠি গুচি গ’ল। তেতিয়া বাকীকেইজনী তিৰোতাৰ সৈতে আৰু এজনী জীয়াৰীক মাতি নি আকৌ খেল আৰম্ভ কৰিলে। ইফালে বাহিৰ মহলত তিনি চাৰিজন বাবু লগ লাগি তাচ খেলত বহিছে। খেলত বহিবলৈ নোপোৱা বা বিহু চাবলৈ যাব নোপোৱা অসুখীয়া মনৰ বেটী ছোৱালীজনীয়ে ধপাত যোগাই ওৰ কৰিব পৰা নাই। বাবুসকলৰ ভিতৰত এজন কোমল মুখেৰে মুখত ডাঢ়ি থকা, বৰণত বগা, বাবু বৰ ধেমেলীয়া। তেওঁৰ তাচ খেলাৰ উদ্দেশ্য নহয়; কেৱল ৰং কৰিবৰহে মন। তেওঁৰ বিপৰীতে এজন বাবু বহিছে, তেওঁৰ দীঘল, কোমল মুখখনত নতুনকৈ ডাঢ়ি ফুটি ওলাইছে মাথোন। মনটো বৰ সৰল অৰ্থাৎ তেওঁ হোজা বিধৰ মানুহ। তেওঁ তাচ খেলৰ বৰ ওজা। তাচ হাতত ললে, সংসাৰ গোটেইখনকে পাহৰে। কেনেকৈ খৰখৰকৈ মাটিত পাত পাৰিব ইয়াৰেহে চিন্তা। নিজৰ হাতৰ পৰা পাত মাৰিব ধৰিলে পাত ভাঙিব খোজে আৰু মাজে মাজে বিপৰীতে বহা ডাঢ়িয়াল বাবুজনক চাই “মল্লা মল্লা” (মৰিলা) বুলি একোটা চিঞৰ মাৰিছে। বিপৰীতে বহা বাবুজনে “মল্লা” শব্দক পোনাই “মোল্লাজি”ত পেলাইছে। আৰু মাজে মাজে তেওঁৰ শত্ৰুৰ [ ১৩ ](খেলৰ শত্ৰু) মুখলৈ চাই হাঁহি হাঁহি বাগৰি পৰিছে। চুটি-মুটিকৈ পাতল বাবু এজনে যদিও তাচ খেলাত বহিছে তথাচ তেওঁৰ তাচত সিমান হেপাহ নাই। তাচৰ পাত দিবৰ পৰত “অ মই দিব লাগেনে কি?” এইবুলি একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে আৰু তেওঁ কেৱল কথাহে পাতিছে। ভৰকিয়াল গায়ে গোটেৰে বহা বাবু এজনে এফালে পাতল বাবুজনৰ কথাও শুনিছে, কেতিয়াবা ৰঙিয়াল বগা বাবুৰ আমোদত হাঁহিছেও আৰু কেতিয়াবা নিজেও গহীনে গহীনে দুই চাৰি আষাৰ কথা কৈছে। বগা বাবুজনে মাজে মাজে হাতৰ বেয়া পাত একোটা থৈ পিঠৰপৰা ভাল ভাল পাত তুলি লৈ আকৌ ঘূৰাই মাৰিছে। তেওঁ সেই কাৰ্য্যত মাজে মাজে কৃতকাৰ্য্যও হৈছে। দুই-এবাৰ দীঘল বাবুৰ তীক্ষ্ণ কটাক্ষ দৃষ্টিত ধৰা পৰি দুইয়ো কঢ়া-আজোৰাও লগাইছে। এইদৰে খেল, গল্প, আমোদ, ধপাত খোৱা ইত্যাদি চলিছে। মফঃস্বলৰ ভিতৰত, ঠায়ে ঠায়ে ডেকা-গাভৰুবিলাকে লগ লাগি বিহু গাইছে। কোনোৱে ঢোপ খেলিছে। এইদৰে আমোদ-প্ৰমোদত লক্ষীমপুৰ খলকি পৰিছে। দিনটো গ’ল; ক্ৰমে সাজ লাগি আহিল। দুই-এজাককৈ ওচৰৰ মিৰি ঢোল ডগৰ লই লক্ষীমপুৰ জিলা উঠিল আৰু ইঘৰ সিঘৰকৈ বিহু গাই গাই ফুৰিব ধৰিলে।

 আজি বৰ বিহুৰ দিন। জাকে জাকে বিহু গোৱা মিৰি আহি লক্ষীমপুৰ ভৰিল। বাটে-পথে ঢোল, ডগৰ লৈ ফুৰা মিৰি ডেকা-গাভৰুৱে অনাই-বনাই ফুৰিছে। ভাল মানুহবিলাকৰ ঘৰে ঘৰে দুই-এজাককৈ মিৰিয়ে বিহু পাতিছে; আৰু টকা, আধলি, বাবুবিলাকৰ ঘৰৰ পৰা আদায় কৰিবলৈ আৰম্ভ কৰিছে। সেই মিৰিবিলাকৰ ভিতৰত এজাক মিৰিয়ে সকলোৰে মন আকৰ্ষিছে। সেই জাকটোৰ ডেকাবিলাকৰ ভিতৰত চাৰি পাঁচোটা মান ঢোল, তিনি-চাৰিযোৰ তাল, দুটা পেঁপা। সিহঁতৰ নাচনিয়াৰ গাভৰুও সৰহ। এই জাক [ ১৪ ]মিৰিয়ে পোনেই বাবু এঘৰত বিহু পাতিলেগৈ। প্ৰথমেই ঢোলৰ নাচ চলিল। চাৰি পাঁচোটা ঢোলত একেলগে কোব পৰিবলৈ ধৰিলে। লগে লগে তাল চলিল আৰু তাৰ লগে লগে গাভৰুহঁতে নাচিব ধৰিলে। তাৰ পাছত ঢুলীয়া-কালীয়াবিলাকে বেইত ঘূৰাৰ দৰে ঘূৰিবলৈ ধৰিলে। গাভৰুহঁতেও নাচি নাচি শাৰীয়ে শাৰীয়ে ঘূৰিব ধৰিলে। ঢুলীয়াহঁতে এবাৰ সোঁহাতৰ পৰা বাওঁহাতলৈ এবাৰ বাওঁহাতৰ পৰ সোঁহাতলৈ ঢোল বজাই বগিয়া-বগি নাচ পাতিলে। ঢোল-খোল বোৱা শেষ হ’ল। বাবুসকলৰ হুকুম পৰিল “গাভৰুহঁতে হাতত চপৰিয়াই নাম গাই গাই নাচিব লাগে।” তৎক্ষনাৎ ঢুলীয়া কালীয়াবিলাক এফলীয়া হ’ল। গাভৰুহঁতে শাৰী পাতিলে। পোনেই এজনী গাভৰুৱে হাতত চাপৰ মাৰি লগাই দিলে:—

(৩)“ৰঙা (ক) নৈৰ যে দেকিয়া তোৰালি যে তোৰালি

দিনত চাৰি আঙুল বাবে।

চম্পাফুল যে লেডেঙা (খ) তোৰালি যে তোৰালি

নাচাই বা তাকিব কোনে।”

 (ক) ৰঙা নৈ— এই নামেৰে লক্ষীমপুৰ নগৰৰ পশ্চিম ফালে তিনি মাইল দূৰৈত এখন নৈ আছে। ইয়াৰ পাৰতো বহুত মিৰি আছে।

 (খ) লেদেঙা—মৰমৰ গাভৰু।

                      [ ১৫ ]

লগে লগে নাচ চলিল। তাৰ পাছত আকৌ এজনীয়ে লগালে:—

(৪)“দেউতা ওলালে বাটচৰাৰ মুখলৈ

দুলীয়াই যে পাতিলে দোলা ঐ লাৱৰী

দুলীয়াই পাতিলে দোলা।

কাণতে জিলিঙিল (গ) নৰা-জাঙেপাই (ঘ)

গাতে গোমেচেঙৰ (ঙ) চোলা ঐ লাৱৰী

গাতে গামেচেঙৰ চোলা।”

আকৌ এজনীয়ে লগালে:—

(৫)“চকলা যে কাটৰে মই পণি (চ) কাটিলোঁ—

লেডেঙৰ কোঁপলৈ চাই।

আজি নিকা অপনত বেয়া কৈ দেখিলোঁ

পণিকনে অৰাব পায়।”

 (গ) জিলিঙিল—জিলিকিল।

 (ঘ) নৰা জাঙেপাই—জাংফাই কেৰু।

 (ঙ) গোমেচেঙৰ—গোমচেঙ। অসমত গোমচেঙ্‌ নামৰ এবিধ বৰ উৎকৃষ্ট কাপোৰ আছিল; কিন্তু আজিকালি লোপ পৰি আহিছে। পাশ্চাত্য সভ্যতাৰ ফল।

 (চ) মিৰিৰ প্ৰায় সকলো ডেকা-গাভৰুৱে সৰু সৰু কাঠৰ ফণিৰে মূৰ মেলায়। সেই ফণিখন সিহঁতে প্ৰায় সদায় খোপাতে ৰাখে। ফণি মিৰি ডেকা-গাভৰুৰু এটা বৰ লাহৰ বস্তু।

                    [ ১৬ ]

তাৰ পাছত আকৌ এজনীয়ে ধৰিলে:—

(৬)“নাচনী নৰিয়া পৰিল ঐ চেনেঙা

নাচনী নৰিয়া পৰিল

নাচনীৰ অলনি কুকুৰা কাটিল(ছ)

নাচনী উটিয়ে বয়িল।”

 এই গীত গোৱাৰ পিছতে ডেকা-গাভৰুৱে বাবুবিলাকৰ বৰঙণি গোটালে। বাবুসকলৰ এজনে মাত লগালে—

 “ইহ, তহঁতে ফাকি দিলি। গোটেইবিলাক গাভৰুৱে নানাচিলে। সৌ সিহঁত দুজনীয়ে নচা নাই।” তেতিয়াই সেই গাভৰু দুজনীয়ে মাত লগালে, “আমি নাচিলে পাঁচ টকা পাঁচ টকা দিবলৈ লাগিব।” বাবুহঁতৰ এজনে হাঁহি হাঁহি কলে,—“দিম দে বাৰু নাচ তহঁতে।” এই গাভৰু দুয়োজনী পাতল। এজনীৰ বৰণ অলপ মিঠা। এজনী নিখুঁত বগা। দুইও জনীৰে মুখৰ গঢ় বাৰু। লাহৰি খোপাত ফুল খোহা। চিকণ মুগাৰ ৰিহা-মেখেলা। গাত ৰঙা ফেলালিনৰ চোলা। সিহঁত দুজনী আগবঢ়া মাত্ৰেই ডেকাজাকৰ ভিতৰৰপৰা এটা প্ৰায় কুৰি বছৰীয়া ডেকা পেঁপা এটা লৈ ওলাল। ডেকাটোৱেও চিকুণকৈ মূৰ মেলাইছে। তাৰ ওপৰত এটা পাগুৰি। গলত ডাঙৰ ডাঙৰ পোৱালে সৈতে এধাৰ সোণৰ মণি। কাণত দুটা

 (ছ) “কুকুৰা কাটিলোঁ” কেৱে কেৱে “দেও পূজা কৰিলে।” এই কথাও লগায়। দুয়োটা একে কথা। মিৰিয়ে বেমাৰত পৰিলে ঔষধ নাখায়। সিহঁতৰ দেওধাইৰ হতুৱাই মঙ্গল চোৱায়, কোন দেৱেনো বেমাৰ পেলাইছে। তেতিয়া সেই দেওক মদ, গাহৰি, কুকুৰা দি পূজে।

                      [ ১৭ ]

সোণ পাতি বাখৰ খজা জাংফাইৰ কেৰু। গাত এটা চিনা কোট। ধুতীখনো চিকুণে পিন্ধিছে। ডেকাজন বৰ ওখও নহয় বৰ চাপৰো নহয়। মুখখন চুচিকটা।

 গাভৰু দুজনী আগবঢ়া মাত্ৰে ডেকাজনে পেঁপাত ফু দিলে। আৰু দিয়া মাত্ৰে সিহঁত দুজনী উত্ৰাৱল হ’ল। পেঁপা বজাই বজাই এই তিনি মূৰ্ত্তি নাচিবলৈ ধৰিলে। সিহঁতৰ নাচন, সিহঁতৰ স্ফূৰ্তি দেখি এনে বিবেচনা হোৱাত পৰিল যেন দুজনী অপেশ্বৰী গন্ধৰ্ব্বৰাজ চিত্ৰৰথে সৈতে পৃথিৱীলৈ নামি আহিল। এই দুজনী গাভৰুৰ বগীজনীয়ে নাচোনটোৱে পতি ডেকাজনৰ চকুলৈ চাই চাই আন কেৱে নজনাকৈ মিচিক্‌ মিচিক্‌কৈ হাঁহিব ধৰিলে। তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ। প্ৰথম অধ্যায়ৰ সোৱণশিৰীৰ পাৰত থকা ভূঁইত টঙি ৰখা লৰাটোৱে এতিয়াৰ আমাৰ পেঁপা বজোৱা ডেকাজন, নাম “জঙ্কি”। বগী গাভৰুজনী “পানেই”। আজি পাঁচ বছৰৰ মূৰত দুইও সম্পূৰ্ণে ডেকা-গাভৰু হৈ উঠিছে।

 নাচ ভাঙিল। বাবুজনৰ ৰূপ এটকা দণ্ড হ’ল। নাচনিয়াৰ মিৰি গাভৰুহঁত গুচি গ’ল। বাবুসকলে তেতিয়া কোনে “ভাল নাচিছিল” কোনে “বেয়া নাচিছিল” ইত্যাদি কথাৰ আলোচনা কৰি দুই-তিনি চিলিমমান ধপাত উৰাই ঘৰা-ঘৰি গ’ল।

                 •••••••••••••

               তৃতীয় অধ্যায়

                  মিৰি গাঁৱত

“The bashful virgin’s side-long looks of love—

The matrons’ glance that would those looks reprove—

These were the charms, sweet village! Sports like these

with sweet succession—taught even toil to please.”

                                         • Goldsmith

 আমি আগৰ অধ্যায়ত বিৱৰণ দিয়া ঘটনাবিলাক হৈ যাবৰ ছমাহ হ’ল। আজি কাতি মাহৰ সাদিন যায়। সোৱণশিৰীৰ পাৰত থকা মিৰিগাঁৱত ৰাতি পুৱাইছে মাথোন। মিৰিগাঁৱত বৰ ধুমধাম। ডেকা-গাভৰুৱে চিকুণ চিকুণ কানি-কাপোৰ পিন্ধি ঘৰে ঘৰে হাতত খৰাহি লৈ চাউল, লোণ, তেল, মাহ তুলিছে। ঘৰে ঘৰে পাত, কাঁহি ইত্যাদি গোটাইছে। সিফালে বাৰটা মান মানুহে ছটামান গাহৰি (ক) ভাৰ কৰি আনিছে। দুটা মানুহে এটা বৰ ডাঙৰ খাঙত প্ৰায় দুকুৰিমান কুকুৰা চৰা (খ) ভাৰ কৰি নিছে। ডাঙৰ ডাঙৰ টৌ, ঘটী, বাটি ঘৰে ঘৰে বুঢ়ী মাইকীবিলাকে উলিয়াই দিছে। আনন্দ উলাহতে ডেকা-গাভৰুৱে হতা-হাতি কৰি নিছে।

 (ক-খ)এইবিলাক বস্তু বহাগৰ বিহুত উঠা ধনেৰে কিনি আনে।

                       [ ১৯ ]

 কাচি ৰ’দ প্ৰায়ে পূৰঠ হ’ল। সকলো মাল-বস্তু “মৰঙ ঘৰত” (গ) চাপিলগৈ। লাহে লাহে গাঁৱৰ বুঢ়া-বুঢ়ী, ল’ৰা-ছোৱালী সকলো মৰঙ ঘৰলৈ লৰ ধৰিলে। এটাইবিলাক মানুহ মৰঙ ঘৰত উঠিলগৈ আৰু দিহাদিহি বহিল। এই বুঢ়া মিৰিহঁতৰ অধিকাংশই ৰাতি সেৱাৰ ভকত (ঘ)। পকা ভকতসকলে কেঁচা ভকতসকলৰ পৰা সুকীয়া আসন ললে। তেওঁবিলাকৰ শৰীৰৰ পৰা অলপ আঁতৰি তেওঁবিলাকৰ সাধুৱে এখন বেলেগ আসন গ্ৰহণ কৰিলে। ইফালে দেওধাইকে (ঙ) প্ৰমুখ্য কৰি কেঁচা পন্থৰসকল বেলেগ এশাৰী হৈ বহিল। এইদৰে সকলোৱে দিহাদিহি বহা

 (গ) মৰঙ্‌ ঘৰঃ এইটি মিৰিহঁতৰ ৰাজহুৱা ধৰ্ম্ম ঘৰ। প্ৰায় সকলো মিৰিয়েই চাঙ ঘৰত বাস কৰে। সিহঁতৰ মৰঙ ঘৰতো চাঙ আছে।

 (ঘ) অসমত ৰাতি সেৱা বুলি এবিধ ধৰ্ম্ম আছে। ই বৰ গুপুত ধৰ্ম্ম। এই সম্প্ৰদায়ৰ মানুহবিলাকক “পকাভকত” বোলে। ইয়াত সকলো জাতিৰে মানুহ আছে। ধৰ্ম্মটোনো কি এতিয়াও কোনেও উলিয়াব পৰা নাই। ৰাতিয়েই সেৱা বহে—ৰাতিয়েই ভাঙে। ইয়াত কেবাটাও বেলেগ বেলেগ ক্ৰিয়া থকা বুলি আমি শুনিছোঁ। গোপীধৰা, নগাকীৰ্ত্তন, ফুলকীৰ্ত্তন, দিগম্বৰী ইত্যাদি ক্ৰিয়াৰ নাম শুনিবলৈ পাইছোঁ। কিন্তু এই ক্ৰিয়াবিলাকত নো কি কৰে বাস্তবিকে আজিলৈকে এই কথা কোনেও উলিয়াব পৰা নাই। সকলো দেশতে এনেকুৱা একোটি “গুপ্তধৰ্ম” আছে বুলি শুনো। শ্বিলং জৈন্তিয়াত “কিশোৰি ভজন” নামেৰে এটা গুপ্তধৰ্মৰ কথা শুনিছোঁ। পচিমৰ সভ্য জগততো ইউৰোপীয়ৰ মাজতো ‘লজ বা ফ্ৰিমশ্যন’ নামেৰে এটা ক্ৰিয়া আছে। আজি ২০০০ বছৰেও এই ক্ৰিয়াৰ মূল কথা কি কোনেও উলিয়াব পৰা নাই। যি মানুহে জানিবৰ অভিপ্ৰায়ে এনেবিলাক দলত ভুক্ত হয় তেওঁ যদি হাজাৰ বিদ্বান বা ধনী-মানী মানুহ হয় তথাচ এবাৰ দীক্ষিত হলে আৰু অদীক্ষিত মানুহক আনকি নিজৰ লৰা-তিৰোতাকো নকয়। কিয় নকয়, কিয় ধৰ্মৰ বা জ্ঞানৰ পোহৰ সংসাৰত এটায়ে জানিব পৰাকৈ প্ৰচাৰ নকৰে ইয়াৰ একোকে বুজিব নোৱাৰি।

 (ঙ) মিৰিহঁতে সিহঁতৰ পুৰোহিতক দেওধাই বা মিবুঁয়া বোলে। ডালটন আৰু হণ্টাৰ প্ৰভৃতি ইংৰাজ লেখকৰ পুথিবিলাকত দেওধাইনো কি আৰু কেনেকৈ হয় ইয়াৰ আচৰিত বিৱৰণ আছে। যিজন মানুহে দেওধাই হব তাৰ সৰুৰে পৰা

                       [ ২০ ]

হ’লত পকা ভকতসকলে তেওঁবিলাকৰ সাধুৰ চকুলৈ চালে। সাধুৱে তেতিয়া “ওঁ’’ এই শব্দটি উচ্চাৰণ কৰিলে। তত্ক্ষণাত পাঁচোটা কুকুৰা, দুটা গাহৰি ধুৱাই-পখলাই আনি ভকতৰ মাজত পেলালে। লগে লগে ৰান্ধোনৰ আন আন দ্ৰব্যবিলাকো ডেকা-গাভৰুৱে আনি ভকতৰ মাজত থাপিলে। থপা হলত সাধু পুৰুষজনে দুবাৰমান ইফালে-সিফালে চাই আকৌ “ওঁ’’ উচ্চাৰণ কৰিলে; তেতিয়া মৰঙত থকা সকলো ডেকা-গাভৰুৱে শাৰী পাতি ভকতৰ আগত আঁঠু লৈ পৰিল। তেতিয়া ভকতজনে শ্ৰীগুৰু শঙ্কৰ-মাধৱৰ নাম স্মৰি ডেকা-গাভৰুক আশীৰ্ব্বাদ কৰিবলৈ ধৰিলে।

 “বোলা তোৰা সকলে শ্ৰীগুৰুৰ চৰণক চিন্তি তেওঁ যেন আমাৰ এই ডেকা-গাভৰুহঁতক আকৌ আহে বছৰলৈ তেওঁৰ চৰণত এনেকৈ সেৱা কৰিবলৈ শক্তি দিয়ে। এইবিলাক যেন ভালে-কুশলে থাকে, এটাইৰে মনত যেন সদায় ৰং-ধেমালি থাকে। আহে বছৰলৈ যেন খেতি-বাতি বাৰু হয়। মেঘে আৰু বিজুলীয়ে যেন অইনায় নকৰে। শ্ৰীগুৰুৰ চৰণে যে আমাক শীতলে ৰাখে—অ’ ৰাম, অ’ হৰি।”

 এইদৰে আশীৰ্ব্বাদ দিয়া শেষ হল। ডেকা-গাভৰু উঠিল। তেতিয়া অনুমতি লৈ ৰান্ধনি উঠিল। সাজ ৰান্ধিবলৈ ধৰিলে। ইফালে ভকতসকলে বাটিয়ে বাটিয়ে অমৃত পান কৰিবলৈ ধৰিলে। ভকতসকলে নিজে বাটি ধৰিব নোৱাৰে। একোজন ভকতনীয়ে

এটা বেলেগ চিন আছে। বয়সীয়াল আৰু উপযোগী হ’লে দেওবিলাকে তেওঁবিলাকৰ অনুগ্ৰহৰ ভাজন হৈ মানহটিক প্ৰথমেই এবাৰ লম্ভে। সি হাবিলৈ পলাই গুচি যায়। তাতে হেনো জকে। তাৰ পাচত দেৱতা সকলে সৈতে সাক্ষাৎ দেখা-দেখি হৈ ঘৰলৈ উভতি আহে। সেইদিনাৰ পৰা তেওঁ দেওধাই বা মিবুঁয়া নাম পায়।

                           [ ২১ ]

তোৰাসকলক অমৃত পান কৰাই দিব লাগে। তেহে তেৰাসৰলৰ অমৃত পান হয়। এইদৰে অমৃতৰ শৰাধ শেষ হল। ভকতীয়া চিয়াৰ পাল পৰিল। সাধুৱে লগাই দিলে—

“মৰা নদীৰ পাৰ প্ৰভু জীৱই (চ) আছে ৰৈ ঐ

জীৱই আছে ৰৈ,

দেখা দেখা বন্ধু সৱ মোৰ ভেলৰ বিলৈ ঐ ভেলৰ বিলৈ

কাউৰী-শগুণি-শৃগাল মহাদানী ঐ—শৃগাল মহাদানী,

শগুণিয়ে দোকান দিয়ে মাংস খায় টানি ঐ

মাংস খায় টানি।’’

 এইদৰে চিয়া গোৱা শেষ হল। সিফালে ৰান্ধোন-বাঢ়োন চলিল। পকা ভকতসকলে আশীৰ্বাদ দিয়া ডেকা-গাভৰুসকলৰ ভিতৰত আমি দ্বিতীয় অধ্যায়ত উনুকিওৱা “জঙ্কি আৰু পানেয়ো’’ আছিল। কব নোৱাৰো কিৰ শক্তিতনো সিহঁত দুইও আশীৰ্ব্বাদ লওঁতেও লগালগি হৈহে আঁঠু লবলৈ পাৰিলে। আমি দুয়োটাৰ ভিতৰত ইটো সিটোৱে কথা-বতৰা পতা মুঠেই নেদেখিলোঁ। তথাপি কি শক্তিৰ বলতনো এনেকুৱা এটা মহৎ ক্ৰিয়াতো ইহঁত দুইও একেলগে বৰ মাগিব পালে তাক আমি এতিয়াও তত ধৰিব নোৱাৰিলোঁ। যি কি নহওক যথা সময়ত সাজ তৈয়াৰ হল। সমস্ত “দিহ’’ তেনেই চৰুৱে হাড়ীয়ে আনি ভকতসকলৰ মাজত পেলালে। বাঢ়নী উঠিল। সাজ বাঁটি দিবলৈ ধৰিলে। গোটেই বিলাক বুঢ়া-বুঢী, পকা ভকত,

 (চ) এইটি ভকতীয়া পন্থৰ দেহ-বিচাৰ গীত। [২২ ]

কেঁচা ভকতে আনন্দ মনেৰে সাজ লব ধৰিলে। ডেকা-গাভৰুবিলাক নবহিল। ইবিলাকে সাজ লওঁতে সিহঁতে আঁঠু লৈ থাকিল।

 এইদৰে ভকতীয়া ক্ৰিয়াৰ সমাপ্তি হ’ল। আশীৰ্ব্বাদ কৰি কৰি বেলি এটা মান বজাত পকা ভকত-ভকতনীসকল ঘৰা-ঘৰি গ’ল। তেতিয়া হাঁহি-খিকিন্দালি, ৰং-ধেমালি কৰি কৰি ডেকা-গাভৰুবিলাকে ভকতৰ অৱশিষ্ট লব ধৰিলে। ডেকাসকল এশাৰী হ’ল। গাভৰুহঁতে এশাৰী হৈ খাব ধৰিলে; কিন্তু কি আচৰিত কথা! খাবৰ পৰতো পানেই-জঙ্কি দয়ো মুখা-মুখি হৈহে বহিব পাৰিলে। এইদৰে খাওঁতে-বওঁতে দিনটো গ’ল। ৰাতি হ’ল। ডেকা-গাভৰুবিলাকে কলহে কলহে মদ চালৰ পাছত ইমূৰৰ পৰা সিমূৰলৈ আৰিব ধৰিলে। তাৰ পাছত দেওধাই মহাপুৰুষে হাত-ভৰি ধুই মৰঙত উঠিল। ডেকা-গাভৰু, কেঁচা ভকত সকলোৱে তেওঁক মাজত সুমাই ললে। তৎক্ষনাৎ দেওধায়ে লগাই দিলে:—

                            (ছ)

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়

অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়’’

মিৰি ডেকা-গাভৰুৱে সমস্বৰে ধৰিলে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়

অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়’’

 (ছ) এইবিলাক মিৰিসকলৰ জাতীয় কীৰ্ত্তনৰ নাম। ইয়াৰ অৰ্থ আমি কি যেই সেই মিৰিয়েও কব নোৱাৰে। দেওধাইসকলেহে জানে।

                   [ ২৩ ]

 নাম গোৱা হ’লতে ঢোলৰ কোব পৰিল। দেওধাইক মাজ কৰি ডেকা-গাভৰুবিলাকে কছাৰীৰ মাদল কোৱোৱা নাচৰ দৰে বা সাওঁতালৰ জুম নচাৰ দৰে ঢোলৰ শব্দত এটি নতুন নিয়মে ঘূৰি ঘূৰি নাচ পাতিলে। নাচ শেষ হ’ল। তেতিয়া আকৌ দেওধায়ে লগাই দিলে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়

অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়’’

 আগৰ দৰে আকৌ নাচ চলিল, আকৌ গান হ’ল। আকৌ নাচ-গান শেষ হ’ল। তেতিয়া দেওধায়ে চাঙত ডাঙৰকৈ এহাতমান ওপৰলৈ এটা জাপ মাৰি লগাই দিলে:—

                        (জ)

“ঙক্কেৰূমনে-তাৰে লিকৰে”

 ডেকা-গাভৰুৱে গালে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়

অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”

 আকৌ দেওধায়ে জাঁপ মাৰি লগালে:—

                        (ঝ)

“কাংৰে বকায়গা”

 ডেকা-গাভৰুৱে গালে:—

“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়

অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”

 (জ) এই দুফাকি পদৰ অৰ্থ—“হে মোক স্ৰজোতা দেৱতাসকল তোমালোকে এটায়ে”।

 (ঝ) শিকাই দিয়া।

                        [ ২৪ ]

 এইদৰে দেওধাই ডেকা-গাভৰু এটাইৰে ভাগৰ লাগিল। এটাইবিলাকে উঠি চালৰ কামীত আঁৰি থোৱা অমৃত বাটিয়ে বাটিয়ে পান কৰিব ধৰিলে।

 অমৃত পান কৰা শেষ হ’ল। তেতিয়া আকৌ আগৰ দৰে সিহঁতে জুম পাতিলেগৈ। এইদৰে দেওধায়ে নতুন উৎসাহেৰে লগাই দিলে:—

                      (ঞ)

“দাদাম্ বনেঙ বনেঙ দাদিঙ

পেকামা কামদামা কলপি-কলপি

কামদাঙ নিতুঙা কলপি-কলপি

 তৎক্ষণাৎ ডেকা-গাভৰুৱে সমস্বৰে ধৰিলে:—

দাদাম্ বনেঙ বনেঙ দাদিঙ—

পেকামা কামদামা কলপি—কলপি

কামদাঙ নিতুঙা কলপি—কলপি”

 আকৌ ঢোল-খোল বাজিল। ডেকা-গাভৰুবিলাকে নাচিব ধৰিলে। লাওবাহি (ট) তাল ইত্যাদিৰ শব্দত গাঁওখন খলকি পৰিল। ৰাতিও বেছি হৈ আহিল। এইদৰে মিৰিৰ “চাঙদোপ” (ঠ) ক্ৰিয়া চলিব ধৰিলে। এই চাঙদোপ ক্ৰিয়াৰ লগে লগে মদ চলিব ধৰিলে। দেওধাইৰ গাত দেও চৰি আহিল। ক্ৰমে মিৰি দেৱতাৰ নামবিলাক আৰু দেওধাইৰ পদবিলাক আৰু গহীন হবলৈ ধৰিলে। ৰাতি পুৱাওঁ পুৱাও হ’ল। তৎক্ষণাৎ দেওধায়ে লগালে:—

 (ঞ) এই ফাকি “ঘোষা’’। ইয়াৰো অৰ্থ আমি নাপাওঁ।

 (ট) এইটি সাপমেলা অঘৰিহঁতৰ নিচিনা। মিৰিয়ে “নৰাছিগা’’ বিহুতহে এই বাঁহী বজায়।

 (ঠ) পদে, ঘোষায়, নচায়-বগায় সি সকল ক্ৰিয়া সেই গোটেইবিলাকক

                         [ ২৫ ]

(ড)

“পাঙ্কেয়া ৰেগৰেগে

পামিয়া ৰেগৰেগে’’

 এইবাৰ দেওধাইৰ গাত দেৱে সম্পূৰ্ণে লভিলে। ৰেগি ৰেগামৰ পৰা কাৰ্সিং কাৰ্টান নামি আহি দেওধাইক লাগ দিলে। দেওধাই তেতিয়া অচেতন হৈ পৰিল। ডেকা-গাভৰুৱে আঠু লৈ সুধিব ধৰিলে:—

 “হে প্ৰভু। কওকচোন আহে বছৰলৈ আমাৰ খেতি-বাতি বাৰু হবনে?’’

 দেওধাই—“হব’’।

 ডেকা-গাভৰু—“মেঘে বিজুলীয়ে আমাক একো অইনায় নকৰিবনে?’’

 দেওধাই—“মোক ভালকৈ পূজা দিলে একো হানি-বিঘিনিয়ে নাপাব।’’

“চাঙদোপ’’ বা “দেওদোপ’’ ক্ৰিয়া বোলে। মিৰি, নগা ইত্যাদি প্ৰায় সকলো পৰ্ব্বতীয়া জাতিৰে এনে একোটি ক্ৰিয়া আছে। ই এটা মঙল চোৱা প্ৰণালী। আমাৰ অসমীয়াৰ মাজত জকি উঠা নিয়মৰ দৰে।

 (ড) এই দুফাকিও ঘোষা। ইয়াৰো অৰ্থ কি আমি বুজিব নোৱাৰিলো— কিন্তু শুনাত শুনিছোঁ মিৰিৰ ধৰ্ম্ম-বিজ্ঞানত “ৰেগি ৰেগাম’’ নামেৰে এখন পৰ্ব্বত আছে। এই পৰ্ব্বততে সিহঁতৰ সকলোবিলাক দেও থাকে। ইহজন্মত সৎ ক্ৰিয়া কৰিলে মানুহ মৰি এই ৰেগি ৰেগাম্‌ পায়গৈ। হণ্টাৰ চাহাবৰ ষ্টেটিশটিকেল্‌ একাউণ্ট চোৱা:—“They have a region which is the abode of all their Gods and from whose bourne no traveller returns’’ দেওধায়ে ৰেগি ৰেগামৰ নাম লোৱাৰে পৰা এইটো অনুমান কৰিব পাৰি যে ৰেগি ৰেগামৰ পৰা “পাঙ্কেয়া” আৰু “পানেয়া” দেও আহি তাৰ গাত লম্ভিলে। সি এই ঘোষা দুফাকিৰে এনেটো কথা বুজালে।

                     [ ২৬ ]

 ডেকা–গাভৰু—“গাঁৱত পানী লগা জ্বৰ নৰিয়া নহবতো?”

 দেওধাই—“নহব। কিন্তু মোক ভালকৈ পূজা দিব লাগিব।”

 ডেকা-গাভৰু—“দিম বাৰু কওকচোন আমি সকলো ডেকা-গাভৰু ভালে থাকিম নে?”

 দেওধাই—(কিছুমান পৰ ৰই) “ওঁ থাকিবি কিন্তু এটা বেয়াও আছে।”

 ডেকা-গাভৰু—“কওকচোন প্ৰভু! বেয়াটোনো কি?” ডেকা-গাভৰুৰ এই প্ৰশ্নত দেওধাই ভালেমান পৰ মনে মনে খাকিল। অৱশেষত কিছুমান আইলাং বাইলাং বকিব ধৰিলে। ডেকা-গাভৰুৱে তাক বুজিব নোৱাৰিলে। এনেতে তাৰ গাৰ পৰা দেৱে এৰা দিলে। দেওধাই উঠি বহিল আৰু একোকে কব নোৱাৰাত পৰিল। (ঢ) এইদৰে চাঙ্‌দুপি ঠিকনা চোৱাৰ লগে লগে ৰাতি পুৱাল। তেতিয়া এটাইবিলাকে নৈত গা-পা ধুই আহি জুৰৰ পূজাৰ (ণ) আৰম্ভ কৰিলে। সেই পূজা কৰোঁতে কৰোঁতে বেলি দুপৰীয়া হ’ল। কাৰ্সিংকাৰ্টান, মত্তবে, চিনেক, দহমুখ, দঙকঙ, লৌজি-লেইতাঙ, মুগলীং-মিৰেমা, ইত্যাদি সকলো দেৱতাই মদ, গাহৰি, কুকুৰা ইত্যাদিৰ পূজা খাই স্বস্থানলৈ গুচি গ’ল। দেওধায়ে পূজাৰ অৱশিষ্ট খাই-বই উঠি ৰূপ পাঁচ টকা, কাপোৰ এযুৰি পাই ঘৰ পালেগৈ। আন আন বয়সিয়াল মিৰিবিলাক ঘৰাঘৰি গ’ল। কিন্তু ডেকা-গাভৰুৰ

 (ঢ) মতা আৰু মাইকী তৰাৰ দেৱতা।

 (ণ) এইটি মিৰি জাতিৰ ৰাজহুৱা সবাহ। গোটেইখন গাঁৱে লগ লাগি ধন-বিত তুলি কৰে। এই পূজা নৰাছিগা বিহু উপলক্ষে আৰু কেতিয়াবা কেতিয়াবা গাঁৱত বসন্ত আৰু মহামাৰী হ’লে কৰে। ইয়াতো স্বভাৱৰ প্ৰধান প্ৰধান দেৱতাবিলাকক মদ, গাহৰি, কুকুৰা দি পূজে।

                       [ ২৭ ]

বিহু নাভাঙিল। বেলি ভাটী দিলে। ডেকা-গাভৰুৱে মৰঙৰ আগতে আনন্দেৰে বিহু পাতি তোলপাৰ লগালে। জুমে জুমে নাচ চলিল; যি যি জাকলৈ যাবলৈ ভাল পালে সি সেই জাকলৈকে গ’ল। পানেই আৰু জঙ্কি দুইও একে জাকতে থাকিল, এৰা-এৰি নকৰিলে। এইবাৰ পোনেই জঙ্কিয়ে বিহু লগাই দিলে:—

                       ৭

“চতে যাই যাই বয়াগে পালেয়ি—

পুলিলে বেবেলি লতা।

কইনো তাকে মানে ওৰকৈ নপৰে—

সৰুটি লেদেঙৰ কতা॥”

 জঙ্কিৰ গোৱা শেষ হল। ঢোল বাজিল। পানেইকে প্ৰমুখ্য কৰি গাভৰুহঁতে নাচিব ধৰিলে। নাচ শেষ হল-এইবাৰ পানেয়ে লগালে:—

                        ৮

“চৰাই মনেমতি শুয়ুৰি মাৰিলে—

কোটায়ি বেঙেনাৰ তলত।

কিনো দায়ে জগৰ লগালো চেনেঙ ঐ

নামাতে গদুলি পুৱা।”

 আকৌ এজাকত এজন ডেকায়ে লগালে:—

                       ৯

“কাকিনী তামোলত কুপৌ বায়েঁ ললে—

পৰে যেন পৰে যেন দেকোঁ।

সৰুটি মনেমা নৰিয়া পৰিলে—

মৰে যেন মৰে যেন দেকোঁ॥”

                       [ ২৮ ]

 ইয়াৰ পাছতে এজনী গাভৰুৱে লগালে:

                        ১০

“চাপৰি চাপৰি মই তোলো বাবৰি—

আৰাম (ত) বিৰিকৰে কৰি।

যাকে চাই পুৰো তাকে যে নেদেকোঁ

কিনো জুয়ে লগা চকু।”

 এনেকুৱাবিলাক নৃত্য-গীত চলিল। নৃত্যৰো ওৰ নপৰে; গীতৰো ওৰ নপৰে। এনেয়ে মিৰি ডেকা-গাভৰু সদায় ৰঙিয়াল। এতিয়া আকৌ তাতে অমৃত ৰসে সিহঁতক উত্ৰাৱল কৰি তুলিছে।

 এইদৰে নাচি থাকোতে জঙ্কিয়ে ছেগ চাই এবাৰ পানেইক অকলৈ লগ পাই কলে:— “পানেই, মোক এবাৰ এঠাইত দেখা দিব পাৰিবিনে ? মোৰ তোৰে সৈতে চাৰি আষাৰমান কথা কবলগীয়া আছে।” জঙ্কিৰ এই কথাত পানেয়ে ক’লে:— “বাৰু এতিয়া আমি থাকো, ছেগ চাই মই সোৱণশিৰীৰ বালিলৈ যাম। তইও তালৈকে যাবি; কি কথা কবলৈ খুজিছ কবি।” পানেই আৰু জঙ্কিৰ মাজত মুহূৰ্তৰ ভিতৰতে কথা-বতৰা পতা হ’ল, কোনোৱে তত ধৰিব নোৱাৰিলে। নাচ-বাগ ৰাতিও চলিব ধৰিলে। আকৌ ডেকা-গাভৰুৰ খাবৰ সময় হল। তেতিয়া পানেয়ে নিজৰ কথামতে এটা চল

 (ত) আৰাম বিৰিকৰে—হাৰাম বিৰিখৰে। লক্ষীমপুৰ চহৰৰ মিৰিহঁতে সাধাৰণতঃ বৰ বৰ হাবি ভাঙি আহু, সৰিয়হ ভূঁই কৰে; সেই মাটিত তিনি চাৰি বছৰেকলৈ ভাল খেতি হয়। তাৰ পাছত মাটি বেয়া হৈ পৰে। খেতি নহয়। তেতিয়া সিহঁতে সেই ভূঁই এৰি পেলায়। এনেকুৱা এৰা ভূঁইক মিৰিহঁতে “হাৰাম” বোলে। হাৰামত গজা গছ সাধাৰণতঃ কোমল। শুকাই জুই ধৰিবলৈকো ভাল।

                       [ ২৯ ]

দেখুৱাই সোৱণশিৰীৰ বালিলৈ অকলৈ অকলৈ গ’ল। জঙ্কিয়েও “মই ঘৰৰ পৰা আহো” বুলি ঘৰলৈ মুখ কৰি গ’ল হয়, কিন্তু প্ৰকৃততে ঘৰলৈ নগৈ সোৱণশিৰীৰ বালি পালেগৈ; চকুৰ নিমিষতে তড়িতৰ বলতেনে কি পানেইৰ ওচৰ চাপিল। তাৰ পাছত কব ধৰিলে।

 “পানেই”—

 পানেই—“জঙ্কি!”

 জঙ্কি—“তই আহিছ”

 পানেই—“আহিছো জঙ্কি”

 জঙ্কি—“তোক এটা কথা সুধিবলৈ মন কৰিছো”

 পানেই—“কি কথা জঙ্কি সোধ”

 জঙ্কি—“কচোন পানেই তই মোক ভাল পাৱনে?”

 পানেই—(হাঁহি হাঁহি) “কেলেইনো লাগিছে তোক এই কথা জঙ্কি।”

 জঙ্কি—“পানেই তই বেজাৰ পালিনেকি? তেন্তে একোকে নোসোধো।”

 পানেই—(আকৌ হাহি হাহি) “সোধ। নোসোধনো কেলই—”

 জঙ্কি—“তেন্তে কচোন—তই মোক মৰম কৰনে?”

 পানেই—“মই কব নোৱাৰোঁ।”

 জঙ্কি—“মই বুজিলো পানেই! তই মোক ভাল নাপাৱ। নহলেনো আজিৰ নাচত তই মাজে মাজে কমুদৰ ফালে কেলেই বাৰে বাৰে চাইছিলি?”

 পানেই—“এ আয়! তই কি কথাবিলাক কৱচোন!”

 জঙ্কি—“এৰা পানেই মই বৰিহাকৈ বুজিছোঁ। তই কমুদকহে [ ৩০ ]ভাল পাৱ। তাহানি সৰুৰে পৰা দুয়ো যে একেলগে ভূঁই ৰখিছিলোঁ, ভালুক ওলাওঁতে যে একেলগে লৰ মাৰিছিলোঁ, নাৱত উঠি যে নাম গাইছিলোঁ, তাৰ পাছত যে দুয়ো অনেক ঠাইত একেলগে হাতত ধৰাধৰি কৰি ফুৰিছিলোঁ; তই সকলোকে পাহৰিলি হবলা পানেই। মই হলে পাহৰা নাই। তোৰ আশাতহে ইমান দিন জীয়াই আছো। পানেই! এতিয়া তই যদি মোক ভাল নাপাওঁ বুলি কৱ তেন্তে আৰু মোৰ থাকিবলৈ ঠাই নাই। পানেই! মোৰ আই-বোপাই সৰুতে মৰিল। ল’ৰাকালৰে পৰা তোৰে লগত ডাঙ্গৰ হলু। তোকেহে মই আপোন বুলি জানিছিলো। পানেই তইও এতিয়া মোক ভাল নোপোৱাত পৰিলি।”

 পানেয়ে জঙ্কিৰ এইবিলাক কথা তবধ মনেৰে শুনিব ধৰিলে। মোৰ আজলী মিৰি-জীয়ৰীৰ মৰমত বেথা লাগিল। তাই এতেদিনে অতি যতন কৰি যে জানৰ মুখটি বান্ধি থৈছিল আজি জঙ্কিৰ বাক্যৰূপ কোৰৰ চাবত তাই হৃদয়ৰ সেই জানৰ মুখটি মুকলি হ’ল। খুন্দা খাই থকা নৈটি ববলৈ ধৰিলে। আজলী পানেইৰ চকুৰ পৰা গিৰ গিৰ কৰি পানী ওলাল। তাই কথা কব নোৱৰাত পৰিল।

 তেতিয়াই জঙ্কিয়ে তাইক সাৱোট মাৰি ধৰি তাইৰ চকুৰ পানী মচি দিলে। পানেয়ে তাৰ পাছত ক’লে—

 “জঙ্কি, তোক মই ভাল পাওঁ; তোক মই মৰম কৰোঁ; সদায় তোক চকুৰ আগত দেখি থাকোঁ। তই আজি মিছাই মোক কমুদলৈ চোৱা কথাটো ধৰিলি।” জঙ্কি—“পানেই, মোৰ দোষ খেম। বেজাৰ নকিৰিবি! লাহৰী ঐ। এই জনম থাকে মানে মইও তোকে ভাল পাম। পানেই তই নেৰিবি। কচোন, তই মোত বিয়া সোমাবিনে?”

 পানেই—“আয়ে-বোপায়ে দিলে তোলৈ যামতো!”

 জঙ্কি—“মাৰ বাপেৰে কিজানি তোক মোলৈ নিদিয়ে। মোৰ [ ৩১ ]কেৱে নাই। হাতত টকা-কড়িও নাই।” পানেই— “জঙ্কি দুখ কৰিলে তোৰ টকা হ’ব। তই দুঃখ কৰি কেটামান টকা গোটাবলৈ দিহা কৰ। যেতিয়ালৈকে তই টকা গোটাই আই-বোপাইক দি মোক নিনিয় মানে মইও কালৈকো নাযাওঁ। মই তোলৈকে যাম। আজি এই সোৱণশিৰীৰ বালিত থিয় হৈ কাৰ্চিং কাৰ্টানক সাখী কৰিলোঁ।”

 জঙ্কি—“পানেই, তই আজি মোৰ গাত নতুন বল দিলি। যাওঁ দেই পানেই-মই আৰু আজিৰে পৰা বৰ দুখ কৰিও টকা-শিকা গোটাই তোক নিম। তোক নাপালে মই এই জীৱনটোক নাৰাখোঁ।”

 এই কথা-বতৰা হোৱাৰ পাছতো দুয়ো দুফাললৈ গুচি গ’ল। আকৌ মৰঙ ঘৰত বিহুত যোগ দিলেগৈ। এইবাৰ পালেই আৰু জঙ্কি দুয়ো বেছি উৎসাহেৰে সৈতে নাচিব ধৰিলে। এইদৰে দুই দিনৰ পাছত বিহু ভাঙিল।

                 •••••••••••

                     [ ৩২ ]

              চতুৰ্থ অধ্যায়

               পানেইৰ ঘৰ

 (ক) নৰাচিগা বিহু যাবৰ আজি দুমাহ হ’ল। সেই ৰাতি জঙ্কিয়ে সৈতে কথা-বতৰা হবৰে পৰা পানেইৰ আৰু আগৰ ভাব, আগৰ কথা-বতৰাবিলাক নোহোৱাত পৰিল। তাইৰ মুখত আৰু আজি-কালি বৰ বেছিকৈ ৰং-ধেমালিৰ চিনবিলাকে নেখেলে। বৰং মাজে মাজে তাই মুখ কলা ডাৱৰেহে ঢাকি ধৰে।

 তাইৰ বাস্তৱিকতে তাহানি সৰুকালতে আহুতলিত টঙি ৰখি থাকোঁতে ভালুকৰ ভয়ত পলাবৰ দিন ধৰি জঙ্কিলৈ কি এটা অভূত–পূৰ্ব্ব ভাব হৈছিল। সেই ছোৱালী কালতো তাইৰ সদায় জঙ্কিক দেখিবলৈ ভাল লগাত পৰিছিল। জঙ্কিক লগত লৈ ধেমালি কৰিবলৈ নাপালে তাই একো ধেমালিয়েই ভাল নালাগিছিল। জঙ্কিলৈ তাইৰ কিয় এনেকুৱা এটা ভাব হৈছিল তাক তাই নিজেও কব নোৱাৰিছিল আৰু নিজৰ মনকো সুধি থিক কৰিব পৰা নাছিল। আঠ নও বছৰ বয়সীয়া ছোৱালী এজনীয়ে প্ৰকৃততে কি ভালপোৱাৰ

 (ক) নৰাছিগা বিহু-আগৰ অধ্যায়ত যিবিলাক ক্ৰিয়াৰ বিৱৰণ দিয়া গৈছে সেই এটাইবিলাকক নৰাছিগা বিহু বোলে। মিৰিহঁতৰ নৰাছিগা বিহুৱেইহে ঘাই বিহু।

                       [ ৩৩ ]

মোল বুজিব পাৰে? তথাপি যে জঙ্কিলৈ তাইৰ এনেকুৱা এটা আগ্ৰহ হৈছিল ইয়াৰ কাৰণ কি? তাইও নাজানে আৰু পাঠক! আমিও এতিয়ালৈকে বিশেষকৈ ভূ নাপালোঁ। হঠাৎ প্ৰণয়? তাকো বুজিবলৈকেতো সিহঁত দুয়ো ল’ৰা-ছোৱালী! তাই নও বছৰ বয়সীয়া— সি চৈধ্য বছৰীয়া, সিহঁতৰ ভিতৰত কেনেকৈ উপকথাত লেখা প্ৰণয়ৰ দৰে প্ৰণয় হব পাৰে? জঙ্কিলৈ বাধ্যতা ভাব? সিটোও নহয়। মিৰি জাতি এতিয়াও ইমান উন্নত হোৱা নাই, আঠ-নও বছৰ বয়সীয়া ছোৱালী এজনীয়ে বাধ্য-বাধকতাৰ মোল পাব, তেন্তে কি? আমিও তাকেহে সোধোঁ—প্ৰকৃত কথাটোনো কি? অনেক বিচাৰি চালোঁ, নাপাই ইয়াকে মনত থিৰ কৰিছোঁ যে অকল মাথোন বাল্য-স্বভাৱসুলভ ৰং-ধেমালিত সৰুৰে পৰা দুটা ল’ৰা লগৰী হলে পৰস্পৰৰ ভিতৰত যি ভাব হয় সেই ভাবেই দুয়োৰো হৃদয়ত খেলিছিল। পানেই-জঙ্কিয়ে সদায় একেলগে গৰু ৰাখিছিল। সিহঁত দুয়ো একেলগে হাতত ধৰা-ধৰি কৰি সোৱণশিৰীৰ বালিত ধেমালি কৰি ফুৰিছিল। পানেই-জঙ্কি দুয়ো একেলগে নাও খেলি ফুৰিছিল। সিহঁত দুয়ো একেলগে মাঘ আৰু বহাগৰ বিহুত নাচিছিল। পানেই জঙ্কি দুয়ো একেলগে নগৰলৈ গই বিহু পাতিছিল। এই যে লগে ফুৰা লগে খোৱা ইত্যাদি কথায়ে দুয়োৰো ভিতৰত পৰস্পৰৰ পৰস্পৰলৈ সৰুৰে পৰা এটা ভাল পোৱা ভাব জন্মাইছিল।

 যদি এনেকুৱা ভাব দৃঢ়ৰূপে স্থাপিত হোৱাৰ আগেয়ে পানেই-জঙ্কি দুয়ো আঁতৰা-আঁতৰি হৈ থাকিলেহেঁতেন তেন্তে কিজানি দুয়ো দুয়োলৈকে পাহৰিলে হয়। কিন্তু ঈশ্বৰে কি উদ্দেশ্যেনো সিহঁতক একেলগে ৰাখিলে তাক আমি কব নোৱাৰিলোঁ। কালক্ৰমে দুয়ো যৌৱনত ভৰি দিলে। কিন্তু দুয়োলৈকে দুইৰো ভাব আগৰ দৰেই থাকিল। যৌৱনত ভৰি দি উঠাৰ পাছতো পানেইৰ সৰুকালিৰ স্বভাৱ নগ’ল। মুকলিমূৰীয়া পানেয়ে আজি-কালিও তাইৰ সৰু [ ৩৪ ]কালিৰ লগৰী জঙ্কিৰ লগতহে ধেমালি কৰিব ধৰিলে। সিহঁত দু্যোৰো হৃদয়ত ইটোৰ সিটোলৈ সিটোৰ ইটোলৈ ভালপোৱা ভাব দৃঢ় ৰূপে বহিল। পানেয়ে চেষ্টা কৰিও বুজিব নোৱাৰিলে তাইৰ মনত কি কথায় খেলিছে; কিয় তাইৰ সেই গাভৰু বয়সতো জঙ্কিকে ভাল পাবলৈ ইচ্ছা যায়। আৰু জঙ্কি! জঙ্কিৰ হৃদয়তো তেনেবিলাক ভাবেই খেলিছিল। কিন্তু জঙ্কি মতা মানুহ। সি অৱশেষত তাৰ নিজৰ ভাব নৰাছিগা বিহুৰ অলপ আগৰে পৰা বুজিব পাৰিছিল।

 যি মূহূৰ্ত্ততে ৰাতি নৰাছিগা বিহুত জঙ্কিয়ে সোৱণশিৰীৰ পাৰত পানেইক নিজৰ মনৰ ভাব জনালে তেতিয়াই বহু দিনেৰে পাৰ তুঁহজুইত জ্বলি থকা জুইৰ ফিৰিঙতি পানেইৰ বুকুত দপ্‌দপ্ কৰি জ্বলিল। আজলী (নিলাজী?) মিৰি-জিয়ৰীয়ে সৰল প্ৰাণেৰে কাৰ্সিং কাৰ্টানক সাখী কৰি জঙ্কিক নিজৰ হৃদয়ত অতি যতনেৰে থাপিলে। তাক তাই কথা দিলে। আৰু সেইদিনাৰে পৰা জঙ্কিলৈ তাইৰ ভালপোৱা আৰু বেছি হবলৈ ধৰিলে। কেতিয়ানো তাই তাইৰ হৃদয়ৰ দেৱতাৰ লগত একেলগে মিলি পৰিব এই চিন্তাতে তাই ৰ’ল।

 জঙ্কিয়েও তাৰ পিছদিনাৰে পৰা বৰ যতন কৰি খেতি-বাতি কৰিবলৈ ধৰিলে। আনবাৰ সি যদি এপুৰা মাটিৰ সৰিয়হ ভাঙিছিল সেইবাৰ সি তিনি পুৰা মাটি ভাঙিলে। প্ৰণয়ৰ এনে বল।

 সেই নিশা জঙ্কিয়ে সৈতে কথা-বতৰা হবৰেপৰা পানেয়ে মাক-বাপেকৰ কথা-বতৰা বেছিকৈ শুনাত পৰিল। মাক-বাপেকে যিহকে ভাল পায় তাই তাকে কৰে। বিহুলৈ বৰকৈ নোযোৱাত পৰিল। যাতে তাই মাক-বাপেকক সন্তোষ দিব পাৰে ইয়াতে তাই যত্নৱতী হ’ল।

 পানেইৰ মাকৰ নাম “নিৰমা” আৰু বাপেকৰ নাম “তামেদ” আছিল। সিহঁত দুয়ো মিৰিৰ ভিতৰত দুখীয়া। সিহঁতৰ আন [ ৩৫ ]ল’ৰা-ছোৱালী নাই। অকল মুঠেই পানেই। সেইদেখি সৰুৰে পৰা সিহঁতে পানেইক বৰ মৰম কৰিছিল।

 আজিকালি পানেইৰ স্বভাৱত মাক-বাপেক অলপ আচৰিত হব ধৰিলে। সিহঁতে বুজিব পাৰিলে যে পানেয়ে পূৰ্ণ যৌৱনত ভৰি দিলে আৰু তাইক বিয়া দিবৰ সময় হ’ল।

 ইয়াৰ আগেয়ে এদিন কমুদ বুলি সেই গাঁৱৰে এটা (খ) গামৰ ল’ৰাই পানেইক বিয়া কৰাবৰ প্ৰস্তাৱ জনাইছিল। তামেদ আৰু নিৰমায়ে সেই কথাকে পেটে পেটে আলচিছিল; কিন্তু কোনো সমিধান দিয়া নাছিল। এতিয়া পানেইৰ মনৰ ভাববিলাক দেখি সিহঁতে এইটো থিৰ কৰিলে যে পানেইক বাস্তৱিকতে বিয়া দিবৰ সময় হ’ল। এতদিনে তাই বিয়া নোহোৱাত থাকিহে বেজাৰ কৰিছে।

 এইদৰে এদিন গধূলি বুঢ়া-বুঢ়ী দুয়ো চাঙত (গ) বহি জুইৰ কাষত কথা-পাতিছে। পানেয়ে তেতিয়া পানী আনিবলৈ ঘাটলৈ গৈছিল। নিৰমায়ে কলে—

 “আজি–কালি পানেই ডাঙ্গৰ হ’ল। তাইক এঠাইততো বিয়া দিবলৈ দিহা কৰিব লাগে।”

 (খ) আমাৰ অসমীয়া মানুহৰ ভিতৰত চৌধাৰী বা মৌজাদাৰ যেনে মিৰিৰ ভিতৰত “গামো” তেনেকুৱা। মিৰিহঁতৰ খেলে খেলে একোটা “গাম” থাকে।

 (গ) মিৰিহঁত চাঙ ঘৰত থাকে। মাটিত ঘৰ প্ৰায়ে নাসাজে; কিন্তু গোলাঘাট যোৰহাটৰ ফালে কেতবোৰ মিৰিয়ে আজি-কালি চাঙঘৰ এৰিছে। একেবাৰে অসমীয়া হৈছে।

                      [ ৩৬ ]

 তামেদ—“এৰা মইও সেই কথাকে মনে মনে আলচিছোঁ। পানেইক নো কাক দিম?”

 নিৰমা—“কেলেই সেই জঙ্কি বুলিবৰ ল’ৰাটোকে পানেইলৈ চপালে বাৰু নহয় জানো? তাৰ দেখোন কেৱে নাই।”

 তামেদ—“তাৰ কেৱে নাই দেখিয়েইতো পানেইক মোৰ তালৈ দিব ইচ্ছা নাই। সেই টোকোনাটোক দিলেনো কি হব?”

 নিৰমা—“কিয়? আমাৰ ল’ৰা-ছোৱালী নাই সিয়ে বেটা হই থাকিব।”

 তামেদ—“বেটা হই থাকিলে (ঙ) জনো পেট ভৰিব?”

 নিৰমা—“তেনেনো তই তাইক কালৈ দিবলৈ মন কৰিছ?”

 তামেদ—“মোৰ বিবেচনাৰে তাইক সেই কমুদলৈকে দিয়া ভাল, সি নমেন্‌ গামৰ পুতেক। নমেন্‌ গামেও নিজে মোক এবাৰ কইছিল। মই তালৈকে দিম।”

 (ঘ) আমি আগেয়ে কৈছোঁ মিৰি দুবিধ। এবিধ ভৈয়ামৰ, এবিধ পৰ্ব্বতৰ। পৰ্ব্বতৰ মিৰিহঁতক প্ৰায়ে সৰু আবৰ বোলে। আৰু আমাৰ ভৈয়ামৰ চায়েঙীয়া, অয়ঙীয়া, দামুকীয়াল, ছুটীয়া, দৈতীয়াল, ময়ঙীয়া ইত্যাদি গোটেইবিলাক মিৰিয়ে বৰ বংশ বুলি পৰিচয় দিয়ে।

 (ঙ)পাঠকসকলে এই পুথিত মিৰিহঁতৰ বিয়াৰ নিয়ম জানিব পাৰিব। মুঠতে এতিয়া এইটো কথা জনাওঁ যে মিৰিহঁতে জীয়ৰীৰ গা-ধন প্ৰায় তিনিকুৰিৰে পৰা দুই তিনি শ লৈকে লয়। ইয়াত বাদেও যালৈ দিব’ সেই মানুহটোৱে শহুৰেকৰ ঘৰত দুবছৰ খাটি দিব লাগে। ইয়াকে জোঁৱাই খটা বোলে। মিকিৰৰ ভিতৰতো জোঁৱাই খটা নিয়ম আছে।

                      [ ৩৭ ]

 নিৰমা—“কিন্তু তালৈ দিবলৈ থিৰ কৰাৰ আগেয়ে আমি এবাৰ পানেইক সুধি-পুচি চোৱা জানো ভাল নহয়?”

 তামেদ—“জীয়ৰীকনো কোনোবাই ক’ৰবাত সুধি বিয়া দিয়েনে? তাই কব “মই এটা গাছি মিৰিলৈ যাম” সেয়ে হব লাগিব নেকি? মই তাইক কমুদলৈকেহে দিম। তাই তালৈকে যাব লাগিব, মই কমুদৰ বাপেকক কথা দিছোঁ।”

 নিৰমা—“বাৰু তেন্তে। তাইক কমুদলৈকে দিয়া যাওঁক।”

 তামেদ—“এৰা মোৰ মন সেইয়ে। তই আজিৰ পৰা মাজে মাজে পানেইৰ আগত কমুদৰ কথা কবলৈ ধৰ। আৰু দুমাহৰ মূৰতে কমুদ জোঁৱাই খাটিবলৈ আহিব।”

 বুঢ়া তামেদে এই সিদ্ধান্ত শেষ কৰোঁতে নৌ-কৰোঁতেই পানেয়ে পানী লৈ ঘৰ পালে। কিন্তু ঘৰৰ ভিতৰত নৌ-সোমাওঁতেই বাপেকৰ মুখৰ পৰা “আৰু দুমাহৰ মূৰতে কমুদ জোঁৱাই খাটিবলৈ আহিব”—এই কথা ফাকি শুনিলে। তৎক্ষণাৎ কথাৰ ঢাল বুজিব পাৰিলে। তেতিয়াই মোৰ আজলী মিৰি-জীয়ৰীৰ মূৰত এহেজাৰ বজ্ৰ পৰাৰ দৰে পৰিল। যাহক কিজানি কই-মেলি মাক-বাপেকক পোনাবলৈ পাৰে এই আশাকে মনত সাৰোগত কৰি মনে মনে থাকিল; কিন্তু এটা অফুট অব্যক্ত ভাবত পানেইৰ হৃদয় কঁপিল। তাইৰ হৃদয়ৰ অভ্যন্তৰে কান্দিলে।

                    •••••••••••••

                        [ ৩৮ ]

                  পঞ্চম অধ্যায়

             সোৱণশিৰী নৈৰ বুকুত

 “How richly glows the waters breast—

 Before us, tinged with evening hues

 While facing thus crimson west—

 The bast her silent course pursues!

 And see how dang the backward stream!

 A little moment past so smiling”

                                  •Wordsworth

 বেলি প্ৰায় পাতত বহিছে। আকাশ সুন্দৰ নিৰ্মল। হেঙুলীয়া আকাশৰ ছাঁ সোৱণশিৰী নৈত পৰি সোৱণশিৰী নৈৰ পানীকো হেঙুলীয়া বৰণ কৰিছে। সোৱণশিৰী নৈৰ বুকুত মৃদু-মন্দ বতাহ বইছে। ৰিপ্ ৰিপ্ সুৰে আই সোৱণশিৰী বব লাগিছে। ইফালে দূৰৈত মিৰি গাঁৱত জুই জ্বলিছে। দুই এটিকৈ বিহু ঢোল মিৰি গাঁৱত বাজিছে। এনেই সোৱণশিৰী নৈখন বহল। দুয়ো কাষে সবুজ ৰঙৰ ঘাঁহ, ঠায়ে ঠায়ে চিকুণ বালিৰ চৰ। মুঠতে পাঁচ মাইলমান দূৰৈতে পাহাৰৰ চিকুণ দৃশ্য; তাতে সন্ধিয়া কালত মৃদু-মন্দ বতাহ। সিফালে পূবৰ ফালৰ পৰা বেলি নৌ মাৰ যাওঁতেই পূৰ্ণিমাৰ জোনটিয়ে দেখা দিছে। সোৱণশিৰী নৈ খনে কেনে যে চিকোণ দৃশ্য এটি ধৰিছে [ ৩৯ ]তাক বৰ্ণাই শেষ কৰিব নোৱাৰি। আৰু আমাৰো সিমান শক্তি নাই। কোনোবাই যদি কেতিয়াবা এনে সময়তে ঠিক এনে দিনত নাৱৰে সোৱণশিৰীৰ “পথালি পাম” (ক) খণ্ডৰ ওচৰত ফুৰিবলৈ পাইছে সেয়েই আমি বিৱৰণ দিয়া এই দৃশ্যটোনো কেনে তাক বুজিব পাৰি। আৰু কবিত্ব শক্তি থাকিলে তাকে বৰ্ণাই এখন পুথিও লেখিব পাৰিব। বাস্তৱিক পক্ষতে কাতি-আঘোণ মহীয়া এনেকুৱা সময়ত সোৱণশিৰীৰ বুকুত ফুৰিবলৈ বৰ চিকুণ। স্বভাৱৰ সৌন্দৰ্য্যত মন মোহিত হয়। আৰু কৰুণাৰ সাগৰ পৰমেশ্বৰৰ এনেবিলাক সুদৃশ্য দেখি তেওঁলৈ ভক্তিৰ সঞ্চাৰ হয়। নিতান্ত অভাবুকেও ভাব পায়।

 এনেকুৱা সময়তে এনে মন মোহিত হোৱা কালতে এখন সৰু নাৱত পাঁচজনী মিৰি গাভৰু উঠি সোৱণশিৰীৰ ওপৰেদি নাও বাই বাই যাবলৈ ধৰিছে। পাঁচোজনী দেখিবলৈ ভাল, পাঁচোজনীৰ মুখতেই হাঁহি-ধেমালি। পাঁচোজনীৰ গাতে ভাল চাফ-চিকুণ ৰিহা-মেখেলা। সিহঁত উঠা নাওখন ইমান সৰু যে আনকি অইন এতৰপীয়া মানুহে পাঁচোটা দূৰৈতে থাকক তিনিটাও যাবলৈ টান পাব। কিন্তু আমি আগেয়ে কৈছোঁ “সোৱণশিৰী আইৰ মিৰি জাতিৰ ওপৰতে চেনেহ বেছি।” সেইদেখি মিৰি জাতিৰ সকলোৱে আনকি সৰু তিনি-চাৰি বছৰ বয়সীয়া পৰ্য্যন্ত আইৰ বুকুত ইমান সৰু নাৱতে উঠি নিৰ্ভয় চিত্তে আহা-যোৱা কৰিব পাৰে। যি সময় যেনে দৃশ্য আৰু মিৰি গাভৰু কেইজনীৰ যেনে গঢ় এটাইবিলাককে একেলগে দেখি এনেহে বোধ হয় যেন সৰগৰ ইন্দ্ৰৰ সভাৰ পৰা

 (ক)“পথালিপাম” এই নামেৰে লক্ষীমপুৰ মহকুমাত এখন ঠাই আছে। তাত আজিকালি এখন চাহ-বাগিচাও আছে।

                      [ ৪০ ]

পাঁচজনী অপেশ্বৰী মৰ্ত্ত্যলৈ ৰঙ কৰিবলৈ নামি আহিছে। অথবা পাঁচজনা জলকুঁৱৰী পানীৰ পৰা ওলাই ধেমালি কৰিছে। অথবা আই সোৱণশিৰীৰ নিজৰ পেটৰে পাঁচজনী জীয়ৰী বাহিৰলৈ আহি উমলিছে। দুজনী গাভৰুৱে দুই মূৰে বহি বঠা চলাইছে। তিনিজনীয়ে নাৱৰ বুকুতে থিয় হৈ গাইছে, তাৰে এজনীয়ে থিয়ৈ থিয়ৈ বিহু সুৰত গগণা (খ) বজাইছে। আহা! কি মধুৰ গগনাৰ সুৰ। ভেকুলী মাতৰ দৰে গোঁ গোঁ শব্দত চুটি চুটি বিহুনাম উঠিছে। ধন্য মিৰি গাভৰুহঁতৰ এনে এটা সামান্য সঙ্গীত যন্ত্ৰ উলিওৱা বুদ্ধিও। ৩।৪ বাৰ গগনা চলিল। এজনীয়ে গগনা বজাইছে, আন দুজনীয়ে হাতত চাপৰি দিছে। পাঠক! গগনা বজোৱা সেই মিৰি-জীয়ৰীজনী কোন চিনি পাইছেনে? তায়েই আমাৰ পানেই। পাঁচোজনী গাভৰুৱেই নিজ হাতে(গ) কৰা ভূঁই ৰখিবলৈ গইছিল আৰু এতিয়া গধূলি হোৱাত ঘৰলৈ ফিৰি আহিছে।

 গগনা বজাই বজাই সুখ নিমিটিল। তেতিয়া ৰকমী নামেৰে এজনী গাভৰুৱে পানেইক ক’লে—“পানেই এটা নাম গা।”

 (খ)“গগনা” মিৰি গাভৰুহঁতৰ এটি যন্ত্ৰ। সৰু এচাটি বাঁহৰ মূৰত এডাল মুগাৰ সূতাৰ ডোল বান্ধি লয়। বাঁহচটা মুখৰ ভিতৰতে সুমাই ডোলডাল টানিলে ভেকুলীৰ মাতৰ দৰে এটি শব্দ হয়। সেই শব্দতে মিৰি গাভৰুহঁতে বিহু তোলে। যেয়ে সেয়ে নিশিকাকৈ গগনা বজাব নোৱাৰে।

 (গ)নিজ হাতে কৰা ভূঁই—মিৰি গাভৰুহঁতে পৰিয়ালটোৱে ভঙা মাটিত বাজেও নিজে নিজে এহালিচা বা দুহালিচা মাটিত কোৰ মাৰি সৰিয়হ বয়। সেই সৰিয়হ বেচি যি ধন পায় সেই ধনেৰে তেল-সেন্দুৰ কিনি পিন্ধে।[ ৪১ ]

পানেয়ে গালে:—

                        (১১)

উজায় নাৱে বোলে মোৰ দন চেনেঙ—

বামে লৰি মাৰে লেদেঙ—।

চকুৰ পানীৰে গালে তিতি গলে—

গামত তিতি গলে কাপোৰ—।

 গীত গোৱা শেষ হ’ল। তেতিয়া ৰকমীয়ে পানেইক ক’লে। “পানেই মই এটা গাওঁ শুন:—

                       (১২)

উজাই আয়িলে কোম্পানীৰ জায়াজ ঐ

পৃতিবী টলেবলাই—

চপাই দে চপাই দে কলিকতা জায়াজ ঐ

মনেমতাৰ বাতৰি সোদোঁ।

 এই গীত গোৱা শেষ হ’লতে পাঁচোজনী গাভৰুৱে কিৰিলি পাৰি হাঁহিব ধৰিলে। তাৰ পাছত কিৰমায় নামেৰে আন এজনী গাভৰুৱে কবলৈ ধৰিলে—

 “হেৰ পানেই! হেৰ পানেই, তোৰ অলপতে বিয়া হব। কমুদে জোঁৱাই খাটিবলৈ যাব নহয়?”

 পানেই—জানোঁ কব নোৱাৰোঁ।

 কিৰমায়—তই বাৰু গম পোৱা নাইনে? তই আৰু অলপতে জীয়ৰী গুচিবি, ল’ৰাৰ মাক হবি।

 পানেই—কি ধেমালি কৰ কিৰমায়। মই কালেকো নাযাওঁ। বাৰু গাঁও শুন।[ ৪২ ]

                         (১৩)

য়াতিয়ে যে পানী কায় ওলাকে ওলোকি

ময়ে যে পানী কায় কালত—

আমিও যে কনেঙ ঐ

কালৈকো যে নেযাওঁ ঐ

য়দায় যে তাকিম গৰত।

 পানেয়ে নাম গোৱা শেষ হল। ৰকমীয়ে মাত লগালে—“হয় পানেই—তই কাইলৈকে গুচি যাবিগৈ, তেতিয়া আমাক পাহৰিবি হবলা। তোৰ মুখৰ কথা মুখতেই থাকিল।’’

 পানেয়ে ৰকমীৰ এই কথাৰ উত্তৰ দিবলৈ নৌ-পাওঁতেই দূৰৈত আৰু এখন নাৱত স্পষ্ট মতা গলেৰে কোনোবাই গাব ধৰিলে। পাঁচোজনী গাভৰুৱে কাণ পাতি শুনিব ধৰিলে।

                       (১৪)

“উজায় যাৱেঁগৈ মোৰে দন কনেঙা—

কেই দিনত আয়িমে গুৰি—

পৰমে কম্পালে যদি তাকো বালে—

তিনি দিনত আয়িমে গুৰি ঐ লায়ৰী—

তিনি দিনত আয়িমে গুৰি।”

 কোনে এই নাম গালে। এই বিষয়ে মিৰি গাভৰুহঁতৰ ভিতৰত আন্দোলন হব ধৰিলে। কাৰ মাত এনেকুৱা! এই কথা এটায়ে ভাবিব ধৰিলে। কিন্তু পানেয়ে এইবিলাক বিষয়ে একোকে নুলিয়ালে। প্ৰণয়িনীয়ে প্ৰণয় তড়িৎ-শক্তিৰ বলত বুজিব পাৰিলে এই মাত আন কাৰো নহয়— তাইৰ হৃদয়ৰ ধন চকুৰ মণি-জঙ্কিৰ; তাই হাঁহি হাঁহি সি চাৰিজনী ছোৱালীক কলে—“তহঁতে বুজা [ ৪৩ ]নাইনে? সেইটো জঙ্কিয়ে গাইছে। তাৰে মাত হব পায়।” তেতিয়া ৰকমীয়ে কলে— “এৰা পানেই, তই জঙ্কিৰ মাতটো বৰিহাকৈ বুজিলি, তাৰে মাত হয়।” এই কথন-মথন হোৱাৰ পাছতে পানেয়ে ক’লে—“আমাৰ সেইবিলাক শুনিবৰ সকাম নাই—আহ আমি গাওঁ।”

                         (১৫)

নৈৰ পানী যে বাঢ়িবৰ বেগি ঐ চেনেঙ ঐ—

  নৈ পানী বাঢ়িবৰ বেগি।

আগৰটি দিলে ঐ নাচাবি চেনেঙ ঐ—

  হবি দুবগীয় মন॥

 পানেয়ে নাম গাই উঠিল মাথোন, আকৌ দূৰৈৰ পৰা সিহঁতে শুনিব পালে—

                         (১৬)

তোকে যে কেনেকৈ ঐ—

পামে যে মোৰ কনেঙ্ ঐ—

তোকে যে কেনেকৈয়ে পাম।

ইঠাই যে এৰি ঐ—

পামে গৈ যে কনেঙ্ ঐ—

মনেমা যে নতঁকা তাঁই॥

 এই নামৰ লগে লগে সিখন নাওঁ আহি মিৰি গাভৰুহঁতৰ নাৱৰ ওচৰ চাপিল। সেই নাৱত থকা মানুহটোৰ সৈতে কথা-বতৰা নৌ হওঁতেই পানেয়ে আকৌ গালে—[ ৪৪ ]

                       (১৭)

উলটি যে নাচাবি—

পালটি যে নাচাবি মোক

গৰা যে কুমলীয়া পিছলি যে পৰিবি

মোৰে গাত যে নিদিবি দোষ।।

 এইবাৰ পানেইৰ নাম গোৱাও শেষ হল, নাওখনো আহি সিহঁতৰ নাৱৰ ওচৰ পালেহি। তেতিয়া এটাইকেইজনী গাভৰুৱে ক’লে, “অ’ তয়েহে।”

 জঙ্কি—“এৰা ময়ে।”

 ৰকমী—“তই কলৈ গইছিলি?”

 জঙ্কি—“তামেন্ গামৰ চুকলৈ।”

 ৰকমী—“কেলেইনো গৈছিলি?”

 জঙ্কি—“এটা মানুহৰ পৰা মোৰ ৰূপ দহ টকা পাবলগীয়া আছিল। তাকে সাধিবলৈ।”

 পানেই—“পালিনে?”

 জঙ্কি—“আজি নাপালোঁ, কাইলৈ দিম বুলিছে।”

 পানেই—“এতিয়া ঘৰলৈ যাৱনে?”

 জঙ্কি—“এৰা।”

 পানেই—“আহ তেন্তে।”

 জঙ্কি—“পানেই!”

 পানেই—“কি কওৱ জঙ্কি?”

 জঙ্কি—“মই আৰু তিনিদিনৰ মূৰত ঘূণাসুঁতিৰ গাঁৱলৈ যামগৈ।”

 ৰকমী—“কেলেইনো যাওৱ জঙ্কি?” [ ৪৫ ] জঙ্কি—“ৰকমী, মই ইয়াত কমুদৰ ঘৰত আছিলোঁ। সি মোক বাৰু নোপোৱাত পৰিছে। সেইদেখি ঘূণাসুঁতিত মোৰ এঘৰ মাহীৰ ঘৰ আছে তাতে থাকিম গৈ।”

 ভাদৈ—“তই আৰু আমাৰ গাঁও এৰিলি।”

 জঙ্কি—“এৰা ভাদৈ কিন্তু মাজে মাজে তহঁতৰ গাঁৱলৈকো আহি থাকিম।”

 তুলাই—“এৰা আহি থাকিবি দেই। তই থকাত বৰ বাৰু আছিল। আমি বৰ ৰঙে-ধেমালিয়ে আছিলোহঁক।”

 জঙ্কি—“কি কৰিম তুলাই। যাব লগাত পৰিলোঁ।”

 পানেই—“জঙ্কি!”

 জঙ্কি—“কি কওৱ পানেই?”

 পানেই—“তই যোৱাৰ আগেয়ে এদিন মোক লগ ধৰিবি দেই। তোৰে সৈতে মোৰ এটা কিবা কথা কবলগীয়া আছে।”

 জঙ্কি—“বাৰু পানেই।”

 এইদৰে কথা-বতৰা পাতোঁতে পাতোঁতে নাও দুখন পাৰ চাপিল। তেতিয়া সকলো ঘৰা-ঘৰি গল।

 ‌                   ••••••••

                        [ ৪৬ ]

                   ষষ্ঠ অধ্যায়

           ভূঁইতলিত আৰু ঘৰত

 পিছদিনা ৰাতি পুৱাল। সেইদৰে যথা সময়ত পানেয়ে আকৌ ভূঁই ৰাখিবলৈ গল। জঙ্কিয়ে আগৰ দিনৰ কথা অনুসৰি আকৌ তামে্ন গামৰ চুকলৈ বুলি সৰু নাও এখনি লৈ ওলাল। যাওঁতে বাটতে পানেইৰ ভূঁই; পানেয়েনো কেলেই মাতিছিল এই কথাকে শুনি যাওঁ বুলি নাও ভূঁই থকা গড়াত লগাই থৈ জঙ্কি ওপৰলৈ উঠি গৈ পানেইক লগ ধৰিলে। উভয়ৰে কপাল ভাল। ওচৰত মানুহ-দুনুহ নাছিল। সেই দেখি দুয়ো মনৰ হেঁপাহেৰে কথা-বতৰা পাতিবলৈ সুবিধা পালে।

 পানেই—জঙ্কি। তই আৰু গুচি যাবিগৈ নহয়?

 জঙ্কি—এৰা যামগৈ পানেই। কমুদে মোক ভাল নোপোৱাত পৰিছে। তাৰ ঘৰতে থাকোঁ দেখি সি মোক বেয়া মাতেৰে মাতি মনত দুখ দিয়ে।

 পানেই—জঙ্কি! তই আৰু ইয়ালৈ নাহ?

 জঙ্কি—মাজে মাজে আহি থাকিম। তোৰ বুজ লই থাকিম।

 পানেই—এৰা আহিবি। তই গুচি গলে মোৰ মনটো শুদা শুদা লাগিব। [ ৪৭ ] জঙ্কি—মইও শুদা মনেৰেহে থাকিব লাগিব কি কৰিম। বিধাতাই আমাৰ কপালত সুখ লেখা নাই হবলৈ।

 পানেই—জঙ্কি তোৰ টকা-সিকা হৈছেনে?

 জঙ্কি—মুঠেই দুকুৰি টকা গোটাইছোঁ! আৰু দুকুৰিমান ছমাহমানৰ মূৰতহে গোটাব পাৰিম। তাৰ পাছত আহি তোৰ বাপেৰে সৈতে কোৱা-মেলা কৰিম।

 পানেই—জঙ্কি! তই এটা কথা শুনা নাইনে?

 জঙ্কি—কি কথা পানেই? কচোন।

 পানেই—আই-বোপায়ে মোক কমুদলৈ দিবলৈ মনে মনে আলচিছে।

 জঙ্কি—দিলে জানো তই যাবি?

 পানেই—কেতিয়াও নাযাওঁ। আমাৰ মিৰি কনেঙৰ কেতিয়াবা কথা লৰে নে?

 জঙ্কি—তেন্তেনো কি কৰিবি?

 পানেই—কই-মিলি আই-বোপাইক মোৰ ফালে ঘূৰাম।

 জঙ্কি-যদি ঘোৰ নাখায়।

 পানেই—সেইটো পিছ কথা। তই কিন্তু সদায় মোৰ বতৰা লৈ থাকিবি দেই। কেতিয়া কি হয় বুজ লৈ থাকিবি। নহলে তই নথকাত মোক যদি বল কৰি দিয়ে, তেন্তে মই বিহ খায়ে মৰিম।

 জঙ্কি—বাৰু পানেই। মই সদায় তোৰ বুজ লম। আৰু মই নিজৰ জীৱনটোও তোৰ নিমিত্তে এৰি দিবলৈ ৰাজি আছোঁ। আৰু কিজানি পানেই তোক ঘৰত মাত লগাব নাপাওঁ—সেইদেখি ইয়াতে বিদায় ললোঁ। যাওঁ দেই।

 পানেই—যাগৈ যা। [ ৪৮ ] এই কথা-বতৰা হৈ দুয়ো আঁতৰা-আঁতৰি হল। শোকৰ আবেগত দুইৰো চকু চলচলীয়া পৰিল। পাছত লাহেকৈ জঙ্কিয়ে নাৱত উঠিলগৈ। আৰু নিজৰ উদ্দেশ্যলৈ লক্ষ্য ৰাখি তামেন্ গামৰ চুকলৈ বুলি নাও বাবলৈ ধৰিলে। কিছুমান পৰ গৈয়েই জঙ্কিয়ে দীঘল সুৰেৰে আই সোৱণশিৰীৰ বুকুত বৰ বেথা লগা মাতে গাবলৈ ধৰিলে:—

                      (১৮)

বতিয়াই যামকৈ মোৰে দন কনেঙ্ ঐ

কেতিয়ানো আয়িমে গুৰি

পৰমে কম্পালে যদি তাকোঁ বালে—

তিনি দিনত আয়িমে গুৰি ঐ লায়ৰী

তিনি দিনত আয়িমে গুৰি।

 লাহে লাহে পানেই ৰ চকুৰ আগৰ পৰা নাওখন নেদেখাত পৰিল। শূন্য মনে কলামুখে পানেয়ে আকাশলৈ চাবলৈ ধৰিলে। আৰু আকৌ এধাৰ চকুলো টুকি নিজৰ কাৰ্যত মন দিলে। এইদৰে দিনটো ভূঁই ৰখি গধূলি হলত, পানেয়ে আকৌ নিয়মিত ৰূপে ঘৰলৈ উভতি গল। তাত গৈ দেখে যে মাক-বাপেকে চাঙঘৰৰ মূখত বহি আছে। তেওঁৰ কাষতে কমুদৰ বাপেক নমে্ন গাম দুখন ভাৰে সৈতে বহি মাক-বাপেকৰ সৈতে কথা-বতৰা পাতিছে। মোৰ আজলী মিৰি-জীয়ৰীয়ে বুজিব পাৰিলে তাইৰ কপাল শুদা। কি কৰিব চকুৰ লো টুকি শুলে। সাজ লাগি যোৱাৰ পিছত নমে্ন গাম গুচি গলগৈ। তামেদ আৰু নিৰমাই ভিতৰলৈ সোমাই গৈ দুয়ো জুইৰ কাষত বহিল। নিৰমায়ে পানেইক মাতিলে—”পানেই। এই সাজতে তোৰ [ ৪৯ ]টোপনি লাগিল নেকি? উঠি আহচোন।’’ থোত-মোতকৈ পানেই উঠি আহি জুইৰ কাষত বহিল। তেতিয়া মাকে পানেইক কলে, “বাছা, তই বুজিব পাৰিছনে? তই কমুদলৈ যাব লাগিব। আজি তাৰ বাপেকে ভাৰ পেলালে।’’

 পানেই—আই,মই কালৈকো নাযাওঁ। ঘৰত সদায় থাকিম।

 নিৰমা—মুখতহে কৈছ। বাৰু বাছা; কমুদ ভাল নহয়নে?

 পানেই—আই, মই একো কব নোৱাৰোঁ।

 নিৰমা—ইহ্ হয়। তই কব নোৱাৰ? সি এটা গামৰ লৰা; তাৰ ধন-বিতো বহুত আছে। তই তাৰ ঘৰলৈ গলে বৰ সুখেৰে থাকিবি।

 পানেই—আই, ধন-বিতেই তহঁতৰ দৰা ভাল বেয়াৰ চিন হলনে?

 নিৰমা—নহবনো কেলেই? আজিকালি এটায়ে সুখীয়াত পৰিলেহে সুখ পায়।

 পানেই—মই সইতে কৈছোঁ-মই কমুদলৈ নাযাওঁ।

 নিৰমা—তেন্তেনো তই কালৈ যাবি?

 পানেই—মই কালৈকো নাযাওঁ।

 নিৰমা—তই কমুদলৈকেহে যাব লাগিব।

 পানেই—মই তালৈ নাযাওঁ।

 নিৰমা—তেন্তেনো তই কালৈ যাবি?

 পানেই—মই ঘৰতে থাকিম।

 পানেইৰ এনেবিলাক কথাত মাকৰ মনত সন্দেহ হল। বুঢ়া তামেদৰ খং উঠিল। সি কবলৈ ধৰিলে:— “নিৰমা মনে মনে থাক। তাইৰ সুখেই সুখ হব।’’ [ ৫০ ] পানেই—বোপাই! মোক খঙ্‌ কৰিছ কেলেই?

 তামেদ—তইনো কেলেই জীয়ৰী হৈ আমাৰ বাপেৰ-মাৰৰ কথা নুশুনাত পৰিছ?

 পানেই—মইনো কি কথা শুনা নাই?

 তামেদ—মনে মনে থাক। কমুদলৈ তই যাব লাগিব।

 পানেয়ে এই কথাৰ কোনো উত্তৰ দিবলৈ নাপালে। বুঢ়া তামেদৰ খঙে চাং দপদোপাব ধৰিলে। হৃদয়ৰ অভ্যন্তৰে সৈতে পানেয়ে কান্ধি শুই থাকিল।

 এই ঘটনাৰ ছয়-সাত দিনমানৰ মূৰতে কমুদ ডেকা সাজি কাচি জোঁৱাই খাটিব আহিল। আৰু দস্তুৰমতে ক্ৰিয়া-কলাপ কৰি সেইদিনাৰে পৰা বুঢ়া তামেদৰ ঘৰত জোঁৱাই চাপিল।

[ ৫১ ]

               সপ্তম অধ্যায়

             মিৰি গাঁও দুখনত

সেইদিনা ভূঁইতলিত পানেইৰ পৰা বিদায় লৈ জঙ্কিয়ে সেইখন মিৰি গাঁও এৰি ঘূণাসুঁতিৰ মিৰি গাঁৱলৈ গল। তাত মাহীয়েকৰ ঘৰত আশ্ৰয় ললেগৈ। মিৰি ডেকাবিলাকৰ ভিতৰত জঙ্কি যতে-ততে এজন দেখনিয়াৰ মিৰি ডেকা আছিল। তাতে সি যি বিহুৰ পেঁপা বজায়,তাৰ শব্দ শুনিলেই মিৰি গাভৰু মাত্ৰেই উত্ৰাৱল নোহোৱাকৈ থাকিব নোৱাৰে। সেই দেখি ঘূণাসুঁতি গাঁৱতো সি অলপ দিনৰ ভিতৰত তাৰ ডেকা-গাভৰু দলৰ এজন ঘাই ডেকা হৈ পৰিছিল। বিহু হলেই জঙ্কিয়ে পেঁপা লৈ বিহুত উপস্থিত হব লাগে, তেহে গাভৰুহঁতৰ গা উঠে। দুই-চাৰিজনী গাভৰুৱে অলপ দিনৰ ভিতৰতে জঙ্কিক মৰম কৰা ভাবো দেখুৱাৱ ধৰিলে। কিন্তু এনেকৈ ৰং-ধেমালি কৰি ফুৰিলেও জঙ্কিৰ যি পানেইলৈ হৃদয়ৰ মৰম নুগুচিল। সময়ে সময়ে তাৰ এনে বেজাৰো লাগে যে সি বিহুকে আদি কৰি কোনো আমোদলৈ নোযোৱাত পৰে। কিন্তু নগলেও আন আন ডেকা-গাভৰুৱে তাক বলেৰে টানি বিহুলৈ লৈ যায়।

 সেই গাঁৱৰে গাভৰুবিলাকৰ ভিতৰত ডালিমী নামেৰে এজনী গাভৰু আছিল। তাইৰ বয়স প্ৰায় তেৰ-চৈধ্য বছৰ। তাই এজনী সেই গাঁৱৰে গামৰ জীয়ৰী। মিৰি গাভৰুবিলাকৰ ভিতৰত তায়েই [ ৫২ ]এটাইতকৈ ভাল নাচনী। সেইদৰে আমাৰ জঙ্কিও এজন পেঁপাদাৰ ওস্তাদ। সেই দেখি ডালিমী গাভৰুৰ হৃদয়ত লাহে লাহেকৈ জঙ্কিলৈ এটি আকৰ্ষণ হব ধৰিলে। যিদিনা জঙ্কি বিহুত থাকে সেইদিনাই ডালিমীৰো নাচ-বাগৰ উত্সাহ বেছি হয়। যিদিনা জঙ্কি সোৱণশিৰীৰ পাৰলৈ তাৰ হৃদয়ৰ দেৱী পানেইৰ বুজ লবলৈ যায়, সেইদিনা ডালিমীৰ মুখ কলা পৰে। কিন্তু জঙ্কিয়ে এইদৰেনো কলৈ কি সকামে আহা-যোৱা কৰে ডালিমীয়ে তাৰ তত ধৰিব নোৱাৰিলে। জঙ্কিৰ অভ্যন্তৰৰ কথা ডালিমীয়ে একোকে বুজিব নোৱাৰিলে। সেই বুলিয়েই যে ডালিমিয়ে জঙ্কিৰ হৃদয়ৰ অভ্যন্তৰৰ কথা জানিবলৈ ক্ৰটি কৰিব এনে নহয়।

 এদিন জঙ্কিয়ে মনত দুখ কৰি নদীৰ ঘাটত এখন নাৱৰ ওপৰত বহি মনে মনে পানীলৈ চাই দুই-এবাৰকৈ চকুৰ লো টুকিব ধৰিলে। গাঁৱৰ ফালৰ পৰা ডালিমীয়ে কাষত কলহ লৈ নদীৰ ঘাটলৈ আহি জঙ্কিক পানীৰ ফাললৈ মুখ কৰি থকা দেখা পালে। ডালিমীয়ে চিত্তত মুকলিমূৰীয়া মিৰি-জীয়ৰীৰ স্বভাৱৰ এটি আমোদ কৰিবলৈ মন হল। লাহেকৈ কাষৰ কলহটো থৈ হাতত সাৰে ভৰিত সাৰে জঙ্কিৰ পাছফালে থিয় হলগৈ; আৰু ততালিকে জঙ্কিৰ চকুহাল মুদাই ধৰিলে। জঙ্কিয়ে হাত সেপিয়াব ধৰিলে। অতি চেষ্টা কৰিও কোন চিনি নাপালে। তেতিয়া ডালিমীয়ে হাত এৰি দি খিল্‌ খিল্‌ কৰে হাঁহিব ধৰিলে। জঙ্কিয়ে মুখ ফিৰাই চাই দেখে ডালিমী। ডালিমীয়ে জঙ্কিৰ চকুলৈ চালে। চাৰি চকুৰ মিল হল। কিন্তু আঃ! ডালিমীয়ে কি বেজাৰ লগা কথা দেখিবলৈ পালে। জঙ্কিৰ চকু দুটা ঔৰ ফুল যেন ৰঙা। অলপ আগেয়ে লো বোৱা চিন আছে। তাৰ দুখতে দুখী হৈ ডালিমীয়ে সুধিলে— [ ৫৩ ] “জঙ্কি তই কান্দিছ দেখোন?’’

 জঙ্কি—কতনো কন্দা দেখিলি ডালিমী?

 ডালিমী—হয়। তই মিছা মাতিছ। কচোন কেলেই কান্দিছ?

 জঙ্কি—মই কব নোৱাৰোঁ।

 ডালিমী—অ’ তই মোক বিশ্বাস নকৰ। বাৰু আজিৰ পৰা আৰু মই তোৰ লগত বিহু নানাচোঁ। তই মাতিলেও নাযাওঁ—

 জঙ্কি—ডালিমী। বেজাৰ পালি নেকি? মোৰ কথা জানিলে নো তোৰ কি লাভ হব?

 ডালিমী—এনেয়ে জানিম কছোন বাৰু।

 জঙ্কি—কবলৈ দুখ লাগে ডালিমী, তই জান নহয় নে মই আগেয়ে সোৱণশিৰী মিৰি গাঁৱত আছিলোঁ।

 ডালিমী—এৰা জানো, তাৰ পিছত কি হল?

 জঙ্কি—তাতে মোক পানেই নামৰ এজনী গাভৰুৱে ভাল পাইছিল।

 জঙ্কিয়ে এই কথা কোৱা মাত্ৰেই ডালিমীৰ মুখ অলপ ক’লা পৰিল। জঙ্কিয়ে তাক তত ধৰিব নোৱাৰিলে। আকৌ ডালিমীয়ে সুধিলে:— তাৰ পিচত?

 জঙ্কি—তাৰ পিছত তাই মোক কৈছিল তাই হেনো মোলৈকে আহিব। তাই শপতো খাইছিল। কিন্তু এতিয়া মোক দুখীয়া দেখি কেও-কিছু নথকা দেখি তাইৰ মাক-বাপেকে কমুদ নামেৰে আন এটা জোঁৱাই ল’ৰা চপালে। কিজানি মোৰ কপালখনত জুই লাগিল।

 ডালিমি—তাইক যদি আন কোনোবাই নিয়ে তেন্তে তয়ো জানো এজনী নাপাবি? [ ৫৪ ] জঙ্কি—তাই সমান মই কাকো নেদেখোঁ।

 জঙ্কি! হোজা মিৰি ডেকা! তই কি সৰ্বনাশ কৰিলি। সৰল প্ৰাণেৰে তই কেলেই তোৰ হৃদয়ৰ অৱস্থা কলি। তোৰ এইআষাৰ কথাই আৰু এজনক যে মৰ্মভেদী দুখ দিলে বা দিব পাৰে, তাক তই নুবুজিলি। কিন্তু কি কৰিম তই হোজা মিৰি ডেকা। তই সংসাৰত শিক্ষিত মানুহৰ কৃত্ৰিমালি কথাৰ মোল নাপাৱ। সৰল প্ৰাণত যিহকে আহে তাকে কৈ পলাৱ। যাহক, তই যি অনিষ্ট কৰিব লাগে কৰিলি। এতিয়া আৰু তাৰ উপাই নাই।

 জঙ্কিয়ে এই কথাফাকি কোৱা হলত ডালিমীয়ে জঙ্কিক কবলৈ ধৰিলে—’জঙ্কি মই যাওঁ দেই-‘

 জঙ্কি—যাগৈ যা ডালিমী।

 পাঠক! এতিয়া বলা, আমি এবাৰ চাওগৈ পানেয়েনো কি কৰিছে।

 কমুদক পানেইৰ মাক-বাপেকে জোৰ কৰি জোঁৱাই ৰাখিলে হয়, কিন্তু পানেয়ে সেই জোঁৱাই লৰাক এফেৰাও চিত্ত নিদিলে। তাই সদায় তাৰ পৰা আঁতৰত থাকে। নিমাতী পানেয়ো দন্দুৰী হল। মাক-বাপেকে সৈতে সাদয় হাই-কাজিয়া হবলৈ ধৰিলে। মাক-বাপেকেও অনেক সময়ত তাইক গালি-গালাজ, শিকনি-বুজনি, লগ-সমনীয়াৰ হতুৱাই বুদ্ধি-ভৰসা ইত্যাদি দিওৱাত কম নকৰিলে। কিন্তু আকৰী যি কথাত লাগে তাতে লগা আমাৰ গাভৰুৰ মন ফিৰাবলৈ শক্তিবান নহল। অনেক সময়ত মাক-বাপেকে ইচ্ছা কৰি পানেইক আৰু কমুদকে অকলৈ এৰি যায়। কমুদে পানেই ওচৰ চপা দূৰৈতে থাকক কতা পাতিবলৈকো সাহ নকৰে। এইদৰে চাৰিটা প্ৰাণীৰে সুখ নোহোৱাত পৰিল। পানেইৰ একান্ত ইচ্ছা [ ৫৫ ]বৰং তাই চিৰ-কুমাৰী হৈযে থাকিব তেও কমুদলৈ নাযায়, কিয়নো কমুদে তাইৰ চেনেহৰ বস্তু, ভালপোৱাৰ গৰাকী জঙ্কিক বেয়া মাত মাতি গাঁৱৰ পাৰ খেদি পঠাইছে। তাৰে ওপৰত আকৌ তাই “জঙ্কিলৈ যাম’’ বুলি সোৱণশিৰী বালিত কাৰ্সিং কাৰ্টানক সাক্ষী কৰিছিল। কমুদো হটা বিধৰ মানুহ নহয়। তাৰ পেটত এনেকুৱা ভাবে খেলিছে যে, সি যদি এজনী গাভৰুকে তাৰ বশলৈ আনিব নোৱাৰে তেন্তে তাৰো ডেকা নাম ধৰাটো বৃথা। তাক সমনীয় ডেকাবিলাকে হাঁহিব। পানেইৰ মাক-বাপেকৰ দৃঢ় সংকল্প পানেয়ে কমুদলৈকে যাব লাগিব। মিৰি জাতি হোজা—এক কুৰীয়া সেইদেখি যেয়ে যিহলৈ মন কৰে সি হঠাতে সেই কথা কেতিয়াও নেৰে। চৈধ্য ব্ৰহ্মাণ্ড গোটেইখন কথা কব কিন্তু ঘূৰি আকৌ নিজৰ মূল উদ্দেশ্যতেহে পৰিব।

 পাঠক, বুজিবই পাৰিছে কমুদৰ জোঁৱাই খটা কথাফাকি কিমান সুখকৰ হৈছে। তাতে সি ওলালেই গাঁৱৰ গাভৰুহঁতে তাক বগা কাউৰী যেন দেখে। এনেয়ে বেইতাক ধৰি মিৰি গাভৰুৱে জোৰা নাম দিয়াত বৰ পকা, তাতে আকৌ কমুদে পানেইক বলে পৰা নাই। সি গাঁৱলৈ ওলালেই পোনেই ৰকমীয়ে ধৰে:—

                       (১৯)

“বেইতালৈ নকৰোঁ বয় ঐ চেনেঙ ঐ

        বেইতালৈ নকৰোঁ বয়—

কটাৰপো বেইতা টকাৰ যে গৰাকী

        চেনেঙৰ গৰাকী মই।’’

 সিফালে কিৰমায়ে মাত লগায়:—[ ৫৬ ]

                       (২০)

 “কোবাই দে বগৰি অৰক’

নিচিনা দৰব ঐ আনিবি চেনেঙ ঐ—

 বেইতাক কুয়ামে সাম

 গাভৰুহঁতৰ এইবিলাক ঠাট্টা, পানেইৰ তুচ্ছ-তাচ্ছিল্য ইত্যাদি কমুদৰ ভাল নলগাত পৰিল। অৱশেষত এদিন লগৰ এজন ডেকাৰ হতুৱাই পানেইৰ মাক-বাপেকক খোলা-খুলিকৈ কোৱালে যে তাৰ সেইদৰে জোঁৱাই খাটিলেনো কি হব। হেন জানি টকা-সিকা ওভতাই দিয়ক, সি সকলো এৰি পেলাব। বুঢ়া তামেদ আৰু নিৰমায়ে এই কথা শুনি মনত বৰ বেজাৰ পালে আৰু পানেইক ওচৰলৈ মাতি নি ক’লে:—

 “পানেই, চাচোন তয়ে আমাৰ একেজনী জীয়ৰী, তই আমাক এনেকৈনো দুখ দিব লাগেনে?’’

 পানেই—মই জানো তহঁতক দুখ দিছোঁ? তহঁতেহে মোক দুখ দিছ। মই কেতিয়াও কমুদলৈ নাযাওঁ।

 তামেদ—কালৈ যাবি?

 পানেই—দিয় যদি মই জঙ্কিলৈহে যাম। আৰু নহলে মই সদায় ঘৰতে থাকিম।

 তামেদ—সেই খাবলৈ নোপোৱা কুকুৰটোলে?

 পানেই—এৰা তালৈকে।

 নিৰমা—পানেই। এতিয়া তোক শাপিম দেই। আমি মাৰ-বাপেৰৰ মনত দুখ দিলে তোৰ সুখ নহব।

 পানেই—মই একো দুখ দিয়া নাই। [ ৫৭ ] তামেদ—মোৰ জানিবা ছোৱালী নাই। অকল তয়েই আছিলি। তইও জানিবা মৰিলি।

 পানেই—মই যদি মৰিলোৱেই তেনেহলেনো তহঁতে আকৌ কেলেই মৰা শৱটোকে বেচি খাব ওলাইছ?

 নিৰমা—তই অলপতে নষ্ট যাবি।

 পানেই—দে শাও। পাৰ মানে দি থাক। কপালত যি আছে সেয়ে হব।

 তামেদ—চুপতি নকৰ। আজি ৰাতিয়েই তোক মই ধৰি-বান্ধি কমুদলৈ দিম। জোৰ কৰি সি তোৰ ধৰ্ম্ম নষ্ট কৰিলেতো যাবি।

 মিৰি চাংখন দপ-দপনিত আকৌ কঁপিব ধৰিলে। আজলী কিন্তু এতিয়া মাক-বাপেকৰ অবাধ্য পানেয়ে উচুপি উচুপি কান্দিব ধৰিলে।

                   •••••••••••

                       [ ৫৮ ]

                অষ্টম অধ্যায়

                 এন্ধাৰ নিশা

 জঙ্কিয়ে সেই কথা কবৰ দিনাৰে পৰা ডালিমীৰ হৃদয়ত এডাল শেল বাজিল। তাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে তাইক এনেকুৱা মৰ্ম্মভেদী কথা কব। তাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে তাইক ভাল নাপালেও তাই দেখিবলৈ বেয়া এনে এটা কথা বুজাব। যি ডালিমীয়ে আজি অত দিনে তাই নিজৰ মনতে “মই দেখিবলৈ বাল আৰু মই ভালকৈ নাচিব জানো’’ বুলি অলপ বালিকাসুলভ আত্ম-গৌৰৱ কৰিছিল, সেই ডালিমীয়ে আজি জঙ্কিৰ এনেকুৱা চিধা কথাত তাই নিজকে সংসাৰৰ অতি নীচতকৈও নীচ ভাবিবলৈ ধৰিলে।

 সেই দিনাৰে পাৰ ডালিমীয়ে জঙ্কিৰ লগত বিহু নাচিবলৈ এৰিলে। সেইদিনাৰে পৰা ডালিমীয়ে জঙ্কিৰে সৈতে মন খুলি কথা-বতৰা পাতিবলৈ এৰিলে।

 অৱশ্যে ডালিমীয়ে যে জঙ্কিলৈ প্ৰাণৰ পৰা শত্ৰু ভাব কৰিলে এনে নহয়। বৰং তাৰ চিধা কথাত তাক শত্ৰু ভাব নকৰি সি যে এক খোলা চিত্তৰ মানুহ এইটোহে বুজিলে। আৰু যেতিয়াই তাই জানিব পাৰিলে যে জঙ্কিৰ চিত্তক আন এজনে অধিকাৰ কৰিছে, সেই ঠাই তাই দখল কৰিবলৈ নোৱাৰে, তেতিয়াই তাই নিজৰ সমস্ত আশা-ভৰসা এৰিলে আৰু জঙ্কিৰ সৈতে কুটুম্বতা ভাব ত্যাগ কৰি মুঠেই সচৰাচৰ বন্ধুত্ব ভাৱ ৰাখিলে। [ ৫৯ ] তাই এইদৰে এদিন মনতে চিন্তা কৰি বহি আছে। ইফালৰ পৰা জঙ্কি সিহঁতৰ ঘৰলৈকে গল। সেইদিনা কিন্তু ডালিমী ঘৰত অকলে আছিল। মাক-বাপেক ইত্যাদি সকলো দিহা-দিহি কৰবালৈ গৈছেল। জঙ্কিয়ে লাহেকৈ সিহঁতৰ চোতালৰ আগতে বহিলগৈ। আৰু ডালিমীক দেখা পাই সুধিলে—“ডালিমী, বাপেৰ কলৈ গল?’’ ডালিমীয়ে উত্তৰ কৰিলে:—জঙ্কি সিহঁত আজি ঘৰত নাই। গধূলিহে আহিব; কেলেই বোপাই বিচাৰিছ জঙ্কি?

 জঙ্কি—ডালিমী! মোৰ এটা কথা আছিল। কাইলৈ মই সোৱণশিৰীলৈ যাওঁ বুলিছিলোঁ।

 ডালিমী—কিয়নো যাৱ?

 জঙ্কি—ডালিমী! তোক মই এনেকৈ মোৰ সকলো কথা কলো। তই মোক এফেৰা উপকাৰ কৰিবিনে?

 ডালিমী—কি উপকাৰ জঙ্কি?

 জঙিকি—তোৰ বাপেৰৰ তিনি-চাৰিখন নাও আছে। কাইলৈ মই সোৱণশিৰীলৈ যাওঁ বুলিছিলোঁ, এখন নাও লাগিছিল।

 ডালিমী—মোক কচোন নাওনো কেলেই?

 জঙিকি—তোক মই ভনীৰ দৰে চেনেহ কৰোঁ। তোৰ আগত মই সকলো কথা ভাঙি কওঁচোন শুন।

 ডালিমী—কি বাৰু?

 জঙ্কি—পানেইক মাক-বাপেকে বল কৰি কমুদলৈ দিব খুজিছে। তাই মোলৈ বাতৰি দিছে বোলে মই হেনো তাইক পলুৱাই আনিব লাগে। ডালিমী, মোৰ যদি জীৱটোও যায় তথাপি তাইক নেৰোঁ। বাপেৰকো আহি মই ক’ম, তইও দিবলৈ কবিনে?

 ডালিমী—(মুখ ফিৰাই) বাৰু ক’ম দে। [ ৬০ ] জঙ্কি—(ডালিমীৰ হাতত ধৰি) ডালিমী। তই প্ৰকৃততে মোক ভনীৰ দৰে চেনেহ কৰ। ডালিমী যাওঁ দেই।

 ডালিমী—(মুখ ফিৰাই) যাগৈনা জঙ্কি।

 জঙ্কি—ডালিমী। তই দেখোন কান্দিছ। কিয় কান্দিছ ডালিমী?

 ডালিমী—পানেইৰ দুখৰ কথা শুনি।

 এই কথা কোৱাৰ পিছতে জঙ্কি উঠি গল। কিন্তু তাৰ হৃদয়ত আজি ডালিমীৰ চকুলো দেখি অলপ সন্দেহৰ ভাবে খেলিবলৈ ধৰিলে। কিন্তু যি কি নহওক সি মনে মনে এইটোকে ভাবিলে যে ডালিমী প্ৰকৃততে বৰ সহৃদয়া। ডালিমী প্ৰকৃততে তাৰ বৰ উপকাৰী ভনীয়েকৰ দৰে।

 আৰু ডালিমী। পাঠক! ডালিমীৰ প্ৰকৃত অৱস্থা কি বুজিব পাৰিছেনে? তাইনো কেলেই কান্দিছে? তাই বুজিব পাৰিছে যে জঙ্কিৰ চেনেহ দৃঢ় ৰূপে পানেইলৈহে বহিছে। সেই চেনেহৰ সোঁত আন কোনো ফালে নবয়। সেইদেখি তাই হৃদয়ত মৰ্মান্তক বেদনা পালে। সেই বেদনা তাই চেষ্টা কৰিও দমাব নোৱাৰিলে; আপোনা-আপুনি তাইৰ হৃদয়ৰ নিজৰা ফুটি এবাৰ বেগেৰে পানী ওলাল—ডালিমীয়ে কান্দি পেলালে। কিন্তু তাই এনেকুৱা মৰ্মান্তিক বেদনা পালেও তাইৰ প্ৰণয়ত স্বাৰ্থ নোসোমাল। তাই মনে মনে চিন্তা কৰিলে যে যদি নাওখন দিয়াব পাৰিলেই জঙ্কি সুখী হয়— তেনেহলেনো তাই জঙ্কিৰ এই এফেৰা উপকাৰ কৰি বাল পোৱাৰ বাজন নহব কেলেই? অন্ততঃ জঙ্কিয়েতো তাই উপকাৰী বুলি ভাবিব।

 আৰু পানেই—পানেইৰ নো কি হল! বাপেকে তাইক বল কৰি দিওঁ বুলিছিল; কিন্তু ঈশ্বৰৰ ইচ্ছাত যিদিনা সেই কাম কৰোঁ [ ৬১ ]বুলি প্ৰতিজ্ঞা কৰিছিল, সেই কাম সিদ্ধি নহল। কমুদ সেইদিনা পথালিপামৰ ফালে এটা সকামত যাবলগীয়াত পৰিছিল। এই দুদিনৰ ভিতৰত পানেয়ে মনতে থিৰ কৰিলে যে তাই মাক-বাপেককো এৰিব। তাই লগ সমনীয়াৰ নিন্দাৰ ভাজন হৈয়ো তাই তাইৰ ভাল পোৱা বস্তুৰ লগ লাগিব। হাতী, ম’হ, বাঘ ইত্যাদিকো ভয় নকৰি তাই পলাব।

 সেই সুযোগ মিলিল। ৰকমীৰ সহায়ত জঙ্কিলৈ খবৰ পঠিয়ালে। জঙ্কিয়ে এন্ধাৰ নিশা নাও এখন লৈ ঘাটত উপস্থিত হল। পানেয়ে শৌচ কৰিবলৈ যাওঁ বুলি ফাঁকি দি নাৱত উঠিলগৈ। তেতিয়াই সেই নাও দ্ৰুত বেগেৰে আই সোৱণশিৰীৰ ধাৰত আৰু বলিষ্ঠ জঙ্কিৰ বঠাৰ চাবত ৰাতা-ৰাতি ভটিয়াব ধৰিলে। তাইৰ অহাত পলম হোৱা দেখি বুঢ়া তামেদে আৰু বুঢ়ী নিৰমায়ে বিচাৰি গল। গাঁৱত তেনেই তোল-পাৰ লাগিল। দিহা-দিহি মানুহে বিচাৰিব ধৰিলে। কিন্তু পানেইক নাপালে।

                 •••••••••••••

                       [ ৬২ ]

                 নবম অধ্যায়

               হাবিৰ মাজত

 সোৱণশিৰী নৈৰ পাৰত হাবি। সেই হাবি বৰ ডাঠ। আনকি অহা-যোৱা কৰাই কষ্টকৰ। সেই হাবিৰ মাজতে এযুৰি পঁজা। এই পঁজাৰ ভিতৰত এহাল মানুহ। এটা মতা, এজনী মাইকী, অথবা এটা ডেকা, এজনী গাভৰু। পাঠক ইহঁত কোন চিনি পাইছেনে? ডেকাজন “জঙ্কি’’, গাভৰুজনী “পানেই’’।

 সেই নিশা জঙ্কি আৰু পানেই নাৱত উঠি পলোৱা মাত্ৰেই মিৰিবিলাকে পিনাপিনকৈ গাঁৱৰ ওচৰে-সামৰে বিচাৰিব ধৰিলে। নিশাটো বৰ আন্ধাৰ আছিল। সেইদেখি অলপ বিচাৰি মিৰিহঁত ক্ষান্ত হল। পাছদিনা ৰাতিপুৱা সোৱণশিৰী মিৰি গাঁৱৰ মিৰিহঁতে পূবে, পশ্চিমে, উত্তৰে, দক্ষিণে দিহা-দিহি পানেইক বিচাৰিব ধৰিলে। পানেই-জঙ্কিয়ে জানিলে যে নাৱেৰে গৈ থাকিলে সিহঁতৰ বিপদ আছে। সেইদেখি ৰাতিপুৱাতে নাওখন বঠা দুপাটে সৈতে সোৱণশিৰীত উটুৱাই দি হাবিৰ মাজত সোমাল। আৰু দিনৰ দিনটো হাবিৰ মাজত ফুৰি গধূলি হওঁ হওঁ হওঁতেই ঘূণাসুঁতিৰ ওচৰতে হাবিত ঠাই ললে। পৰ্ব্ব বন্দৱস্ত মতে নাওখন ভটিয়াই গল। ডালিমীৰ বাপেকে ধৰি ৰাখিলে।

 সোৱণশিৰীৰ মিৰিহঁতে ঘূণাসুঁতি গাঁও আৰু আন আন মিৰি গাঁৱতো পানেইৰ বুজ ললে। কোনেও ক’তো সিহঁতক পানেইৰ [ ৬৩ ]কথা কব নোৱাৰিলে। কিন্তু সিহঁতে এইটো ঠাৱৰ কৰিব পাৰিলে যে জঙ্কিও ঘূণাসুঁতিৰ গাঁৱত নাই। সেইদেখি এইটো থিৰ হল যে, জঙ্কিয়েই এনে ফাঁকি কাম কৰিলে। সাত-আঠ দিন বিচাৰি নেপাই সিহঁতে পানেইৰ আশা এৰি দিলে।

 জঙ্কিয়ে গধূলি গধূলি সহৃদয়া ডালিমীৰ সহায়ত সি গোটোৱা টকাৰে সৈতে গাঁৱৰ পৰা চাউল, লোণ, তেল ইত্যাদি কিনি নি হাবিৰ ভিতৰত পানেইৰে সৈতে খাই-বই এমাহ সময় কটালে। পানেই-জঙ্কি ইহঁত দুয়ো জানিলে বিধাতাই সিহঁতৰ দুইকেহে যোৰা বান্ধিছে আৰু সিহঁতেও কাৰ্চিং-কাৰ্টানক সাক্ষী কৰি প্ৰণয় প্ৰতিজ্ঞাত আবদ্ধ হৈছে। মাক-বাপেকে নিদিলেও পানেয়ে ঠিক কৰি জানিছে— জঙ্কিয়েইহে তাইৰ প্ৰকৃত গিৰিয়েক। জঙ্কিয়েইহে তাই প্ৰকৃত চেনেহৰ বস্তু। সেইদেখি পানেয়ে সৰল প্ৰাণেৰে হোজা মনেৰে জঙ্কিক হৃদয়ত ঠাই দিলে। মোৰ আঁকৰী মিৰি-জীয়ৰীয়ে জঙ্কিৰ ভৰি দুখনত মন-প্ৰাণ সমৰ্পণ কৰিলে।

 এইদৰে এমাহ সময় গল। জঙ্কিয়ে-পানেয়ে আলচিলে সিহঁতে এতিয়া ওলাই হয় মাজুলিৰ কোনো মিৰি গাঁৱত নহয় খেৰকটিয়াত, নহয় মাছখোৱা অঞ্চললৈ গৈ দেখাদেখিকৈ বসতি কৰিব। এই সংকল্প কৰি এদিন দুইও প্ৰণয়-প্ৰণয়িনী জুইৰ কাষত বহিছে। আৰু দুয়ো মিলি ভাত ৰান্ধিছে। এনে সময়তে সিফালৰ হাবিৰ মাজত অলপ খুচ্‌ মুচ্ কৰিলে। দুইৰো মনত অলপ সন্দেহ হল। কিন্তু সাজু হবলৈ নৌপাওঁতেই হুৰুম কৰি প্ৰায় পোন্ধৰটামান মিৰি আগতে কমুদে সৈতে ওলালহি। বুঢ়া তামেদে তত্ক্ষণাৎ জীয়েকৰ হাতত ধৰিলে আৰু কমুদে পোনেই জঙ্কিক “কুকুৰ! নিলাজ! চোৰ’’ বুলি ঘোচা এটা মাৰিলে। [ ৬৪ ] আমাৰ জঙ্কিও কাপুৰুষ নহয়। সিও মিৰিৰ লৰা। সিও বলিষ্ঠ। আগ-গুৰি পৰিণাম নাভাবি সিংহ বিক্ৰমেৰে কমুদক গলত টেপা মাৰি ধৰিলে। দুয়োৰো দবৰা-দবৰি লাগিল। জঙ্কিয়ে কমুদক জোৰেৰে মাটিত আচাৰ মাৰি পেলাই লৈ বুকুত বহি দুই-তিনি কিল মাৰিবলৈ ধৰিছে এথোন, এনেতে আনবিলাক মিৰিয়ে তাক ধৰি বগৰাই পেলালে আৰু ই চৰ, সি ভুকু ইত্যাদি মাৰিবলৈ ধৰিলে। জঙ্কিয়েও প্ৰাণপণে যুঁজিলে। পানেয়ে “আই ঔ চেনেঙক মাৰিলে’’ বুলি বুকুত ভুকুৱাবলৈ ধৰিলে। চিঞৰত গগন ফাটি গল। তাই কেঁচু-কুমতিৰ দৰে দেহটো আঁজুৰিবলৈ ধৰিলে। যা হক জঙ্কিক বেছি কৰি মাৰিবলৈ নৌপাওঁতেই সিফালৰ পৰা ডালিমীৰ বাপেককে প্ৰমুখ্য কৰি ঘূণাসুঁতিৰ মিৰি জাক ওলালহি আৰু ডালিমীৰ বাপেকে কলে,—“এইবিলাক কিলোৱা-কিলি কিহৰ? কি কথা তহঁতে পাতিছ? অকল দেখি সেই কেৱো-কিছু নোহোৱা ল’ৰাটোক তহঁতে মাৰিবলৈ ধৰিছ; কিন্তু তহঁতে জানিলিনে যে তাৰ সলনি কোনেও নাৰাজিব? যদি দোষ হৈছে, দোষ কৰিছে, তেন্তে তহঁতে দস্তুৰমতে গোচৰলৈ যা। মাৰ-কিলোৱা কিহৰ।’’ ডালিমীৰ বাবেকৰ এই কথাত মাৰ-কিল বন্ধ হল। তেতিয়া পানেইক হাতত ধৰি কমুদে টানিব ধৰাত জঙ্কিয়ে আকৌ বজ্ৰ-গম্ভীৰ স্বৰে কলে—“কমুদ জীয়াই থাকিব খোজ যদি মোৰ পানেইৰ হাতত তই নধৰিবি। বাপেকে ধৰক।’’ তাই এই কথাত ডালিমীৰ বাপেকেও মত দিলে। তেতিয়া জাকে সৈতে সকলো মিৰি হাবিৰ পৰা ওলাই আহি ঘূণাসুঁতিৰ মিৰি গাঁৱত মেলত বিহলগৈ। ডালিমীয়ে জঙ্কিৰ গালখন অলপ উখহা দেখি এধাৰ চকুলো টুকিলে; কিন্তু তত্ক্ষণাৎ তাই নিজৰ কৰ্তব্য বুজি পানেইক ভিতৰলৈ নি খাবলৈ ববলৈ দিলে। ঘূণাসুঁতিৰ মিৰিহঁতৰ গাঁৱত বেবেৰিবাং মেল বহিল, কিন্তু মেল নিছিগিল।

                   ••••••••••••

                        [ ৬৫ ]

                  দশম অধ্যায়

               লক্ষীমপুৰ নগৰত

 লক্ষীমপুৰ নগৰত ৰাতিপুৱা প্ৰায় বেলি আঠ-ন মান বাজিছে। দুই-এজন আমোলা ৰাতিপুৱাই কাছাৰিলৈ গৈছে। কেইজনমানে ৰাতিপুৱাই দল বান্ধি ডাক-ঘৰলৈ মুখ কৰি ফুৰিবলৈ গৈছে। দুই-এজনে আকৌ এক বাবুৰ ঘৰত বিহ কথা বতৰা পাতি আমোদ কৰিছে। দই-এজনে কাতিমহীয়া শাকতলিত সোমাই শাক খুচৰিছে। এইদৰে ৰাতিপুৱাৰ সময় গল, বেলি আঠ-ন বাজিল। সকলোৱে লৰালৰিকৈ গা-পা ধুই খাই-বই দহোটা বজাত কাছাৰি পালেগৈ। লক্ষীমপুৰৰ কাছাৰি ঘৰটো সৰু; কিন্তু সেয়ে পৰিষ্কাৰ-পৰিচ্ছন্নৰূপে সজোৱা। আমোলাসকলৰ পৰিশ্ৰমতে সকলো চাফ্‌-চিকণ; দেখিলে মন হৰ্ষিত হয়। বেলি দহোটা বাজিল। সকলো আমোলা চাপিলগৈ। সকলোৱে লাহে লাহে গৈ চিত্তৰ তুষ্টিৰে থূপ খাই গল্প আৰম্ভ কৰিবলৈ ধৰিলে। ধীৰ, গহীন প্ৰকৃতিৰ এজন ডাঙ্গৰীয়াই ধীৰে ধীৰে লাহে লাহেকৈ দুই-এটি নিৰ্দ্দোষ আমোদ লগা কথা পাতিছে। লগে লগে এখন-দুখন তামোলো দিছে। ডাঙ্গৰীয়া নিতান্ত সৰল প্ৰকৃতিৰ হোজা বিধৰ মানুহ, বৰ দয়ালু আৰু ধৰ্ম্ম-ভীৰু। বয়সিয়াল হলেও তেওঁৰ কথাত সদায় ৰস, সদায় অমিয়া বচন। মাজে মাজে দুই-একোটি ফুচুৰি গল্প পাতিবলৈকো জানে। তাৰ পাছতে আৰু এজনা ডাঙ্গৰীয়াই [ ৬৬ ]এবাৰ গৈ কামত বহিছে, এবাৰ উঠি আহি মাজতে কথা এটা উলিয়াই হাঁহিছে আৰু মাজে মাজে দুই-এক আষাৰ হাঁহি উঠা কথা পাতিছে। তাৰ পাছত এজনা বিদ্বান বয়সীয়াল উকীল ডাঙ্গৰীয়াই এটি-দুটি কথা-বতৰা পাতিছে। মাজে মাজে দুই-এখনি তামোল দিছে। বুঢ়া আমোলা এজনাই কপালত চিকুণ ফোঁট মাৰি গলত এধাৰ মালাৰে সৈতে চকীত বহি বহি মূৰ পুতি কাম কৰিছে; মাজে মাজে উকীল ডাঙ্গৰীয়াসকলৰ কথাও শুনিছে। মেল প্ৰায় পূৰঠ হবলৈ ধৰিছে। এনেতে সিফালৰ পৰা এজন আমাৰ মুছলমান আমালা ওলালহি। তেওঁ আহি পোৱা মাত্ৰেই ভৰকিয়াল গাৰে এই মেলৰ মূল কৰ্তাগৰাকী আৰু তেওঁৰ পালি-স্বৰূপ আৰু এজনা কোট, ঠেঙ্গা পিন্ধা বাবুৱে মাত লগালে, “আহ ভাই আহ, তই অহা নাই দেখিহে আমাৰ মেল পূৰঠ হোৱা নাই।” তত্ক্ষণাৎ মুছলমান আমোলাজনে মিচিককৈ হাঁহি এটা মাৰি বহিল। সেইবাৰ মেলো পূৰঠ হৈ গল। এইদৰে কাছাৰি বহাৰ অলপ আগলৈকে কেৰাণী আমোলা এটায়ে ইষ্ট-আলাপ কৰিবলৈ ধৰিলে। লক্ষীমপুৰৰ কাছাৰিৰ সকলো আমোলাই সুখী, পৰস্পৰ-পৰস্পৰে এনে সদ্ভাৱ যে, দেখিলে বোধ হয় অসমৰ আন কোনো ঠাইতে এনে প্ৰীতি, এনে মিল ক’তো নাই। কিন্তু সেইবুলি চৰকাৰী কামৰ কিবা ব্যাঘাত হৈছেনে সেইটো নহয়। চৰকাৰী কাম বৰং লক্ষীমপুৰত যেনে সুবন্দৱস্তত চলিছে, বোধকৰোঁ অতি অলপ ঠাইতেহে এনে সুবন্দৱস্ত আছে।

 বেলা চাৰে দহোটা বাজিল। চহৰৰ ঘাইগৰাকী ধৰ্ম্মৰ অৱতাৰ স্বৰূপ, ন্যায়ৰ আধাৰ স্বৰূপ, মাজিষ্ট্ৰেট উপস্থিত হল। এজলাচত বহিল গৈ, তত্ক্ষণাৎ সকলো আমোলাবৰ্গ, উকীল-মুক্তিয়াৰ থিয় [ ৬৭ ]হ’লগৈ আৰু এটায়ে সেই আগৰ দিনৰ হোজা নিয়মে চেলাম দিলে। সহৃদয় মাজিষ্ট্ৰেট জনাইও হাঁহি হাঁহি এটাইৰে চেলাম গ্ৰহণ কৰিলে। পাঠক! এনে এজন হাকিম পোৱা বৰ টান আৰু প্ৰকৃততে হাকিমৰ মৰমত সকলোৱে সন্তুষ্ট। তেওঁৰ হাতত বিচাৰৰ বিভ্ৰাট নাই, তেওঁ কতো দঙ্গা-পৰা নকৰে। দুষ্টৰ যম, শান্তৰ বন্ধু, দুখীয়া প্ৰজাবৰ্গৰ মৰম বুজা, জিলাৰ সকলো কামতে নিজে চকু ৰখা, সকলো কাম নিজ হাতে কৰা এনে এজন হাকিম নাই। এওঁৰ ভয়ত সকলোৱে প্ৰকৃততে কঁপিও থাকে; কিন্তু সেইবুলি যে দুখীয়া আমোলাবৰ্গক জৰিমনা কৰাত চোকা এনে নহয়, সকলোৰে মৰম বুজে। গুণীৰ গুণ স্বীকাৰ কৰে। যি পৰিশ্ৰম কৰে তাৰ কাম নিজ চকুৰে চাই তাক নিজৰ ল’ৰা-ছোৱালী যেন বিবেচনা কৰে, মৰমো কৰে। পৰ্ব্বতৰ দফলা আৰু মিৰি জাকৰ সকলো দা-দস্তুৰ জানে। কিন্তু এই হাকিমজনাৰ যে এনেবিলাক আচৰণ এইবিলাক হাকিমৰ নিজ গুণে কিছু হলেও সৰহ ভাগ লক্ষীমপুৰৰ হোজা, সৰল ভাবৰ মানুহবিলাকৰ গুণেহে হৈছে। আমাৰ দেশৰ হাকিমবিলাক যে বেয়া এনে নহয়। কিন্তু ঠায়ে ঠায়ে আমাৰ মানুহৰ ব্যৱহাৰে, আমাৰ স্বভাবে-চৰিত্ৰেহে বহু ঠাইত ভাল হাকিমকো বেয়া কৰে।

 হাকিম এজ্‌লাচত বহিলেই পোনেই ৰেবিনিউ দেওয়ানী ইত্যাদিৰ কাগজ-পত্ৰবিলাক চাই-মেলি হুকুম দি খতম কৰি ফৌজদাৰী কাগজ চাবলৈ ধৰিছে মাথোন, এনেতে কুৰিজনমান মিৰি, চাৰি-পাঁচজনীমান গাভৰু আৰু বুঢ়ীয়ে সৈতে কাছাৰিত হাজিৰ হল। সেই মিৰি গাভৰুজাকৰ ভিতৰত এজনী গাভৰুৱে চিয়ঁৰি চিয়ঁৰি বুকুত ভুকুৱাই আহিছে। এটা মানুহে তাইক জোৰ কৰি টানি আনিছে। এই [ ৬৮ ]কোমল বয়সীযা ছোৱালী জনীয়েনো কি কাৰণে এনেকৈ নিজৰ দেহটো আঁজুৰিব লাগিছে ইয়াৰ কাৰণ কি, কাছাৰিৰ আমোলাবৰ্গ কৌতুকিত হৈ চাবলৈ ধৰিলে। পোনেই এজন বাবুৱে মাত লগালে—”তহঁতৰ কি হৈছে?” এনেতে আন এজন বাবুৱে কবলৈ ধৰিলে—”অ’ এই গাভৰুজনী গ’ল বছৰ আমাৰ জিলালৈ আহি বিহু নাচিছিল নহয়?” এজন বাবুৱে মাত লগালে—”অ এইটো দেখোন সেই পেঁপা বজোৱা মিৰিটো। তহঁতৰ কি হৈছে?” মিৰিহঁতৰ ভিতৰত এটাই কলে,—”তাইক ই ফুচুলিয়াই পলুৱাই নিছিল।” তত্ক্ষণাৎ আন এটাই মাত দিলে,—”তাই নিজে গৈছিল।” পাঠক! ইহঁত কোন চিনি পাইছেনে? ইহঁতেই সেই কমুদ, তামেদ, জঙ্কি, ডালিমীৰ বাপেক, পানেই, ডালিমী ইত্যাদি মিৰি জাক। আপোচত ইহঁতৰ মেল নিছিগিল, কাছাৰিত আহি হাজিৰ হল। কূট বুদ্ধিৰ তৰণীৰ লেখাৰ জোৰত জঙ্কিৰ ওপৰত অপহৰণ মোকৰ্দ্দমা পৰিল। হাকিমে বিচাৰ কৰিবলৈ ধৰিলে। পাঠক! ইহঁতৰ বেবেৰি-বাং জবানবন্দী নিজ নিজ মতলবে সাক্ষী দিয়া-দিয়ি হল। কোনেও নিজৰ কোবটো নেৰে। আমি আগেয়ে কৈছোঁ মিৰি জাতিটো একুৰিয়া। পেটত এটা কথা ৰাখি মুখেৰে চৈধ্য ব্ৰহ্মাণ্ড ঘূৰিব, কেতিয়াও হঠাতে সঁচা কবলৈ আগ নাবাঢ়িব। সকলোৱে নিজৰ মূল উদ্দেশ্য ৰাখিহে কথা কব, সেইদেখি কমুদ-তামেদৰ তৰফৰ পৰা চুৰি, অপহৰণ, ফুচুলিওৱা, পলুৱা ইত্যাদি কথা বৰ্ষণ হবলৈ ধৰিলে। আৰু জঙ্কিৰ তৰফৰ পৰা “তাই নিজে গৈছে” ইত্যাদি প্ৰমাণ হবলৈ ধৰিলে। হাকিম বেবেৰিবাং মেলত পৰিল। সঁচা কোনটো, মিছা কোনটো ঠিক কৰিব নোৱাৰাত পৰিল। অৱশেষত ছোৱালীজনীৰ জবানবন্দী মতে হাকিমে প্ৰায় একৰকম জঙ্কিৰ তৰফেই হুকুম দিলে। হুকুম হল-“মোকৰ্দ্দমা ফৌজদাৰিত চলিব নোৱাৰে। অপহৰণৰ প্ৰমাণ নাই। দেওয়ানী হৱ পাৰে আৰু যি পৰ্য্যন্ত দেওয়ানী নিষ্পত্তি [ ৬৯ ]নহয় সেই পৰ্য্যন্ত পানেই বাপেকৰ লগত থাকিব। জঙ্কি কি, কমুদ কি, মাক-বাপেক কোনেও তাইক বিৰক্ত নকৰিব।” পানেইৰ মাক-বাপেকে “হুজুৰ আমি মেল কৰি নিষ্পত্তি কৰিম” বুলি হাকিমৰ আগত ভালৰি বোলাই গল। বুঢ়া তামেদে পানেইক হাতত ধৰি টানি নিলে। তাই কান্দি কান্দি বুকুত ভুকুৱাই গল, বাপেকে বাটে বাটে গৰ্জ্জি যাবলৈ ধৰিলে। আমোলাবৰ্গৰ দুই-চাৰিজন ডেকা তৰফৰ বাবুৱে মত প্ৰকাশ কৰিলে—”সিহঁত দুই ভাল মিলিছিল, মাক-বাপেকে কেলেই বিঘিনি পাতিছে।” বুঢ়া কেইজনমানে কলে,—”মিৰিয়ে নিজ দস্তুৰমতেহে কাম কৰিব। মাক-বাপেকে যতে দিয়ে তাই তালৈকে যাব লাগিছিল।”

                 •••••••••••••

                     [ ৭০ ]

             একাদশ অধ্যায়

       আকৌ শোৱণশিৰী মিৰি গাৱঁত

 মিৰিহঁত হাকিমৰ এই হুকুমমতে দিহাদিহি গল। প্ৰমিক-প্ৰেমিকা হালৰ বিচ্ছেদ হল। জঙ্কি ঘূণাসুঁতিৰে মাহীয়েকৰ ঘৰলৈ গল, পানেয়ে নিজৰ ঘৰ পালেগৈ আৰু আকৌ সৰুৰে পৰা তুলি-তালি ডাঙৰ কৰা মাক-বাপেকৰ আশ্ৰয়তে থাকিল।

 তাই যিদিনা আকৌ ঘৰলৈ গল, তাইৰ ওচৰলৈ আগৰ লগৰ সমনীয়াবিলাক আহিল। ৰকমী ভাদৈয়ে আহি তাইৰ গলত সাবটি ধৰি কবলৈ ধৰিলেগৈ—”পানেই তই কেলেই গুচি গৈছিলি? আমাকো পাহৰিছিলিনে?” ৰকমীয়ে হাঁহি হাঁহি মাত লগালে,—”পানেই তই দেখোন কৈছিলি কালৈকো নেয়াওঁ, এতিয়া জঙ্কিৰ লগতনো কেনেকৈ হাবিয়ে হাবিয়ে আজি এমাহ ফুৰিলি?” ইত্যাদি ভাল-বেয়া এটায়ে তাইক কবলৈ ধৰিলে। গাঁৱৰ বুঢ়া-মেথা মাইকীবিলাকে কলে,—”আই তই কেলেই অমুৰি কৰিছিলি? মাৰ-বাপেৰৰ কথা কিয় অবাধ্য হৈছিলি? আমাৰ মিৰিৰ জীয়ৰীয়ে জানো মাক-বাপেকৰ হাক-বচন নুশুনাকৈ থাকিব লাগে; আই তয়েই এটাইৰে নাক কাটিলি, সকলোলৈকে বেয়া কৰিলি। মাৰ-বাপেৰৰ মনত কষ্ট লাগিব, আই! দেহি! লাহৰি ঐ! এতিয়া মাৰ-বাপেৰৰ কথা শুন।” [ ৭১ ]পানেয়ে বুজিব পাৰিলে তাই আকৌ যমৰ যান্ত্ৰণাত পৰিলহি। তাই বুজিলে, তাই তাইৰ চেনেহৰ বস্তু জঙ্কিলৈ যোৱা কথাটো মিছা হল। মাক-বাপেকে তাইক আকৌ কমুদলৈ দিব; কিন্তু তাই আকৌ আগৰ দৰে সংকল্প কৰিলে যে হয় তাই জঙ্কিলৈকে যাব, নহয় তাই সদায় ঘৰতে চিৰকুমাৰী হৈয়ে থাকিব, নহয় তাই বিষ খাইয়ে মৰি যাব।

 বুঢ়া তামেদ আৰু নিৰমায়ে ভাবিলে যেতিয়া মাজিষ্ট্ৰেটে হুকুম দিছে তেতিয়া সিহঁতে পানেইক আকৌ কেইটামান দিনলৈ খেজালত কৰা উচিত নহয়; সিহঁতৰ দেওয়ানী মামলা-মোকৰ্দ্দমালৈ যাবলৈ ইচ্ছা নাই। ছোৱালীৰ কিজানি মন ফিৰে, কিজানি এতিয়াও কমুদলৈকে যায়, এই কথা ভাবি মনে মনে থাকিল। পানেইক মৰা বা ধৰা বিশেষকৈ গালি গালাজ নকৰিলে।

 ইফালে কমুদে কি কৰিছে? কমুদ জাক ডেকাৰ ভিতৰত লজ্জিত, অপমানিত হৈছে। সি পেটে পেটে ভাবিলে সিনো কি কুক্ষণত পানেইলৈ জোঁৱাই চাপিছিল। ঈশ্বৰে তাকনো কেলেই জঙ্কিৰ নিচিনা গুণৱন্ত নকৰিলে। ঈশ্বৰে তাকনো কেলেই লাজ দিলে। সি এইবিলাক কথা ভাবি-চিন্তি অস্থিৰ হল। নমেন গামে প্ৰতিজ্ঞা কৰিলে হয় সি টকা ফিৰাই লব, নহলে পানেইক তাৰ পুতেকলৈ আনিব। গাঁৱৰ গাভৰুবিলাকৰ কেতবোৰ (অধিকাংশই) পানেইৰ ফলীয়া হল, তাইৰ দুখত দুখ কৰিবলৈ ধৰিলে, তাইৰ মাক-বাপেকক নিন্দিলে। কেতবোৰে আকৌ পানেইকে দোষিলে। ৰকমীয়ে কিন্তু কমুদক ঠাট্টা কৰিবলৈ নেৰিলে। তাক দেখিলেই তাই গায়:—

“বেইতালৈ নকৰো বয় ঐ চেনেঙ ঐ

বেইতালৈ নকৰো বয়।

[ ৭২ ]

কটাৰপো বেইতা টকাৰ যে গৰাকী

চেনেঙৰ গৰাকী মই॥’’

 ইফালে জঙ্কিয়ে কি কৰিছে? পাঠক! তাকো এবাৰ চাওঁগৈ বলা। সি উলটি ঘূণাসুঁতি গাঁৱলৈ আহি ভাবিবলৈ ধৰিলে তাৰ কপালত বিধাতাই সুখ লেখা নাই। সি আৰু আকৌ পানেইক নেপায়। যদি দেওয়ানী গোচৰ পত্ৰ হয় তেনেহলেনো সি দুই-তিনিশ টকা কৰ পৰা দিব, সিমান টকা কত পাব? ভাবি-চিন্তি সি অস্থিৰ হল। কিন্তু যাহক পানেয়ে যে তাক হৃদয়ৰে সৈতে ভাল পায় আৰু এই ভালপোৱাৰ নিমিত্তে পানেয়ে অতি পুৰুষাৰ্থ কৰিও তালৈকে আহিবলৈ যত্ন কৰিব এই বিবেচনাতে সি নিজকে প্ৰবোধ দি মনে মনে থাকিল।

 ইফালে ডালিমীয়ে সিহঁতৰ এই অৱস্থা দেখি পেটেৰে সৈতে দুখ পালে। জঙ্কিক সুখী নেদেখি তাইৰ মনত অলপ আশাৰ ভাবেও খেলিব ধৰিলে। তাই ভাবিলে কিজানি ঈশ্বৰে তাইৰ সৈতেহে জঙ্কিৰ জোৰা বান্ধিছে। কিজানি ঈশ্বৰে তাইকহে জঙ্কিলৈ স্ৰজন কৰিছে। এনেকুৱবিলাক খুঁহ ধুঁহ চিন্তাতে তাই ৰল। এদিন যেতিয়া জঙ্কিক তাই অকলৈ লগ পালে, তাই তাক ক’লে,—

 “জঙ্কি, যেতিয়া ঘূণাসুঁতিৰ মিৰিহঁতে হাবিলৈ যায় তেতিয়া মই সিহঁতক যোৱা যেন দেখি বোপাইৰ আগত কলো, বোপায়ে সেই কথা শুনা মাত্ৰেই কিনো হৈছে বুলি মানুহ-দুনুহ চপাই লৈ গল।” তাইৰ এই কথাত জঙ্কিয়ে সোজা কথাৰে কলে—

 “ডালিমী। তই নেজান তই মোৰ কিমান উপকাৰ কৰিলি। তই নেজান তোৰ বাপেৰ নোযোৱা হলে সিহঁতে মোক মাৰি পেলালেহেঁতেন।” ডালিমীয়ে জঙ্কিয়ে এইদৰে কোৱাত অন্তৰেৰে সৈতে আনন্দ লাভিলে। এইদৰে এমাহ সময় গ’ল। [ ৭৩ ] এই এমাহে তামেদ আৰু নিৰমায়ে পানেইৰ মন ফিৰাবলৈ নিজেও আৰু আন আন লগৰ সমনীয়া ছোৱালীবিলাকৰ হতুৱাই শিকনি-বুজনি দিয়াত কম নকৰিলে। কিন্তু মোৰ আঁকৰী মিৰি-জীয়ৰীৰ মন কোনোমতে ফিৰাব নোৱাৰিলে। তাইৰ সংকল্প এফেৰাও লৰচৰ নহ’ল।

 নিৰমায়ে মাজে মাজে পানেইক কবলৈ ধৰিলে—”বাছা চাচোন তোক তুলি-তালি ডাঙৰ-দীঘল কৰিলোঁ। তইনো আমাৰ মনত কষ্ট দিব পাৱনে? তই কমুদলৈ যা আই! মোৰ লাহৰি।” বুঢ়া তামেদে মাজে মাজে কয়—”পানেইৰ তই নিচেই অজলা। তই কমুদৰ গুণ নাজান। বাছা তোক তালৈকে দিওঁ তই যা। ক মোৰ বাছা ‘মই যাম’ বুলি মই কাইলৈকে বিয়া পাতোঁ।” পানেইৰ কিন্তু সকলো কথাৰে উত্তৰ মুঠেই একেটা। তাই কয়—”আই! বোপাই! মোলৈ যদি তহঁতৰ মৰম আছে মোক জঙ্কিলৈকে দে। কমুদে যি টকা-সিকা খৰচ কৰিছে তাক জঙ্কিয়ে দিব পাৰিব। তাৰ পাছত তাৰ কোনো নাই, সি তহঁতৰ ঘৰতে বেটা স্বৰূপে থাকি আৰ্জি কুৰ্জ্জিও খুৱাব। তেওঁ যদি নিদিয় তেন্তে মই সদায় তহঁতৰ ঘৰতে থাকিম। কালৈকো নেযাওঁ। মোক বেজাৰ নিদিবি দেই।”

 পাঠক! আমি আগেয়ে কৈছোঁ মিৰি একুৰীয়া, কোনেও নিজ নিজ মতলব নেৰে। এই একুৰীয়া হোৱাৰ গুণে এই স্বভাৱৰ অজলা মিৰি মানুহৰ ঘৰতো কিমান যে অসুখ-অশান্তি হৈ থাকে তাৰ লেখ-জোখ নাই। অথচ মিৰিহঁতে কথা নেৰে। অনেক ডেকা-গাভৰুৰ এনে দশা ঘটে। যতে শুদ্ধ প্ৰণয়, ততে এই কাণ্ড। য’তে মিৰি গাভৰু অসতী অৰ্থাৎ এটাৰে সৈতে প্ৰথমতে হাত-বাত কৰাতো আপত্তি নাই, আৰু মাক-বাপেকক সুধিলে আন এজনলৈ শেষত দিলেও আপত্তি নকৰে, ততে জানিবা মামলা-মোকৰ্দ্দমা নোহোৱাকৈ সকলো কথাৰ ওৰ পৰে। কাচিৎ কেতিয়াবাহে গাভৰুৰ নিজ মনে [ ৭৪ ]আৰু মাক-বাপেকৰ পছন্দই মিলে। য’তে এইটি হয়, ততে মিৰি জাতিৰ ডেকা-গাভৰুৱে স্বৰ্গীয় সুখ পায়।

 এইদৰে অসুখ-অশান্তিয়ে দিন পাত হবলৈ ধৰিলে। শেষত বুঢ়া তামেদ আৰু নিৰমায়ে কমুদ আৰু তাৰ বাপেকৰ পৰামৰ্শ মতে পানেইক জোৰ কৰি হাত-ভৰি বান্ধি কমুদৰ ঘৰলৈ বিয়া বিহু নোহোৱাকৈয়ে দিয়াৰ আলচ কৰিলে। চতুৰী পানেয়ে সেই কথাৰ টেৰ পাই এনিশা আকৌ ৰাতা-ৰাতি পলাল।

                  •••••••••••

                    [ ৭৫ ]

              দ্বাদশ অধ্যায়

            ঘূণাসুঁতিৰ গাৱঁত

Thine am I my faithful fair

Thine my lovely Nancy—

Every purpose along my veins

To the bosom lay my heart

There to throb and languish—

Though despair had wrung its core

that would heal its anguish

                              •Robert Burns

 পিছদিনা ৰাতি পুৱালত আকৌ মিৰি গাঁৱত হুলস্থুল লাগি পৰিল, কিয়নো পানেই পলাল। আকৌ দিহাদিহি মানুহ ছুটিল। কিন্তু কতো পানেইৰ খবৰ নোলাল। লৰি এযোৰা মানুহ ঘূণাসুঁতিলৈ গল। গৈ জঙ্কিৰ মাহীয়েকৰ ঘৰত ওলালগৈ, তাতে দেখে যে জঙ্কি ঘৰতে আছে। সিহঁতে অকাই-পকাই জঙ্কিক ধৰিলেগৈ—”তয়েই এইবিলাক অনৰ্থৰ মূল। কচোন আকৌ পানেইক কত পলুৱালি?” এই কথাত জঙ্কিৰ বৰ খং উঠিল। সি কবলৈ ধৰিলে, “তহঁতে আকৌ কেলেই মোক ধৰিছ? সকলো অনিষ্টৰ মূল পানেইৰ মাক-বাপেক। এইবাৰ মই আজি মাহেকটো ঘৰতে আছোঁ, ক’লৈকো যোৱা নাই, জানো পানেই কলৈ গ’ল, মই কেনেকৈ ক’ম। তাই কিজানি মাক-বাপেকৰ দৌৰাত্ম্যত কৰবাত বিহ খায়েই [ ৭৬ ]মৰিল। মাক-বাপেকেই তাইৰ দোষৰ ভাগী হল।” এইবুলি জঙ্কিয়ে কপালত চাপৰ মাৰি “মোৰ এইখন কপাল, মই কি কুখেণত জন্মিছিলোঁ!” এই বুলি কান্দিব ধৰিলে। জঙ্কিৰ এই কথা মিৰিহঁত আচৰিত হল। গাঁৱৰ জঙ্কিৰ মানুহ-দুনুহবিলাকেও জঙ্কি এইবাৰ কলৈকো যোৱা নাই এই কথাষাৰৰ সাক্ষী দিলে। দুঃখিত মনেৰে সোৱণশিৰীৰ মিৰিজাক গুচি গল। পানেই আকৌ পলাইছে—এই বাতৰি ক্ৰমে ডালিমীৰ কাণতো পৰিল। ডালিমীৰ হৃদয়ত আকৌ দুটি ভাবে খেলিব ধৰিলে। তাই জানিলে যে জঙ্কিয়ে আকৌ তাৰ প্ৰণয়িণীক গৈ বিচাৰি উলিয়াব।

 জঙ্কিয়ে মিৰিহঁত গুচি গলত তাৰ হাতত যি টকা-সিকা আছিল সমস্তকে লৈ কিবা এটা মন কৰি ওলাল। যাবৰ পৰত ডালিমীক মাত দি যোৱাটো উচিত বিবেচনা কৰি ডালিমীক লগ ধৰিলেগৈ। সি গৈ পোৱা মাত্ৰকে ডালিমীয়ে সুধিলে—”জঙ্কি! মই শুনিলোঁ পানেই বোলে আকৌ পলাল।” জঙ্কিয়ে কলে—”হয় ডালিমী। তই যি কৈছ ময়ো তাকে শুনিছো।”

 ডালিমী—”এতিয়ানো তই কি কৰিবি জঙ্কি?”

 জঙ্কি—”ডালিমী! মই মনে মনে এটা কথা থিৰ কৰিছোঁ। তাইক বিচাৰি যাওঁ। ঈশ্বৰে যদি মোৰ কপালত লেখিছে মই তাইক বিচাৰি এইবাৰ একেবাৰে আনিমগৈ। আৰু ডালিমী (চকু চলচলীয়া কৰি) যদি তাইক নেপাওঁ তেন্তে মই ইয়ালৈ উলটি নাহোঁ। এই দেশ এৰি যতে পাওঁ ততে থাকিম। নহলে কৰবাত মৰিমগৈয়ে।” জঙ্কিৰ এই কথাত ডালিমীয়ে মৰ্ম্মান্তিক বেদনা পালে, আৰু ক’লে—”জঙ্কি বাৰু বিচাৰিবলৈ যা। ঈশ্বৰে তাইক তোক মিলাই দিব। যদি নাপাওৱ তেনেহলে আকৌ ফিৰি আহিবি। [ ৭৭ ]জঙ্কি! তই গলে আমাৰ গাঁওখন সুদা হৈ পৰিব। জঙ্কি! তই নহাকৈ নাথাকিবি দেই।”

 জঙ্কি—”ডালিমী! তোক মই মোৰ হৃদয়ৰ সকলো কথা ভাঙি কওঁ শুনচোন। ঈশ্বৰে মোৰ কপালত কি লেখিলে কব নোৱাৰোঁ। মোৰ সৰুতে আই-বোপাই মৰিল। সংসাৰত মোৰ কেৱেই নাই। অকল পানেয়েই মোক মৰম কৰিছিল; আৰু ডালিমী। তইও মোক ভনীৰ দৰে মৰম কৰিছিলি। মই গুচি গলে মাজে মাজে তহঁতৰ লগত ৰং-ধেমালি কৰি মোলৈ মনত কৰিবি দেই ডালিমী। আজি এতেদিনে ফুৰিছিলোঁ, কেতিয়াবা তহঁতৰ মনত বেজাৰ দিছিলোঁ, সকলো খেমিবি দেই। উভতি আহি পাওঁ যদি ডালিমী! আকৌ তহঁতৰ লগতে ভাই-ভনীৰ দৰে ফুৰিম।”

 ডালিমী—(চকু চলচলীয়া কৰি) “জঙ্কি! তই আজি এনেবিলাক কথা কেলেই কৈছে? ভালে-ভালে পানেইক লগত লৈ আহিবি যা।”

 এইদৰে দুয়ো সম্ভাষণ কৰিলে; তাৰ পিছত জঙ্কি গুচি গল। জঙ্কিয়ে পাছ দিওঁতেই প্ৰেমৰ পুতলি মোৰ এইজনী মিৰি-জীয়ৰীয়েও অন্তৰে সৈতে কান্দিবলৈ ধৰিলে। আৰু সেইদিনাৰ পৰা তাই আৰু গহীন হল। তাইৰ হৃদয়ৰ আশালতা উচ্ছেদ হল।

 এইবাৰ পানেই পলাওঁতে তাইৰ মাক-বাপেক প্ৰকৃততে দুঃখিত হল। নিৰমায়ে বুঢ়া তামেদক কব ধৰিলে—”তয়ে এইখন কৰিলি, মোৰ বাছাৰ মন নুবুজি ধনলৈহে চালি। মোৰ বাছা পানেই কলৈ গ’লি। বাছা উলটি আহ। তোক এইবাৰ বেজাৰ নিদিওঁ। তোৰ হৃদয়ৰ ধন তোৰ চেনেঙকে দিম। তোৰ চেনেঙকে চপাম। পানেই বাছা—ক’ত আছ আহ।” বুঢ়া তামেদৰ শিল-সম হৃদয়তো এইবাৰ [ ৭৮ ]দুখ লাগিল। সিও অন্তৰে সৈতে প্ৰতিজ্ঞা কৰিলে যে পানেইক পালে জঙ্কিলৈকে দিব।

 দুই তিনি দিনৰ মূৰত জঙ্কিয়ে সকলো লাজ, সকলো অপমান কাতি কৰি থৈও বুঢ়া তামেদ-নিৰমাৰ ঘৰলৈ আহিল। আৰু বুঢ়া-বুঢ়ীক সেৱা কৰি কবলৈ ধৰিলে—”বোপাই মই দোষী নহওঁ। তহঁতৰ জীয়ৰীয়েও মোক সৰুৰে পৰা ভাল পালে, তহঁতে মোক যদি চপাই ললিহেতেঁন তেন্তে এটায়ে সুখে থাকিলোঁহেঁতেন।”

 তামেদ—”জঙ্কি মোৰ এনেয়ে মনত বেজাৰ, তাতে তই দুখ দিবলৈ কেলেই আহিলি? কৰবাত তাইক লুকুৱাই থৈছ যদি লৈ আহ, মই আজি তোৰ আগতে কাৰ্সিং কাৰ্টানক সাখী কৰি শপত কৰিলোঁ তোকে তাইক দিম।”

 নিৰমা—”এৰা বোপাই! কত থৈছ মোৰ বাছাক লৈ আহ। তাইক তোকে দিম।” তামেদ আৰু নিৰমাৰ কথাত জঙ্কিয়ে এইবাৰ আনন্দ লভিলে। সি জানিলে ঈশ্বৰ তালৈ প্ৰসন্ন হল। সি কবলৈ ধৰিলে—”আই-বোপাই! মই এইবাৰ পানেইক পলুওৱা নাই, যদি কৰবাত আছে মই বিচাৰি আনি তহঁতকে দিমহি। দিয় দিবি মোক নিদিয় নাই। আৰু বোপাই । যদিহে তাইক নেপাওঁ, তাই কৰবাত মৰিছে, তেন্তে নিশ্চয় জানিবি জঙ্কিৰো নাম নুমাল; যলৈকে পাওঁ তলৈকে উজানে-ভাটিয়ে গুচি যাম।” এইবুলি মনতে সংকল্প কৰি জঙ্কি পথালিপামৰ ফাললৈ মুখ কৰি ৰাওণা হ’ল।

                    ••••••••••••

                        [ ৭৯ ]

               ত্ৰয়োদশ অধ্যায়

                        পানেই

 সেই নিশা পানেই গাঁৱৰ ওচৰৰ হাবিৰ মাজতে থাকে। ৰাতি পুৱালত তাই হাবি ফালি উত্তৰ ফাললৈ মুখ কৰি যাবলৈ ধৰিলে। বাঘ, বালুক ইত্যাদিৰ ভয়ত তাই আঠুকি আঠুকি দৌৰিবলৈ ধৰিলে। তাই কলৈনো যাব কিনো কৰিব ইয়াৰ একোকে থিৰ কৰিব নোৱাৰিলে। তথাচ তাই যাবলৈকে ধৰিলে। দিনটো গৈ গৈ ভাগৰ লাগিল। ৰাতি হল, এজোপা গছৰ তলতে প্ৰাণৰ মায়া এৰিও পৰি থাকিল। পিছদিনা ৰাতিপুৱাই তাই আকৌ যাবলৈ ধৰিলে। আৰু এইদৰে তিনিসাজ লঘোণ খাতি গধূলি এখন হিন্দুৰ গাঁও পালেগৈ। তাত হাবিৰ পৰা ওলাই সেই গাঁৱৰে এঘৰ মানুহৰ ঘৰত চাপিল আৰু আতুৰ মাতেৰে পানী এটোপা খুজি খাই নিশাটো তাতে থাকিবলৈ মন কৰিলে।

 যি মানুহৰ ঘৰত পানেই চাপিছিল গাঁৱৰ ভিতৰত সেই মানুহঘৰেই চহকী। সেইঘৰৰ দুই-তিনিটা ডেকা আছিল। ডেকাকেইজনে অলপ অলপ লেখা-পঢ়াও জানিছিল। এজনে ছাত্ৰবৃত্তি পৰীক্ষাও পাছ কৰিছিল। এই ডেকাটোৰ বয়স প্ৰায় পঁচিশ বছৰ। সি পানেইক দেখিলে যে তাই মিৰিয়নী হলেও দেখিবলৈ শুৱনি। তাইনো কৰ, কৰ পৰা আহিছে, কিয়নো এনেকৈ হাবিৰ মাজে মাজে ফুৰিছে, এইবিলাক কথা তাৰ জানিবলৈ ইচ্ছা হল। [ ৮০ ] ডেকাজনে যে গাঁৱৰ একেবাৰে চহা বিধৰ মানুহ সেইটি নহয়। তেওঁৰ ভৰিত সদায় জোতা। মূৰটিও সদায় চিকুণে মেলোৱা। আৰু এইবিলাকৰ লগে লগে তেওঁৰ গাত বাবুয়নিৰ আন আন চিনবিলাকো আছিল। তেওঁ গাঁৱত থাকিয়েই ইংৰাজী সুৰাও সেবিবলৈ শিকিছিল। আনকি সভ্য সমাজত ঠায়ে ঠায়ে গণ্যও হৈ ফুৰিছিল।

 পানেইক পানী-দুনী খুৱাই অলপ ঠাণ্ডা কৰি গধূলি হৈ আহিলত ডেকাজনে লাহে লাহে হাতত এটা বটল, গিলাচ এটাৰে সৈতে লৈ চৰা-ঘৰত বহি তেওঁ চাকৰক ধপাত খুজিলে। চাকৰে ধপাত আনি দিলে। তেতিয়া তেওঁ ধঁপাত খাই খাই পানেইক সুধিলে।

 “তই দম্পাত কাৱনে?”

 পানেই-“কাঁওঁ।”

 তেতিয়া ডেকাটোৱে আগ্ৰহেৰে সৈতে পানেইক চিলিমটো দিলে। পানেয়েও ধপাত খাব ধৰিলে। তেতিয়া ডেকাটোৱে বটলৰ পৰা গিলাচত সুৰা ঢালি পানেইক আকৌ সুধিলে—”তই আপং (ক) কাৱনে?”

 পানেয়ে এই কথাত পেটে পেটে ভাবিলে যে তাইি আজি তিনিদিন অনাহাৰ। শৰীৰত বৰ ভাগৰ লাগিছে। সদায় খাই-বই থকা এটুপি আপং পালে তাইৰ শুকান গললৈ ৰস আহে। ভাগৰ লগা দেহটোত অলপ বল হব ইত্যাদি ভাবি-চিন্তি তাই ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া আমাৰ এই ডেকাজনে গিলাচে গিলাচে পানেইক মদ দিবলৈ ধৰিলে আৰু নিজেও খাবলৈ ধৰিলে। পানেয়ে তিনি-চাৰি গিলাচ মদ পেটত পেলালে তেও তাই অথিৰ বা মতলীয়া

 (ক) আপং—মদ [ ৮১ ]নহল। কিন্তু ডেকাজন নিতান্ত অথিৰ হৈ উঠিল। তাৰ প্ৰথমেই ভাব হল পানেই গাভৰু; তাৰ পাছত ধুলো ধুলো চকু দুটাৰে চাবলৈ ধৰিলে। দেখিলে পানেই শুৱনী! তেতিয়া সি কবলৈ ধৰিলে—”তই দেখিবলৈ বাৰু অ।”

 পানেই—”জানো। অলে অব পাৰোঁ।”

 ডেকা—”য়য় আৰু নয়য়নো কেলেই।”

 পানেই—”অলুয়েই বা কিনো অল।”

 ডেকা—”একো নাই য়োয়াতো। তোৰ নামটোনো কি?”

 পানেই—”পানেই।”

 ডেকা—”তোৰ নামটোও বাৰু।”

 পানেই—”এৰা মোৰ অকলো বাৰু।”

 ডেকাজনে এই কেইফাকি কথা-বতৰা হৈয়েই উত্ৰাৱল হল। পাঠক! কবলৈ লাজ লাগে-ডেকাজনে অত্যাচাৰ কৰিব মনেৰে পানেইৰ সৈতে দবৰা-দবৰি লগালে। কিন্তু ধন্য মোৰ মিৰি জীয়ৰীৰ বল। তাইক সি বলে নোৱাৰিলে, সি তাইৰ সতীত্ব নষ্ট কৰিবলৈ পৰাগ নহ’ল। শেহত অতি নৈৰাশ মনেৰে সি পানেইক ক’লে—

 “পানেই মই বৰ বেয়া পালোঁ।”

 পানেই—”ছিঃ তই এনেবোৰ লাজ লগা কথা কৱ। এইবিলাক পাপ।”

 ডেকা—”মই তোক পালে সকলো পাপকে কৰিব পাৰোঁ। মই যাওঁ যাম নৰকলৈ। কিন্তু পানেই! তই মোৰ আশা ছেদ কৰিব নালাগিছিল।” [ ৮২ ] পানেই—”ছিঃ! তই বাল মানু য়ৈ আমাৰ মিৰিয়নীতো চকু দিয়। আমি তয়ঁতৰ বেটীৰ জোৰৰো নয়ঁও।”

 ডেকা—”পানেই তই যদি বেটী ছোৱালীও হলিহেঁতেন, তথাচ তোক মই নেৰিলোহেঁতেন। পানেই মোৰ প্ৰাণ শীতল কৰ।”

 এইবুলি ডেকাজনে আকৌ জাপ মাৰি পানেইক ধৰিলে। কিন্তু ধন্য মিৰি জীয়ৰী মোৰ! তাই লক্ষ্যভ্ৰষ্ট নহল। নিজৰ সতীত্ব ৰক্ষা কৰিলে, অথচ চিঞৰ-বাখৰ নকৰিলে। ডেকাটো ভাগৰি আঁতৰ হলতে তাই কবলৈ ধৰিলে—

 “চাচোন? মই কত দুখ পাই আই-বোপাইকো এৰি পলাইছোঁ। এতিয়া নিশা তয়তৰ গৰতে চাপিলোঁ, কি জানি এই দুককৰ অংয়াৰতো মই এপেৰা নিকা চাইদাৰ জিৰাবলৈকো পাওঁ। কিন্তু তই মোৰ আশ্ৰয়দাতা হৈয়ো মোক অইনায় কৰিবলৈ বিচাৰিলি। য়েন জানি বাগে খাওক বালুকে খাওক মই যাওঁ গৈ” এই বুলিয়েই উচাট মাৰি তাই ওলাই গল।

 পাঠক! আমাৰ এই ডেকাটোও নিতান্ত চিত্তহীন নহয়। তাৰ নিচা এৰিলত পানেইৰ তেজোনয় শেষৰ কথা কেইফাকিয়েই তাৰ জ্ঞানচকু মুকলি কৰিলে। সি জানিব পাৰিলে প্ৰকৃততে সি বৰ গৰ্হিত কাম কৰিছে। নিজৰ মনটো দুঃখিত হল আৰু মনে মনে প্ৰতিজ্ঞা কৰিলে যে সি আৰু এনেকুৱা কাম নকৰে।

 দুঃখিত অন্তঃকৰণেৰে সৈতে সি পানেইক কবলৈ ধৰিলে—”পানেই তই নাযাবি। আজি নিশা ইয়াতে খাই-বই থাক। তোক আৰু মই বেজাৰ নিদিওঁ। যিমান পাৰোঁ তোক সহায়হে কৰিম।” [ ৮৩ ] ডেকাটোৰ এই কেইফাকি কথাত পানেই উলটিল। আৰু চিত্তেৰে সৈতে ডেকাটোক শলাগিলে। ৰাতি সিহঁতৰ ঘৰতে খাই-বই পৰি থাকিল। কিন্তু ৰাতি পুৱাওঁ পুৱাওঁ হওঁতেই তাই সিহঁতৰ ঘৰ এৰি আকৌ হাবিলৈ পলাল।

                     ••••••••••••

                          [ ৮৪ ]

                   চতুৰ্দ্দশ অধ্যায়

                          জঙ্কি

 জঙ্কিয়ে আজি চাৰিদিনে পানেইক বিচাৰিবলৈ কম নকৰিলে। দিনে-ৰাতিয়ে লঘোণ-ভোক খাটিও হাবিয়ে-বননিয়ে, গাঁৱে-ভূঁইয়ে তাইক বিচাৰিলে; কিন্তু কতো তাইৰ বাতৰি নাপালে। হাবি পালেই সি একো একোবাৰ আলচিব ধৰিলে যে সি নিজৰ দেহটো এৰাই ভাল; কিন্তু তেতিয়া তাৰ মৰিবলৈকো ইচ্ছা নহল; পানেইৰনো কি হল এই কথা ফাকি জানিহে তাৰো এক দফা কৰা উচিত সি এইটো বিবেচনা কৰিবলৈ ধৰিলে।

 এই বিবেচনাকে মনত সাৰোগত কৰি সি বিচাৰিবলৈকে ধৰিলে। অৱশেষত কি তড়িৎ শক্তিৰ বলতনো পানেই নিশা যি মানুহৰ ঘৰত আছিল তাতে সিও চাপিলগৈ। আৰু গৈয়েই খবৰ পালে যে সি যেনেকুৱা বিৱৰণ দিছে তেনেকুৱা বিধৰ এজনী গাভৰু সি পোৱাৰ দুদিনৰ আগেয়ে তালৈকে গৈছিল। নিশা সিহঁতৰ ঘৰতে আছিল। তাৰ পাছতনো কলৈ গল সিহঁতে কব নোৱাৰে। সিহঁতৰ এই কথাত জঙ্কিৰ পানেইক পাবৰ আশা অলপ বলৱতী হল। সিও ৰাতি চাইদাৰ সেই মানুহৰ ঘৰতে থাকিল; আৰু [ ৮৫ ]পুৱালতে উত্তৰ ফাললৈ মুখ কৰি ভেবেলিচুকৰ (ক) ফাললৈ গল। গোগা-মুখলৈ যাবলৈ মন কৰি ভেবেলিচুকৰ হাবি সোমাইছে মাথোন, এনেতে কৰ পৰা কেনেকৈ পাঁচোটা গাছি মিৰিয়ে তাক বেঢ়ি পেলালে। মুখত সোপা দি কঁকালত ডোল লগাই টানি লৈ গ’ল। দিনৰ দিনটো সিহঁতে তাক হাবিৰ মাজে মাজে আৰু সুৰসুৰীয়া বাটেৰে লৈ যাব ধৰিলে। পাঠক! এইবাৰ যে তাৰ মনত কেনে লাগিল তাক বৰ্ণাই এটাব নোৱাৰি। সি ভাবিলে—সি নো কি জগৰ লগালে যে পৰ্বতীয়া গাছি মিৰিহঁতে তাক এনেকৈ ধৰিলে। ৰাতি হল, এজোপা গছৰ তলত গাছিহঁত নিশা থাকিল আৰু সিহঁতে ওৰে নিশাটো জঙ্কিক বেঢ়ি থাকিল। তাৰ হাতত যি টকা-কাড়ি আছিল তাকো আত্মসাৎ কৰিলে।

 পিছদিনা গাছি মিৰিহঁতে তাক পৰ্ব্বতৰ ওপৰলৈ তুলিলে। দুৰ্গম দুৰ্গম বাটেৰে নিবলৈ ধৰিলে। ঠায়ে ঠায়ে অসংখ্য নিজৰা বেতৰ সাঁকোৰে পাৰ কৰালে। তাৰ পাছত পৰ্ব্বতৰ ওপৰে ওপৰে পশ্চিম ফাললৈ লৈ গল। এইদৰে তিনি দিন তিনি নিশা অনাহাৰে গৈ চতুৰ্থ দিনা পৰ্বতৰ ওপৰত এখন গাওঁ দেখিলে। সি অনুমানতে বুজিব পাৰিলে সেইখন গাছি মিৰিৰ দেশ। সেই মানুহ পাঁচজনে তেতিয়া জঙ্কিৰ হাতৰ বান্ধ মোকোলাই দিলে। তাৰ পিছত এটাই তাক হাত বাও দি তাৰ ঘৰলৈ লৈ গল। প্ৰাণৰ আশাঙ্কাত সিও পাছে পাছে গল। সেই পৰ্বতীয়া মিৰিটোৱে তাক নি নিজৰ চাংঘৰত তুলিলে আৰু বিৰিং বাৰাং মাতেৰে সেই মানুহ ঘৰৰ আন আন মানুহবিলাকে সৈতে কথন-মথন কৰি তাক বহিবলৈ ইঙ্গিত কৰিলে। সি বহিল। তাৰ পাছত কেতখিনি সিজুৱা আলু-কচু, কেডোখৰমান শুকান মঙ্গহেৰে সৈতে তাৰ আগত দিলে। মনত বৰ দুঃখ থাকিলেও পেটৰ পোৰণিত অথিৰ হৈ তাৰে কেতখিনি

 (ক) এই নামেৰে লক্ষীমপুৰ ববালনী মৌজাৰ উত্তৰ ফালে এডোখৰ ঠাই আছে। [ ৮৬ ]আলু-কচু খাই পৰি থাকিল। গোটেই নিশা তাৰ চকুলৈ টোপনি নাহিল। সি তাৰ আগৰ অৱস্থা, এতিয়াৰ অৱস্থা গুণিব ধৰিলে। তাৰ লগে লগে পানেইনো কত আছে, সিনো কি মন্দ ভাগ্যত পৰ্ব্বতীয়া মিৰিৰ দেশ পালেহি এইবিলাক চিন্তি আকুল হল। একো একোবাৰ ভাবিবলৈ ধৰিলে যে তাৰ মৰাই ভাল; কিন্তু পানেইৰনো কি হল ইয়াৰ শেষ কথা নজনাকৈ মৰিবৰো ইচ্ছা নহ’ল। কান্দি কান্দি এই দুৰ্ভগীয়া মিৰি ডেকা পৰি থাকিল। পেটে পেটে আলচিলে যে সুযোগ পালেই সি পলাব।

 পিছদিনা ৰাতি পুৱাল; সেই পৰ্বতীয়া মিৰিঘৰে তাৰ কানি-কাপোৰবিলাক কাঢ়ি নিলে আৰু তাক সিহঁতৰ দৰেই এটা বেতৰ টুপী, একোছা বেতৰ কোধাৰি, এটা কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ থুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন আন কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰিঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে। আৰু এইদৰে তাৰ চাৰিমাহ সময় গল। কপাল মূৰ থুকি পৰ্ব্বতীয়া মিৰিৰে দাসত্ব কৰি দিন নিয়াব ধৰিলে; কিন্তু সিহঁতৰ চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে।

 জঙ্কিয়ে এইদৰে গাছি মিৰিৰ বেশ ধৰি এদিন পৰ্ব্বতৰ ওপৰত তাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোৰ মাৰি আছে। এনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত তিনি চাৰিজনীমান মিৰিয়নী ধৰি বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাছিহঁতে আন এখন পৰ্ব্বতীয়া মিৰি গাঁৱৰ পাৰ চুৰ কৰি বা ডকা দি আনিচে। অলপ কৌতূকিত হৈ সিহঁতলৈ চাব ধৰিলে। দেখে যে সেই পৰ্ব্বতীয়া মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেইও আছে। তাৰ হৰ্ষ-বিষাদ সমান হল। যি পানেইক সি ভৈয়ামত চিকুণ চিকুণ ৰিহা[ ৮৭ ] মেখেলাৰে সজ্জিত দেখি চকুৰ তৃপ্তি লভিছিল সেই পানেইৰ গাত আজি গাছি মিৰিয়নীৰ সাজ। লগত কেতবোৰ পৰ্ব্বতীয়া মণি, কঁকালত মুঠেই এহাতমান বহল এডুখৰি কাপোৰ। পানেয়েও জঙ্কিক সেইদৰে গাছি মিৰিৰ সাজ পিন্ধা দেখি মনে মনে দুঃখীত হল। তাইৰ চকুৰ পৰা আপোনা-আপুনি লো বলে। কিন্তু যাহক চাৰি চকুৰ মিল হোৱাত দুয়ো মনতে আনন্দ লভিলে। জঙ্কিয়ে পেটে সৈতে পানেইক মাতো মাতো বুলি আন্দাজ কৰিলে। চতুৰী পানেয়ে তেনেকুৱা ভাব দেখি চকুৰ ঠাৰেৰে তাক হাক দিলে। সিও মনে মনে থাকিল। কিন্তু আলেখ-লেখ ৰাখিলে সিহঁতনো ক’লৈ যায়। যেতিয়া সি দেখিলে যে সি থকা গাঁৱলৈকে পানেয়ো আহিছে আৰু সদায় সেই গাঁৱতে থাকিব তেতিয়া তাৰ মনত বৰ ৰঙ লাগিল। সি পেটে সমন্বিতে ভাবিলে ঈশ্বৰ কিজানি এতেদিনে সিহঁতলৈ প্ৰসন্ন হল। মনতে সেই নজনা জনাক ধন্যবাদ দিবলৈ ধৰিলে। কিন্তু পানেয়ে সৈতে কথা-বতৰা পাতিবৰ একো সুবিধা কৰিব নোৱাৰিলে। যাহক সদায় সি আৰু পানেয়ে চল চাবলৈ কম নকৰিলে।

                ••••••••••••••

                      [ ৮৮ ]

              পঞ্চদশ অধ্যায়

              পৰ্ব্বতৰ ওপৰত

 এইদৰে পৰ্বতৰ ওপৰত প্ৰণয়ী যুগলৰ দুমাহ সময় অতীত হৈ গল। এই দুমাহৰ ভিতৰত মুঠেই এদিন জঙ্কিয়ে পানেইৰে সৈতে কথা-বতৰা পাতিবলৈ সুবিধা পালে। পানেয়ে জঙ্কিক কলে—”জঙ্কি মোক ভেবেলিচুকৰ পৰা চিলি মিৰিয়ে ধৰি নিয়ে। সেই চিলি মিৰিৰ দেশত চাৰি মাহ থাকোঁ। তাৰ পিছত মই যি ঘৰত আছিলোঁ সেই মানুহ ঘৰক ইহঁতে কাটি-মাৰি আমাক বন্দী কৰি আনিছে। তইনো এইখিনি কেনেকৈ পালিহি?” এই কথাত জঙ্কিয়ে কলে—”পানেই, মোকো তোক বিচাৰি ফুৰোঁতে এই গাছি মিৰিহঁতে ধৰি আনে। বাৰু এতিয়া আমি পলাবৰ দিহা কৰিব নোৱাৰোঁনে?”

 পানেয়ে কলে—”এই গাছি মিৰিহঁতে সদায় আমাৰ ওপৰত চকু ৰাখে। পলোৱা বৰ টান। যাহক তই চল চাই এনিশা আহিবি। হাতত সাৰে ভৰিত সাৰে বেৰত টিকিলি মাৰিবি। মই ওলাই আহিম, দুয়ো পলাম।”

 এই দুমাহৰ ভিতৰত জঙ্কিয়ে পানেই সৈতে মুঠেই এইকেইষাৰ কথাহে কবলৈ পালে; কিন্তু দুয়ো পলাবলৈ চল চোৱাৰ কম নকৰিলে। দুয়োৰে একে অৱস্থা, দুইকো দুঘৰ পৰ্ব্বতীয়া মিৰিয়ে বন্দী কৰি ৰাখিছে। এই দুমাহৰ ভিতৰত পানেই যি মিৰি ঘৰত আছিল সেই মিৰি ঘৰৰ ৰেবাং নামেৰে এটা ডেকাই পানেইক তাৰ [ ৮৯ ]পৰ্ব্বতীয়া দস্তুৰ মতে প্ৰণয়ো জনাইছিল আৰু তাইক তাৰ তিৰোতা কৰিবলৈকো বিচাৰিছিল; কিন্তু মোৰ চতুৰী মিৰি-জীয়ৰীয়ে এইবাৰো অনেক বুদ্ধি-কৌশল কৰি তাইৰ সতীত্ব ৰক্ষা কৰিছিল।

 তাই এইদৰে এনিশা শুই আছে; মনতে নিজৰ অৱস্থা গুণিছে, মাক-বাপেকলৈ মনত পৰি মোৰ আজলী মিৰি জীয়ৰীৰ চকুৰ লো ওলাল। কান্দোতে কান্দোতে মূৰ-শিতান তিতি গল। লাহেকৈ আই নিদ্ৰাদেৱীয়ে তাইৰ চকু আকৰ্ষণ কৰিলে। চকু মুদোতেই তাই এটি সামাজিক দেখিলে। তাই দেখিলে—তাই যেন তাইৰ চেনেঙে সৈতে একেলগে হাতত ধৰাধৰি কৰি ফুৰিছে। তাই দেখিলে যেন তাইৰ “চেনেঙে” সৈতে আকৌ আহুতলিত ভূঁই ৰখিছে, একেলগে নাও খেলিছে আৰু একেলগে বিহুত নাচিছো। এনেতে যেন সিহঁতৰ গাঁৱৰে এজন বুঢ়া বয়সিয়াল মিৰিয়ে সিহঁত দুইকো মাতি আনি কোলাত ললে আৰু সঘনে দুইৰো মুখত চুমা খাই কব ধৰিলে—”বাছাহঁত তহঁতে বৰ দুখ পালি। বাছা তঁহত আৰু এইবাৰ আঁতৰা-আঁতৰি হৈ থাকিব নালাগে। তহঁতৰ সকলো দুঃখৰে ওৰ পৰিল।” এই বুলি যেন সেই মৰমিয়াল বুঢ়াজনে আকৌ সিহঁত দুইকো দুটা চুমা খালে। তাইও যেন তাইৰ চেনেঙক লগতে দেখি মহা আনন্দ লভিল। এনেতে যেন সিফালৰ পৰা চিকণ বিহু হল। এইদৰে সপোনটি দেখি থাকোঁতেই তাৰ সাৰ পালে। সাৰ পাই চকু-মুখ মোহাৰি দেখে যে তাইৰ চেনেঙ ওচৰতে। গলত সাবট মাৰি ধৰি ফুচ্ ফুচ্ কৰি কব ধৰিলে—”জঙ্কি! কেনেকৈ আহিলি?” জঙ্কিয়ে কলে—”পানেই মই যাৰ ঘৰত আছো সিহঁতৰ টোপনি যাওঁতে মই হাতত সাৰে ভৰিত সাৰে উঠি আহিছোঁ। পানেই! মোৰ কনেঙ্! আমি এতিয়া পলাব পাৰিলে হয়। আহোঁতে মই মাৰ-বাপেৰক দেখা কৰিছিলোঁ। মাৰ-বাপেৰেও [ ৯০ ]শপত খাইছে এইবাৰ হোনো তোক মই লৈ গলে আমাৰ দুইকো বিয়া দিব। তোৰ বাপেৰে মোক জোঁৱাই চপাই লব। মোক পো কৰি ৰাখিব লাহৰি ঐ। পলাওঁ বল। পিছতো আৰু অনেক কথা-বতৰা হম পাৰিম।” পানেয়ে জঙ্কিৰ এই কথাত আকৌ কান্দিব ধৰিলে। পেটে পেটে ভাবিলে তাই কেনে অন্যায় কাম কৰিছে, তাই যদি পলাই ঘূণাসুঁতিৰ ফালে গৈ জঙ্কিৰ লগত লগ লাগিলহেঁতেন, তেন্তে এতেদিনে কিজানি মাক-বাপেকে তাইক ক্ষমা কৰি জঙ্কিলৈকে দিলেহেঁতেন। যাহক এতিয়া আৰু কান্দিবৰ সময় নাই। লৰালৰিকৈ পলাবই লাগে। এইবুলি চকু-মুখ মচি বিছনাৰ ওপৰৰ পৰা গাটো দাঙি যাবলৈ মন কৰিছে মাথোন, জঙ্কিয়ে থিয় হৈ ইফালে সিফালে চাইছে মাথোন, এনেতে ক’ৰ পৰা কেনেকৈ তত্ক্ষণাৎ চকুৰ নিমিষতে ৰেবাং, কেদিং, তামেং, লাইপুং ইত্যাদি চাৰিটা পৰ্ব্বতীয়া মিৰিয়ে সিহঁতক বেঢ়ি ধৰিলে আৰু হাতে-ভৰিয়ে বান্ধি পেলালে। পানেই-জঙ্কি দুইও কপালত চপৰিয়াব ধৰিলে। সিহঁতৰ ডেডনিয়ে গগন উধালে। পৰ্ব্বতীয়া মিৰিকেইটাই সিহঁতক হাতে-ভৰিয়ে বান্ধি পেলাই থলে। হে জগদীশ্বৰ! প্ৰভু! মোৰ নো এই আজলা-আজলী মিৰি ডেকা-গাভৰুহাতে তোমাৰ চৰণত কি পাপ কৰিছিল! সিহঁতেনো কেলেই ইমান কষ্ট পালে! জগদীশ্বৰ! তুমি সিহঁতক প্ৰায় সুখৰ বাটলৈ আনিছিলা; কিন্তু হঠাতে নো আকৌ কেলেই এনে বিসঙ্গতি ঘটালা? প্ৰভু! তোমাৰ মহিমা বুজা বৰ টান।

                    ••••••••••••••

                         [ ৯১ ]

                  ষোড়শ অধ্যায়

                 বাৰেগামৰ মেল

 আজি পৰ্ব্বতীয়া মিৰি গাঁৱত বৰ মেল। গাছিহঁতৰ প্ৰায় তিনিকুৰিমান মানুহ চাপিছে। মূৰত বেতৰ টুপী, কঁকালত বেতৰ কোধাৰি, হাতত দা, মুখত একোটা বাঁহ, পিতল বা আধতুৱাৰ ধঁপাত খোৱা নল। অসভ্যহঁতে একোটা নলত কেতখিনিমান গছৰ পাত ভৰাই তাতে জুই দি হুপিছে। দুটা গাহৰি পেলাই লৈ দুডাল শেল পোকৰেৰে বিন্ধি মুখেৰে উলিয়াই গাহৰি হাল বধিলে। তাৰ পাছত গাহৰি দুটাক গোটে গোটে জুইত সেক দি তেজ-কুৰ বই থাকোঁতে থাকোঁতেই ডোখৰে ডোখৰে কাটি খাবলৈ ধৰিলে। ৰাক্ষসহঁতৰ পেট ভৰিল। তেতিয়া একোটি সাক্ষাৎ বনৰ পশুৰ দৰে হাত সাবটি ভৰি মেলি মেলি বহিল। সিহঁতৰ আজি বৰ মেল। বাৰেগাম চাপিছে। কিবা এটা কথা হেনো বিচাৰ কৰিব। পশুহঁতৰ আজি জানিবা চেচন আদালত বহিল।

 ক্ৰমে বেলি দুপৰ হল। সিহঁত এইদৰে বহিয়েই আছে। প্ৰত্যেকৰে হাতত চোকা চোকা তৰোৱাল, তীৰ, ধনু ইত্যাদি। সিফালে সিহঁতৰ এটা দেওধায়ে দুটা কুকুৰা কণী লৈ হুঃ হুঃ হাঃ হাঃ ইত্যাদি শব্দ কৰি মঙল চাইছে।

 এনেতে ৰেবাং, কেদিং, তামেং, লাইপুং ইত্যাদিকে প্ৰমুখ্য কৰি এজাক মিৰিয়ে পানেই আৰু জঙ্কিক আনি উপস্থিত কৰিলে। [ ৯২ ]হতভাগা-হতভাগিনী দুয়ো থকথক কৰি কঁপিবলৈ ধৰিলে। বুজিলে যে আজি সিহঁতৰ এই নৃশংসহঁতে কিবা এটা কৰিব।

 দুয়োটাৰে কঁকালত দুডাল জৰী। সেই জৰী দুডাল আকৌ যোৰা লগা। অৰ্থাৎ দুইও একোডাল ডোলেৰে বন্ধা। সিহঁতে আহি আঠু লৈ বাৰেগামৰ আগত পৰিল। তেতিয়াই পৰ্ব্বতীয়া মিৰিবিলাকৰ ভিতৰত বেবেৰিবাং তৰ্ক-বিতৰ্ক হব ধৰিলে। তাৰ অৰ্থ মোৰ ডেকা-গাভৰুৱে ভালকৈ বুজিব নোৱাৰিলে। সেই বাৰেগামৰ এটা বয়সিয়াল মিৰিয়ে সিহঁতে বুজি পোৱাকৈ সুধিলে—

 “তহঁত চোৰ-চুৰুণী হয়নে নহয়?”

 জঙ্কি—”কেতিয়াও নহয়।”

 তেতিয়া সেই বুঢ়া গামটোৱে ৰেবাং, তেবাং ইত্যাদিক মাতিলে। সিহঁত আহি উপস্থিত হল। তেতিয়া সিহঁতক সুধিলে—

 “তহঁতে এহেঁত হালক কত পাইছিলি?”

 ৰেবাং—”দুইকো একেলগে নিশা মোৰ ঘৰতে ধৰিছোঁ।”

 বাৰেগাম—”এতিয়া চোৰ-চুৰুণী তহঁতে কি কৱ?”

 জঙ্কি-“একেলগে থাকিলেই যে আমি পাপ কৰিছিলোঁ সেইটো নহয়। আমি একে গাঁৱৰে মানুহ, সৰুৰে পৰা একেলগে আছিলোঁ। সেই বাবে দুইকো দেখা হৈ মুঠেই কথা-বতৰা পাতিছিলোঁ।”

 ৰেবাং—”তই মোৰ ঘৰত ৰাতি দুভাগতহে কথা পাতিবলৈ পাৰিছিলি?” তাৰ পাছত সি বাৰেগামলৈ চাই কলে—

 “বাৰেগাম! এই অপৰাধীহালক শাস্তি দিবই লাগে। ইহঁতে (বাৰেগামলৈ চাই) পাপো কৰিছে আৰু এতিয়া বাৰেগামৰ আগত আকৌ মিছাও মাতিছে।” [ ৯৩ ] বাৰেগাম-“ৰবি তহঁত আৰু অলপ পৰ ৰ।”

 সেই অলপ পৰৰ ভিতৰতে সিহঁতৰ দেওধালে কুকুৰা কণী দুটা লৈ হাজিৰ হল। কিন্তু বাৰেগামৰ ফাললৈ চাই কথা নৌ-কওঁতেই সি আমাৰ ডেকা-গাভৰুলৈ এবাৰ চালে। ডেকা-গাভৰু হালক দেখি এই দেওধাইটোৰ হৃদয়তো কৰুণাৰ উদ্ৰেগ হল। কিন্তু তত্ক্ষণাৎ আকৌ ৰেবাঙৰ চকু তাৰ চকুৱে চকুৱে পৰিল। তত্ক্ষণাৎ দেওধায়ে মনতে কোচ খাই কলে—

 “বাৰেগাম—ইহঁত দোষী। মঙ্গলে কৈছে।”

 বাৰেগাম—”চোৰ-চুৰুণী এতিয়া তহঁতে কি কৱ?”

 এইবাৰ পানেই জঙ্কিয়ে একোকে উত্তৰ কৰিব নোৱাৰিলে। সিহঁতে জানিলে যে সেই পিশাচহঁতৰ পৰা সিহঁতে কেতিয়াও উচিত বিচাৰ নাপায়। নিৰাশ মনেৰে ৰ’ল। কিন্তু সিহঁতে তেতিয়াও নাজানিছিল সিহঁতকনো কি কৰিব।

 তাৰ পিছত বাৰেগামে জঙ্কিলৈ চাই কব ধৰিলে—

 “চোৰ। তই যে ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি তই আমাৰ বাৰেগামৰ দস্তৰমতে বাৰেগামক গাহৰি, মেথোন, মদ, ভাত ইত্যাদি দিব পাৰিবিনে? এই চুৰুণীক “দেওমণি” (ক) “দেওঘটি” (খ) দি নিব পাৰিবিনে?”

 (ক) তিব্বতৰ ফালৰ পৰা পৰ্বতীয়া মিৰি আৰু ডফলাহঁতে কিছুমান ডাঙৰ ডাঙৰ মাৰবলৰ মণি আনে। তাৰে এজাতক দেওমণি বোলে। দেওমণিৰ দাম বৰ বেছি।

 (খ) দেওঘটি:— এইটি আধতুৱাৰ আমাৰ গোসাঁই পূজাৰ ঘণ্টাৰ দৰে। ইও তিব্বতৰ পৰা আহে। আমাৰ চকুত ইয়াৰ এটকি দাম হলেই যথেষ্ট। কিন্তু মিৰি আৰু ডফলাই সিহঁতৰ দেওঘটিক বৰ মূল্যবান বুলি ভাবে। আমাৰ সোণৰ [ ৯৪ ] জঙ্কিয়ে জানিলে যে তাৰ টকা-কাড়ি যি আছিল তাকো আগেয়েই মিৰিহঁতে কাঢ়ি নিছে। এতিয়া সি পৰৰ ঘৰত আছে। কত টকা পাব। উত্তৰ কৰিলে—”কত পাম?”

 বাৰেগাম—”কত পাম? যদি নাপাৱয়েই তেন্তেনো তই কুকুৰে কেলেই ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি?”

 জঙ্কি—”মই চুৰ কৰা নাই। যদি কৰিছোঁও আমাৰ ভৈয়ামৰ মানুহকহে কৰিছোঁ। ৰেবাঙৰ নিজা মানুহ কাকো চুৰ কৰা নাই।”

 বাৰেগাম—”তোমাৰ বাৰেগামৰ দেশত সকলো সমান কথা। তেতিয়া বাৰেগামহঁতে বিবিং বাবাং কৰি অলপ পৰ নিজৰ ভিতৰতে মেল পাতিব ধৰিলে। অৱশেষত হুকুম দিলে।

‘চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক বৰ নৈৰ

পাৰলৈ নিব লাগে।’

 তত্ক্ষণাৎ নৃশংস, দয়া-মায়া নোহোৱা পশুতকৈও অধম চাৰিটা মিৰিয়ে পানেই-জঙ্কি দুইকো একেডাল ডোলেৰে আকৌ টানকৈ বান্ধিল।

 হতভাগা-হতভাগিনীৰ ডেডনিয়ে গগন উধালে। জঙ্কিয়ে নিজৰ গল নিজে কামুৰিবলৈ ধৰিলে। হাতযোৰ কৰি আঠু লৈ বাৰেগামৰ আগত বিনাই কব ধৰিলে—

খাৰুৰ যি দাম সিহঁতৰ মনত দেওঘটিৰো সেই দামেই। বস্তুটো দেখিবলৈ আপচু তত্ৰাচ ইহঁতে একোটা দেওঘটি দুই তিনিশ টকা দিও কিনে। দেওঘটিৰ নিমিত্তে পৰ্ব্বতীয়া মিৰি-ডফলাৰ সদায় কটাকটি হৈ থাকে। দেওঘটি যাৰ ঘৰত থাকে সি তাক পুতি থয়। যাতে ক’ত আছে সেই কথা কোনেও নাজানে। [ ৯৫ ] “বাৰেগাম মোক মাৰ। এই আজলী মোৰ কনেঙক নামাৰিবি। আই ঔ! কনেঙ ঔ! মই তোৰ দোষৰ ভাগী হলো। আই ঔ! মোৰ কাৰ্টান ঔ ৰক্ষা কৰ। বাৰেগাম! তাইৰ পেটত এটা সন্তান আছে। বাৰেগাম। আমি ভৈয়ামত থাকোতে অশেষ কষ্ট পাইছো। বাৰেগাম! তাই মোৰ তিৰোতা। বাৰেগাম। তাইক নামাৰিবি, বাৰেগাম। তাই মাক-বাপেককো এৰি মোলৈকে বুলি পলাইছিল। বাৰেগাম! সোৱণশিৰীৰ বালিত থিয় হৈ দুয়ো কাৰ্সিং-কাৰ্টানক সাক্ষী কৰি আমি বিয়া কৰিছোঁ। বাৰেগাম। তাইৰ পেটৰ লৰাটোৰ বধৰ ভাগী নহবি। বাৰেগাম! আমাক মাৰি তহঁতৰ লাভ নহয়। বাৰেগাম! মোৰ এই কনেঙক বধা পাপে তহঁতক পাব। বাৰেগাম! তাইক এৰি দে।”

 বাৰেগামৰ চিত্ত অটল। যি নৃশংসহঁতে বিনা দোষে বিনা কাৰণে মানুহ মাৰিবলৈ কুণ্ঠিত নহয়, যি নৃশংসহঁতে ই গাঁৱে সি গাঁৱে সামান্য এটা মেথোন বা গাহৰি বা দেওঘটিৰ নিমিত্তে কাজিয়া লাগিলে নিশা চোৰৰ দৰে গৈ এখন গাঁৱে আন এখন গাঁৱৰ মানুহক কাটি-ছিঙি লৰা-তিৰোতাক বন্দী কৰি অনাই ধৰ্ম, সিহঁতক কি জঙ্কি আৰু পানেইৰ আৰ্তনাদে গলাব পাৰে?

 বাৰেগামে উত্তৰ কৰিলে-

‘বাৰেগামৰ হুকুমৰ লৰচৰ নাই’

 তেতিয়া সিহঁত দুয়োকো হাতত খিলামাৰি আঠোটা নৰ পিশাচে টানি লৈ গল। বাটে বাটে জঙ্কিয়ে কবলৈ ধৰিলে—”পানেই, তই মোৰ নিমিত্তে মাৰ-বাপেৰকো এৰি আহি মৰিলি; ময়ে তোৰ দোষৰ ভাগী হলোঁ।” এইবুলি জঙ্কিৰ চকুৰ পৰা গিৰ গিৰ কৰি [ ৯৬ ]পানী ওলাবলৈ ধৰিলে। আজলী আঁকৰী মিৰি-জীয়ৰীৰ চকুৰেও ধাৰাসাৰ লো বলে। হাতভাগিনীয়ে বুজিলে আৰু অলপ পৰৰ মূৰতেই সিহঁতে এই সোণৰ সংসাৰ দেখিবলৈ নাপায়। কান্দি কান্দি বিনাই মোৰ জুই-লাগি কপালীয়ে গাবলৈ ধৰিলে—

“নকৰিবি বয়ে ঐ

নাকান্দিবি চেনেঙ ঐ

মনলৈ যে নানিবি শোক

ইপুৰি যে এৰি ঐ

পামেগৈ যে ৰেগাম ঐ

দুঃখৰে যে পৰিব ওৰ।”

 পাঠক! ক্ষমা কৰিব। আমি আৰু সেই ভীষণ দৃশ্য চাবলৈ পানেই আৰু জঙ্কিৰ পাছে পাছে যাব নোৱাৰোঁ।

                  •••••••••••••••

                    সামৰণি

        আকৌ সোৱণশিৰী নৈৰ বুকুত

 পানেই পলাবৰ আৰু জঙ্কিয়ে তাইক বিচাৰি যাবৰ ছমাহ হল। এই ছমাহে সিহঁতৰ একো খৱৰ নোলাল। পানেইৰ মাক-বাপেক পানেইৰ শোকত দিনে দিনে ক্ষীণাই যাব ধৰিলে। নিৰমায়ে মাজে মাজে বুকুত ভুকুৱাই কান্দিব ধৰিলে। দুবাৰ এবাৰ বুঢ়া তামেদকো গালি-গালাজ কৰিবলৈ নেৰিলে। ইফালে কমুদে টকা-সিকাও নাপালে, পানেইকো নাপালে। সি তামেদৰ ওপৰত গোচৰ লগালে। পাঠক, আমি এবাৰ ডালিমীক চাওঁগৈ বলা। ডালিমীয়ে জঙ্কিক ফিৰি অহা নেদেখি সদায় পুৱা-গধূলি একোবাৰ নৈৰ ঘাটলৈ যাব ধৰিলে আৰু আই সোৱণশিৰীৰ ফাললৈ চাই চাই মাজে মাজে দুই-একোটা দীঘল হুমুনিয়াহ কাঢ়িব ধৰিলে। এইদৰে দুয়োখন গাৱঁতে চাৰিটা প্ৰাণীয়ে কষ্ট পালে।

 এদিন বুঢ়ী নিৰমাই শুই আছে। এনেতে সপোন দেখিলে যেন তাইৰ পানেই আৰু জঙ্কি দুয়ো আগতকৈও বৰ ধুনীয়া হৈ চিকুণ সাজেৰে তাইৰ আগত দেখা দিছে। তাই যেন হাত বাও দি দি দুয়োটাকে মাতিলে। সিহঁত যেন এটা পৰ্ব্বতৰ ওপৰত দুয়ো হাতত ধৰাধৰিকৈ ফুৰিছে। নিৰমায়ে দুয়োটাকে মাতিলে—”বাছা তহঁত আহ।” সিহঁত দুয়ো উত্তৰ কৰিলে—”আই যাব নোৱাৰোঁ, ইয়াৰ পৰা নামিব নোৱাৰোঁ।” বুঢ়ীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিব ধৰিলে। [ ৯৮ ]টোপনি ভাগিল। কান্দি কান্দি চকু-মুখ মোহাৰি দেখে যে ৰাতি পুৱাইছে। ৰঙা ৰ’দে দেখা দিছে। হাতে কাষে কলহ লৈ বুঢ়ী সোৱণশিৰীৰ ঘাটলৈ পানী আনিবলৈ গল। তাত গৈ দেখে দ পানীত কিবা দুটা ভাঁহি আছে। পানী লৈ বুঢ়ী উভতি আহিল। মনতে খুঁহ-ধুঁহ কৰি কথাটো তামেদক কলে। তামেদে গাঁৱৰ মানুহ-দুনুহ লৈ গল। লগতে নিৰমা আৰু সোৱণশিৰীৰ পাৰৰ এটি অতি বয়সিয়াল বুঢ়া সোণাৰীও গল।

 চৰি বঠাৰে সেই বস্তু দুটা খুচি-বিন্ধি চাই দেখে যে দুটা শৱ। পাৰলৈ চপাই আনি দেখে যে দুয়ো যোৰা লগা। ইটোৰ ওপৰত সিটো তলে-ওপৰে বন্ধা। সিহঁত দুইৰো গলেদি এডাল শাল। দুই হাতত দুডাল শাল। দুই ভৰিত দুডাল শাল। বুকুত এডাল, কঁকালত এডাল। বুঢ়া সোণাৰীয়ে তত্ক্ষণাৎ কব ধৰিলে—”এইটো গাছি মিৰিৰ কাম?” শৱ দুটা ভালকৈ ওলটাই লাৰি-চাৰি চাই দেখে যে সেই দুটা “পানেই” আৰু “জঙ্কি”ৰ। আচাৰ খাই বুঢ়া-বুঢ়ী মাটিত পৰিল। সাবট মাৰি শৱ দুটা ধৰিলেগৈ। গাৱঁৰ আন আন মানুহ, ৰকমী, ভাদৈ ইত্যাদিয়ো চাপিল। সকলোৱে কান্দিব ধৰিলে। কান্দি কান্দি চকুৰ লো টুকি ৰকমী ভাদৈয়ে সিহঁত দুইওটাৰ গালৈকে ফুল ছটিয়াব ধৰিলে। শৱ দুটি গাঁৱৰ মানুহে লৈ গল। আৰু মিৰিৰ দা-দস্তুৰ মতে তুলি নি ক্ৰিয়াকলাপ কৰিলে।

 আৰু পাঠক! ডালিমী। ডালিমীয়েও এই বাতৰি শুনিলে। মানুহৰ আঁৰে আঁৰে তাই কান্দিলে। তাই সোৱণশিৰীৰ পাৰলৈ গৈ এবাৰ পানীলৈ, এবাৰ আকাশলৈ, এবাৰ মিৰি ডফলাৰ পৰ্ব্বত লালীৰ ফাললৈ চাব ধৰিলে—এইবাৰ হৃদয়ৰ আশালতা একেবাৰে উচ্ছেদ হল। [ ৯৯ ] পানেই-জঙ্কিৰ প্ৰণয়ৰ বিষময় ফল ফলিল। টকাৰ লোভে কি কৰে—ইয়াকো বুঢ়া তামেদে ভাল শিক্ষা পালে। আমাৰ হতভাগিনী মিৰি-জীয়ৰীৰ দুঃখ লগা কাহিনী খতম কৰিলোঁ। আশাকৰোঁ ইয়াতে এতিয়াৰ পৰা মিৰিৰ ঘৰে ঘৰে সুফল ফলিব।

                   ( সমাপ্ত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: মিৰি-জীয়ৰী
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
বুৰঞ্জীবোধ

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

February 24, 2026
নাম শুনিলেই যাৰ….

Yandabo to 2026 Crossroads : Lost Sovereignty, Broken Accords, and Fading Regional Dreams!

February 24, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

February 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d