–দিলীপ দৈমাৰী |
‘নাছা’ আৰু ‘ইউৰোপিয়ান স্পেছ এজেন্সি’ বা ‘ইউ-এছ-এ’ৰ যৌথ উদ্যোগত উৎক্ষেপণ কৰা হৈছে প্ৰথম সৌৰ অৰবিটাৰ। ইউৰোপীয় সময় অনুসৰি নিশা ১১ বাজি ৩ মিনিট হোৱাৰ লগে লগে ফ্লোৰিডাৰ কেপ ক্যানাভেৰাল এয়াৰ ফোৰ্চ ষ্টেচনৰ লঞ্চ কমপ্লেক্স ৪১-অৰ পৰা ‘ইউনাইটেড লঞ্চ এলায়েন্স এটলাছ ভি’ নামৰ ৰকেটটো উৎক্ষেপণ কৰা হৈছিল আৰু এতিয়া পোন প্ৰথমবাৰৰ বাবে মহাকাশৰ পৰা সূৰ্যৰ মেৰুসমূহৰ ছৱি তুলি পৃথিৱীলৈ পঠিয়াব পাৰিব মহাকাশযানখনে।
উৎক্ষেপণৰ পিছদিনা, ভাৰতৰ সময় অনুসৰি বুধবাৰে দিনৰ ১২ বাজি ১২ মিনিটত জাৰ্মানীৰ ডাৰ্মস্টাডেটৰ ইউৰোপীয় স্পেছ অপাৰেশ্যন্স চেন্টাৰৰ মহাকাশ বিজ্ঞানীসকলে মহাকাশ যানখনৰ পৰা এক সংকেত লাভ কৰিছে। বিজ্ঞানীসকলে জনাইছে যে চোলাৰ অৰবিটাৰৰ সৌৰ পেনেলবোৰ সফলভাবে প্ৰতিস্থাপিত হৈছে।
পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব আনুমানিক ১৪.৯৬ কোটি কিলোমিটাৰ আৰু ইয়াক ১ নভো একক বুলি বিবেচনা কৰা হয়। কিন্তু পৃথিৱীৰ কক্ষপথ যিহেতু উপবৃত্তাকাৰ, সেইবাবে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব পৰিৱৰ্তিত হৈ থাকে। জানুৱাৰী মাহত সূৰ্যৰ সৈতে দূৰত্ব একেবাৰে হ্ৰাস পায় বা অনুসূৰ অৱস্থানলৈ আহে তথা জুলাইত সবাত’কৈ দূৰত্ব বাঢ়ে বা অপসূৰলৈ আতৰি যায়। সময়ৰ সৈতে দূৰত্বৰ পাৰ্থক্য থাকিলেও গড় দূৰত্ব অনুসৰি আমি যি হিচাব পাওঁ – সেইমতে ধৰিলেও সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ সময় লাগে ৮ মিনিট ১৯ ছেকেণ্ড। এই হিচাব গণিতজ্ঞসকলৰ, বিজ্ঞানীসকলৰ।
নাছা-ই জনাইছে যে উৎক্ষেপণৰ পিছত প্ৰথম দুদিন সৌৰ অৰবিটাৰ-এ কেইটামান এন্টেনা স্থাপন কৰিব আৰু সেইবোৰে পৃথিৱীৰ সৈতে যোগাযোগ কৰি থাকিব। তাৰপিছত আৰম্ভ হ’ব তথ্য সংগ্ৰহ আৰু পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰা কাম। চোলাৰ অৰবিটাৰ এক অনন্য কক্ষপথত আছে আৰু তাৰপৰাই সূৰ্যৰ মেৰুসমূহৰ ছৱি তুলি পঠিয়াই দিবলৈ সক্ষম হ’ব। এই কক্ষপথত সূৰ্যৰ সমীপ হোৱাকৈ মুঠ ২২ টা অৱস্থান হ’ব। বুধৰ কক্ষপথৰ মাজৰ পৰা সূৰ্য আৰু পৃথিৱীত তাৰ প্ৰভাৱ সম্পৰ্কে এই মহাকাশযানে পৰ্যবেক্ষণ কৰিব।
তৰাৰ শ্ৰেণীবিন্যাস কৰাৰো এক সুকীয়া সুনিৰ্দিষ্ট পদ্ধতি আছে। সেই অনুসৰি সূৰ্য ‘জি-টু-ভি’ শ্ৰেণীৰ মাজত পৰে। বহুত সময়ত সূৰ্যক ‘হালধীয়া বাওণা’ বুলি কোৱা হয়, কাৰণ ইয়াৰ তড়িৎচুম্বকীয় বিকিৰণৰ তীব্ৰতা সকলোতকৈ বেছি হয় বৰ্ণালীৰ হালধীয়া-সেউজীয়া অংশত। সূৰ্যৰ ৰং বগা হ’লেও ভূপৃষ্ঠৰ পৰা হালধীয়া দেখা যাব পাৰে পৃথিৱীৰ বায়ুমণ্ডলৰ নীলা ৰঙৰ বিচ্ছুৰণৰ বাবে। বৰ্ণালীৰ ধৰণ ‘জি-টু’ই প্ৰকাশ কৰে, সূৰ্যৰ পৃষ্ঠৰ তাপমাত্ৰা আনুমানিক ৫৭৭৮ কেলভিন বা ৫৫০৫ ডিগ্ৰী চেলচিয়াছ, আৰু ‘ভি’ৰে বুজোৱা হয় আকাশগঙ্গাৰ অধিকাংশ তৰাৰ দৰেই সূৰ্যও এক প্ৰধান ধাৰাৰ তৰা, অৰ্থাৎ সেই কেন্দ্ৰভাগত নিউক্লিয় সংযোজন বিক্ৰিয়াৰ মাধ্যমেৰে অবিৰাম হাইড্ৰ’জেন দহন কৰি কৰি হিলিয়াম উৎপাদন কৰি আছে। কেন্দ্ৰত সূৰ্যই প্ৰতি ছেকেণ্ডত ৬২ কোটি মেট্ৰিক টন হাইড্ৰ’জেন পোৰে বা দাহ কৰে। আগতে জ্যোতিৰ্বিজ্ঞানী সকলে সূৰ্যক অনুজ্জ্বল আৰু তাৎপৰ্যহীন তৰা বুলি ধাৰণা কৰিলেও বৰ্তমান জানিব পৰা গৈছে যে আকাশগঙ্গাৰ শতকৰা ৮৫ ভাগ তৰাতকৈ সূৰ্যৰ উজ্জ্বলতা অধিক। পৃথিৱীৰ খুব কাষত হোৱাৰ বাবে আকাশৰ যিকোনো বস্তুতকৈ সূৰ্যৰ উজ্জ্বলতা অধিক দেখা যায়।
‘ইউ-এছ-এ’ৰ সঞ্চালক তথা মহাকাশ বিজ্ঞানী ড° গুন্থাৰ হেছিঙ্গাৰ-এ কৈছে যে ‘পৃথিৱীত প্ৰাণৰ বাবে সূৰ্যৰ গুৰুত্ব কিমান, মানুহ হিচাপে আমি সেয়া জানো, আমি পৰ্যবেক্ষণো কৰো, আৰু কেনেদৰে কাম সম্পাদন হৈ আছে – নিৰন্তৰ পৰীক্ষা-নিৰীক্ষাও কৰি আছো।আমি এয়াও জানো যে একোটা সৌৰধুমুহাই আমাৰ দৈনন্দিন কাম-কাজ ব্যাহত কৰি দিব পাৰে। এই চোলাৰ অৰবিটাৰ অভিযানৰ শেষত সূৰ্যৰ আচৰণৰ পৰিৱৰ্তনৰ বাবে দায়ী কি আৰু পৃথিৱীৰ ওপৰত তাৰ প্ৰভাব কেনে তথা কিমানখিনি, সেই সম্পৰ্কে আমি অধিক বিস্তাৰিতভাৱে জানিবলৈ সক্ষম হ’ম।’
এই চোলাৰ অৰবিটাৰৰ সূচনা পৰ্বত প্ৰায় ৩ মাহ সময় ধৰি বিজ্ঞানীসকলে অৰবিটাৰত থকা ১০ বিধ যন্ত্ৰ-পাতি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব – সেইসমূহে ঠিকেই কাম কৰি আছেনে নাই। তাৰপিছত সূৰ্যৰ প্ৰাথমিক কক্ষপথত প্ৰৱেশ কৰিবলৈ প্ৰয়োজন হ’ব প্ৰায় ২ বছৰ। অৰবিটাৰক আৰু অৰবিটাৰৰ যন্ত্ৰাংশক মূলতঃ দুটাভাগত বিভক্ত কৰিছে বিজ্ঞানীসকলে। ইয়াৰে এটা অংশই মহাকাশযানৰ চাৰিওকাষৰ পৰিৱেশৰ গৱেষণা কৰি থাকিব। বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ, ভাঁহি থকা কণা আৰু তৰঙ্গসমূহৰ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰিব। দ্বিতীয় অংশৰ কাম মূলতঃ দূৰৰ পৰা সূৰ্যৰ ছৱি তোলা। সূৰ্যৰ বায়ুমণ্ডল আৰু উপাদানসমূহৰো তথ্য সংগ্ৰহ কৰিব আৰু এনে কাৰ্যৰ দ্বাৰা সূৰ্যৰ আভ্যন্তৰীণ ক্ৰিয়া- বিক্ৰিয়া বুজাত বিজ্ঞানীসকলৰ সুবিধা হ’ব।
বিগত ১০ বছৰ ধৰি ‘নাছা’ৰ ‘চোলাৰ ডাইনামিক্স অবজাৰভেটৰি’য়ে সূৰ্যৰ ৪২.৫০ কোটি উচ্চ ‘ৰিজলিউশ্যন’ৰ ছৱি সংগ্ৰহ কৰিছে। সেই ছৱিসমূহৰ সময়ক ‘টাইম ল্যাপ্স’ বা ত্বৰান্বিত কৰি মাত্ৰ ১ ঘন্টাত সূৰ্যৰ ১ দশকৰ ভিডিঅ’ ছৱিও তুলি ধৰা হৈছে। ‘এ ডিকেড অব ছান’ শিৰোনামৰ ভিডিঅ’টো আপলোডৰ কিছু মুহুৰ্তৰ ভিতৰতেই ৬ লাখ দৰ্শকে ‘চোছিয়েল মেডিয়া’ৰ জৰিয়তে চাইছে। ‘নাছা’ৰ এই গৱেষণাই নতুন দিগন্ত মুকলি কৰি দিব বুলি ধাৰণা কৰিছে গৱেষকসকলে। কলকাতাৰ ‘বিৰলা তৰামন্ডল’ৰ মুখ্য বিষয়া ড° দেৱীপ্ৰসাদ দুৱাৰীয়ে কৈছে যে ‘সূৰ্যৰ পুংখানুপুংখ আচৰণ গৱেষণাৰ ক্ষেত্ৰত নতুন মাত্ৰা সংযোজন কৰিব এই টাইম ল্যাপ্স ভিডিঅ’ই। ফলত অধিক সহজ হ’ল সূৰ্যৰ চৌম্বক ক্ষেত্ৰ, সুমেৰু আৰু কুমেৰুৰ তথা সৌৰজগতৰ ওপৰত প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰা, গৱেষণা কৰা।’ ইন্ডিয়ান এষ্ট্ৰ’নমিকেল চোছাইটিৰ গৱেষক পন্ডিত অধ্যাপক বিকাশ সিংহই জনাইছে যে ‘নাছা’ৰ এই ভিডিঅ’ প্ৰত্যক্ষ কৰি বিজ্ঞানীসকলে ধাৰণা কৰিব পাৰিব যে ১১ বছৰৰ সৌৰচক্ৰত কিদৰে উঠা-নমা হয় সূৰ্যৰ। লগতে ওচৰ পাজৰৰ নক্ষত্ৰবোৰে কিদৰে সৌৰজগতক প্ৰভাৱিত কৰে।