মুক্তচিন্তা
গৌতম শৰ্মা

আচলতে আমি কোনো নিয়ম-নীতি, আদৰ্শ-মতাদৰ্শ কিম্বা কাৰো একপক্ষীয় চিন্তাৰ সপক্ষে বা বিপক্ষে থিয় দিয়া লোক নহয় মানৱতা, সততা, শান্তি, সম্প্ৰীতি, প্ৰগতিয়েই আমাৰ শেষ লক্ষ্য আৰু উদ্দেশ্য।
সুন্দৰ, সুস্থ, সবল আৰু সময়োপযোগী চিন্তা আৰু কৰ্মই আগুৱাই গৈ নিজৰ শক্তি, সামৰ্থ্যই কৰা ভাল কামবোৰৰ বাবেই মানুহ আজি জীৱশ্ৰেষ্ঠ প্রাণী হিচাপে জগতত সৰ্বজনবিদিত। প্ৰতিজন জীৱশ্ৰেষ্ঠই সুন্দৰৰূপত জীৱন-যাপন কৰিবলৈ কেতবোৰ সু-নীতি, আদৰ্শ নিৰ্বাচন কৰি লয়। যিবোৰ নীতি-আদৰ্শৰপৰা তেওঁলোকে জীৱনটোক সু-শৃংখলিত ৰূপত আগবঢ়াই লৈ যাব পৰাকৈ বহু শক্তি আহৰণ কৰে।
সু-নীতি, আদৰ্শহীন জীৱন উশৃংখল হ’বলৈ বাধ্য। যিবোৰ নীতি, আদৰ্শৰ অবিহনে মানৱ জীৱন উশৃংখল হৈ পৰে, যিবোৰ নীতি, আদৰ্শই আমাৰ জীৱনটো সুকলমে আগবাঢ়ি যোৱাত সদায় সহায় কৰে তেনেবোৰ নীতি, আদৰ্শ আমাৰ জীৱনৰ বাবে মহামূল্যৱান সম্পদ। যাক বাদ দি আমাৰ জীৱন, জীৱনবোধ কোনোদিনেই সুন্দৰ আৰু সম্পূৰ্ণ নহয়। সু-নীতি, আদৰ্শসমূহে মানৱ জীৱনটোক মহীয়ান কৰি গঢ়ি তোলে।
কিন্তু এইসমূহ পাবলৈ, গ্ৰহণ কৰিবলৈ হ’লে আমি পোনপ্ৰথমে এখন সু-সমাজ আৰু এখিনি সু-নাগৰিক গঢ়ি ল’ব পাৰিব লাগিব। এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল, কেনেকৈ আমি গঢ়িব পাৰিম এখন সু-সমাজ, এখিনি সু-নাগৰিক?
উল্লেখযোগ্য যে, এখিনি সু-নাগৰিকৰ সহায়ত এখন সু-সমাজ গঢ়িব পৰাকৈ এটি সু-বাতাবৰণ সৃষ্টি কৰাত আজি আমি বহুলাংশে ব্যৰ্থ হৈছোঁ। যাৰ পৰিনাম আজি আমি প্ৰতিটো দিনৰ, প্ৰতিটো উশাহতে ভোগ কৰিব লগা হৈছে। বিশেষকৈ, সাম্প্ৰতিক সময়ৰ নীতি-আদৰ্শহীন ৰাজনীতি আৰু ধৰ্মৰ পাকচক্ৰত পৰি আজি আমি নিজৰ আচল কৰ্তব্যৰ পৰা বহুদূৰত অৱস্থান কৰিছোঁ। যাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি সমাজ আৰু সভ্যতাই প্ৰগতিৰ বাটত সুকলমে আগবাঢ়ি যোৱাত বহু প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে।
নীতি, আদর্শহীন ৰাজনীতি আৰু ধৰ্মই আমাৰ জীৱনাদৰ্শক আজি ইমানেই বৰ্বৰভাৱে আক্ৰমণ কৰিছে যে য’ৰপৰা মুক্ত আৰু সুস্থ, সবল হৈ উঠি আহিবলৈ আজি আমি একেবাৰে অক্ষম হৈ পৰিছোঁ। এই সম্পৰ্কে আজি আমি কিছুমান বিশেষ কথা সেয়েহে মুক্তভাৱে আলোচনা আৰু চিন্তা কৰাৰ খুবেই প্ৰাসংগিক হৈ পৰিছে।

প্ৰথমে সাম্প্ৰতিক সময়ৰ নীতি, আদৰ্শহীন ৰাজনীতিৰ প্ৰসংগত অলপ কথা ব্যক্ত কৰিব খুজিছোঁ। উল্লেখ্য যে, আমি বহুতেই কোৱা শুনো, ৰাজনীতিৰো হেনো আদৰ্শ থাকে। কিন্তু আজি অতদিনে আমাৰ সূক্ষ্ম বিচাৰ, বিশ্লেষণে এই ৰাজনীতিৰ নীতি আৰু আদৰ্শ সম্পৰ্কে স্পষ্টৰূপত একো কথাকেই ভালদৰে বুজিব নোৱাৰিলোঁ। প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ আগেয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰকেই আকৌ বহুতেই ৰাজনীতিৰ নীতি, আদৰ্শ বুলি ভুলকৈ বাখ্যা কৰিব বিচাৰে কিন্তু প্ৰকৃতাৰ্থত এইবোৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিনে প্ৰতিটো দলৰ নীতি বা আদৰ্শ সেয়া বহু বিচাৰ্যৰ কথা। যিবোৰ প্ৰতিশ্ৰুতিৰ কোনো নিজস্বতা আৰু স্থায়ীত্বতা নাই তেনেবোৰ কথা কেতিয়াও নীতি, আদৰ্শ হ’ব নোৱাৰে।
তেখেতসকলে ইয়াক যিমানেই নীতি, আদৰ্শ বুলি প্ৰমাণ কৰিবলৈ যাওক, এইসমূহ আমাৰ বোধেৰে তেনেই আপেক্ষিক। অন্যহাতেদি, আজি আমি এনে লোককো দেখিছোঁ যিয়ে সততা আৰু সাধুতাৰে জীৱন যাপন কৰি পৰৱৰ্তীকালত ৰাজনীতিত প্ৰৱেশ কৰি বা কিবা স্বৰূপত ইয়াৰ মেৰপাকত পৰি নিজৰ জীৱনৰ সকলো নীতি, আদৰ্শ জলাঞ্জলি দি আমি পূৰ্বে কোৱাৰ দৰে নিৰ্বাচনী ইস্তাহাৰে উল্লেখ কৰা ভুৱা আৰু আপেক্ষিক প্ৰতিশ্ৰুতিসমূহৰ চিকাৰ হৈ পৰিছে।
এইসমূহ দিশ চালি-জাৰি চাই আমাৰ বিবেচনাই আজি এটা কথা ক’ব খুজিছোঁ যে, সাম্প্ৰতিক সময়ত প্ৰতিটো ৰাজনৈতিক দলৰে কেতবোৰ নিজস্ব নীতি, আদৰ্শ থকাটো খুবেই জৰুৰী। যিবোৰ আপেক্ষিকভাৱে কেৱল নিৰ্বাচনী ইস্তাহাৰত লিপিবদ্ধ হৈ নাথাকি প্ৰত্যেকজন ৰাজনীতিবিদৰ চিন্তা, কৰ্মত প্ৰতিভাত হোৱা প্ৰয়োজন। এতিয়া কথা হ’ল, কেনেকুৱা হোৱা প্ৰয়োজন এই নীতি, আদৰ্শসমূহ?

উল্লেখনীয় যে, আদৰ্শৰ সৈতে মনুষ্যত্ববোধৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে। সেয়ে আমাৰ নীতি, আদৰ্শসমূহ গ্ৰহণ কৰোঁতে এই মনুষ্যত্বৰ গুণসমূহক আমি কোনোদিনেই এৰাই চলিব নোৱাৰোঁ। শাসনকাৰ্যত, শাসকসকলৰ অন্তৰত, চিন্তা আৰু কর্মত সততা, পবিত্ৰতা, মানৱীয়তা, উচিত বিচাৰবোধ আদি মনুষ্যত্বৰ গুণসমূহ থকাটো নিতান্তই আৱশ্যকীয় বুলি আমি ক’ব খোজোঁ।
সামূহিক স্বাৰ্থতকৈ ব্যক্তিস্বাৰ্থক বেছি গুৰুত্ব দি কোনো এক ৰাজনৈতিক দলৰ বেনাৰৰ তলত ৰাজনীতি কৰি বহুজনেই এইসমূহ মনুষ্যত্বৰ গুণক চূড়ান্তভাৱে বিসৰ্জন দি ব্যক্তিকেন্দ্ৰিক ভোগমত্ততাই যুগে-যুগে আমাৰ ওপৰত তথা সাধাৰণ জনতাৰ ওপৰত শোষণ, নিষ্পেষণ, লুণ্ঠণ চলাই আহিছে। যিবোৰ কু কৰ্ম-কাণ্ডৰ পৰা আমি আজি যেনেকৈ নহ’লেও মুক্তি হ’ব পাৰিবই লাগিব।
আৰু ইয়াৰ ঠাইত সু-নীতি আৰু আদৰ্শসমূহৰ জৰিয়তে ৰাজিনীতৰ মতাদৰ্শক, ৰাজনৈতিক নেতাসকলৰ জীৱনাদৰ্শক সু প্ৰতিষ্ঠাও কৰিব পাৰিব লাগিব। যিটো কথা প্ৰতিজন শাসক, শাসিতই অন্তঃকৰণেৰে উপলব্ধি কৰিব লাগিব। ৰাজনীতি আৰু ৰাজনৈতিক নেতাসকলৰ মূল লক্ষ্যই সৰ্বোন্নতিৰ স্বাৰ্থত জনসেৱা আগবঢ়োৱা। য’ত এই মনুষ্যত্বৰ নীতি, আদৰ্শসমূহ খুবেই লাগতিয়াল।
এতিয়া আনটো প্ৰসংগলৈ আহোঁ। যিটো বিষয় সম্প্ৰতি গভীৰ এক উল্লেখযোগ্য চৰ্চাৰ বিষয় হিচাপে পৰিগণিত হৈছে। নীতি, আদৰ্শহীন বুলি ক’লেই আমাৰ মনলৈ অহা প্ৰধান অন্যটো বিষয় হৈছে ধৰ্ম তথা ধৰ্মীয় নীতি,আদৰ্শ। কিয়নো নীতিহীন, আদৰ্শহীন ৰাজনীতিৰ দৰেই ধৰ্ময়ো সাম্প্রতিক সময়ত আমাৰ জীৱনক, জীৱনবোধক ধুঁৱলী-কুঁৱলী বাট দেখুৱাইছে। পৰম্পৰাৰ প্ৰতি থকা অন্ধ মোহ তথা ধৰ্মকেন্দ্ৰিক গোড়ামী আৰু মতান্ধতাসমূহে নিতৌ সামাজিক বাতাবৰণসমূহক অস্থিৰ কৰি তুলিছে।

এইবোৰে আজি আমাৰ দৃষ্টিত ডাঠ চামনি পেলাই সমাজ, সংস্কৃতি, সভ্যতাৰ গতি-প্ৰগতিকো সৰ্বদিশতে ৰুদ্ধ কৰিছে। আজি আমাৰ ৰাজ্যখনতেই ৰাজনীতিৰ ভোগবাদী মতান্ধতাতকৈ এই ধৰ্মীয় মতান্ধতাই মানুহৰ জীৱন দৃষ্টি, চিন্তা আৰু কর্মক অধিক পংগু কৰি তুলিছে। জাতিটোৰ উত্তৰণৰ স্বাৰ্থত, ঐক্য, সম্প্ৰীতি, ভাতৃত্ববোধৰ এনাজৰীডালক সুদৃঢ় কৰাৰ স্বার্থত আজি আমি এই নীতিহীন, আদৰ্শহীন মতান্ধ ধৰ্মীয় আবেষ্টনীৰ পৰা নিজকে মুক্ত কৰাটো খুবেই প্ৰয়োজন হৈ পৰিছে।
এটা কথাত হয়তো কাৰো দ্বিমত নাই যে প্ৰত্যেকটো ধৰ্ম আৰু প্ৰত্যেকখন ধর্মীয় স্থানৰেই নিজাকৈ এক ঐতিহ্য, পৰম্পৰা, কেতবোৰ নীতি, আদৰ্শ আছে যিবোৰক একে উশাহতে অৰ্থহীন বুলি কৈ আমি নসাৎ কৰিব নোৱাৰোঁ। কিন্তু এইসমূহক বহুতেই কেতবোৰ নীতি, আদৰ্শ কিম্বা পৰম্পৰাক যুগধৰ্মৰ বিপৰীতে আঁকোৱালি লোৱা আজি আমাৰ পৰিলক্ষিত হৈছে।
পাৰ্থিৱ বস্তুবোৰৰ দৰেই ধৰ্ম, ধৰ্মীয় নীতি-আদৰ্শ, আইন-কানুন এই সকলোবোৰ সদায় মানুহেই সৃষ্টি কৰি আহিছে। আমি এটা চোলা গোটেই জীৱনজুৰি যেনেদৰে পিন্ধিব নোৱাৰোঁ ঠিক তেনেদৰে নীতি, আদৰ্শ, পৰম্পৰাবোৰকো আমি সদায় শুদ্ধ বুলি খামুচি ধৰি ৰাখিব নোৱাৰোঁ। এনে কৰিলে নীতি, আদৰ্শৰ নামত ভণ্ডামী, গোড়ামীয়েহে গা কৰি উঠিব। যিটো আজি জলজল-পটপটকৈ প্ৰমাণ সহকাৰে নিতৌ আমি দেখিবলৈ পাই আহিছোঁ।
সেয়েহে ধৰ্মীয় পৰম্পৰাৰ প্ৰতি থকা অন্ধ মোহক আজি আমি নীতিহীন, আদৰ্শহীন বুলি উল্লেখ কৰিবলৈ বাধ্য হৈছোঁ। নীতি, আদৰ্শৰ বিকৃতকৰণে মানুহৰ চিন্তা-বৃত্তি, বুদ্ধি, মেধাক নিঃশেষ কৰি পংগু কৰি তোলে। কোনো ধৰ্মীয় মতান্ধতাত বিশ্বাসী লোকে তেওঁ গ্ৰহণ কৰা ধর্মক, আৰু সেই ধৰ্মৰ নীতি, আদৰ্শকে জীৱন আৰু জগতৰ সৰ্বশেষ একমাত্ৰ সত্য বুলি বিবেচনা কৰে।
ইয়াকে প্ৰমাণ কৰিবলৈ যাওঁতে তেওঁ বহুসময়ত বহুজনৰ সৈতে তৰ্ক, বিতৰ্ক, কেতিয়াবা সংঘৰ্ষৰ দৰে জঘন্য কাৰ্যতো লিপ্ত হৈ সমাজত নানান বেমেজালি, বিভ্ৰান্তি আৰু আশান্তিকৰ পৰিৱেশসমূহো সৃষ্টি কৰি তোলে। কেতিয়াবা এনেবোৰ ধৰ্মান্ধ লোকৰ মুখামুখি হোৱাটো বৰ বিপদ আৰু হতাশাজনক।
আমি পূৰ্বেই উল্লেখ কৰিছোঁ যে ধৰ্ম, ধৰ্মীয় নীতি, আদৰ্শ, পৰম্পৰাসমূহ কেতবোৰ সময় সাপেক্ষে বিশেষ পৰিৱেশ আৰু পৰিস্থিতিত মানুহৰেই সৃষ্টি। মানুহেই ইচ্ছা আৰু প্ৰয়োজনবোধ কৰিলে এইসমূহ চালি-জাৰি চাই সংস্কাৰ কৰি নতুনৰূপত ল’ব পাৰে। এইবোৰ কোনোদিনেই, কোনোকালেই কোনো ভগৱান বা দেৱতাই আহি যেনেদৰে সৃষ্টি কৰি যোৱা নাই ঠিক তেনেদৰে সলনিও কৰি থৈ নাযায়হি।

সেয়েহে পৰম্পৰাৰ নামত আওপুৰণি, অদ্ভুত, আবাস্তৱ, অযুক্তিকৰ কথা আৰু কৰ্ম-কাণ্ডবোৰ সকলোৱে এৰি চলিবলৈ শিকক। এৰা-ধৰা তথা সংস্কাৰী ৰূপত এইসমূহ সকলোৱে গ্ৰহণ কৰিলেহে আটায়ে মংগল হ’ব। অপ্ৰিয় হ’লেও সত্য যে সাম্প্ৰতিক সময়ত ধৰ্ম ৰক্ষকসকলৰ ময়মতালিয়েই যে আমাৰ সমাজখন ভাঙি-চিঙি থানবান কৰিছে তাত হয়তো কাৰো দ্বীমত নাই।
দ্বিতীয়তে, এইসকল সুবিধাবাদী লোকৰ বাবেই যে সম্প্ৰতি আমাৰ চৌপাশে ধৰ্মান্তৰিতকৰণৰ দৰে এক দুখলগা মানসিকতা গঢ়ি উঠিছে সিয়ো অপ্ৰিয় সত্য। উদাহৰণস্বৰূপে, ভকত-বৈষ্ণৱসকলে গিজগিজাই থকা সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত আজি জনজাতীয় লোকসকলে কিয় খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ ঢাপলি মেলিছে এই কথাষাৰ আমাৰ ধৰ্ম ৰক্ষকসকলে এবাৰ হ’লেও সুস্থ মগজুৱে ভাবি চাইছেনে?
শংকৰ-আজানৰ মিলনভূমি এইখন অসমত কিয় আজি ক্ৰমশঃ হিন্দু-অহিন্দু আদি ধাৰণাবোৰে এচামে নিজৰ ভাই-ককাই সকলৰ মাজত কাজিয়া লগাবলৈ যত্ন কৰিছে? কিয় আজি মুক্তভাৱে এইখন অসমতেই চচিয়েল নেটৱৰ্কিং চাইটসমূহত বহুজনে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কথাবোৰ প্ৰচাৰ কৰিবলৈ সুযোগ পাইছে; এইবোৰ কথাকো কোনোবাই সূক্ষ্মভাবে বিচাৰ কৰি চাইছেনে?
নিশ্চিতকৈ প্ৰত্যক্ষভাবে নহ’লেও পৰোক্ষভাবে এই নীতিহীন, আদৰ্শহীন ধৰ্ম আৰু ৰাজনীতিৰ অক্টোপাছেই ইয়াৰ মূলতে চূড়ান্তভাবে দায়ী। ধৰ্মৰ নামত ৰাজনীতি আৰু ৰাজনীতিৰ নামত ধৰ্মক সহজভাবে লৈ সনাপিঠা কৰাৰ ফলতো আজি বহু এনে অভাৱনীয় পৰিস্থিতিসমূহৰ সৃষ্টি হৈছে বুলি আমাৰ সুক্ষ্ম বিশ্লেষণে কয়। যিবোৰৰ পৰা আজি আমি মুক্তিৰ পথ আৱিষ্কাৰ কৰাটো খুবেই জৰুৰী হৈ পৰিছে।

ধৰ্মৰ নামত কোনেও যাতে ৰাজনীতি নকৰে, ধর্মক কোনেও ৰাজনীতিৰ সহজ জয়ৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ নকৰে তাৰ প্ৰতিও আমি আজি অতি আন্তৰিকতাৰে মুকলি আহ্বান জনাইছোঁ।
মুঠৰওপৰত, ৰাজনীতি আৰু ধৰ্মৰ নামত কোনেও অনীতি, অন্যায়, শোষণ, স্বজন-তোষণৰ বলি নহওক। গতিধৰ্মী, সৃষ্টিশীল মনুষ্যত্বৰ চিন্তা আৰু কৰ্মেৰে বিশালতৰ পৰা মহত্বম জীৱনৰ দিশে উত্তৰণ ঘটোৱাৰ এক প্ৰক্রিয়াই ৰাজনীতি, ধৰ্ম কিম্বা প্ৰতিজন ব্যক্তিৰ নীতি, আদৰ্শ হওক; আৰু লগতে নীতিহীন, আদৰ্শহীন ব্যক্তিত্বৰ পৰা সকলোৱে এটি মুক্ত জীৱনক যাপন কৰক।
(বিশেষ সহায়: ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ ৰচনাসম্ভাৰ)
লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০০০২০০