• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Justice

মুক্ত চিন্তাৰে মুক্ত আকাশত নাৰী

নাৰী

by Anjan Sarma
March 8, 2022
in Justice, Opinion, Special Report, Uncategorized, Women, World
Reading Time: 2 mins read
0
light nature sky sunset

Photo by Pixabay on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

•পুষ্পাঞ্জলি শিৱম শৰ্মা 

নাৰীদিৱস

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026

চীনা প্ৰতিবাদী লেখক মাও-চে-তুঙে কৈছিল –‘অৰ্ধ আকাশ নাৰীৰ হাতত’। এই সুজলা সুফলা সেউজীয়া পৃথিৱীত নাৰীৰ অধিকাৰ পুৰুষৰ দৰে সমান৷ সেয়ে নাৰী আৰু পুৰুষ একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি বুলি আমি কব পাৰো।

 নাৰীসকলে পুৰুষৰ সমানে খোজত খোজ মিলাই আগবাঢ়ি গৈছে ,বৰ্তমানৰ নাৰীয়ে সমাজ ব্যৱস্থাত নিজৰ অস্তিত্ব পুৰামাত্ৰাই প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। অতীতৰ পুৰণিকলীয়া অবৈজ্ঞানিক তথা অন্ধ নীতিবোৰ মাজত আৱদ্ধ নাথাকি তাক বিৰোধিতা কৰি দেশ এখনৰ প্ৰগতিত সংস্কাৰৰ দিশত আগবাঢ়ি ওলাই আহিছে।এয়া আজিৰ নাৰীৰ স্বৰূপ। 


মুক্ত চিন্তাৰে দুবাহু প্ৰসাৰিত কৰি মুক্ত আকাশত সমমৰ্যাদাৰে সমাজ আৰু দহৰ সৰ্বাধিক বিকাশৰ দিশত অগ্ৰনী ভূমিকা লবলৈ সমৰ্থবান আজিৰ নাৰী ৷মহাত্মা গান্ধীয়ে তেতিয়াই এই সম্পৰ্কত তেওঁৰ নিজস্ব চিন্তাধাৰা আৰু অনুভৱৰে ইয়াৰ পাতনি মেলিবলৈ শক্তিশালী খোজ পেলাইছিল ৷
খ্যাতনামা ইতিহাসবিদ ৰামাচন্দ্ৰ গুহই কৈছিল,”ভাৰতবৰ্ষত নাৰীক উত্থান আৰু মুক্তিত মহাত্মা গান্ধীৰ সকলোতকৈ ডাঙৰ অৱদান আছিল দেশৰ মহিলা সমাজক সামাজিক-সংস্কাৰ আৰু ৰাজনৈতিক আন্দোলনৰে যুক্ত কৰাটো”৷ 
সেইসময়ত কেৱল পাকঘৰৰ চাৰি বেৰৰ মাজত সীমাবদ্ধ ৰখা ভাৰতীয় নাৰীক সকলো দিশত স্বাধীনতা প্ৰদানৰ হকে সংগ্ৰামৰ মজিয়ালৈ লৈ গৈছিল মহাত্মা গান্ধীয়ে ৷

woman on rock platform viewing city
Photo by picjumbo.com on Pexels.com


  যি সমযত ভাৰতবৰ্ষ সহিতে সমগ্ৰ বিশ্বৰ ৰাজনীতিত কেৱল পুৰুষৰ দপদপনি আছিল তেনে সময়ত কিন্তু মহাত্মা গান্ধী আছিল এই প্ৰথাৰ সম্পূৰ্ণ বিৰোধী ৷ 
তেওঁৰ মত আছিল নাৰীয়েও এই দিশত নিজৰ শক্তিশালী ভূমিকা আগবঢ়াবলৈ পূৰাদমে সমৰ্থবান৷তেওঁলোককো সুবিধা দিয়া উচিত ৷
এই সন্দৰ্ভত সক্ৰিয় মহিলা নেত্ৰী ৰুচিতা গুপ্তাই কৈছিল ,”এই ক্ষেত্ৰত গান্ধীজী আছিল চলিত পৰম্পৰাৰ সম্পূৰ্ণ বিৰোধী যাৰ ফলতেই হয়টো তেওঁৰ নেতৃত্বত বৃটিছৰ বিপক্ষে স্বাধীনতা সংগ্ৰামত মহিলাৰ ব্যাপক অংশগ্ৰহণৰ দ্বাৰা “নাৰীবাদ” আছিল তেওঁৰ অন্যতম হাথিয়াৰ”৷
 গান্ধীৰ মাতৃ পুতলীবাই আৰু পত্নী কস্তুৰবা গান্ধী অন্যতম অনুপ্ৰেৰণা আছিল ভাৰতৰ স্বাধীনতা আন্দোলনত নাৰীৰ অৱদানৰ দিশত৷
 গান্ধীয়ে প্ৰায়েই সভা-সমিতিত তেওঁৰ ভাষণৰ জৰিয়তে জীৱনৰ অহিংস আদৰ্শ গঢ়াত মাতৃ আৰু পত্নীৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছিল৷ নাৰী সকলৰ স্ব অস্তিত্ব ৰক্ষাৰ দিশত গুৰুত্বতা প্ৰদানৰ হকে মাত মাতি গৈছিল ৷


 মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাতো সেই সময়ত তাত চলি থকা বৰ্ণবাদৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিবলৈ নাৰীসকলক সংগঠিত কৰিছিল ৷
নাৰীসকলৰ মাজত তেওঁ বৰ্ণবৈষম্যবাদৰ বিৰোধৰ ভাবনা জাগৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু সমমৰ্যাদাৰ প্ৰতি সচেতনতা আনিবলৈ যত্ন কৰিছিল ৷ 
ভাৰতীয় সংবিধানে পুৰুষ আৰু নাৰীৰ সম মৰ্যদা বুলি ঘোষনা কৰিছে ৷কিন্ত আজিও সেয়া ঘোষণাতেই সীমাবদ্ধ৷ সংসদ আৰু বিধান সভাত মহিলাৰ ৩৩শতাংশ আসন সংৰক্ষনৰ বিধেয়কখন গৃহীত হোৱাই নাই। এয়া হতাশাজনককথা ৷ পুৰুষ প্ৰধান সমাজত নাৰীৰ প্ৰমুল্যবোধ নাৰীৰ অস্তিত্ব অতি নিকৃষ্ট কিয়নো সমাজৰ এচাম পুৰুষে নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰাৰ মানসিকতাক বহন কৰি আছে ।  দুঃখজনক ভাবে এফালে আদ্যা শক্তিৰূপে, দুৰ্গা,কালী ভৈৰৱী,লক্ষ্মী সৰস্বতীক উপসনা কৰে আৰু আনফালে পণ্য সামগ্ৰীৰূপে নাৰীক ক্ৰয় বিক্ৰয় কৰাৰ উদাহৰণো পোৱা যায় ৷


 বহুতো নাৰী শ্ৰমিকে, তথা শিশু কণ্যা শ্ৰমিকে আজিও লোকৰ ঘৰত বনকৰা মানুহ হৈ দিন পাৰ কৰিবলগীয়া হৈছে। কেৱল বনকৰাই নহয় ,বনকৰা ছোৱালীৰ ওপৰত শাৰীৰিক মানসিক বিভিন্ন নিৰ্যাতনৰ ঘটনাবোৰ যেন দৈনন্দিন সৰু কথা হৈ পৰিছে৷ এনেকৈয়ে আজিৰ সময়তো বহুতো নাৰী সমাজৰ এচাম লোকৰ বাবে শোষিত হৈ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। ভাৰতৰ একাংশ নাৰী পাশ্চাত্য সংস্কৃতিৰ অন্ধ অনুকৰণৰ দ্বাৰা প্ৰৰোচিত হৈ বহু সময়ত বিলাতী সুৰা তথা বিভিন্ন নিচাৰ ৰাগীত মতলীয়া হৈ ৰাজপথত কৰা উদ্ভণ্ডালি ,বিভিন্ন অসামাজিক তথা অবৈধ কৰ্মকাণ্ডৰ নজিৰ আমি টেলিভিছনৰ নিউজ চেনেল সমুহত প্ৰচাৰ হোৱা প্ৰত্যক্ষ কৰিব পাওঁ৷

person grabbing woman s shoulders
Photo by Karolina Grabowska on Pexels.com


এই অসামাজিক কাৰ্যকলাপ নাৰী জাতিৰ বাবে লজ্জাজনক আৰু নৈতিক স্খলনৰ অতি দূৰ্ভাগ্যজনক উদাহৰণ। 
চেন্টাৰ ফৰ ছচিয়েল ৰিচাৰ্চৰ এক অধ্যায়নৰ ভিত্তিত দেখা যায় যে, আমাৰ দেশৰ প্ৰায় ৫ কোটি মহিলাই ঘৰত অত্যাচাৰৰ বলী হয়, তাৰে মাত্ৰ ১ % নাৰীয়েহে এই দুৰ্ব্যৱহাৰৰ বিষয়ে মাত মাতে । ইয়াৰ উপৰিও নাৰীৰ পৰস্পৰৰ প্ৰতি থকা প্ৰতিহিংসাৰ ফলতো নাৰী সবলীকৰণত বাধাৰ সৃষ্টি আমি দেখিবলৈ পাঁও । অৱশ্যে নাৰীক অভিভাৱক সকলে উচ্চ শিক্ষা দিয়াত গুৰুত্ব প্ৰদান কৰা নাছিল যদিও এতিয়া নান শৈক্ষিক জগতত নাৰীৰ স্থান লক্ষ্যনীয় ভাবে বৃদ্ধি পাইছে । 
আজি নাৰীৰ স্থান তথা পুৰুষৰ সতে সম অধিকাৰৰ ক্ষেত্ৰত চৰকাৰ তথা স্বেচ্ছাসেৱী সংগঠনসমূহেও বহুত দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী প্ৰকল্প হাতত লোৱা পৰিলক্ষিত হৈছে ।  নাৰীক বিশেষভাৱে পুৰুষৰ সমানেই স্থান দিবলৈ বিভিন্ন অনুষ্ঠানে নাৰী সবলীকৰণত গুৰুত্ব প্ৰদান কৰাও দেখা গৈ আছে ।  এতিয়াও নাৰীক লৈ ব্যৱসায় কৰা , নাৰীক বেয়া ধৰনে বেয়াকৈ উপস্থাপন কৰা, আৰ্থসামজিক আৰু সাংস্কৃতিক দিশত নাৰীয়ে ন্যয্য বিচাৰ নোপোৱা, নানান ধৰনৰ অপকৰ্মত লিপ্ত কৰোৱা আদিৰ পৰা নাৰীক পদে পদে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্ন সংগঠন লগতে সমাজৰ প্ৰতিগৰাকী লোকে ৷
 ভাৰতৰ সংবিধানে সকলো ভাৰতীয় নাৰীৰ বাবে সমতা (ধাৰা ১৪), ৰাষ্ট্ৰৰ দ্বাৰা বৈষম্যহীনতা (ধাৰা ১৫(১), সম-সুযোগ (ধাৰা ১৬), সমান কামৰ বাবে সমান-মজুৰি (ধাৰা ৩৯(ঘ)) নিশ্চিত কৰিছে। তদুপৰি মহিলা আৰু শিশুৰ বাবে বিশেষ ব্যৱস্থা ল’বলৈ ৰাষ্ট্ৰক অনুমতি প্ৰদান কৰিছে (ধাৰা ১৫(৩), মহিলাৰ মৰ্য্যদা হানিকাৰী কাম-কাজত নাকচ কৰিছে (ধাৰা ১৫(ক)(ঙ))। লগতে ৰাষ্ট্ৰই ন্যায়সঙ্গত আৰু মানৱীয় কৰ্ম ব্যৱস্থা নিশ্চিত কৰা আৰু প্ৰসূতি সাহাৰ্য্য (ধাৰা ৪২) প্ৰদানৰ ব্যৱস্থা কৰাৰ সুযোগ দিছে। ভাৰতবৰ্ষত আজিকালি মহিলাসকলে শিক্ষা, ৰাজনীতি, সংবাদ-মাধ্যম, কলা-সংস্কৃতি, সেৱাখণ্ড, বিজ্ঞান-প্ৰযুক্তি ইত্যাদি সকলোবোৰ ক্ষেত্ৰত জড়িত হৈ পৰিছে।

 উল্লেখ কৰাটো দৰকাৰ যে ,“১৯৭০ৰ দশকৰ শেষ ভাগত ভাৰতবৰ্ষত নাৰীবাদে গতি লাভ কৰিছিল। বিভিন্ন মহিলা গোটসমূহক ৰাষ্ট্ৰীয় পৰ্য্যায়ত একত্ৰিত কৰি তোলা প্ৰথম বিষয়টো আছিল মথুৰা ধৰ্ষণৰ গোচৰ।  মথুৰা নামৰ কিশোৰীগৰাকীক পুলিচ থানাত ধৰ্ষণ কৰাৰ অপৰাধত অভিযুক্ত পুলিচক খালাচ দিয়াৰ বিৰুদ্ধে ১৯৭৯-১৯৮০ত ব্যাপক প্ৰতিবাদ গঢ়ি উঠিছিল। ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমত এই প্ৰতিবাদসমূহৰ বাতৰি বিস্তৃতভাৱে প্ৰকাশ পাইছিল৷
 জবানবন্দী আইন (Evidence Act), ফৌজদাৰী আইন(Criminal Procedure Code) আৰু ভাৰতীয় দণ্ডবিধি আইন (Indian Penal Code) সংশোধন কৰি হাজোতৰ ধৰ্ষণ বিষয়টো সংযোজন ঘটাবলৈ চৰকাৰ বাধ্য হৈছিল। কন্যা সন্তান হত্যা, লিংগ-বৈষম্য, মহিলাৰ স্বাস্থ্য আৰু সাক্ষৰতাৰ দৰে বিষয়ত নাৰী কৰ্মীসকল ঐক্যবদ্ধ হৈছিল।’’

১৯৯০ৰ দশকত কিছুমান বিদেশী সংস্থাই অৰ্থ সাহাৰ্য্য আগবঢ়োৱাৰ ফলত নাৰী সম্পৰ্কীয় নতুন নতুন স্বেচ্ছাসেৱী সংগঠন গঢ় লৈ উঠে।
 আত্ম-সহায়ক গোট আৰু স্ব-নিয়োজিত নাৰী সংস্থা (SEWA)ৰ দৰে স্বেচ্ছাসেৱী সংস্থাসমূহে ভাৰতত নাৰীৰ অধিকাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তাৰপিছতো তাতেই একাংশ স্বাৰ্থলোভী মানসিকতাৰ লোকে কেৱল নিজ স্বাৰ্থৰ পূৰণৰ বাবে নিৰ্যাতিতাসকলক বলিৰ পঠাও সজায়। ইয়াক ৰোধ কৰাটো দৰকাৰ৷ এটা জাতিৰ অস্তিত্বৰ ৰক্ষাৰ প্ৰশ্নৰ ক্ষেত্ৰত সেই জাতিটোৰ পুৰুষ আৰু মহিলা উভয়ৰে, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক,সমান সমান মৰ্যাদাৰ স্থাপনত গুৰুত্ব দিব লাগিব ।‌যদি নাৰীক বিকাশ আৰু উন্নতিৰ হকে একেলগে আগুৱাই যাবলৈ বাধা প্ৰদান কৰা হ’য় দেশ তথা দহৰ বিকাশৰ পথ কাহানিও সুগম নহ’য় সেয়া সত্য। 


     নিজ নিজ অধিকাৰ আহৰনৰ বাবে নাৰীক প্ৰথমে প্ৰকৃত উচ্চ শিক্ষা, অৰ্থনৈতিক স্বনিৰ্ভৰশীল হ’বলৈ সাজু কৰা দৰকাৰ৷ ৰাজনৈতিক ,অৰ্থনৈতিক সামাজিক, আৰু কলা সাংস্কৃতিক ক্ষেত্ৰত থকা আসোঁৱাহযুক্ত উপাদানবোৰ আঁতৰ কৰি নাৰীক এগৰাকী প্ৰকৃত উচ্চমানবিশিষ্ট ব্যক্তিৰ শাৰীলৈ উন্নীত কৰিবলৈ বিভিন্ন ফলপ্ৰসূ আৰু সাফল্যমণ্ডিত দীৰ্ঘম্যাদী আঁচনি, পৰিকল্পনা আদিৰ নিতান্তই প্ৰয়োজন৷
  নাৰীসকলে প্ৰথমে নিজৰ মনৰ শংকা আৰু সংশয় ভাৱ আতৰাই আগবাঢ়ি আহিব লাগিব৷ তেতিয়াহে নাৰী সবলীকৰণ প্ৰক্ৰিয়া চুড়ান্ত পৰ্যায়ত উপনীত হব ।স্ববোধৰ ধাৰনাক ধাৰণ কৰিব লাগিব৷ 


বিশ্বজুৰি নাৰীদিৱস তথা সৱলীকৰণৰ ক্ষেত্ৰত সাম্প্ৰতিক যিমানবোৰ কাৰ্যকলাপ ,আচনি ৰূপায়ণ হৈ আছে দৈনন্দিন৷ কিন্ত ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কিমান সিদ্ধি হৈছে তাক ডাঠকৈ কব পৰা নাযায়৷ কাৰণ সমাজ তথা সমাজৰ তথাকথিত উচ্চস্থানৰ একাংশ লোকৰ অতি শোচনীয় কিছুমান নিম্নস্তৰৰ মানৱীয় চিন্তাৰ অভাব৷ ইয়াৰ উত্তৰণ যদি নঘটে, তেন্তে ই অৰ্থহীন কিছুমান আস্ফালনলৈহে পৰিগণিত হ’ব।নাৰী সদায়েই পাতৰ তল হৈ থাকিব লাগিব৷গতিকে আৰম্ভণি আত্মমন্থনৰ জৰিয়তে হোৱাটো দৰকাৰ। 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 14, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

March 12, 2026
New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

New Biodiversity Rules and the 2026 High-Seas Treaty: What Assam Must Do?

March 12, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d