• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ

ৰেজাউল কৰিম

by Anjan Sarma
July 16, 2023
in Opinion, Politics
Reading Time: 3 mins read
0
মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ
Share on FacebookShare on TwitterShare on LinkedIn

মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

অসমত সমষ্টি পুনৰনিৰ্ধাৰণকলৈ চাৰিওদিশে বেচ অসন্তুষ্টিৰ সৃষ্টি হৈছে। এচামে কৈছে যে, খচৰাখনত অসমৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰ বাহাল ৰাখিবলৈ এনেদৰে নতুন সমষ্টি সৃষ্টি কৰা প্ৰয়োজন আছিল আৰু বৰ্তমানৰ চৰকাৰে এইটো সম্ভৱ কৰি দেখুৱালে।

আন এচামে কৈছে যে একমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুগত বছা বছা কিছু লোকক নিৰ্বাচন জিকাই আনি তেখেতৰ শাসন দীঘলীয়া কৰিবলৈ ইচ্ছাকৃতভাৱে এনেদৰে সমষ্টি পুনৰনিৰ্ধাৰণ কৰা হৈছে। ইয়াত খিলঞ্জীয়াৰ অধিকাৰ বাহাল ৰখা কথাটো গোকাট মিছা। বিপৰীতে খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ খৰ্বহে কৰা হৈছে।

এই কথাখিনিকে বৰ্তমানে ভাগে ভাগে বিভিন্ন মহলে চৰ্চা কৰি আছে। ইয়াৰ মাজতে আমি আমছু আৰু গৰীয়া, মৰিয়া, জোলহা, দেশী লোকৰ বক্তব্য শুনিবলৈ পাইছো। গৰীয়া, মৰিয়া, জোলহা আৰু দেশী মুছলমান সকলৰ সংগঠনে কৈছে যে এতিয়া তেওঁলোকৰ ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ মুধা মৰিল। কোনো এটা সমষ্টিতে তেওঁলোক এতিয়া ধৰ্তব্য জনসমষ্টি নহয়। বৰং তেওঁলোকক মিঞা মুছলমান অধ্যুষিত সমষ্টিত সাঙুৰি একেবাৰে বহতীয়া কৰি পেলোৱা হ’ল।

মুখ্যমন্ত্ৰীয়ে যেতিয়া অসমৰ মুছলমানক ভাগ কৰি খিলঞ্জীয়া সকলৰ অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল তেতিয়া তেওঁলোকৰ এচামে প্ৰকাশ্যভাৱে চৰ চাপৰিৰ মুছলমানৰ বিৰোধিতা কৰিছিল। আমি তেতিয়াই কৈছিলো যে মুছলমানক ভাগ ভাগ কৰাত মুখ্যমন্ত্ৰী সফল হ’ল। মুৰকত তেওঁলোকক যে ঠগিব সেইটো খাটাং। আজি তেওঁলোকে নিজেই এই কথা ক’বলৈ আৰম্ভ কৰিছে।

RelatedPosts

Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026

স্বাধীনতাৰ আগত অসমত মুছলমানৰ বাবে কিছু সমষ্টি সংৰক্ষিত আছিল। আজি সেইবোৰ নাই যদিও মানুহখিনি আগৰ ঠাইতেই আছে। অথচ তেওঁলোকৰ কোনো প্ৰতিনিধি নাই। কাৰণ, সমষ্টি নাই।

আনহাতে খিলঞ্জীয়া অসমীয়াৰ সৈতে খিলঞ্জীয়া মুছলমানৰ নামটোৰ বাহিৰে আন কতোৱেই কোনো পাৰ্থক্য নাই যদিও আগৰ উজনি অসমৰ বা মধ্য অসমৰ যিবোৰ সমষ্টি মুছলমানৰ বাবে সংৰক্ষিত আছিল সেই সমষ্টি সমূহ অসংৰক্ষিত হৈ যোৱাৰ পাছত কোনো এখন আসনতে কোনো এটা দলেও খিলঞ্জীয়া

মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ

মুছলমানক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা দিয়া নাই। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত খিলঞ্জীয়া মুছলমানসকলক তেওঁলোকৰ সাংস্কৃতিক অভিন্ন পৰিচয়ে যে কোনো ধৰণে লাভান্বিত কৰা নাই সেইটো ধুৰূপ। এতিয়াহে যেন গৰীয়া, মৰীয়া, জোলহা, দেশী সংগঠনে এই সত্যটো উপলদ্ধি কৰিলে।

আচল প্ৰশ্নটো হৈছে য’ত খিলঞ্জীয়া সকল ঐক্যৱদ্ধ তাত আকৌ ধৰ্ম বা গোষ্ঠীৰ ভিত্তিত সংৰক্ষণ কিয় লাগে ? খিলঞ্জীয়া মুছলমান সকলে ইমান দিনে যিসকল খিলঞ্জীয়া অমুছলমানক ৰাজনৈতিক প্ৰতিনিধি নিৰ্বাচিত কৰি আহিছিল তেওঁলোকক লৈ সন্তুষ্ট নহয় নেকি ? আমাৰ বোধেৰে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত খিলঞ্জীয়া মুছলমানে চাগে কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আৰু সমৰ্থকক বিশ্বাসত ল’ব পৰা নাই।

ইয়াৰ বিপৰীতে অখিলঞ্জীয়া মুছলমানৰ সৈতে বিৰোধ গঢ়ি তোলাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকৰ সৈতে নিকট সম্পৰ্ক গঢ়ি তুলিবও নোৱাৰে। গতিকে গৰীয়া, মৰীয়া, জোলা,দেশী মুছলমান সকলে এতিয়া বিভাজনৰ ৰাজনীতিৰ পাশা খেলৰ গুটিত পৰিণত হৈছে। অৱশ্যে তেওঁলোকে নিজে নিজেই এই ফান্দত ভৰি দিছে।

মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ

ইয়াৰ বিপৰীতে আমছুৱে সমষ্টি নিৰ্ধাৰণৰ নতুন খচৰাৰ বিৰোধ কিয় কৰিছে আমাৰ বোধগম্য হোৱা নাই।1983 চনৰ পিছৰ পৰা আজিৰ দিনটোলৈকে প্ৰতিটো নিৰ্বাচনত দেখা যায় যে বিছৰ পৰা পচিছজনকৈ নামনি আৰু মধ্য অসমৰ পৰা মুছলমান প্ৰতিনিধি বিধান সভালৈ নিৰ্বাচিত হৈ আহিছে।

এই সংখ্যাটো কোনো কাৰণতে কম নহয়। তেওঁলোক নিৰ্বাচিত হৈ অহা সমষ্টি সমূহ এককভাৱে মুছলমান সংখ্যাগৰিষ্ঠ। এই সমষ্টি সমূহৰ পৰা একাধিক ৰাজনৈতিক দলে মুছলমান লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰে।ৰাজনৈতিক

দলৰ প্ৰতিদ্বন্দিতাৰ ফলত সমষ্টিসমূহত মুছলমান লোকৰ মাজত স্পষ্ট বিভাজন হৈছে। বিভাজন ইমানেই শক্তিশালী যে এটা দলৰ সমৰ্থক সকলে আন এটা দলৰ সমৰ্থকক সহ্য নকৰে। জনহিতকৰ কোনো কামত ঐক্যবদ্ধ নহয়। সাধাৰণ

ভোটাৰজনো দল সাপেক্ষে বিৰোধী দলৰ ভোটাৰজনৰ শোষকত পৰিণত হৈছে। ৰাজনৈতিক দল আৰু মুছলমান নেতাবোৰৰ মুখত জনগোষ্ঠীটোৰ শোষণৰ কথা আখৈ ফুটাদি ফুটে। অথচ তেওঁলোকেই জনগোষ্ঠীটোৰ প্ৰকৃত শোষক।

মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ

এই যে মুছলমান প্ৰধান বিধান সভা সমষ্টিসমূহৰ আজিৰ দিনত বাট পথ বেয়া, জঘণ্য দুৰ্নীতি, শিক্ষাৰ অনগ্ৰসৰতা, দৰিদ্ৰতা, সামাজিক সাংস্কৃতিকভাৱে পিছপৰা আৰু অৱহেলিত, ধৰ্মীয় মৌলবাদীৰ শক্তিশালী স্থিতি, নাৰী নিৰ্যাতন, বাল্যবিবাহৰ প্ৰচলন, সকলো ঘটনাক সাম্প্ৰদায়িক দৃষ্টিৰে চোৱাৰ প্ৰৱণতা, অসামাজিক কামৰ দৌৰাত্ম্য, যুৱচামৰ মাজত মদ, ভাং আৰু ড্ৰাগছৰ দৰে ভয়ানক নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধি এই সকলোবোৰৰ মূল কাৰণ হৈছে যুগে যুগে সমষ্টিসমূহ প্ৰতিনিধিত্ব কৰা মুছলমান জনপ্ৰতিনিধিসকলৰ নিজ জনগোষ্ঠীটোকলৈ কৰা চূড়ান্ত ভণ্ডামি আৰু তেওঁলোকৰ দলৰ বেপাৰী মনোবৃত্তি।

এটা কথা স্পষ্ট যে য’ত গাওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বৰজনৰ পৰা বিধায়কজনলৈ সকলো জনপ্ৰতিনিধি মুছলমান তাত কোন অমুছলমানে শোষণ কৰিব আহে ? কোন অমুছলমানে সাম্প্ৰদায়িকতা বিয়পাবলৈ আহে ? মুছলমানৰ অনগ্ৰসৰতাৰ কাৰণে দুখত গদ্ গদ্ হৈ ঘৰিয়ালৰ চকুপানী টোকা জনপ্ৰতিনিধিসকলেই সমষ্টি সমূহক প্ৰতিনিধিত্ব কৰি থকা নাই জানো ?

আজি প্ৰত্যেকজন মুছলমান জনপ্ৰতিনিধিক থিয় কৰাই এই প্ৰশ্ন সুধিবৰ হৈছে, তেওঁলোকে জনগোষ্ঠীটোৰ সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক উন্নয়নৰ বাবে কি এনে এটা মাত্ৰ বিষয়ত সফলতা লাভ কৰিছে, সেইটো ৰাজহুৱাভাৱে প্ৰকাশ কৰক। তেওঁলোকে স্পষ্টভাৱে জনাওক যিটো জনগোষ্ঠীৰ লোকে জনসংখ্যা বিষ্ফোৰণৰ বাবে সমগ্ৰ দেশত হীনমান্যতাৰ বলি হৈছে তেওঁলোকৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ কোনজন জনপ্ৰতিনিধিয়ে নিজৰ সমষ্টিত কি ব্যৱস্থা গ্ৰহণ কৰিছে।

তেওঁলোকে এই কথাও জনাওক সমাজত খোপনি পোতা মৌলবাদীৰ প্ৰভাৱৰ পৰা সাধাৰণ নাগৰিকক মুক্ত কৰিবলৈ নিজৰ সমষ্টিত কি ব্যৱস্থা লৈছে। তেওঁলোকে স্পষ্টকৈ জনাওক ইমানেই যেতিয়া তেওঁলোক নিজৰ জনগোষ্ঠীটোৰ দুৰ্দশাৰ প্ৰতি সচেতন তেন্তে সমষ্টিসমূহত যুৱচামৰ ভৱিষ্যত ধ্বংসকাৰী মদ আৰু ড্ৰাগছৰ প্ৰচলন কেনেকৈ বৃদ্ধি পালে ? এইবোৰ কাম দেখোন ধৰ্ম বিৰোধী।

মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ

ধৰ্মীয় নেতাকলৈ ৰাজনীতি কৰি মুছলমানৰ সৰ্বাঙ্গীন উন্নতি কৰিব খোজা ধৰ্মৰ বেপাৰী সকলেই উত্তৰ দিয়ক এই অধৰ্মী কামসমূহ তেওঁলোকৰ নেতৃত্বত থকা সমষ্টি সমূহত কিয় নিয়ন্ত্ৰণ কৰা নাই। আচলতে মুছলমানৰ উন্নতিৰ নামত মুছলমান জনপ্ৰতিনিধিসকলে দীৰ্ঘদিন ধৰি ভণ্ডামিৰ চিণ্ডিকেট চলাই আহিছে। এখেতসকলৰ একাংশ নিজকে বিক্ৰি কৰা পণ্য। ৰাজ্যসভাৰ নিৰ্বাচনত মাজে মাজে এওঁলোক কোৰবাণিৰ জন্তুৰ দৰে বিক্ৰি যায়।

আজিৰ দিনত মুছলমান বিধান সভা সমষ্টি এটাত যদি চকুত লগা কিবা পৰিৱৰ্তন হৈছে তেন্তে সেইটো হ’ল মুছলমান জনপ্ৰতিনিধিজনৰ লগতে তেওঁৰ দালাল সকলৰ বিয়াগোম আৰ্থিক উন্নতি।

সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে মুছলমান জনগণৰ সামান্যতমো ক্ষতি নহয়। তেওঁলোক আগৰ দৰেই থাকিব। যদি কিবা সাময়িক ক্ষতি হয় তেন্তে কেইজনমান মুছলমান জনপ্ৰতিনিধিৰ ধন ঘটা বাট বন্ধ হ’ব। মই ভাবো আমছুৱেও এই কথা ভালদৰেই জানে। তেওঁলোকক আমি কেতিয়াও মুছলমান জনপ্ৰতিনিধিৰ ব্যৰ্থতাৰ বাবে জবাবদিহি কৰা দেখিবলৈ পোৱা নাই।

ইয়াৰ বিপৰীতে তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনৰ বিৰুদ্ধে মাত মতাহে দেখিলোঁ। আমছু নিশ্চিত নে যে ইমান দিনে মুছলমান জনপ্ৰতিনিধিসকলে যি কৰিছে তাৰ ফলত অসমৰ মুছলমান জনগণৰ যথেষ্ট উন্নতি হৈছে আৰু এতিয়া যদি কেইটামান সমষ্টি কমি যায় তেন্তে অসমৰ মুছলমানৰ বৃহত ক্ষতি হ’ব ।

মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ

মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে ক’ব খোজো যে আজিৰ দিনত একাংশ মুছলমানৰ যি সামান্য প্ৰগতি দেখিবলৈ পোৱা গৈছে সেইবোৰ হৈছে জনগোষ্ঠীটোৰ সাধাৰণ মানুহৰ পৰিস্থতি সাপেক্ষে লোৱা সঠিক পদক্ষেপৰ ফল। ইয়াত কোনো বিধায়ক বা সাংসদৰ সামান্য অৱদানো নাই।

মই মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰে এই কথা উপলব্ধি কৰো যে যদি এইবাৰ কেইটামান মুছলমান জনসংখ্যাৰ গাওঁ পঞ্চায়ত বা গাওঁ অমুছলমান জনপ্ৰতিনিধি থকা বিধান সভা সমষ্টিৰ সৈতে সংলগ্ন হয় তেনেহ’লে অন্তত তেওঁলোকে মূলসুঁতিৰ অসমীয়া সমাজৰ মানুহৰ লগত কিছু ঘনিষ্ঠ হোৱাৰ সুযোগ পাব।

এই সুবাদতে হয়তো দুয়োটা জনগোষ্ঠীৰ মাজৰ মানসিক ব্যৱধান আঁতৰ হোৱাত সহায়ক হ’ব। এই আশা কৰাটো নিশ্চয় দোষণীয় নহ’ব।

সৰ্বশেষ কথাটো হৈছে, কোনোবাই ক’ব পাৰে যে ভাৰতীয় জনতা পাৰ্টীৰ সাম্প্ৰদায়িক ৰাজনীতিক ভেটা দিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনৰ বিৰোধ কৰাটো অপৰিহাৰ্য্য হৈ পৰিছে। এই কথাটো বৃহত্তৰ অসমীয়া জাতিৰ ভাষা সংস্কৃতিৰ স্বাৰ্থত থলুৱা অসমীয়া উদাৰ সমাজৰ বাবে এটা অতি জটিল বিষয় হৈ পৰিছে। সাধাৰণ থলুৱা অসমীয়াই হিতাধিকাৰী হ’ব খোজাৰ মানসিকতা ত্যাগ কৰি জাতিৰ ভৱিষ্যতৰ কাৰণে পৰিপক্ক ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ সময় সমাগত।

মুছলমান জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতা আৰু সমষ্টি পুনৰনিৰ্ধাৰণ

গতিকে মুছলমান সকলেও এই জটিল সময়ত কেইজনমান ৰাজনৈতিক নেতাৰ স্বাৰ্থত কাম নকৰি অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ বাবে থলুৱা লোকৰ সৈতে লগ লাগি এটা পৰিপক্ক ৰাজনৈতিক সিদ্ধান্ত লোৱা প্ৰক্ৰিয়াত সহযোগিতা কৰিব লাগে।

এটা কথাত আমি বিশ্বাসী, চিৰদিন মানুহক বুৰ্বক সজাই ৰাখিব নোৱাৰি। সমন্বয়ৰ বাহিৰে অসমৰ মানুহৰ উন্নয়নৰ বিকল্প নাই। সাম্প্ৰদায়িক দৃষ্টিত সমষ্টি সমূহ পুনৰনিৰ্ধাৰণ হ’লে সময়ত ই বুমেৰাং হবই। মানুহক ধৰ্মই নুখুৱায় আৰু নিপিন্ধায়।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Musk
Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

by Anjan Sarma
March 10, 2026
0

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!! অঞ্জন শৰ্মা আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d