• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 10, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

মুছলমান সকল অসমীয়া নহয় নেকি ?

ৰেজাউল কৰিম

by Anjan Sarma
July 1, 2023
in Opinion, Politics
Reading Time: 3 mins read
0
মুছলমান সকল অসমীয়া নহয় নেকি ?
Share on FacebookShare on TwitterShare on LinkedIn

মুছলমান সকল অসমীয়া নহয় নেকি ?

ৰেজাউল কৰিম

Rezaul Karim
ৰেজাউল কৰিম

আজমল ফাউণ্ডেশ্যনৰ পৰা আঢ়ৈ শ নে তিনিশ পঞ্চাশ ছাত্ৰই সুখ্যাতিৰে JEE আৰু NEET উত্তীৰ্ণ হ’ল। ইয়াৰে কিমান জনে NIT আৰু মেডিকেল কলেজত নাম ভৰ্তি কৰিবলৈ সক্ষম হ’ব সেইটো কোনেও নাজানে।

ইপিনে যোৰহাটত OIL INDIA ৰ ধনেৰে দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কোচিং কৰোৱা কেন্দ্ৰৰ পৰাও পঞ্চাশজন ছাত্ৰই সুখ্যাতিৰে  NEET উত্তীৰ্ণ হৈছে।

ইয়াৰ বাহিৰেও অসমৰ বাহিৰৰ বা ভিতৰৰ আন আন প্ৰতিষ্ঠানৰ পৰাও অনেক ছাত্ৰ ছাত্ৰীয়ে মেধাৰ পৰিচয় দি NEET  আৰু JEE ত ভাল ফলাফল দেখুৱাইছে। ইয়াৰ ভিতৰত কিছুসংখ্যক মুছলমান ল’ৰা ছোৱালীও আছে। আমি ছাত্ৰ ছাত্ৰী সকলক এতিয়া ধৰ্মৰ ভিত্তিত পৰিচয় কৰাই দিবলৈ আৰম্ভ কৰিছো।

তাকে কৰোতে লক্ষণীয়ভাৱে আন কোনো ছাত্ৰক হিন্দু ছাত্ৰ ছাত্ৰী বুলি পৰিচয় কৰাই দিয়া নাই। ধৰ্ম হিন্দু হলেও অসমীয়াভাষীক এই ক্ষেত্ৰত অতি সচেতনভাৱে অসমীয়া বুলি কোৱা হৈছে। কিন্তু অসমীয়াভাষী হোৱাৰ পাছতো মুছলমান ছাত্ৰ ছাত্ৰীক অসমীয়া বুলি কোৱা হোৱা নাই।

RelatedPosts

নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী 

ARE WOMEN REALLY EMPOWERED IN INDIA?

July 9, 2025
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 9, 2025
নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !

নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !

July 7, 2025

আজমল ফাউণ্ডেশ্যন, যোৰহাটৰ উল্লিখিত প্ৰশিক্ষণ প্ৰতিষ্ঠান, এল্লেন, আকাশ, কনচেপ্ট ইত্যাদি কৰি অনেক প্ৰতিষ্ঠানৰ পৰা মুছলমান ছাত্ৰ ছাত্ৰীয়ে কোচিং লৈছিল। আজমল ফাউণ্ডেশ্যনত যিদৰে হিন্দু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে একেদৰে যোৰহাটৰ কোচিং চেন্টাৰটোতো মুছলমান ছাত্ৰই বিনামূলীয়াকৈ কোচিং কৰিছে। তাৰ পৰা ভালদৰে পাছ কৰা মুছলমান ছাত্ৰও মেডিকেলত নাম ভৰ্তি কৰিবলৈ সুবিধা পাব পাৰে।

“আমি একেবাৰেই সাধাৰণ শ্ৰেণীৰ মানুহ। কথা ক’লে হিন্দু মুছলমান নোলায়। কিন্তু হিন্দু মুছলমান অবিহনে নিজকে প্ৰকাশ কৰিব নোৱাৰা অৱস্থা এটাত উপনীত হৈছো। পৃথিৱীৰ য’তেই নাথাকো কিয় আমাৰ শেষ পৰিচয় অসমীয়া। গতিকে, ভৱিষ্যত প্ৰজন্মৰ হাতত এই  অসহনশীল সমাজখন এৰি যাব নোৱাৰো।”

আকাশৰ পৰা সৰ্বভাৰতীয় ৰেংকিং 638 পোৱা ছাত্ৰজনে মুঠ 720 নম্বৰৰ ভিতৰত 691 নম্বৰ পাইছে। এই মেধাবী ছাত্ৰজনে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয় ৰেংকিং লাভ কৰিছে বুলি জানিব পাৰিছো। এখেতৰ নাম ৰাহিল বৰবৰুৱা, ঘৰ গুৱাহাটীত। এখেতৰ দেউতাক এগৰাকী পশু চিকিৎসক আৰু মোৰ বন্ধু।

মুছলমান সকল অসমীয়া নহয় নেকি ?

একেদৰে এইবাৰৰ CEE পৰীক্ষাত অসমৰ ভিতৰত দ্বিতীয় স্থানপ্ৰাপ্ত ছাত্ৰজনৰ ঘৰ ধুবুৰীত। তেখেত মোৰ সহপাঠী আনোৱাৰ হুছেইন মোল্লাৰ সন্তান। ইতিমধ্যেই এই ছাত্ৰজনে JEE Advance ত  সৰ্বভাৰতীয় ৰেংকিঙত 1559 স্থান লাভ কৰিছে।

এতিয়া কথা হৈছে মেডিকেলত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা মুছলমান ছাত্ৰ ছাত্ৰী সকল অসমীয়া নহয় বুলি কৈ দিয়া হ’ল। লগতে তেওঁলোকক আজমলৰ ল’ৰা ছোৱালী বুলিও কোৱা হ’ল।

ইয়াৰ দ্বাৰা শেষ সত্যটো এনেদৰেই বুজাব খোজা হ’ল নেকি যে, মুছলমান সকল অসমীয়া নহয় ?

মুছলমান সকল অসমীয়া নহয় নেকি ?

অসমীয়াৰ বাবে মেডিকেলত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। আনকি দহ শতাংশ আসন NRI সকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

“লক্ষণীয়ভাৱে আন কোনো ছাত্ৰক হিন্দু ছাত্ৰ ছাত্ৰী বুলি পৰিচয় কৰাই দিয়া নাই। ধৰ্ম হিন্দু হলেও অসমীয়াভাষীক এই ক্ষেত্ৰত অতি সচেতনভাৱে অসমীয়া বুলি কোৱা হৈছে। কিন্তু অসমীয়াভাষী হোৱাৰ পাছতো মুছলমান ছাত্ৰ ছাত্ৰীক অসমীয়া বুলি কোৱা হোৱা নাই।”

ইমান দিনে আজমলৰ দাঢ়ি, টুপি ,লুঙী দেখুৱাই এইজনেই অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি অসমীয়াক ভয় দেখুৱাই ‘অসমীয়া‘ৰ পৰা ‘হিন্দু‘ কৰি, বাংলাদেশৰ পৰা বিদেশী বাঙালী হিন্দুক অসমলৈ আদৰি আনি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সপক্ষে ক্ষমতাৰ ৰাজনীতি কৰি সফল হোৱাৰ পাছত এইবাৰ আজমলৰ সন্তানে মেডিকেল দখল কৰিব বুলি বিদেশৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নতুন আঁচনি লৈছে নেকি ?

মুছলমান সকল অসমীয়া নহয় নেকি ?

যিসকল অসমীয়া ছাত্ৰ ছাত্ৰীয়ে কপালৰ ঘাম মাটিত পেলাই দিনে নিশাই পৰিশ্ৰম কৰি ভৱিষ্যতে এজন ভাল চিকিৎসক হোৱাৰ সপোন দেখিছিল সেই সকল ছাত্ৰ ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকৰ সপোনক গোৰ মাৰি তেওঁলোকে পাব পৰা আসন সমূহ বিদেশৰ ছাত্ৰ ছাত্ৰীক বিক্ৰি কৰি দিব।

কেৱল মুছলমানক দেখুৱাই, মুছলমানৰ ভয় দেখুৱাই  অসমীয়াক এনেদৰেই শোষণ কৰি নিশকতীয়া কৰি আনিছে এচামে। 

এনেকুৱা হ’ব পাৰে ,অসমীয়া মানুহৰ দুৰ্বলতাৰ সুযোগ পালে কেতিয়াবা যিকোনো অজুহাত দেখুৱাই আজমল ফাউণ্ডেশ্যন বন্ধ কৰি দি অসমীয়াৰ শিক্ষাৰ ভৱিষ্যত সুৰক্ষা কৰা বুলি কোনোবাই বাহ্ বাহ্ ললেও আচৰিত হ’ব লগা একো নাথাকিব ।

আজমলৰ ৰাজনীতিৰ প্ৰতি আমাৰ বিন্দু মাত্ৰাও সমৰ্থন নাই। আমি তেওঁৰ ৰাজনীতিৰ ঘোৰ বিৰোধী। কিন্তু তেওঁক দেখুৱাই শিক্ষাৰ ক্ষেত্ৰতো হিন্দু মুছলমান ভেদাভেদ মানি ল’ব নোৱাৰি।

এফালে মুছলমান ছাত্ৰ ছাত্ৰীক ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ মাদ্ৰাছা ভঙাৰ সপক্ষে যুক্তি দি এতিয়া কেইজনমান মুছলমান ছাত্ৰ ছাত্ৰীয়ে মেধাৰ ভিত্তিত মেডিকেলত নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জন কৰা দেখি অসমীয়া ছাত্ৰ ছাত্ৰীৰ মাজত হিন্দু মুছলমান বিভাজনৰ নতুন অধ্যায় এটা আৰম্ভ কৰা হ’ল।

“ইমান দিনে আজমলৰ দাঢ়ি, টুপি ,লুঙী দেখুৱাই এইজনেই অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি অসমীয়াক ভয় দেখুৱাই ‘অসমীয়া‘ৰ পৰা ‘হিন্দু‘ কৰি, বাংলাদেশৰ পৰা বিদেশী বাঙালী হিন্দুক অসমলৈ আদৰি আনি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সপক্ষে ক্ষমতাৰ ৰাজনীতি কৰি সফল হোৱাৰ পাছত এইবাৰ আজমলৰ সন্তানে মেডিকেল দখল কৰিব বুলি বিদেশৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নতুন আঁচনি লৈছে নেকি ?”

মুছলমান সকল অসমীয়া নহলেও তেওঁলোকৰ এতিয়া হেৰুৱাব লগা একো নাই। ইতিমধ্যেই অনেক হেৰুৱাই এতিয়া তেওঁলোক (মুছলমান) অভিজ্ঞ হৈছে। অকলশৰে নিজে বন্ধা পথেৰে বাট বুলিবলৈ আৰম্ভ কৰিছে। কিন্তু প্ৰধান সমস্যাটো হৈছে এওঁলোকক অসমীয়া বুলি পৰিচয় নিদিবলৈ প্ৰৰোচিত কৰা হৈছে। আগন্তুক দিনত এই প্ৰৰোচনাই জাতিটোক ক্ষতি কৰাৰ সম্ভাৱনা আছে। জাতিৰ মূৰত টাঙোন মাৰি কোনোবাই হয়তো ক্ষমতাৰ সোৱাদ ল’ব।

মুছলমান সকল অসমীয়া নহয় নেকি ?

আজিৰ দিনত মুছলমানৰ সমুখত এটা পথেই খোলা আছে। ‘যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চল ৰে …’ এইটোৱেই একমাত্ৰ পথ। এই পথত খোজ দিওতে যিমানেই প্ৰৰোচনা নাথাকক কিয় অসমীয়া পৰিচয় অক্ষুন্ন ৰাখিবই লাগিব।

আজিৰ অসমীয়াই এতিয়াও যদি তেওঁলোকৰ ভৱিষ্যত উপলব্ধি কৰিব পৰা নাই তেনেহলে এটা সময়ত হয়তো অনেক পলম হৈ যাব। আজি মুছলমানৰ ভয় দেখুৱাই অসমীয়াৰ অস্তিত্বৰ সুৰক্ষাৰ কথা কৈ থাকোতে যেতিয়া বহিৰাগতই অসমীয়াৰ অভিভাৱক হ’ব তেতিয়া অসমীয়া মানুহে দুই কূল হেৰুৱাব।

আমি একেবাৰেই সাধাৰণ শ্ৰেণীৰ মানুহ। কথা ক’লে হিন্দু মুছলমান নোলায়। কিন্তু হিন্দু মুছলমান অবিহনে নিজকে প্ৰকাশ কৰিব নোৱাৰা অৱস্থা এটাত উপনীত হৈছো। পৃথিৱীৰ য’তেই নাথাকো কিয় আমাৰ শেষ পৰিচয় অসমীয়া। গতিকে, ভৱিষ্যত প্ৰজন্মৰ হাতত এই  অসহনশীল সমাজখন এৰি যাব নোৱাৰো।

26-06-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী 
Women

ARE WOMEN REALLY EMPOWERED IN INDIA?

by KRISTI FLORA KARKI
July 9, 2025
0

ARE WOMEN REALLY EMPOWERED IN INDIA? Kristi Flora Karki Kristi Flora Karki “If you educate her, she’ll be hard to...

Read moreDetails
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 9, 2025
নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !

নাগা ভদ্ৰলোক আৰু ‘মেমচাহাব’ হৈ পৰা অসমৰ খিলঞ্জীয়া গৰুৰ অস্তিত্বৰ সংকট !

July 7, 2025
A game of “ping pong” begins between Iran and Israel!

The war is not over, but has entered a “probation break” until further war notice!

July 2, 2025
অর্হতা আৰু সাফল্য

ONE NATION ONE ELECTION ?

June 28, 2025
Unpacking the Intersection of Technology and Tradition in Northeast India’s Public Sector

Unpacking the Intersection of Technology and Tradition in Northeast India’s Public Sector

June 27, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Of Gurus, the True and the False

Of Gurus, the True and the False

July 9, 2025
When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

When Summers Stopped Being Fun: How Climate Change Stole Our Childhood

July 9, 2025
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 9, 2025
A Violent and Broken World!

The Unseen Cost: Wrestling with a World Not of Our Design

July 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d