• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

মৃত্যু আৰু ‘জীৱন’ৰ জয়গান!

ASSAMESE SECTION / PEOPLE OF ASSAM / Inspiration

by Anjan Sarma
September 29, 2025
in ASSAMESE SECTION, ASSAM, PEOPLE OF ASSAM
Reading Time: 5 mins read
0
মৃত্যু আৰু ‘জীৱন’ৰ জয়গান!
Share on FacebookShare on TwitterShare on LinkedIn

মৃত্যু আৰু ‘জীৱন’ৰ জয়গান!

জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'!

অঞ্জন শৰ্মা 

Anjan Sarma Pic
অঞ্জন শৰ্মা 

অসমৰ পৰা ৩০০০+ কিলোমিটাৰ দূৰৈত আকস্মিকভাৱে হঠাৎ হেৰাই গ’ল অসমৰ বহুকেইটা প্ৰজন্মক অসমীয়া গানৰ প্ৰতি তীব্ৰভাৱে আকৰ্ষিত কৰাই অসমীয়া সঙ্গীতক এক সুকীয়া মাত্ৰা প্ৰদানেৰে অকল্পনীয় আসনত প্ৰতিষ্ঠা কৰাবলৈ সক্ষম হোৱা জীৱন্ত কিম্বদন্তীস্বৰূপ অসমৰ সুযোগ্য ভূমিপুত্ৰ তথা সঙ্গীত জগতৰ জাকতজিলিকা ৰাজকোঁৱৰ অসমৰ মহাৰত্ন মৰমৰ জুবিন গাৰ্গ – যি জুবিন গাৰ্গে বহুকেইটা দশক জুৰি তেওঁৰ অনিৰ্বচনীয় অতুলনীয় কন্ঠৰে সকলোকে উদ্বেলিত কৰি সমগ্ৰ অসমীয়াৰ হৃদয় ৰাজ্যৰ অধিকাৰী হৈ অবিসম্বাদী সম্ৰাটৰ দৰে ৰাজত্ব কৰিছিল!

জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'!
 হয়, তেওঁ চিঙ্গাপুৰৰ সমুদ্ৰৰ পানীত তেওঁৰ অন্তিম নিশ্বাস ত্যাগ কৰিলে, কিন্তু তেওঁৰ ক্ষেত্ৰত মৃত্যুৰ সৈতে হোৱা পাঞ্জাখেলত প্ৰকৃতাৰ্থত জীৱনৰেই জয়লাভ হ’ল আৰু তাৰেই প্ৰমাণ হিচাপে কেৱল অসম নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ -পৰ্বতত, উপত্যকা – নদীৰ সোঁতত, শোৱনি কোঠা – ৰান্ধনীশালত, মোবাইল ফোন – দূৰদৰ্শন যন্ত্ৰত, লক্ষ লক্ষ জনতাৰ কন্ঠ – চকুলোত, নিৰিবিলি হৈ পৰা ৰাজপথ – বিষাদময় আকাশত আমি যোৱাকালি সেই দু: সংবাদ লাভ কৰাৰে পৰাই অবিৰতভাৱে মৃত্যুক, হয় মৃত্যুক বুঢ়া-আঙুলি দেখুৱাই প্ৰতিধ্বনিত হৈ থাকিল – ‘মায়াবিনী ৰাতিৰ বুকুত…..’, এখন পৰ্বতৰ শিখৰৰ পৰা অইন এখন উপত্যকালৈ আৰু এখন উপত্যকাৰ পৰা বিভিন্ন চহৰ নগৰলৈ, হাজাৰ হাজাৰ গাঁওলৈ, গাওঁৰ পৰা মহানগৰলৈ, ধুমুহাৰ গতিৰে আকাশ আৱৰি উৰি থাকিল ভিন্ন ৰঙী লক্ষ লক্ষ একবিংশ শতিকাৰ প্ৰেমকাহিনী….ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙণি….ৰুমাল…ৰুমাল…ৰুমাল…এখন ৰঙা ৰুমাল.., সমগ্ৰ অসমে কান্দিছে শোকত বুকু খুন্দিয়াই নীৰৱে….. সৰৱে ….ৰুমাল….ৰুমাল…ৰুমাল….উৰিছে…. সপোন কোমল… কৃষ্ণচূড়া সৰি পৰিছে জালুকবাৰী আৰু ডিব্ৰুগড়ত হুৰহুৰাই…আকাশ বিদীৰ্ণ কৰি গুৱাহাটীত ৰাতিপুৱাই হঠাৎ হৈছে বজ্ৰৰ প্ৰচন্ড গৰ্জন….আকাশেও হুৰহুৰাই কান্দিছে, নামি আহিছে আকাশৰ তপ্ত চকুলো… হঠাৎ তীব্ৰ বৰষুণ… বিদ্যালয়ৰ ছাত্ৰই চকুলো মচি মচি গুণগুণাইছে…ৰাতিপুৱা শুই উঠি…যাবৰে হয় যে স্কুললৈ … গধূৰ গধূৰ পঢ়াৰ বোজা…কঢ়িয়াওতে যায় দিন দূৰলৈ… স্কুলৰ শেষত টিউশ্যন কৰি …ঘূৰি আহি একো নাপাও বিচাৰি……আমি যেন যন্ত্ৰ…একো একোটা যন্ত্ৰ….. যন্ত্ৰ..., ৰাতিপুৱা শূণ্য ৰাজপথেৰে গৈ আছো আৰু দেখিছো নীৰৱতাৰ মাজেৰে স্বত:স্ফূৰ্তভাৱে শত শত গুণগ্ৰাহীয়ে চাকি জ্বলাইছে , মম জ্বলাইছে, নিজে নিজেই বন্ধ হৈ পৰিছে দোকান পোহাৰ, চেলুন পাচলিৰ বিপনী, আৰু বিভিন্ন দালানৰ পৰা- বিভিন্ন বাসগৃহৰ পৰা ভাঁহি আহিছে বিভিন্ন সময়ৰ বিভিন্ন গান কঢ়িওৱা একেটাই সোণালী, সোণালী নহয়- অমৃতময় নজহা নপমা কন্ঠৰ হৃদয় মুচৰি দিয়া বিভিন্ন গান…..

Zubeen Gargহে মৃত্যু, তুমি সহস্ৰ মাইল দূৰৰ এখন সাগৰৰ বক্ষৰ পৰা তেওঁক আজুৰি নিলা যদিও তোমাৰ হ’ল নে জয়লাভ নে জীৱনৰ হ’ল জয়লাভ – জীৱনক, এক সফল জীৱনক প্ৰতিনিধিত্ব কৰা আমাৰ এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ অমৃতপুত্ৰ জুবিনৰ সফল জীৱনৰ জয়লাভ? তুমি পাৰিলা নে তেওঁৰ কন্ঠ স্তব্ধ কৰিবলৈ, হে মৃত্যু, আত্মা যিদৰে অবিনাশী- একেদৰেই অবিনাশী জুবিনৰ সহস্ৰ সহস্ৰ গীত আৰু কন্ঠ! হে মৃত্যু, তুমি নিৰ্মোহ, তুমি নিৰ্মম, তুমি হ’লা এক অবিনাশী সত্য জীৱনৰ, বৌদ্ধধৰ্মীৰ বাবে তুমি হ’লা মুক্তিৰো প্ৰতীক, কিন্তু তুমি হাৰিলা, তুমি জয়ী হৈও পৰাজিত হ’লা, হে মৃত্যু, তুমি যদি ইমানেই শক্তিশালী নিয়াচোন আজুৰি অসমীয়াৰ হৃদয়ৰ পৰা সেই অক্ষয় সংগীত…..জগত পোহৰ কৰি…আহিব প্লাৱন…আতৰাব অমানিশা..বধিব ৰাৱণ...নিয়াচোন আজুৰি যদি পাৰা …..হাঁহিলে তুমি… মুকুতা মণি সৰে…দুচকু ভৰিলে…মন নহ’লে….বেদনাৰ……অনামিকা… অনামিকা….অনামিকা…. নিয়াচোন পাৰা যদি আজুৰি জুবিনে নতুনকৈ প্ৰতিষ্ঠা কৰা বিভিন্ন বৰগীত, টোকাৰীগীত, বনগীত, ভাৱাইয়া গীত, বিহুগীত, আধুনিক গীত…… এনে হাজাৰ হাজাৰ গান কঢ়িওৱা অমৃত কন্ঠ আজি ক’ত শুনা নাই তুমি মৃত্যু, আজি ক’ত বজা নাই জুবিনৰ গীত…..আজি ক’ত তোমাৰ সফলতা মৃত্যু, কতেই বা সফল তোমাৰ বেৰিকেড্ যিয়ে পাৰে জুবিনৰ কন্ঠ ৰোধ কৰিবলৈ….!

জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'!

এই কথা সত্য যে মৃত্যুক মানুহে আজিলৈ জয় কৰিব পৰা নাই, অৰ্থাৎ মানুহ মৰণশীল। কিন্তু মৃত্যুৰ অৰ্থ এইটো নহয় যে ‘জীৱন পৰাজিত’! দৰাচলতে মৃত্যুৰ বিৰুদ্ধে জীৱন হ’ল এক প্ৰচণ্ড প্ৰত্যাহ্বান। মৃত্যুৱে আজিলৈ এনে এখন পাহাৰ বা পৰ্বত সৃষ্টি কৰিব পৰা নাই, যিয়ে বাধা দিব পাৰে জীৱনৰ দুৰ্বাৰ গতিক, প্ৰচণ্ড শক্তিক। মৃত্যুৰ ‘জয়’ হয় আৰু হৈ আছে -সঁচা কথা, কিন্তু জীৱন হ’ল এনে এক অমৃতৰ নদী যি চিৰ অমৰ কৰি ৰাখিব পাৰে উদ্দেশ্য অথবা লক্ষ্যক।

The Pleasure of Philosophy গ্ৰন্থৰ এক অধ্যায় On Life and Death -অৰ এঠাইত উইল ডুৰান্টে লিখি থৈ গৈছে – তিনি হাজাৰ বছৰ আগতে এজন মানুহে ভাবিছিল যে মানুহে উৰিব পাৰিব; গতিকে তেওঁ পাখি সাজিলে আৰু তেওঁৰ পুতেক আইকেৰাছে সেই পাখিৰ ওপৰত নিৰ্ভৰ কৰি উৰিবলৈ গৈ সাগৰত পৰিল আৰু মৰিল।

তথাপিও জীৱনে হাৰ নামানি নিৰ্ভীকভাৱে সেই সপোন দেখিয়েই থাকিল।

একুৰি দহ পুৰুষ পাৰ হ’ল, আৰু এদিন লিয়’নাৰ্ডো দা ভিন্সিৰ শৰীৰী আত্মাই ৰেখাংকনৰ মাজত উৰণীয়া যন্ত্ৰৰ পৰিকল্পনা কৰিলে ( সেই ৰেখাংকনবোৰ ইমান ধুনীয়া যে দেখিলেই উশাহ বন্ধ হ’বৰ উপক্ৰম হয়), আৰু তেওঁৰ টোকাৰ মাজত এনে এক সংক্ষিপ্ত বাক্যাংশ লিখি থৈ গ’ল যাক এবাৰ প্ৰত্যক্ষ কৰিলে ঘন্টাধ্বনিৰ দৰে স্মৃতিত বাজি থাকে – ‘পাখিৰ সৃষ্টি হ’ব ‘! লিয়’নাৰ্ডো অকৃতকাৰ্য হ’ল আৰু ঢুকাল; কিন্তু জীৱনৰ স্বপ্ন চলিয়েই থাকিল। কেইবা পুৰুষ পাৰ হ’ল আৰু মানুহে ক’লে – মানুহ কেতিয়াও উৰিবলৈ সক্ষম নহ’ব, কিয়নো ই ঈশ্বৰৰ ইচ্ছাৰ বিৰোধী।

জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'! 
কিন্তু তাৰপিছতো মানুহে উৰিলে। ৰাইট ভাতৃদ্বয়ে সমগ্ৰ মানৱজাতিৰ হৈ আকাশত উৰিলে। জীৱন এনেকুৱাই – ই তিনিহাজাৰ বছৰ ধৰি এটা উদ্দেশ্যক জীয়াই ৰাখিব পাৰে আৰু কেতিয়াও পৰাজয় স্বীকাৰ নকৰে।….
জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'!
ৰাইট ভাতৃদ্বয়ে সমগ্ৰ মানৱজাতিৰ হৈ আকাশত উৰিলে

সেইবাবেই ভাঁহি ভাঁহি আহিছে….জগত পোহৰ কৰি….আহিব প্লাৱন…আতৰাব অমানিশা…বধিব ৰাৱণ…….জুবিনে উচ্চ স্বৰে কন্ঠ নিগৰাইছে….পলিটিক্স নকৰিবা বন্ধু…. পলিটিক্স নকৰিবা বন্ধু….জাতি মাটি ভেটি…পলিটিক্স নকৰিবা বন্ধু…, অমৰ সংগীতৰ অক্ষয় প্ৰপাত, অসমীয়াৰ জীৱনৰ দীঘ আৰু বাণী….এটাৰ পিছত আন এটা তৰংগ…ক’লাজ…. আমাৰ অসমৰ বিভিন্ন প্ৰজন্মৰ সকলো দু:খ বেদনা ব্যৰ্থতা গ্লানি অক্ষমতা হতাশাৰ বোজাবোৰ বাৰম্বাৰ বাৰম্বাৰ বাৰম্বাৰ তেনেবোৰ শক্তিশালী তৰংগৰে আকুহি আজুৰি উলিয়াই উৰুৱাই অদৃশ্য কৰি দিবলৈ আমাৰ হৃদয়বোৰ মথি মথি জুবিনেও আপ্ৰাণ চেষ্টা চলাই গ’ল সমগ্ৰ জীৱন হাজাৰ বিজাৰ গানেৰে আৰু সেই গানবোৰ বহুকেইটা প্ৰজন্মৰ বাবে হৈ পৰিল নিৰাপদ আশ্ৰয়স্থলী…… তাৰপিছত আকস্মিকভাৱে হঠাৎ শূণ্যতা, হঠাৎ যেন সেই আশ্ৰয়স্থলী নাই, অসমীয়াৰ মূৰৰ ওপৰৰ ছাটিটো নাই, অসমীয়াৰ গৰ্বৰ প্ৰতীক জুবিন নাই!

Zubeen Dead bodyসেইজন জুবিন নাই, যিয়ে নাটকীয়ভাৱে হঠাৎ সঙ্গীতৰ শুকান জগতখনত প্ৰৱেশ কৰি অন্তৰস্পৰ্শী জীপাল কন্ঠৰে অসমীয়া সমাজখনক নতুনকৈ অসমীয়া গান শুনিবলৈ অকল্পনীয় চুম্বকীয় শক্তিৰে আকৰ্ষিত কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল!

Zubeen 3

 জুবিন আৰু কেতিয়াও পাৰ্থিৱ শৰীৰ ধাৰণ কৰি নাহিব উভতি, সেয়াই সত্য। কিন্তু জুবিন থাকিব তেওঁৰ সৃষ্টিৰ মাজত, অমৃতপুত্ৰ হৈ দশক দশক ধৰি তেওঁ ৰাজত্ব কৰি থাকিব সকলোৰে হৃদয়ৰাজ্যত… 

কিন্তু কেৱলমাত্ৰ জুবিনৰ গীতবোৰত, তেওঁৰ অক্ষয় স্মৃতি-ৰোমন্হনত আশ্ৰয় লৈ সময় অতিবাহিত কৰি , হয় কেৱলমাত্ৰ আশ্ৰয় লৈয়েই সময় অতিবাহিত কৰিয়েই সন্তুষ্ট হৈ থকা উচিত হ’ব নে জগত পোহৰ কৰি প্লাৱন আনি অমানিশা আতৰাই ৰাৱণসকলক বধি বধি জুবিনৰ আত্মাক শান্তি দিয়া উচিত হ’ব?

Zubben Garg 12আহক, আজি আমি কেৱল কাণেৰে নহয়, আমাৰ হৃদয়ৰে শ্ৰৱণ কৰো জুবিনৰ গান, আহক আজি আমি অৱগাহন কৰো হাজাৰ হাজাৰ গানেৰে জুবিনে সৃষ্টি কৰা মহাসমুদ্ৰত… আৰু চেষ্টা কৰো নতুনকৈ গীতবোৰৰ ভিতৰত প্ৰৱেশ কৰি কৰ্মপন্হা থিৰাং কৰিবলৈ ! আহক আমি সকলোৱে হৃদয়ৰে  শুনো আজি জীৱনৰেই জয়গান … অ’ জীৱন ৰে…চাৰিয়া নাযাইচ্ মোকে …….
Zubeen 10
‘নীৰৱতাৰ মাজেৰে স্বত:স্ফূৰ্তভাৱে শত শত গুণগ্ৰাহীয়ে চাকি জ্বলাইছে’

20-09-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Zubeen Garg
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 4, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
butterflies with window in background

পখিলাবোৰ কুশলে থাকক

May 23, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d