• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, October 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

মৃত্যু আৰু ‘জীৱন’ৰ জয়গান!

ASSAMESE SECTION / PEOPLE OF ASSAM / Inspiration

by Anjan Sarma
September 18, 2026
in ASSAMESE SECTION, ASSAM, PEOPLE OF ASSAM
Reading Time: 5 mins read
0
মৃত্যু আৰু ‘জীৱন’ৰ জয়গান!
Share on FacebookShare on TwitterShare on LinkedIn

মৃত্যু আৰু ‘জীৱন’ৰ জয়গান!

জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'!

অঞ্জন শৰ্মা 

Anjan Sarma Pic
অঞ্জন শৰ্মা 

অসমৰ পৰা ৩০০০+ কিলোমিটাৰ দূৰৈত আকস্মিকভাৱে হঠাৎ হেৰাই গ’ল অসমৰ বহুকেইটা প্ৰজন্মক অসমীয়া গানৰ প্ৰতি তীব্ৰভাৱে আকৰ্ষিত কৰাই অসমীয়া সঙ্গীতক এক সুকীয়া মাত্ৰা প্ৰদানেৰে অকল্পনীয় আসনত প্ৰতিষ্ঠা কৰাবলৈ সক্ষম হোৱা জীৱন্ত কিম্বদন্তীস্বৰূপ অসমৰ সুযোগ্য ভূমিপুত্ৰ তথা সঙ্গীত জগতৰ জাকতজিলিকা ৰাজকোঁৱৰ অসমৰ মহাৰত্ন মৰমৰ জুবিন গাৰ্গ – যি জুবিন গাৰ্গে বহুকেইটা দশক জুৰি তেওঁৰ অনিৰ্বচনীয় অতুলনীয় কন্ঠৰে সকলোকে উদ্বেলিত কৰি সমগ্ৰ অসমীয়াৰ হৃদয় ৰাজ্যৰ অধিকাৰী হৈ অবিসম্বাদী সম্ৰাটৰ দৰে ৰাজত্ব কৰিছিল!

জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'!
 হয়, তেওঁ চিঙ্গাপুৰৰ সমুদ্ৰৰ পানীত তেওঁৰ অন্তিম নিশ্বাস ত্যাগ কৰিলে, কিন্তু তেওঁৰ ক্ষেত্ৰত মৃত্যুৰ সৈতে হোৱা পাঞ্জাখেলত প্ৰকৃতাৰ্থত জীৱনৰেই জয়লাভ হ’ল আৰু তাৰেই প্ৰমাণ হিচাপে কেৱল অসম নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ -পৰ্বতত, উপত্যকা – নদীৰ সোঁতত, শোৱনি কোঠা – ৰান্ধনীশালত, মোবাইল ফোন – দূৰদৰ্শন যন্ত্ৰত, লক্ষ লক্ষ জনতাৰ কন্ঠ – চকুলোত, নিৰিবিলি হৈ পৰা ৰাজপথ – বিষাদময় আকাশত আমি যোৱাকালি সেই দু: সংবাদ লাভ কৰাৰে পৰাই অবিৰতভাৱে মৃত্যুক, হয় মৃত্যুক বুঢ়া-আঙুলি দেখুৱাই প্ৰতিধ্বনিত হৈ থাকিল – ‘মায়াবিনী ৰাতিৰ বুকুত…..’, এখন পৰ্বতৰ শিখৰৰ পৰা অইন এখন উপত্যকালৈ আৰু এখন উপত্যকাৰ পৰা বিভিন্ন চহৰ নগৰলৈ, হাজাৰ হাজাৰ গাঁওলৈ, গাওঁৰ পৰা মহানগৰলৈ, ধুমুহাৰ গতিৰে আকাশ আৱৰি উৰি থাকিল ভিন্ন ৰঙী লক্ষ লক্ষ একবিংশ শতিকাৰ প্ৰেমকাহিনী….ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙণি….ৰুমাল…ৰুমাল…ৰুমাল…এখন ৰঙা ৰুমাল.., সমগ্ৰ অসমে কান্দিছে শোকত বুকু খুন্দিয়াই নীৰৱে….. সৰৱে ….ৰুমাল….ৰুমাল…ৰুমাল….উৰিছে…. সপোন কোমল… কৃষ্ণচূড়া সৰি পৰিছে জালুকবাৰী আৰু ডিব্ৰুগড়ত হুৰহুৰাই…আকাশ বিদীৰ্ণ কৰি গুৱাহাটীত ৰাতিপুৱাই হঠাৎ হৈছে বজ্ৰৰ প্ৰচন্ড গৰ্জন….আকাশেও হুৰহুৰাই কান্দিছে, নামি আহিছে আকাশৰ তপ্ত চকুলো… হঠাৎ তীব্ৰ বৰষুণ… বিদ্যালয়ৰ ছাত্ৰই চকুলো মচি মচি গুণগুণাইছে…ৰাতিপুৱা শুই উঠি…যাবৰে হয় যে স্কুললৈ … গধূৰ গধূৰ পঢ়াৰ বোজা…কঢ়িয়াওতে যায় দিন দূৰলৈ… স্কুলৰ শেষত টিউশ্যন কৰি …ঘূৰি আহি একো নাপাও বিচাৰি……আমি যেন যন্ত্ৰ…একো একোটা যন্ত্ৰ….. যন্ত্ৰ..., ৰাতিপুৱা শূণ্য ৰাজপথেৰে গৈ আছো আৰু দেখিছো নীৰৱতাৰ মাজেৰে স্বত:স্ফূৰ্তভাৱে শত শত গুণগ্ৰাহীয়ে চাকি জ্বলাইছে , মম জ্বলাইছে, নিজে নিজেই বন্ধ হৈ পৰিছে দোকান পোহাৰ, চেলুন পাচলিৰ বিপনী, আৰু বিভিন্ন দালানৰ পৰা- বিভিন্ন বাসগৃহৰ পৰা ভাঁহি আহিছে বিভিন্ন সময়ৰ বিভিন্ন গান কঢ়িওৱা একেটাই সোণালী, সোণালী নহয়- অমৃতময় নজহা নপমা কন্ঠৰ হৃদয় মুচৰি দিয়া বিভিন্ন গান…..

Zubeen Gargহে মৃত্যু, তুমি সহস্ৰ মাইল দূৰৰ এখন সাগৰৰ বক্ষৰ পৰা তেওঁক আজুৰি নিলা যদিও তোমাৰ হ’ল নে জয়লাভ নে জীৱনৰ হ’ল জয়লাভ – জীৱনক, এক সফল জীৱনক প্ৰতিনিধিত্ব কৰা আমাৰ এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ অমৃতপুত্ৰ জুবিনৰ সফল জীৱনৰ জয়লাভ? তুমি পাৰিলা নে তেওঁৰ কন্ঠ স্তব্ধ কৰিবলৈ, হে মৃত্যু, আত্মা যিদৰে অবিনাশী- একেদৰেই অবিনাশী জুবিনৰ সহস্ৰ সহস্ৰ গীত আৰু কন্ঠ! হে মৃত্যু, তুমি নিৰ্মোহ, তুমি নিৰ্মম, তুমি হ’লা এক অবিনাশী সত্য জীৱনৰ, বৌদ্ধধৰ্মীৰ বাবে তুমি হ’লা মুক্তিৰো প্ৰতীক, কিন্তু তুমি হাৰিলা, তুমি জয়ী হৈও পৰাজিত হ’লা, হে মৃত্যু, তুমি যদি ইমানেই শক্তিশালী নিয়াচোন আজুৰি অসমীয়াৰ হৃদয়ৰ পৰা সেই অক্ষয় সংগীত…..জগত পোহৰ কৰি…আহিব প্লাৱন…আতৰাব অমানিশা..বধিব ৰাৱণ...নিয়াচোন আজুৰি যদি পাৰা …..হাঁহিলে তুমি… মুকুতা মণি সৰে…দুচকু ভৰিলে…মন নহ’লে….বেদনাৰ……অনামিকা… অনামিকা….অনামিকা…. নিয়াচোন পাৰা যদি আজুৰি জুবিনে নতুনকৈ প্ৰতিষ্ঠা কৰা বিভিন্ন বৰগীত, টোকাৰীগীত, বনগীত, ভাৱাইয়া গীত, বিহুগীত, আধুনিক গীত…… এনে হাজাৰ হাজাৰ গান কঢ়িওৱা অমৃত কন্ঠ আজি ক’ত শুনা নাই তুমি মৃত্যু, আজি ক’ত বজা নাই জুবিনৰ গীত…..আজি ক’ত তোমাৰ সফলতা মৃত্যু, কতেই বা সফল তোমাৰ বেৰিকেড্ যিয়ে পাৰে জুবিনৰ কন্ঠ ৰোধ কৰিবলৈ….!

জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'!

এই কথা সত্য যে মৃত্যুক মানুহে আজিলৈ জয় কৰিব পৰা নাই, অৰ্থাৎ মানুহ মৰণশীল। কিন্তু মৃত্যুৰ অৰ্থ এইটো নহয় যে ‘জীৱন পৰাজিত’! দৰাচলতে মৃত্যুৰ বিৰুদ্ধে জীৱন হ’ল এক প্ৰচণ্ড প্ৰত্যাহ্বান। মৃত্যুৱে আজিলৈ এনে এখন পাহাৰ বা পৰ্বত সৃষ্টি কৰিব পৰা নাই, যিয়ে বাধা দিব পাৰে জীৱনৰ দুৰ্বাৰ গতিক, প্ৰচণ্ড শক্তিক। মৃত্যুৰ ‘জয়’ হয় আৰু হৈ আছে -সঁচা কথা, কিন্তু জীৱন হ’ল এনে এক অমৃতৰ নদী যি চিৰ অমৰ কৰি ৰাখিব পাৰে উদ্দেশ্য অথবা লক্ষ্যক।

The Pleasure of Philosophy গ্ৰন্থৰ এক অধ্যায় On Life and Death -অৰ এঠাইত উইল ডুৰান্টে লিখি থৈ গৈছে – তিনি হাজাৰ বছৰ আগতে এজন মানুহে ভাবিছিল যে মানুহে উৰিব পাৰিব; গতিকে তেওঁ পাখি সাজিলে আৰু তেওঁৰ পুতেক আইকেৰাছে সেই পাখিৰ ওপৰত নিৰ্ভৰ কৰি উৰিবলৈ গৈ সাগৰত পৰিল আৰু মৰিল।

তথাপিও জীৱনে হাৰ নামানি নিৰ্ভীকভাৱে সেই সপোন দেখিয়েই থাকিল।

একুৰি দহ পুৰুষ পাৰ হ’ল, আৰু এদিন লিয়’নাৰ্ডো দা ভিন্সিৰ শৰীৰী আত্মাই ৰেখাংকনৰ মাজত উৰণীয়া যন্ত্ৰৰ পৰিকল্পনা কৰিলে ( সেই ৰেখাংকনবোৰ ইমান ধুনীয়া যে দেখিলেই উশাহ বন্ধ হ’বৰ উপক্ৰম হয়), আৰু তেওঁৰ টোকাৰ মাজত এনে এক সংক্ষিপ্ত বাক্যাংশ লিখি থৈ গ’ল যাক এবাৰ প্ৰত্যক্ষ কৰিলে ঘন্টাধ্বনিৰ দৰে স্মৃতিত বাজি থাকে – ‘পাখিৰ সৃষ্টি হ’ব ‘! লিয়’নাৰ্ডো অকৃতকাৰ্য হ’ল আৰু ঢুকাল; কিন্তু জীৱনৰ স্বপ্ন চলিয়েই থাকিল। কেইবা পুৰুষ পাৰ হ’ল আৰু মানুহে ক’লে – মানুহ কেতিয়াও উৰিবলৈ সক্ষম নহ’ব, কিয়নো ই ঈশ্বৰৰ ইচ্ছাৰ বিৰোধী।

জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'! 
কিন্তু তাৰপিছতো মানুহে উৰিলে। ৰাইট ভাতৃদ্বয়ে সমগ্ৰ মানৱজাতিৰ হৈ আকাশত উৰিলে। জীৱন এনেকুৱাই – ই তিনিহাজাৰ বছৰ ধৰি এটা উদ্দেশ্যক জীয়াই ৰাখিব পাৰে আৰু কেতিয়াও পৰাজয় স্বীকাৰ নকৰে।….
জুবিনৰ মৃত্যুৰ অৰ্থ এইটো নহয় যে 'জীৱন পৰাজিত'!
ৰাইট ভাতৃদ্বয়ে সমগ্ৰ মানৱজাতিৰ হৈ আকাশত উৰিলে

সেইবাবেই ভাঁহি ভাঁহি আহিছে….জগত পোহৰ কৰি….আহিব প্লাৱন…আতৰাব অমানিশা…বধিব ৰাৱণ…….জুবিনে উচ্চ স্বৰে কন্ঠ নিগৰাইছে….পলিটিক্স নকৰিবা বন্ধু…. পলিটিক্স নকৰিবা বন্ধু….জাতি মাটি ভেটি…পলিটিক্স নকৰিবা বন্ধু…, অমৰ সংগীতৰ অক্ষয় প্ৰপাত, অসমীয়াৰ জীৱনৰ দীঘ আৰু বাণী….এটাৰ পিছত আন এটা তৰংগ…ক’লাজ…. আমাৰ অসমৰ বিভিন্ন প্ৰজন্মৰ সকলো দু:খ বেদনা ব্যৰ্থতা গ্লানি অক্ষমতা হতাশাৰ বোজাবোৰ বাৰম্বাৰ বাৰম্বাৰ বাৰম্বাৰ তেনেবোৰ শক্তিশালী তৰংগৰে আকুহি আজুৰি উলিয়াই উৰুৱাই অদৃশ্য কৰি দিবলৈ আমাৰ হৃদয়বোৰ মথি মথি জুবিনেও আপ্ৰাণ চেষ্টা চলাই গ’ল সমগ্ৰ জীৱন হাজাৰ বিজাৰ গানেৰে আৰু সেই গানবোৰ বহুকেইটা প্ৰজন্মৰ বাবে হৈ পৰিল নিৰাপদ আশ্ৰয়স্থলী…… তাৰপিছত আকস্মিকভাৱে হঠাৎ শূণ্যতা, হঠাৎ যেন সেই আশ্ৰয়স্থলী নাই, অসমীয়াৰ মূৰৰ ওপৰৰ ছাটিটো নাই, অসমীয়াৰ গৰ্বৰ প্ৰতীক জুবিন নাই!

Zubeen Dead bodyসেইজন জুবিন নাই, যিয়ে নাটকীয়ভাৱে হঠাৎ সঙ্গীতৰ শুকান জগতখনত প্ৰৱেশ কৰি অন্তৰস্পৰ্শী জীপাল কন্ঠৰে অসমীয়া সমাজখনক নতুনকৈ অসমীয়া গান শুনিবলৈ অকল্পনীয় চুম্বকীয় শক্তিৰে আকৰ্ষিত কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল!

Zubeen 3

 জুবিন আৰু কেতিয়াও পাৰ্থিৱ শৰীৰ ধাৰণ কৰি নাহিব উভতি, সেয়াই সত্য। কিন্তু জুবিন থাকিব তেওঁৰ সৃষ্টিৰ মাজত, অমৃতপুত্ৰ হৈ দশক দশক ধৰি তেওঁ ৰাজত্ব কৰি থাকিব সকলোৰে হৃদয়ৰাজ্যত… 

কিন্তু কেৱলমাত্ৰ জুবিনৰ গীতবোৰত, তেওঁৰ অক্ষয় স্মৃতি-ৰোমন্হনত আশ্ৰয় লৈ সময় অতিবাহিত কৰি , হয় কেৱলমাত্ৰ আশ্ৰয় লৈয়েই সময় অতিবাহিত কৰিয়েই সন্তুষ্ট হৈ থকা উচিত হ’ব নে জগত পোহৰ কৰি প্লাৱন আনি অমানিশা আতৰাই ৰাৱণসকলক বধি বধি জুবিনৰ আত্মাক শান্তি দিয়া উচিত হ’ব?

Zubben Garg 12আহক, আজি আমি কেৱল কাণেৰে নহয়, আমাৰ হৃদয়ৰে শ্ৰৱণ কৰো জুবিনৰ গান, আহক আজি আমি অৱগাহন কৰো হাজাৰ হাজাৰ গানেৰে জুবিনে সৃষ্টি কৰা মহাসমুদ্ৰত… আৰু চেষ্টা কৰো নতুনকৈ গীতবোৰৰ ভিতৰত প্ৰৱেশ কৰি কৰ্মপন্হা থিৰাং কৰিবলৈ ! আহক আমি সকলোৱে হৃদয়ৰে  শুনো আজি জীৱনৰেই জয়গান … অ’ জীৱন ৰে…চাৰিয়া নাযাইচ্ মোকে …….
Zubeen 10
‘নীৰৱতাৰ মাজেৰে স্বত:স্ফূৰ্তভাৱে শত শত গুণগ্ৰাহীয়ে চাকি জ্বলাইছে’

20-09-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Zubeen Garg
Anjan Sarma

Anjan Sarma

Related Posts

The Assam we see on our Screens 
Travel

The Assam we see on our Screens 

by Bhrigu kumar Kalita
October 13, 2026
0

The Assam we see on our Screens  How social media is rewriting the way a generation imagines its own home...

Read moreDetails
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

October 11, 2026
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

October 9, 2026
ইয়াৰ পিছত কি কৰিবা?

অসমীয়া জাতি ডাঙৰ জাতি

October 3, 2026
শেষ হাঁহি !

শেষ হাঁহি !

September 27, 2026
গেছলাইটিং : বিবেকৰ  নিয়ন্ত্ৰণ

গেছলাইটিং : বিবেকৰ  নিয়ন্ত্ৰণ

September 27, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Forgotten Buffer: How foothill mining is fueling floods in North East India

The Forgotten Buffer: How foothill mining is fueling floods in North East India

October 16, 2026
Mahabahu Mirror: A Bold New Chapter in Climate Journalism

From the Brahmaputra to the Air We Breathe: Mahabahu Mirror and the Stories of a Changing Planet

October 15, 2026
How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

October 15, 2026
Frankfurt Bookfair shows interesting trend: People Buy Stories and the Opportunity to Rediscover Themselves

Frankfurt Bookfair shows interesting trend: People Buy Stories and the Opportunity to Rediscover Themselves

October 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    41820 shares
    Share 16728 Tweet 10455
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    5024 shares
    Share 2010 Tweet 1256
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19877 shares
    Share 7951 Tweet 4969
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4214 shares
    Share 1686 Tweet 1054
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4307 shares
    Share 1723 Tweet 1077
  • NGT’s international conference: Climate Justice Must Move from the Courtroom to the Catchment

    75 shares
    Share 30 Tweet 19
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    1231 shares
    Share 492 Tweet 308
  • দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

    726 shares
    Share 290 Tweet 182
  • From Montreal to Guwahati: Assam’s New Cooling Imperative

    93 shares
    Share 37 Tweet 23
  • World ‘at a crossroad’ as droughts increase nearly a third

    204 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d