• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural Poetry

মৃত্যুক সুধিলে নচিকেতাই ‘মৃত্যু’ কি?

ASSAMESE SECTION/ POEM

by Anjan Sarma
August 11, 2025
in Poetry, Spirituality, Spirituality
Reading Time: 14 mins read
0
মৃত্যুক সুধিলে নচিকেতাই ‘মৃত্যু’ কি?
Share on FacebookShare on TwitterShare on LinkedIn

মৃত্যুক সুধিলে নচিকেতাই ‘মৃত্যু‘ কি?

মৃত্যুক সুধিলে নচিকেতাই 'মৃত্যু' কি?

অঞ্জন শৰ্মা

Anjan Pic 1
অঞ্জন শৰ্মা

ইজনৰ পিছত সিজনকৈ বহুজন গ’ল

আজি গ’ল

আজি গ’ল আৰু এজন!

শ্মশানত বহি বহি চিতাজুইৰ উত্তাপত
মোবাইল ফোনটোৰ পৰা মচি পেলালো
তেওঁৰ নাম
মচিলো অশ্ৰুজল
যিদৰে আগতেও মচিছিলো বহুজনৰ নাম
অশ্ৰুও বহুবাৰ
হে মৃত্যু
তুমি কিয় ইমান নিৰ্মম!

 

ঘৰলৈ আহি হাতত তুলি ল’লো

কঠোপনিষদ !

বৃহদাৰণ্যক – ছান্দোগ্যৰ পিছতেই যাৰ স্থান

সেই কঠোপনিষদ !

মৃত্যুক সুধিলে নচিকেতাই 'মৃত্যু' কি?

 

পটভূমি : ব্ৰাহ্মণ ৱাজশ্ৰৱসৰ যজ্ঞানুষ্ঠান

যজ্ঞত সমস্ত সম্পত্তি দান দি আছিল

তেওঁ

ৱাজশ্ৰৱসে

যজ্ঞফল কামনাৰে দান দি আছিল তেওঁ …

নচিকেতা,

ৱাজশ্ৰৱসৰ পুত্ৰ নচিকেতা

দানৰ সামগ্ৰীসমূহ চাই আছিল

একেথৰে

পিৰিকণিও মাৰা নাছিল তেওঁ

ভীতিগ্ৰস্ত হৈ

হতবাক হৈ পৰিছিল নচিকেতা

হতবাক হৈছিল

সৰ্বস্ব দান দিয়া পিছত

দক্ষিণা দিয়াৰ নামত এইবোৰ কি?

এইবোৰ

                      কি সামগ্ৰী

দান দি আছে পিতৃ ৱাজশ্ৰৱসে !!

বুঢ়ী-থেৰী

শীৰ্ণ লেৰেলা-চেপেটা মৰো মৰো

হাড়-চালে লগা দুৰ্বল গাইগৰু

যিবোৰৰ

কাহানিও পোৱালি নহ’ব, যিবোৰ

ইতিমধ্যে মৃত্যুমুখী..

তেনে গাইগৰু দান!

 

নচিকেতা হৈ পৰিল ভীতিগ্ৰস্ত ভাবি

চিন্তি এই কথা

এনে দানৰ ফলত নহ’বনে পিতৃৰ

নৰকপ্ৰাপ্তি!

এখোজ দুখোজকৈ আগবাঢ়ি গ’ল, নচিকেতা

পিতৃৰ কাষলৈ

পিতৃক কৰিলে তেওঁ পোনপটীয়া প্ৰশ্ন

‘কস্মৈ মাং দাস্যসি?’

অৰ্থাৎ, ‘মোক কাক দান কৰিবা?’

(ৱাজশ্ৰৱস নিৰুত্তৰ)

পুনৰ প্ৰশ্ন : মোক কাক দান কৰিবা?

(ৱাজশ্ৰৱস নিৰুত্তৰ)

এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ

নচিকেতাই প্ৰশ্ন কৰাত

হঠাত্ ৱাজশ্ৰৱসৰ মুখেৰে নিৰ্গত হ’ল

খঙৰ ভমকত:

‘মই তোমাক মৃত্যুক দান দিম’!

[‘সি হোবাচ পিতৰাং তত, কস্মৈ মাং দাস্যতীতি

দ্বিতীয়ং তৃতীয়ং তং হোবাচ মৃত্যুবে ত্বা দননীতি’।

(কঠ, ১.১.৪]

পটভূমি : নচিকেতাৰ মৃত্যুলোকলৈ যাত্ৰা

নচিকেতা আছিল কিশোৰ অযৌৱনপ্ৰাপ্ত

তেওঁ ভাবিছিল

বৃদ্ধা শীৰ্ণ গাইগৰু দানেৰে

পিতৃৰ নৰকবাস হোৱাতকৈ

সন্তানদানেই শ্ৰেয়।

ৱাজশ্ৰৱস অনুতপ্ত

আঃ কি ভয়ংকৰ বাক্যপ্ৰয়োগ

ওভোতাই ল’ব বিচাৰিলে তেওঁ

নিজবাক্য

নিজমুখ বাক্য

নচিকেতা পিচে অলৰ অচৰ।

পিতৃক বুজনি দি সত্যৰক্ষাৰ্থে

মৃত্যুলোকলৈ যাত্ৰা কৰিলে তেওঁ

নচিকেতাই

ৱাজশ্ৰৱসৰ দক্ষিণা হিচাপে

মৃত্যুলোকত উপস্থিত হ’ল নচিকেতা

হয়, মৃত্যুলোকত!

 

সেই সময়ত মৃত্যু নাছিল নিজ কাৰেঙত

মৃত্যু আছিল প্ৰৱাসত

মৃত্যুৰ অপেক্ষাত নচিকেতা ৰৈ থাকিল

তিনিদিন!

মৃত্যুৰ অপেক্ষাত

অন্ন জল নকৰি গ্ৰহণ

কাৰেঙৰ বাহিৰত থাকিল ৰৈ

যমদুৱাৰত।

 

তিনিদিন অনাহাৰে ৰৈ থাকিল নচিকেতা

ব্ৰাহ্মণ তনয়

নকৰিলে মৃত্যুৰ কাৰেঙৰ আতিথ্য গ্ৰহণ।

 

অৱেশষত মৃত্যু আহিল নিজ গৃহলৈ

সকলো শুনি মৃত্যু, স্বয়ং মৃত্যুও হ’ল বিহ্বল

হতবাক

তেজোদ্দীপ্ত নমস্য ব্ৰাহ্মণ সন্তান

অনাহাৰে আছে ৰৈ যমদুৱাৰত

আঃ কি ভয়ংকৰ!

মৃত্যু, স্বয়ং মৃত্যুও হৈ পৰিল

কিংকৰ্তব্যবিমূঢ়!

মৃত্যুক সুধিলে নচিকেতাই 'মৃত্যু' কি?

মৃত্যু : হে ব্ৰাহ্মণ তনয়, নাম কি তোমাৰ?

নচিকেতা : হে মৃত্যু, হে যমৰাজ, মই নচিকেতা

ৱাজশ্ৰৱসৰ পুত্ৰ মই

তেওঁৰেই ‘দক্ষিণা’।

মৃত্যু : হে নচিকেতা,

 তিনিদিন অনাহাৰে তুমি আছা ৰৈ

মোৰ গৃহৰ বাহিৰত

দুঃখিত মই

লজ্জিত মই

তুমি নকৰিলা আতিথ্য গ্ৰহণ!

গতিকে হে ব্ৰাহ্মণপুত্ৰ

তিনিটা দিনৰ বাবে মই এতিয়া

তোমাক দিম তিনিটা বৰ

(তস্মাত্ প্ৰতি ত্ৰীণ ৱৰূণ বৃণীস্ব)

কোৱা, লোৱা, আৰু যোৱা

উভতি পুনৰ পিতৃগৃহলৈ

কি কি বৰ লাগিব তোমাক?

নচিকেতা : হে মৃত্যু, দিব যদি খুজিছাই দিয়া

প্ৰথমটো বৰ…

মৃত্যুলোকৰ পৰা যেতিয়া উভতিম

স্বগৃহলৈ

পিতৃ মোৰ যেন নাথাকে ক্ষুব্ধ হৈ

ভালদৰে যেন মোক কৰে সম্ভাষণ

সদয় প্ৰসন্ন হৈ।

মৃত্যু : তথাস্তু।

ৱাজশ্ৰৱসে তোমাক কৰিব স্নেহপূৰ্ণ ব্যৱহাৰ

থাকিব জীয়াই তেওঁ সুখেৰে দীৰ্ঘকাল।

নচিকেতা : হে মৃত্যু

স্বৰ্গলোকত নাই কোনো ভয় নাই

মৃত্যু নাই জৰা নাই ব্যাধি নাই

নাই শোক দুঃখ বেদনা জঞ্জাল…

শোকৰ সাগৰ পাৰ হৈ জীৱই

ক্ষুধা তৃষ্ণা কৰি অতিক্ৰম

কিদৰে লভিব পাৰে অক্ষয় স্বৰ্গবাস

হে মৃত্যু, মোক বিৱৰি কোৱা

সেয়াই হ’ব মোৰ দ্বিতীয়টো বৰ।

মৃত্যু : হে নচিকেতা!

কাণ পাতি শুনা, শুনা মই

কও শুনা

অগ্নিক বুজিবলৈ সক্ষম হ’লে

অক্ষয় স্বৰ্গবাস হয়

স্বৰ্গলোকত প্ৰতিষ্ঠা হয়।

মৰ্ত্যলোকত নানান দুঃখ

কষ্ট অভিযোগ অত্যাচাৰ অবিচাৰ

সেইবোৰ ভুগি থাকে জীৱই চিৰন্তন

জীৱৰ মৃত্যু হয়

মৃত্যুৰ অন্তত

জীৱৰ পুনৰ জন্ম হয়

পুনৰ জন্মৰ অৰ্থ পুনৰ দুঃখভোগ

পুনৰ কষ্ট অভিযোগ অত্যাচাৰ অবিচাৰ

একমাত্ৰ প্ৰতিকাৰ অক্ষয় স্বৰ্গবাস…

[এইদৰে আৰম্ভ কৰি মৃত্যুৱে বিৱৰি গ’ল

সৃষ্টিৰ আদিম অগ্নিৰ কথা, কৈ গ’ল

কিদৰে কৰিব লাগে অগ্নিচয়ন …]

.…হ’ল নচিকেতা, দ্বিতীয়টো বৰদান হ’ল।

দ্বিতীয়টো বৰেৰে তুমি বিচাৰিছিলা যি

অগ্নিবিদ্যা সি

স্বৰ্গসাধনৰ উপায়।

এতিয়া বিচৰা তুমি তৃতীয়টো বৰ।

[তৃতীয়ং বৰং নচিকেতঃ বৃণীস্ব]

নচিকেতা : হে মৃত্যু

এক চিৰকলীয়া সন্দেহৰ বিষয় তুমি

মৃত্যু

হে মৃত্যু

তৃতীয়টো বৰেৰে মই জানিব বিচাৰো

মৃত্যু কি?

মৃত্যুৰ পাছত কি?

মৃত্যু : হে নচিকেতা

এই আত্মতত্ত্ব অতীব গহণ

তুমি লোৱা অইন বৰ

পাব পাৰি যাৰ হাতে হাতে ফল

নচিকেতা : হে মৃত্যুৰ অধিপতি

মৃত্যু

স্বয়ং মৃত্যু হৈও আপুনি কৈছে

এনে তত্ত্ব দুৰ্বিজ্ঞেয়!

ক’তেই বা পাম মই

আপোনাৰ দৰে বক্তা?

আৰু বেলেগ বৰ!

ক’ত আছে অইন সমতুল্য বৰ?

মৃত্যু : শতায়ু সহকাৰে পো-নাতি

প্ৰাৰ্থনা কৰা নচিকেতা

প্ৰাৰ্থনা কৰা অলেখ

গৰু ম’হ হাতী ঘোঁৰা সোণ

বিস্তৃত ভূমি

তোমাৰ ইচ্ছামৃত্যু

প্ৰাৰ্থনা কৰা সুন্দৰী ৰমণী

সৰগৰ অপ্সৰা

বাদ্য-যন্ত্ৰ ৰথ সোণৰ পিয়লা

তোমাৰ সকলো প্ৰাৰ্থনা মই

কৰিম পূৰণ।

কেৱল মৃত্যু কি মোক দুনাই নুসুধিবা!

নচিকেতা : হে মৃত্যু

‘মৃত্যুজ্ঞান’ৰ সলনি যিবোৰ

বিচাৰিছা দিবলৈ

সেইবোৰ ক্ষণস্থায়ী

আজি আছে কালি নাই

তেনেবোৰ ভোগে ক্ষয় কৰে ইন্দ্ৰিয়ৰ তেজ

শতায়ুও জানো হ’ব পাৰে চিৰস্থায়ী!

তোমাৰ ধন সোণ হাতী ঘোঁৰা ৰথ

তুমি দিব খোজা ভূমি

তোমাৰ ভৰালতেই থাকক

অইন বৰো নালাগে মোক

মই মাথোঁ জানিব বিচাৰিছো মৃত্যু

মৃত্যু কি

মৃত্যুৰ পিছত কি!

মৃত্যু : আঃ, নচিকেতা

তুমি সুখ-ভোগৰ দ্বাৰা নহ’লা প্ৰলুব্ধ

নহ’লা চ্যুত তুমি হৈ লালায়িত…

শ্ৰেয় আৰু প্ৰেয়ৰ মাজৰ পৰা

কাক বৰণ কৰিব লাগে

জানিছা তুমি

নচিকেতা…

অবিদ্যাৰ মাজত বিচৰণ কৰা

নিজকে শাস্ত্ৰজ্ঞ বুলি ভবা

পণ্ডিত বুলি ভবা

গপতে গঙাটোপ তেওঁলোক মূৰ্খ-অবিবেকী

ভোগাসক্ত তেওঁলোক

বাৰম্বাৰ বশীভূত হয় মৃত্যুৰ কাষত

নচিকেতা

নচিকেতা

বুদ্ধি-তৰ্কৰে মৃত্যুক বুজিব নোৱাৰি

বুজিব নোৱাৰি আত্মাক

ব্ৰহ্মক

হে নচিকেতা

তুমি কাম্য বিষয় পৰিত্যাগ কৰি হ’লা

জ্ঞানৰ অধিকাৰী

তুমি সত্যধৃতি

এনে জ্ঞানেৰে সূক্ষ্ম আত্মাক বুজিব পাৰি

নচিকেতা

শাস্ত্ৰজ্ঞানেৰে হয় মাথোঁ পৰোক্ষ জ্ঞান

হীনবুদ্ধিৰেও জানিব নোৱাৰি

মৃত্যু কি

আত্মা কি!

  মৃত্যু অতৰ্ক্য

নচিকেতা

আত্মাও অতৰ্ক্য

জল্প বিতন্ডাৰেও চাপিব নোৱাৰি কাষ

ব্ৰহ্মতত্ত্বৰ

কঠোৰ সাধনৰ দুঃখ সহিলে হে আত্মাক

বুজিব পাৰি

নচিকেতা

আত্মা অমৰ অবিনাশী।

হে নচিকেতা

সমস্ত বেদে যি লক্ষ্য নিৰ্দেশ কৰে

সমস্ত তপস্যাই যাৰ কথা কয়

যাক কামনা কৰি মানুহে কৰে

ব্ৰহ্মচৰ্য পালন

সেয়া হ’ল

‘ওম ইতি এতত্’

অৰ্থাৎ, সেয়া হ’ল ‘ওঁ’

এই ওঙ্কাৰেই অপৰ ব্ৰহ্ম

এই ওঙ্কাৰেই পৰ ব্ৰহ্ম …

এই ওঙ্কাৰকেই ব্ৰহ্মৰূপে হ’লে জ্ঞাত

যি বিচৰা  তাকেই পাবা  নচিকেতা।

পৰব্ৰহ্ম জ্ঞাতৰ ব্ৰহ্মস্বৰূপে হয় অৱস্থান

অপৰব্ৰহ্মৰে হয় প্ৰাপ্তি হিৰণ্যগৰ্ভলোক

মৃত্যুৰ পাছত যাত্ৰা কৰে সুক্ষ্ম শৰীৰে

ব্ৰহ্মলোকলৈ, নচিকেতা

পৰব্ৰহ্ম জ্ঞাতব্য আৰু অপৰব্ৰহ্ম প্ৰাপ্তব্য !

নচিকেতা

ওঙ্কাৰ- উপাসনাৰ  তাৰতম্যৰে

যি কোনো এটা গতি হয়

সেয়েহে শ্ৰেষ্ঠ ওঙ্কাৰ-উপাসনা

উপাসকৰ ঘটে ব্ৰহ্মত্বপ্ৰাপ্তি, লাভ কৰে

ব্ৰহ্মমহিমা।

শুনা, কাণ পাতি শুনা নচিকেতা

‘ন জায়তে ম্ৰিয়তে বা ৱিপশ্চি-

                 ন্নায়ং কুতশ্চিন্ন বভুৱ কশ্চিৎ

অজো নিত্য: শ্বাশ্বতোহয়ং পুৰাণো

                  ন হন্যতে হন্যমানে শৰীৰে’!

অৰ্থাৎ, হে নচিকেতা

জ্ঞানময় আত্মা নোপজেও নমৰেও

কোনো অইনৰ পৰা হোৱা নাই এই আত্মা

আত্মাৰ পৰাও হোৱা নাই অইন কিবা

নচিকেতা

আত্মাৰ জন্ম নাই

আত্মাৰ মৰণো নাই

শৰীৰক মাৰিলেও আত্মা নমৰে

নচিকেতা

অণুতকৈও অণীয়ান সুক্ষ্মতৰ এই আত্মা

মহততকৈও মহীয়ান আত্মা

তাৰ নাই জোখ নাই কোনো বিনাশ

নচিকেতা

দেহৰ মৃত্যু হয়, দেহ পচে, দেহ ভস্ম হয়

আত্মা নমৰে

মৃত্যু পৰাভূত আত্মাৰ লগত…..

মৃত্যুক সুধিলে নচিকেতাই 'মৃত্যু' কি?

[এইদৰেই মৃত্যুৱে

এইদৰেই স্বয়ং যমৰাজে

নিজমুখে খুলিলে মৃত্যুৰ

সমস্ত আৱৰণ

অৱশিষ্ট ৰ’ল পৰম জ্ঞান

মৃত্যুৰ বাবে যি অগম্য

আৰু যি জ্ঞাত, যি পৰম জ্ঞানী

সি মৃত্যুঞ্জয়ী।

‘মৃত্যু’ কি, আত্মা কি, ব্ৰহ্ম কি…

মৃত্যুৱে কৈ গ’ল অনৰ্গল

নচিকেতা হৈ

পৰিল ‘মৃত্যুঞ্জয়ী’

হৈ পৰিল অবিনাশী]

| ওঁ  |

মৃত্যুক সুধিলে নচিকেতাই 'মৃত্যু' কি?

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies
Spirituality

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies

by ROHIL OBEROI
July 29, 2026
0

Guru Nanak and Srimanta Sankardev: A Comparison of the Philosophies Dr. Rohil Oberoi The 15th and 16th centuries marked an...

Read moreDetails
Of Gurus, the True and the False

Of Gurus, the True and the False

July 29, 2026
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
Secularism : meaning and implication in the Indian context

Secularism : meaning and implication in the Indian context

May 7, 2026
photography of book page

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

April 19, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d