• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মৃত্যু

-অনুবাদঃ অঞ্জন শৰ্মা

by Anjan Sarma
June 23, 2021
in Special Report
Reading Time: 2 mins read
0
frowning man reading book late at night

Photo by Dziana Hasanbekava on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

(অজ্ঞতাৰ টোকাবহী)

-অনুবাদঃ অঞ্জন শৰ্মা |

RelatedPosts

How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026

অৱধূত শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজ•••

  [ সদগুৰু শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজৰ পৰা প্ৰত্যক্ষভাৱে শুনি তেওঁৰ শিষ্য উমাচৰণ মুখোপাধ্যায়ে লিপিবদ্ধ কৰা ‘তত্ত্ববোধ’ৰ এক অসামান্য অধ্যায় ‘মৃত্যু’ৰ কিঞ্চিৎ জিলিকণি]

                                                            মৃত্যু

        কালৰ ভয়ত সকলোৱেই ভীত হৈ থাকে আৰু মৃত্যুৰ ভয়ত ত্ৰাসিত হৈ থাকে। যিজন ভীত, সেইজনেই মৃত। ব্যাধি যাৰ, জৰা তাৰ; জৰা যাৰ, মৃত্যু তাৰ। ব্যাধি, জৰা আৰু মৃত্যু, সকলোবোৰ শৰীৰ হ্ৰাস হোৱাৰ সময়ত আৱিৰ্ভাৱ হয়। এই যে মৃত্যু শব্দটো, ই বিশ্বক সন্ত্ৰাসিত কৰা এক শব্দ। প্ৰাণী মাত্ৰেই যাৰ নামত কম্পিত, স্বয়ং মৃত্যুপতি আতংকিত, যাক স্মৰণ কৰি দেব, দানব, মানব, পশু, পক্ষী , কীট, তৰু, লতা ভীতিবিহ্বল; পৃথিৱী নিজে, স্বয়ং সৌৰছগত পৰ্যন্ত মহাভীত। জন্ম আৰু মৃত্যু পৰস্পৰ আপেক্ষিক, জন্ম হ’লে মৰিব লাগিবই।

            দেহৰ সৈতে মৃত্যুৱে জন্মগ্ৰহণ কৰে; আজি হওক বা কালিয়েই হওক, বা শতাব্দীৰ পিছতেই হওক, এদিন নহয় এদিন মৃত্যুৰ কৱলত পৰিব লাগিবই। জন্ম আৰু মৃত্যু হ’ল একে বস্তুৰ দুখন পিঠি, সেইকাৰণে জগৎ মৃত্যুৰ অধীন। মৰণ নিশ্চয়, নকৰিবা সংশয়। জগতৰ সমস্ত অনিশ্চয়তাৰ মাজত মৃত্যু এক ধ্ৰুৱ নিশ্চিত আৰু মহাসত্য। আমি এই জগতখনলৈ আহিছো যেতিয়া, এদিন ত্যাগ কৰিব লাগিবই। আমি নাজানো কেনে বয়সত কোন সময়ত আৰু কি মুহুৰ্তত মৃত্যু হ’ব। কিন্তু এয়া নিঃসন্দেহে ঠিক যে এদিন নহয় এদিন মৃত্যু আহিবই। মানুহ মাত্ৰেই জানে যে এদিন মৰিব লাগিব, সৰ্বদাই মনলৈ নাহিলেও এদিন যে মৃত্যুৰ কঠোৰ কৰাল কৱলত অৱশভাৱে কৱলিত হ’ব লাগিব তথা নিতান্ত অনিচ্ছাৰে প্ৰিয়তম ধন-জন ইত্যাদিৰ মমতাৰ আলিঙ্গন ছেদন কৰিব লাগিব, সেয়া নিশ্চিত; সেইবাবে মৃত্যুৰ নামত ইমান আতংক, স্মৰণত ৰোমাঞ্চ, চিন্তা কৰিলে হৃদকম্পন!যিসকলক মই ইমান ভাল পাওঁ, যিসকলৰ সঙ্গ ত্যাগ কৰিব লাগিব বুলি ভাবিলে প্ৰাণ আকুল হয়, হৃদয় শোকাভিভূত হয়, মই এই সকলোবোৰ ত্যাগ কৰিব লাগিব বুলি চিন্তা কৰিলে প্ৰাণ বিহ্বল হয়, মৃত্যুৰ পিছত তেওঁলোকেই বা যাব ক’লৈ, ময়েই বা থাকিম ক’ত? এই হেন সোণৰ সংসাৰ, স্ত্ৰী, পুত্ৰ, ভোগ, ঐশ্বৰ্য ত্যাগ কৰি ক’লৈ বা গুচি যাব লাগিব একোকেই নাজানো। সুখতেই থাকো বা দুঃখতেই থাকো, এই জগতৰ সৈতে একপ্ৰকাৰ আপোচ-নিষ্পত্তি কৰি গুচি যাব লাগিব। ইয়াত যিসকল আত্মীয়- স্বজনৰ সৈতে প্ৰেমশৃঙ্খলেৰে আৱদ্ধ হৈ সুখেৰে দিন অতিবাহিত কৰি আছো, মৃত্যুৰ পিছত, তেওঁলোকৰ সৈতে এনেদৰে মিলি-জুলি থাকিব পাৰিম নে তেওঁলোকেই বা মোৰ সৈতে মিলি-জুলি থাকিব পাৰিব? মৃত্যুৰ পিছত তেওঁলোকৰ সৈতে পুনৰ দেখা হ’ব নেকি? এনেবোৰ চিন্তাই মানুহক মৰণৰ নামত ব্যাকুল কৰি পেলায়। বাস্তৱিকতে পাৰলৌকিক ৰহস্য, জীৱন- যৱনিকাৰ চিৰ অন্তৰালত থাকে আৰু থাকিব।

             কোন পদাৰ্থৰ নাম মৃত্যু? মমতা বা ভয়েই মৃত্যু; ইয়াৰ বাহিৰে দ্বিতীয় কোনোপ্ৰকাৰৰ মৃত্যু জগতত নাই। মমতা আৰু ভয় অজ্ঞানপ্ৰসূত। যিজনৰ অহংজ্ঞান জন্মিছে, তেওঁৰেই মমতা জন্মিছে। অহংজ্ঞানেই মমতা। যিজনৰ শৰীৰৰ ওপৰত আৰু আত্মীয়-স্বজনৰ ওপৰত মমতা জন্মিছে, তাৰ পূৰ্বে দুঃখো জন্মিছে, দুঃখ হ’ব বুলি ভয়ো জন্মিছে, গতিকে মমতা বা ভয়েই মৃত্যু। মৃত্যু কেৱল এক পৰিৱৰ্তন মাথোঁ। কিহৰ পৰিৱৰ্তন? শক্তিৰ কালিক পৰিৱৰ্তন। বাল্যশক্তি যি কালত বৰ্দ্ধিত হয়, সেয়া যৌৱনকাল; যৌৱনশক্তি যি কালত হ্ৰাস প্ৰাপ্ত হয়, সেয়া জৰা; তাৰপিছত মৃত্যুকাল। মৃত্যুৰ অইন এক নাম কাল। বাল্যৰ পৰিৱৰ্তন যৌৱন, যৌৱনৰ পৰিৱৰ্তন বাৰ্দ্ধক্য, বাৰ্দ্ধক্যৰ পৰিৱৰ্তন জৰা, জৰাৰ পৰিৱৰ্তন মৃত্যু। সব্ৰহ্মা সৌৰজগত মুহুৰ্মুহুঃ পৰিৱৰ্তন হৈছে আৰু ই মৃত্যুৰেই ৰূপান্তৰ মাথোঁ।

               স্থুল শৰীৰৰ ভোগশক্তি আৰু কাৰ্যশক্তি ধ্বংস হ’লে যি কালশক্তি আহি পুনঃ নৱ-শক্তিৰে শক্তিমান কৰে, সেয়েই মৃত্যু। সৰ্প দংশনৰে হওঁক, বজ্ৰপাত হৈয়েই হওঁক, ব্যাধিৰ দ্বাৰাই হওঁক, যি কোনো ধৰণৰ মৃত্যুৰ কাৰণ হ’ল স্থূল শৰীৰৰ দ্বাৰা ভোগ আৰু কাৰ্য কৰাৰ অক্ষমতা। মৃত্যু হয় কিয়? স্থূল শৰীৰে যেতিয়া ভোগ আৰু কাৰ্য‌‌‌ কৰিবলৈ অক্ষম হয়, তেতিয়া লিঙ্গ শৰীৰ বা সুক্ষ্ম শৰীৰে স্থূল শৰীৰ ত্যাগ কৰি অভিনৱ নতুন শৰীৰ ধাৰণ কৰে। জন্ম আৰু মৃত্যু দুয়ো হয় আত্মাৰ উন্নতিৰ বাবে। আত্মাত জ্ঞানোৎপাদনৰ বাবেই শৰীৰ। এই শৰীৰে যেতিয়া জ্ঞানোৎপাদন কৰিবলৈ অসমৰ্থ হয়, তেতিয়া আত্মাই জ্ঞানোৎপাদনৰ বাবে নতুন শৰীৰ সৃষ্টি হয়, এয়েই জীৱন-মৃত্যুৰ ৰহস্য। মৃত্যু এক মহা উপকাৰী বন্ধু, পৰম দয়াবান আৰু মহাদাতা। মৃত্যুই আত্মাৰ জ্ঞানোৎপাদনৰ বাবে স্থূল শৰীৰৰ পৰা সুক্ষ্ম শৰীৰক পৃথক কৰে, সেইবাবেই মৃত্যু উপকাৰী মিত্ৰ। বাৰ্দ্ধক্যত জীৱই অতি কষ্ট পায় আৰু সেই কষ্টক মৃত্যুই দূৰ কৰে, সেয়ে মৃত্যু বৰ দয়ালু। মৃত্যুই প্ৰাণী মাত্ৰেই পুৰণি শৰীৰ গ্ৰহণ কৰি নতুন শৰীৰ দান কৰি থাকে, সেয়ে মৃত্যু মহাদাতা।

            জীৰ্ণ বস্ত্ৰ ত্যাগ কৰি নতুন বস্ত্ৰ পিন্ধি মানুহে আনন্দ লাভ কৰে। কিন্তু মৃত্যুৰ সময়ত পুৰণি শৰীৰ ত্যাগ কৰি নতুন শৰীৰ ধাৰণ কৰিবলৈ আনন্দ অনুভৱ নকৰে কিয়? মনেৰে ভালদৰে ভাবাচোন, তুমি বৃদ্ধ হৈছা, তোমাৰ শৰীৰ অপটু হৈছে, অপটু শৰীৰ লৈ কেৱল যন্ত্ৰণাকেই ভুগি আছা, তেনে সময়ত যদি কোনোবাই আহি তোমাক কয় যে তোমাৰ শৰীৰটো মই নতুন কৰি দিম, তেতিয়া তুমি জানো আনন্দিত নহ’বা? অৱশ্যেই হ’বা; কাৰণ তুমি নতুন শৰীৰ লাভ কৰাব পাৰিলে নিত্য নতুন ভোগ কৰিব পাৰিবা। মৃত্যুইও তোমাক নতুন শৰীৰ দিব, তেনেস্থলত মৰণৰ নামত তোমাৰ ইমান ভয় কিহৰ? ইয়াৰ কাৰণ এয়ে যে শৰীৰটোৰ প্ৰতি, আত্মীয়- স্বজনৰ প্ৰতি তোমাৰ ইমান মমতা জন্মিছে যে সেইবোৰ ত্যাগ কৰিব লাগিব বুলি  তোমাৰ দুঃখ জন্মিছে, দুঃখ পাবা বুলি ভয়ো জন্মিছে। বস্ত্ৰৰ ওপৰত তোমাৰ মমতা জন্মা নাই, সেইকাৰণে বস্ত্ৰ ত্যাগ কৰিব লাগিব বুলি দুঃখ জন্মা নাই, দুঃখ জন্মা নাই বাবে ভয়ো উৎপন্ন হোৱা নাই, বৰং আনন্দ জন্মিছে। গতিকে বিবেকৰ বলেৰে বলীয়ান হৈ দেহৰ প্ৰতি থকা মমতা যদি পৰিত্যাগ কৰিব পাৰা, তেতিয়া শৰীৰ ত্যাগ কৰিলে দুঃখৰ কাৰণো নাথাকে আৰু দুঃখৰ অভাৱত ভয়ো উৎপন্ন নহয়, বৰং অকৰ্মণ্য পুৰণি শৰীৰ ত্যাগ কৰিম বুলি আনন্দহে জন্মিব; গতিকে ভয়েই মৃত্যু, মৃত্যুই ভয়। অইন কোনো প্ৰকাৰৰ মৃত্যু জগতত নাই।

কাল জগৎ – নাশক। বিশ্বখনো মহা প্ৰলয়ৰ ফলত কালৰেই কুক্ষিগত হ’ব, ব্যক্ত জগৎ অব্যক্তত লীন হ’ব, ইয়াৰ একোৱেই অৱশিষ্ট নাথাকিব। বিশ্বৰ বাল্যৱস্থা অতীতত লীন হৈছে, যৌৱনত পদাৰ্পণ কৰিছে, যৌৱনান্তত বাৰ্দ্ধক্যত কালৰ কুক্ষিগত হ’ব। জাগতিক শক্তি যেতিয়া হ্ৰাস প্ৰাপ্ত হ’ব, তেতিয়াই মহাপ্ৰলয় উপস্থিত হ’ব।

জগৎ শব্দৰ অৰ্থ – যি গতিশীল, অনন্ত কাল অভিমুখে যাৰ গতি অথবা যি গত হৈছে, হৈ আছে,‌ আৰুহ’ব, অৰ্থাৎ যি নাথাকিব, সেয়াই জগৎ। মৰণেই নিয়তি, নিয়তিয়েই প্ৰকৃতিৰ গতি, এই গতিৰে জগৎ চক্ৰ কালৰ পথত অগ্ৰসৰ হৈ আছে। অনিত্য সৰ্বভূত নিত্যকালৰ ক্ৰীড়াৰ সামগ্ৰী মাত্ৰ। যাদুকৰে যিদৰে বিভিন্ন খেলা বস্তুৰে যাদু দেখুৱাই পুনৰ সেই বস্তুবোৰ নিজৰ জোলোঙাত সুমুৱাই থয়; বিশ্ব- যাদুকৰ কালেও নিতৌ বিচিত্ৰ ভৌতিক যাদু দেখুৱাই আছে আৰু একো একোটা খেলা বস্তু অতীতৰ জোলোঙাত সুমুৱাই আছে। কালত সকলো লয়প্ৰাপ্ত হ’ব, সেইকাৰণে মৰণৰ অইন এক নাম হ’ল কাল। কালপ্ৰাপ্তি জগৎ খনৰেই এক ঘটনা, ইয়ে একমাত্ৰ বাৰ্তা।

কালে সকলো গ্ৰাস কৰিব, একোৱেই নাথাকিব, এয়েই জগতৰ একমাত্ৰ সংবাদ, ইয়েই একমাত্ৰ জ্ঞাতব্য, জগতৰ অনিত্যতাই মূল বিষয়। এই সৰ্বাপেক্ষা আশ্বৰ্যজনক ঘটনাটো মায়াজাত মহামোহৰ মোহিনী শক্তিৰ ফল। জগতত যিয়েই যিমান বিদ্যা, বুদ্ধি, ধন, মান, ৰূপ, গুণ, যশ, সৌৰভ, পদ, গৌৰৱাদিৰে বিভূষিত নহওক কিয়, মৰণ হৰণৰ উপায় বাহিৰ কৰিব নোৱাৰিলে সকলোবোৰ বৃথা, সকলোবোৰ বিড়ম্বনা। এই ‘সংসাৰখানা’ আৰু ‘কচাইখানা’ – দুয়ো সমান, কোনো প্ৰভেদ নাই। এবাৰ মনোযোগেৰে বিবেচনা কৰি চোৱা; আমি নিতান্ত দীন হীন ছাগলী-ভেৰাৰ দৰে কৰ্মৰ ৰছীৰে বান্ধ খাই মহাকালৰ কচাইখানাত অৱনত হৈ আছো। সময়কালত অলপ ছটফটোৱাৰ বাহিৰে অইন কোনো ক্ষমতাই নাই, কোনো শক্তিয়েই নাই; কি ভয়ানক শোচনীয় অৱস্থা!

এই সংসাৰত বুদ্ধিমত্তাৰ বিশেষ খ্যাতি আছে হয়, কিন্তু কালৰ কাল আহিলে সকলোৰে বুদ্ধি অন্তৰ্দ্ধান হৈ যায়, তেতিয়া আৰু কাৰো বুদ্ধি বাহিৰ নহয়! যিজনৰ বুদ্ধি কালক প্ৰতিহত কৰিবলৈ সমৰ্থ, তেওঁহে যথাৰ্থতে বুদ্ধিমান, অন্যথাই নেগুৰ জোকাৰি থকাই সাৰ! মহাপ্ৰলয়ত দেহলয় অৱশ্যম্ভাৱী, কালৰ সময়ত কালৰ অধিকাৰ নিশ্চয় থাকিব। দৈৱনিৰপেক্ষ পুৰুষোদ্যমৰ প্ৰয়োগৰ দ্বাৰা যিমান ইচ্ছা সিমান কাল জীয়াই থাকিব পাৰা, অসাধাৰণ শক্তিৰ বলেৰে আসন্ন মৃত্যুৰ আক্ৰমণ অতিক্ৰম কৰিলেও এদিন দেহৰ ওপৰত কালৰ অধিকাৰ আহিবই আহিব।

কি ঊৰ্দ্ধলোকৰ জীৱ, কি অধোলোকৰ জীৱ, জৰা মৰণাদিজনিত দুঃখ, ক্লেশ সকলোৰেই সমান। অশ্বত্থামা আদি সাতজন চিৰজীৱি, দেৱতাসকল অমৃত পান কৰি অমৰ, একো-একোটা মন্বন্তৰ অনুসৰি একো একোজন ইন্দ্ৰৰ পতনত লোমশমুনিৰ একো একোছা লোম (নোম) খহি পৰে, সমস্ত লোম খহিলে লোমশ মুনিৰো মৃত্যু। চিৰজীৱিত্ব, অমৰত্ব, বিৰাট কালৰ এক ক্ষুদ্ৰ অংশত হে ব্যপ্ত‌ মাথোঁ। মৃত্যুৰ শক্তি সৰ্বনাশী, কালৰ কৰাল কবল বিশ্বগ্ৰাসী, সেইসম্পৰ্কে কোনো সন্দেহ নাই। প্ৰলয়ৰ অন্তত ব্ৰহ্মা জাগ্ৰত হৈ যেতিয়া একোৱেই দেখা পোৱা নাছিল, চাৰিওফালে মাথোঁ হু হু মহাশূণ্য, তেতিয়া ব্ৰহ্মাও ভীত হৈ পৰিল; যিহেতু ভীত, সেইহেতু মৃত। সেই তেতিয়াৰ পৰাই মানুহে অকলশৰীয়াকৈ থাকিবলৈ ভয় পায়

ভয় কাৰ? মমতা যাৰ। মমতা কাৰ? মোহ যাৰ। মোহ কাৰ? জ্ঞান অপূৰ্ণ যাৰ। জ্ঞান অপূৰ্ণ কাৰ? বীৰ্যচ্যুত যাৰ। জীৱ মাত্ৰেই বিকাৰী, সেই বাবে পৰিৱৰ্তনশীল, গতিকে জৰা, ব্যাধি, মৃত্যুগ্ৰস্ত। যাৰ জৰা, ব্যধি, মৃত্যু আছে, তেওঁৰ শক্তিহ্ৰাস অনুমেয়; যাৰ শক্তিহ্ৰাস আছে, তেওঁৰ জৰা, ব্যাধি, মৃত্যু অনুমেয়।

পূৰ্ণজ্ঞানত অজ্ঞানতা ক’ত? পূৰ্ণশক্তিত ভয় ক’ত? অভয় হ’ল অমৃত। অমৃত কি? মমতাশূণ্য যি। যাৰ শৰীৰত মমতা নাই, তেওঁৰ ত্যাগ কৰাত দুঃখো নাই, সেইহেতু দুঃখ প্ৰাপ্তিৰ ভয়ো নাই, প্ৰকৃতপক্ষে তেৱেঁই হ’ল নিৰ্ভীক। যি নিৰ্ভীক, তেৱেঁই হাঁহি হাঁহি মৃত্যুক আলিঙ্গন কৰিব পাৰে। যিয়ে হাঁহি হাঁহি মৃত্যুক আলিঙ্গন কৰিব পাৰে, তেৱেঁই ‌কালক জয় কৰে। তেৱেঁই হ’ল অমৃত, ইয়াৰ বাহিৰে বিশ্বত দ্বিতীয় কালনাশক অইন একো নাই। যিজনে মৃত্যুৰ সময়ত সহাস্যবদনে আত্মীয়- স্বজনৰ পৰা বিদায় ল’ব পাৰে, তেৱেঁই মৰ্ত্ত্যত মহাপূণ্যবান বুলি মানি ল’ব লাগিব। যিজনে বহু কষ্ট ভুগি, নানা প্ৰকাৰৰ যন্ত্ৰণা ভোগ কৰি, হাত-ভৰি অৱশ, মায়াত মুগ্ধ হৈ কান্দি কান্দি মৃত্যুৰ ভয়ত ব্যাকুল হৈ পৰে, তেওঁৰ মৃত্যু অপমৃত্যুৰ সমান; তেওঁৰ দৰে দুৰ্ভাগ্য আৰু শোচনীয় অৱস্থা অইন কাৰোৱেই নাই; তেওঁৰ জীৱন মহাপাপৰ জীৱন বুলি ধৰি ল’ব লাগিব। মানুহে যদি সংসাৰলৈ আহি হাঁহি হাঁহি মৃত্যুক বৰণ কৰিবই নোৱাৰিলে, তেনেহ’লে মনুষ্যজীৱন ধাৰণ কৰিলে কিয়? মৰণৰ সময়ত পশুবোৰে অতিশয় যন্ত্ৰণা ভোগ কৰি কান্দি কান্দি মৰিবলৈ ধৰে, গতিকে মানুহ আৰু পশুৰ মাজত প্ৰভেদ কি থাকিল? যিজনে হাঁহি হাঁহি মৃত্যুক আলিঙ্গন কৰি, কালৰ মুখত কাজল সানি মৰিব পাৰে, তেওঁ হ’ল মহাপুৰুষ, আৰু তেওঁৰ জীৱন মহাপূণ্যৰ জীৱন বুলি ধৰি ল’ব লাগিব। যাৰ মৃত্যুভয় নাই, এই সংসাৰত তেওঁৰ কোনো ভয় নাই। মৃত্যুক জয় কৰাৰ অৰ্থ হ’ল সমগ্ৰ বিশ্ব জয় কৰা!

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: তত্ত্ববোধশ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজ
Anjan Sarma

Anjan Sarma

Related Posts

How the Iran Conflict is Triggering an LPG Shortage in India?
Special Report

How the Iran Conflict is Triggering an LPG Shortage in India?

by Nilim Kashyap Barthakur
March 14, 2026
0

How the Iran Conflict is Triggering an LPG Shortage in India? Nilim Kashyap Barthakur The escalating conflict involving the United...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Will the US-Israel-Iran War and Iran’s Gulf Attacks Trigger a Major Crisis for India’s Oil, Trade, and Economy?

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d