–তনয় চক্ৰৱৰ্তী |
বাংলাদেশৰ পৰা প্ৰাপ্ত বাতৰি অনুসৰি ভোলাৰ তজমুদ্দিন উপজিলাত মেঘনা নদীত মাছমৰীয়াৰ জালত বন্দী হৈছে প্ৰায় ২ কিলোগ্ৰাম ওজনৰ মহাৰ্ঘ্য এটা প্ৰকাণ্ড ইলিছ মাছ – স্থানীয় লোকসকলে যাৰ নামাকৰণ কৰিছে ‘ৰজা ইলিছ’! মাছটো ঘাটলৈ অনাৰ লগে লগেই এবাৰ মাথো চাবলৈ হেতা-ওপৰা লাগিছিল মেঘনাৰ পাৰত, তীব্ৰ উত্তেজনা পৰিলক্ষিত হৈছিল ক্ৰেতা – বিক্ৰেতাৰ মাজত। নজৰুল আনোৱাৰ চাছাৰ চিনাকি মানুহৰ সূত্ৰৰ পৰা শুনা অনুসৰি শনিবাৰে (২ অক্টোবৰ, ২০২১) দুপৰীয়া ভোলাৰ তজুমদ্দিন ত মেঘনা নদীৰ শশীগঞ্জ স্লুইচগেট অঞ্চলত মাছমৰীয়া আলমগীৰ মাঝিৰ জালত সৰু আৰু মজলীয়া আকাৰৰ ৫ টা ইলিছৰ লগতে ধৰা পৰে এই ডাঙৰ ইলিছ মাছটো। আবেলি তজুমদ্দিন উপজিলাৰ শশীগঞ্জ গাওঁৰ মাছৰ ঘাটত মাছটো নিলাম কৰোতে মাছ ব্যৱসায়ী কুট্টি বেপাৰীয়ে সৰ্বোচ্চ দাম ৫৫০০ টকাৰে মাছটো কিনি লয়। তাৰোপৰি, ৩০০০ টকাৰে অইন মাছকেইটাও তেওঁ কিনি লয়।
মাছ ব্যৱসায়ী কুট্টি বেপাৰীয়ে কয় যে মাছ ধৰা অভিযান আৰম্ভ হোৱাৰ আগতেই এইবাৰ নদীত মোটামুটি মাছ বাৰুকৈয়ে পোৱা গৈছে। এই সপ্তাহটোত ডাঙৰ ডাঙৰ মাছ পোৱা গৈছে। কিন্তু এই চিজনত এই ঘাটত এইটোৱেই সকলোতকৈ ডাঙৰ ইলিছ। তেওঁ আৰু কয় যে বিক্ৰী কৰি অধিক লাভ পাবৰ বাবে মাছটো ঢাকা অভিমুখে পঠোৱা হৈছে। ডাঙৰ মাছ কিনিবলৈ অহা তজুমদ্দিন প্ৰেছক্লাৱৰ সভাপতি ৰফিক শ্বাদিয়ে কয় যে এইবাৰ ঘাটত ডাঙৰ ডাঙৰ ইলিছ দেখা গৈছে, কিন্তু এই ঘাটত এইটোৱেই এইবছৰৰ সকলোতকৈ ডাঙৰ ইলিছ। বিগত মাহতো সদৰ উপজিলাৰ তুলাতুলি ঘাটত ৪৩০০ টকাত এটা ইলিছ মাছ বিক্ৰী হৈছিল। আগৰ বছৰত মনপুৰা উপজিলাত এটা ৩৫০০ গ্ৰাম বা ৩.৫ কিলোগ্ৰাম ওজনৰ অতি মহাৰ্ঘ্য ৰজা ইলিছ ধৰা পৰিছিল আৰু সেই মাছটো স্থানীয় এক মাছ ব্যৱসায়ীয়ে প্ৰধানমন্ত্ৰীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছিল। তজুমদ্দিন উপজিলাৰ মৎস্য অধিকৰ্তা আমিৰ হুছেইন মিঞাই কয় যে এতিয়া ইলিছৰ চিজন আৰম্ভ হৈছে। সাগৰৰ লুণীয়া পানীৰ পৰা কণী নিৰ্গত কৰিবলৈ মিঠা পানীলৈ ডাঙৰ ডাঙৰ ইলিছ মাছে যাত্ৰা কৰিছে আৰু সেইবাবে জালত ডাঙৰ ডাঙৰ ইলিছ ধৰা পৰিছে।