• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 18, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News World

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত

অঞ্জন শৰ্মা

by Anjan Sarma
July 17, 2022
in World
Reading Time: 7 mins read
0
gray clouds

Photo by Seatizen.co on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত

অঞ্জন শৰ্মা

“It doesn’t matter what I feel

RelatedPosts

Afghan Women: Unyielding Resilience in the Face of Adversity!

Afghan Women’s Plight: A Call for Global Solidarity

June 17, 2025
Russia Targets Civilians: One of Kyiv’s Darkest Nights as Putin Pressures Trump

Russia Targets Civilians: One of Kyiv’s Darkest Nights as Putin Pressures Trump

June 17, 2025
icebergs floating in the water near a body of water

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

June 13, 2025

It doesn’t matter what I think

The Dead are still dead”

• Hanna Schmitz (The Reader, 2008)

কিছুমান অভাৱনীয় ঘটনা সাম্প্ৰতিক বিশ্বত সংঘটিত হ’বলৈ আৰম্ভ কৰিছে। যেনে- পাৰমাণৱিক অস্ত্ৰৰে মহাশক্তিমন্ত পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা শ্ৰীলংকাৰ দৰে হ’বলৈ গৈ আছে। শ্ৰীলঙ্কাত হোৱাৰ দৰেই, ছপা কৰিব পৰা কাগজৰ অভাৱত তথা ছপা কৰিব পৰা কাগজ ক্ৰয় কৰিবলৈ প্ৰয়োজনীয় ধনৰ অভাৱত পাকিস্তানত পাঠ্যপুথিৰ ছপা বন্ধ কৰি দিয়া হ’ল; অথচ আগষ্ট মাহৰ পৰাই পাকিস্তানত আৰম্ভ হয় নতুন শিক্ষাবৰ্ষ! এনে সময়তে গেলাত টেঙা দিয়াৰ দৰে পাকিস্তানৰ নতুন ৰাষ্ট্ৰপতিয়ে কৈছে, ‘ধন সঞ্চয় কৰাৰ স্বাৰ্থত পাকিস্তানৰ জনসাধাৰণে চাহ কমকৈ খাব লাগে।’

১৯৪৮ চনত স্বাধীনতা অৰ্জনৰ পাছত সাম্প্ৰতিক কালৰ দৰে দুৰৱস্থা কাহানিও হোৱা নাছিল শ্ৰীলংকাৰ। ছপা কৰা কাগজৰ অভাৱত প্ৰশ্ন কাকত আৰু প্ৰশ্নোত্তৰ লেখা বহী যোগান ধৰিবলৈ অক্ষম হৈ সৌ সিদিনা পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল ‌শ্ৰীলংকাই। এতিয়া সমগ্ৰ শ্ৰীলংকাৰ পেট্ৰ’ল পাম্পসমূহত সৈন্যবাহিনী নিয়োগ কৰিবলগীয়া হৈছে, কাৰণ জনসাধাৰণৰ বাবে তেল নাই! ইন্ধনৰ অভাৱ হেতুকে বিজুলীৰ যোগানো তথৈবচ। ২৭ জুন, ২০২২ তাৰিখে শ্ৰীলংকাৰ দুজন মন্ত্ৰী ৰাছিয়া অভিমুখে ৰাওনা হৈছে, ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰাৰ পটভূমিত ৰাছিয়াৰ তেল ‘সস্তা’ হোৱা হেতুকে কিবাকৈ বাকী কৰি শ্ৰীলংকাৰ বাবে তেল আনিব পাৰি নেকি চেষ্টা কৰিবলৈ।

শ্ৰীলংকা উপায়হীন, ২০২২ চনৰ ভিতৰত পৰিশোধ কৰিব লাগিব ৭ বিলিয়ন ডলাৰ বৈদেশিক ঋণ (৭০০ কোটি আমেৰিকান ডলাৰ)! কৰ’নাকালীন পৰিস্থিতিয়ে শ্ৰীলংকাৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰা পৰ্যটন শিল্প ধ্বংস কৰি পেলালে, বৈদেশিক মুদ্ৰা অৰ্জন কৰা চাহৰো ৰপ্তানি নহ’ল কৰ’না মহামাৰীৰ বাবে। তাৰোপৰি হঠাৎ তোগলকী নীতিৰে দেশখনত ‘জৈৱিক’ খেতিৰ সিদ্ধান্ত লোৱাত চাউলৰ উৎপাদন ২০% হ্ৰাস পোৱাৰ লগে লগে এসময়ত চাউলৰ ক্ষেত্ৰত স্ব- নিৰ্ভৰশীল শ্ৰীলংকাই বৈদেশিক মুদ্ৰা খৰছ কৰি (৪৫০ নিযুত ডলাৰ) চাউল আমদানি কৰিব লগীয়া হ’ল।

উল্লেখযোগ্য যে এতিয়া শ্ৰীলংকাত ১ লিটাৰ পেট্ৰ’লৰ দাম ৫৫০ শ্ৰীলংকান ৰুপি কৰা হৈছে আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৪৬০ শ্ৰীলংকান ৰুপি কৰা হৈছে ( ২৬ জুন, ২০২২); কিন্তু ‌পেট্ৰ’ল‌ পাম্পত তেল নাই। বিক্ষুব্ধ জনসাধাৰণক নিয়ন্ত্ৰণ কৰিবলৈ পেট্ৰ’ল পাম্পবোৰত আছে শ্ৰীলংকাৰ সৈন্য, যিসকলে শূণ্যলৈ গুলিও চলাবলগীয়া হৈছে।

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত

পাকিস্তান বা শ্ৰীলংকাই মাথোঁ নহয়, বিভিন্ন দেশত এক বিশেষ ধৰণৰ উদ্বিগ্নময় অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰে লগে লগে ক্ষোভ- হতাশা আদি মৌলিক কাৰক হৈ পৰি এক সম্ভাৱ্য ভয়ানক লহৰৰ উমান দিবলৈ আৰম্ভ কৰিছে – ‘মেঘে গিৰ গিৰ কৰে/ আহা হিৰ হিৰ মেঘে কৰে‘ৰ দৰে এক উমান! এনে অকাম্য পৰিস্থিতিৰ অন্তৰালত কেৱল ছপা কৰিব পৰা কাগজ, পেট্ৰ’ল, ডিজেল, ৰন্ধন-গেছ আদিয়েই মূল কাৰক হৈ থকা নাই, মূল কাৰক হৈ পৰিছে খাদ্য সংকট আৰু তীব্ৰ অৰ্থনৈতিক সংকট।

ইয়াৰ লগতে জড়িত হৈ পৰিছে মানুহৰ বাবে নিতান্তই প্ৰয়োজনীয় কিছুমান মৌলিক চাহিদা পূৰণ নোহোৱা হেতুকে মানুহৰ মনত সৃষ্টি হোৱা মানসিক যন্ত্ৰণা। কাৰণ কেৱল ভাত বা ৰুটি খায়েই মানুহ জীয়াই নাথাকে। এনে কিছুমান কাৰণতেই সৌ সিদিনা সৃষ্টি হৈছিল ‘আৰৱ‌ বসন্ত‘( Arab Spring), আৰু সেই বসন্তৰ প্ৰৱল তৰঙ্গই ৪ জনকৈ ৰাষ্ট্ৰপতিক গাদীচ্যুত কৰিছিল, গৃহযুদ্ধৰ সূচনা হৈছিল ছিৰিয়া আৰু লিবিয়াত। ইতিমধ্যে আমাৰ চকুৰ সন্মুখতেই ছিৰিয়া বিধ্বস্ত‌হৈ পৰিল, লিবিয়া লাওলোৱা হ’ল, ইৰাক ধ্বংসস্তুপ হৈ পৰিল, আফগানিস্তানৰ কথা ক’বই নালাগে। কংগো, ছুডান, উগাণ্ডা, ম্যানমাৰ, হংকং, টাইৱান, লাওচ, তুৰ্কী আদি বিভিন্ন দেশত সৃষ্টি হ’ল ‌অনাহুত পৰিস্থিতি; ভাৰতো‌ ব্যতিক্ৰম নহয়।

সমগ্ৰ বিশ্বজুৰি অৰ্থনীতিৰ চকাত কৰ’নাই মাহৰ পিছত মাহ ধৰি তলা লগাই থোৱাৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাৰপৰা সামান্য সকাহ পাবলৈ আৰম্ভ কৰাৰ লগে লগেই ৰাছিয়াই ইউক্ৰেনক আক্ৰমণ কৰাৰ ফলত সমগ্ৰ দৃশ্যপট পুনৰ সলনি হৈ পৰিল। বিশ্বত উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন, পাৰমাণৱিক অস্ত্ৰৰ ভয়াবহতা, ক’ৰনা মহামাৰী, ড্ৰাগচ্, প্ৰদূষণ, দুৰ্ভিক্ষ, তালিবান, বকো হাৰাম, সাম্প্ৰদায়িকতা, বৰ্ণ বৈষম্য ইত্যাদি এশ- এবুৰি সমস্যাৰ চোতালখনৰ এটা কোণত লহপহকৈ বিকশিত হ’বলৈ ধৰিছে খাদ্য -সংকট, মুদ্ৰাস্ফিতী, আৰু ইন্ধনৰ ‌সংকট!

ইতিমধ্যে দেশে দেশে হোৱা মূল্যবৃদ্ধিৰ অগ্নিত ঘিঁউ ঢালিছে পৰিবহনৰ আকাশলংঘী ব্যয়ে – কাৰণ পৰিবহন ব্যয়ৰ প্ৰত্যক্ষ তথা পৰোক্ষ প্ৰভাৱৰ পৰা কোনো‌ মুক্ত নহয়; পৰিবহনৰ ব্যয় আকৌ জড়িত হৈ পৰিছে ইন্ধনৰ অনাটন তথা মূল্যবৃদ্ধিৰ সৈতে। গতিকে দেশে দেশে মানুহৰ জীৱনশৈলীৰ ছন্দপতন হ’বলৈ ধৰিছে আৰু এনে ছন্দপতনৰ সৈতেই বিদ্ৰোহ- বিক্ষোভৰ বীজৰ অঙ্কুৰণৰ প্ৰশ্ন জড়িত হৈ পৰিছে। শাসকো হৈ পৰিছে উপায়হীন, কৰ’নাই ইতিমধ্যে ককাল ভাঙি থৈছে; আৰু ভাৰতৰ দৰে সকলো দেশে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি দেশ চলাবলৈ কায়দাও নাজানে! ‘আই-এম-এফ‘ৰ মতে এতিয়া বিশ্বৰ ‌৪১ খন‌ দেশত ‘debt distress‘ প্ৰত্যক্ষ হৈছে। এনে অৱস্থাত মুদ্ৰাস্ফিতী হৈ পৰিছে বলিয়া ঘোঁৰা। সেয়েহে শ্ৰীলংকাৰ জনতাই জুই জ্বলাবলৈ আৰম্ভ কৰিছে, ভৱন আক্ৰমণ কৰিছে, প্ৰধানমন্ত্ৰীক গাদীচ্যুত কৰাবলৈ ৰাষ্ট্ৰপতি ( প্ৰধানমন্ত্ৰীৰ ভাতৃ)ক বাধ্য কৰাইছে। কিন্তু চাউল‌ সিজা নাই শ্ৰীলংকাত। 

পৰিস্থিতিৰ অৱনতি হৈছে পেৰুত।‌ পেৰুত মানুহৰ ‌জীৱন‌যাত্ৰাৰ মানদণ্ড তললৈ‌ নামি গৈছে। লাওচৰ অৱস্থা হৈ পৰিছে অতি শোচনীয়, সুউচ্চ পৰ্বতৰ টিঙৰ পৰা কোন‌ মুহুৰ্তত লাওচ বাগৰি পৰে কোনেও ক’ব নোৱাৰে। লাওচৰ শাসক ইতিমধ্যে অক্ষম‌ বুলি প্ৰমাণিত হৈছে, কোন‌ মুহুৰ্তত লাওচৰ অৰ্থনীতিৰ চকাত তলা লাগে তাকে লৈ উদ্বিগ্ন হৈ পৰিছে লাওচৰ জনসাধাৰণ। 

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত

কলম্বিয়া! কনজাৰভেটিভ নেতৃত্বৰ শাসনকালত কলম্বিয়াত দশক দশক ধৰি হৈ থকা দাৰিদ্ৰ্য আৰু অসাম্যৰ বাবেই এইবাৰ ১৯ জুন তাৰিখ,২০২২, দেওবাৰে বিক্ষুব্দ্ধ জনসাধাৰণে নাটকীয় ভাৱে পোন‌ প্ৰথমবাৰৰ বাবে কলম্বিয়াৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰাক্তন উগ্ৰপন্থী বিদ্ৰোহী তথা বহুদিন‌ সাংসদ সদস্য হৈ থকা গুস্টাভো পেড্ৰোক নিৰ্বাচিত কৰি দৃষ্টান্তমূলক কাৰ্য সংঘটিত কৰিছে। নিউয়ৰ্ক টাইমছৰ পৃষ্ঠাত পেড্ৰোৰ বিষয়ে লিখা হৈছে,’ পেড্ৰোৰ বিজয়ে ৫ কোটি জনসংখ্যাৰ দেশ কলম্বিয়াত ব্যাপক অসন্তুষ্টি প্ৰতিফলিত কৰিছে, যিখন কলম্বিয়াত দৰিদ্ৰতা আৰু অসমতা দিনে দিনে বৃদ্ধি পাইছে তথা যি কাৰণতেই আৰু তেনে সহস্ৰাধিক কাৰণতেই যোৱা বছৰটোত লাখ লাখ লোক ৰাজপথলৈ ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কৰিবলগীয়া হৈছিল – নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ।'(১৯ জুন, ২০২২)

খাদ্য আৰু ইন্ধনৰ ক্ষেত্ৰত মূলতঃ আমদানিৰ ওপৰত নিৰ্ভৰশীল জৰ্ডান আৰু ইজিপ্তৰ অৱস্থাও‌ আশাব্যঞ্জক নহয়। দুয়োখন দেশৰ অৰ্থনৈতিক প্ৰৱাহ ধীৰে ধীৰে শীৰ্ণ হৈ পৰিছে। খামখেয়ালিপূৰ্ণ অৰ্থনৈতিক নীতিৰ বাবে এতিয়া হু হু কৈ মুদ্ৰাস্ফিতী বিকশিত হৈছে তুৰ্কীত। তুৰ্কীৰ অৱস্থাও উদ্বেগজনক।

তুৰ্কীৰ মুদ্ৰা ‘লিৰা‘ এতিয়া শুকাই খীণাই গৈছে। অইন নালাগে, তুৰ্কীৰ আঙুৰ-পাতৰ ব্যৱসায়ীয়েও নিজৰ ক্ষোভ ব্যক্ত‌ কৰিছে এনেদৰে,’ আগতে যিসকল গ্ৰাহকে মোৰ পৰা এবাৰতে ৫ কিলোগ্ৰাম আঙুৰ-পাত ক্ৰয় কৰিছিল, তেনে গ্ৰাহকে এতিয়া মাত্ৰ ৩০০ গ্ৰাম আঙুৰ-পাত কিনে!’ তুৰ্কীত আঙুৰ-পাত( grape leaf)ৰ পৰা জনপ্ৰিয় খাদ্য ‘ডলমা‘( Dolma) প্ৰস্তুত কৰা হয়, তথা অইন অইন খাদ্য সামগ্ৰীৰ বাবেও ব্যৱহাৰ কৰা হয়( grape leaf can be found in sauces, rice, grain dishes, steamed fish, etc)। এতিয়া আঙুৰ-পাতৰ ব্যৱসায়ীয়ে কৈছে,’ চৰকাৰ সলনি কৰিবই লাগিব, বেলেগ উপায় নাই। মই ইউৰোপলৈ যাব পাৰিলে ইউৰোপৰ শৌচালয় পৰিষ্কাৰ কৰা কাম কৰিব পালেও সুখী হ’ম।’

তুৰ্কীৰ ‘লিৰা’ৰ অৱস্থা ইমানেই শোচনীয় হৈছে যে ২৫% অৱনমিত হৈছে। আনহাতে চৰকাৰে লিৰাক পতনৰ পৰা ৰক্ষা কৰিবলৈ গৈ দেশৰ অৱস্থা অধিক সংকটজনক কৰি তুলিছে। তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানে ( Recep Tayyip Erdogan)লিৰাক পতনৰ পৰা ৰক্ষা কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছিল যে জনসাধাৰণে যদি তেওঁলোকৰ সঞ্চয় চৰকাৰৰ ‘Special Depreciation – Proof Account ‘-অত জমা কৰে, তেনে ক্ষেত্ৰত জনসাধাৰণে যদি ক্ষতিৰ সন্মুখীন হয় ( লিৰাৰ মূল্য ডলাৰৰ বিপৰীতে অৱনমিত হ’লে) সেই ক্ষতি চৰকাৰে বহন কৰিব। ৰাষ্ট্ৰপতিৰ আহ্বানত ‌সহাঁৰি দি জনসাধাৰণে সেই বিশেষ একাউন্টত ইতিমধ্যে ৯৬০ বিলিয়ন‌ লিৰা ( ৫৫ বিলিয়ন আমেৰিকান ডলাৰ বা‌ মুঠ জিডিপিৰ ৭%) ৬ মাহৰ ভিতৰতে জমা কৰিছে। এতিয়া চৰকাৰে বহন কৰিবলগীয়া হৈছে বৃহত্তম ক্ষতিপূৰণৰ বোজা, ফলত লিৰা আৰু তুৰ্কীৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে!

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
লিৰা আৰু ডলাৰ

এতিয়া সমগ্ৰ বিশ্বতে এক উদ্বেগময় পৰিস্থিতিৰ সৃষ্টি হৈছে। জীৱন ধাৰণৰ ব্যয় বৃদ্ধিয়ে মানুহক ক্ষোভিত কৰি তুলিছে। বিক্ষুব্ধ হৈ মানুহ পথলৈ ওলাই আহিবলৈ বাধ্য হোৱা এক অনাকাংখিত বাতাৱৰণ সৃষ্টি হোৱাৰ মুখত। দেশে দেশে বৃদ্ধি ‌হৈছে নিবনুৱা, আৰু বহু দেশত আশ্বৰ্যজনকভাবে বৃদ্ধি পাইছে অবিবাহিত যুৱকৰ সংখ্যা – যিসকলে ইচ্ছা থাকিলেও বিয়া, সংসাৰ, সন্তান আদিৰ বিষয়ে চিন্তা কৰিব নোৱাৰে, কাৰণ এটাই – উপাৰ্জন নাই, আৰু যিসকলৰ উপাৰ্জন আছে তেওঁলোকৰ সিংহভাগ খাদ্য তথা পৰিবহনতে ব্যয় হয়।‌গতিকে এনে যুৱকসকলে আত্মধিক্কাৰ দি দি এদিন যে ৰাজপথ পাব, সেয়া শাসকৰো‌ নখদৰ্পণত। এইবোৰৰ সৈতে জড়িত হৈ পৰিছে চৰকাৰী বিষয়া কৰ্মচাৰীৰ সীমাহীন লোভ, অসহায়ক ভাবুকি দি ঘোচ খোৱাৰ প্ৰচন্ড প্ৰৱণতা, অথবা কোনোবাক শলঠেকত পেলাই ধন‌লুন্ঠন কৰাৰ প্ৰৱণতা। এনেধৰণৰ আতিশায্যৰ বাবেই এজন‌ সাধাৰণ ফল-মূল বিক্ৰেতাই নিজৰ শৰীৰত অগ্নিসংযোগ কৰি আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল আৰু ‌সৃষ্টি হৈছিল আৰৱ-বসন্ত! 

আন্তৰ্জাতিক মুদ্ৰা নিধি(IMF)ৰ এক গৱেষণা পত্ৰত চেন্দাইল ল্বাট্শ্বৱাও আৰু ক্ৰিশ্ব ৰেড্ল- এ কৈছে,’ভৱিষ্যতৰ অস্থিৰতাৰ আটাইতকৈ শক্তিশালী পূৰ্বানুমানক হ’ল অতীতৰ অস্থিৰতা।’ তেওঁলোকে পুনৰ কৈছে,’ ঐতিহাসিকভাবে, কোনো দেশত এটা নিৰ্দিষ্ট মাহত তীব্ৰ সামাজিক অশান্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা মাত্ৰ ১ শতাংশ হয়, কিন্তু পূৰ্বৰ ৬ মাহৰ‌ ভিতৰত এনে অৱস্থাৰ সন্মুখীন হ’লে ই ৪ গুণ বৃদ্ধি পায় তথা চুবুৰীয়া দেশ এখনে এনে অৱস্থাৰ সন্মুখীন হৈ থাকিলে ই ২ গুণ বৃদ্ধি পায়।’

আফগানিস্তানত কি হৈছিল, কি হৈ আছে, সম্যকভাৱে প্ৰায় সকলোৱেই অৱগত। কল্পনাতীত ভাবে বিধ্বস্ত হৈ পৰা আফগানিস্তানত এতিয়া মাথোঁ হু হু শূণ্যতা, আৰু সেই ধ্বংসস্তূপৰ ওপৰত অন্ধকাৰ যুগৰ প্ৰতিনিধিত্ব কৰা ধৰ্মোন্মাদ তালিবানৰ উন্মত্ত নৃত্য, নিতৌ নতুন ফটোৱা, হত্যা, কাৰাদন্ড, নিৰ্যাতন, শিক্ষা নিষিদ্ধকৰণ, মহিলা সকলক অন্ধকুপলৈ প্ৰেৰণ, অমানুষিক মানসিক আৰু শাৰীৰিক নিৰ্যাতন, মছজিদত বোমা বিস্ফোৰণ, বিদ্যালয়ৰ ভিতৰত হত্যালীলা, শিখ মন্দিৰত বোমা বিস্ফোৰণ,…ভাব হয়, এই পৃথিৱীত আফগানিস্তানখনক নৰক সদৃশ কৰি পেলোৱা হ’ল কিয়?

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত

মানৱাধিকাৰ আফগানিস্তানত আকাশ কুসুম! ইচ্ছানুসৰি তালিবানে গৰম তেলৰ কেৰাহীত ভাজিব পাৰে, কোনেও একো মাত মাতিব নোৱাৰে। ৰাছিয়া, আমেৰিকা, সকলোৱেই আফগানিস্তানৰ ওপৰত নৃত্য কৰিছিল, এতিয়া তালিবানে অন্ধকাৰ যুগলৈ দেশখনক ঠেলি নি নৃত্য কৰি আছে! খাদ্যৰ তীব্ৰ সংকট, প্ৰয়োজনীয় ঔষধ – পাতিৰ চূড়ান্ত অভাৱ, তীব্ৰতম অৰ্থনৈতিক সংকট, বন্দুক আৰু গুলিৰ বাহিৰে যেন এতিয়া একোৱেই নাই আফগানিস্তানত। সৌ সিদিনা প্ৰলয়ংকৰী ভূমিকম্পত সহস্ৰাধিক মানুহ মৃত্যুমুখত পৰাৰ পিছত নুন্যতম সাহায্য আগবঢ়াবলৈও তালিবানৰ সামৰ্থ্য নাই! ইউনিচেফ আৰু অন্যান্য দেশে সাহায্য আগবঢ়াব বুলি আশা পালি ৰৈ থাকিবলগীয়া অৱস্থা হৈছে দুদ্ধৰ্ষ তালিবানৰ!

এইবছৰ জানুৱাৰীত কাজাখাস্তানৰ চৰকাৰে ৰাছিয়াক আৱেদন জনাইছিল – ৰাছিয়ান সৈন্য প্ৰেৰণ কৰি কাজাখাস্তানৰ বিক্ষুব্ধ জনসাধাৰণক দমন কৰিব লাগে আৰু চৰকাৰখনক ৰক্ষা কৰিব লাগে।

উত্তৰে বিশাল চাহাৰা মৰুভূমি আৰু দক্ষিণে ছুডানৰ চাভান্নাৰ মাজৰ চাহেল – যাৰ মাজেৰে বৈ গৈছে নীল নদী, নাইজাৰ নদী আৰু চেনেগাল নদী, সেই চাহেলত বিগত এটা শতিকা ধৰি জনসাধাৰণে অহৰহ খৰাং বতৰ আৰু দুৰ্ভিক্ষৰ বলি হৈ আহিছে। সমগ্ৰ চাহেল এক ভয়ংকৰ অধ্যায়ৰ মাজেৰে পাৰ হৈ আছে দশক দশক ধৰি। তাতে আকৌ কটা ঘাঁত চেঙা তেল দিছে বকো হাৰাম, অল কায়দা ইন দ্যা ইছলামিক মাঘ্ৰেব(AQIM) আদিৰ দৰে ধৰ্মোন্মাদ নিষ্ঠুৰ সংগঠনবোৰে।মানৱ অধিকাৰ ভঙ্গৰ চেলু লৈ আমেৰিকাই পদাৰ্পণ কৰা চাহেলত বিগত দুটা বছৰত ৫ বাৰ অভ্যুত্থান হৈছে আৰু এক অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি হৈছে।

কিৰগিজস্তান নামৰ দেশখনতো শোচনীয় পৰিস্থিতি। ৰাছিয়াৰ আৰ্থিক সাহায্য আৰু ৰাছিয়াৰ ঘেঁহুৰ ওপৰত নিৰ্ভৰশীল দেশখনত ২০০৫ চনৰ পৰা এতিয়ালৈকে ৩ জন‌ ৰাষ্ট্ৰপতি গাদীচ্যুত হৈছে। এতিয়া খাদ্য সংকটৰ কৰাল ছাঁ বিস্তাৰিত হৈছে দেশখনত, বিশেষকৈ ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰাৰ পিছত অধিক শোচনীয় হৈছে।

টিউনিছিয়াত ২০২১ চনত ৰাষ্ট্ৰপতি কাইচ ছাইদ-এ একনায়কৰ ৰূপ ধাৰণ কৰি দমন-পীড়ণ আৰম্ভ কৰাত দেশখনৰ জীৱন নিৰ্বাহৰ মানদণ্ড বহুত তললৈ নামি গৈছে আৰু এতিয়া টিউনিছিয়া বহি আছে বিক্ষুব্ধ এক আগ্নেয়গিৰিৰ ওপৰত। টিঊনিছিয়াৰ জনসংখ্যাৰ আধা হ’ল ৩০ বছৰৰ তলৰ, আৰু তাৰে এক- তৃতীয়াংশ হ’ল নিবনুৱা। গতিকে পৰিস্থিতি অতি গম্ভীৰ। ২০২২ চনৰ ১৬ জুনত দেশখনত পথ অৱৰোধ, ৰেল অৱৰোধ আদি কাৰ্যসূচী পালন কৰা হৈছে। জুলাই মাহৰ ২৫ তাৰিখে টিউনিছিয়াৰ নাগৰিক সকলে এখন নতুন সংবিধানৰ বাবে ভোটদান কৰিব। কিন্তু সেই নতুন সংবিধানত কি আছে তাকে লৈ সৰ্বসাধাৰণ চিন্তিত নহয়, তেওঁলোকৰ চিন্তা খাদ্য সংকটৰ পৰা কিদৰে উদ্ধাৰ পাব পাৰি, মুদ্ৰাস্ফিতীৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰি। ঘেঁহুৰ মূল্যবৃদ্ধি আৰু সীমিত আয় – সৰ্বসাধাৰণৰ চিন্তা হ’বই।

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
টিউনিছিয়া

ছিৰিয়াত ২০১১ চনৰ ১ মাৰ্চৰ পৰা ২০২১ চনৰ ৩১ মাৰ্চলৈ ৩০৬৮৮৭ জন‌ সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে দেশখনত হৈ থকা গৃহযুদ্ধত। ছিৰিয়া এতিয়া ধ্বংসস্তুপ। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ গোট ( UN Human Rights)ৰ দ্বাৰা ২৮ জুন, ২০২২ তাৰিখে প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে, ‘আমাৰ নতুন প্ৰতিবেদনত অনুমান কৰা হৈছে যে এই সংঘাতত ১০ বছৰৰ ভিতৰত ৩০৬৮৮৭ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। এইবোৰ বিমূৰ্ত সংখ্যা নহয়, বৰঞ্চ মানুহক প্ৰতিনিধিত্ব কৰে। এই হত্যাকাণ্ডই পৰিয়াল আৰু সম্প্ৰদায়ৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।’

ৰাষ্ট্ৰসংঘৰ এই নতুন প্ৰতিৱেদনত কোৱা হৈছে,’ এই ৩০৬৮৮৭ জন লোকৰ মৃত্যুৰ অৰ্থ হ’ল দশকটোৰ ভিতৰত প্ৰতিদিনে গড়ে ৮৩ জন সাধাৰণ নাগৰিকে হিংসাত্মক মৃত্যুত ভুগিবলগীয়া হৈছিল – যি বিশাল সৰ্বমুঠ সংখ্যাই ‘দেশখনৰ সৰ্বমুঠ জনসংখ্যাৰ এক আশ্বৰ্যকৰ ১.৫% -অক প্ৰতিনিধিত্ব কৰে,…এইসকল হৈছে যুদ্ধৰ প্ৰত্যক্ষ ফলস্বৰূপে নিহত হোৱা লোক। ইয়াৰ ভিতৰত স্বাস্থ্যসেৱা, খাদ্য, বিশুদ্ধ পানী আৰু অন্যান্য অত্যাৱশ্যকীয় মানৱ অধিকাৰৰ সুবিধা হেৰুৱাৰ ফলত মৃত্যু হোৱা আৰু বহু বহু সাধাৰণ নাগৰিকক অন্তৰ্ভুক্ত কৰা হোৱা নাই, যিবোৰৰ মূল্যায়ন কৰিবলগীয়া আছে।’

ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰাৰ পিছত, ২০২২ চনৰ জুন মাহৰ ২৮ তাৰিখে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন ” Ukraine: Cycle of death, destruction, dislocation, and disruption ‘must stop’ ” খনত উল্লেখ কৰিছে,”এই যুদ্ধত সাধাৰণ নাগৰিকে অত্যধিক মূল্য দি আছে…..ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে (OHCHR), দেশখনত ১০৬৩১ জন সাধাৰণ নাগৰিকৰ সংখ্যা পঞ্জীয়ন কৰিছে -তাৰে ৪৭৩১ জনৰ মৃত্যু হৈছে আৰু ৫৯০০ জন আহত হৈছে…. প্ৰকৃত সংখ্যা কিন্তু ‘যথেষ্ট বেছি’।……ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা, ইউএনএইচচিআৰে অনুমান কৰিছে যে সমগ্ৰ ইউৰোপত ৫২ লাখতকৈ অধিক লোকে আশ্ৰয় লৈছে আৰু ৩৫ লাখতকৈ অধিক ইউক্ৰেইনৰ শৰণাৰ্থীয়ে মহাদেশখনত অস্থায়ী সুৰক্ষা বা অনুৰূপ ৰাষ্ট্ৰীয় সুৰক্ষা আঁচনিৰ বাবে নিজৰ নিজৰ নামবোৰ পঞ্জীয়ন কৰিছে।”

ৰাছিয়াৰ এনে নৃশংসতাৰ ফলত ইউক্ৰেনত প্ৰায় ৫০ লাখ‌ লোক কৰ্মহীন হৈ পৰিছে, ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেনৰ অৰ্থনীতি ২০২২ চনৰ এপ্ৰিল মাহ পৰ্যন্ত ৪৫% সংকুচিত হৈছে আৰু গোলা- বাৰুদে কৰা ক্ষতিৰ পৰিমাণে এপ্ৰিল মাহত ১০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে ( এয়াও আনুমানিক হিচাব, প্ৰকৃত হিচাব পিছলৈ ওলাব)! বিশ্ব‌ বাণিজ্য সংস্থাই ( World Trade Organization) এপ্ৰিল মাহতেই দ্ব্যৰ্থহীন ভাষাৰে কৈছিল, “ইউক্ৰেনৰ সংকটে ২০২২ চনত বিশ্ব বাণিজ্য বৃদ্ধি আধালৈ হ্ৰাস কৰিব পাৰে”! বিশ্ব বাণিজ্য সংস্থাৰ প্ৰতিবেদনত উল্লেখ হৈছে,” ৰাছিয়া আৰু ইউক্ৰেন দুয়োখনেই অত্যাৱশ্যকীয় সামগ্ৰী, বিশেষকৈ খাদ্য আৰু শক্তিৰ গুৰুত্বপূৰ্ণ যোগানকাৰী দেশ। ২০১৯ চনত দুয়োখন দেশে বিশ্বৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ প্ৰায় ২৫% ঘেঁহু, ১৫% বাৰ্লি আৰু ৪৫% সূৰ্য্যমুখী ফুলভিত্তিক সামগ্ৰী ৰপ্তানি কৰিছিল..”। 

১৪ জুন, ২০২২ তাৰিখে ‘কিভ স্কুল অফ ইকোনমিক্স‘( Kyiv School of Economics)ৰ‌এক সমীক্ষাত কোৱা হৈছে, ” ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেনৰ কৃষিভূমি, যন্ত্ৰপাতি আৰু পশুধনৰ ৪.৩ বিলিয়ন আমেৰিকান ডলাৰৰ ক্ষতি হৈছে”।

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
ইউক্ৰেইনৰ শৰণাৰ্থী

কৰ’নাকালীন পৰিস্থিতিয়ে বিভিন্ন দেশৰ ককাল বেঁকা কৰি পেলোৱাৰ পিছত বিশ্বৰ বহু দেশে যেতিয়া লাহে ধীৰে থিয় হৈ ককাল পোণ কৰা ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছিল, সেই সন্ধিক্ষণতেই ৰাছিয়াই ইউক্ৰেন‌ আক্ৰমণ কৰাৰ ফলত বিশ্বজুৰি মুদ্ৰাস্ফিতীৰ উত্তাল তৰঙ্গ‌ সৃষ্টি হৈছে, ইন্ধনৰ সাংঘাটিক অনাটন হৈছে, আৰু এইবোৰৰ বাবে বহুতেই পুটিনলৈ আঙুলি টোঁৱাইছে। কিন্তু কেৱল পুটিনৰ কান্ধত বন্দুক থৈ সকলোৱে‌ সাৰিব পৰা নাই, বিশ্বৰ বিভিন্ন দেশত বিক্ষুব্ধ জনসাধাৰণে নিজৰ নিজৰ শাসকসকলক দায়ী কৰিছে আৰু উত্তৰ বিচাৰিছে।

পেৰুত পেড্ৰো কেস্টিল্লোই ২০২১ চনত আকাশ বতাহ কপাই এনেদৰে শ্লোগান দিছিল, “No more poor people in a rich country.” (ধনী দেশত দুখীয়া মানুহ আৰু নাথাকিব)।” হয়, তেওঁ ঠিকেই কৈছিল। কিন্তু কৰ’নাই তেওঁৰ সপোন‌ বাস্তৱায়িত হ’বলৈ নিদিলে।পেৰুৰ পেড্ৰো‌ অসহায়‌ হৈ পৰিল। তাৰ পিছত আৰম্ভ হ’ল ৰাছিয়া -ইউক্ৰেনৰ যুদ্ধ। পেড্ৰো নিৰুপায়! খেতিপথাৰৰ বাবে প্ৰয়োজনীয় ইউৰিয়া সাৰৰ বাবে পেৰু ৰাছিয়াৰ ওচৰত নিৰ্ভৰশীল, পেৰুৰ প্ৰয়োজনীয় ইউৰিয়াৰ ৭০% ৰাছিয়াৰ পৰা আমদানি কৰা হয়। এতিয়া পেৰুৰ খেতিয়কে মূৰে কপালে হাত দিছে। ইউৰিয়া নাই!

২০২২ চনৰ এপ্ৰিল মাহৰপৰা পেৰুত আৰম্ভ হৈছে বিক্ষোভ, পথ অৱৰোধ, মুদ্ৰাস্ফিতীৰ প্ৰতিবাদত টোল গেটত অগ্নিসংযোগ, দোকান পোহাৰ লুন্ঠন। পেড্ৰো ভীতিবিহ্বল হৈ পৰিল, আৰু তেওঁ কৰ’নাকালীন লকডাউনৰ দৰে ৰাজধানী লিমাত ঘোষণা কৰিলে লকডাউন। এতিয়া পেড্ৰোৰ জনপ্ৰিয়তা তললৈ, বহু তললৈ অৱনমিত হৈছে। পেৰুৰ অৱস্থাও সন্তোষজনক নহয়। বিগত ৫ বছৰত ৫ জন ৰাষ্ট্ৰপতি সলনি হৈছে পেৰুত।

তুৰ্কমেনিস্তানত আৰম্ভ হৈছে প্ৰৱল খাদ্য সংকট। ইয়াৰ বাবে দায়ী কথা হৈছে দেশখনক ভুল পথেৰে আগুৱাই নিয়া অৰ্থনীতি। খাদ্য সংকট, মুদ্ৰাস্ফিতী এনে পৰ্যায়ত উপনীত হৈছে যে ৰুটি/লোফ/ব্ৰেড আদি ক্ৰয় কৰাৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা জাৰি কৰি কোৱা হৈছে যে কোনোবাই যদি নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ৰুটি/লোফ/ ব্ৰেড ক্ৰয় কৰে, তেনে লোকক ১৫ দিনৰ বাবে কাৰাদণ্ড বিহা‌ হ’ব।

ইজিপ্তত উমি উমি জ্বলিছে জনসাধাৰণ। ইজিপ্তত মুকলিকৈ বিদ্ৰোহ ‌বিক্ষোভ প্ৰদৰ্শন কৰাটো এক কঠিন কৰ্ম। কাৰণ, ২০১৩ চনত এবাৰ গণবিক্ষোভ দমন কৰিবলৈ ইজিপ্তৰ শাসকে প্ৰায় ১০০০ জন‌ লোকক হত্যা কৰিছিল। সেইবাবেই ‘কঠিন কৰ্ম’!

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত

উগাণ্ডাত খাদ্য সংকট তীব্ৰ হৈ পৰিছে। গা কৰি উঠিছে মুদ্ৰাস্ফিতী। ৰাষ্ট্ৰপতি মুছেভেনি ( Yoweri Museveni)য়ে অবিবেচকৰ দৰে, ষোড়শ লুইৰ পত্নী মাৰি আতোঁৱানেতৰ দৰেই, বিক্ষুব্ধ প্ৰজাসকলক উপদেশ দিছে, ‘তোমালোকৰ যদি ৰুটি বা লোফৰ অভাৱ হৈছে, ‘কাছাভা‘( cassava; এবিধ কাঠ আলু জাতীয় উদ্ভিদ) খালেই হ’ল! তেওঁৰ তেনে বক্তব্যৰ প্ৰতিবাদত ৰাজপথত প্ৰতিবাদ কৰা হৈছিল, বিক্ষোভ ‌প্ৰদৰ্শন কৰা হৈছিল। সেই বিক্ষোভৰ নেতৃত্ব বহন‌ কৰা বিৰোধী নেতা ডা° কিজ্জা বেছিগ্যেক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। উগাণ্ডাৰ জনসাধাৰণো চিন্তাগ্ৰস্ত, বিক্ষোভ কৰিলেও অত্যাচাৰ আৰু এদিন কামলৈ নগলেও মানুহৰ পেটলৈ খাদ্য নাযায়।

ইকুৱেডৰৰ ৬ খন প্ৰদেশৰ ওপৰত বলৱৎ হৈ থকা জৰুৰী অৱস্থা ২৬ জুন, ২০২২ তাৰিখ দেওবাৰে প্ৰত্যাহাৰ কৰা হৈছে বুলি ৰাষ্ট্ৰপতি গুইল্লেৰমো লাচেছাই ঘোষণা কৰিছে।

ইকুৱেডৰৰ বৃহত্তম আদিবাসী সংগঠনে ২ সপ্তাহ আগতে গেচোলিন আৰু অইন কৃষিজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল। সংগঠনটোৱে শিক্ষাগ্ৰহণৰ ব্যয়বৃদ্ধিৰ বিৰুদ্ধেও আন্দোলন কৰিছিল। ১৩ জুনত আৰম্ভ হোৱা সেই বিশাল আন্দোলনৰ পটভূমিত বহুকেইজন আন্দোলনকাৰীৰ মৃত্যু হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব বুলি দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল।

উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবলৈ ১৩৭ জন‌ সাংসদৰ ৯২ জনৰ সমৰ্থন ‌প্ৰয়োজন যদিও সেই সংখ্যা বৰ্তমান কোনো এটা দলেও যোগাৰ কৰিব পৰা নাই। কিন্তু মুদ্ৰাস্ফিতীৰ গ্ৰাফডাল এতিয়াও ঊৰ্দ্ধমুখী‌ হৈয়েই আছে। গতিকে পৰিস্থিতি গম্ভীৰ।

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
Protest rally to the President Palace on 22 June, 2022, Ecuador. (Image: abcnews.go.com)

ম্যানমাৰত সামৰিক অভ্যুত্থানৰ দ্বাৰা শাসন ক্ষমতা কৰায়ত্ত কৰা সামৰিক জুন্টাই ১ বছৰৰ ভিতৰতে ১৫০০ জন‌ মানুহক হত্যা কৰাৰ লগতে ১১০০০ লোকক কাৰাবন্দী কৰি ৰাখিছে আৰু এই সংখ্যা এতিয়া ঊৰ্দ্ধমুখী হৈছে। হত্যা কৰা ১৫০০ জনৰ ভিতৰত ১২০ জন‌ শিশুও আছে।

‘The Assistance Association for Political Prisoners’ (AAPP) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মতে শাসনভাৰ কৰায়ত্ত কৰা সামৰিক জুন্টাই ম্যানমাৰত ১ বছৰৰ‌ ভিতৰত ১৫০৩ জনক হত্যা কৰিছে, ১১৮০০ জনক গ্ৰেপ্তাৰ কৰি তাৰে ৯০০০ জনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ম্যানমাৰৰ কাৰাগাৰ সমূহৰ ৩০০০ লোকক কাৰাবন্দী কৰি ৰখাৰ সামৰ্থ্য আছে, কিন্তু সামৰ্থ্যৰ তিনি গুণ, অৰ্থাৎ ‌৯০০০ লোকক‌ কাৰাবন্দী কৰাৰ ফলত তেওঁলোকে কেনে দুৰ্বিসহ জীৱন- যাপন কৰিবলৈ বাধ্য হৈছে- ভাবিলেই মূৰ আচন্দ্ৰাই কৰে।

কাৰাবন্দী লোকসকলৰ ভিতৰত আছে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ অংশগ্ৰহণকাৰী, সাংবাদিক, নিৰ্বাচিত জন-প্ৰতিনিধি, আইনজ্ঞ, ছাত্ৰ, চেলেব্ৰিটি, আন্দোলনত অংশ লোৱা আমোলা, কৰ্মচাৰী, শিক্ষক, অভিযন্তা, শিল্পী, চিকিৎসক, ৰেলগাড়ীৰ চালক, ৰাজনীতিবিদ আৰু শিশু। সামৰিক জুন্টাই ম্যানমাৰত একেদিনাই, মাৰ্চ মাহৰ ২৭ তাৰিখে, শান্তিপূৰ্ণভাবে আন্দোলনত অংশ লোৱা মানুহৰ মাজৰ ১৫৮ জনক গুলিয়াই হত্যা কৰিছিল।

২০২২ চনৰ ২৭ জুন তাৰিখে ম্যানমাৰৰ অবিসম্বাদী নেত্ৰী তথা শান্তিৰ নোবেল বঁটা প্ৰাপক আং চান স্যু কি-ক কাৰাগাৰত বন্দী কৰি নাৰাখিবলৈ ‘আছিয়ান’ৰ তৰফৰ পৰা জুন্টা চৰকাৰক আহ্বান জনোৱা হয়। ভূ ৰখা মহলৰ মতে ৭৭ বছৰীয়া নেত্ৰী গৰাকীক এক নিৰ্জন কাৰাগাৰত আৱদ্ধ কৰি ৰখা হৈছে। কিন্তু ইমান দমন পীড়ণ হত্যাৰ দ্বাৰাও জুন্টা চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ নিব পৰা নাই। মুদ্ৰাস্ফিতীয়ে মাদল বজাইছে ম্যানমাৰতো। ম্যানমাৰত ২০২১ চনৰ ডিচেম্বৰ মাহতেই ২০২০ চনৰ ডিচেম্বৰ মাহৰ তুলনাত খাদ্য -পণ্যৰ মূল্যবৃদ্ধি ১২.৪০% হৈছিল।

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
Protesters take part in a demonstration against the military coup in Yangon on February 6, 2021. (Photo by YE AUNG THU / AFP)

এই বছৰ(২০২২)ৰ জানুৱাৰীত মুদ্ৰাস্ফিতীয়ে ১৩.৮২% স্পৰ্শ কৰিছে! এতিয়া বিশেষজ্ঞসকলে কৈছে, ” ২০২২ চনলৈকে ম্যানমাৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিশৃংখলতাই জনসংখ্যাৰ প্ৰায় আধা অংশ,অৰ্থাৎ প্ৰায় ২.৫ কোটি ব্যক্তিক দৰিদ্ৰতালৈ ঠেলি দিছিল… আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা ( ILO), ২০২২ৰ প্ৰতিবেদন মতে, ১৬ লাখ লোকে নিজৰ কৰ্মসংস্থাপন হেৰুৱাই পেলাইছে। ইয়াৰ ওপৰত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ ফলত খাদ্য আৰু ইন্ধনকে ধৰি মৌলিক সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ বৃদ্ধি পাইছে; ইয়াৰ কাৰণো আংশিকভাৱে ইউক্ৰেইনৰ সংঘাত। ২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈকে ম্যানমাৰত ডিজেলৰ মূল্য ২৭% বৃদ্ধি পাইছে…২ জুনলৈকে সেনাই ১৮৮৩ জন লোকক হত্যা কৰিছে আৰু ১৩৫০০ তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে।”( The Myanmar Crisis: Escalating humanitarian emergencies, published by orfonline.org)

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
encyclopedia Britannica

ৰাছিয়াই কৃষ্ণসাগৰেৰে খাদ্য -শস্য ৰপ্তানীৰ ক্ষেত্ৰত অবৈধভাবে যি অৱৰোধ কৰি আছে, সেই অৱৰোধ এতিয়া ৫ মাহ সম্পূৰ্ণ হোৱাৰ পথত। ৰাষ্ট্ৰসংঘই সতৰ্কবাণী শুনাই থৈছে যে ইউক্ৰেনৰ খাদ্য- শস্যৰ ওপৰত নিৰ্ভৰশীল বিশ্বৰ কোটি কোটি মানুহৰ বাবে মহাবিপৰ্যয় আসন্ন। অথচ নাটো আৰু ইউৰোপীয় ইউনিয়নৰ নেতাসকলে এতিয়াও কথা পাতি থকাৰ মাজতে নিজকে আৱদ্ধ কৰি ৰাখিছে।

পুটিনে এতিয়া খাদ্য -শস্য আৰু ইন্ধনকো অন্যতম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে। কৃত্ৰিম নাটনি সৃষ্টি কৰি আফ্ৰিকা আৰু মধ্য আমেৰিকাৰ কোটি কোটি মানুহক ক্ষুধা আৰু দুৰ্ভিক্ষৰ গড়খাৱৈত পেলাই দিছে। ইতিমধ্যে ইউক্ৰেনৰ পৰা ইৰিনা মিৰোশ্বনিক ( Irina Mirochnik) -এ ২৮-০৬-২০২২ তাৰিখে ‘মহাবাহু’ত লিখা এক গুৰুত্বপূৰ্ণ প্ৰৱন্ধৰ শিৰোনাম আছিল -” Bread as a weapon: Why Famine in Africa is beneficial for Russian mercenaries“! এই প্ৰৱন্ধটোৰ ‌শিৰোনামটোৱেই এই ইঙ্গিত দিছে, কি আছে লেখাটোত!

সম্প্ৰতি প্ৰশ্ন উত্থাপন হৈছে, পুটিনে ওডেচা বন্দৰৰ পানীত মাইন ৰাখিছে, খাদ্যৰ গুডামত বোমাবৰ্ষণ কৰিছে, নগৰৰ মাজমজিয়াত থকা মলত বিস্ফোৰণ সংঘটিত কৰিছে, নিৰ্বিচাৰে হত্যা কৰিছে, অপহৰণ কৰিছে, কিন্তু নাটোই কথাকেই পাতি আছে! আৰু কিমানজন শিশুৰ মৃত্যু হ’লে গণতান্ত্ৰিক বিশ্বৰ নেতাসকলে কৃষ্ণসাগৰক মুক্ত কৰিবলৈ উদ্যোগ ল’ব?

এনে প্ৰশ্ন উত্থাপন হৈছে, যিহেতু কেৱল ম্যানমাৰ, আফগানিস্তান, পেৰু, কাজাখাস্তান, টিউনিছিয়া, তুৰ্কী, পাকিস্তান, শ্ৰীলংকা আদিয়েই নহয়, প্ৰচন্ড মুদ্ৰাস্ফিতীৰ বাবে পশ্চিমীয়া দেশবোৰৰো জাতীয় স্বাৰ্থ এতিয়া ব্যাপকভাৱে বিপন্ন হৈ পৰিছে। ৰাছিয়াৰ অৱৰোধ আৰম্ভ হোৱাৰ পিছতেই ক্ষুদ্ৰ শক্তিৰ দেশ লিথুৱানিয়াই প্ৰস্তাৱ দিছিল যে ওডেচাৰ পৰা বচফৰাছ পৰ্যন্ত খাদ্য বহনকাৰী জাহাজবোৰ পহৰা দিবলৈ ৰাষ্ট্ৰসংঘৰ অধীনত এক নৌজোট গঢ়ি তুলিব লাগে; কিন্তু সেয়াও কাৰ্যকৰী হোৱা নাই।

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
www.atlanticcouncil.org

এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘই অথৰ্বৰ ভূমিকা পালন কৰিছে আৰু আমেৰিকা নীৰৱে আছে। ইউক্ৰেনৰ শস্য ৰপ্তানিৰ বাবে বিকল্প পথ খোলা হৈছে আৰু ৰেল তথা ট্ৰাকেৰে শস্য ৰপ্তানি আৰম্ভ হৈছে। কিন্তু সামান্য পৰিমাণেহে সৰবৰাহ হৈছে, জাহাজৰ দৰে বিপুল পৰিমাণৰ বোজা ৰেল আৰু ট্ৰাকেৰে সম্ভৱ নহয়। ইউক্ৰেনৰ গুদামত থকা ২০ নিযুত টন খাদ্য-শস্যৰ সামান্য পৰিমাণে সৰবৰাহ হৈছে, ইতিমধ্যে নতুনকৈ শস্য পকিবলৈ ধৰিছে আৰু ইউক্ৰেনৰ গুদামত স্থান নাই! এনেস্থলত কৃষ্ণসাগৰত যিমানদিন অৱৰোধ হৈ থাকিব, খাদ্যনিৰাপত্তা আৰু ৰাজনৈতিক সংকট বৃদ্ধি হৈ থাকিব। আমদানি নিৰ্ভৰ দেশবোৰত পৰিস্থিতি ভয়াবহ হৈ পৰিব।

পৰিস্থিতি ভয়াবহ হৈ পৰিব বুলি অনুমান কৰি বাংলাদেশে চাউলৰ আমদানি শুল্ক ৬২.৫% ৰ‌ পৰা ২৫% কৰিছে আৰু যুদ্ধকালীন তৎপৰতাৰে ভাৰতৰ পৰা বিপুল পৰিমাণে চাউল আমদানি কৰি বাংলাদেশৰ গুদামত মজুত কৰিছে। ইয়াৰ মূলতেই হ’ল খাদ্য সংকটৰ উমান! কাকতালীয় ভাবে বাংলাদেশে চাউল আমদানি কৰিবলৈ ধৰাৰ পিছতেই ভাৰতত চাউলৰ মূল্য ৫ দিনৰ ভিতৰতে ১০% বৃদ্ধি পাইছে। তিৰুপতি এগ্ৰি ট্ৰেডৰ প্ৰধান কাৰ্যকৰী বিষয়া সুৰজ আগৰৱালাই কৈছে,’ চাউলৰ দাম ইতিমধ্যে ১০% বৃদ্ধি পাইছে আৰু সেই দাম অধিক বৃদ্ধি হ’ব।’

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত

এই বছৰ বাংলাদেশে চাউল আমদানি কৰিছে ১৩.৫৯ লক্ষ‌ টন, এই পৰিমাণ অধিক বৃদ্ধি পাব। 

সাম্প্ৰতিক বিশ্বৰ পটভূমিত বাংলাদেশ চৰকাৰে নিজৰ দেশৰ জনসাধাৰণৰ বাবে চাউলমুঠিৰ যোগাৰ কৰি থোৱাৰ স্বাৰ্থত আমদানি শুল্ক কমাইছে। এনে চিন্তা বহুতৰে হৈছে। কোনোবাই চাউলৰ চিন্তা, কোনোবাই ঘেঁহুৰ চিন্তা, কোনোবাই তেল-গেছ-কয়লাৰ চিন্তা, কোনোবাই বৈদেশিক মুদ্ৰাৰ চিন্তা, কোনোবাই মুদ্ৰাস্ফিতীৰ চিন্তাত মগন হৈ পৰিছে। জাৰ্মানীৰ দৰে দেশৰো প্ৰচন্ড উদ্বেগ হৈছে। তাৰেই প্ৰতিফলন ঘটিছে জাৰ্মানীৰ মন্ত্ৰীৰ বক্তব্যত।

জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী এনালেনা বেয়াৰবকে ২৮-০৬-২০২২ তাৰিখ মঙলবাৰে কয় যে ইউক্ৰেনত ৰাছিয়াৰ সংঘাতে ইউৰোপৰ শক্তি সংকট আৰু অধিক ভয়াৱহ কৰি তোলাৰ সময়তে জাৰ্মানী “হাইব্ৰিড যুদ্ধ”ৰ মাজত আছে। মাদ্ৰিদত অনুষ্ঠিত হোৱা নাটোৰ সন্মিলনত ভাষণ দি বেয়াৰবকে চিএনবিচিৰ হেডলী গেম্বলক কয় যে জাৰ্মানীয়ে নিজৰ গেছ যোগান — পৰম্পৰাগতভাৱে নৰ্ড ষ্ট্ৰিম ১ৰ জৰিয়তে ৰাছিয়াৰ পৰা আহৰণ কৰা — কিন্তু মস্কোৱে কৰ্তন কৰিলে আকস্মিক পৰিকল্পনা তৈয়াৰ কৰা হৈছে ।

কোনবোৰ প্ৰতিষ্ঠানে বিদ্যুৎ কৰ্তনৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে সেই সম্পৰ্কে কঠিন সিদ্ধান্তৰ সন্মুখীন হ’ব পাৰে বুলিও তেওঁ কয়। “আমি এতিয়া জাৰ্মানীত এতিয়া এই প্ৰশ্নৰ সন্মুখীন হৈছো যে যদি নৰ্ড ষ্ট্ৰিম ১ৰ জৰিয়তে কোনো গেছ নাহে … তেন্তে আমি সিদ্ধান্ত ল’ব লাগিব কোনটো প্ৰতিষ্ঠান গ্ৰীডৰ পৰা কাটিব পাৰে,” বেয়াৰবকে কয়।

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী এনালেনা বেয়াৰবক

মুঠতে, ইউৰোপৰ বৃহত্তম অৰ্থনীতিত এতিয়া আনুষ্ঠানিকভাৱে প্ৰাকৃতিক গেছৰ অভাৱ হৈছে আৰু ৰাছিয়াই টেপ বন্ধ কৰাৰ লগে লগে যোগান সংৰক্ষণৰ বাবে সংকটকালীন পৰিকল্পনা বৃদ্ধি কৰিছে। জাৰ্মানীয়ে ইতিমধ্যে নিজৰ তিনিটা পৰ্যায়ৰ গেছ জৰুৰীকালীন কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় সক্ৰিয় কৰি উদ্যোগক যোগানৰ নিয়ন্ত্ৰণৰ বা ৰেচনিং কৰাৰ ওচৰলৈ লৈ গৈছে — যিটো পদক্ষেপে জাৰ্মানীৰ অৰ্থনীতিৰ উৎসত এক বৃহৎ আঘাত দিব। জাৰ্মানীৰ অৰ্থনীতি মন্ত্ৰী ৰবাৰ্ট হেবেকে কয় যে আগন্তুক শীতকালৰ মাজেৰে পাৰ হ’বলৈ ৰেচন দিয়াৰ প্ৰয়োজন নহ’ব বুলি আশা কৰিছে যদিও ইয়াক নুই কৰিব নোৱাৰে। বাৰ্লিনত এখন সংবাদমেলত সাংবাদিকৰ আগত তেওঁ কয় যে, ”জাৰ্মানীত এতিয়াৰ পৰাই গেছৰ অভাৱ হৈছে।’

ৰাছিয়াই জাৰ্মানী, ইটালী আৰু ইউৰোপীয় সংঘৰ অন্যান্য সদস্য দেশসমূহক যোগান আৰু অধিক হ্ৰাস কৰাৰ লগে লগে ইউৰোপৰ শক্তি সংকট জুন মাহত তীব্ৰতৰ হৈ পৰে।

ৰাছিয়াৰ চৰকাৰী গেছ কোম্পানী গেজপ্ৰমে যোৱা জুন মাহৰ তৃতীয় সপ্তাহত নৰ্ড ষ্ট্ৰিম ১ পাইপলাইনৰ জৰিয়তে জাৰ্মানীলৈ যোৱা প্ৰবাহ ৬০% হ্ৰাস কৰিছে। 

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত

কেৱল জাৰ্মানী নহয়, ইউৰোপীয় ইউনিয়নৰ ১২খন দেশ এতিয়ালৈকে ৰাছিয়াৰ গেছ যোগান কৰ্তনৰ ফলত প্ৰভাৱিত হৈছে। আৰু এনে সময়তে সকলোকে হতভম্ব কৰি ৰাছিয়াৰ ৰুবলৰ মূল্য উৰ্দ্ধমুখী হৈছে। কাৰণ, ৰাছিয়াই ঘোষণা কৰিছে – ডলাৰৰ দ্বাৰা নহয়, তেলৰ দাম পৰিশোধ কৰিব লাগিব ৰুবলৰ দ্বাৰা। এনে নীতি প্ৰযোজ্য হোৱাৰ পিছত ডলাৰৰ বিপৰীতে ক্ৰমান্বয়ে মূল্য বাঢ়ি বাঢ়ি এই বছৰটোৰ সবাতোকৈ শক্তিশালী মুদ্ৰা হিচাপে পৰিগণিত হৈছে ৰাছিয়াৰ ৰুবল-এ। বিগত ২২ জুন তাৰিখ, ২০২২ চন, বুধবাৰে আন্তৰ্জাতিক বজাৰত বিশ্বৰ ‘শ্ৰেষ্ঠ – কাৰ্যকৰী মুদ্ৰা’ হিচাপে ৰুবলক অভিহিত কৰা হ’ল। এই বছৰ ইউক্ৰেনৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰাই ৰাছিয়াৰ ওপৰত নজিৰবিহীন অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে আমেৰিকাকে ধৰি আমেৰিকাৰ অইন পশ্চিমীয়া মিত্ৰ দেশবোৰে। তাৰপিছত ক্ৰমশঃ তিনিমাহ ধৰি ৰুবলৰ মূল্যৰ পতন হৈ থাকিলেও হঠাৎ ৰুবলৰ চমকপ্ৰদ উত্থান ঘটে।

মূলতঃ আন্তৰ্জাতিক নিষেধাজ্ঞা আৰু বৃহৎ প্ৰকাৰৰ সামৰিক সংঘাতৰ মুখামুখি হৈ থকা কোনো দেশৰ মুদ্ৰাৰ মান এনেদৰে বৃদ্ধি হোৱা ঘটনা বিশ্বৰ ইতিহাসত দেখা নাযায়। বিশেষজ্ঞসকলে কৈছে, এনে পটভূমিত দেশৰ পৰা বিনিয়োগকাৰী গুচি যায় আৰু পুঁজিৰ প্ৰৱাহ বাধাপ্ৰাপ্ত হয় – সেয়াই স্বাভাৱিক। তাৰফলত সেই দেশখনৰ মুদ্ৰাৰ দামো কমিবলৈ ধৰে। কিন্তু ৰাছিয়াৰ ক্ষেত্ৰত একেবাৰে বিপৰীত ঘটনা ঘটা দেখা গ’ল। অৰ্থ আৰু পুঁজি নিজৰ দেশত নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ ‘অস্বাভাৱিক’ পদক্ষেপ গ্ৰহণ কৰিছে ৰাছিয়াই। ইউৰোপৰ দেশবোৰৰ বাবে সৰ্বাধিক প্ৰয়োজনীয় হিচাপে পৰিগণিত হোৱা ইন্ধন তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰধান ৰপ্তানীকাৰক ৰাছিয়াৰ ওপৰত জাপি দিয়া নিষেধাজ্ঞাই ‘হিতে বিপৰীত’ কৰিছে! অৰ্থাৎ, এইক্ষেত্ৰত পুটিনে বাজীমাৎ কৰিছে।

এনেদৰেই সমগ্ৰ বিশ্বতে এক আচহুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাচ্য আৰু পাশ্চাত্য – সকলোকে ঘেৰি পেলাইছে এক প্ৰৱল উদ্বেগে, শংকাই ; যিদৰে সৌ সিদিনা সকলোকে ঘেৰি পেলাইছিল কৰ’নাই।

ভাৰতবৰ্ষ! 

ভাৰতবৰ্ষত আমি ইতিমধ্যে বিমুদ্ৰাকৰণৰ প্ৰচন্ড ব্যৰ্থতা প্ৰত্যক্ষ কৰিলো আৰু তেনে হঠকাৰী সিদ্ধান্তৰ নেতিবাচক ফলৰ চিকাৰ হ’লো, আমি জি-এছ-টি কেনেদৰে জাপি দিয়া হ’ল আৰু তাৰ কেনে ফলাফল হ’ল- দেখা পালো (উল্লেখযোগ্য যে যোৱা সপ্তাহৰ শেষৰ ফালে, অৰ্থাৎ ২০২২ চনৰ জুন মাহৰ শেষৰ সপ্তাহত চন্ডীগড়ত অনুষ্ঠিত জিএছটি কাউন্সিলৰ বৈঠকত পুনৰ বহু পণ্যৰ ওপৰত জিএছটিৰ হাৰ বহুত বৃদ্ধি কৰা হ’ল), আমি টকাৰ মূল্য কিদৰে হুৰহুৰকৈ হ্ৰাস পালে – দেখা পালো, কোটি কোটি নিবনুৱাৰ অৱস্থা কেনে আৰু চৰকাৰে কি কৰিলে – দেখা পালো, কিদৰে আচম্বিতে নাটকীয়ভাবে লকডাউন ঘোষণা কৰি লক্ষ লক্ষ মানুহক যমৰ যাতনা দিয়া হ’ল – দেখা পালো, গঙ্গাৰ বুকুৰে উটি যোৱা মৃতদেহ আৰু বালিত পুতি থোৱা শ শ মৃতদেহ দেখাৰ লগতে খৰিৰ অভাৱত‌ শ্মশানৰ ক্ৰন্দন, অক্সিজেনৰ অভাৱত ৰোগীৰ তিলে তিলে মৃত্যুৰ দৃশ্য দেখা পালো, আমি মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফিতীৰ লগতে পেট্ৰ’ল-ডিজেলৰ ঊৰ্দ্ধমুখী নৃত্য দেখা পালো,….আমি ৰাজনৈতিক ব্যক্তিৰ বিলাসিতা বৈভৱ আদৱ- কায়দা ৰাজসিকতা পেন্ডেল বাসভৱন বিমান দেখাৰ লগতে মাহৰ পিছত মাহ দিল্লীৰ ৰাজপথত শীত- গ্ৰীষ্ম নেওচি বহি থকা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকৰ দৃঢ়তা দেখা পালো, আমি ঝুমলা দেখিলো,.. গতিকে ভাৰতবৰ্ষৰ অৱস্থা কেনে, আমি সম্যকভাবে অনুমান কৰিব পাৰো! কৰ’নাৰ দিনবোৰৰ আগতেই ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা কেনে হৈছিল, সেইসময়ৰ ইন্ডিয়া টুডে, দ্যা‌ হিন্দু, দ্যা টেলিগ্ৰাফ আদি কাকত আলোচনীৰ পৃষ্ঠা লুটিয়ালেই হ’ল।

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
Image: mBA Universe

তাৰপিছত আহিল কৰ’নাৰ ভয়াবহতা। এতিয়া পুনৰ সমগ্ৰ বিশ্বক উদ্বিগ্ন কৰা এক অনাহুত পৰিস্থিতি- ৰাছিয়াই ইউক্ৰেনত আক্ৰমণ কৰাৰ পটভূমিত!

মেঘে গিৰ গিৰ কৰেঃ বিশ্বজুৰি এতিয়া প্ৰৱল সংকটৰ সংকেত
Image: India Today

কিন্তু ভাৰতবৰ্ষৰ হেনো চিন্তা কৰিবলগীয়া নাই! 

৩০-০৬-২০২২ তাৰিখে বাতৰি প্ৰকাশ পাইছে, ক্ৰমশঃ তললৈ, আৰু তললৈ নামি গৈছে টকাৰ মূল্য, ২৯-০৬-২০২২ তাৰিখে সৰ্বনিম্ন হৈছে, ভাৰতবৰ্ষৰ আমদানিকৃত সামগ্ৰীৰ দেয়কৰ পৰিমাণ ৬১৭ বিলিয়ন আমেৰিকান ডলাৰ হৈ পৰিছে, শ্বেয়াৰ বজাৰৰ পৰা বহু বিনিয়োগকাৰীয়ে বিনিয়োগ কৰা ধন উঠাই লৈছে, অৰ্থনৈতিক পৰিস্থিতি গম্ভীৰ, বিক্ৰী কৰিবলৈ ৰাজহুৱা খণ্ডৰ সম্পত্তি কিমান আছে আমি নাজানো, ৰিজাৰ্ভ বেংকৰ পৰা পুনৰ কিমান ধন উলিয়াব পাৰিব তাকো নাজানো, আৰু এনেবোৰ বিষয় উপস্থাপন কৰি লাভো নাই।

economic growth
Image: Economictimes.indiatimes.com

কাৰণ খোদ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২৯-০৬-২০২২ তাৰিখে কৈছে যে আমি বিশেষ চিন্তা কৰিব নালাগে, কাৰণ ভাৰতৰ অৰ্থনৈতিক অৱস্থা সন্তোষজনক!

সাধু! সাধু!!

১৭ শতিকাত দাৰ্শনিক ৰেনে ডেকাৰ্টে ( Rene’ Descartes’) কৈছিল, “I think, therefore I am“; অৰ্থাৎ, মই চিন্তা কৰো, সেইকাৰণেই মই।

এতিয়া স্বয়ং বিত্তমন্ত্ৰী মহোদয়াই চিন্তা কৰিবলৈ বাৰণ কৰিছে। গতিকে ‘ চিন্তা‘ নাই!

এনে পটভূমিত এষাৰ কথা মনলৈ আহিছে।

 ১৮৮০ চনত‌ জন্মগ্ৰহণ কৰি ১৯৬৮ চনত ইহলীলা সম্বৰণ কৰা, আমেৰিকাৰ প্ৰসিদ্ধ লেখক- শিক্ষাবিদ হেলেন কেলাৰে এনেদৰে কৈছিল,” Some people do not like to think. If one thinks, one must reach conclusions; and conclusions are not always pleasant( কিছুমান লোকে চিন্তা কৰি ভাল‌ নাপায়। কাৰণ কোনোৱে যদি চিন্তা কৰে, তেন্তে সিদ্ধান্তত উপনীত হ’ব লাগিব, আৰু তেনে সিদ্ধান্ত সকলো‌ সময়তে সুখদায়ক নহয়)”!

[With inputs from The Hindu, Economists, New York Times, etc}

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Afghan Women: Unyielding Resilience in the Face of Adversity!
Afghanistan

Afghan Women’s Plight: A Call for Global Solidarity

by Mohan Khound
June 17, 2025
0

Afghan Women’s Plight: A Call for Global Solidarity MOHAN KHOUND MOHAN KHOUND In a world striving for gender equality, Afghanistan...

Read moreDetails
Russia Targets Civilians: One of Kyiv’s Darkest Nights as Putin Pressures Trump

Russia Targets Civilians: One of Kyiv’s Darkest Nights as Putin Pressures Trump

June 17, 2025
icebergs floating in the water near a body of water

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

June 13, 2025
Ngũgĩ’s Ideas on Language: Relevant Here and Now

Ngũgĩ’s Ideas on Language: Relevant Here and Now

June 11, 2025
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 10, 2025
Why Are Big Companies Failing To Keep Their Net Zero Promises?

Why Are Big Companies Failing To Keep Their Net Zero Promises?

June 9, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air India Flight AI171 Crashes near Ahmedabad with 242 Onboard

What Happened to Air India Flight AI171?

June 18, 2025
How AI-Driven Automation Can Transform Assam’s Public Sector and Business Landscape

How AI-Driven Automation Can Transform Assam’s Public Sector and Business Landscape

June 18, 2025
Supreme Court Stands Firm Against Wealthy Silencing Media!

Kerala High Court Enforces Ban on Single-Use Plastics in Hilly Areas and Public Events

June 17, 2025
Afghan Women: Unyielding Resilience in the Face of Adversity!

Afghan Women’s Plight: A Call for Global Solidarity

June 17, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12377 shares
    Share 4950 Tweet 3094
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1422 shares
    Share 569 Tweet 356
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2868 shares
    Share 1147 Tweet 717
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5550 shares
    Share 2220 Tweet 1388
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7244 shares
    Share 2898 Tweet 1811
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3076 shares
    Share 1230 Tweet 769
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    173 shares
    Share 69 Tweet 43
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    172 shares
    Share 69 Tweet 43
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2158 shares
    Share 863 Tweet 540
  • ৰাজবংশী জাতিগঠন প্ৰক্ৰিয়াঃ সংমিশ্ৰণ আৰু সমাহৰণ প্ৰসংগ

    140 shares
    Share 56 Tweet 35
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d