–ডা° সুকৃতি চৌধুৰী |
নমস্কাৰ বন্ধু-বান্ধৱীসকল
যুগ যুগ ধৰি আমাৰ প্ৰত্যেকৰে মন মগজুত মেঘে পৰম ৰহস্যৰ সৃষ্টি কৰি আহিছে ৷ সৰুৰে পৰাই আমি মেঘৰ বিষয়ে কত কিমান কাহিনী শুনি আহিছো৷ কত কিমান উপন্যাস, কল্পকাহিনী আৰু কবিতাৰ সৃষ্টি এই মেঘক লৈয়েই….
মেঘ⇌बादल⇌Cloud আৰু জাপানী ভাষাত কিম’ (雲)…..আজি আমি কথা পাতিম মেঘৰ বিষয়েই….
আকাশলৈ চালেই আমি কত প্ৰকাৰৰ যে মেঘ দেখা পাওঁ৷ কিন্তু জানেনে আমি দেখা প্ৰত্যেক ধৰনৰ মেঘৰ নিজা নাম আছে৷ বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ International Cloud Atlas অনুসৰি মেঘ কমেও ১০০ প্ৰকাৰৰ৷ এই সমুদায় মেঘক আকাৰ, আকাশৰ কিমান উচ্চতাত থাকে আৰু প্ৰকৃতি কেনে হয় ইয়াৰ ওপৰত নিৰ্ভৰ কৰি ১০ ভাগত ভগোৱা হৈছে৷
উচ্চতা অনুসৰি থুলমুলকৈ ক’বলৈ গ’লে:-
(১) নিম্ন-স্তৰৰ মেঘ :-
এই সমূহ আকাশৰ ৬৫০০ ফুট উচ্চতাত থাকে৷ উদাহৰণস্বৰূপে: কিউমিলাচ, ষ্ট্ৰেটাচ, ষ্ট্ৰেটোকিউমিলাচ ধৰনৰ মেঘবোৰ৷
(২) মধ্যম স্তৰৰ মেঘ:-
এই সমূহ আকাশৰ ৬৫০০ ফুটৰ পৰা ২০০০০ ফুট উচ্চতাৰ মাজত থাকে৷ উদাহৰণ হিচাপে ক’লে: আল্ট’কিউমিলাচ, নিম্বোষ্ট্ৰেটাচ, আল্ট’ষ্ট্ৰেটাচ আদি৷
(৩) উচ্চ স্তৰৰ মেঘ:-
এই ধৰনৰ মেঘবোৰ আকাশৰ ২০ হাজাৰ ফুটতকৈ অধিক উচ্চতাত থাকে৷
আনহাতে কিউমিল’মনিম্বাচ ধৰনৰ মেঘ আকাশৰ সকলো উচ্চতাতেই থাকে৷
এতিয়া আহক প্ৰধান ১০ প্ৰকাৰৰ মেঘৰ বিষয়ে কথা পাতো:-
(১) কিউমিলাচ মেঘ:- আকাশত দেখা কপাহৰ উৰি ফুৰা টুকুৰা-টুকুৰি মেঘবোৰ৷ সূৰ্য্যোদয়ৰ সময়ত বৰ ধুনীয়া দেখা যায় এই মেঘবোৰ৷ বতৰ বিজ্ঞান অনুসৰি এই মেঘবোৰে ভাল বতৰৰ সংকেত দিয়ে৷
(২) ষ্ট্ৰেটাচ মেঘ:- খৰাঙৰ দিনত মুগা বৰণীয়া আকাশখন বিয়পি থকা এই ধৰনৰ মেঘ দেখাৰ অৰ্থ হ’ল পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা৷
(৩) ষ্ট্ৰেট’কিউমিলাচ মেঘ:- কোনোবাই যেন হাতত কটাৰি এখন লৈ এটুকুৰা বিশান মেঘক কাটি কাটি আকাশখনত বিয়পাইহে দিলে, এনে দেখা যায়৷ মুগা বা বগা দুয়ো বৰনৰ হয়৷ এই ধৰনৰ মেঘ দেখাৰ সংকেত হ’ল ধুমুহা-বৰষুণৰ আগজাননী৷
(৪) আল্ট’কিউমিলাচ মেঘ:- দেখাত ভেড়াৰ নোমৰ দৰে৷ সেইকাৰণে ইয়াৰ এক উপনাম “ভেড়াৰ পিঠি“ ৷ হাতখন আকাশলৈ দাঙি দি হাতৰ মুঠি খুলি দিয়ক৷ শাৰী শাৰী দীঘল দীঘল ভেড়াৰ নোমৰ দৰে মেঘবোৰ যদি আপোনাৰ আঙুলিৰ সৈতে মিলি পৰিছে তেনেহ’লে এয়া নিঃসন্দেহে আল্ট’কিউমিলাচ মেঘ৷ বতৰ বিজ্ঞান অনুসৰি এই প্ৰকাৰ মেঘে বিজুলী ঢেৰেকনিৰ সৈতে ৰিমঝিম বৰষুণৰ সংকেত দিয়ে৷
(৫) নিম্ব’ষ্ট্ৰেটাচ মেঘ:- গাঢ় মুগাবৰণীয়া এই মেঘবোৰে যেন বেলিটোৰে সৈতে আকাশখন ঢাকি পেলায়৷ এই মেঘবোৰে ধাৰাসাৰে কেইবাদিনো বৰষুণ অহাৰ আগজাননী দিয়ে আৰু যিবোৰ ঠাইত বৰফ পৰে তাত বৰফ পৰাৰ পুৰা সম্ভাৱনা থাকে৷
(৬) অল্ট’ষ্ট্ৰেটাচ মেঘ:-যেন এখন পাতল চাদৰে আকাশখন আংশিকভাৱে ঢাকি পেলালে, এই মেঘবোৰ দেখাত এনে লাগে৷ শীতকাল শেষ হৈ জহকাল আৰম্ভণি বা ওলোটাটো হোৱাৰ আগতে এনে মেঘ আকাশত দেখা যায়৷ মানে এনে মেঘে বতৰৰ সলনি হোৱাৰ সংকেত দিয়ে৷
(৭) চিৰাচ মেঘ:- বগা ৰঙৰ পাতলীয়া মেঘ৷ আকাশত আঁচ টানি থোৱাৰ দৰে লাগে৷ এই ধৰনৰ মেঘত জলীয় বাস্প কম থাকে৷ এয় ধৰনৰ মেঘত বৰফৰ সৰু সৰু টুকুৰাৰ আধিক্য থাকে৷ সাধাৰণতে এনে মেঘে দেখা দিলে বতৰৰ বিশেষ পৰিৱৰ্তন নহয় যদিও কেতিয়াবা বিৰাট ধুমুহা আৰু উষ্ণকটিবন্ধীয় চক্ৰবাত বায়ুৰ আৰম্ভণীৰ আগতো দেখা যায়৷
(৮) চিৰ’কিউমিলাচ মেঘ:- ইয়াক কপাহী মেঘ বুলিও কয়৷ কপাহৰ দৰে শাৰী শাৰী কৈ উৰি ফুৰা মেঘবোৰ৷ এই মেঘবোৰ বৰফৰ ক্ৰিষ্টেলৰ সমষ্টি৷ সাধাৰণতে শীতকালৰ আগমনৰ সংকেত দিয়ে৷
(৯) চিৰ’ষ্ট্ৰেটাচ মেঘ:-বগা ৰঙৰ গোটেই আকাশখন ঢাকি পেলোৱা মেঘবোৰ৷ ইহঁতে বায়ুমণ্ডলৰ উচ্চস্তৰৰ অৱস্থাৰ উমান দিয়ে৷
(১০) কিউমল’নিম্বাচ:- আকাশৰ প্ৰত্যেক উচ্চতাত থকা এই মেঘবোৰ দেখাত যেন এটা বিৰাট ডাঙৰ ফুলকবিৰ দৰে ()৷ এই মেঘবোৰে বিজুলী-ঢেৰেকণিৰ সৈতে বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাত আদিৰ আগজাননী দিয়ে৷