• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মেডিয়াৰ নতুন অধ্যায়

175+ Years of Assam and Beyond

by Anjan Sarma
January 6, 2023
in Media, News, Newspaper, Social Media
Reading Time: 5 mins read
0
Mahabahu – Special Issue
Share on FacebookShare on TwitterShare on LinkedIn

মেডিয়া

অঞ্জন শৰ্মা

media

আমি সাধাৰণতে বুজি পোৱা  মেডিয়াৰ সংজ্ঞা হ’ল – কোনো অৰ্থপূৰ্ণ মূল্যবান তথ্য, সংবাদ, বিষয় আদি আৰু বিশ্বাসযোগ্যতাৰে তথা যতিবিহীনভাবে স্থান আৰু সময়ৰ বোকোচাৰে সৰবৰাহ কৰা প্ৰযুক্তি – সেয়া লাগিলে জকাইচুকৰ গুৰুত্বপূৰ্ণ সংবাদেই হওক বা শুক্ৰাচাৰ্য ৰাভাৰ ‘আন্ডাৰ দ্যা শাল ট্ৰি’ৰ নাটকেই হওক অথবা নেটফ্লিক্সৰ চিনেমাই হওক কিম্বা অসম আন্দোলনৰ বাতৰি – তথ্যচিত্ৰই হওক বা ‘টক শ্ব’/সাক্ষাৎকাৰ, ইত্যাদিয়েই হওক।

যিয়ে চিহ্ন, ছৱি বা ফটো, শব্দ, লেখা বা বাৰ্তা, সাক্ষাৎকাৰ, ইত্যাদিক ‘কন্টেন্ট’ বুলি অভিহিত কৰে আৰু প্ৰযুক্তিৰ সহায়ত বিতৰণ কৰে – সেই সমস্তৰ মন্ডকেই মেডিয়া বুলি কোৱা হয় আৰু এই মেডিয়াইয়ে আমাৰ জীৱনৰ চোতালখন বৰ্ণময় কৰি ৰাখে হেতুকে ই আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ স্বৰূপ হৈ পৰিছে।

এঠাইৰ পৰা অইন এঠাইলৈ , মানুহক অৰ্থবহ সংবাদেৰে সংযোগ কৰি কৰি মেডিয়াই নতুন নতুন পৰিমন্ডল সৃষ্টি কৰিছে আৰু জীৱন যাত্ৰাৰ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়াইছে; ইয়াৰ ফলতেই মেডিয়াৰ বা সংবাদ মাধ্যমৰ জগতখনৰ ক্ষমতা অতুলনীয়। উল্লেখযোগ্য যে  প্ৰযুক্তিয়ে আজি অকল্পনীয় মাত্ৰা লাভ কৰি মেডিয়াক এক উচ্চতৰ শিখৰত উপনীত কৰাইছে যদিও মেডিয়া যি ক্ষমতাৰে শক্তিমান, প্ৰযুক্তিবিদসকল তেনে ক্ষমতাৰ অধিকাৰী নহয়।

সংবাদ জগতৰ ইতিহাস খুচৰিলে পোৱা যায় যে সংযোগ/সংবাদৰ উদ্দেশ্য সাধনৰ ক্ষেত্ৰত মেডিয়াই আৰম্ভণিৰে পৰাই ভীষণ প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহি আহি এই পৰ্যায় পাইছে। অৰ্থবহ সংবাদ কঢ়িওৱা মাধ্যমৰ পৰিবহনৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান ( উদাহৰণস্বৰূপে, শিলালিপিত আখৰ লেখা, সেই লিপি কঢ়িওৱাৰ সৈতে আজি হাতেৰে কঢ়িওৱা স্মাৰ্টফোনৰ তুলনাই নহয়) গ্ৰহণ কৰা সহজ কথা নহয়।

সংবাদ বা তথ্য বহন কৰা, প্ৰেৰণ কৰা, সংৰক্ষণ কৰা মাধ্যম যেতিয়া গধূৰ আছিল, মেডিয়াৰ পৰিসীমা আছিল অঞ্চলভিত্তিক। খ্ৰীষ্টপূৰ্ব ২০০০ৰ সময়ৰ মেচ’পটেমিয়াৰ মাটিৰ ফলিসমূহ বা প্ৰায় ১৫০০ বছৰ আগৰ কামৰূপাধিপতি ভাস্কৰবৰ্মাৰ ডুবিৰ শিলালিপি – যিবোৰে সংৰক্ষণ কৰিছিল গুৰুত্বপূৰ্ণ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় তথ্য – সেইসমূহৰ পৰিসৰ আছিল সীমিত, কাৰণ আকাৰ-ওজন-পৰিবহন আদি বিভিন্ন সমস্যা আছিল ।

inscription

কিন্তু এতিয়া একেবাৰে বিপৰীত ঘটনা;  সৌ তাহানিৰ শিলালিপিৰ পৰা যাত্ৰা কৰা সংবাদে বাতৰিকাকত, আলোচনী, আদিৰ বোকোচাত উঠাৰ পিছত নতুন নতুন অকল্পনীয় পৰ্যায়ত প্ৰৱেশ কৰিলে। বিতৰণৰ অত্যাধুনিক প্ৰযুক্তি, গ্ৰহণ কৰা ‘হাৰ্ডৱেৰ’ৰ প্ৰযুক্তিদত্ত ক্ষমতা, তাৰ লগতে বাৰৰঙী পেঞ্চিলৰ দৰে অন্তহীন বাৰেৰঙী সংবাদ বা ‘কন্টেন্ট’ – এই যুগত মেডিয়াৰ সৈতে প্ৰযুক্তিৰ ক্ষমতা অনিবাৰ্যভাৱে সংপৃক্ত হৈ পৰিছে; তাতে ৰহণ চৰাইছে ইন্টাৰনেট, স্মাৰ্টফোন, টেবলেট, আদিয়ে।

এতিয়া সমস্যা হৈছে, প্ৰতিমুহুৰ্ততে মেডিয়াই যোগান ধৰা হাজাৰ হাজাৰ সংবাদৰ, ছৱিৰ, ভিডিঅ’ৰ, তথ্য আদিৰ কোনবোৰ চাম, কোনবোৰ সংৰক্ষণ কৰিম, কোনবোৰ অবিলম্বে ‘ডিলিট’ কৰিম, কোনবোৰ নুখুলিম!!

নব্বৈৰ দশকতেই আমি শুনিছিলো যে এক নতুন অধ্যায়ৰ সূচনা হ’ল, প্ৰযুক্তিবিদ্যাৰ এক নতুন অধ্যায় আৰম্ভ হ’ল। তেতিয়া ভাবিবই পৰা নাছিলো যে ইমান ব্যাপক আৰু গভীৰ আৰু সৰ্বজনপ্ৰিয় হ’ব সেই অধ্যায়। আমি পঢ়িবলৈ পাইছিলো যে কানাডা নিবাসী আমেৰিকান উইলিয়াম গিবছন আচৰিত হৈছিল ভিডিঅ’ গেমৰ খেলুৱৈসকলক দেখি আৰু সেইবোৰক লৈ শিশু-চেমনীয়াৰ সম্পূৰ্ণ দৈহিক জড়িতকৰণ-মানসিক আসক্তি দেখি —  যেন তেওঁলোক বাস্তৱৰ এখন খেলপথাৰত হে আছে!

media1

গিবছনে কৈছিল – “It was like a feedback loop, with photons coming off the screens into the kid’s eyes, neurons moving through their bodies and electrons moving through the video game. These kids clearly believed in the space the game projected.”

সেই চিন্তাই গিবছনক ঘেৰি ৰাখিছিল। তেওঁৰ ভিডিঅ’গেম বা কম্পিউটাৰৰ জ্ঞান আছিল তেনেই সীমিত – আৰু তেওঁৰ বিখ্যাত উপন্যাস Neuromancer (১৯৮৪)খন তেওঁ তেওঁৰ পূৰণি টাইপৰাইটাৰটোত লিখি উলিয়াইছিল। গিবছনে কৈছিল -” They develop a belief that there’s some kind of actual space behind the screen, some place that you can’t see but you know is there.” সেই স্থানৰেই তেওঁ নামাকৰণ কৰিছিল “Cyberspace” — আৰু সেই শব্দটো তেওঁ ব্যৱহাৰ কৰিছিল তেওঁৰ উপন্যাস-গল্প আদিত।

ইয়াৰ পিছত নতুন নতুন শব্দ, সংজ্ঞা বহুত শুনা গ’ল – The Net, The Web, The Cloud, The Matrix, The Metaverse, The  Datasphere, The Electronic Frontier, The Information Superhighway, The IT, ICT, ইত্যাদি; কিন্তু গিবছনৰ Cyberspace হৈ থাকিল অতুলনীয়। সেই শব্দটোক লৈ সৃষ্টি হ’ল চাইঞ্চ-ফিক্সন নিৰ্ভৰ ফেন্টাছি, ইত্যাদি – পৰৱৰ্তীকালত যি সমগ্ৰ বিশ্বৰ সমস্ত কম্পিউটাৰবোৰক ইন্টাৰনেটৰ এখন ঘন  জালেৰে গুঠি পেলোৱা প্ৰযুক্তিৰ জৰিয়তে সৃষ্টি হোৱা বাস্তৱসদৃশ কাল্পনিক জগতখনৰ কোটি কোটি বাসিন্দাৰ বাবে এক বীজমন্ত্ৰত পৰিণত হ’ল।

আজি আমি মেডিয়াৰ এই নতুন অধ্যায়ত উপনীত হওতে ছপাশালৰ ঘাটৰ লগতে বিভিন্ন ঘাটত বিৱৰ্তনৰ নাওঁখন চপাই চপাই আহিছো। তাৰে কেইটামান উল্লেখ কৰি থব বিচাৰিছো, যেনে- জৰ্জ লুইচ লেছেজ( George Louis Lesage)-এ ১৭৭৪ চনত সভ্যতাক উপহাৰ দিয়া ইলেক্ট্ৰিক টেলিগ্ৰাফ, ১৮২৯ চনত ডব্লিউ এছ বাৰ্ট (W. S.Burt)-এ আৱিষ্কাৰ কৰা টাইপৰাইটাৰ, ১৮৭৬ চনত আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ টেলিফোন আৱিষ্কাৰ, ১৮৭৭ চনত টমাছ আলভা এডিচনৰ দ্বাৰা আৱিস্কৃত ফন’গ্ৰাফ, ১৮৯৪ চনত মাৰ্কনিয়ে আৱিষ্কাৰ কৰা ৰেডিঅ’,….

media2

….  ১৯০০-ৰ প্ৰথমভাগত ৰেডিঅ’- টেলিভিছন- চিনেমাৰ জয়যাত্ৰাঃ ১৯১৮ চনত প্ৰথমখন ৰঙীন চিনেমাৰ বাবে দৃশ্যগ্ৰহণ (Cupid Angling), ১৯১২ চনৰ ৪ এপ্ৰিলত আটলাণ্টিক মহাসাগৰৰ বুকুত টাইটানিক ডুবি যোৱাৰ সময়ত বিশ্ববাসীয়ে নাটকীয় ৰূদ্ধশ্বাসেৰে দেখা মাৰ্কনিৰ ৰেডিঅ’ই বিপুল ক্ষমতাৰে কিদৰে আন্তৰ্জাতিক ভূমিকা পালন কৰি মেডিয়াক এক অকল্পনীয় উচ্চতালৈ লৈ গ’ল ( উদ্ধাৰকাৰী নাওৰ ৰেডিঅ’ৰ পৰা অদূৰৰ জাহাজলৈ, জাহাজৰ পৰা কানাডাৰ পূৱ উপকুললৈ, কানাডাৰ পৰা আমেৰিকা আৰু ইউৰোপলৈ – য’ৰ পৰা টাইটানিকৰ যাত্ৰী হৈছিল শ শত জন) ,….

…..  ১৯২৩ চনত প্ৰথমখন উচ্চ মানদণ্ডৰ বাৰ্তালোচনী ‘টাইম'(TIME)ৰ আত্মপ্ৰকাশ, ১৯২৭ চনত ফিল’ ফাৰ্ণ্চৱৰ্থৰ দ্বাৰা প্ৰথম টেলিভিছনৰ সম্প্ৰচাৰ, ইত্যাদিৰ পিছত ১৯৩০ চনৰ পিছত ইলেকট্ৰনিক যুগত প্ৰৱেশ কৰি ১৯৪০ চনত কমিউনিটি এন্টেনা টেলিভিছন চিষ্টেম (early cable), ১৯৫০ চনত আত্মপ্ৰকাশ কৰা ক’লা-বগা টেলিভিছনে মূলসুতিত পৰিণত হোৱা ঘটনা, ১৯৬০ চনত এফ-এম ৰেডিঅ’ৰ জয়যাত্ৰা, ১৯৬৩ চনত অডিঅ’ কেছেটৰ ব্যাপক প্ৰচলন,…..

…… ১৯৭২ চনত ৰে’ টমলিনশ্বনৰ দ্বাৰা ই-মেইলৰ বিকাশ সাধন, ১৯৭৩ চনত জন মিশ্বেল আৰু মাৰ্টিন কুপাৰৰ দ্বাৰা হাতেৰে কঢ়িয়াই নিব পৰা প্ৰথম ম’বাইল ফোনৰ আৱিষ্কাৰ, ১৯৭৫ চনৰ পৰা ‘ভি-চি-পি’ আৰু ‘ভি-চি-আৰ’ৰ অপ্ৰতিৰোধ্য গতি, ১৯৮০ চনত ৰঙীন টেলিভিছনে মূলসুঁতিৰ বাতৰিকাকতক প্ৰথমবাৰৰ বাবে পৰ্যুদস্ত কৰি সিংহাসন দখল কৰা ঘটনা, ১৯৮১ চনত আই-বি-এম(IBM)ৰ দ্বাৰা ব্যক্তিগত কম্পিউটাৰৰ সূচনাৰে আৰম্ভ হৈ পৰা অইন এক কালজয়ী অধ্যায়, ১৯৮৫ চনত আত্মপ্ৰকাশ কৰা ‘মাইক্ৰ’ছফ্ট উইনডোজ’,…..

….. ১৯৮৬ চনত মুকলি হোৱা প্ৰথম বাণিজ্যিক ই-মেইল সেৱা MCI Mail, আৰু ১৯৯০ চনৰপৰা অকল্পনীয় ভাবে সমগ্ৰ পৃথিৱীকেই আলোড়িত কৰা ইন্টাৰনেট, তাৰ তালে তালে ছছিয়েল নেটৱৰ্কিং-অৰ অজস্ৰ ঠিকনা, এইবোৰৰ কান্ধত উঠি বিজয় পতাকা উৰুওৱা ছছিয়েল মেডিয়াৰ অনন্য মাত্ৰা আৰু যাত্ৰা, ১৯৯১ চনত পৃথিৱীৰ উপৰিভাগ মকৰাজালৰ দৰে ইন্টাৰনেটৰ অন্তহীন আন্তৰ্জালেৰে বান্ধিবলৈ ছাৰ টিমথি জন বাৰ্ণাৰ্ছ লিয়ে মুকলি কৰি দিয়া ‘ৱৰ্ল্ড ৱাইড ৱেব'( World Wide Web),…..

media3

…..  ‘আই-বি-এম’ৰ দ্বাৰা ১৯৯২ চনত তৈয়াৰ কৰা প্ৰথম স্মাৰ্টফোন ১৯৯৪ চনত বিক্ৰীৰ বাবে বজাৰত মুকলি কৰা ঘটনা, টেলিভিছন ‘গ্লবেল টেলিভিছন’ হৈ পৰি ১৯৯৪ চনত বিশ্ববাসীৰ সন্মুখত নেলচন মেন্ডেলাক উপস্থাপন কৰা ঘটনা আৰু ৰাজকুমাৰী ডায়েনাৰ শৱদেহ লৈ কৰা ১৯৯৭ চনৰ যাত্ৰা তথা ২০০৮ চনত অ’বামাৰ বিজয় ভাষণ, ১৯৯৫ চনত মাইক্ৰ’চফ্টৰ ইন্টাৰনেট এক্সপ্ল’ৰাৰ মুকলি,……

…… ১৯৯৭ চনত ‘ডি-ভি-ডি’ৰ দ্বাৰা ‘ভি-চি-আৰ’ বিধ্বস্ত হোৱা, ২০০১ চনৰ পৰা আৰম্ভ হোৱা তাৎক্ষণিক বাৰ্তা প্ৰেৰণৰ সেৱা(Instant Messaging Service)ৰ সূচনা, ২০০২ চনত ভৱিষ্যতৰ ছছিয়েল মেডিয়াৰ জগতৰ অবিসম্বাদী সম্ৰাট হিচাপে আৰোহণ কৰা ফেচবুক, ২০০৫ চনত ইউ-টিউব ( YouTube)ৰ আত্মপ্ৰকাশ, ২০০৭ চনত টাম্বলাৰৰ আৱিৰ্ভাৱ, ২০০৯ চনত হোৱাটচ্এপ আৰু ২০১০ চনত ইন্ষ্টাগ্ৰাম আদিৰ আত্মপ্ৰকাশ আদিয়েই তাৰে উৎকৃষ্ট উদাহৰণ।

সমগ্ৰ বিশ্বৰ মহানগৰ-নগৰসমূহত বসবাস কৰা জনসংখ্যাই ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে মহানগৰ-নগৰসমূহত বসবাস নকৰা জনসংখ্যাক ২০০৭ চনত অতিক্ৰম কৰিছে আৰু এই বিৱৰ্তনৰ বাবে ৫০০০ বছৰ সময়ৰ প্ৰয়োজন হৈছে। কিন্তু বিশ্বৰ মুঠ জনসংখ্যাৰ অধিকাংশতকৈও বেছি জনসংখ্যাক তেনেই কম সময়ৰ ভিতৰতেই ইন্টাৰনেটে আলিংগন কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ মুঠ জনসংখ্যাৰ অধিকাংশই এতিয়া ‘অনলাইন’ত থাকে।

‘ৱেব'(web)ৰ জগতে পশ্চিমীয়া দেশবোৰত প্ৰযুক্তিৰ সৈতে জড়িতসকলক মাত্ৰ ২৫ বছৰ পূৰ্বে স্পৰ্শ কৰাৰ পিছতে ই এক বিৰল ঘটনাত পৰিগণিত হৈছে। এতিয়া সৰ্বদিশত ইন্টাৰনেটৰ দ্বিতীয় অধ্যায় আৰম্ভ হৈছে। হয়, ইন্টাৰনেটৰ দ্বিতীয় ইনিংছ আৰম্ভ হৈছে।  সমাজৰ বিভিন্ন স্তৰৰ বান্ধোন ইন্টাৰনেটৰ এই দ্বিতীয় অধ্যায়ে স্পৰ্শ কৰিছে, সলনি কৰিছে, নতুন নতুন দৃশ্যপটৰ অৱতাৰণা কৰিছে, মুঠতে এক নতুন বিপ্লৱ তীব্ৰগতিৰে চৌদিশে আৰম্ভ হৈছে।

নতুনকৈ ইন্টাৰনেটৰ বাসিন্দা তথা আসক্ত  হোৱাসকলৰ সৰহভাগেই এখন নতুনকৈ সৃষ্টি হোৱা জগতৰ বাসিন্দা হৈছে আৰু বিগত ৩ বছৰৰ ভিতৰতেই তেনে এখন জগতত ৭২৬ নিযুত মানুহে ‘নাগৰিকত্ব’ গ্ৰহণ কৰিছে। দুৰন্ত গতিৰে আগবাঢ়িছে চীন। দুখীয়া অঞ্চল হিচাপে স্বীকৃত ভাৰত আৰু আফ্ৰিকাও আগবাঢ়ি গৈছে।

media4

আফ্ৰিকাৰ যিবোৰ অঞ্চলত সৌ সিদিনা পৰ্যন্ত দাস কিনা-বেচা হৈছিল, সেইবোৰ অঞ্চলত কৃষ্ণাঙ্গ কিশোৰৰ হাতত এতিয়া স্মাৰ্টফোন দেখা গৈছে আৰু নিত্য নতুন ক্ষেত্ৰ তেওঁলোকৰ চকুৰ সন্মুখত উন্মোচিত হবলৈ ধৰিছে। ইন্টাৰনেটৰ এনে প্ৰসাৰৰ সমান্তৰালকৈ উৰাবাতৰি, চৰিত্ৰহনন, ধৰ্মীয় মেৰুকৰণ, ধৰ্মীয় বা ৰাজনৈতিক কাৰণত নিৰ্য্যাতন আদিও বৃদ্ধি পাইছে ভাৰত, ম্যানমাৰ আদি অঞ্চলত – যিবোৰে উদ্বিগ্ন কৰি তুলিছে শুভবুদ্ধিসম্পন্ন মানুহক।

ইয়াৰ বিপৰীতে পৰোপকাৰ, বদান্যতা, সাহায্য, কৃষকে স্মাৰ্ট ফোনৰ দ্বাৰা শইচৰ মূল্য সম্পৰ্কে অৱগত হোৱা, কৰ’নাই ঘৰতে সোমাই থাকিবলৈ বাধ্য কৰা সময়ছোৱাত অনলাইন শিক্ষাগ্ৰহণ, কোভিড-১৯ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য-প্ৰাপ্তি, চিকিৎসক-চিকিৎসাৰ সুবিধা, যাত্ৰা, ইত্যাদি বিষয়বোৰো যোগাত্মক দিশ হিচাপে উন্মোচিত হৈছে।

ইন্টাৰনেটৰ প্ৰথম অধ্যায়টোৰ আশ্বৰ্যকৰ তন্ময়পূৰ্ণ, কিন্তু আপেক্ষিকভাৱে  মন্হৰ সময়ছোৱাৰ তৰপ ভেদ কৰি ওপৰলৈ (উতলা গাখীৰে সৰৰ তৰপ আতৰাই দিয়াৰ দৰে) দুৰন্ত গতিৰে দ্বিতীয় অধ্যায়টোৰ উতলা ইন্টাৰনেট সংযুক্ত প্ৰযুক্তিৰ প্ৰবাহে সৰ্বদিশে প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে অযুতবাহু।

আজি ব্যৱসায়ৰ ক্ষেত্ৰত, সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত, ভিডিঅ’ গেমৰ ক্ষেত্ৰত, মনোৰঞ্জনৰ ক্ষেত্ৰত, বহুততেই প্ৰৱেশ কৰিছে লক্ষ লক্ষ বিশ্ব-নাগৰিকে ; গতিকে অনিবাৰ্যভাবে মেডিয়াৰ জগতখনো ইন্টাৰনেটৰ দ্বিতীয় অধ্যায়ৰ তথা ইন্টাৰনেট নিৰ্ভৰ ছছিয়েল মেডিয়াৰ  ‘এপ’সমূহৰ বোকোচাত, অত্যাধুনিক প্ৰযুক্তিৰ কোলাত লেতুসেতু হৈ আশ্ৰয় গ্ৰহণ কৰিছে।

কোভিড-১৯ৰ সময়ছোৱাত সমগ্ৰ বিশ্বত সংবাদৰ পতাকাখন ইন্টাৰনেটৰ মাধ্যমেৰে তথ্য নতুন ডিজিটেল যুগৰ বিভিন্ন ছফ্টৱেৰ-এপচ্ আদিৰ মাধ্যমেৰে উৰি থাকিবলৈ সক্ষম হৈছে।  কিন্তু এতিয়া সেই প্ৰসঙ্গ আমি বহলাবলৈ নাযাও। সেই সম্পৰ্কে আলোচনা কৰিবলৈ হ’লে আমি কৃত্ৰিম বুদ্ধিমত্তা( Artificial Intelligence), কলন বিধি বা আ্যলগৰিথম(Algorithm), ফেচবুক, গুগল, টুইটাৰ, ডাটা সংৰক্ষণ, ছছিয়েল মেডিয়া, মাচ্ মেডিয়া, চিটিজেন জাৰ্নেলিজিম, ইত্যাদি বিভিন্ন ক্ষেত্ৰত পৰিভ্ৰমণ কৰিব লাগিব।

woman talking video
Photo by Brett Sayles on Pexels.com

কিন্তু সংক্ষেপে দুটা গুৰুত্বপূৰ্ণ বিষয় ইয়াতে উল্লেখ কৰা উচিত হ’ব –

(১) আ্যলগৰিথম, কৃত্ৰিম বুদ্ধিমত্তা, ডাটা আদিৰ সহায়ত ফেচবুক-এ সাংবাদিক নিয়োগ নকৰাকৈ মেডিয়াৰ জগতত প্ৰৱেশ কৰিছে , আৰু ১৫/১২/২০২০ তাৰিখৰ খবৰঃ ‘Facebook told employees on 15th December, 2020 that it’s developing a tool to summarize news articles so user won’t have to read them. It also laid out early plans for a neural sensor to detect people’s thoughts and translate them into action…’;

 (২) বাতৰিকাকত, আলোচনী, কিতাপ, গোহাৰি, ইত্যাদিবোৰ হ’ল ‘এটম'(Atom) বা পৰমাণু; কিন্তু মেডিয়াৰ মাধ্যম স্বৰূপ এই ‘এটম’ৰ কাৰেংঘৰত এতিয়া ডিজিটেল জগতৰ মহাবাহুবলী  ‘বিটচ্'(Bits)-এ প্ৰৱেশ কৰি ‘এটম’ক সিংহাসনচ্যুত কৰিবলৈ উপক্ৰম কৰিছে আৰু ৰংহীন, ওজনহীন, আকাৰহীন, পোহৰৰ গতিবেগেৰে  ‘চুপাৰ হাইৱে’ৰে সাগৰ-মহাসাগৰ-দেশ-মহাদেশ নিমিষতে পৰিভ্ৰমণ কৰিব পৰা ‘বিটচ্’-এ তথ্যনিৰ্ভৰ অৰ্থনীতিৰ মহানায়ক হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে।

এইসম্পৰ্কে এই লেখাত অধিক উল্লেখ নকৰো। এতিয়া এইখিনিকেই আমি উপলব্ধি কৰি আমি সন্তুষ্ট হৈ থাকিম যে সৌ তাহানি, আজিৰ পৰা প্ৰায় ১৮০+ বছৰ আগতে ছপাশাল, কাগজ, টাইপ আদি লগত লৈ নাওৰে ব্ৰহ্মপুত্ৰৰে উজাই শদিয়াত উপনীত হৈ ১৭৫+ বছৰ আগতে ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা সেই ছপাশালৰ দ্বাৰা অসমৰ সৰ্বপ্ৰথম বাতৰিকাকত ‘অৰুনোদই সম্বাদপত্ৰ’ প্ৰকাশ কৰি বিশ্বৰ বিভিন্ন বা-বাতৰি তথা স্থানীয় সংবাদ-বুৰঞ্জী আদি বোকোচাত কঢ়িয়াই অসমৰ মানুহৰ মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে অসমীয়া ভাষাৰ হৈ যুঁজ দিয়া আমেৰিকান মিছনেৰীসকলৰ সেই সময়ছোৱাৰ ছপাশালৰ প্ৰযুক্তি, পৰিবহনৰ আন্তঃগাথঁনি, তথ্য সংগ্ৰহৰ ক্ষেত্ৰৰ প্ৰত্যাহ্বান ইত্যাদি আজি আৰু নাই!

175 Years Of Media SpEd

আৰু সেইবাবেই ড° নাথান ব্ৰাউন, ব্ৰনছন্ আদিক সচাকৈয়ে যদি আন্তৰিকতাৰে স্মৰণ কৰিবলৈ আমি ইচ্ছুক – ইমান অত্যাধুনিক প্ৰযুক্তি হাতৰ মুঠিতে পোৱা , আজিৰ যুগত ভৌগোলিক পৰিসীমাই ঢুকি নোপোৱা আমাৰ সংবাদপত্ৰ, সাংবাদিক, লেখক, মেডিয়াৰ সৈতে জড়িত সকলোৱে নিজৰ দায়িত্ব উপলব্ধি কৰা যে প্ৰয়োজন সেয়া সংশ্লিষ্টসকলে হৃদয়াঙ্গম কৰিব।

আজি বাৰ্তা কঢ়িওৱা ‘মাধ্যম’ৰ মাত্ৰা বহু ওপৰলৈ গুচি গৈছে, কিন্তু সি মহীৰুহ হ’ব পৰা নাই উপযুক্ত ‘কন্টেন্ট’ৰ অভাৱত। যি জ্ঞান শিপাৰ পৰা প্ৰাপ্ত হয়, সেই জ্ঞান পাতত বিচাৰি উলিয়াই দিলেই ‘কন্টেন্ট’ নহব। সংশ্লিষ্টসকলৰ শাখা-প্ৰশাখা দেখি ভ্ৰম হব নালাগে, ফল-ফুল দেখিও পথভ্ৰষ্ট হবৰ প্ৰয়োজন নাই, কাৰণ শিপা পালেই সমস্ত বৃক্ষকে পোৱা যাব।

তথ্ৰাচ,  প্ৰযুক্তিৰ ইমান সুবিধা লাভ কৰিও আজি যেন মেডিয়াই অতীতৰ বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। বিপুল বৈভৱৰ মাজত যেন আত্মিক সংকটে আজি আমাৰ হৃদয় চেপি ধৰিছে।

মোৱামৰীয়া বিদ্ৰোহ, মহামাৰী, মানৰ বৰ্বৰ আক্ৰমণ, ইংৰাজৰ দ্বাৰা কানিসেৱন – শোষণ, ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ পীড়ণ-প্ৰতাৰণা, দশক দশক ধৰি  চৰম সুবিধাবাদী চৰিত্ৰৰ ‘থলুৱা’ আৰু ‘বহিৰাগত’ ৰাজনৈতিক নেতাৰ দ্বাৰা ‘সংজ্ঞা’হীন খিলঞ্জীয়া অসমীয়াক ‘সংজ্ঞাহীন’কৰণ – এইবোৰৰ মাজত নিজস্ব সত্বা হেৰুৱাই পেলাবৰ উপক্ৰম হোৱা এই মুলুকৰ খিলঞ্জীয়া বাসিন্দাসকল আজি যেন নিজৰ জন্মস্থানতেই ‘ৰিফিউজি’!

যেন মানৰ আক্ৰমণ এতিয়াও বৰ্তমান!

অসম যেন মন্দিৰৰ ঘন্টা, যাৰ যেনে ইচ্ছা – তেনেকৈয়ে বজাব পাৰে! এনে সময়ত, ইংৰাজৰ দিনত অসমৰ এচামে যিদৰে চাটুকাৰ হৈ আনন্দ লভিছিল, আজিৰ দিনৰ প্ৰযুক্তিৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত অসমৰ বহু মেডিয়াই সেই একেই ধৰণৰ অতীতৰ চাটুকাৰৰ আনন্দ লাভ কৰাটোৱেই সম্ভৱতঃ অসমৰ বাবে নিৰানন্দৰ অইন এক প্ৰধান কাৰণ।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মেডিয়া
Anjan Sarma

Anjan Sarma

Related Posts

Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast
Social Media

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

by ANUP SALOI
August 17, 2026
0

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds ANUP SALOI Have you ever witnessed a person always...

Read moreDetails
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d