-ডাঃ শ্বহিদুল প্ৰীতম |
আমাৰ শৰীৰৰ গুৰুত্বপূর্ণ এটি অংশ হল মেৰুদণ্ড। চিধা হৈ থিয় দিয়া, চলা ফিৰা কৰা আৰু ওজন বহনত মেৰুদণ্ডৰ ভূমিকা সকলোতকৈ বেছি। মেৰুদণ্ডৰ কোনো সমস্যা হলে জীৱিত হৈ থাকিম ঠিকই কিন্তু সেয়া হব মাথো জড় পদার্থৰ দৰে জীৱাই থকা। অথচ আমি নিজেই এই গুৰুত্বপূর্ণ অংশৰ ক্ষতি কৰি আছো দৈনন্দিন কামেৰে।
নিজৰ অজানিতে কৰা কিছু ভুলৰ বাবে মেৰুদণ্ডৰ হাড় ক্ষয় হয় মাৰাত্মকভাৱে। সেয়ে প্রতিদিনে কৰা সেই ভুল সম্পর্কে আমি সচেতন থকাটো জৰুৰী।
যেনে-
সঠিকভাৱে চকীত নবহাঃ
সঠিকভাৱে চকীত নবহাৰ ফলত মেৰুদণ্ডৰ ওপৰত বহুত বেছি চাপ পৰে। একেধাৰে এনেকুৱা চাপ সহ্য কৰিব নোৱাৰাৰ বাবে মেৰুদণ্ডৰ হাড় মাৰাত্মকভাৱে ক্ষতিগ্রস্ত হয়।
গধুৰ বস্তু দঙাঃ
চিধা থিয় হৈ থাকোতে ককাল বেকা কৰি হাউলি মজিয়াৰ পৰা গধুৰ সামগ্ৰী উঠোৱাৰ দৰে কাম আমি বহুতেই কৰো। এই অভ্যাস মেৰুদণ্ডৰ বাবে বহুত ক্ষতিকাৰক।গধুৰ সামগ্ৰী উঠোৱাৰ আগত শৰীৰত কিছু সময় শিথিলতা আনি লোৱাটো ভাল।
বিচনাত আউজি বহাঃ
কিতাপ পঢ়া বা লেপটপ চলোৱাৰ সময়ত দীর্ঘক্ষণ বিচনাত আউজি আধা শুৱাকে থকা হয়। ইয়াৰ ফলত আমাৰ মেৰুদণ্ডৰ বহুত ক্ষতি হয়।
একেৰাহে বহু সময় বহি বা থিয়হৈ থাকিলেঃ
একেৰাহে বহুসময় থিয় হৈ বা বহি থাকিলে মেৰুদণ্ডৰ বাবে ক্ষতিকাৰক। ইয়াৰ ফলত মেৰুদণ্ডত বহুত বেছি চাপৰ সৃষ্টি হয়। সেয়ে প্ৰতি ৩০ মিনিটৰ অন্তৰে অন্তৰে অৱস্থান পৰিৱর্তন কৰা উচিৎ।
দীর্ঘদিন আৰামদায়ক ম্যাট্রেছ বা তুলিৰ ব্যৱহাৰঃ
শুৱা বিচনাত আৰামদায়ক ম্যাট্ৰেছ বা তুলিৰ ব্যৱহাৰেও মেৰুদণ্ড দূৰ্বল কৰে।ওখ গাৰু ব্যৱহাৰ কৰাৰ পৰাও বিৰত থাকিব লাগে।
ওখ হিলযুক্ত চেণ্ডেলৰ ব্যৱহাৰঃ
অতিৰিক্ত ওখ হিল ব্যৱহাৰৰ ফলত ছোৱালী-মহিলাৰ মেৰুদণ্ডত বিষ হব পাৰে। ওখ হিল পিন্ধাৰ বাবে হাড়ৰ গাঠি বিলাকত চাপৰ সৃষ্টি হয়।ইয়াৰ ফলত বিষৰ সৃষ্টি হয়।
মানসিক চাপঃ
যিবোৰ মানুহৰ সহজেই ক্ষমা কৰি দিয়াৰ প্ৰৱণতা থাকে সেইসকলৰ মানসিক চাপজনিত ৰোগ কম হয়। তেখেতসকলৰ হতাশা, খং আদিকে ধৰি শাৰিৰীক বিষ ও কম হয়।আমাৰ মনৰ আবেগ আৰু মানসিক চাপৰ প্রভাৱ দেহৰ মাংসপেশীবোৰত পৰে। যাৰ ফলত মেৰুদণ্ডত বিষৰ সৃষ্টি হব পাৰে।