মে ডাম মে ফী
স্বৰ্ণ ভাজনি বৰুৱা
অসমত ” মে ডাম মে ফী”ৰ উদ্ভৱ হয় তিনিঘৰ মানুহে পালন কৰি অহা এক বিশেষ পৰম্পৰাৰ পৰা।
মুংমাওৰ পৰা তাই কোঁৱৰ চাওলুং ছ্যুকাফাৰ দলটিতে আহিছিল এই তিনিঘৰ মানুহ । তেওঁলোকে লগত আনিছিল তাই ভাষাৰ পুথি-পাঁজি চৰ্চা কৰাৰ পৰম্পৰাও। এই তিনিঘৰ মানুহৰ প্ৰতিনিধিয়েই অসমত ৰজা ঘৰীয়া মংগলিক কাৰ্য সমূহ সম্পাদন কৰি দিছিল। বিজ্ঞ জনে “বান চেং” (মঙল চোৱা পুথি) চাই ৰজাঘৰীয়া কামৰ শুভ-অশুভ দিশ সমূহ গণনা কৰি দিছিল ।
তেওঁলোক আছিল আচলতে ৰজা ঘৰীয়া গুৰু । এই তিনি ঘৰ মানুহেৰে সৃষ্ট ফৈদ কেইটাৰ নাম , মহুং , চাংবুন, মপ্লং । অসমীয়াত কোৱা হয় মহন,দেওধাই, বাইলুং বুলি । ছ্যুকাফাই চৰাইদেউত ৰাজধানী পতাৰ সময়তেই গুৰুঘৰীয়া ফৈদ তিনিটিয়ে ৰাজধানীৰ আশে-পাশে বাস কৰিবলৈ লয়। বৰ্তমানেও এই তিনিঘৰ মানুহৰ বংশ-পৰিয়াল সমূহৰ বেচিভাগেই চৰাইদেউৰ কাষৰীয়া অঞ্চলবোৰতে বাস কৰি আছে।
“ডাম” তাই ভাষাৰ শব্দ ।
অসমীয়াত ইয়াৰ কেইবাটাও অৰ্থ। তাৰে এটা হ’ল মৃতক । মহন-দেওধাই-বাইলুং লোক সকলৰ ঘৰৰ আখলৰ ঘাই খুঁটাটোৰ (মূধচৰ খুঁটা) কাষতে এডোখৰ স্থান নিৰ্দিষ্ট কৰা হয় , যি ডোখৰ স্থানক ”ডাম” অৰ্থাৎ মৃতকৰ ভেটি হিচাৱে গ্ৰহণ কৰা হয় । তেওঁলোকে বিশ্বাস কৰে যে মৃত্যুৰ পিছত তেওঁলোকৰ পিতৃ-মাতৃ তথা পূৰ্বপুৰুষে ‘ডাম ‘ হৈ আখলৰ ভিতৰৰ সেই বিশেষ স্থানত স্থিতি লয় আৰু অদৃশ্য ভাৱেই নিজৰ পৰিয়ালৰ সদস্যসকলক সুখে-দুখে চাই লগ দি থাকে ।
আখলত থকা ‘ডাম’ৰ ভেটিটো মহন দেওধাই- বাইলুং সকলৰ বাবে অতি পবিত্ৰ । তেওঁলোকৰ মানত এই ভেটি হিন্দু ধৰ্মৰ নামঘৰ বা মন্দিৰৰ দৰে। পুৱা-গধূলি আখলৰ ভিতৰলৈ সোমালেই তেওঁলোকে অনুভৱ কৰে মৃতক হৈ যোৱা আত্মীয়জনৰ সান্নিধ্য । ভক্তি ভাৱত মূৰ দোঁ খাই আহে অপোনা -আপুনি ।
বিহু-সক্ৰান্তি, ন-ভূঞ্ ৰোৱা, ন-খোৱা , বিয়া-সবাহ আদি বিশেষ দিনত তেওঁলোকে এটি গুৱা-পাণ, এবাটি লুক লাও, কাঠ আলু, কচু, পিঠা আদি আগবঢ়াই “ডাম”ক সেৱা জনায় । তাই আহোমৰ এই ফৈদ তিনিটাৰ এই পৰম্পৰা অসমৰ আন কোনো সম্প্ৰদায়ৰ মাজতে দেখা নাযায়।
তাই আহোমৰ উক্ত ফৈদ তিনিটিৰ মাজত ” ডাম” সম্পৰ্কীয় লোকবিশ্বাসো আছে। কেতিয়াবা যদি ঘৰৰ মূধত পৰি কপৌ চৰায়ে ৰুণ দিয়ে , তেতিয়া তেওঁলোকে বিশ্বাস কৰে , “ডাম”ৰ পিয়াহ লাগিছে বুলি । সেয়ে এনেকৈ কপৌৱে ৰুণ দিলে গৃহস্থ বা গৃহিনী গৰাকীয়ে “ডাম”ৰ ভেটিৰ মূধচৰ খুঁটাটো গুৰিত এচলু পানী চটিয়াই দিয়ে। ডামৰ পিয়াহ গুচে।
আজি কিছু বছৰৰ পৰা অসমৰ বিভিন্ন ঠাইত সেই ঠাইৰ ” তাই আহোম ” সকলৰ উদ্যোগত ৰাজহুৱাকৈ “মে ডাম মে ফী ” অনুষ্ঠানটি পালন হোৱা পৰিলক্ষিত হৈছে। এই চমু নিবন্ধটি “মে ডাম মে ফী”ৰ ওপৰত আমাৰ এক বিহংগম দৃষ্টিপাত ।
আমাৰ দৃষ্টিত মহন-দেওধাই-বাইলুং সকলে ঘৰুৱা জীৱনত কৰা ‘ডাম’ৰ পূজা-সেৱাই হৈছে বৰ্তমান ৰাজহুৱাকৈ অনুষ্ঠিত “মে ডাম মে ফী” অনুষ্ঠানৰ ভেটি।
“মে”ৰ অৰ্থ সোঁৱৰণ, ডামৰ অৰ্থ মৃতক আৰু ফী হৈছে ডামৰ পৰা মুক্তি প্ৰাপ্ত এক অদৃশ্য শক্তি।
অৰ্থাৎ ফী ডামৰ পৰৱৰ্তী অৱস্থা । “মে ডাম মে ফী ” ত তাই আহোম সকলে “ডাম” আৰু ” ফী” লৈ সেৱা আগবঢ়ায় ।
এই “মে ডাম মে ফী” ৰ দিনা তাই আহোম সকলে “বান ফী” সম্পন্ন কৰে । ইয়াত নিজে সংসাৰত ভোগ কৰা বিভিন্ন উপভোগ্য সামগ্ৰী ,যেনে কুকুৰা , সিজোৱা কণী , লুক লাও ,বৰা চাউলৰ টোপোলা ভাত , কেঁচামিঠৈ, পকা কল, কেঁচা কল আদি পাঙত সজাই মেহেঙা(বাঁহৰ কাঠিৰে সজা চাং) পাতি নৈবেদ্য ৰূপে মহা প্ৰকৃতিৰ উপাস্য শক্তি সমূহলৈ আগবঢ়ায়।
উল্লেখ্য যে তাই -আহোম সকল প্ৰকৃতি উপাসক । তেওঁলোকৰ কোনো নিৰ্দিষ্ট ধৰ্ম নাই , ধৰ্ম গুৰুও নাই। পূৰ্বপুৰুষৰ লগতে প্ৰকৃতিৰ বিভিন্ন শক্তি সমূহক বিভিন্ন সময়ত নিজা ৰীতিৰে সেৱা-অৰ্চনা কৰাৰ পৰম্পৰাই তেওঁলোকৰ ধৰ্ম। তেওঁলোকৰ বিশ্বাস , পিতৃ -পুৰুষৰ সেৱা-অৰ্চনাৰ মাজেদিয়েই প্ৰকৃতিৰ মহা শক্তি সমূহৰ কৰুণাও লাভ কৰিব পাৰি।
তাই আহোম সকলৰ জীৱনৰ ভিত্তি যিহেতু কৃষি কৰ্ম আৰু পশু পালন , সেয়ে সুখ- সমৃদ্ধিৰ বাবে প্ৰকৃতিৰ শক্তি সমূহৰ পৰা কৰুণা ভিক্ষা কৰে । তেওঁলোকৰ দৃষ্টিত মহা প্ৰকৃতিৰ বিভিন্ন অংগবোৰেই বিভিন্ন শক্তিৰ উৎস। এই উৎস সমূহক তেওঁলোকে আৰাধনা কৰে বিভিন্ন নামেৰে ।
তাই আহোমৰ ভাষাৰে মহাকাশৰ গৰাকীৰ নাম “লেংদন” । এই লেংদনেই আকাশত মেঘৰ সৃষ্টি কৰি পৃথিৱীত বৰষুণ দিয়ে। মাটিৰ অধিকাৰী শক্তিৰ নাম “আই লেংদিন “। জলৰ অধিপতিৰ নাম “খাও খাম” । শক্তিৰ অধিকাৰীজনৰ নাম “জান চাই হুং ” । জ্ঞান বা বিদ্যাৰ অধিকাৰী গৰাকীৰ নাম “জাচিংফা“। লাংকুৰি, কৃষিৰ অধিকাৰী।
সপ্ত দিশৰ অধিকাৰীক কোৱা হয় “চিত লাম চাম” বুলি । চন্দ্ৰ আৰু সূৰ্যক কোৱা হয় ক্ৰমে “তাই কুম” আৰু সূৰ্যক ” মুত কুম” বুলি । এই শক্তি সমূহৰ পৰা তেওঁলোকে ভিক্ষা কৰে পাৰ্থিব জীৱন-জগতৰ বাবে শস্য, পানী,ৰ’দ, বৰষুণ, জ্ঞান ,শক্তি ,পোহৰ আদি জীৱন জগতৰ প্ৰয়োজনীয় সমল । “বান ফী” সম্পন্ন কৰোঁতে ভাগ লয় মহন দেওধাই, বাইলুং এই তিনি ফৈদৰ তিনিজন প্ৰতিনিধিয়ে ।
” মে ডাম মে ফী ” উদ্ যাপনৰ প্ৰাকক্ষণত এখন পতাকা উত্তোলন কৰা হয়। পতাকাখনৰ মাজত থাকে তাই আহোমৰ জাতীয় প্ৰতীকটো। প্ৰতীকটোক কোৱা হয় “ঙ্যাও ছেং বং ফ্ৰা ” নতুবা ” ঙি ঙাও খাম ” বুলি । এই প্ৰতীকটো দেখাত এটা উৰণীয়া সিংহৰ দৰে। এই প্ৰতীকটো গ্ৰহণ কৰা হৈছে বিশেষ পাঁচটা প্ৰাণীৰ সংমিশ্ৰণত । এই প্ৰাণী কেইটা হৈছে সিংহ, ঘোঁৰা, চৰাই (ছেংকুকুৰা অৰ্থাৎ উৰণীয়া কুকুৰা), মাছ আৰু সাপ ।
সিংহৰ গম্ভীৰতা, ঘোঁৰাৰ দ্ৰূতগামিতা, চৰাইৰ আকাশত উৰিব পৰা আৰু ডেউকাৰে পোৱালি সাৱটি ল’ব পৰা গুণ, মাছৰ পানীত বিচৰণ কৰাৰ গুণ আৰু সাপৰ জলে-থলে বিচৰণ কৰিব পৰা গুণৰ সমাহাৰত এই বিশেষ প্ৰাণীৰ প্ৰতীকটো গ্ৰহণ কৰা হৈছে। প্ৰতীক ৰূপে গ্ৰহণ কৰা এই অদ্ভুত প্ৰাণীটোৰ দেহত এই কেয়োটা প্ৰাণীৰে অংশ দেখিবলৈ পোৱা যায়।
পতাকাৰ প্ৰতীকত সমাহাৰ কৰা ৰং কেইটিৰ ব্যৱহাৰৰো বিশেষ তাৎপৰ্য আছে। ইয়াত ব্যৱহাৰ কৰা ৰং কেইটি হৈছে লিং ,(হালধীয়া), দেং(ৰঙা) খেউ(সেউজীয়া) ডাম(ক’লা) আৰু ফ’ক (বগা)। হালধীয়াই ত্যাগ, ৰঙাই প্ৰাণ শক্তি,সেউজীয়াই মৈত্ৰী শক্তি,ক’লাই ত্যাগ আৰু বগা ৰঙে পবিত্ৰ ভাৱৰ অৰ্থ বহন কৰিছে। উক্ত পাঁচোটা ৰঙৰ সমাহাৰত পূৰ্ণ জ্যোতিৰ বিকাশ ঘটে ।
তাই আহোম সকলৰ দৰ্শনত বিশ্ব চৰাচৰৰ মূল স্ৰষ্টা আৰু পালোঁতা মূল শক্তি হৈছে নিৰাকাৰ ফুৰা । এই “ ফুৰা“ক কুকুৰা বা কণী আদি আমিষ সামগ্ৰী দি সেৱা কৰা নাযায় । কেঁচা ফল-মূল আগবঢ়াই ভক্তিৰে প্ৰাথনা কৰা হয় । ফুৰাৰ সেৱাৰ বাবে আয়োজন কৰা অনুষ্ঠান ভাগিক “ফুৰালুং” বোলা হয়। ইয়াত “কুঞ্লাক ” (কল গছৰ মধুনাৰ খুঁটা) পুতি এশ এখন চাকি জ্বলোৱা হয় । প্ৰসাদ ৰূপে দিয়া হয় কেঁচা পিঠা, মগু মাহ আৰু কল।
উক্ত “ফুৰালুঙ”ৰ লগত ” মে ডাম মে ফী ” ৰ সম্পৰ্ক নাই । “মে ডাম মে ফী” ৰ মূল অনুষ্ঠান “বান ফী ” হে । আজি-কালি যিহেতু বিভিন্ন ঠাইত “ফুৰা”ক প্ৰাৰ্থনা জনাবৰ বাবে “চেংৰেণ ” বা “ৰেণ চেং”( ফুৰাৰ প্ৰাৰ্থনা গৃহ)
সমূহ গঢ় লৈ উঠিছে, সেয়ে “মে ডাম মে ফী” ৰ দিনা জ্ঞাতি-কুটুম সকল সমবেত হওঁতে এই “চেংৰেণ”ৰ ভিতৰত ফুৰালুং এভাগিও পাতে । ফুৰাৰ এই সেৱা-অৰ্চনা “চেংৰেণ”ত বছৰৰ বিভিন্ন সময়ত সম্পন্ন কৰিব পাৰে।
আহোম ৰাজত্ব কালত মাজে-সময়ে এই মে” ডাম মে ফী ” ৰাজহুৱাকৈ অনুষ্ঠিত হৈছিল । স্বৰ্গদেউ চুক্লেং মুঙৰ দিনত গড়গাঁৱত “মে ডাম মে ফী” হোৱাৰ কথা বিজ্ঞজনৰ লেখাত পাইছোঁ। চক্ৰধ্বজ সিংহয়ো শৰাইঘাটৰ যুদ্ধৰ সময়ত “মে ডাম মে ফী”ৰ আয়োজন কৰিছিল বুলি জনা যায় । দেশ ব্ৰিটিছৰ হাতলৈ যোৱাৰ পিছত অৱশ্যে এই অনুষ্ঠানটি ৰাজহুৱা ভাৱে উদ্ যাপনত যতি পৰে।
যোৱাটো শতিকাৰ ষষ্ঠ- সপ্তম শতিকা মানৰ পৰা বিভিন্ন ঠাইত পুনৰ এই অনুষ্ঠানটি উদ্ যাপন কৰিবলৈ লোৱা হয়। শুনা যায়, প্ৰথমে গুৱাহাটীত কেইগৰাকীমান ব্যক্তিয়ে “মে ডাম মে ফী”ৰ আয়োজন কৰিছিল অনুষ্টুপীয়াকৈ । ১৯৭১ চনত গড়গাঁৱৰ কাৰেঙৰ বাকৰিত ৰাজহুৱাকৈ মে ডাম মে ফী উদ্ যাপন কৰা হয় । ১৯৮৪ চনত শিৱসাগৰৰ তলতল ঘৰৰ বাকৰিত এই অনুষ্ঠান উদ্ যাপন কৰা হৈছিল । বৃহত্তৰ গুৱাহাটীত অতি উলহ-মালহেৰে মে ডাম মে ফী উদ্ যাপন কৰা হৈছিল ১৯৮৯ চনত।
ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন ঠাইত “মে ডাম মে ফী” পালন কৰি অহা হৈছে । ৰাজহুৱা ভাৱে “মে ডাম মে ফী” পালন কৰা আজি অৰ্ধ শতিকা পাৰ হৈ গ’ল। কিন্তু “মে ডাম মে ফী” ৰ প্ৰাসংগিকতাৰ প্ৰতিহে তেনেকৈ দৃষ্টি দিয়া নহয়। বহুতৰে দৃষ্টিত ই এক সংকীৰ্ণ সাম্প্ৰদায়িক অনুষ্ঠান। মন্তব্য দিয়ে , “কেইটামান আহোমে মিলি দেও -ভূতক পূজা কৰি নিজে গাহৰি -লাওপানীৰে ভোজ ভাত খায়।” বুলি।
প্ৰকৃততে “মে ডাম মে ফী” কেৱল দেৱ-দেৱীক পূজাৰ নামত পূজা পতা অনুষ্ঠান নহয়। নতুবা বহুজন লগ লাগি মাছে-মঙহে ভোজ খোৱা অনুষ্ঠানো নহয়। প্ৰীতি ভোজটো আনুষংগিক কথাহে । অৱশ্যে ইয়াৰ মাজত নিহিত হৈ আছে সমাজ জীৱনৰ বাবে সমন্বয়ী চেতনাৰ প্ৰেৰণা।
এটা অনুষ্ঠান ঘৰুৱা জীৱনৰ পৰা ৰাজহুৱা জীৱনলৈ উন্নীত হোৱা মানেই তাৰ গুৰুত্ব বঢ়া।” মে ডাম মে ফী” ৰো গুৰুত্ব বাঢ়িছে । মহন, দেওধাই বাইলুঙৰ ঘৰুৱা পৰম্পৰাক বৃহত্তৰ সমাজে গ্ৰহণ কৰিছে । এই কথা অনস্বীকাৰ্য যে পূৰ্ব পুৰুষক স্মৰণ কৰিব নজনা জাতি এটাৰ বিলুপ্তিৰ বাট তেনেই চমু । পিতৃ পুৰুষে এৰি থৈ যোৱা কৰ্ম-সংস্কৃতিৰ পথেৰে বাট বুলিব পাৰিলেহে উত্তৰ পুৰুষৰ ভৱিষ্যত নিষ্কণ্টক হৈ থাকিব। “মে ডাম মে ফী”ৰ মাজত থকা শিক্ষাও এয়াই।
ওপৰত উল্লেখ কৰি অহা হৈছে যে “মে ডাম মে ফী “ত ডাম, ফী আৰু ফুৰাক আৰাধনা কৰাৰ সময়ত প্ৰাকৃতিক শক্তি সমূহৰ পৰা সুখ সমৃদ্ধি আশা কৰি ভক্তিৰে পাং আগবঢ়োৱা হয় । কিন্তু নিজে কৰ্ম নকৰিলে জানো সমৃদ্ধি মুখৰ আগত আকাশৰ পৰা সৰি পৰিব ? শক্তিবোৰেতো ৰ’দ, বৰষুণ, মাটি , পোহৰ, দেহ আৰু মনৰ শক্তি – প্ৰদানত কোনো কৃপণালি কৰা নাই! প্ৰকৃতিয়ে দিয়া জ্ঞান আৰু শক্তিৰ কৰ্ষণেৰে পাৰ্থিব ক্ষেত্ৰখন সমৃদ্ধ কৰি লোৱাৰ দায়িত্ব সন্তান সকলৰ নিজৰহে ।
চাওলুং ছ্যুকাফাৰ দিনৰ পৰা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনলৈকে অসম দেশৰ আৰ্থ-ৰাজনৈতিক-সমাজিক জীৱন হৈ আছিল সচ্ছল , সমৃদ্ধ । ৰাজ প্ৰশাসনে পৰিকল্পিত আঁচনিৰে , কঠোৰ শ্ৰম-ব্যৱস্থাৰে কৰ্ম-সংস্কৃতি গঢ়ি তুলি দেশখনৰ অৰ্থনীতি সৱল কৰি তুলিছিল । আচলতে কৰ্মই মানুহৰ প্ৰকৃত জীৱন । পূৰ্ব পুৰুষৰ পবিত্ৰ স্মৰণ তথা ডাম, ফুৰা, ফী ৰ পূজা-অৰ্চনা আত্মশক্তি আহৰণৰ মংগলময় উৎস মাথোন।
উল্লেখ্য যে পৃথিবীত বিজ্ঞানৰ যাত্ৰাৰ লগতে অনেক বিশ্বাস -পৰম্পৰাও চলি আছে। এই বিষয়বোৰত আধুনিক মনত দ্বন্দ্ব-প্ৰশ্নও চলি থাকে। সেই বিশ্লেষণ ইয়াত কৰিব খোজা নাই।
“মে ডাম মে ফী”ত আজি তাই আহোমৰ জ্ঞাতি-ভাইৰ লগতে জাতি-ভাষা-ধৰ্ম নিৰ্বিশেষে সমাজৰ সৰ্বজনৰ সমাৱেশ হোৱাটো এটা শুভ লক্ষণ। ইয়াক এতিয়া কেৱল নিজৰ পূৰ্ব পুৰুষৰ পূজা-সেৱা বুলি লোৱাৰ থল নাই। ৰজা ঘৰে -প্ৰজা ঘৰে উদ্ যাপিত এই উৎসৱে এতিয়া সাৰ্বজনীনতা লাভ কৰিছে । এই উৎসৱ সৰ্বজনৰ মংগলৰ হকে পতা উৎসৱ।
আমি আন্তৰিকে আশা কৰোঁ , ” মে ডাম মে ফী ” হওক সমাজৰ প্ৰীতি -সম্প্ৰীতিৰ পৰিৱেশ ৰচনাৰ লগতে জাতিৰ সৰ্বাংগীণ বিকাশৰ অন্তহীন প্ৰেৰণা ।
[স্বৰ্ণ ভাজনি বৰুৱা, চেৰেকাপাৰ, শিৱসাগৰ]
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)