-দিলীপ দৈমাৰী |
সমগ্ৰ ভাৰতত কৰ’না প্ৰতিষেধকৰ নাটনি, হাহাকাৰ, কিন্তু অবিলম্বে কোনো সমাধানৰ উপায় দেখা নাই স্বাস্থ্য- চিকিৎসাৰ সৈতে জড়িত হৰ্তা-কৰ্তা বিধাতাসকলে। চিৰাম ইন্সটিটিউট আৰু ভাৰত বায়’টেক নামৰ প্ৰতিস্থান দুটাই প্ৰস্তুত কৰা প্ৰতিষেধক, যথাক্ৰমে কোভিশ্বিল্ড আৰু কোভ্যাক্সিনৰ উৎপাদন বৃদ্ধি কৰাৰ সিদ্ধান্ত ললেও অহা দুমাহৰ আগতে কোনো সুফল পোৱা নাযাব বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত অইন প্ৰতিষেধকসমূহ যেতিয়ালৈ বজাৰ আহি নাপায়, তেতিয়ালৈ প্ৰতিষেধকৰ সামগ্ৰিক ঘাটি পুৰণ কৰা কঠিন হ’ব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। এনে এক সময়ত প্ৰধানমন্ত্ৰী মোডীৰ ‘টিকা উৎসৱ’ কিমান সফল হ’ব সেয়া সময়ত গম পোৱা যাব।
কোভিড-১৯ সংক্ৰমণৰ ভৰপকৰ সময়ত অতি তৎপৰতা অৱলম্বন কৰা, মানুহক ‘মাস্ক’ পিন্ধিবলৈ শিকোৱা, হাত ধুবলৈ শিকোৱা, শাৰীৰিক দূৰত্ব মানি চলিবলৈ আহ্বান জনোৱা অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ বতৰত নিজে ‘মাস্ক’ নিপিন্ধি নাচি-বাগি হাজাৰ হাজাৰ মানুহক গাতে গা লগাই নৃত্য কৰোৱা পৰ্ব শেষ হোৱাৰ পিছত এতিয়া অসমত ১১ এপ্ৰিল,২০২১ তাৰিখে আক্ৰান্ত হৈছে ৩৫২ জন, তাতে হৈছে প্ৰতিষেধকৰ আকাল আৰু আন্তঃগাথঁনিও এতিয়া নাই। এনে সময়তে আহিছে বিহু! আকৌ এনে সময়তেই মোডীৰ ‘টিকা উৎসৱ’ ! ১১ এপ্ৰিল তাৰিখে কামাখ্যা মন্দিৰ দৰ্শন কৰা ৫ জন ভক্ত কোভিড পজিটিভ বুলি চিনাক্ত হৈছে, গুৱাহাটী ৰেলষ্টেচনত একেলগে বহুজন কোভিড পজিটিভ বুলি চিনাক্ত হৈছে, বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে ১৯০২ জন; ইয়াৰ পটভূমিত সমগ্ৰ অসমত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সকলো দলে তথা অসম চৰকাৰে কোভিড-১৯ সম্পৰ্কীয় সকলো নীতি নিয়ম জলাঞ্জলি দিয়া হেতুকে বৰ্তমান অসমত কিমানৰ শৰীৰত কোভিড-১৯ ভাইৰাছৰ লীলা-খেলা চলি আছে, সেয়া ধাৰণা কৰা অসম্ভৱ। এতিয়া হঠাৎ তৎপৰ হোৱা স্বাস্থ্য বিভাগে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কিয় চকু মুদি বহি আছিল – তাকে লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। বিহুৰ আগে আগে মোডীৰ টিকা উৎসৱ! উদাহৰণস্বৰূপে ক’ব পাৰিঃ ১১ এপ্ৰিল তাৰিখে কেৱল নলবাৰী জিলাতেই ৩৫ টা কেন্দ্ৰ প্ৰতিষেধকৰ নাটনিৰ বাবে বন্ধ কৰি দিয়া হৈছে। এই সময়ছোৱাতেই বিহু, মুকলি হৈছে বিদ্যালয়মূহো। বিভিন্ন ৰাজনৈতিক দল, অসম চৰকাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অবিবেচক হোৱা হেতুকে এতিয়া বিহু সমিতিসমূহেও ধৰ্ণা দিবলৈ আৰম্ভ কৰিছে – ধুমধামেৰে বিহু উদযাপন কৰিবলৈ যাতে বাধা দিয়া নহয়! কাৰণ স্বয়ং স্বাস্থ্যমন্ত্ৰীয়ে সকলো নিয়ম ভঙ্গ কৰি নাচি বাগি সকলো একাকাৰ কৰি উদাহৰণ ডাঙি ধৰা সকলোৱে দেখিছে!
টিকা উৎসৱ পালন কৰিবলৈ আহ্বান জনোৱা মোডী ডাঙৰীয়াইও নিৰ্বাচনী প্ৰচাৰৰ সময়ত সকলো নীতি-নিয়ম জলাঞ্জলি দিলে, গৃহমন্ত্ৰী শ্বাহেও দিলে, কাৰণ – মূল বিষয় ক্ষমতা লাগে! আগতে ক্ষমতা, তাৰপিছত অইন কথা। ১১ এপ্ৰিল তাৰিখে ভাৰতত একেদিনাই কোভিড আক্ৰান্ত লোকৰ সংখ্যা ডেৰ লাখৰো বেছি। দিল্লীত একেদিনাই আক্ৰান্ত ১০৭৭৪ জন! কোভিড সংক্ৰমণৰ পটভূমিত গুজৰাটৰ উচ্চ ন্যায়ালয়ে স্বতঃপ্ৰণোদিত গোচৰ ৰজু কৰিছে। দেওবাৰে মৌখিকভাৱে গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিক্ৰম নাথে গোচৰ ৰজু কৰিবলৈ নিৰ্দেশ দি কৈছে যে -‘সংবাদ মাধ্যমত নিতৌ দেখা গৈছে ৰাজ্যখনত কি পৰিস্থিতিৰ সৃষ্টি হৈছে। এই অৱস্থাতো কোনো ব্যৱস্থা চৰকাৰে নোলোৱাটো অতি দুৰ্ভাগ্যজনক। সংবাদ মাধ্যমৰ প্ৰতিবেদন পঢ়ি বুজা যায় যে কেৱল নমুনা পৰীক্ষাত গাফিলতি হৈছে সেয়া নহয়, চিকিৎসালয়ত সাধাৰণ বিচনা, আই-চি-ইউ, অক্সিজেনৰ যোগান, সকলোতে গাফিলতি হৈছে। এইবোৰ দেখি ধাৰণা হৈছে যে ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থা জৰুৰী পৰিস্থিতিলৈ আগবাঢ়িছে।’ উল্লেখযোগ্য যে ১১ এপ্ৰিল তাৰিখ দেওবাৰে গুজৰাটত একেদিনাই ৫৪৬৯ জন আক্ৰান্ত হৈছে আৰু এতিয়া মুঠ আক্ৰান্ত হৈছে ৩লাখ ৪৭ হাজাৰ ৪৯৫ জন।
মোডীয়ে টিকা উৎসৱ পালন কৰিবলৈ আহ্বান জনোৱা সময়তে পোহৰলৈ আহিছে যে ভাৰত চৰকাৰৰ প্ৰতিষেধক নীতি স্বচ্ছ হোৱাও নাই। আৰম্ভণিৰে পৰাই প্ৰতিষেধক বিতৰণৰ ক্ষেত্ৰত কেন্দ্ৰীভূত নীতি গ্ৰহণ কৰিছিল মোডী চৰকাৰে। ৰাজ্যসমূহক মুকলি বজাৰৰ পৰা প্ৰতিষেধক কিনাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল আৰু কোন ৰাজ্যক কিমান প্ৰতিষেধক দিয়া হ’ব সেয়াও কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মৰ্মেহে হ’ব বুলি ঠিৰাং কৰা হৈছিল। ফলত স্বজনতোষণৰ অভিযোগ উঠিছে। মহাৰাষ্ট্ৰতকৈ গুজৰাটৰ জনসংখ্যা অৰ্দ্ধেক হোৱা স্বত্বেও দুয়োখন ৰাজ্যৰ বাবে সমান সংখ্যক প্ৰতিষেধক প্ৰেৰণ কৰা হৈছে। ইয়াকে লৈ মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে সৰৱ হৈ পৰিছে। একেই অভিযোগ ছত্তীছগড়ৰ। টিকাৰ অভাৱত যি সময়ত চৰকাৰী- বেচৰকাৰী টিকাকেন্দ্ৰ বন্ধ হৈ পৰিছে, তেনে সময়ত টিকা উৎসৱ উদযাপন হ’ব কিদৰে বুলি দিল্লীৰ মুখ্যমন্ত্ৰীয়েও প্ৰশ্ন উত্থাপন কৰিছে। এনেদৰেই মোডীৰ টিকা উৎসৱ যে বহ্বাৰম্ভে লঘু ক্ৰিয়া হৈ পৰিব – সেই বিষয়ে অলপো সন্দেহ নাই |