-পুষ্পাঞ্জলী শিৱম শৰ্মা |
আপোনাৰ শিশুটিয়ে মোবাইল বা টিভি চাইহে খাদ্য খাই নেকি?
শিশুটিৰ ভোক নলগা আৰু খাবলৈ মন নকৰা অভ্যাস এটা গঢ়ি উঠিছে নেকি?
প্ৰায়েই আমাৰ অভিভাৱকসকলে ডাক্তৰ, বেজ কবিৰাজ যত যি আছে সকলোতে এটা প্ৰধান সমস্যা লৈ দৌৰি তত নাপাও যে “সন্তানে খাব নোখোজে” ৷ যিমান যত্ন কৰা নাযাওক কিয় শিশুৰ খাদ্য গ্ৰহণ আৰু সিহঁতৰ পুষ্টিজনিতসমস্যাবোৰৰ পৰা মাকদেউতাকসকলে হাৰাশাস্তি পায়েই আহি আছে ৷
তেতিয়াহ’লে ইয়াৰ সমাধানৰ উপায় কি?
উপায় জনাৰ আগতে সমস্যা জনাটো অতি গুৰুত্বপূৰ্ণ ৷আৰু এইবোৰ যেন আমাৰ আশেপাশেই আছে,কথাহ’ল অলপমান সুক্ষ্ম পৰ্য্যবেক্ষন আৰু আমাৰ গুৰুত্ব ৷
শিশুসকলৰ এটা অতি বিনাশকাৰী অভ্যাস বৰ্তমান সময়ত সকলোপিনে গঢ়ি উঠা দেখিব পোৱা গৈছে ৷
” সেইটো হৈছে হাতত মোবাইল নাইবা সমুখত টিভিটো নললে প্ৰায় খাদ্য সিহঁতে গ্ৰহণ নকৰে “৷
এয়া বৰ্তমানৰ অভিভাৱকসকলৰ বাবে এক প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ বহুক্ষেত্ৰত আকৌ এনেকুৱাও দেখা যায় যে পৰিবেশ পৰিস্থিতি নাইবা সময়ৰ অভাৱহীনতাত কিছুমান অভিভাৱকে জানিয়েই হওঁক বা নাজানিয়েই নিজ সন্তানক মোবাইল বা টিভিটো পাতি দি খাদ্য খুৱায় ৷ প্ৰকৃততে এয়া অতিকৈ ভয়লগা আৰু সন্তানৰ বাবে অনিষ্টকাৰীহে৷
কিন্ত তাৰ মাজতো কম বেছি পৰিমাণে প্ৰতিজন সচেতন মাকদেউতাকে নিশ্চয়কৈ নিবিচাৰে যে নিজ নিজ সন্তানে যেন এই কুঅভ্যাসৰ বলি হওঁক ৷ ইচ্ছা নকৰিলেও কিন্ত চৌদিশে ইয়াৰ পয়োভৰ বাঢ়িহে গৈছে আৰু ই অতিশয় চিন্তনীয় ৷
উল্লেখনীয় কথা হ’ল পৰিৱৰ্তিত সময় তথা Technologyৰ দ্ৰুত দৌৰত মোবাইল নাইবা টিভি ৰ হাতোৰাৰ পৰা শিশুসকলক বচাব পৰা যায় কেনেকৈ ?
সিহঁতক ইয়াৰ অনিষ্টকাৰী প্ৰভাবৰ পৰা মুক্ত কিন্ত আমি অভিভাৱকসকলেই কৰিব লাগিব।
মোবাইলো দিব লাগিব ,টিভি ও চাব দিব লাগিব কিন্ত কেনেকৈ কেতিয়া কোন সময়ত, এইটোৰ কন্ট্ৰোল আমাৰ হাতত ৰাখিব লাগিব ৷ নিজ নিজ সন্তানক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সিহঁতক সঠিক দিশৰ পিনে কেনেকৈ নিব লাগে সেয়া আপোন মাক দেউতাকতকৈ আন কোনেও নিখুঁতভাবে কৰিব নোৱাৰে ৷”আমাৰ দ্বাৰা নহব,ল’ৰাটোৱে একো কথাই নুশুনে,জেদ ধৰে ইত্যাদি হাজাৰ বাহানাৰ পৰা প্ৰথমতে আমি মাক দেউতাক সকল মুক্ত হব লাগিব ৷ আপোনাৰ সন্তানক আপুনিয়েই অভিভাৱক হৈ যদি বশ কৰিব নোৱাৰে আন কোনেও নোৱাৰে ৷ কোৱা হয় সন্তানৰ বাবে মাক দেউতাক জাগ্ৰত ঈশ্বৰ আৰু ঈশ্বৰৰ বাবে অসম্ভৱ একো নহয় ৷পাৰ্থক্য মাত্ৰ এইটোৱে যে আমি জানিব লাগিব,আৰু নজনা কথাবোৰ ,যিবোৰ নেকি সিহঁতৰ বাবে হিতকাৰী তাক জানিবলৈ এক অধ্যয়নপুষ্ট মানসিকতাক ধাৰণ কৰিব লাগিব ৷ তাতে এতিয়াৰ বিদ্যালয়বন্ধৰ এক ভয়াবহ পৰিবেশত মাকদেউতাকৰ ভূমিকা গুৰুত্বপূৰ্ণ হব ৷শিশুমনোবিজ্ঞানৰ আৱশ্যকতা এনেকৈয়ে আহি পৰে ৷আমি অভিজ্ঞ ব্যক্তি,সূত্ৰ,কিতাপ আদিৰ পৰা শিকিব লাগিব ,কৰনীয় কি?
গৱেষণাৰ দ্বাৰা তথ্য এটি পোহৰলৈ আহিছে যে যিসকল শিশুৱে অতিমাত্ৰা মোবাইল বা টিভি চাই খাদ্যগ্ৰহণ কৰে সেইসকল শিশুৰ সম্পূৰ্ণ মনযোগ কেৱল তাতেই নিহিত হৈ থাকে ৷টিভি বা মোবাইলত দেখা পোৱা বিষয়বোৰত সিহঁতৰ মগজুুৱে ১০০% মনযোগ নিবদ্ধ কৰি থাকে ৷যাৰবাবে সিহঁতে খোৱা খাদ্যবোৰ হজম কৰিবৰ বাবে যিমানখিনি লেলাৱটি(saliva)ওলাব লাগে তাৰ নিৰ্দেশ দিবলৈ মগজু অপৰাগ হৈ পৰে ৷এই লেলাৱটিৰ বাবেই খাদ্যসমুহ হজম হয়,যদি এইবোৰ নোলায় তেতিয়া নিশ্চয়কৈ খোৱা খাদ্যবোৰ ভালকৈ হজম নহয় ৷ সিহঁতে নামতহে খাদ্যবোৰ হয়তো গিলি দিয়ে ঠিকেই,কিন্ত সেইবোৰ হজম নহয় সঠিক মাত্ৰাত লেলাৱটি নিঃসৰণ নোহোৱাৰ বাবে ৷যদি মগজু মোবাইল বা টিভিৰ অনুষ্ঠানবোৰতেই ব্যস্ত থাকে নিশ্চয়কৈ লেলাৱটি নিঃসৰণৰ বাবে সংকেত গৈ নাপায় ৷যাৰ বিৰূপ ফলাফল শিশুটিৰ স্বাস্থ্যৰ ওপৰত পৰে ৷
শিশুৰ খাদ্য হজম নোহোৱাৰ ফলত কি কি উপসৰ্গসমূহে দেখা দিয়ে কম বেছি পৰিমাণে আমি আটায়ে জানো ৷
লাহে লাহে শিশুটিৰ গেছৰ সমস্যাই দেখা দিব,বদহজমৰ বাবে কোষ্ঠ্যকাঠিন্যত ভূগিব,তাৰোপৰি লিভাৰৰ সমস্যাতো ভূগিব ৷
সকলোতকৈ অনিষ্টকাৰী কথা হৈছে ভিটামিনৰ পৰ্যাপ্ত অভাবে দেখা দিব সিহঁতৰ শৰীৰত ৷
গতিকে সিহঁতৰ সুস্থ দেহ এটাৰ বাবে আমি অভিভাৱকে অহৰহ যত্ন কৰিব লাগিব, কিয়নো সুস্থ দেহতহে সুস্থ মন এটা থাকে ৷
মোবাইলটো পাতি দি নিজৰ সুবিধাৰ বাবে আৰু নিজ নিজ কৰ্মত আত্মনিমগ্নতাই আপোনাৰে শিশুটিৰ বিপদ মাতি আনিব,সেয়া ধুৰূপ ৷ সাম্প্ৰতিক কৰ’নাকালীন পৰিস্থিতিত কৰবাত নহয় কৰবাত আমি প্ৰতিজন অভিভাৱকেে সুবিধা পাইছো,সময় পাইছো নিজ নিজ শিশুটিক লগ পাবলৈ,অধিক ওচৰৰ পৰা জানিবলৈ ৷,গতিকে আহক সিহঁতৰ সহচৰ হওঁ, সিহঁতক সময়,সংগ দিওঁ ,বন্ধুু হওঁ ৷ সিহঁতৰ দৃষ্টিৰে এবাৰ সিহঁতৰ জগতখনত ভ্ৰমণ কৰো ,হাতত হাত ধৰি,এটা আশ্বাসেৰে হৃদয় ভৰাই দিওঁ যে “আমি আছো তোমালোকৰ লগত,এই দুঃসময় সদায় নাথাকে,দিনবোৰ ভাল হ’ব,আকৌ পোহৰ হ’ব।”