• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, February 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

মোৰ প্ৰথম দিল্লী ভ্ৰমণ

- ভৱেশ শৰ্মা

by Anjan Sarma
June 15, 2021
in Lifestyle, Travel
Reading Time: 3 mins read
0
brown concrete india gate

Photo by Asif Methar on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– ভৱেশ শৰ্মা |

সেয়া আছিল মোৰ প্ৰথম দিল্লী যাত্রা ।

RelatedPosts

Hundreds of Food Paradoxes : One best solution

Hundreds of Food Paradoxes : One best solution

February 9, 2026
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

February 8, 2026
The History of Blouse: Tied in with both Modesty and Sexuality

The History of Blouse: Tied in with both Modesty and Sexuality

February 4, 2026

১৯৮৩ চন । মই ইঞ্জিনীয়াৰিঙ কলেজৰ ফাইনেল ইয়েৰৰ ছাত্র । ইন্টাৰভিউ এটা দিবৰ বাবে হঠাতে দিল্লী যাব লগা হৈ পৰিল।

অসমৰ বাহিৰ তেতিয়ালৈ মই দেখাই নাই । অকলে অকলে দেশৰ ৰাজধানী  দিল্লী মহানগৰলৈ যোৱাৰ কথা ভাবিয়েই মোৰ পেটতে হাত ভৰি লুকাল ।নাযাও বুলিয়ে ভাবিছিলো । বাহিৰত ঘূৰি ফুৰি আহা লগৰ অভিজ্ঞ বন্ধু বোৰে বুজালে– নোযোৱাটো ভুল হব । ভয় কৰিব লগা একো নাই । টিকেট কাটি ট্ৰেইনত উঠি দিলেই হল। ট্ৰেইন খনেই লৈ যাব দিল্লীলৈ। নিউ দিল্লী স্টেশ্যনত নামি পাহাৰগঞ্জ গেটেৰে বাহিৰ ওলালেই সমুখত ৰাস্তাৰ কাষতে আছে Sailay Guest House । তাতে খুব কম খৰচত থকা খোৱাৰ ব্যবস্থা উপলব্ধ। তেওলোকক কলে ঘূৰি আহাৰ বাবে ট্ৰেইনৰ ৰিজাৰ্ভেশ্যন তেওলোকেই কৰি দিব — নাম মাত্র কমিশ্যনৰ বিনিময়ত ।তাতে থাকি ইন্টাৰভিউটো দি আহিলেই হল। ইন্টাৰভিউৰ চিঠি খনততো ঠিকনা ভালকৈ দিয়া আছেই । ইয়াতনো ভয় কৰিব লগা কি আছে !

মোৰ মন ঘূৰিল । যাত্রাৰ প্ৰস্তুতি আৰম্ভ কৰি দিলো ।দিল্লী দৰ্শণ হব বুলি মনত চেপা উত্তেজনা এটাও বিৰাজ কৰিব ধৰিলে।

কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ দিল্লীলৈ ট্ৰেইনৰ ৰিজাৰ্ভেশ্যন পোৱা ইমান সহজ নহয় । বন্ধু নব কোৱৰৰ পিতৃ প্ৰয়াত ইন্দিবৰ কোৱৰৰ সৌজন্যত সেয়াও সম্ভব হৈ উঠিল ।

নিৰ্দিষ্ট দিনত সৰু চুটকেচ এটা হাতত লৈ মই গুৱাহাটী স্টেশ্যনত ট্ৰেইনত বহিলো । বঙাইগাওলৈকে মিটাৰ গজ ট্ৰেইন– ৰিজাৰ্ভেশ্যনৰ কথা নাহে ।বঙাইগাওৰ পৰা ব্ৰড গজ ট্ৰেইন একেবাৰে দিল্লীলৈ । মোৰ বাবে সংৰক্ষিত বাৰ্থ  বঙাইগাওত ব্ৰড গজ ট্ৰেইনতহে পোৱা যাব ।

আমাৰ কম্পাৰ্টমেন্টটো যাত্রীৰে একেবাৰে ঠাহ খোৱা। চীট এটাত কুচি মুচি কোনোমতে বহিবলৈ ঠাই অকন পাইছো মই। বহুতৰে সেই খিনি সৌভাগ্যও হোৱা নাই । কম্পাৰ্টমেন্টৰ মজিয়াত থিয় হৈ যতে পায় ততে হাতেৰে ধৰি ট্ৰেইনৰ হেন্দোলনিত নিজৰ শৰীৰৰ ভাৰসাম্য ৰাখিবলৈ প্ৰানপন চেষ্টা কৰিছে।

“এই দুৰ্ভগীয়া মানুহ বোৰ মোৰ নিচিনা ব্ৰড গজ ট্ৰেইনেৰে সুদূৰ দিল্লীলৈ যাব লগা বিশিষ্ট যাত্রী নহয় চাগে। মিটাৰ গজ ট্ৰেইনৰ যাত্রী নিশ্চয় ।হয়তো সৰুপেটা মানতে নামি যাব”– মই মনতে ভাবিলো ।

 চীটত বহিব পোৱা সৌভাগ্যবান যাত্রী সকলৰ প্ৰতি ঈৰ্ষাভৰা চাৱনিৰে চাই থকা এই মানুহ বোৰৰ প্ৰতি অবজ্ঞাভৰা দৃষ্টি নিক্ষেপ কৰিবলৈ গৈ মোৰ অলপ বেয়াও লাগিল । পিচে সেয়া ক্ষন্তেকৰ বাবেহে।  কোনোকালে নেদেখা ব্ৰড গজ ট্ৰেইন খনৰ ৰঙীন কল্পনাত তথা আগন্তুক সুখ যাত্রাৰ দিবা স্বপ্নত পিচ মুহূৰ্ততে মই বিভোৰ হৈ পৰিলো ।

–“আপুনি কলৈ যাব ?”– মোৰ লগতে চীটটোৰ একেবাৰে কাষত কোনোমতে নিজৰ টীকা এখন উপবিষ্ট কৰি বহি অহা যাত্রী জনে যন্ত্রনা কাতৰ স্বৰেৰে মোক সুধিলে ।

–“দিল্লী আকৌ”– সদম্ভে মই উত্তৰ দিলো । যেন মই দিল্লীলৈ যাম বুলি অনুমান কৰিব নোৱাৰাটো তেওঁৰ অপৰাধহে । –“আৰু আপুনি ?”— ওলোটাই মই প্ৰশ্ন কৰিলো এই যন্ত্রনাকাতৰ সহযাত্রীক ।

-“নাই, মই অলপ আগত সৰভোগত নামি যাম”–বৰ নিমাখিত স্বৰত উত্তৰ দিলে সহযাত্রীয়ে।

ওঠৰ কোণত  বক্ৰ হাহি এটাই খেলা কৰি গল মোৰ। সৰভোগলৈ যাবলৈ আৰু ইমান কষ্ট কৰি এখন টীকাৰ ওপৰত বহি যাত্রা কৰিব লাগেনে ! বৰপেটীয়া লাইন বাচ বোৰ দেখোন গৈয়েই আছে। আমাৰ নিচিনাকৈ  দিল্লী যাব লগা হোৱা হলে বেলেগ কথা আছিল ।

–“তামোল এখনকে খায় নেকি ?”–এই দুৰ্বিসহ ৰেল যাত্রাৰ মাজতো জেপৰ পৰা তামোলৰ টোপোলা এটা উলিয়াই মোক সুধিলে সৰভোগৰ যাত্রীয়ে।

সজাগ হৈ উঠিলো মই ।ট্ৰেইনৰ শ্লীপাৰ ক্লাচত চলে বলে কৌশলে আনৰ চীট দখল কৰাৰ বহু ৰোমাঞ্চকৰ কাহিনী অভিজ্ঞ বন্ধু মহলৰ মুখত মই শুনিছো । ই বেটাইও মোক তামোল চালি খুৱাই ভালৰি লগাই লাহেকৈ চীটত নিজৰ আনটো টীকাও নিগাজীকৈ বহুৱাই লোৱাৰ ফন্দি পাতা নাইতো ! মানুহ জনৰ মুখলৈ চালো । শান্ত শিষ্ট অতি নিৰ্জু চেহেৰা। দুষ্ট দগাবাজ হব যেন নালাগিল।তামোল খন মই হাত পাতি ললো।

–“দিল্লী বহুত দূৰ। যাওতে বহুত সময় লাগিব।”– ইমান পৰে চকু মুদি নীৰবে আমাৰ কথা  বতৰা শুনি থকা কাষৰ আন এজন যাত্রীয়ে এইবাৰ নিজৰ মহামূল্যবান অভিমত আগবঢ়ালে।

–“হয় হয়। ঠিকেই কৈছে”– এই স্বল্পভাষী সহযাত্রী জনক উৎসাহ দি কৈ উঠিলো মই। বহু গবেষণাৰ অন্ততহে তেখেতে যেন এই সত্য আবিস্কাৰ কৰিলে — এনেকুৱাই ভাব হল মোৰ।

–“আমাৰ বৈকুন্ঠ মাস্টৰৰ ডাঙৰ লৰাটো ।আৰ্মীত যে কাম কৰে। নামটো কি আছিল জানো তাৰ !”–আদহীয়া যাত্রী এজনে কথাষাৰ কৈ সহায় বিচাৰি কাষৰ জনৰ ফালে চালে।

-“কেলেই চন্দ্ৰ আকৌ”– তপৰাই মাত দিলে লগৰ জনে।  দুয়োজন যাত্রী একে গাওঁৰে হবপায়।

–“হয় হয়, চন্দ্ৰ । সিও সেইফালে কাম নকৰে জানো ? দিল্লী নে মাদ্ৰাজ বুলি কৈছিল যোৱাবাৰ আহোতে।”

–“হেৰৌ মাধবকাই, তই দেখোন দিল্লী আৰু মাদ্ৰাজ একেবাৰে লগ লগাই দিলি । দুয়ো খন ঠাই ভাৰতবৰ্ষৰ দুই বিপৰীত দিশত, বুজিছ “– সমুখৰ চীটত বহি থকা কম বয়সৰ যাত্রী জনে কথাষাৰ কৈ উঠি বাকী যাত্রী সকলৰ সমৰ্থন বিচাৰি ইফালে সিফালে চালে।

–“মইনো কেনেকৈ জানিম,বোপাই । গৈছো জানো কেতিয়াবা সেইবোৰ ঠাইলৈ !”– দিল্লী, মাদ্ৰাজ আদি ঠাইলৈ নোযোৱাৰ দুখত দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি মাধবকায়ে এইবাৰ খিৰিকীয়েদি বাহিৰৰ গুৱাগাচা স্টেশ্যনৰ প্ৰাকৃতিক শোভা নিৰীক্ষণ কৰাত লাগিল।

ভাৰতবৰ্ষৰ ভৌগোলিক জ্ঞানৰ অভাবতেই হবলা,বাকী যাত্রী সকলৰ পৰা দিল্লী আৰু মাদ্ৰাজৰ অবস্থানৰ ওপৰত কোনো মন্তব্য শুনা নগল ।

বৰপেটা ৰোড স্টেশ্যনত কেবাজনো যাত্রী নামি গল ।সৰভোগ স্টেশ্যনত মোৰ কাষৰ সহযাত্রী জনো নামিল । চাওতে চাওতে ডবাটোত যাত্রীৰ  ভীৰ সেৰেঙা হৈ আহিল । এনেকুৱা হলেহে যাত্রা কৰি মজা লাগে । থিয় হৈ হাত ভৰি পোনাই মই গাটো এবাৰ টঙাই ললো।

আবেলি পৰত আমাৰ মিটাৰ গজ ৰেল গৈ নিউ বঙাইগাওঁ স্টেশ্যন সোমালহি ।

অতি ব্যস্ত এই নিউ বঙাইগাওঁ স্টেশ্যন । উজনিৰ ফালৰ পৰা অহা সকলো ৰেলগাড়ীৰ ইয়াতে যাত্রাৰ ইতি পৰে। ইয়াৰ পৰা ব্ৰড গজৰ সাজ পিন্ধি আকৌ নতুনকৈ যাত্রা আৰম্ভ কৰে।

স্টেশ্যনৰ আশে পাশে নিৰ্জীব কেৰেলুৱাৰ দৰে যেনি তেনি পৰি ৰৈছে বহুকেইখন ইঞ্জিনবিহীন ৰেল ।প্লেটফৰ্ম বোৰত বিৰ দি বাট পাবলৈ নাই । প্ৰতীক্ষালয়ৰতো কথাই নাই । খোজ দিবলৈকো ঠাই নাই ।

প্লেটফৰ্মত ওলোমাই থোৱা ৰিজাৰ্ভেশ্যন চাৰ্টত মোৰ নামটো বিচাৰি পাই মই স্বস্তিৰ নিশ্বাস পেলালো ।

এক নম্বৰ প্লেটফৰ্মত গাড়ী লগাব বুলি ঘোষণা কৰা হৈ গৈছে।গাড়ী লগাবলৈ তেতিয়াও কিছু বাকী । চিগাৰেট এটাকে হুপি লোৱাৰ কথা ভাবিলো। গুৱাহাটীৰ পৰাই চাৰমিনাৰ চিগাৰেট এপেকেট কিনি লৈ আহিছিলো । পেন্টৰ জেপত হাত ভৰাওতে প্ৰথমতে পিচে হাতত উঠি আহিল জুইশলাৰ বাকচটোহে।

–” দিল্লীলৈ যাবা ?”– মোৰ ওচৰতে ৰৈ থকা সুদৰ্শন ভদ্ৰলোক জনে নিজৰ উইলচ্ ফিল্টাৰ চিগাৰেটৰ পেকেটৰ পৰা চিগাৰেট এটা মোলৈ আগবঢ়াই দি সুধিলে।

ভদ্ৰলোকলৈ মই চালো । সুন্দৰ পৰিপাটী সাজ পোছাকেৰে বৰ আকৰ্ষণীয় চেহেৰা । মাত কথাত আন্তৰিক স্নেহৰ সুৰ।বয়সত মোতকৈ কেইবছৰমানৰহে ডাঙৰ হব কিজানি ।

–“হয়। আপুনি ?”– চিগাৰেটটো হাতত লৈ খুব সম্ভ্ৰমেৰে সুধিলো মই।

-“সদ্যহতে দিল্লীলৈ । তাৰ পৰা আকউ অমৃতসৰলৈ।”– ভদ্ৰলোকে নিজেও এটা চিগাৰেট ওঠৰ কোণত ললে। দুয়োজনৰে চিগাৰেটত মই অগ্নি সংযোগ কৰিলো ।

ধূম্ৰপানৰ মাজে মাজে আমাৰ পৰিচয় পৰ্ব চলিল ।ভদ্ৰলোক অসম চৰকাৰৰ দায়িত্বশীল বিষয়া। পেছাত আৰ্কিটেক্ট । দিল্লী হৈ অমৃতসৰলৈ ফুৰিবলৈ ওলাইছে । লগত আহিছে সদ্যবিবাহিতা পত্নী আৰু মাতৃ।

ভদ্ৰলোক অলপ ভাবুক আৰু চিৰিয়াচ প্ৰকৃতিৰ যেন ভাব হল । অলপ সময়ৰ কথা বতৰাৰ মাজতেই ভদ্ৰলোকৰ ব্যক্তিত্বৰ প্ৰতি মই এক গভীৰ আকৰ্ষণ অনুভব কৰিলো ।

ৰেল আহিল । যাত্রী সকলৰ মাজত হুৱা দুৱা লাগিল । ডবাৰ ভিতৰত আগতে প্ৰবেশ কৰিবলৈ আটায়ে হেতা ওপৰা লগালে । ৰঙা চোলা পিন্ধা দস্যুৰ নিচিনা কুলী বোৰে নিজৰ ভাগৰ যাত্রীৰ বয় বস্তু বোৰ ডবাৰ ভিতৰলৈ দলিওৱাৰ এক অঘোষিত প্ৰতিযোগিতাৰ সূচনা কৰিলে । ৰেল ইয়াৰ পৰা আধা ঘন্টা পাচতহে এৰিব। কিহৰ বাবেনো এই অনাহক খৰখেদা ! বুজি নাপালো মই ।

মোৰ হাতত লাগেজ বুলিবলৈ মাথো সৰু চুটকেচ এটা । লাহে ধীৰে গৈ ডবাৰ ভিতৰত মোৰ নিৰ্দিষ্ট বাৰ্থটো দখল কৰি ললো ।

আধা ঘন্টা পাচত ৰেল এৰিলে।

নতুনকৈ দেখা ব্ৰড গজ ৰেল খনৰ ডবাটোত মই চকু ফুৰালো । মিটাৰ গজ ডবাৰ তুলনাত যথেষ্ট আহল বহল । ইটো ডবাৰ পৰা সিটো ডবালৈ অহাযোৱা কৰিবৰ বাবে মাজত সুৰংগৰ নিচিনা ৰাস্তা একোটাও আছে। বা: বৰ সুন্দৰ ব্যবস্থা দেখোন । ৰেল খনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মই মাজে মাজে টহলিয়াব পাৰিম তেন্তে।

ৰেল এৰাৰ অলপ পাচতে কৰ পৰা জানো ভেন্দৰ বিলাকৰ আবিৰ্ভাব ঘটিল । আবিৰ্ভাব ঘটিল মানে লানি নিচিগা এক শোভাযাত্রাই আৰম্ভ হৈ গল।এবিধৰ পাচত এবিধকৈ কি কি বস্তুই যে আহিব নধৰিলে ! বেড চীট, গাৰুৰ কভাৰ, টি চাৰ্ট আদি আপুৰুগীয়া বস্তুৰ মেটমৰা বোজা এটা লৈ যেই এজন পাৰ হৈ গল, তাৰ ঠিক পাচে পাচে আঠা লগাৰ নিচিনাকৈ লাগি আহিল আকৰ্ষণীয় বিদেশী পণ্য সম্ভাৰ । বিদেশী হাত ঘড়ী, চাবিৰ ৰিং, টৰ্চ লাইট, হাত চিলাই মেচিন, গহনা গাথৰি, মানি বেগ, নানা তৰহৰ খেলনা বস্তু আদিৰে যাত্রী সকলৰ মন মুহিবলৈ এই ভেন্দৰ জনে আপ্ৰান চেষ্টা কৰিলে । সফল নোহোৱা বুলিও কব নোৱাৰি। আগ্ৰহী যাত্রী দুই এজনে বহু দৰ দাম কৰি অবশেষত দুই এপদ বস্তু লৈ থলে । তাৰ পিচতে এইবাৰ আহিল জালমুৰি।দীঘলীয়া আমনিদায়ক ৰেল যাত্রাত সময় পাৰ কৰিবলৈ তৃপ্তিদায়ক জালমুৰিৰ যে কোনো বিকল্প নাই তাৰ ওপৰত সৰু সুৰা বক্তৃতা এটাই দি দিলে ভেন্দৰ জনে। জালমুৰিক প্ৰত্যাহ্বান জনাবলৈকে এইবাৰ একে একে আগবাঢ়ি আহিল ভজা বাদাম, চানাচুৰ, কেচা চানা আদি লোভনীয় খাদ্যৰ ভেন্দৰ সমূহ ।

তৃষ্ণাৰ্ত যাত্রী সকলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা ডাব নাৰিকল কেটামানেও মাজতে এবাৰ ভুমুকি মাৰিলে।

ডাব নাৰিকলৰ সমান্তৰাল ভাবেই ডাঙৰ এলুমিনিয়ামৰ বাল্টি এটাত আহি হাজিৰ হল ‘বইল আন্দা’  অৰ্থাৎ সিজোৱা কনী ।

গৰম গৰম চাহ কফিৰতো কথাই নাই । ভিন ভিন চেহেৰাৰ ভেন্দৰৰ হাতত বহু বিচিত্র ধৰণৰ পাত্রত অলপ সময়ৰ মূৰে মূৰে চাহ কফিৰ সোত ববলৈ ধৰিলে।

অকল খোৱা লোৱা কৰিলেইতো নহব । মুখ শুদ্ধিৰো দৰকাৰ। তামোল পান,জৰ্দাপান, চাধা, বিড়ি,চিগাৰেট আদিৰ এখন ভ্ৰাম্যমাণ পান দোকান ডবাৰ মাজেদিয়েই পাৰ হৈ গল ।

China ৰ পৰা অহা pain balm অৰ্থাৎ বিষহৰি মলমটোৱে হলে যাত্রী সকলৰ পৰা বিপুল সহাৰি লাভ কৰিলে।শৰীৰৰ যিকোনো অংগত হোৱা বিষ নিৰাময়ত এই মলমটো অব্যৰ্থ বুলি ভেন্দৰ জনে মাথো কবলৈহে পালে, এবাৰ চাই লবৰ বাবে একেলগে কেবাজনো যাত্রীয়ে হাত পাতিলে । চাওতে চাওতে  ভেন্দৰ জনৰ বিষহৰি মলমৰ ভান্দাৰ শেষ হবৰেই উপক্ৰম  হল।

মলমৰ পাচত এইবাৰ আহিল মালিচ । শিৰ মালিচ— মানে মূৰ মালিচ । লেতেৰা খাকী ৰঙৰ আওপুৰণি বেগ এটাত তেলৰ চিচা কেইটামান ওলোমাই লৈ অহা পালোৱান যেন চেহেৰাৰ বিহাৰী মানুহ জনে ঠান্দা ঠান্দা তেলেৰে মূৰ মালিচ কৰি দিল্লীলৈকে শৰীৰ  সতেজ আৰু ‘হাল্কা’ কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিলে।

ওপৰৰ বাৰ্থত শুই থকা আৰ্মীৰ জোৱান এজন মৰসাহ কৰি এই মালিচ লবলৈ তললৈ নামি আহিল ।পৰম উৎসাহেৰে বিহাৰী ভাইয়ে জোৱান জনৰ মূৰত চিচাৰ পৰা তেল এসোপামান জপজপীয়াকৈ ঢালি দি আসুৰিক শক্তিৰে মূৰটো ঘোটালিবলৈ ধৰিলে।

জোৱান জনে তলমূৰ কৰি থকা বাবে তেওঁৰ মুখৰ অভিব্যক্তি বুজা নগল । মোৰ লগতে বাকী সহযাত্ৰী  সকলেও এই ভয়ংকৰ মালিচৰ শেষ পৰিণতিনো কি হয় তাকে চাবলৈ চকু ডাঙৰ কৰি গভীৰ উৎকন্ঠাৰে বাট চাই ৰলো ।

–“আৰে ভাইটি, তুমি ইয়াত ! মই তোমাকেই বিচাৰি ওলাইছিলো”— মোৰ সমুখত দন্ডায়মান প্লেটফৰ্মত লগ পোৱা সেই সুদৰ্শন ভদ্ৰলোক ।

–“আমাৰ চীট কাষৰ ডবাটোতে পৰিছে। তুমি ওচৰত আছা ভালেই হল । লগ পাই গৈ থাকিম।”– আনন্দেৰে চকু মুখ উদ্ভাসিত কৰি কৈ উঠিল ভদ্ৰলোকে।

মোৰ ওচৰতে বহি লৈ বৰ গুপুত কথা এটা কোৱাৰ নিচিনাকৈ মাতটো সৰু কৰি ভদ্ৰলোকে আকৌ কলে-” মা লগত আছেতো । চিগাৰেট খাবলৈ অসুবিধা হয় । চিগাৰেট খাবৰ মন গলেই মই তোমাৰ ওচৰলৈ আহি যাম দেই ।”

মই ভালেই পালো । মাৰ্জিত  কথা বতৰাৰ আৰু অতি সম্ভ্ৰান্ত চেহেৰাৰ এই ভদ্ৰলোকৰ সান্নিধ্য ইতিমধ্যেই মোৰ খুব ভাল লাগিবলৈ আৰম্ভ কৰিছিল । তাতে ওপৰতে বিনা পইচাত পোৱা উইলচ্ ফিল্টাৰ চিগাৰেটৰ মধুৰ প্ৰলোভন ।

চিগাৰেট এটা হুপি মোৰ লগত দুআষাৰ মান কথা পাতি ভদ্ৰলোক গলগৈ । সন্ধিয়াৰ সময়ত আকৌ এবাৰ আহি জনাই থৈ গল –” ৰাতিৰ খানাৰ অৰ্ডাৰ লবৰ বাবে পেন্ট্ৰী কাৰৰ মানুহ আহি আছে। তুমি একো অৰ্ডাৰ নিদিবা দেই । তোমাৰ খোৱাৰ অৰ্ডাৰ মই আমাৰ লগতে দি দিছো । নিশা একেলগে খাম ।”

কৃতজ্ঞতাত মোৰ অন্তৰ ভৰি উঠিল । সেয়া প্ৰকাশ কৰাৰহে ভাষা বিচাৰি নাপালো ।

নিশা খোৱাৰ সময়ত ভদ্ৰলোকৰ পৰিয়ালৰ বাকী দুজনৰ সতে মোৰ চিনাকি হল ।  ভদ্ৰলোকৰ বিধবা মাতৃ স্বল্পভাষী যদিও  অতি সাদৰী যেন অনুভব হল। ভদ্ৰলোকৰ সদ্যবিবাহিতা পত্নী এক কথাত কবলৈ হলে– চালে চকু ৰৈ যোৱা সুন্দৰী । বয়স হয়তো মোৰ সমানেই হব । মাহ হালধিৰ গোন্ধ গাৰ পৰা যেন যোৱাই নাই । কপালৰ সেন্দূৰৰ ফোটটো উজ্বল হৈ জিলিকিছে। সদ্যবিবাহিতা নাৰীৰ সলাজ চাৱনিৰে কি যে অপৰূপা  এই নাৰীমূৰ্তি !

ৰং ৰহইচ কৰি খোৱাৰ মাজেৰে পৰিয়ালৰ তিনিওটা প্ৰানীৰে বৰ আপোন জন যেন হৈ পৰিলো মই । খোৱাৰ শেষত অপৰূপা নাৰী গৰাকীয়ে মোৰ হাতত ফলাহাৰ হিচাপে তুলি দিলে এটা কমলা। নিজে এটা কমলাৰ বাকলি গুচাই কাষতে বহি থকা স্বামী দেবতাৰ চকুত বাকলিৰ ৰস বোৰ চেপি ধৰিলে—দুষ্টালি কৰি । কপট ক্ৰোধত ইস ইস কৰি উঠিল আৰ্কিটেক্ট মহাশয় । আমি বোৰে প্ৰান খুলি হাহিলো।

ৰাতিপুৱা একেলগে জলপান খাবৰ বাবে অপৰূপাই দিয়া নিমন্ত্ৰণ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিহে মই বিদায় লব পাৰিলো ।

পৰিতৃপ্ত মন এটা লৈ নিজৰ বাৰ্থলৈ মই ঘূৰি আহিলো । চফল ডেকা বয়স মোৰ । নিজৰ বাৰ্থত অৰ্দ্ধশায়ী হৈ পৰিয়েই সপোনৰ ৰাজ্যত ডুব গলো মই । দিল্লীলৈ গৈ মই ইন্টাৰভিউ দিম । চাকৰি এটা হব । অপৰূপা নাৰী এগৰাকী আহিব মোৰ জীৱনলৈ । কোনোবা দূৰণিলৈ আমি দুয়ো একেলগে ৰেলেৰে যাত্রা কৰিম ।  ডাঙৰ স্টেশ্যন এটাত ৰেল খন ৰব। নামি গৈ প্লেটফৰ্মৰ পৰা মই এগালমান কমলা কিনি আনিম । আৰু…….

কেতিয়া যে টোপনিত ধলি পৰিলো কবই নোৱাৰিলো ।

এই মৰমিয়াল পৰিয়ালটোৰ সান্নিধ্যেৰে বৰ মধুৰ হৈ পৰিল মোৰ প্ৰথম দিল্লী যাত্রা। যাত্রাৰ সমস্ত সময় ছোৱাত মোক এপইচাও খৰচ কৰিব নিদিলে এই পৰিয়ালটোৱে। আনকি গুৱাহাটী স্টেশ্যনত কিনা  চাৰমিনাৰ চিগাৰেটৰ পেকেটটোও অক্ষত অবস্থাতে মোৰ পেন্টৰ পকেটত ৰৈ গল ।

উষ্ণ অপৰাহ্ন এটাত আমি  নিউ দিল্লী স্টেশ্যন পালো। ভদ্ৰলোকৰ পৰিয়ালৰ সৈতে মই একেলগে স্টেশ্যনৰ বাহিৰলৈ ওলাই আহিলো ।বিদায় লোৱাৰ সময় সমাগত । মনটো ভাৰাক্ৰান্ত হৈ উঠিল ।দুদিন আগৰ চিনাকি মাথোন । তথাপিও বৰ কষ্ট পাইছো দেখোন।

অশ্ৰুসিক্ত নয়নেৰে মই ভদ্ৰলোক আৰু তেখেতৰ পৰিয়াল বৰ্গৰ পৰা বিদায় ললো।স্টেশ্যনৰ সমুখত Sailay Guest House ৰ চাইন বোৰ্ড খন দেখাই পাইছো। তালৈ গৈ প্ৰথমতে ৰুম এটা লোৱাহে কথা । কাইলৈ ৰাতিপুৱা ইন্টাৰভিউ..

–” ভাইটি, শুনাচোন”–দুদিনত অতি চিনাকি হৈ পৰা মাতটো শুনি মই থমকি ৰলো ।মোৰ পৰা বিদায় লৈ অদূৰত টেক্সি এখনত উঠিব লোৱা ভদ্ৰলোক টেক্সি খনৰ কাষত পত্নী আৰু মাতৃক ৰখাই থৈ মোৰ ফালে ঘূৰি আহিছে।

মন্ত্রমুগ্ধৰ দৰে ময়ো আগবাঢ়ি গলো ।

মোৰ দুই কান্ধত নিজৰ হাত দুখন ৰাখি মোৰ চকুৰ পিনে পোনে পোনে খুব মৰম সনা চাৱনিৰে চাই তেখেতে এইবাৰ কলে—” প্ৰথম দিল্লীলৈ আহিছা। তাকো ইন্টাৰভিউ দিবলৈ । হাতত পইচা পাতি ঠিকেই আছেতো ? নহলে দিল্লীত বিপদত পৰিবা ।পইচা পাতি কম আছে যদি মোক কোৱা। একো সংকোচ নকৰিবা।”

মোৰ চকুপানীয়ে এইবাৰ কোনো বাধা মানিব খোজা নাছিল ।

পইচা পাতি হাতত ঠিকেই আছে বুলি ভদ্ৰলোকক মই আশ্বস্ত কৰিছিলো ।

মোৰ কান্ধত থপৰিয়াই দি তেখেতে এইবাৰ বিদায় লৈছিল ।

পাহাৰগঞ্জ স্টেশ্যনৰ সমুখৰ চোতাল খনত ভালেমান পৰ মই থৰ হৈ ৰৈছিলো ।

অকল সেইবাৰেই নহয় । ভগবানৰ দৰ্শণ মই এনেকৈ আৰু কেবাবাৰো পাইছো ।

ওম আনন্দময়ী চৈতন্যময়ী সত্যময়ী পৰমে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: দিল্লীভ্ৰমণ
Anjan Sarma

Anjan Sarma

Related Posts

Hundreds of Food Paradoxes : One best solution
food

Hundreds of Food Paradoxes : One best solution

by Claudia Laricchia
February 9, 2026
0

Hundreds of Food Paradoxes : One best solution Claudia Laricchia  We live on an obese Planet that is dying of...

Read moreDetails
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

February 8, 2026
The History of Blouse: Tied in with both Modesty and Sexuality

The History of Blouse: Tied in with both Modesty and Sexuality

February 4, 2026
অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

অৱহেলিত অসমৰ স্বাধীনতা ৰণৰ সেনানী

February 2, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

January 31, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

January 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Are We Ready For Autonomous Vehicles?

Are We Ready For Autonomous Vehicles?

February 10, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

February 10, 2026
THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

THE INWARD MIGRATION OF THE RABHAS INTO THE BRAHMAPUTRA AND THE TEESTA VALLEYS

February 10, 2026
World War III: Could Water Be the Spark?

World War III: Could Water Be the Spark?

February 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    26879 shares
    Share 10751 Tweet 6720
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    10335 shares
    Share 4134 Tweet 2584
  • Latest COVID data confirm infections have risen globally

    1938 shares
    Share 775 Tweet 485
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    3207 shares
    Share 1283 Tweet 802
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6351 shares
    Share 2540 Tweet 1588
  • Winter without Sleep: Kashmir’s Black Bears in a Warming World

    112 shares
    Share 45 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3455 shares
    Share 1382 Tweet 864
  • Perks of Leaving Your Hometown Behind

    96 shares
    Share 38 Tweet 24
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    732 shares
    Share 293 Tweet 183
  • Massive Epstein Files Release Sparks Debate in India Over Mentions of PM Modi and Minister Puri

    83 shares
    Share 33 Tweet 21
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d