• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

মোৰ প্ৰথম হিমালয় যাত্ৰা

by Anjan Sarma
July 4, 2024
in Travel, Tourism
Reading Time: 13 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

হিমালয় যাত্ৰা

ভৱেশ শৰ্মা

Himalaya

শ্যামাপ্ৰসাদ মুখোপাধ্যায় মহাশয়ৰ কনিষ্ঠ ভ্ৰাতৃ উমাপ্ৰসাদ মুখোপাধ্যায় আছিল দুৰ্দান্ত হিমালয়প্ৰেমী ।

তেখেত আছিল চিৰকুমাৰ । জীৱনটোৰ সৰহ ভাগ সময় তেখেতে হিমালয়ত ঘূৰি ফুৰিয়ে কটাইছিল । হিমালয় ভ্ৰমণৰ অমূল্য অভিজ্ঞতা সমূহ তেখেতে কেবাখনো কিতাপত লিপিবদ্ধ কৰি গৈছে ।

পশ্চিম বংগৰ বৌদ্ধিক সমাজত আৰু বিশেষকৈ হিমালয়প্ৰেমী পৰ্য্যটক মহলত তেখেতৰ কিতাপ সমূহ আজিও বিশেষ ভাবে সমাদৃত ।

         মুখোপাধ্যায় মহাশয়ৰ আটাইকেইখন গ্ৰন্থ মই পঢ়ি শেষ  কৰিছিলো । মোৰ অন্তৰত গভীৰ হিমালয়প্ৰেম তথা হিমালয়ৰ প্ৰতি তীব্ৰ আকৰ্ষণ আৰু ঔৎসুক্য গঢ়ি উঠিছিল ঘাইকৈ এই গ্ৰন্হ সমূহৰ যোগেদি। মই সপোন দেখিবলৈ লৈছিলো —ঘৰৰ কাষৰ অৰুণাচলৰ পৰা সুদূৰ কাশ্মীৰলৈকে বিস্তৃত এই বিশাল হিমালয় পৰ্বতশ্ৰেণীৰ মাজে মাজে এদিন ঘূৰি ফুৰিম । ৰহস্যময় হিমালয়ৰ অনাবিল সৌন্দৰ্য্যৰ চাক্ষুষ অভিজ্ঞতাৰে ধন্য কৰিম মোৰ এই ক্ষুদ্ৰ মানব জীৱন ।

         ইতিমধ্যে মই বিবাহ পাশত আবদ্ধ হৈছিলো । বিয়াৰ পাচত মোৰ হিমালয়ৰ আকৰ্ষণ আৰু বাঢ়িবলৈহে লৈছিল । তাৰ এটা কাৰণো আছিল । মোৰ শ্ৰীমতীৰ এজন সম্পৰ্কীয় মামাক আছিল আন এক  নিষ্ঠাবান হিমালয় পূজাৰী ( স্বৰ্গীয় কাৰ্ত্তিক শৰ্মা ) । মামা আছিল খুব অধ্যয়নশীল ।তেখেতৰ ঘৰত এটা ব্যক্তিগত পুথিভড়াল আছিল। উমাপ্ৰসাদ মুখোপাধ্যায়ৰ প্ৰায় সকলো কেইখন গ্ৰন্হই তাত মজুত আছিল । আকউ এবাৰ এই গ্ৰন্হ সমূহ মই পঢ়িবলৈ লৈছিলো ।

        মামাই কেবা বাৰো হিমালয় ভ্ৰমণ কৰিছিল । মন গলেই তেখেতে হিমালয়ৰ কোনো এখন ঠাইলৈ গুচি গৈছিল – কেতিয়াবা সপৰিবাৰে, কেতিয়াবা অকলশৰে । মোক লগ পালেই তেখেতে সেই অভিজ্ঞতা বোৰৰ কথা কৈছিল ।

কথা প্ৰসংগত এদিন তেখেতে মোক কৈছিল –” গাড়ী এখন লৈ হিমালয়লৈ গুচি যাব লাগেহে, ভবেশ– কোনো নিৰ্দিষ্ট গন্তব্য স্থান নোহোৱাকৈ । যতে মন যায়, তাতে গাড়ী ৰখাই থাকি যাব লাগে — যিমান দিনলৈ মন যায়, সিমান দিনলৈ । ঘূৰি আহিবই লাগিব বুলিতো কোনো কথা নাই ।”

       তেনেকুৱা কিবা এটা কৰাৰ বাসনা মোৰ মনত তীব্ৰ হৈ উঠিছিল ।

        হিমালয় বোলোতে মই প্ৰথমতে আমাৰ প্ৰসিদ্ধ তীৰ্থ বদ্ৰীনাথ ধাম দৰ্শণ কৰাৰ কথাই ভাবিছিলো । মুখোপাধ্যায় মহাশয়ৰ কিতাপতে মই পাইছিলো:

–“বহুনি সন্তি তীৰ্থানি দিবি ভূমৌ ৰসাতলে।

    বদ্ৰী সদৃশং তীৰ্থং ন ভূতং ন ভবিষ্যতি ।।”

অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আৰু পাতালত বহু তীৰ্থস্থানেই আছে । কিন্তু বদ্ৰীনাথৰ দৰে তীৰ্থ কোনোকালেই কতো নাছিল আৰু ভবিষ্যতেও নহব ।”

        কি সাংঘাতিক কথা । এনেহেন এখন তীৰ্থস্থান নিজৰ দেশত থাকোতে মইনো এবাৰ গৈ নাহো কিয় ! মনৰ সপোনটো এইবাৰ বাস্তবায়িত কৰাৰ চিন্তা কৰিছিলো মই ।

মোৰ প্ৰথম হিমালয় যাত্ৰা
Photo by Soubhagya Maharana on Pexels.com

          ২০০০ চনৰ জুলাই মাহত মোৰ মাতৃ বিয়োগ হৈছিল । আমাৰ বন্ধু বান্ধবী বহুতৰে ইতিমধ্যে  মাতৃ বিয়োগৰ দুখময় অভিজ্ঞতা হৈছেই । মা ঢুকোৱাৰ পাচত বিভিন্ন আত্মীয় স্বজনেৰে আমাৰ ঘৰ খন ভৰি পৰিছিল ।

পিন্ড দান, শ্ৰাদ্ধ আদি কৰ্মত ব্যস্ত হৈ পৰা হেতুকে মই কোনো কথা চিন্তা কৰিবলৈ আহৰি পোৱা নাছিলো ।সকলো কাম হৈ যোৱাৰ পাচত এজন দুজনকৈ আত্মীয় সকলে বিদায় লৈছিল । তেতিয়াহে মই অনুভব কৰিছিলো কিবা এক গভীৰ শূন্যতা । আৰু লগতে অনুভব কৰিছিলো কিবা এক প্ৰকাৰৰ অদ্ভুত বৈৰাগ্য । যেন ঘৰ সংসাৰ সকলো বাদ দি কৰবালৈ গুচি যাম ! কিন্তু যামনো কলৈ ! মানস পটত তেতিয়াই ভাহি উঠিছিল বদ্ৰীনাথ ধামৰ ছবি।

           বদ্ৰীনাথ যাব ওলোৱা বুলি শুনি দুই এক বয়োজ্যেষ্ঠ লোকে মোক পৰামৰ্শ দিলে — তীৰ্থস্থান দৰ্শণ কৰাৰ আগতে মাতৃৰ অস্থি বিসৰ্জন কৰি যোৱা ভাল ।

          প্ৰয়াগত মাৰ অস্থি বিসৰ্জন দিয়াৰ কথাটো মনতে মই ভাবিয়ে আছিলো । ঠিক কৰিলো — গুৱাহাটীৰ পৰা প্ৰথমে এলাহাবাদলৈকে যাম । তাতে প্ৰয়াগত মাৰ অস্থি বিসৰ্জন দি তাৰে পৰাই যাত্রা কৰিম বদ্ৰীনাথ ধামলৈ ।

          প্ৰয়াগৰ গংগা,যমুনা আৰু অন্তৰালৰ সৰস্বতী নদীৰ পুণ্য সংগম স্থলত প্ৰয়াত আপোন জনৰ অস্থি বিসৰ্জন দিয়াটো আমাৰ এক পবিত্ৰ কৰ্তব্য বুলি আমি সকলোৱে বিশ্বাস কৰো । আমাৰ গাওঁৰ ঘৰ খনত ইতিপূৰ্বে পিতা, খুৰা আৰু পেহীৰ মৃত্যু হৈছিল । কিন্তু সেই সময়ৰ আমাৰ আৰ্থিক অনাটন আৰু আন কিবাকিবি কাৰণত তেওঁলোকৰ অস্থি প্ৰয়াগত বিসৰ্জন দিয়াটো সম্ভব হৈ উঠা নাছিল । হলেও অস্থি সমূহ ঘৰ খনত সযতনে ৰাখি থোৱা আছিল।

সেই অস্থি সমূহো এতিয়া মোৰ হাতলৈ আহি পৰিল। শ্ৰীমতীৰ ফালৰ পৰা আহিল  শহুৰ দেউতা আৰু শ্ৰীমতীৰ প্ৰয়াত ডাঙৰ বাইদেউৰ অস্থি । মুঠ ছয় জন লোকৰ অস্থি মই  নাম লিখি সাবধানে বেলেগে বেলেগে বান্ধি ললো যাতে পাচত কোনো ভুল নহয় ।

            প্ৰয়াগত অস্থি বিসৰ্জন দিবলৈ গৈ বহুতৰে হয়তো বহু তিক্ত অভিজ্ঞতা হৈছে । হোৱাৰ কথাই । দুষ্ট দগাবাজ, ঠগবাজ, ভন্ড আৰু দালাল প্ৰকৃতিৰ মানুহৰ ইয়াত অভাব নাই । বাহিৰৰ পৰা আহা মানুহক ছলে বলে কৌশলে ঠগি দুপইচা অৰ্জন কৰাটোৱেই এই বদমাচ বোৰৰ লক্ষ্য । আমাৰ পিচে সেই বোৰৰ পৰা একো সমস্যা হোৱা নাছিল — কিয়নো আমি আমাৰ সমস্ত কৰ্ম ৰাজি সমাপন কৰিছিলো ‘ভাৰত সেৱাশ্ৰম সংঘ’ নামৰ প্ৰতিষ্ঠানটোৰ যোগেদি।

মোৰ প্ৰথম হিমালয় যাত্ৰা
Photo by Tripurari Pandey on Pexels.com

          এই মহান প্ৰতিষ্ঠানটোৰ কথা মনত পৰিলে এতিয়াও মোৰ মূৰ শ্ৰদ্ধাত দো খাই আহে । তেখেত সকলৰ সকলো ব্যবস্থাপনা অতি স্বচ্ছ, কম খৰচী আৰু একেবাৰে নিখুত । অস্থি বিসৰ্জন দিয়াৰ কাৰণে সংঘৰ চৌহদৰ পৰা নদীৰ ঘাটলৈ যাবৰ বাবে তেখেত সকলৰ আছে  নিজস্ব টাংগা । নদীৰ ঘাটত ৰৈ থাকিব তেখেত সকলৰেই পুৰোহিত আৰু নাপিত।  পুৰোহিতে বৈদিক কাম কাজ খিনি সম্পন্ন কৰিব । চুলি খুৰাব লগা হলে নাপিত জনে খুৰাই দিব ।

তাৰ পাচত সংঘৰ নিজস্ব নাওঁ এখনে লৈ যাব  গংগা, যমুনা আৰু সৰস্বতী নদীৰ পবিত্ৰ সংগম স্থলীলৈ । তাত অস্থি বিসৰ্জন দিয়াৰ পাচত সেই নাওঁ খনেই ঘূৰাই লৈ আহিব ঘাটলৈ  । ঘাটত ৰৈ থকা টাংগা খনে এই বাৰ ঘূৰাই লৈ আহিব সংঘৰ চৌহদলৈ । সকলো কৰ্ম সুকলমে হৈ যোৱাৰ পাচত নিৰ্দিষ্ট হিচাপ মতে পইচা খিনি জমা দিব লাগিব সংঘৰ অফিচত । ইমান যে সুন্দৰ আৰু নিজঞ্জাল এই ব্যবস্থা !

          গুৱাহাটীৰ পৰা এলাহাবাদ যাবলৈ ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ী খনেই বেচ সুবিধাজনক । সেই সময়ত ৰাজধানী এক্সপ্ৰেছৰ আতিথ্যৰ মানদন্ডও আছিল  যথেষ্ট উন্নত । আজিকালিহে বৰ বেয়া হল। বাতানুকুল দ্বিতীয় শ্ৰেণীত ভ্ৰমণ কৰিও সেই বাৰ আমাৰ অলপো বেয়া লগা নাছিল ।

        এলাহাবাদ স্টেশ্যনত ৰেলৰ পৰা নামি স্টেশ্যনৰ বাহিৰৰ পৰাই ‘টেম্পো’ এখনেৰে আমি গৈ ভাৰত সেৱাশ্ৰম সংঘৰ চৌহদত উপস্থিত হলো । প্ৰবেশ দ্বাৰত ৰৈ থকা কৰ্মচাৰী জনে আমাক অভ্যৰ্থনা কক্ষত বহিবলৈ কলে । কিছু সময় অপেক্ষা কৰাৰ পাচত ভিতৰৰ পৰা ধীৰ স্থিৰ খোজেৰে আহি উপস্থিত হল স্বামীজী মহাৰাজ । পৰিধানত গেৰুৱা বসন । শান্ত, সৌম্য আৰু অতি উজ্বল বুদ্ধিদীপ্ত চেহেৰা । চকুত হাই পাৱাৰৰ চশমা ।

       স্বামীজীক দেখিলেই অন্তৰত শ্ৰদ্ধা ভাব  উপজে । আমি থিয় হৈ প্ৰণাম কৰি আমাৰ আগমনৰ উদ্দেশ্য সংক্ষেপে বিবৰি কলো ।

      ” When do you want to perform that ?”– জানিব বিচাৰিলে স্বামীজীয়ে ।

      “Tomorrow, if possible”– বিনম্ৰ ভাবে কলো মই ।

        “Okay. And do you need accommodation here ?”– স্বামীজীৰ দ্বিতীয় প্ৰশ্ন ।

        “Yes, Swamiji.”– মই কিবা কোৱাৰ আগতেই টপৰাই মাত দি উঠিল শ্ৰীমতীয়ে। ভাৰত সেবাশ্ৰম সংঘৰ চৌহদৰ ভিতৰৰ আশ্ৰম সদৃশ শান্ত, পৰিচ্ছন্ন আৰু নিৰ্মল আধ্যাত্মিক বাতাবৰণে যে ইতিমধ্যেই তেওঁক মোহাচ্ছন্ন কৰি পেলাইছিল সেয়া মই বুজিব পাৰিছিলো ।

       দুমহলীয়া অতিথিশালাটোৰ কোঠা এটা স্বামীজীয়ে আমাৰ বাবে আবন্টন কৰিলে । কৰ্মচাৰী এজনে আমাৰ বয় বস্তু কোঠালৈ কঢ়িয়াই লৈ গল ।

       চৌহদৰ ভিতৰৰ আহল বহল চোতাল খনৰ একাষত অতিথিশালাটো । চোতাল খনৰ এমূৰত ইয়াৰ মূল মন্দিৰ । আমাৰ আবন্টিত কোঠাটো  মন্দিৰৰ একেবাৰে কাষত ।

       পৰিচ্ছন্ন কোঠাটোৰ ভিতৰত দুখন শয্যা । লিখা মেলা বা পঢ়া শুনা কৰিবৰ কাৰণে শয্যা দুখনৰ মাজতে ৰখা হৈছে এখন সৰু মেজ , লগতে এখন চকী । বাথৰুমটো কাষতেই সংলগ্ন । সকলো অতি পৰিস্কাৰ । কোনো ধৰণৰ বাহ্যিক আড়ম্বৰ বা বিলাসৰ চিন মাত্র নাই । ভাৰত সেবাশ্ৰম সংঘৰ জীৱন যাত্রাই এনেকুৱা — আড়ম্বৰহীন সাত্বিক জীৱন । “মানব সেৱাই মাধব সেৱা” — তেখেত সকলৰ প্ৰতিটো কামতে ঘটে তাৰ দৃষ্টান্তমূলক প্ৰতিফলন ।

         “উস, এতিয়াহে মনত শান্তি পাইছো । কাম বোৰ ভালে ভালে হৈ গলেই হয়। ইয়ালৈ আহি কিন্তু বৰ ভাল লাগিছে দেই । ইমান পবিত্র ইয়াৰ পৰিবেশ! আৰু দুদিনমান থাকি যাব নোৱাৰিনে ?”— কোঠাৰ ভিতৰৰ শয্যা খনত দীঘল দি পৰি কৈ উঠিল শ্ৰীমতীয়ে ।

         ” বদ্ৰীনাথত ইয়াতকৈও বেছি ভাল লাগিব চাবা।”– উত্তৰত মই মাথো কলো ।

      ” এতিয়া প্ৰথমতে  মন্দিৰত প্ৰণাম এটা কৰি নাহো কিয় !”– শ্ৰীমতীৰ প্ৰস্তাব ।

   উত্তম প্ৰস্তাব । লগে লগে মই মান্তি হলো ।

      ভক্তি আৰু নিষ্ঠা সহকাৰে কোনো এঠাইত নিয়মিত ৰূপত ঐশ্বৰিক শক্তিৰ  আৰাধনা কৰিলে তাত এক বিশেষ ধৰণৰ spiritual vibration বিৰাজ কৰে বুলি মই বিশ্বাস কৰো। তাৰ প্ৰমাণ মই কেবাবাৰো পাইছো । এই মন্দিৰত প্ৰবেশ কৰিও মোৰ অনুৰূপ অভিজ্ঞতাই হল ।

নিস্তব্ধ মন্দিৰটোৰ ভিতৰত কি যে এক অপূৰ্ব শিহৰণকাৰী পৰিবেশ !  I could clearly feel the presence of a very strong and pleasant Divine vibration. মোৰ শৰীৰৰ মাজেৰে এক মৃদু শিহৰণ বৈ গল । এক গভীৰ প্ৰশান্তি আৰু আনন্দেৰে ভৰি পৰিল মোৰ মন প্ৰাণ । মন্দিৰৰ বেদীৰ সমুখত সাষ্টাঙ্গে প্ৰণাম কৰোতে মোৰ দুই চকুৰে বৈ আহিল তপতাশ্ৰু । কিহৰ বাবেনো এই চকুপানী মই নিজেই বুজিব নোৱাৰিলো ।

মোৰ প্ৰথম হিমালয় যাত্ৰা
টাংগা

খট খট শব্দ কৰি আমাৰ টাংগা আগবাঢ়িল– ৰাতিপুৱাৰ এলাহাবাদ চহৰৰ ৰাজপথৰ ওপৰেদি । ঘোৰাৰ খুৰাৰ এই খট খট শব্দ আৰু তাৰ লগে লগে টাংগা খনে কৰা ছন্দোময় গতি মোৰ বৰ ভাল লাগে । মন মোৰ উৰি গল লৰালিৰ দিনলৈ । পাঠশালা বজাৰত তেতিয়া এখন সেউজীয়া ৰঙৰ ঘোৰাগাড়ী আছিল । সেই খনক টমটম বুলি কৈছিল হবলা ।

সেই খনত উঠি এদিন পাঠশালাৰ পৰা পাটাছাৰকুছিলৈ গৈছিলো । আ: কিমান যে মজা লাগিছিল সেই দিনা ! দেহিয়া নামৰ পালোৱানৰ নিচিনা মজবুত চেহেৰাৰ বিহাৰী গাড়োৱান জনে এই ঘোৰাগাড়ী খন চলাইছিল। দেহিয়াৰ প্ৰকান্ড মোচ কোচা সেই সময়ত সমগ্ৰ বজালী অঞ্চলতেই চৰ্চাৰ বিষয় হৈ পৰিছিল । মোচ কোচাক লৈ দেহিয়া ভাইৰ নিজৰো গৰ্বৰ শেষ নাছিল । লোকক দেখুৱাই মাজে মাজে  মোচত তাও দি সি তাকেই প্ৰতিপন্ন কৰিব  বিচাৰিছিল।

ঘোৰাগাড়ী খন চলাই যাওতেও সি কোনো প্ৰয়োজন নোহোৱা স্বত্বেও মাজে মাজে  ‘হেই হেই, হুৰ হুৰ‘ আদি চিঞৰ বাখৰ কৰি দুই কাষৰ পদচাৰী সকলৰ ওচৰত নিজৰ শ্ৰেষ্ঠত্বকেই যেন প্ৰদৰ্শন কৰিব খুজিছিল । দেহিয়া ভাইৰ ঠিক পাচ ফালেই বহি ময়ো দুই ফালৰ আলেখ লেখ চাই গৈছিলো । বজাৰ কৰা মোনা একোখন কঢ়িয়াই লাহে ধীৰে খোজ কাঢ়ি আহি থকা দুৰ্ভগীয়া পদচাৰী সকললৈ মোৰ বেয়াই লাগি গৈছিল ।

দিন বোৰ সদায় এনেদৰেই চলা নাছিল । যান্ত্ৰিক পৰিবৰ্তনৰ ঢৌৱে পাঠশালা বজাৰকো চুই গৈছিল ।গাড়ী মটৰৰ যাতায়ত আৰম্ভ হোৱাত এই টমটম গাড়ী  খন নচলা হৈ পৰিছিল । হলেও পৰিবৰ্তনৰ ঢৌক প্ৰত্যাহ্বান জনাই  দেহিয়া ভাই আৰু তাৰ মোচ কোছা ৰৈ গৈছিল অপৰিবৰ্তিত হৈ ।

জীবিকাৰ তাড়নাত দেহিয়া ভাইয়ে এই বাৰ মাথো টমটম এৰি তিনিচকীয়া ৰিক্সা এখন চলাবলৈ লৈছিল । পেশীবহুল শৰীৰ আৰু প্ৰকান্ড মোচ কোচাৰ লগতে এই বাৰ ৰিক্সা খনৰ পাচফালে ৰঙা আখৰেৰে ডাঙৰকৈ লিখি লোৱা ‘দেহিয়া’ নামটোৱেও পদচাৰী সকলৰ দৃষ্টি কাঢ়ি নিছিল ।

সুদীৰ্ঘ কালৰ ব্যবধানত আজি আকৌ মই ঘোৰাগাড়ীত উঠিছো । গাড়োৱানৰ আসনত মাত্র দেহিয়া ভাই নহয় , ৰামগোপাল নামৰ এজন স্থানীয় বয়সস্থ লোক । মোচ বুলিবলৈ নায়েই । দাঢ়ি গোফ চিকুণকৈ খুৰোৱা ।

এফালৰ পৰা মই চাই গৈছো এলাহাবাদ চহৰৰ ৰেহ ৰূপ । ৰাতিপুৱাৰ এলাহাবাদ চহৰ খনে ভালকৈ সাৰ পাই উঠাই নাই । দোকান পোহাৰ তেনেকৈ খোলাই নাই । পদপথৰ ওপৰৰ চাহৰ দোকান এখনত হলে বেচ মানুহৰ সমাগম । মাটিৰ গিলাচত চাহ পৰিবেশন কৰিছে।  ধোৱা ওলাই থকা গৰম গৰম চাহৰ লগতে বিড়ি চিগাৰেটৰো ভাল শ্ৰাদ্ধ হৈছে ।

বেঞ্চৰ নিচিনা আসন খনত বহি দুজন ভদ্ৰলোকে গৰম চাহৰ লগতে ৰাতিপুৱাৰ হিন্দী বাতৰি কাকত খনতো চকু ফুৰাইছে । গৰম চাহ তেওঁলোকেই খাওক বাৰু । আমিতো ৰাতিপুৱাৰ চাহ জলপান খায়েই আহিছো । আমি এতিয়া সোনকালে ত্রিবেনী সংগম গৈ পাব লাগে । আমাৰ টাংগা সেয়ে পোনে পোনে আগবাঢ়িল গংগা নদীৰ ঘাটৰ ফালে ।

ৰাজপথৰ পৰা ফালৰি কাটি সৰু ৰাস্তা এটাৰে কিছুদূৰ যোৱাৰ পাচত গংগাৰ পাৰৰ এঢলীয়া মুকলি ঠাই এটুকুৰাত আমাৰ টাংগা ৰৈ গল । পুৰোহিত মহাশয় তাত আমাৰ বাবেই ৰৈ আছিল । অস্থি বিসৰ্জনৰ বৈদিক কাম খিনিৰ যোগাৰ তেখেতে গংগাৰ পাৰতে কৰি ৰাখিছিল । আমি গৈ পোৱাৰ পাচতেই তেখেতে নিজৰ কাম আৰম্ভ কৰি দিলে । কানি-কাপোৰ সলাই ধুতি গামোছা পৰিধান কৰি ময়ো সাজু হলো এই পুণ্য কৰ্মৰ বাবে ।

পুৰোহিত মহাশয়ৰ প্ৰাৰম্ভিক কাম খিনি শেষ হোৱাৰ অলপ পাচতে আমাৰ নাৱৰীয়াই নাওঁ লৈ আহি ঘাটত লগালে । আমি উঠাৰ লগে লগে নাওঁ চলিল ত্রিবেনী সংগম স্থললৈ ।

photo2jpg
ত্রিবেনী সংগম

পবিত্ৰ গংগা, যমুনা আৰু সৰস্বতী নদী আহি লগ লাগিছেহি এই ত্রিবেনী সংগমত । অন্ত:স্ৰোতা সৰস্বতী নদী বাৰু লোকচক্ষুত দৃশ্যমান নহয় । বাকী থাকিল গংগা আৰু যমুনা ।  পানীৰ ৰঙৰ পৰা  গংগা আৰু যমুনাক ইয়াত সহজেই চিনিব পাৰি । গংগাৰ পানী ইয়াত ঘোলা । যমুনাৰ পানী ঈষৎ সেউজীয়া বৰণৰ । দুই ৰঙৰ  পানীৰ ধাৰা আহি যি স্থলত মিলিত হৈছে তাত মানুহৰ বেচ সমাগম ।  মোকো তাতে নাওঁৰ পৰা পানীত নামিবলৈ নিৰ্দেশ দিয়া হল ।

–“নহয় নহয়, আগতে গংগা মাক প্ৰণাম কৰি পানী এচলু মূৰত দি লওক “— পানীত নামিবলৈ উদ্যত হৈ মই ভৰি খন আগবঢ়োৱা দেখি লৰালৰিকৈ কৈ উঠিল পুৰোহিত মহাশয়ে ।

এই কথাটো মই জানিবই লাগিছিল । মনে মনে অলপ লজ্জা বোধ কৰিলো ।

পানী বৰ বেছি দ নাছিল — মোৰ ককাল পৰ্য্যন্ত । পুৰোহিত মহাশয়ে মন্ত্ৰোচ্চাৰণ আৰম্ভ কৰিলে । সূৰ্য্যৰ পিনে মুখ কৰি হাতযোৰ কৰি থিয় হৈ ৰলো  মই ।

এটা সময়ত অস্থি বিসৰ্জনৰ ক্ষণ আহি পৰিল । এজন এজনকৈ ছয় জন আত্মীয়ৰ পাৰ্থিব শৰীৰৰ অন্তিম অবশেষ খিনি মই মিলাই দিলো পবিত্ৰ ত্রিবেনী সংগমৰ বোৱতী পানীৰ  লগত । কিবা এক আবেগ আহি মোৰ বুকু খনত হলে বৰকৈ খুন্দা মাৰি ধৰিছিল ।

       মুখোপাধ্যায় ডাঙৰীয়াৰ সময়ৰ বদ্ৰীনাথ যাত্রা বৰ সহজ কথা নাছিল । এই যাত্রা আছিল অতি কষ্টকৰ, বিপদসংকুল আৰু কন্টকাকীৰ্ণ । অতীজত এটা সময়লৈকে বদ্ৰীনাথ ধামলৈ গাড়ী মটৰ চলিব পৰা ৰাস্তা হোৱাই নাছিল । তীৰ্থযাত্রী সকলে ঋষিকেশৰ পৰা বদ্ৰীনাথলৈ প্ৰায় তিনিশ কিলোমিটাৰ জোৰা এই সুদীৰ্ঘ পথ ছোৱা পদব্ৰজে যাত্রা কৰিব লাগিছিল ।

ঋষিকেশ– দেবপ্ৰয়াগ– শ্ৰীনগৰ– ৰুদ্ৰপ্ৰয়াগ– গৌচাৰ– কৰ্ণপ্ৰয়াগ– নন্দপ্ৰয়াগ– চামোলি — যোশীমঠ—বিষ্ণুপ্ৰয়াগ– গোবিন্দঘাট— বদ্ৰীনাথ । এয়াই আছিল যাত্রা পথ । গাড়োৱাল হিমালয়ৰ এই সমস্ত পথ ছোৱা আছিল নানা হিংস্ৰ জন্তু অধ্যুষিত অটব্য অৰণ্যেৰে ভৰা। জিম কৰবেট চাহাবৰ “ৰুদ্ৰপ্ৰয়াগৰ নাহৰফুটুকী” নামৰ কাহিনীটোৰ কথা বন্ধু বান্ধবী সকলৰ মনত থাকিব পায় ।

তীৰ্থযাত্রী সকলে সেয়েহে ডাঙৰ ডাঙৰ দল বান্ধি একেলগে অহা যোৱা কৰিছিল । এই দুৰ্গম পথ ছোৱাত সেই সময়ত থকা খোৱাৰো কোনো সু-ব্যবস্থা নাছিল । ঠায়ে ঠায়ে দুই চাৰিখন ধৰমশালা আছিল অবশ্যে ।

কিন্তু এই ধৰমশালা বিলাকৰো অতিথি সৎকাৰ কৰাৰ ক্ষমতা আছিল তেনেই সীমিত । ফল স্বৰূপে ৰাস্তাৰ কাষৰ দোকান পাটৰ বাৰান্দা আৰু স্থানীয় গাড়োৱালী লোকৰ বাসগৃহতেই আশ্ৰয় লোৱাৰ বাহিৰে তীৰ্থযাত্রী সকলৰ আন কোনো বিকল্প নাছিল । সুখৰ কথা এয়ে যে দোকান পোহাৰৰ গৰাকী আৰু গাড়োৱালী লোক সকল আছিল তীৰ্থযাত্রী সকলৰ প্ৰতি সদায়েই সহানুভূতিশীল ।

Badrinath banner
বদ্ৰীনাথ ধাম

       প্ৰাকৃতিক বিপৰ্য্যয়েও এই পথত যাত্রী সকলক বাৰুকৈয়ে জ্বলা কলা খুৱাইছিল । ভূমিস্খলন, জলপ্লাবন , ধুমুহা, বৰষুণ, তুষাৰপাত আদি প্ৰাকৃতিক পৰিঘটনা আছিল এই পথৰ নিত্য সহচৰ । তাৰোপৰি এই পথ ছোৱাত মাজে মাজে আছিল কিছুমান sliding zone — যত যিকোনো মুহূৰ্ত্ততে ওপৰৰ পৰা পাথৰ বাগৰি আহি সমুখত যি পায় তাকে ঢাহি-মুহি লৈ যোৱাৰ পূৰ্ণ সম্ভাবনা ।

       তৎস্বত্বেও মানুহ গৈছিল বদ্ৰীনাথ ধাম দৰ্শণ কৰিবলৈ । জীৱনত এবাৰ হলেও বদ্ৰীনাথ ধাম দৰ্শণ কৰাৰ অদম্য হেপাহ অন্তৰত লৈ বহু বয়সস্থ লোকেও এই অভিযান বোৰত অংশ লৈছিল । এই দুৰ্গম যাত্রা পথত তেনে বহু বয়সস্থ লোকে মৃত্যুকো সাবটি লব লগা হৈছিল । মৃত্যু হৈ পৰিছিল বদ্ৰীনাথ যাত্রাৰ সতে ওতপ্ৰোত ভাবে জড়িত এটা দুখজনক অধ্যায় ।

       এটা সময়ত এই অবস্থাৰ সামান্য উন্নতি হৈছিল । ঋষিকেশ – বদ্ৰীনাথ পথৰ এছোৱা গাড়ী মটৰ চলাৰ উপযোগীকৈ তৈয়াৰ কৰা হৈছিল। ঋষিকেশৰ পৰা সেই স্থানলৈকে এখন যাত্রীবাহী বাচ চলিবলৈ লৈছিল। সেই স্থানত বাচৰ পৰা নামি বদ্ৰীনাথলৈ বাকী পথ ছোৱা খোজ কাঢ়ি যাব লাগিছিল। কিন্তু এখন বাচেনো আৰু কিমান যাত্রী কঢ়িয়াব ! চৰকাৰৰ পৃষ্ঠপোষকতাত হৰিদ্বাৰত তাৰ বাবে স্থাপন কৰা হৈছিল যাত্রী সকলৰ এক পঞ্জীয়ন কেন্দ্ৰ ।

বাচেৰে যাত্রা কৰিব খোজা যাত্রী সকলে হৰিদ্বাৰলৈ আহি এই কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিছিল । পঞ্জীয়নৰ ক্ৰমিক নম্বৰ মতে নিজৰ পাল পৰিলেহে যাত্রী এজনক এই বাচ খনত উঠিবলৈ অনুমতি দিয়া হৈছিল । তীৰ্থযাত্রী সকলে সেয়েহে নাম পঞ্জীয়ন কৰাই লৈ নিজৰ নম্বৰনো কেতিয়া আহে তাৰ বাবে হৰিদ্বাৰতে বোন্দাপৰ দি ৰৈ থাকিব লাগিছিল ।

প্ৰাকৃতিক বিপৰ্য্যয়, আকস্মিক দুৰ্ঘটনা আদিৰ কাৰণে সময়ে সময়ে এই প্ৰতীক্ষা হৈ পৰিছিল অতি দীঘলীয়া আৰু অনিশ্চিত — ঠিক আমাৰ এতিয়াৰ লকডাউন খোলা কথাৰ নিচিনাকৈ ।

       যাহওক এতিয়া অবস্থাৰ প্ৰভূত উন্নতি হল । হৰিদ্বাৰ আৰু ঋষিকেশৰ পৰা আজিকালি একেবাৰে বদ্ৰীনাথ ধামৰ সমীপলৈকে  গাড়ী মটৰ চলে । তেনেহলে আৰু চিন্তা কিহৰ ! স্বৰ্গগতা মাতৃৰ এবছৰীয়া শ্ৰাদ্ধ সমাপন কৰিয়েই মই সপৰিয়ালে যাবলৈ সাজু হলো । সেয়া আছিল ২০০১ চনৰ আগস্ট মাহ ।

     ” Have you seen God, Swamiji ?”– asked Dr. Thompson.

      ” I can see nothing but God, O Doctor.”— replied Swami Sivananda. –” In the food that I eat, in the water that I drink, in the air that I breathe, and in you Dr. Thompson, I can see nothing but God.”

     বহুদিনৰ আগতেই স্বামী শিবানন্দৰ বিষয়ে এখন কিতাপত মই এই কথা খিনি পঢ়িছিলো ।

       ঋষিকেশত ঘূৰি ফুৰোতে গংগাৰ তীৰৰ এঠাইত ডাঙৰ চৌহদ এটাৰ সমুখত ‘শিবানন্দ আশ্ৰম’ৰ চাইন বোৰ্ড খন দেখি মোৰ এই কথা খিনি মনত পৰিছিল ।

        এলাহাবাদৰ পৰা ৰেলেৰে আহি আমি হৰিদ্বাৰ পাইছিলো ।হৰিদ্বাৰ আৰু ঋষিকেশ —এই পুণ্য তীৰ্থ দুখনৰ নাম বহু দিনৰ পৰাই শুনি আহিছিলো । এই ঠাই দুখন দৰ্শন কৰিবলৈ মোৰ প্ৰচন্ড হাবিয়াস আছিল । কিতাপ পত্রত পোৱা  বৰ্ণনাৰ পৰা ঠাই দুখনৰ প্ৰতিচ্ছবি  দুখন মই মানস পটত অংকন কৰি লৈছিলো । হৰিদ্বাৰৰ  ‘হৰ কা পাউৰি’ত গংগাৰ তীৰত থিয় হৈ সেয়েহে মই অলপ ভাববিহ্বল হৈ পৰিছিলো । তীব্ৰ বেগে বৈ যোৱা গংগা খন মোৰ খুব ভাল লাগিছিল ।

হৰিদ্বাৰত তেতিয়া আগস্ট মাহৰ প্ৰচন্ড গৰম ।  গংগাৰ শীতল জলত মই শৰীৰটো শাত পেলাইছিলো । পোনতে এই খৰস্ৰোতা পানী ধাৰাত নামিবলৈ সাহস হোৱা নাছিল। তাত বান্ধি থোৱা লোহাৰ শিকলি দালত ধৰি ভয়ে ভয়ে নামিছিলো । পিচলৈ সাহস বাঢ়িছিল । গংগাৰ শীতল জলত নিতৌ মই হেপাহ পলুৱাই গা ধুইছিলো । দুপৰীয়া খাবৰ পৰত মোক পানীৰ পৰা উঠাই আনিবলৈ শ্ৰীমতীয়ে বহু চেষ্টা কৰিব লগা হৈছিল ।

          গংগাস্নান কৰি উঠিয়েই দুপৰীয়াৰ খোৱাৰ বাবে আমি ঢাপলি মেলিছিলো অদূৰৰ ‘দাদা বউদি হোটেল’লৈ । আ: কি যে সুস্বাদু আছিল তাৰ খাদ্য ! ভাত, ডাইল, পাপৰ, বেঙেনা ভাজি আৰু এবিধ লাব্ৰা । লগত শুদ্ধ গৰুৰ ঘিউ । তাকে অমৃত যেন লাগিছিল । দুপৰীয়া খাবৰ পৰত ইয়াত মানুহৰ খুব ভীৰ হৈছিল । ভিতৰত আসন এখন পাবৰ বাবে হোটেল খনৰ বাহিৰত ভোজনাৰ্থীৰ দীঘল শাৰী লাগি গৈছিল ।

dada boudir hotel

                 হলেও হৰিদ্বাৰৰ কোলাহলপূৰ্ণ জনসমাগম, যান বাহনৰ জট আদিয়ে মোৰ কল্পনাৰ ছবি খনত ঠাই পোৱা নাছিল । ইয়ে মোক কিছু পৰিমানে নিৰাশ কৰিছিল । ঋষিকেশ খন সেয়েহে মোৰ বেছি ভাল লাগিছিল । ঋষিকেশৰ গংগাৰ পাৰৰ শান্ত সমাহিত পৰিবেশটোৱে মোক বৰকৈ আকৰ্ষণ কৰিছিল । কোনো উদ্দেশ্য নোহোৱাকৈ এনেয়ে ইয়াৰ ৰাস্তা ঘাটত অনাই বনাই মই ঘূৰি ফুৰিছিলো ।

         তেতিয়া মোৰ হাতত পইচা পাতি বৰ বেছি নাছিল । বদ্ৰীনাথলৈ সৰু গাড়ী এখন ভাড়া কৰি লোৱা হলে বেচ আৰামতেই যাব পাৰিলোহেতেন । কিন্তু গাড়ী ভাৰা কৰিলে  অহা যোৱাৰ বাবদ বহুত খৰছ হয় । উত্তৰাঞ্চল পথ পৰিবহন নিগমৰ বাচ আজিকালি বদ্ৰীনাথলৈকে চলে বুলি মই পঢ়িছিলো ।হৰিদ্বাৰত তিনি দিন কটোৱাৰ পাচত আক তাক সুধি এদিন মই পৰিবহন নিগমৰ কাৰ্য্যালয়ত উপস্থিত হলোগৈ ।

       পৰিবহন নিগমৰ বিষয়া জনৰ পৰা মই বেচ ভাল সহযোগিতাই পালো । নিজৰ অফিচত মোক বহুৱাই লৈ তেখেতে সকলো কথা বিতংকৈ বুজাই দিলে ।

         ৰাতিপুৱা পাচ বজাত হৰিদ্বাৰৰ পৰা নিগমৰ এখন সৰু যাত্রীবাহী বাচ বদ্ৰীনাথলৈ যাত্রা কৰে  । ঋষিকেশৰ পাচৰ পৰাই সম্পূৰ্ণ পাহাৰীয়া পথ ।  মাজে মাজে কিছুমান ঠাইত পথৰ অবস্থা বৰ ভাল নহয় । তাতে আকৌ ঠায়ে ঠায়ে ৰাস্তাৰ উঠা নমা বোৰ বৰ থিয় । এই বিলাক কাৰণতে সময় অলপ বেচি লাগে ।

বাচেৰে গলে একেদিনাই বদ্ৰীনাথ গৈ পোৱা সম্ভব নহয় । সকলো ঠিকে ঠাকে থাকিলে সাজ লগাৰ পাচতেই বাচ গৈ যোশীমঠ পাব । যোশীমঠত নিশাটো কটাব লাগিব । যোশীমঠৰ পৰা পিচদিনা ৰাতিপুৱাহে বদ্ৰীনাথলৈ যাব লাগিব । তাৰ বাবে যোশীমঠত ‘জীপ’ গাড়ী উপলব্ধ ।

       এই যাত্রাত মোৰ লগত শ্ৰীমতীৰ উপৰিও মোৰ শাহু আই আছিল । পিচ দিনাখনৰ কাৰণে বাচৰ সমুখৰ তিনিটা চীটৰ টিকেট কাটি লৈ হোটেললৈ ঘূৰি আহি এই শুভসংবাদ শ্ৰীমতীক দিলোহি ।

      সৰ্বশ্ৰেষ্ঠ তীৰ্থ এই বদ্ৰীনাথ ধাম । দীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত এই বাৰ এই তীৰ্থ দৰ্শণ হব বুলি মনত এক উত্তেজনা অনুভব কৰিলো ।

       ” বদ্ৰীনাথলৈ যোৱাৰ আগতে ভাল গৰম কাপোৰ আৰু আন কিবাকিবি মোৰ কিনিব লগা আছে । আবেলি বজাৰলৈ যাব লাগিব দেই ।”–শ্ৰীমতীয়ে সকিয়ালে ।

     “থৈ দিয়াহে তোমাৰ বজাৰ”— বুলি কবলৈ গৈও মই থমকি ৰলো । শ্ৰীমতীয়ে ভুল কোৱা নাই । সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় এঘাৰ হাজাৰ ফুট উচ্চতাৰ বদ্ৰীনাথত আমাৰ সাধাৰণ গৰম কাপোৰ খিনি যথেষ্ট নহবও পাৰে । নোহোৱাৰেই সম্ভাবনা বেছি । লগে লগে মোৰ মনত পৰি গল বদ্ৰীনাথ যাত্রাত লব লগা প্ৰয়োজনীয় বস্তুৰ তালিকা খনৰ কথা । woollen inner, rain coat, torch light, extra dry cell, stick, required medicines, sufficient cash…. etc etc.

       “হব দিয়া ।”– সংক্ষেপে মই কলো ।

        ৰাতিপুৱা পাচ বজাত হৰিদ্বাৰ চহৰ খনৰ টোপনি ভাঙা নাই যদিও ‘হৰ কা পাউৰি’ৰ গংগাৰ ঘাটত মানুহৰ ভীৰ লাগিছে — গংগা স্নানৰ বাবে ।  মন্দিৰত প্ৰভাতী অৰ্চনাৰ কাম আৰম্ভ হৈছে । মন্ত্ৰোচ্চাৰণৰ লগে লগে ভাহি আহিছে শংখ ঘন্টাৰ মধুৰ ধ্বনি ।

        হৰিদ্বাৰক তেনেকৈয়ে এৰি থৈ আমাৰ বাচ আগবাঢ়িল । ঋষিকেশ পাৰ হোৱাৰ পাচতেই আৰম্ভ হল একা বেকা থিয় পাহাৰী ৰাস্তা । এই পথ আমাৰ ড্ৰাইভাৰ মহাশয়ৰ বেচ চিনাকি বোধকৰো । সহজ নিৰ্বিকাৰ মুখ ভংগীৰে এই কঠিন পথেৰেও সুকলমে চলাই লৈ গল আমাৰ বাচ খন ।

       ৰাতিপুৱা চাহ বিস্কুট খাইহে ওলাইছিলো । অলপ দূৰ যোৱাৰ পাচত ভোক লাগিব আৰম্ভ কৰিলেই । কন্ডাক্টৰ জনকে সুধিলো ৰাতিপুৱাৰ জলপান খোৱাৰ কথা ।

     ” অলপ আগত দেবপ্ৰয়াগ পাম । তাতে আমি সকলোৱে চাহ নাস্তা খাই লম ।”– উত্তৰ দিলে তেখেতে ।

            দেবপ্ৰয়াগ পাবলৈ অলপ বাকী থাকোতেই ঘটিল নহয় এক অথন্তৰ । পাহাৰৰ শিল মাটি খহি আহি ৰাস্তাটো অলপ আগত পুতি পেলাইছে । দুয়ো ফালৰ যান বাহন তাতে আবদ্ধ হৈ পৰিছে । সৃষ্টি হৈছে আবদ্ধ যান বাহনৰ এক বৃহৎ সমদল । সমদলৰ শেষৰ ফালে  আমাৰ বাচ খন ৰখাই ইঞ্জিন বন্ধ কৰি দি একেই নিৰ্বিকাৰ চিত্তে ড্ৰাইভাৰ চাহাবে এটা দীঘল হামি মাৰিলে ।

      ” এতিয়া উপায় ? কি হব এতিয়া ?”— চিন্তিত হৈ প্ৰশ্ন কৰিলো মই ।

dev prayag
দেবপ্ৰয়াগ

         ” নাই নাই, ভাইচাহাব ।ৰাস্তা  ঠিক হৈ যাব । এই ৰাস্তাত এই বোৰ সদায় হৈয়েই থাকে । তাৰ কাৰণে তেনেকৈ যোগাৰো মজুত থাকে।”– পূৰ্ণ প্ৰত্যয়েৰে কৈ উঠিল ড্ৰাইভাৰ মহাশয়ে ।

          ড্ৰাইভাৰৰ কথাই সচা প্ৰতিপন্ন হল । অলপ পাচতে বুলডজাৰ এখন আৰু excavator এখন কৰবাৰ পৰা আহি কামত লাগিল । এই সমস্ত পথ ছোৱা BRO অৰ্থাৎ  Border Roads Organisation ৰ তত্বাবধানত ।  নানা ধৰণৰ প্ৰাকৃতিক বিপৰ্য্যয় এই পথৰ নিত্য সহচৰ । তাৰ লগত মোকাবিলা কৰিবলৈ BRO সৰ্বদাই প্ৰস্তুত ।

         এঘন্টা মান পাচত ৰাস্তা খুলিল । গাড়ী মটৰৰ দীঘল সমদলটোৱে এই বাৰ  গতি আৰম্ভ কৰিলে ।

                            দেবপ্ৰয়াগত ৰাস্তাৰ কাষৰ ডাঙৰ ধাবা এখনৰ সমুখত যেতিয়া আমাৰ বাচ খন ৰখায়, তেতিয়া মোৰ পেটত যেন একুৰা জুইহে জ্বলিছিল । লৰালৰিকৈ নামি গৈ আলু পৰঠা,আমৰ আচাৰ আৰু গৰম চাহেৰে পেট পূজা কৰিহে কোনোমতে ৰক্ষা  ।

       দেবপ্ৰয়াগো এখন পবিত্ৰ স্থান । প্ৰয়াগ মানেই দুখন বা তাতোধিক নদীৰ সংগম । গংগোত্রীৰ পৰা বৈ আহা ভাগীৰথীৰ লগত বদ্ৰীনাথৰ পৰা আহা অলকানন্দা নদী ইয়াতে মিলিছে ।

          দেবপ্ৰয়াগৰ পাচত পালো শ্ৰীনগৰ । কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰ নহলেও এই খন এখন অতীব সুন্দৰ পাহাৰী চহৰ । দৰাচলতে ঋষিকেশৰ পৰা বদ্ৰীনাথলৈ এই সমস্ত পথ ছোৱাৰেই প্ৰাকৃতিক সৌন্দৰ্য্য অতি দৃষ্টিনন্দন। চালে চকু জুৰ পৰি যায়।

         শ্ৰীনগৰ অতিক্ৰম কৰি আমাৰ বাচ আগবাঢ়িল । গাওঁৰ মানুহ আহি ৰাস্তাৰ কাষত থিয় হৈ যতে ততে হাত দাঙি বাচ ৰখায় । ড্ৰাইভাৰেও কাকো অবহেলা নকৰি সকলোকে উঠাই নিয়ে । পাহাৰীয়া ঠাইত এয়েই নিয়ম । যাত্রীবাহী গাড়ীৰ যাতায়ত ইয়াত বৰ কম । যি দুই এখন বাচ চলে , তাৰে ওপৰত নিৰ্ভৰশীল ইয়াৰ গ্ৰামাঞ্চলৰ লোক — অলৈ তলৈ যোৱাৰ বাবে । এনেদৰে ৰৈ ৰৈ গৈ থাকিলে খুব আমনি লাগে ।

কিন্তু উপায় নাই । বদ্ৰীনাথলৈ বুলি ওলাইছো যেতিয়া এই খিনি সহ্য কৰিবই লাগিব ।

          দুপৰীয়া ভাত পানী খোৱাৰ কাৰণে বাচ ৰখালে ৰুদ্ৰপ্ৰয়াগত । ৰুদ্ৰপ্ৰয়াগ এই পথৰ এখন অতি গুৰুত্বপূৰ্ণ ঠাই । অলকানন্দাৰ লগত ইয়াত সংগম হৈছে কেদাৰনাথৰ পৰা বৈ আহা মন্দাকিনী নদীৰ। ইয়াৰ পৰাই এটা ৰাস্তা গৈছে বদ্ৰীনাথলৈ আৰু আন এটা ৰাস্তা  ফাটি গৈছে পবিত্র কেদাৰনাথ ধামলৈ। এই দুই ধাম দৰ্শণ কৰিবলৈ আহা তীৰ্থযাত্রীৰ সমাগমত ৰুদ্ৰপ্ৰয়াগত উখল মাখল পৰিবেশ । দোকান পোহাৰ আদিও সেয়েহে ইয়াত তুলনামূলক ভাবে বেছি ।

          নৰখাদক নাহৰফুটুকী এটাই এসময়ত ৰুদ্ৰপ্ৰয়াগত সন্ত্রাসৰ ৰাজত্ব চলাইছিল । গাওঁৰ বহু পশুধন আৰু কেবাজনো মানুহ এই নাহৰফুটুকীৰ চিকাৰ হৈছিল । নাহৰফুটুকীটো আছিল অতিশয় চতুৰ । গাড়োৱালী ৰাইজে বহু কৌশল কৰিও এই নাহৰফুটুকীটোক  ধৰিব নাইবা মাৰিব পৰা নাছিল ।

                    নাহৰফুটুকীৰ সন্ত্রাসৰ পৰা গাড়োৱালৰ ৰাইজক উদ্ধাৰ কৰিবলৈ ইয়াত আহি উপস্থিত হৈছিল জিম কৰবেট চাহাব । বহু কষ্ট কৰি কৰবেট চাহাবে এই ধূৰ্ত নৰখাদকটোক  গুলীয়াই মাৰিছিল । কৰবেট চাহাবৰ বন্দুকৰ নিচান আছিল অব্যৰ্থ । তেখেতৰ বন্দুকৰ গুলীয়ে নৰখাদকটোৰ কপালত দুই চকুৰ সোমাজতে আঘাত কৰিছিল।

       উত্তৰাঞ্চলৰ পাহাৰীয়া ৰাইজে বিপদৰ ত্রাণকৰ্ত্তা কৰবেট চাহাবক ভগবানৰ দৰেই জ্ঞান কৰিছিল । তাৰ নিদৰ্শন  অদ্যপি বিদ্যমান ।

        যাহওক, এতিয়া আমাৰ খোৱা লোৱা কৰাৰ সময় । বাচ আস্থানৰ কাষৰ ধাবা খনত ভাত খাবলৈ  বহিলো  । ভাতটো ভালেই । বাচমতি চাউল যেনেই লাগিল । তাৰ লগতে বাটি এটাত আহিল কলা ৰঙৰ ৰাজমাহৰ ডাইল । আৰম্ভ হৈ গল ৰাজমাহৰ ডাইলৰ ৰাজত্ব ।

গাড়োৱালৰ পাৰ্বত্য এলেকাত কি কাৰণে নাজানো –আমাৰ পৰিচিত মুগ, মচুৰ,ৰহৰ, বুট আদি হালধীয়া ডাইল অদৃশ্য । ডাইল বুলিলে ইয়াত মানুহে ৰাজমাহৰ ডাইলহে চিনি পায় । এদিন দুদিন খাই বেয়া নালাগে । পিচে সদায় সেই একে ডাইলেই খাই খাই পিচলৈ বৰ আমনি লাগে ।

Rudraprayag Sangam
ৰুদ্ৰপ্ৰয়াগ

              ৰুদ্ৰপ্ৰয়াগত ভাত খাই থাকোতেই চিনাকি হল পশ্চিম বংগৰ পৰা আহা চাৰিজন বঙালী যুবকৰ সৈতে । যুবক চাৰিজন হৰিদ্বাৰৰ পৰাই আমাৰ বাচ খনত উঠি  আহিছে । যোশীমঠলৈকে আমাৰ লগত একে লগে যাব । চাৰিওজনেই  পিঠিত ডাঙৰ বেগ একোটা  বান্ধি লৈ আহি বাচত উঠিছিল । চেহেৰা পাতি আৰু পোছাক পৰিচ্ছদলৈ চাই যুবক কেইজন অভিজ্ঞ পৰ্বতাৰোহী হব বুলিয়েই মোৰ ধাৰণা হৈছিল ।

          ” দাদা, বদ্ৰীনাথলৈ এই বাৰেই প্ৰথম নে ?”— এজন যুবকে প্ৰশ্ন কৰিলে মোক ।

           মই হয় বুলি কলো ।

          ” ইমান দীঘল পাহাৰীয়া ৰাস্তাত বাচেৰে যাত্রা কৰা বৰ কষ্টকৰ । আপোনালোক বাৰু যেন তেন । মাসীমা ( মোৰ শাহু আই ) কিন্তু  ভাল আহিছে দেই । অলপো অসুবিধা পোৱা নাই যেন লাগে । আমাৰ মা হতে কেতিয়াও নোৱাৰিলেহেতেন ।”– শাহু আইৰ পিনে সপ্ৰশংস দৃষ্টি নিক্ষেপ কৰি কৈ উঠিল যুবকে ।

      “হয় । বয়স হলেও মা আমাতকৈ বেছিহে সক্ষম ।”– সমৰ্থন কৰি কলো মই ।

       “আপোনালোক বদ্ৰীনাথলৈ আগতেও আহিছে নেকি ?”– এই বাৰ মোৰ প্ৰশ্ন ।

      “হয়, আহিছো । হিমালয়লৈ আমি সময় পালেই আহো । এয়া আমাৰ নিচা । এই বাৰ পিচে আমি বদ্ৰীনাথলৈ নাযাওঁ ।”– যুবক জনে কলে ।

        ” তেন্তে কলৈ ?”– আচৰিত হৈ সুধিলো মই । বাচ খনৰ অবশিষ্ট সকলো যাত্রী বদ্ৰীনাথলৈকে যাব বুলি মোৰ ধাৰণা আছিল ।

       বাচৰ ড্ৰাইভাৰে যাবলৈ সাজু হৈ গাড়ীৰ হৰ্ণ বজাইছিল ।– ” বলক বাচত বহো । গৈ থাকোতেই আমি কথা পাতিম ।”– বেগটো কান্ধত ওলোমাই কৈ উঠিল মোৰ নতুন বন্ধু জনে ।

       বাচ চলিবলৈ আৰম্ভ কৰাৰ পাচত নতুন বন্ধু আহি মোৰ কাষৰ চীটটোত বহি ললে । কথা বতৰা পাতি যাবলৈ নতুন সংগী এজন পাই ময়ো ভালেই পালো ।

         “দাদা, আপুনি পঞ্চ কেদাৰৰ বিষয়ে জানে নিশ্চয় ।”– পাতনি মেলিলে যুবকে ।

      নাজানো বুলি স্বীকাৰ নকৰি মোৰ উপায় নাছিল ।

      ” মই কও শুনক ।”– উৎসাহেৰে কৈ গল যুবকে –” পবিত্ৰ কেদাৰনাথ ধামৰ কথা সকলোৱেই জানে । কিন্তু এই গাড়োৱাল হিমালয়ত ভগবান মহাদেবৰ পাচ খনকৈ পুন্য ধাম আছে– সেয়া বহুতেই গম নাপায়। কেদাৰনাথ, তুঙ্গনাথ, ৰুদ্ৰনাথ, মদমহেশ্বৰ আৰু কল্পেশ্বৰ ।এই পাচ খন ধামকেই পঞ্চকেদাৰ বুলি কয় । আমি চাৰি খন ধাম দৰ্শণ কৰিলো । বাকী আছে মাথো কল্পেশ্বৰ । এই বাৰ তালৈকে বুলি ওলাইছো ।”

        “কেনেকৈ যাব পাৰি তালৈ ?”– জানিব খুজিলো মই ।

     ” যোশীমঠলৈকেতো এতিয়া বাচেৰে গৈয়েই আছো । ৰাতিটো যোশীমঠতেই থাকিম । কাইলৈ ৰাতিপুৱা যাত্রা কৰিম কল্পেশ্বৰলৈ । যোশীমঠৰ পৰা ত্রিশ কিলোমিটাৰ দূৰ । ট্ৰেক কৰি যাব লাগে । আমাৰ আটাইকেইজনৰে ট্ৰেকিঙৰ অভিজ্ঞতা আছে ।”

                   আগ্ৰহী শ্ৰোতা এজন পাই যুবকে  আৰু কৈ গল হিমালয়ৰ বুকুৰ তেওঁলোকৰ  আন কিছুমান দুসাহসিক অভিজ্ঞতাৰ কথা । এই কম বয়সীয়া যুবক কেইজনৰ অভিজ্ঞতা  আৰু সাহস দেখি মোৰ মনত শ্ৰদ্ধা উপজিল ।

               আমি কথা বতৰাত মচগুল হৈ থাকোতেই  বাচ খনে ক্ৰমে কৰ্ণপ্ৰয়াগ আৰু নন্দপ্ৰয়াগ অতিক্ৰম কৰি আহিল । চামোলি নামৰ ঠাই খন যেতিয়া পাওঁ, তেতিয়া ধৰাৰ বুকুলৈ সন্ধিয়াৰ আন্ধাৰৰ পাতল চামনি এটা নামি আহিব ধৰিছে ।

       চামোলি পাৰ হোৱাৰ পাচত অন্ধকাৰে চৌদিশ আবৰি ধৰিলে । এই পথ ছোৱা অত্যন্ত থিয় । গাড়ীৰ হেড লাইটৰ পোহৰত আন্ধাৰ ফালি ফালি গুজৰি গুমৰি ওপৰলৈ উঠিব ধৰিলে বাচ খন । এনে হেন  পৰিস্থিতিত ড্ৰাইভাৰৰ ওপৰতে যাত্রী সকলৰ জীৱনৰ ভৰসা । আমাৰ  গাড়োৱালী ড্ৰাইভাৰ কিন্তু বেচ ওস্তাদ যেন পাওঁ।  মুখত  নাই কোনো চিন্তা অথবা ক্লান্তিৰ ৰেশ । একেই সহজ নিৰ্বিকাৰ চিত্তে চলাই গৈছে গাড়ী ।

             উত্তৰাঞ্চল পৰিবহন নিগমৰ বাচ বোৰহে মুঠেও আৰামদায়ক নহয় । চীট বোৰ একেবাৰে থিয় । আৰামকৈ বহাৰ উপায় নাই । চীটত বহিব লাগে একেবাৰে যোগাসন কৰাৰ নিচিনাকৈ — ধ্যানমগ্ন ঋষিৰ দৰে । আচলতে পৰিবহন নিগমৰ তিনি প্ৰকাৰৰ বাচ  চলে — ordinary, semi-deluxe আৰু deluxe । আমাৰ বাচ খন কেবল অৰ্ডিনেৰীয়েই নহয়, দুৰ্ঘোৰ অৰ্ডিনেৰী । যান্ত্ৰিক দিশটো বাৰু ঠিকেই আছে । চীট বোৰহে মাত্র…….।

       দিনৰ পোহৰত খিৰিকিৰে দুই কাষৰ প্ৰকৃতিৰ অপৰূপ শোভা নিৰীক্ষণ কৰি আহি থাকোতে শৰীৰৰ দুখ কষ্টৰ  কথা পাহৰি আছিলো । এতিয়া নিশাৰ আন্ধাৰত শৰীৰটোৱে যন্ত্ৰণাত বিদ্ৰোহ কৰি উঠিব খুজিলে । তিনিজনীয়া চীটটোত আমি তিনিটা প্ৰাণীয়ে কোনোমতে কুচি মুচি বহি আহিছো । হাত ভৰি বোৰ ভালকৈ মেলিবই পৰা নাই । এই যাত্রাৰ দেখোন শেষ নহয় হে নহয় । যোশীমঠ যে কেতিয়া গৈ পাওঁ…… ।

        এটা সময়ত অন্ধকাৰৰ মাজত দূৰৈৰ পৰাই দেখা গল কিছুমান পোহৰৰ জিলিকনি । আস, যোশীমঠ পালোহি তেন্তে । মনলৈ এতিয়াহে সাহস ঘূৰি আহিল ।

joshimath
যোশীমঠ

         চৈধ্য ঘন্টীয়া যাত্রাৰ অন্তত ঠিক সাত বজাত যোশীমঠ বাচ আস্থানত আমাৰ বাচ খনে আজিৰ যাত্রাৰ অন্ত পেলালে । শ্ৰান্ত ক্লান্ত দেহাৰে বাচৰ পৰা নামি মই কেউফালে চকু ফুৰালো । বাচ আস্থানৰ কাষতেই যোশীমঠৰ মূল পথ । পথৰ কাষত অলপ দূৰে দূৰে জ্বলি থকা বিজুলী চাকি বোৰৰ দুৰ্বল পোহৰে যোশীমঠৰ আন্ধাৰ বোৰৰ ওচৰত হাৰ মানিবৰ উপক্ৰম কৰিছে ।

পাহাৰীয়া ঠাইত এনে অবস্থা মই আগতেও প্ৰত্যক্ষ কৰিছো । ভ’ল্টেজ কম হোৱাৰ কাৰণেই এনে হয় হবলা । ৰাস্তাটোৰ সিপাৰে এক প্ৰাচীন মন্দিৰ । মন্দিৰটোৰ বিগ্ৰহৰ সমুখত জ্বলি থকা চাকি গছৰ পোহৰে ৰাস্তাৰ বিজুলী চাকিৰ পোহৰৰ লগত সমানেই প্ৰতিযোগিতাত নামিছে ।

         ওচৰত কোনো হোটেলৰ চাইন বোৰ্ড মোৰ চকুত নপৰিল । নিশাটোৰ কাৰণে আমি তিনিটা প্ৰাণীকতো কিবা এটা আশ্ৰয় লাগিবই । মোৰ নতুন বঙালী  বন্ধু কেইজনৰ পৰামৰ্শ লোৱাটোৱেই ভাল হব বুলি বিবেচনা কৰিলো ।

         ” সমুখৰ সেই ঘৰটোত এবাৰ সুধি আহাচোন ।”— শ্ৰীমতীয়ে নিৰ্দেশ দিলে ।

      “ধেৎতেৰি ! সেইটো মন্দিৰহে । দেখা নাই জানো ? “– মই কলো ।

        ” নহয় নহয় । সেই দীঘলীয়া ঘৰটোৰ কথা কৈছো । সেইটো কিবা গেস্ট হাউচ যেনেই লাগিছে ।”– মন্দিৰৰ কাষৰ ঘৰ এটালৈ আঙুলিয়াই কৈ উঠিল তেওঁ ।

      হবও পাৰে । সুধি চোৱাতনো আপত্তি কি ! অগত্যা মই আগবাঢ়িলো ।

        শ্ৰীমতীৰ অনুমান একেবাৰে নিৰ্ভুল । এইটো এটা নিৰ্মীয়মান অতিথিশালা ।  তিনিটা কোঠা তৈয়াৰ হৈছে । বাকী কোঠা বোৰৰ কাম এতিয়াও চলি আছে । তিনিওটা কোঠা এতিয়া খালী হৈয়েই আছে।

       উস ভগবান,  কি যে সকাহ পালো মই ! প্ৰভু বদ্ৰীনাথৰেই কৃপা । পৰিশ্ৰান্ত দেহাৰে এই ৰাতি খন হোটেল বিচাৰি ঘূৰি ফুৰিবৰ শকতি মোৰ একেবাৰেই নাছিল । লৰালৰিকৈ বস্তু বাহানি আনি কোঠাত ভৰালোহি ।

         ” তুমি সোনকালে গাটো ধুই লোৱা । তাৰ পাচত আমিও ধুই লম । বৰ ভাগৰ লাগিছে । সোনকালে খাই বৈ বিচনাত পৰিব লাগিব ।”— আদেশ দিলে শ্ৰীমতীয়ে ।

          গাটো ধুই কাপোৰ কানি সলাই মই বাৰান্দাত চকী এখন পাৰি আৰামকৈ বহিলো ।সমুখৰ সুউচ্চ পৰ্বত বোৰৰ টিং কেইটাই আকাশ খন চুইছে হবলা।  ৰাতিৰ আন্ধাৰত ভালকৈ দেখাই নাযায় । ৰাতিপুৱা শুই উঠি ভালদৰে চাব লাগিব । উস,  কি যে ভয়ংকৰ  কষ্টৰ দিন এটা পাৰ হল আজি ! উত্তৰাঞ্চল পৰিবহন নিগমৰ অৰ্ডিনেৰী বাচৰ চৈধ্য ঘন্টীয়া যাত্রাই মোৰ শৰীৰটো যেন থেতেলি পেলাইছে। গোটেই গাত প্ৰচন্ড বিষ ।

        এনেকুৱা গাৰ বিষত এবিধ দৰবে ভাল কাম কৰে। তাৰ যোগাৰ মই লৈয়েই আহিছিলো — খানাপাৰাৰ পৰা । যোগাৰটো মই বেগৰ পৰা উলিয়াই আনিলো । হৰিদ্বাৰৰ পৰা ভাল ডালমুটৰ পেকেট এটা কিনি আনিছিলো। সেইটোও লগতে ললো । গাৰ বিষ বুলিহে দেই । মহাপ্ৰভু বদ্ৰীনাথে দায় দোষ নধৰিলেই হয় ।

         ৰাতি বৰ সুন্দৰ টোপনি আহিল । ৰাতিপুৱা সাৰ পালো মন্দিৰৰ পৰা ভাহি অহা ঘন্টাৰ শব্দত ।

            চাহ জলপান খাই উঠি মই অকলে ওলাই গলো বজাৰ খনৰ ফালে । ৰাতিপুৱাৰ সুৰুযৰ উজ্বল কিৰণত জিলিকি উঠিছে এই সুন্দৰ পাহাৰীয়া চহৰ খন । কেউফালে মাথো গগনচুম্বী পৰ্বতৰ শাৰী । পৰ্বতৰ গা চুই কোচ মোচ খাই ৰৈ আছে যোৱাকালি আমি আহা ৰাস্তাটো ।এতিয়া  দেখিলে এদাল সৰু ফিটা যেনহে লাগে ।  পৃথিবীৰ পৰা বহু ওপৰৰ কোনোবা এখন বেলেগ সুন্দৰ জগতত থকা যেন অনুভব হল মোৰ।

       বদ্ৰীনাথতো ইয়াতকৈও ওপৰত । ইয়াৰ পৰা  প্ৰায় ৪৬ কিলোমিটাৰ নিলগত । বদ্ৰীনাথ গৈ পালেনো কেনেকুৱা লাগিব তাকে ভাবি দেহত এক শিহৰণ অনুভব কৰিলো ।

     বজাৰৰ মাজৰ এঠাইত কেবাখনো জীপ গাড়ী ৰৈ আছে । জীপৰ ড্ৰাইভাৰ বোৰে কাষৰ এঠাইত জুম বান্ধি ৰং ৰহইচ কৰি বিড়ি চিগাৰেটৰ ধোৱা উৰুৱাইছে ।এই বোৰ গাড়ীয়েই বদ্ৰীনাথলৈ যাব বোধহয় ।

       ” বদ্ৰীনাথ নে আউলি, ভাইচাহাব ?”– ড্ৰাইভাৰ এজন আগবাঢ়ি আহি মোক সুধিলে । যেন এই দুই খনৰ বাহিৰে পৃথিবীত  যাবলৈ আৰু কোনো ঠাইয়েই নাই ।

      “বদ্ৰীনাথ”- উত্তৰত মই কলো ।

       ” ঠিক আছে । ন বজাত গেট খুলিব । আপুনি যদি যাব খোজে, এতিয়াই চীট বুক কৰি যাওক ।”

     ” গেট ?”— বুজি নাপাই সুধিলো মই ।

                ড্ৰাইভাৰ জনেই বুজাই দিলে । যোশীমঠৰ পৰা বদ্ৰীনাথলৈ এই পথ ছোৱা অত্যন্ত ঠেক আৰু থিয় । দুই ফালৰ পৰা গাড়ী অহা যোৱা কৰাটো অত্যন্ত বিপদজনক। সেয়েহে উত্তৰাঞ্চল চৰকাৰে এই পথৰ দুই প্ৰান্তত গেট বহুৱাই দিছে । যোশীমঠৰ গেট খুলিব ৰাতিপুৱা ন বজাত । বদ্ৰীনাথ অভিমুখী সকলো গাড়ী তেতিয়া যোশীমঠৰ পৰা একেলগে সমদল কৰি যাত্রা কৰিব ।

এই খিনি সময়ত বদ্ৰীনাথৰ পৰা নামি আহিব লগা সকলো যান বাহনৰ চলাচল বন্ধ থাকিব । যাত্রী সকলৰ সুৰক্ষাৰ বাবেই কৰা হৈছে এই ব্যবস্থা ।

       ন বজাৰ বাবে মই চীট বুক কৰিলো । ড্ৰাইভাৰৰ পাচৰ চীটটোত তেওঁলোকে চাৰি জন যাত্রী বহুৱায় । চাৰি জনৰ ভাড়া দি মই গোটেই চীটটোৱেই বুক কৰি ললো । যোৱাকালি বৰ কষ্ট খন খালো ।আজি অলপ আৰাম কৰিয়েই যাওঁ ।

      ন বাজিবলৈ এতিয়াও এঘন্টা বাকী । এই খিনি সময়ত মই যোশীমঠ চহৰ খনকে অলপ ঘূৰি পকি চাওঁ বুলি ভাবিলো ।

photo of snow capped mountain
Photo by KOUSTABH BISWAS on Pexels.com

      আধ্যাত্মিকতাৰ পৰশ লাগি আছে চহৰ খনৰ সৰ্বত্র । নাথাকিবই বা কিয় ! কিমান প্ৰাচীন আৰু গৌৰবময় এই চহৰৰ আধ্যাত্মিক ইতিহাস ! অষ্টম শতিকাত আদিগুৰু শংকৰাচাৰ্য্য দাক্ষিণাত্যৰ পৰা পদব্ৰজে আহি ইয়াত উপস্থিত হৈছিল ।

ইয়াতে এক মঠ স্থাপন কৰি আদিগুৰু নিমগ্ন হৈ পৰিছিল নিজৰ আধ্যাত্মিক সাধনাত । সেই মঠতেই আদিগুৰুৱে সিদ্ধিলাভ কৰিছিল । সেই সূত্রে মঠটোৰ নাম হৈ পৰিছিল ‘জ্যোতিৰ্মঠ’ । লগতে ঠাই খনো জ্যোতিৰ্মঠ নামেৰে জনাজাত হৈ পৰিছিল । কালক্ৰমত মানুহৰ মুখ বাগৰি ‘জ্যোতিৰ্মঠ’ গুচি ‘যোশীমঠ’ হৈ পৰিল বুলি মানুহে কয় ।

        আৰু এটা কাৰণত যোশীমঠ চহৰ খন বৰ তাৎপৰ্য্যপূৰ্ণ । এই খন আচলতে শীতকালৰ বদ্ৰীনাথ । শীতকালত  মূল বদ্ৰীনাথ ধাম সম্পূৰ্ণ বন্ধ থাকে । প্ৰচন্ড তুষাৰপাত হয় বদ্ৰীনাথত । নৰ মনিচ কিয়, কোনো জীৱ জন্তুৱেই তাত তিষ্ঠি থাকা সম্ভব নহয় ।শীতৰ আৰম্ভনিতে, সাধাৰণতে দীপান্বিতাৰ দিনাখনেই  মন্দিৰত  শেষ  বাৰৰ বাবে পূজা অৰ্চনা কৰা হয় ।

পূজা অৰ্চনাৰ অন্তত বিগ্ৰহৰ সমুখত চাকি এগছি জ্বলাই  মন্দিৰৰ পূজাৰী, পৰিচাৰক সমন্বিতে বদ্ৰীনাথৰ সমস্ত ৰাইজ নামি আহে যোশীমঠলৈ । যোশীমঠৰ নৰসিংহ মন্দিৰত তেতিয়াৰ পৰাই মহাপ্ৰভু বদ্ৰীনাথৰ পূজা অৰ্চনা আৰম্ভ হয় । আকৌ বসন্ত কালৰ আৰম্ভনিত এই সমস্ত কাৰ্য্য পুনৰ স্থানান্তৰিত হয় বদ্ৰীনাথ ধামলৈ । অতীজৰে পৰা এনেকৈয়ে চলি আহিছে ।

        লোক বিশ্বাস মতে শীত কালৰ বদ্ৰীনাথ ধামত নৰমনিচৰ অবৰ্তমানত  বিষ্ণুৰ পূজা আৰাধনাৰ দায়িত্ব লয় স্বয়ং নাৰদ মুনিয়ে । ছয় মাহৰ অন্তত, অৰ্থাৎ বসন্ত পঞ্চমীৰ পাচত যেতিয়া বদ্ৰীনাথত পুনৰ জীৱনৰ স্পন্দন আৰম্ভ হয় , মন্দিৰৰ দুৱাৰ যেতিয়া পুনৰ খোলা হয় — শীতৰ আৰম্ভনিতে জ্বলাই যোৱা সেই চাকি গছি তেতিয়াও অক্ষয় ৰূপত জ্বলি থকা দেখা যায় । এতিয়াও হেনো নহয় তাৰ ব্যতিক্ৰম  ।

            ঠিক ন বজাত জীপ খন আহি আমাৰ অতিথিশালাৰ সমুখত দীঘলকৈ হৰ্ণ বজালে । আমি সকলো সাজু হৈয়েই আছিলো । প্ৰভুক চিন্তি জীপত আহি বহিলো । আৰম্ভ হল আমাৰ বদ্ৰীনাথ যাত্রাৰ অন্তিম পৰ্ব । এই পৰ্ব সবাতোকৈ গুৰুত্বপূৰ্ণ, সবাতোকৈ মনোৰম আৰু সবাতোকৈ বিপদসংকুল ।

        ড্ৰাইভাৰ জনে ঠিকেই কৈছিল । গেট পাৰ হোৱাৰ পাচতে বিভিন্ন গাড়ী মটৰৰ এক দীঘল সমদলৰ সৃষ্টি হল । ঠেক পথটোৰে এই সমদলটো লাহে ধীৰে বদ্ৰীনাথৰ ফালে উঠিব  ধৰিলে । তাতে মোৰ বেচ সুবিধাই হল । গাড়ী লাহে ধীৰে চলাৰ কাৰণে দুই ফালৰ প্ৰকৃতিৰ অনিৰ্বচনীয় সৌন্দৰ্য্য মই হিয়া ভৰি উপভোগ কৰিব পাৰিলো ।

    “আউলিলৈ নাযায়, ভাইচাহাব ?”– গাড়ী চলাই থাকোতেই সুধিলে আমাৰ ড্ৰাইভাৰে ।

                এই যাত্রাত আউলিলৈ যোৱাৰ পৰিকল্পনা নাই বুলি ড্ৰাইভাৰক মই জনালো ।

auli
আউলি

          যোশীমঠৰ লগত ওত:প্ৰোত ভাবে জড়িত হৈ আছে আউলি নামৰ ঠাই খনৰ নাম । যোশীমঠৰ পৰা ওপৰলৈ তেৰ কিলোমিটাৰ দূৰৈত অবস্থিত আউলি প্ৰকৃতিৰ এক ভূস্বৰ্গ। বৰফত স্কি কৰিব খোজা দুসাহসী পৰ্য্যটক সকলৰ মাজত আউলিৰ আকৰ্ষণেই সুকীয়া ।

বৰফ পৰা সময়ত দেশ বিদেশৰ পৰ্য্যটকেৰে আউলি ভৰি পৰে। আউলিলৈ জীপেৰে যাব পাৰি যদিও পৰ্য্যটক সকলে সাধাৰণতে তালৈ ৰোপ ৱেৰে যাবলৈহে পচন্দ কৰে । ৰোপ ৱেৰ পৰা তলৰ হিমালয়ৰ বৰফে ঢকা শৃংগ বোৰৰ দৃশ্য বৰ অনুপম ।

        আউলিৰ কথা ওলাওতেই মোৰ মনলৈ আহিল যৌবন কালৰ এক বন্ধুৰ কথা । বন্ধু বয়সত মোতকৈ অলপ ডাঙৰ আছিল । বন্ধু আছিল খুব এডভেঞ্চাৰ প্ৰিয় । তেতিয়া আমাৰ দেহত যৌবনৰ ভৰপক । ভবিষ্যতৰ ৰঙীন সংসাৰ এখন ৰচাৰ কল্পনাত আমি সকলোৱেই মগ্ন । বন্ধুৱে তেনেতে এদিন ঘোষণা কৰিলে যে বিয়াৰ পাচত তেওঁ  হেনো মধুচন্দ্ৰিকা উদযাপনৰ বাবে আউলিলৈহে যাব । কিয়নো বন্ধুৰ মতে মধুচন্দ্ৰিকা উদযাপনৰ বাবে আউলিৰ নিচিনা উৎকৃষ্ট ঠাই সমগ্ৰ বিশ্বতে দ্বিতীয় এখন নাই ।

      বন্ধু বিয়া বাৰু কৰাই মোতকৈ আগেয়ে সংসাৰী হল । ছোৱালী এজনীও জন্ম হল । বিয়াৰ পাচত আউলিত মধুচন্দ্ৰিকা উদযাপন কৰিছিল নে নাই সেই কথাহে বন্ধুক মোৰ সোধা নহল ।

           সূৰ্য্যবংশীয় নৃপতি ভগীৰথে সৰগৰ পৰা গংগাক আহ্বান কৰি মৰ্ত্ত্যলৈ নমাই আনিছিল । নৃপতিৰ আহ্বানক সহাৰি দি মা গংগা নামি আহিছিল গংগোত্রীলৈ । নামি আহিছিল ঠিকেই । কিন্তু গংগাৰ গতিৰ প্ৰচন্ড শক্তি ধাৰণ কৰাৰ ক্ষমতা পৃথিবীৰ নাছিল । ধৰিত্রী কপি উঠিছিল মহাপ্ৰলয়ৰ আশংকাত। এই সম্পৰ্কত দুটা কিংবদন্তী প্ৰচলিত আছে ।

sea beach vacation art
Photo by Abhilash Subbayyan on Pexels.com

              এটা কিংবদন্তী মতে ধৰিত্রীৰ ত্রাণকৰ্তাৰ ৰূপত অবতীৰ্ণ হৈছিল  স্বয়ং ভগবান সদাশিৱ। সদাশিৱে নিজৰ মূৰৰ চুলিৰ জটাৰ মাজত গংগাক ধাৰণ কৰিছিল । সদাশিৱৰ জটাৰ মাজতহে গংগাৰ সেই প্ৰলয়ংকৰী শক্তি বহু পৰিমাণে শান্ত হৈ পৰিছিল ।

           আনটো কিংবদন্তী মতে ধৰিত্রীৰ মংগলাৰ্থে গংগাৰ পানীৰ ধাৰা দুটা ভাগত বিভক্ত কৰি বোৱাই নিয়া হৈছিল ।এটা ধাৰা ভাগীৰথী গংগাৰ ৰূপত গংগোত্রীৰ পৰা প্ৰবাহিত হৈছিল । আনটো ধাৰা বদ্ৰীনাথৰ সমীপেৰে অলকানন্দা নাম লৈ বৈ গৈছিল । এই দুই ধাৰা দেবপ্ৰয়াগত পুনৰ মিলিত হৈ পূৰ্ণ গংগাৰ ৰূপত হৰিদ্বাৰৰ ফালে ধাবমান হৈছিল ।

         মন্দিৰ দৰ্শণ কৰাৰ আগতে সেয়েহে আমি অলকানন্দাৰ পাৰত থিয় হৈ প্ৰণিপাত কৰিছিলো। তাৰ পাচতহে  মন্দিৰৰ ফালে আগবাঢ়িছিলো ।

         তপ্তকুন্ডৰ পানী খিনি পোনতে মোৰ উতলা পানী যেন অনুভব হৈছিল । চুই দিলেই পুৰি দিয়া যেন লাগিছিল । বদ্ৰীনাথৰ প্ৰচন্ড শীতৰ বাবেই তেনে অনুভব হৈছিল চাগে ।কিছু সময় পাচত কিন্তু অভ্যস্ত হৈ পৰিছিলো । উম সনা পানী খিনিৰে গা ধোৱাৰ পাচত গাটো বেচ সতেজ অনুভব কৰিছিলো ।

          আমাৰ মন্দিৰ দৰ্শণ সুকলমে হৈ গৈছিল । সেই সময়ত তীৰ্থযাত্রীৰ ভীৰ বৰ বেছি নাছিল । তাৰ বাবে মই বৰ সকাহ পাইছিলো ।

         মন্দিৰ দৰ্শণ কৰি উঠি আমি দিনৰ ভোগৰ বাবে বাহিৰত অলপ পৰ ৰব লগা হৈছিল । মহাপ্ৰভুক ভোগ আগবঢ়োৱাৰ পাচতহে ভক্ত সকলৰ ভোজনৰ নিয়ম । মন্দিৰৰ চোতাল খনত বহি লৈ আমি সভক্তিৰে সেই ভোগ গ্ৰহণ কৰিছিলো ।

      সাধু সন্যাসী বহুত দেখিছিলো । কিন্তু  কোনোজনৰে লগত মোৰ কথা বতৰা হোৱা নাছিল । হৰিদ্বাৰ আৰু ঋষিকেশতো এনে বহু সাধু সন্যাসী দেখা পাইছিলো । আজিকালি ভেজালৰ যুগ । কোন জন আচল, কোন জন নকল ধৰাই টান ।

         সাধু সন্যাসীৰ কথা ওলাওতেই মোৰ পুৰণি কথা এটা মনলৈ আহিল । উমাপ্ৰসাদ মুখোপাধ্যায় ডাঙৰীয়াৰ কিতাপ এখনত পঢ়িছিলো । তেখেতে বদ্ৰীনাথত এজন সাধকক লগ পাইছিল । মন্দিৰৰ কাষৰ পৰ্বতৰ গুহা এটাত এই সাধক জন বাস কৰিছিল । তেখেত হেনো আগতে কোনোবা হাই কোৰ্টৰ বিচাৰপতি আছিল । এবাৰ এজন আচামীক তেখেতে মৃত্যুদন্ড বিহিছিল । আচামী জনক ফাচী দিয়া হৈছিল । 

ফাচী হৈ যোৱাৰ পাচতহে ঘটনাটোৰ আচল সত্য পোহৰলৈ আহিছিল । গম পোৱা গৈছিল যে সেই আচামী জন আচলতে নিৰ্দোষী আছিল । বাতৰি কাকতত বৰ বৰ হৰফেৰে এই বাতৰি প্ৰকাশ পাইছিল ।

            বাতৰি কাকত খন বিচাৰপতি মহোদয়েও পঢ়িছিল । নিশ্চুপ হৈ ৰৈছিল তেখেত । কোৰ্ট ছুটী হোৱাৰ পাচত সেই দিনা তেখেতে স্ব- গৃহলৈ ঘূৰি যোৱা নাছিল । কোৰ্টৰ পৰাই বাহিৰে বাহিৰে তেখেতে হৰিদ্বাৰলৈ ঢাপলি মেলিছিল । হৰিদ্বাৰৰ পৰা আহি পাইছিল বদ্ৰীনাথ । বদ্ৰীনাথৰ পৰ্বতৰ গুহা এটাতে তেখেতে জীৱনৰ শেষ সময়লৈকে বাস কৰিছিল।

          সাধু সন্যাসীৰ কথা ইমানতে এৰি এতিয়া বদ্ৰীনাথ ধামৰ ভৌগোলিক অবস্থানৰ কথাকে অলপ কওঁ। নৰ আৰু নাৰায়ণ নামৰ দুখন ওখ পৰ্বতৰ মাজত অবস্থিত এই বদ্ৰীনাথ ধাম । প্ৰবাদ আছে — কলি যুগৰ অন্তত যেতিয়া পৃথিবীত মানুহৰ পাপ কৰ্ম ,অন্যায়, অবিচাৰ, অত্যাচাৰ আদি তুঙ্গত উঠিব, তেতিয়া এই দুই খন পৰ্বত খহি আহি বদ্ৰীনাথ ধাম খন নিশ্চিহ্ন কৰি পেলাব । বহিৰ্বিশ্বৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন বৈ পৰিব বদ্ৰীনাথ ধাম  ।

সেই বুলি মহাপ্ৰভু বদ্ৰীনাথে কেতিয়াও আমাক এৰি নাযায় । প্ৰভুৰ এই বাৰ আবিৰ্ভাব হব যোশীমঠৰ ওচৰৰ আন এক পুণ্য ধামত –যাৰ নাম ভবিষ্যবদ্ৰী ।

     ৰাতি পাটীত পৰাৰ পাচত এই কথা ভাবি মোৰ অলপ চিন্তাও লাগিছিল । আমাৰ অতিথিশালাটো মন্দিৰৰ নিচেই কাষত । এই মুহুৰ্তত যদি কলি যুগৰ অন্ত পৰে আৰু নৰ আৰু নাৰায়ণ পৰ্বত খহি আহে, তেনেহলে মন্দিৰৰ লগতে আমি তিনিটা প্ৰাণীও নিশ্চিহ্ন হৈ পৰাটো একেবাৰে খাটাং । কলি যুগটো অন্তত: আৰু তিনি চাৰি দিন মানলৈ  চলি থকাটোকে মই বাঞ্ছা কৰিছিলো ।

       ৰাতিপুৱা শুই উঠি এটা দৃশ্য দেখি মনটো ভাল লাগি গল ।

     আমাৰ কোঠাৰ সমুখৰ ওখ টকলা পৰ্বত খনত যোৱাকালি বৰফৰ চিনেই নাছিল । আজি ৰাতিপুৱাই দেখিলো সেই পৰ্বতৰ ওপৰ ভাগ শুভ্ৰ বৰফৰ ছাদৰ এখনে ঢাকি ধৰিছে — এই আগস্ট মাহতেই । অক্টোবৰ মাহত, মানে দীপান্বিতাৰ সময়ত বদ্ৰীনাথ ধামৰ দুৱাৰ কিয় বন্ধ কৰি দিব লগা হয়, সেই কথা বুজিবলৈ মোৰ অসুবিধা নহল ।

badri1
বদ্ৰীনাথ

       আৰু এক সুন্দৰ বিস্ময় মোৰ বাবে ৰৈ আছিল । সমুখৰ দুটা পৰ্বতৰ মাজত ভুমুকি মাৰি ৰৈ আছে  বৰফে ঢাকি থোৱা হিমালয়ৰ এক সুউচ্চ শিখৰ। ৰাতিপুৱাৰ সুৰুযৰ ৰাঙলী কিৰণত বৰ অপৰূপ হৈ পৰিছে এই শিখৰ । মোৰ সাধাৰণ কেমেৰাটোৰেই এই দৃশ্য বন্দী কৰি ৰখাৰ প্ৰয়াস কৰিলো । এই শৃংগটোৰ নাম কি হব পাৰে তাকে মই মনে মনে চিন্তা কৰিলো ।

      ” নীলকন্ঠ পৰ্বত । বৰ সুন্দৰ ! “— মোৰ পাচ ফালৰ পৰা ভাহি আহিল এক অচিনাকি কন্ঠস্বৰ ।

          মই ঘূৰি চালো ।মোৰ পাচ ফালে ৰৈ আছে ওখ পাখ ঋজু দেহৰ  এক কম বয়সীয়া যুবক । ডিঙিত ওলমি আছে কেমেৰা এটা । কিবা ভাল দামী কেমেৰা যেনেই লাগিল । নীলকন্ঠ পৰ্বতৰ এই দৃশ্য যুবকেও বন্দী কৰি লৈছে নিজৰ কেমেৰাত ।

          যুবক জনৰ লগত চিনাকি হলো । আহিছে পশ্চিম বংগৰ দূৰ্গাপুৰৰ পৰা । লগত আহিছে বয়সস্থ মাক দেউতাক । দেউতাকে চাকৰিৰ পৰা অলপতে অবসৰ লৈছে । সেয়ে সপুত্ৰক ওলাই পৰিছে তীৰ্থ ভ্ৰমণত ।

        বৰ ভাল লাগিল লৰা জনৰ সতে কথা পাতি । খুব নম্ৰ আৰু মাৰ্জিত স্বভাবৰ । বদ্ৰীনাথত তেওঁলোকৰ তিনি দিন হল — আমাৰ নিচিনাকৈ ।কাইলৈ ৰাতিপুৱাৰ বাচত ঘূৰি যাব শ্ৰীনগৰলৈ । তাৰ পৰা যাব গংগোত্রীলৈ ।বদ্ৰীনাথ, কেদাৰনাথ, যমুনোত্রী আৰু গংগোত্রী —এই চাৰি ধামৰ দুই ধাম এই যাত্রাত সামৰি লব ।

         কোঠালৈ ঘূৰি আহোতে সেই কথাকে মই চিন্তা কৰি আহিলো । কাইলৈ ৰাতিপুৱাৰ বাচ — শ্ৰীনগৰ — গংগোত্রী । বেয়া নহয় কথাটো । আমিও দেখোন যাব পাৰো । সংগী হিচাপে এটা ভাল পৰিয়াল লগত পায়েই যাম।

        কোঠালৈ ঘূৰি আহি কথাটো শ্ৰীমতীক কলো । উছাহতে জাপ মাৰি উঠিল তেওঁ ।–“বৰ ভাল হব দেই। গংগোত্রীলৈ যোৱাৰ কথা মই ভাবিয়েই আছিলো ।”

         মই আকৌ ওলাই আহিলো । এই বাৰ বাচৰ টিকেট কাটিবৰ বাবে ।

          বাচৰ টিকেট সহজেই পাই গলো । টিকেট কাটি লোৱাৰ পাচত মোৰ কৰিব লগা একো নাছিল। ইফালে সিফালে এনেয়ে অলপ ঘূৰা-ঘূৰি কৰিলো । এই বোৰ ঠাইত এনেকৈ ঘূৰি ফুৰিও ভাল লাগে ।

          দৰ্শণীয় ঠাই বুলিবলৈ ইয়াত বদ্ৰীনাথ মন্দিৰৰ বাহিৰে আন বৰ বিশেষ নাই । ইয়াৰ পৰা তিনি কিলোমিটাৰ দূৰৈত আছে ‘মানা’ নামৰ এখন গাওঁ । চীন-ভাৰত সীমান্তবৰ্তী এই খনেই ভাৰতবৰ্ষৰ অন্তিম গাওঁ । গাওঁ খনৰ পাচতেই আৰম্ভ হৈছে ভাৰত আৰু চীনৰ সীমান্ত ।

         এই মানা গাওঁ খনৰ প্ৰাচীন ইতিহাস শুনিহে মই বিচূৰ্তি খালো । ইয়াৰে এটা গুহাত বহি হেনো ব্যাসদেবে মহাভাৰত ৰচনা কৰিছিল । সেই গুহা আজিও আছে। অকল সেয়াই নহয়, কুৰুক্ষেত্ৰ যুদ্ধৰ পাচত পঞ্চপান্ডবে  হেনো এই ফালেদিয়েই স্বৰ্গ অভিমুখে ৰাওনা হৈছিল । অতি দুৰ্গম আৰু ভয়ংকৰ স্বৰ্গ যাত্রাৰ এই পথ । মানা গাওঁৰ পাচত এই পথত আহি পৰে ‘সতোপন্ত’  নামৰ এক মনোমোহা স্ফটিক পানীৰ সৰোবৰ । এই সৰোবৰলৈকে যোৱাটাৱেই অতি কঠিন ।

        গাড়োৱালৰ মানুহে অতি পবিত্ৰ জ্ঞান কৰে এই সৰোবৰক । আকৃতিত এই সৰোবৰটো তিনি কোণীয়া । এই তিনিটা কোণ যথাক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ নামত উৎসৰ্গিত । প্ৰতি মাহৰ একাদশী তিথিত এই ত্রিমূৰ্ত্তিয়ে সৰোবৰত স্নান কৰিবলৈ আহে বুলি মানুহৰ বিশ্বাস ।

        সতোপন্ত সৰোবৰত এবিধ বিৰল প্ৰজাতিৰ চৰাই দেখা যায় । এই চৰাই বিধ ইয়াৰ বাহিৰে আৰু কতোৱেই দেখা নাযায় । সৰোবৰৰ স্বচ্ছ নিৰ্মল পানী খিনিৰ ৰখীয়া হে যেন এই চৰাই বোৰ ! গছৰ পাত এখিলা পানীত পৰিলেও চৰাই বোৰে তাক উঠাই দি সৰোবৰটো পৰিস্কাৰ কৰি ৰাখে ।এই বোৰ আচলতে চৰাই ৰূপী  গন্ধৰ্বহে বুলি স্থানীয় লোকে বিশ্বাস কৰে ।

         সতোপন্ত সৰোবৰৰ  পৰা গৈ এই পথ শেষ হৈছে স্বৰ্গাৰোহিণী গ্লেচিয়াৰত।  এই পথ ছোৱা যিমানে সুন্দৰ সিমানে ভয়ংকৰ । দূৰত্ব বৰ বেছি নহয় ।বদ্ৰীনাথৰ পৰা স্বৰ্গাৰোহিনী গ্লেচিয়াৰ মাত্র ত্রিশ কিলোমিটাৰ দূৰত । মনুষ্য দেহেৰে স্বৰ্গলৈ যোৱাৰ এইটোৱেই এক মাত্র পথ বুলি মানুহৰ বিশ্বাস ।  স্বয়ং পঞ্চপান্ডবেও এই পথত হাবাথুৰি খাই গৈছিল । পঞ্চপান্ডবৰ চাৰি জনেই এজন এজনকৈ এই পথত মৃত্যুক আকোৱালি লৈছিল । সশৰীৰে স্বৰ্গদ্বাৰত উপস্থিত হৈছিল কেবল ধৰ্মপুত্র যুধিষ্ঠিৰ ।

         স্বৰ্গাৰোহণৰ কোনো অভিলাস বা উচ্চাকাংক্ষা মোৰ নাছিল । তাৰ বাবে মই সাজু হৈও আহা নাছিলো । সুখে শান্তিৰে খাই বৈ হাহি তামাচা কৰি জীয়াই থাকিব খোজা মই এজন অতি সাধাৰণ মানুহ। কিন্তু স্বৰ্গাৰোহণৰ পথ ইয়াৰ পৰা ইমান ওচৰত বুলি শুনাৰ পাচত মনটোৱেই কিবা বেলেগ  হৈ পৰিল । মনলৈ ভাব এটা আহিল — এই চেগতে স্বৰ্গৰ পৰা পাক এটা মাৰি আহিব পাৰিলে বেয়া নাছিল ।

আগতে বিলাতৰ পৰা কোনোবাই ঘূৰি আহিলে ‘বিলাতফেৰৎ’ বুলি কোৱা শুনিছিলো। এই বিলাতফেৰৎ লোক সকলক সমাজত বেচ খাতিৰ  কৰাও দেখিছিলো । এতিয়া কেনেবাকৈ মই যদি স্বৰ্গত ভুমুকি এটা মাৰি সুকলমে ঘূৰি আহিব পাৰো, মোৰো নামৰ আগত ‘স্বৰ্গফেৰৎ’ খিতাপ এটা লাগি যাব নিশ্চয় ।

        কিন্তু নহয় । এনে মৰসাহস  কৰিব নোৱাৰি । চাৰিজনকৈ মহাপৰাক্ৰমী পান্ডবেই যি পথত ধৰাশায়ী হৈ পৰিছিল, সেই পথত এই নগণ্য ভবেশ শৰ্মা ! অসম্ভব , অসম্ভব ! মনৰ পৰা জোৰ কৰি সেই চিন্তা মই আতৰাই পেলাইছিলো ।

       ৰাতি তথাপি শ্ৰীমতীৰ আগত কথাটো এবাৰ উলিয়াইছিলো — ধেমালিৰ ছলেৰে ।

     ” স্বৰ্গলৈ গলে কিন্তু খালী হাতে যাব লাগিব দেই । তোমাৰ বটলটো লগত নিব নোৱাৰিবা ।”– সচা কথাটোকে কৈছিল  শ্ৰীমতীয়ে।

         স্বৰ্গাৰোহণৰ অভিলাসী পৰিকল্পনা সিমানতে মই স্থগিত ৰাখিছিলো । ইমান একো লৰালৰিও নাই । বহুত সময় আছে । পাচত দেখা যাব ।

            মহাপ্ৰভু বদ্ৰীনাথক সেৱা জনাই নীলকন্ঠ পৰ্বত আৰু ৰূপহী অলকানন্দাৰ  দৃশ্য শেষ বাৰলৈ হেপাহেৰে চাই উঠি আমি বাচত বহিছিলো । সিদিনা আহা চিনাকি পথটোৰেই আমাৰ বাচ খন উভতিছিল। এই বাৰ মাথো হৰিদ্বাৰলৈকে নগৈ শ্ৰীনগৰত আমি নামি পৰিছিলো ।

           শ্ৰীনগৰত আমি কেবল ৰাতিটোহে জিৰণি লৈছিলো । পিচ দিনা ৰাতিপুৱাই আকৌ যাত্রা আৰম্ভ কৰিছিলো গংগোত্রীলৈ বুলি ।

gangotri
গংগোত্রী

      শ্ৰীনগৰৰ পৰা গংগোত্রীৰ দূৰত্বও তেনেই কম নহয় ।প্ৰায় ৩০০ কিলোমিটাৰ– মানে পাহাৰীয়া ৰাস্তাত বাৰ ঘন্টাৰ বাট । বদ্ৰীনাথৰ পথৰ নিচিনা কিন্তু এই পথত যাত্রীৰ সিমান ভীৰ নাছিল । ৰাস্তাত বাচ খন সেই বাবে বৰকৈ ৰখাব লগা হোৱা নাছিল ।এই যাত্রা আমাৰ বাবে সেয়েহে বেচ উপভোগ্যই হৈ পৰিছিল ।

         দুপৰীয়া ভাত পানী খাবৰ বাবে বাচ ৰখাইছিল উত্তৰকাশীত । ভাগীৰথীৰ পাৰতে অবস্থিত  উত্তৰকাশী এই পথৰ সবাতোকৈ ব্যস্ত আৰু গুৰুত্বপূৰ্ণ জনপদ । দোকান পোহাৰ, স্কুল কলেজ, কোৰ্ট কাছাৰী আদিৰে জমজমাট এই খন চহৰ । মানুহৰ সমাগমো যথেষ্ট বেছি ।

       গংগোত্রী পোৱাৰ অলপ আগতে আমি পাইছিলো হৰচিল নামৰ এখন সৰু ঠাই । ইয়াতে বাচৰ পৰা নামি ৰৈ যাবৰ ইচ্ছা গৈছিল মোৰ । কি অপূৰ্ব সুন্দৰ এই ঠাই খন ! ভাগিৰথী গংগাৰ ইয়াত কি যে মোহনীয় ৰূপ ! আৰু  ভাগিৰথীৰ দুই পাৰৰ ডাঙৰ ডাঙৰ আপেলৰ  বাগিছা বোৰ !  সেই বোৰো কেনে মনোহৰ ! ঠায়ে ঠায়ে পাহাৰৰ পৰা লয়লাস গতিৰে নামি আহা নিজৰা বোৰে পকী ৰাস্তাৰ ওপৰেৰেই মধূৰ মূৰ্চ্ছনাৰে  বৈ গৈছিল  । তাৰ ওপৰেৰেই চলিছিল আমাৰ বাচ খন ।

        সন্ধিয়াৰ আগে আগে আমি গংগোত্রী গৈ পাইছিলো । গংগোত্রীৰ কাহিনী আগতে বিশদ ভাবে মই বৰ্ণনা কৰিছো ।( ৰাইজৰ মনত আছে নিশ্চয়।) গতিকে একে খিনি কথাৰেই পুনৰাবৃত্তি নকৰি মই অলপ আন কথাহে কবৰ চেষ্টা কৰিম ।

       গংগোত্রীত আমি আছিলো সৰু ধুনীয়া অতিথিশালা এটাত । নাম – ভাগীৰথী গেস্ট হাউচ । ভাগীৰথীৰ পানী ধাৰাৰ একেবাৰে কাষতেই আছিল এই অতিথিশালাটো । তাতে মোৰ বেচ সুবিধাই হৈছিল । ৰাতিপুৱা বেলি ওলোৱাৰ পাচত কোঠাৰ পৰা লৰ মাৰি আহি মই ভাগীৰথীৰ পাৰ পাইছিলো ।

হৰিদ্বাৰৰ নিচিনাকৈ ইয়াত পানীত নামিবৰ সাহস মোৰ হোৱা নাছিল । ভাগীৰথীৰ ভয়ংকৰ কোবাল সোতত নামাৰ কথা কল্পনা কৰিবলৈকে ভয় লাগিছিল । অতিথিশালাৰ পৰা প্লাস্টিকৰ  বাল্টি এটা মই লৈ গৈছিলো । বাল্টিৰে পানী উঠাই পাৰত বহি কৰিছিলো মই গংগাস্নান ।

         আমাৰ কাষৰ কোঠাটোত আছিল ইজৰাইলৰ পৰা অহা দুজন যুব পৰ্য্যটক । দুয়োজনেই পৰ্বতাৰোহণত প্ৰশিক্ষণপ্ৰাপ্ত । তাৰ কাষৰ কোঠাটোত আছিল এহাল কম বয়সীয়া জাপানী লৰা ছোৱালী । মৰম লগা চেহেৰাৰ এই লৰা ছোৱালী হালৰ মুখৰ ভঙা ভঙা ইংৰাজী কথা বোৰ সমানেই মৰম লগা আছিল । সিহত হালক মই  নবদম্পতী বুলি ভাবিছিলো । পাচত কথা বতৰা পাতিহে গম পাইছিলো — সিহত দুটাই বিবাহ পাশত আবদ্ধ হোৱাৰ সিদ্ধান্তহে লৈছে। বিয়া হোৱা নাই এতিয়াও ।

            বিদেশৰ কথা – বিদেশৰ বতৰা । আমাৰনো তাতে কি ! আমাৰ ইয়াত হলে  বিয়া নোহোৱাকৈ এনেকৈ মুক্ত ভাবে একেলগে ঘূৰি ফুৰা আৰু বিশেষকৈ একেটা কোঠাতে ৰাত্রি  যাপন কৰাৰ কথা চিন্তাই কৰিব নোৱাৰো।

        ৰাতি খাই লৈ উঠাৰ পাচত ইজৰাইলী যুবক দুজনৰ সতে বহু পৰ কথা পাতিছিলো । ভাৰতবৰ্ষৰ প্ৰতি যুবক দুজনৰ শ্ৰদ্ধা আৰু আকৰ্ষণ অপৰিসীম । যুবক দুজনে পিচদিনা ৰাতিপুৱা গোমুখলৈ ট্ৰেকিঙ কৰিব। অকল গোমুখেই নহয়, তাৰ পৰা আকৌ আগবাঢ়ি যাব তপোবন আৰু নন্দনবনলৈ ।

              এই খিনিতে মই তপোবন আৰু নন্দনবনৰ এটা চমু পৰিচয় দিওঁ । গংগোত্রীৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ ট্ৰেক কৰি গলে পোৱা যায় গোমুখ গ্লেচিয়াৰ । তাৰ পৰা আৰু ছয় কিলোমিটাৰ দূৰত  আছে তপোবন । তপোবনৰ পৰা পাচ কিলোমিটাৰ আতৰত নন্দনবন ।

       তপোবন আৰু নন্দনবন — এই দুয়োখন ঠাইয়েই প্ৰকৃতিৰ দুখন ভূস্বৰ্গ ।

        গংগোত্রী গ্লেচিয়াৰৰ পৰা অনতিদূৰত ওচৰা ওচৰিকৈ ৰৈ আছে হিমালয়ৰ অতি মনোৰম দুই সুউচ্চ পৰ্বত — শিবলিঙ্গ আৰু ভাগীৰথী । শিবলিঙ্গ পৰ্বতৰ পাদ দেশতেই আছে এক অতি মনোমোহা উপত্যকা — নাম যাৰ তপোবন । নন্দনবন উপত্যকা আছে ভাগীৰথী পৰ্বতৰ পাদ দেশত ।

           গংগোত্রীৰ পৰা গোমুখলৈ এই ১৭ কিলোমিটাৰ পথ যিকোনো সুস্থ সবল লোকেই ট্ৰেক কৰি যাব পাৰে । তাৰ কাৰণে বিশেষ কোনো অৰ্হতাৰ প্ৰয়োজন নহয় ।কিন্তু গোমুখৰ পাচৰ পথ ছোৱা অতি ভয়ংকৰ। বিশাল গ্লেচিয়াৰ আৰু  যতে ততে লুকাই থকা বৰফৰ থিয়  গভীৰ ফাট বোৰ এই পথৰ বিপদজনক প্ৰত্যাহ্বান। এই পথেৰে যাবৰ বাবে পৰ্বতাৰোহণৰ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন । সমানেই প্ৰয়োজন এই পথৰ সৈতে ভাল চিনাকি থকা এজন অভিজ্ঞ গাইডৰ ।

gomukh
গোমুখ

         ট্ৰেকিঙৰ কাৰণে গাড়োৱাল মন্ডল বিকাশ নিগমৰ কেবাটাও standard package আছে । যেনে :

Gangotri — Gaumukh trek

Gangotri- Gaumukh- Tapovan trek

Gangotri- Gaumukh- Tapovan – Nandanvan trek

ইত্যাদি ইত্যাদি ।

            এই দুই ভূস্বৰ্গ বহু সাধু সন্যাসীৰ আধ্যাত্মিক চৰ্চাৰ পৰম আকাঙ্ক্ষাৰ  স্থল ।  আজিও ইয়াৰ পৰ্বতৰ গুহাই কন্দৰে পোৱা যায় এনে বহু সাধু সন্যাসী ।

         গুৱাহাটীৰ মোৰ এক ঘনিষ্ঠ বন্ধুৱে এবছৰ আগেয়ে তপোবনলৈ ট্ৰেক কৰি গৈছিল । বন্ধু পাকৈত পৰ্বতাৰোহণকাৰী। পৰ্বতাৰোহণৰ ভাল প্ৰশিক্ষণো তেওঁৰ আছিল । গাইড হিচাপে বন্ধুৱে গংগোত্রীৰ পৰা লগত লৈ গৈছিল গংগোত্রীৰ সবাতোকৈ  অভিজ্ঞ গাইড ভৰত সিঙক ।

        তপোবনত ভৰত সিঙে বন্ধুক লৈ গৈছিল এক মাতাজীৰ আশ্ৰমলৈ । মাতাজীয়ে নিজৰ সৰু আশ্ৰম খনত অকলেই বাস কৰিছিল ।

         ৰাতিপুৱা মাতাজীয়ে ভগবানৰ পূজা অৰ্চনা সমাপন কৰি ভোগ ৰান্ধে । সদায় এবাৰেই ৰান্ধে মাতাজীয়ে। ভোগ মানে কেতিয়াবা খিচিৰি, কেতিয়াবা মেগী— এনে ধৰণৰ । তপোবনলৈ আহা সকলো আৰোহণকাৰীকেই মাতাজীয়ে সেই ভোগ সদায় পেট ভৰাই খুৱায় । মাতাজী স্বয়ং অন্নপূৰ্ণা । মানুহ যিমানেই  নাহক,  দুজনেই আহক বা দুশ জনেই আহক —ভোগৰ কেতিয়াও কম নহয় ।

              আৰু এটা বৰ আচৰিত কথা । তপোবনৰ ভয়ংকৰ শীতৰ দিন বোৰতো মাতাজীয়ে নিজৰ গুহাত অকলে বাস কৰে। শীত কালৰ শেষত, বসন্ত কালত  ভৰত সিঙ আৰু আন আন ভক্ত সকলে গংগোত্রীৰ পৰা মাতাজীক বিচাৰিবলৈকে তপোবনলৈ আহে ।

তপোবন সেই সময়ত হৈ পৰে বৰফৰ এখন বিশাল সাগৰ । ওখ চাপৰ সকলো ঠাই বৰফেৰে  ঢাক খাই  পৰা সেই সাগৰৰ মাজত মাতাজীৰ গুহাৰ সঠিক অবস্থান নিৰ্ণয় কৰাটো ভৰত সিঙৰ নিচিনা অভিজ্ঞ জনৰ কাৰণেও বৰ কঠিন হৈ পৰে ।

      বৰফ খান্দি উলিওৱাৰ পাচত গুহাৰ ভিতৰত মাতাজীক ধ্যানমগ্ন অবস্থাত পোৱা যায় । মাতাজীৰ শৰীৰত সেই সময়ত হেনো বিৰাজ কৰে এক উজ্বল জ্যোতি ( Aura)।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: হিমালয় যাত্ৰা
Anjan Sarma

Anjan Sarma

Related Posts

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells
Travel

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells

by Pradakshina Sarmah
September 5, 2026
0

Tilinga Mandir: Assam’s Sacred Temple of a Thousand Bells PRADAKSHINA SARMAH The tinkling sound of thousands of bells makes up...

Read moreDetails
Living With Development : Adaptation, loss, and choice in Majuli and Meghalaya

Transcend Ethnic Barriers, Build Social Bridges

August 29, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

April 21, 2026
woman sitting on the car s window

Why it is Important to Travel?

April 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d