• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

ভৱেশ শৰ্মা

by Anjan Sarma
October 21, 2023
in Travel, Tourism
Reading Time: 6 mins read
0
man in black shirt standing on top of mountain drinking coffee

Photo by Yogendra Singh on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

মোৰ হিমালয় ভ্ৰমণ

ভৱেশ শৰ্মা

a mountain with snow under the blue sky
Pexels.com

২০০১ চনত মই হিমালয় ভ্ৰমণৰ পাতনি মেলিছিলো।

সেয়া আছিল আগস্ট চেপ্টেম্বৰ মাহৰ কথা । যোশীমঠত এদিন আৰু বদ্ৰীনাথত দুদিন কটাই আমি ঘূৰি আহিছিলো। আহোতে বাটত শ্ৰীনগৰত এৰাতি আছিলো । কাশ্মীৰৰ শ্ৰীনগৰ নহয় পিচে।

এইখন শ্ৰীনগৰ হৈছে ঋষিকেশ বদ্ৰীনাথ সংযোগী পথৰ মাজৰ এখন সৰু অথচ ব্যস্ত জনপদ । খুব ধুনীয়া পাহাৰী ঠাই ।

নিশাটো তাতে কটাই পিচদিনা কাহিলি পুৱাতে আমি বাচত উঠিছিলো – গংগোত্রীলৈ বুলি ।দিনটোৰ বাট । আবেলি আমি গৈ গংগোত্রী পাইছিলো।

গংগোত্রীত বাচৰ পৰা নামাৰ পাচতেই তাৰ নান্দনিক পৰিবেশে মোক  একেবাৰে মন্ত্রমুগ্ধ কৰি পেলাইছিল ।

বস্তু বাহানি কান্ধত ওলোমাই লৈ লাহে লাহে খোজ কাঢ়ি গৈ মই গংগাৰ ওপৰত থকা লোহাৰ সৰু দলং খনৰ ওপৰত থিয় হৈছিলো ।

আৰু তাত থিয় হৈয়েই সমুখৰ পিনে চাই মই  এইবাৰ থৰ হৈ গৈছিলো ।

বিস্ময় আৰু আনন্দৰ আতিশয্যত মোৰ মুখৰ মাত হেৰাই গৈছিল ।

এয়া মই কি দেখিছো । মোৰ সমুখত বৰফৰ এক বিশাল পৰ্বত ।

গোমুখ গ্লেচিয়াৰ । ইমান ওচৰত ! যেন হাত মেলিলেই ঢুকি পাম !

তাৰ পৰা তীব্ৰ বেগেৰে নামি বৈ আহিছে মা গংগা।

কি ভয়ংকৰ অথচ কি সুন্দৰ !

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা
Photo Representation – Credits Julia Volk on Pexels.com

গংগাৰ তীৰতে ৰৈ থকা এখন সৰু ধুনীয়া অতিথিশালা চকুত পৰিল । বাৰান্দাৰ পৰা নামিলেই গংগাৰ তীৰ । অতি মনোমোহা অবস্থান । মনতে ভাবিলো কেনেবাকৈ তাতে ৰুম এটা পোৱা হলে ! দাম যিমানে নহওক । এনে স্বৰ্গীয় পৰিবেশত থকাৰ সুযোগতো সদায় নাহে । আগবাঢ়ি গলো ।

মোৰেই সৌভাগ্য । ৰুম পাই গলো । সুন্দৰ চাফ চিকুন ৰুম । দামো বেছি নহয় । দিনে দুশ টকা মাথোন ।বস্তু বাহানি ৰুমৰ মজিয়াত থৈ একপ্ৰকাৰ দৌৰিয়েই আহিলো গংগাৰ তীৰলৈ । ডাঙৰ বহল শিল এটাৰ ওপৰত বহিলো — একেবাৰে পানী ধাৰাৰ কাষত ।গোমুখ গ্লেচিয়াৰক সমুখত লৈ গংগা মাৰ সতে নিৰলে বহু কথা পাতিলো । কিমান যে কথা ! শেষেই হব নোখোজে ।

সৰুৰে পৰা , শংকু মহাৰাজ আৰু উমাপ্ৰসাদ মুখোপাধ্যায়ৰ গ্ৰন্থ সমূহ পঢ়াৰে পৰা মোৰ খুব হাবিয়াস আছিল গংগোত্রীলৈ অহাৰ । গংগা মাক ওচৰৰ পৰা লগ পোৱাৰ । আজি এয়া গংগোত্রীত মা আৰু মই । আৰু কোনো নাই। কিমান যে সৌভাগ্য মোৰ !

লাহে লাহে সাজ লাগি আহিছিল । খুব বেছি ঠান্ডা পৰিব ধৰিছিল । ময়ো সেইদিনালৈ ৰুমৰ ভিতৰলৈ গুচি আহিছিলো ।

মোৰ বেগৰ ভিতৰত ‘পেপচী’ৰ এটা দুই লিটাৰৰ ডাঙৰ বটল আছিল । বটলটোত পিচে পেপচী নাছিল । Royal Challenge Whisky  হে আছিল । খানাপাৰাৰ পৰাই সস্তা দামত কিনি লৈ যোৱা ।

বটলটো মই উলিয়াই ললো । লগত অলপ ডালমুট । উপায়োতো নাই । গংগোত্রীত যিহে ঠান্দা !

aerial view of devprayag india
Photo by Ravi Kant on Pexels.com

ৰাতিপুৱা খুব সোনকালে সাৰ পালো । গংগাৰ কোবাল সোতৰ তীব্ৰ গৰ্জন পোনচাটেই কাণত পৰিল।বাহিৰত হাড় কপোৱা ঠান্দা । লেপৰ তলৰ পৰা ওলাবলৈ যথেষ্ট সাহস আৰু মনোবলৰ প্ৰয়োজন ।কোনোমতে একোবত ওলাই ততাতৈয়াকৈ ঊলৰ inner পিন্ধি ললো । লগতে ঊলৰ মোজা, হাতমোজা আৰু টুপী । তাৰ ওপৰত চাৰ্ট পেন্ট, চুৱেটাৰ, জেকেট আদিতো আছেই । বচ, এইবাৰ মই সাজু হলো প্ৰাত:ভ্ৰমণ কৰিবলৈ ।

ৰাতিপুৱাৰ গংগোত্রী খনে মোৰ চকুত যেন আৰু মোহময়ী ৰূপত ধৰা দিলে । গোমুখ পৰ্বতটোৰ ফালে এবাৰ চালো । কালি দেখা বৰফৰ শুভ্ৰ আচ্ছাদনৰ ওপৰত অত তত যেন কিছুমান চিহ্ন । ৰাতি স্বৰ্গৰ অপ্সৰা সবে আহি ইয়াতে নৃত্য কৰিছিল নেকি বাৰু ! হবও পাৰে। ওপৰলৈ চালো । নিৰ্মেঘ নীল আকাশ।গংগোত্রীৰ আকাশ খন ইমান নীলা ! দীঘলকৈ উশাহ লৈ চালো । ইয়াৰ বতাহ যে ইমান নিৰ্মল ! নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ কবিতাৰ শাৰী এটা মনলৈ আহিল —

“মোৰ তীৰ্থ ইয়াতেই
ইয়াতেই, আৰু কতো নাই”

আমাৰ অতিথিশালাৰ মেনেজাৰ জনে আগদিনাই আমাক দঢ়াই দঢ়াই কৈছিল— ৰাতিপুৱা ভালকৈ ৰদ ওলোৱাৰ আগতে আমি যেন গংগাত গা ধুব নাযাও । হিম শীতল পানীয়ে অঘটন ঘটাব পাৰে ।

ৰাতিপুৱাৰ জলপান খাই উঠি ভালকৈ ৰদ ওলোৱাৰ পাচত আমি গংগা স্নান কৰিবলৈ ঘাটলৈ গলো । গৈয়েই মেনেজাৰৰ সাবধান বানীৰ যথাৰ্থতাৰ প্ৰমান হাতে হাতে পালো । বিহাৰৰ পৰা অহা এজন আদবয়সীয়া তীৰ্থ যাত্রী । ৰাতিপুৱা গংগাস্নান কৰিব গৈ শীতত ঠেৰেঙা লাগি ভৱলীলা সম্বৰিলে । মৃতদেহটো ঘাটৰ ওচৰতে বগা কাপোৰ এখনেৰে ঢাকি থোৱা আছিল। মনটো খুব বেয়া লাগিল । এই স্বৰ্গীয় পৰিবেশত মৃত্যু, জৰা, ব্যাধি আদি যেন খাপ নাখায় ।

আমি অতিথিশালাৰ পৰা প্লাস্টিকৰ বাল্টি আৰু মগ লৈ গৈছিলো । হৰিদ্বাৰত মই গংগাত নামি হেপাহ পলুৱাই কেবাদিনো গা ধুইছিলো।গংগাস্নান কৰিলে হেনো পাপমোচন হয় । মই তাত যিমান গা ধুইছিলো সেই হিচাপত মোৰ পাপৰ বোজা negative  হব লাগে । অৰ্থাৎ মই নতুনকৈ আৰু বহু পাপ কৰিব পাৰো– এনেকুৱা ভাব এটা মনলৈ আহিছিল। যাহওক, ইয়াত পিচে পানীত নামাৰ কথা ভাবিবই নোৱাৰি । ভৰি খন নমাই দিলেই যেন ভৰি খন চিঙি লৈ যাব তেনে ভাব হয় ।

people on the river
Photo by Rahul Sapra on Pexels.com

মগটোৰে গংগাৰ পানী  লৈ লাহে লাহে গাত চটিয়াই শৰীৰটো প্ৰস্তুত কৰি ললো গংগাস্নানৰ বাবে। এটা সময়ত গাত পানী ঢালিলো । শৰীৰটো জথৰ হৈ শিলৰ নিচিনা হোৱা যেন লাগিছিল।ভয় লাগিছিল অলপ । বিহাৰৰ সেই দুৰ্ভগীয়া তীৰ্থ যাত্রী জনৰ কথা মনলৈ আহিছিল। পেপচীৰ বটলটো লগত আছিল বুলিহে ! মাত্র এঢোক । সিয়ে যাদুৰ দৰে কাম কৰিছিল।

আৰু কেইদিনমানৰ পাচতেই গংগোত্রীত বৰফ পৰিবলৈ আৰম্ভ কৰিব।দীপান্ৱিতাৰ দিনাখন গংগোত্রীৰ মন্দিৰত শেষ পূজা হব।তাৰ পাচতেই বিগ্ৰহ  লগত লৈ পূজাৰী সমন্ৱিতে গংগোত্রীৰ সমূহ ৰাইজ নামি যাব উত্তৰকাশীলৈ।ডাঠ বৰফৰ প্ৰলেপৰ তলত গংগোত্রী ৰৈ যাব নিসংগ হৈ।চৰাই চিৰিকতি এটা পৰ্যন্ত ইয়াত একো নাথাকিব।

আকৌ এপ্ৰিল মাহৰ বৈশাখী পূৰ্নিমাৰ দিনা বিগ্ৰহ লগত লৈ সকলো ঘূৰি আহিব।দীপান্ৱিতাৰ দিনালৈকে ইয়াত জীৱনৰ স্পন্দন অনুভূত হব।অথচ শীতত তাপমাত্রা যেতিয়া শূণ্য ডিগ্ৰীৰো বহুত তললৈ নামি যায়, সমস্ত গংগোত্রী এলেকা যেতিয়া বৰফৰ মৰুভূমিত পৰিণত হয়,সাধু সন্যাসী কিছুমান তেতিয়াও ইয়াতে থাকে,নিজৰ গুহা কিম্বা আন আশ্ৰয় স্থলত।বিস্ময়কৰ তেওলোকৰ জীৱন।


অতীজৰে পৰাই গংগোত্রী বহু পুন্যাত্মাৰ সাধনাৰ পীঠস্থান।ইয়াৰ পাহাৰ পৰ্বত গুহা কন্দৰৰ সৈতে জড়িত হৈ আছে সাধনাৰ তেনে বহু ইতিহাস।গংগোত্রীৰ সাধকসকলৰ মাজত মহাৰাজ কৃষ্ণাশ্রমৰ নাম বিশেষ ভাবে উল্লেখনীয়।তেখেত ডেকা বয়সতহে গংগোত্রীলৈ আহিছিল।গংগোত্রীত তেখেত প্ৰায় ডেৰ শ বছৰ জীয়াই আছিল।মহাৰাজৰ দেহত হেনো চিৰ যৌবন বিৰাজ কৰিছিল।

অৰ্থাত্ দেহত্যাগৰ সময়লৈ তেখেতৰ দেহত বাৰ্ধক্যৰ কোনো চিন প্ৰকাশ পোৱা নাছিল।


পন্ডিত মদন মোহন মালব্য আছিল মহাৰাজৰ একান্ত ভক্ত।মহাৰাজে গংগোত্রী এৰি কলৈকো যাবলৈ ভাল নাপাইছিল।কিন্তু পন্ডিতজীৰ একান্ত অনুৰোধ এৰাব নোৱাৰি এবাৰ তেখেত বাৰানসীলৈ আহিছিল।বাৰানসী হিন্দু বিশ্ব বিদ্যালয়ৰ চৌহদৰ শিৱ মন্দিৰৰ বিগ্ৰহ মহাৰাজে নিজ হাতে স্থাপন কৰিছিল।মহাৰাজ আহা শুনি হিল দল ভাঙি মানুহ আহিছিল।বাৰনসীৰ ব্যবসায়ী আৰু আন আন ধনী মানুহবোৰে পা-পইচা আৰু মনি মুকুতাৰে মহাৰাজৰ চৰণ ওপচাই পেলাইছিল।

বিৰক্ত হৈ মহাৰাজে সেইবোৰ স্পৰ্শ মাত্র নকৰাকৈ কাকো একো নকৈ ৰাতি বাৰানসী এৰি গুচি গৈছিল।তাৰ পাচত তেখেতে গংগোত্রী এৰি আন কতো যোৱা নাছিল।

black mountain
Photo by Prakash Aryal on Pexels.com

মহাৰাজৰ জীৱনৰ এটা উল্লেখযোগ্য ঘটনা কোৱাৰ লোভ সামৰিব নোৱাৰিছো।

ভৰ বাৰিষাৰ সময়।গংগোত্রীত প্ৰবল বৰষুণ।আন দিনৰ দৰে মহাৰাজ ধ্যানত বহিল পাহাৰ এটাৰ ঠিক তলত।ধাৰাষাৰ বৰষুণৰ ফলত আবেলি পাহাৰটোৰ শীৰ্ষত এটা ডাঙৰ ফাট মেলিল।যিকোনো মুহুৰ্ততে এক ভয়ংকৰ ভূমিস্খলনৰ সম্ভাবনা প্ৰকট হৈ উঠিল।গংগোত্রীৰ ৰাইজৰ অনেক অনুনয় বিনয়ৰ পাচতো মহাৰাজ নিজৰ ধ্যানৰ স্থান সলাবলৈ মান্তি নহল।উপায়বিহীন হৈ সন্ধিয়াৰ সময়ত সকলো ঘৰাঘৰি গল।

মাজনিশা ভয়ংকৰ ভূমিস্খলনৰ শব্দত সকলো চক খাই উঠিল।ৰাতিপুৱা আহি দেখে যি ভয় কৰিছিল সেয়ে হল।ওপৰৰ পৰা খহি অহা শিল আৰু মাটিয়ে গোটেই ঠাইদোখৰ চিনচাব নোহোৱাকৈ পুতি পেলালে।


উত্তৰকাশীৰ পৰা অহা বুলডজাৰ আৰু অন্যান্য যন্ত্ৰ পাতিৰে উদ্ধাৰ কাৰ্য আৰম্ভ হল।অবশেষত মহাৰাজৰ ক্ষত বিক্ষত দেহ আবিষ্কাৰ হল।গধুৰ শিল আৰু মাটিয়ে মহাৰাজৰ দেহটো থেতেলি পেলাইছিল।যেন ক্ষত বিক্ষত এক মাংসপিন্ডহে।সকলো কান্দোনত ভাঙি পৰিছিল।

মহাৰাজৰ দেহত তেতিয়াও প্ৰাণ আছিল।তেখেতে ইংগিতেৰে গংগাৰ তীৰলৈ লৈ যাবলৈ নিৰ্দেশ দিছিল। সকলোৱে ধৰাধৰি কৰি তেখেতক গংগাৰ তীৰলৈ লৈ গৈছিল।তাতে শয্যা এখনো কৰি দিছিল।মহাৰাজৰ ইচ্ছামতেই তেখেতৰ দেহটো গংগাৰ পিনে কাতি কৰি শুৱাই দিছিল যাতে তেখেতে সেই অবস্থাতো গংগাৰ ৰূপ চাই থাকিব পাৰে।

সম্পূৰ্ণ একৈশ দিন মহাৰাজ তেনেদৰে শয্যাগত হৈ পৰি থাকিল।একৈশ দিনৰ পাচত মহাৰাজ শয্যা এৰি থিয় হল।গংগোত্রীৰ ৰাইজে সবিস্ময়ে আকৌ দৰ্শণ কৰিলে মহাৰাজৰ শৰীৰৰ সেই চিৰ যৌবন প্ৰাপ্ত ৰূপ।দেহত কতো একো খুত নাই। যেন একো হোৱাই নাছিল।

গংগাত গা ধুই উঠি গংগোত্রী মন্দিৰত পূজা দিয়াৰ পাচত কাম বুলিবলৈ আমাৰ একো নাছিল।ইতিমধ্যে ভালকৈয়ে ৰদ দিছিল।sun glass যোৰ উলিয়াই পিন্ধি লৈছিলো।sun glassৰ ইয়াত খুবেই প্ৰয়োজন।ইমান ওচৰৰ পৰা বৰফে প্ৰতিফলিত কৰা সূৰ্যৰ ৰস্মিয়ে চকুত কস্ট দিব পাৰে।sun glassযোৰ থাকিলে চিন্তা নাই।
উদ্দেশ্যহীন ভাবে আমি ঘূৰি ফুৰিছিলো।

concrete house on mountain
Photo by Karen W Lim on Pexels.com

ওপৰত পৰিস্কাৰ নীলা আকাশ।সমুখত হিমালয়ৰ বৰফে ধকা সুউচ্চ শিখৰ।ৰাস্তাৰ কাষৰ আপেল গছবোৰত লাগি থকা সুন্দৰ আপেলবোৰ।এইবোৰকে চাই চাই গংগাৰ পাৰে পাৰে সৰু ৰাস্তা এটাৰে আমি গৈ আছিলো।

হঠাতে পিচফালৰ পৰা কোনোবাই মাতা যেন শুনি ঘূৰি চাইছিলো।ডেকা লৰা এজন আমাৰ ফালে দৌৰি আহিছে।ওচৰ আহি পালত চিনি পালো।বদ্ৰীনাথৰ পৰা আহোতে দুৰ্গাপুৰৰ এটা বঙালী পৰিয়াল বাচত আমাৰ লগত একেলগে আহিছিল।ডেকা লৰাজন সেই পৰিয়ালৰে।


লৰাজনে বৰ উৎসাহেৰে কলে-মাতাজীয়ে আপোনালোকক মাতি পঠাইছে।


কোন,কত,কিয় ইত্যাদি নানা প্ৰশ্নৰ উদয় হল মনত।

লৰাজনে অলপ দূৰলৈ আঙুলিয়াই কলে- গংগাৰ পাৰত সেয়া মাতাজীৰ আশ্ৰম।মাতাজী ইয়াত বহু বছৰৰ পৰা আছে।আপোনালোকক লগ পাবলৈ বৰ ইচ্ছা কৰিছে।
মনত বহু কৌতুহুল লৈ আগবাঢ়ি গলো।ছবিৰ নিচিনা সুন্দৰ পৰিচ্ছন্ন এক সৰু আশ্ৰম।দুটা সৰু কুটীৰ।কুটীৰ ৰ সমুখত ৰদত বহি থকা গেৰুৱাবসনা এক সন্যাসিনী।এয়াই নিশ্চয় মাতাজী হব।

প্ৰায় চাৰে পাচ ফুট উচ্চতাৰ গৌৰবৰ্ণা মাতাজীৰ বয়স কিজানি ৫০ৰ ওচৰেপাজৰে হব।কি সুন্দৰ উজ্জ্বল আকৰ্ষনীয় চেহেৰা।দেখাত বেচ সম্ভ্ৰান্ত পৰিয়ালৰ যেন লাগে।


মোক দেখিয়েই মাতাজীয়ে বাংলাতে সুধিলে
–অসমৰ পৰা আহিছ
–হয়– মোৰ চুটি উত্তৰ
–কত ঘৰ
–গুৱাহাটীত
–গুৱাহাটীৰ কত
–দিচপুৰত
–ইয়াত কত উঠিছ
–ভাগিৰথী অতিথিশালাত
–ভাত খাই আহিছ নেকি
–নাই খোৱা
–হোটেলত খোৱাৰ অৰ্দাৰ দি আহিছ নেকি
–হয়


মোৰ পিনে স্থিৰ দৃষ্তিৰে চাই মাতাজীয়ে কলে-তই মিছা কথা কৈছ।


মই মনে মনে ৰলো।মাতাজীৰ অভিযোগ সচা।

আচলতে মোৰ ইচ্ছা আছিল এই ঠান্দাত ঘূৰি ফুৰাৰ পাচত “দুই পেগ“মাৰি গৰম গৰম ৰুটী তাৰকা খাই লেপৰ তলত সোমাই আৰাম কৰাৰ। সেইবাবেহে মিছা মাতিছিলো।

wood landscape water summer
Photo by Collins Zhao on Pexels.com

প্ৰায় আদেশৰ সুৰত মাতাজীয়ে কলে- হোটেলত খোৱাৰ দৰকাৰ নাই।মই ভাত পানী বনাম।দুপৰীয়া আজি মোৰ ইয়াতে খাবি।


এইবাৰ মাতাজীয়ে মোৰ মূৰৰ পৰা ভৰিলৈকে এবাৰ চালে। সেই চাৱনিত কি শক্তি আছিল জানো।মোৰ সৰ্বশৰীৰৰ মাজেৰে আনন্দৰ এক শিহৰণ বৈ গল।এক বিমল আনন্দেৰে মন প্ৰান ভৰি পৰিল। “দুই পেগ“ৰ চিন্তা মনৰ পৰা সমূলন্চে গল।


কুটীৰৰ ভিতৰলৈ মাতাজীয়ে আমাক লৈ গল।বিগ্ৰহৰ সমুখত প্ৰণাম কৰাৰ পাচত মজিয়াতে আমাক বহিব দিলে।মাতাজী নিজেও বহিল আমাৰ সমুখত।


এইবাৰ মাতাজীয়ে কবলৈ আৰম্ভ কৰিলে-“তহতে নিশ্চয় ভাবিছ মই তহতক কিয় মাতি আনিছো।”

-হয়।-মোৰ অকপট স্ৱীকাৰোক্তি।


–“শুন।গংগোত্রীত মই বহু বছৰৰ পৰাই আছো।আগতে সউ পৰ্বতৰ গুহাত আছিলো।এই আশ্ৰমখন হোৱাৰ পাচতহে ইয়ালৈ আহিছো।বৰ বেছি দিনৰ কথা নহয়।“
মই নীৰবে শুনি ৰলো।

–“যদিও গংগোত্রী মোৰ এতিয়াৰ সাধনাৰ স্থল, মোৰ সাধনাৰ প্ৰথম সিদ্ধিলাভ হৈছিল তহতৰ কামৰুপত।মা কামাখ্যা ধামত।“


মাতাজীৰ মুখত কামৰূপ কামাখ্যাৰ নাম শুনি চমকি উঠিলো মই।আৰু বা কি কয় তাকে শুনিবলৈ উৎকৰ্ণ হৈ ৰলো।


“বহু বছৰ আগৰ কথা। ভৰ দুপৰীয়া বহু দুখ কষ্টৰ অন্তত মই যেতিয়া কামাখ্যা মন্দিৰৰ তলত আহি পাইছিলো তেতিয়া মোৰ লগত আছিল মাত্র বিশ পইচা। মন্দিৰলৈ খোজ কাঢ়ি যোৱাৰ বাহিৰে আন উপায় নাছিল। কিন্তু বহু দিনৰ অনাহাৰ অনিদ্ৰাই জুৰুলা কৰা এই শৰীৰত অকনো শক্তি নাছিল। দুই খোজ মান যোৱাৰ পাচতেই ৰাস্তাৰ কাষতে পৰি গৈছিলো মই।ভাগৰতে তাতেই টোপনি গৈছিলো।….

“হঠাতে থক থক শব্দ এটা শুনি সাৰ পাই উঠিছিলো।দেখিছিলো অস্থিচৰ্মসাৰ এগৰাকী বুঢ়ী হাতত লাখুটি এডাল লৈ অকলে অকলে খোজ কাঢ়ি মন্দিৰৰ ফালে আহি আছে।তাকে দেখি সাহ পালো মই। এই কংকালসাৰ বুঢ়ী গৰাকীতকৈ মোৰ অবস্থাতো বহুতেই ভাল। তেন্তে মই কিয় নোৱাৰিম।ময়ো বুঢ়ীৰ লগ ললো।ভৰ দুপৰীয়া নিৰ্জন সেই ৰাস্তাৰে দুয়ো গৈ আছো।কাৰো মুখত মাত নাই। অথচ দুয়ো দুয়োৰে যেন বহু দিনৰ চিনাকি।…


“এনেদৰে গৈ গৈ অবশেষত ৰাস্তাটোৰ ভাজ এটা ঘূৰিয়েই অদূৰত মন্দিৰৰ চূড়া দেখা পালো।ইমান কষ্টৰ অন্তত মাৰ মন্দিৰ আহি পালো তেন্তে।খুব আনন্দ লাগিল।আৰু ঠিক সেই মূহুৰ্ততে মোৰ ইমান সময়ৰ সাৰথি সেই কংকালসাৰ বুঢ়ী যেন শূণ্যত বিলীন হৈ গল।এয়া কি হল।হাহাকাৰ কৰি উঠিল মো ৰ অন্তৰ।মা মা মা- ইমান কষ্টৰ অন্তত আজি তোমাৰ দৰ্শণ পাইয়ো মই তোমাক চিনিব নোৱাৰিলো।তোমাক প্ৰণাম এটাও কৰিব নোৱাৰিলো।মূঢ়মতি মই।মোক ক্ষমা কৰা।”

Maa Kamakhya

মাতাজীয়ে এইখিনি কথা কৈ থাকোতে তেখেতৰ দুচকুৰ পৰা ধাৰাসাৰে চকুলোৰ নিজৰা বৈছিল।চকুলো ৰুধিবলৈ তেখেতে কোনো চেস্টাও কৰা নাছিল।অন্তৰৰ গভীৰতম স্থলৰ পৰা সমস্ত আবেগ ঢালি তেখেতে মাথো কৈ গৈছিল।


“কামাখ্যাত সেইবাৰ মই বহুদিন আছিলো।মোৰ সাধনাত গভীৰ ভাবে মগ্ন হৈ পৰিছিলো। ‘মা’ মোৰ ওচৰলৈ কেবাবাৰো আহিছিল।প্ৰায়ে দোভাগ নিশা।ভিন ভিন ৰূপত।ভিন ভিন বেশত।সেইবোৰ বহুত গভীৰ কথা।সেইবোৰ এতিয়াই বুজি নাপাবি।যাহওক,মোৰ পুন্যভূমি কামৰূপৰ পৰা তহত আহা বুলি শুনি মোৰ তহতক চাবলৈ বৰ মন গল। এসাজ ৰান্ধি বাঢ়ি খুৱাবৰ মন গল।সেইবাবেহে তহতক মাতি পঠাইছিলো।বাৰু তহতে অলপ ফুৰি চাকি আহ।মোৰ ভাত বনাবৰ সময় হল।”


খুব যতনেৰে মাতাজীয়ে আমাক নিজ হাতে ৰান্ধি বাঢ়ি খুৱাইছিল। ভাত, ডাইল, শুদ্ধ গৰুৰ ঘিউ আৰু লেচেৰা ভাজি । মাতাজীৰ হাতৰ সেই অমৃতৰ সোৱাদ মই মোৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম ।আমাক ভাত খাবলৈ দি মাতাজী মোৰ কাষতে বহি লৈছিল । কিজানি আমাক আৰু কিবা লাগেইবা ! মাত্র এবছৰ আগতে মোৰ মা ঢুকাইছিল ।গংগোত্রীত সেইদিনা মাক আকউ ঘূৰাই পোৱাৰ নিচিনা অনুভৱ হৈছিল মোৰ ।

ভাত খাই থাকোতে খুব আবেগিক হৈ পৰিছিলো মই । মোৰ চকুপানী ভাতৰ পাতত টোপাটোপে সৰিছিল । মাতাজীয়ে সকলো দেখি আছিল । কিন্তু মোক একোকে সোধা নাছিল । হয়তোবা তেখেতে সকলো বুজিছিল ।

সন্ধিয়াৰ আগে আগে আমি আহিব ওলাইছিলো  ।
মাতাজীক প্ৰণাম কৰি বিদায় লৈছিলো । কিন্তু ই কি কান্ড !

মাতাজীক প্ৰণাম কৰি বিদায় লবলৈ গৈ কান্দোনত ভাগি পৰিছে মোৰ পত্নী — মাতাজীৰ বুকুৰ মাজত। মাতাজীয়ে তেওক সাবটি ধৰিছে । আলফুলে চুলিত হাত ফুৰাই দিছে । যেন এটি শিশুকহে নিচুকাইছে ।

অবাক হৈ মই মাথো চাই ৰৈছিলো ।

অতিথিশালালৈ ঘূৰি আহাৰ পাচত পত্নীক মই সুধিছিলো —” হঠাতে আজি এনেদৰে কান্দিলা যে ! কি কথা ?”

মোৰ পত্নীৰ স্পষ্ট উত্তৰ—“মই নাজানো ।”

(সমাপ্ত)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: GangotriHimalaya
Anjan Sarma

Anjan Sarma

Related Posts

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal
Travel

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

by TARA KUMAR ANGDEMBE
June 29, 2026
0

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal TARA KUMAR ANGDEMBE ​Imagine standing on a vast, endless carpet...

Read moreDetails
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

April 21, 2026
woman sitting on the car s window

Why it is Important to Travel?

April 18, 2026
Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

Delhi Diaries: A Story of Family Bonding, Solo Growth, and Rediscovering Freedom

April 5, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d