• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

মোৰ ৰেল যাত্ৰাৰ কাহিনী

-তৃষ্ণা লেখাৰু

by Anjan Sarma
July 8, 2021
in Travel
Reading Time: 1 min read
0
মোৰ ৰেল যাত্ৰাৰ কাহিনী

Indian Railways Sky Train Railway Landscape Hills

Share on FacebookShare on TwitterShare on LinkedIn

-তৃষ্ণা লেখাৰু |

ঘূৰি-ফুৰা মানুহবিলাক বহু অভিজ্ঞতাৰে পৰিপুষ্ট হৈ থাকে। কোনোবাই বিশ্বাস কৰক নকৰক, মানুহক ক’বলৈ তেওঁলোকৰ ওচৰত থাকে শত-সহস্ৰ কাহিনী। মইও তাৰ পৰা বিৰত নহয়। ২০১১/১২ মানৰ কথা। ভালদৰে চন বা তাৰিখটো মনত নাই। অফিচৰ ট্ৰেইনিং এটাৰ বাবে বহু দিন দিল্লীত আছিলোঁ। ট্ৰেইনিং শেষ হোৱা কেইবাদিনো হ’ল কিন্তু ঘৰলৈ ঘূৰি আহিবলৈ ট্ৰেইনৰ টিকট পোৱা নাই। এদিন খুব খং উঠাত ৰাতিপুৱা ৪ মান বজাতে আহি দিল্লীৰ আনন্দবিহাৰ ষ্টেচন পালোহি। হাতত আছে কনফাৰ্ম নোহোৱা এটা থাৰ্ড এচিৰ টিকট। যাৰ অৰ্থ হৈছে টিকট নাই। কিনো ভাবি জানো প্লেটফৰ্মৰ পৰা জেনেৰেল ডবাৰ টিকট এটা কাটি ল’লো দিল্লীৰ পৰা গুৱাহাটীলৈ বুলি। তাৰপিছত কনফাৰ্ম নোহোৱা টিকটটো হাতত লৈ এচি থাৰ্ড টায়াৰৰ ডবা এটাত উঠি দিলো। ট্ৰেইন এৰিবলৈ তেতিয়াও বহুত সময় বাকী। মই প্ৰায় খালী হৈ থকা ডবাটোৰ এটা কম্পাৰ্টমেন্টত অসমীয়াত কথা পাতি থকা মানুহ এহালৰ চিটৰ তলত বেগটো থৈ নিজৰ চিনাকি দি টিকট কনফাৰ্ম নোহোৱাৰ কথাটো ক’লো। তেওঁলোকে ক’লে হ’ব ইয়াতে বহি থাকা। মইও তেওঁলোকৰ লগত কথা পাতি ৰৈ আছো ট্ৰেইন এৰালৈ। মূৰত হাজাৰ চিন্তা। ইফালে লাহে লাহে চিটবোৰ ফুল হৈ আহিছে। হঠাৎ ট্ৰেইন এৰিবৰ সময়ত খৰখেদাকৈ ছোৱালী এজনী উঠি আহিল । মোক চিটটো অলপ চাইড দিবলৈ কোৱাত মইও সেইটো তাইৰ চিট বুলি উঠি দিলো। তাই জেগা অলপ উলিয়াই মোকো বহিবলৈ ক’লে। ইতিমধ্যে ট্ৰেইন এৰিলে। ৰাতিপুৱা তিনিবজাতেই উঠি অহা। ট্ৰেইনৰ লহৰত মৃদুকৈ টোপনি আহিছিলহে, তেনেতে আহি ওলাল টিটিজন। টিটিয়ে কনফাৰ্ম নোহোৱা টিকটটো চাই ক্ৰুৰ ভাষাৰে ক’লে এইটো টিকটৰ কোনো অৰ্থ নাই। কনফাৰ্ম নোহোৱা টিকটলৈ যাত্ৰা কৰিছে মানে বিনা টিকটৰ যাত্ৰা। তাৰ শাস্তি কেৱল জৰিমনাই নহয় জেইলো হ’ব। পিছৰ ষ্টেচনত হৈ নামি যাব নহ’লে জেইলত যাব লাগিব। মই ক’লো যে মই বিনা টিকট যাত্ৰা কৰা নাই। জেনেৰেলৰ টিকটটো লাহেকৈ দেখালো। টিকটটো দেখি টিটি চিঞৰি উঠিল, জেনেৰেলৰ টিকটলৈ এচিত উঠিছ, এতিয়াই ইয়াৰ পৰা ওলা। মই কিংকৰ্তব‍্য বিমূৰ। টিটিজনক টকা ৫০০ আগবঢ়াই দি ক’লো উপায় এটা দিয়ক, মই জেনেৰলত ইমান দূৰ যাব নোৱাৰিম। তেওঁ টকা ১৫০০ লৈ মোক ক’লে শ্লিপাৰ ডবালৈ গৈ তাত জেনেৰেলৰ টিকটটো আপগ্ৰেড কৰি ল’। আৰু যেতিয়ালৈকে মই ডবাটোৰ বাহিৰলৈ ওলাই নগ’লো তেতিয়ালৈ টিটিজন তাতে ৰৈ থাকিল। মই বেগটো তাতে ৰাখি এইবাৰ শ্লিপাৰ ডবা বিচাৰি গ’লো।

RelatedPosts

সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

February 21, 2026
Chandubi Experience : A Certain Class of Assamese Tourists and Their Behaviour !

Chandubi Experience : A Certain Class of Assamese Tourists and Their Behaviour !

February 20, 2026


শ্লিপাৰ ডবাটো মই থকা ডবাটোৰ পিছৰটোৱে আছিল। সাংঘাতিক ভীৰ। ঠেলি-হেঁচি কোনোমতে শ্লিপাৰ ডবাত থকা টিটি গৰাকীৰ পৰা জেনেৰেলৰ টিকটটো টকা ৬০০/৭০০ দি শ্লিপাৰলৈ আপগ্ৰেড কৰি ল’লো। সেই সময়তে মোক আচৰিত কৰি মোৰ পিছত ৰখি আছে সেই ছোৱালীজনী। যিজনী ছোৱালীয়ে মোক বহিবলৈ ঠাই উলিয়াই দিছিল। অৰ্থাৎ সেই এচি থাৰ্ড টায়াৰৰ ছিটটো তাইৰো নহয়। তাইৰ টিকটটোও মোৰ দৰেই। যিহওক শ্লিপাৰ ডবাটো ছিট খালী নাই। মানুহ বাথৰূম- দুৱাৰ সকলোতে ঠাহ খাই আছে। উপায় নাপায় আকৌ মানুহৰ ভীৰ ভাঙি ভাঙি সেই এচিৰ ডবাটোলৈ আহিলোঁ। ডবাৰ দুৱাৰৰ বাহিৰত বহুত সময় থিয় দি ৰ’লো। ইফালে লাহেকৈ সন্ধিয়া হৈ আহিছে। ডবাটোৰ পৰা টিটিজন ওলাই যোৱাত পুনৰ সেই নিৰ্দিষ্ট বেগ থোৱা ঠাইখিনি পালোগৈ। ছোৱালীজনীও মোৰ পিছে পিছে। আকৌ সেই মৰমিয়াল মানুহ হালে আমাক বহিবলৈ ঠাই অলপ উলিয়াই দিলে। নিশ্চিন্তমনে ভাবিলো এতিয়া আৰু টিটি নাহে শান্তি। পিছে মনলৈ চিন্তা এটাও আহি আছিল। কিয়নো ৰাতি হৈ আহিছে লাহেকৈ। দিনটো যেন-তেন কিন্তু ৰাতি মানুহবিলাক শুলে ছিটবোৰত বহিবলৈ আৰু পোৱা নাযাব। যি হয় হ’ব বুলি ভাবি কিছুসময় তেনেকৈয়ে বহি আহি আছো। ডবাটোৰ মানুহবোৰে ফিচিঙা ফিচিঙি কৰি থকা গম পাই আছোঁ। দিনটো ইটোৰ পৰা সিটো ডবালৈ দৌৰি থাকোঁতে চাহ এটোপাও খোৱা নহ’ল। ৰাতি তেতিয়া ৮ বাজিছে। চাহঅল্লা এজন অহাত চাহ আৰু ভূজিয়াৰ পেকেট এটা খাবলৈ ল’লো।ইতিমধ্যে ডবাটোৰ বেছিভাগ মানুহেই শুবলৈ আৰম্ভ কৰিছে। মোৰ চাহ খাই শেষ নহ’লেই, এইবাৰ আহি ওলালহি আন এজন টিটি। ইজনতকৈ এইজন আৰু এখোপ চৰা। সকলোকে এফালৰ পৰা দম দি আহিছে। টিকট নোহোৱা অইন ডবাৰো বহুত মানুহ দেখিলোঁ টিটিৰ পিছে পিছে ছাৰ ছাৰকৈ আহি আছে। সকলোৱে পইছা দি ছিট মেনেজ কৰাৰ কৌশল। মই ভাবিলোঁ মইটো টকা দি থৈ দিছোঁ, এতিয়া আৰু চিন্তা নাই। কিন্তু টিটিজন আহিয়েই পোনে পোনে মোক সুধিলেহি টিকট ক’ত। মই অলপ আচৰিত হলো আৰু লগতে বুজি পোৱটো অসুবিধা নহ’ল যে কোনোবাই লগাই দিছে। দুজনীকৈ ছোৱালী মানুহ টিকট নোহোৱাকৈ এচিত বহি আহিছে আৰু বাকী বহু সংখ্যক মানুহে ডবাটোৰ দুৱাৰমুখত থিয় হৈ আহিছে। দিনটো টিটিৰ খেদন খাই থকা ছোৱালীদুজনীক দেখি ৰস পাই থকা মানুহবোৰৰ কোনোবাই যে লগাইছে থিক বুজি পোৱা গ’ল।টিটিজনৰ ব্যৱহাৰ ইমান ৰুঢ় আছিলে যে মোৰো খং উঠি আহিল। মই ক’লো দিনত টিটিৰ লগত কথা হৈছে। পইছাও দিয়া হৈছে। তেতিয়া টিটিজনে ক’লে আগৰজনৰ ডিউটি শেষ হ’ল , তেওঁ যোৱা ষ্টেচনত নামি গৈছে। এতিয়াৰ টিটি মই। ইয়াৰ পৰা ওলা আৰু ফাইন দে ৩০০০। নহ’লে ষ্টেচনত নামি যা। ইতিমধ্যে ট্ৰেইনখন কোনো এটা ষ্টেচনত আহি ৰখিছেহি। কাষৰ মানুহবোৰে ক’লে এইখন ট্ৰেইনত টিটি বদলি থাকে। মিটমাত কৰি লোৱা, নহ’লে পুলিচ লগাই হাৰাশাস্তি কৰিব। মানুহবোৰৰ কথা শুনি খিৰিকীৰে লাহেকৈ বাহিৰলৈ এপাক চালো। কম পোহৰৰ লাইট এটাত জিলিকি থকা কেওকিছু নোহোৱা সৰু ষ্টেচন এটাত ট্ৰেইনখন ৰৈ আছে। মূৰটো আচন্দাই গ’ল। বিশেষ অসুবিধা নথকা হ’লে এইদৰে কাহানিও নাহিলোহঁতিন। ইফালে টিটিৰ লগত অহা পুলিচদুজনে মোৰ বেগ টানিবলৈ লাগি আছে। ভাগ্য যে মোৰ এটা ট্ৰলী বেগ যিটো মই ৰাতিপুৱাতেই সেই মৰমীয়াল মানুহহালৰ ছিটৰ তলত সুমুৱাই ৰাখিছো আৰু আনটো মোৰ পিঠিত লোৱা বেগটো। যিটো পুলিচৰ টনাটনিত এতিয়া চটফটাই আছে। উপায়হীন হৈ মই টিটিজনক ক’লো মোৰ হাতত ৩০০০ টকা নাই, সঁচাকৈয়ে নাই। খুব বেছি ১০০০ টকা এটা দিব পাৰিম। কিন্তু ক’ত শুনিব। বহু সময় বাক-বিতণ্ডাৰ পিছত মোৰ পৰা ১৬০০ টকা আৰু ইজনী ছোৱালীৰ পৰাও সমানে টকা লৈ চিঞৰি চিঞৰি আমাক ডবাৰ পৰা খেদি পঠিয়ালে। আনকি টিটিজন তাতেই ক্ষান্ত নাথাকিল তেওঁ আমাক এচি ডবাৰ দুৱাৰমূখটো ৰ’বলৈ নিদিলে, তাৰ পৰাও আমাক খেদি খেদি শ্লিপাৰ ডবাৰ মুখ পোৱালেগৈ…আৰু শ্লিপাৰ ডবাটো…..


জীৱনত আমি কোনসময়ত সাহসী হৈ পৰোঁ সেইয়া বহুত সময়ত ধৰিব নোৱাৰোঁ। মই দিল্লীৰ পৰা গুৱাহাটীলৈ ১৮০০ কিলোমিটাৰৰ যাত্ৰা এটা এইদৰে কৰিম বুলি আগতে কেতিয়াও ভবা নাছিলোঁ। প্ৰায়েই মই ৰাজধানী খনতেই যাত্ৰা কৰিছিলোঁ। বেলেগ ট্ৰেইনত গ’লেও এচিৰ ডবাত সম্পূৰ্ণ কনফাৰ্ম ছিট এটাত। যি কি নহওক, শ্লিপাৰ ডবাটোৰ কথা দিনতেই কৈছিলো যে মানুহেৰে ঠাহ খাই আছে। ৰাতি যেতিয়া সেই ছোৱালীজনী আৰু মোক টিটিজনে খেদি খেদি শ্লিপাৰ ডবাটোৰ মুখলৈ লৈ গ’ল, কল্পনা কৰিব নোৱাৰা পৰিস্থিতি। কোনো এটা ডবাৰ ভিতৰলৈ সোমোৱা ৰাষ্টাকণ কিমান ডাঙৰ সেইয়া ৰেল যাত্ৰা কৰা সকলোৰে বাবে পৰিচিত। টিটিজনে আমাক য’ত খেদি থৈ গুচি গ’ল, সেইয়া হ’ল দুটা টইলেটৰ মাজেৰে ইটো ডবাৰ পৰা সিটো ডবালৈ যোৱা ৰাষ্টাটো। য’ত প্ৰায় ৫০ জনমান মতা মানুহ ইটোৱে সিটোৰ গাত লাগি একদম ফিক্সড হৈ আছে। আমাক টিটিয়ে খেদা দৃশ্যটো ইমান অবৰ্ণননীয় যে গোটেই মানুহবোৰে আমাক দেখি হাঁহি আছে। বিশেষ টিপ্পনী দিছে। ৰাতিৰ কথা। ইফালে মানুহৰ ভিৰৰ লগতে বিভিন্ন গোন্ধৰ সমাহাৰ। কিছুমান মানুহে আমাৰ গাত যেন পৰিয়েই দিবহি তেনে আচৰণ। তাত থাকিব নোৱাৰি পুনৰ ভিৰ ঠেলি ঠেলি এচি ডবাটোৰ দুৱাৰমুখ পালোগৈ। কপাল ইমানেই বেয়া যে টিটিজনে ডবাটোৰ ভিতৰৰ পৰাই আমাক দেখা পাই আমালৈ পুনৰ চোঁচা ল’লে। আমি আকৌ পিছুৱাই গ’লো। ইতিমধ্যে মানুহবোৰে খুব ৰস লৈ আছে কথাটোত। আমাক প্ৰশ্ন কৰাও আৰম্ভ কৰি দিছে। ক’ত যাম, কি কথা য’ত চব…এটা সময়ত টিটিজন ডবাটোৰ পৰা আনখন দুৱাৰেদি ওলাই গ’ল। দিনটোৰ এনে পৰিস্থিতিত ঘৰৰ মানুহ কাকো ফোন এটাও কৰিব পৰা নাই। কোনোবাই ফোন কৰিছিল যদিও কথা পাতিব পৰা নাছিলোঁ। মানুহে ঘেৰি লৈ আমাক প্ৰশ্ন কৰি থকা সময়তেই এইবাৰ মোলৈ ফোন এটা আহিলে। কোনে কৰিছিল মনত নাই। অসমীয়াত কথা পতা শুনি আমাক প্ৰশ্ন কৰি থকা মানুবোৰৰ মাজৰ পৰাই ল’ৰা এজনে মোক অসমীয়াতে অসমৰ নেকি বুলি সুধিলে। মই ক’লো, হয়। তেওঁ ক’লে টিকট কনফাৰ্ম হোৱা নাছিল , মই ক’লো নাই। ল’ৰাজনে তেতিয়া ভীৰৰ মাজত বেছি কথা নাপাতি আমাক তেওঁৰ কম্পাৰ্টমেন্টটোলৈ মাতি নিলে। আমিও টিটি যোৱাৰ সুযোগতে ডবাটোৰ ভিতৰলৈ সোমাই গ’লো। ল’ৰাজন আৰু তেওঁৰ লগত তিনিজন। মুঠ চাৰিজন। তেওঁলোকো দিল্লীৰ পৰা আহিছে। তাতে পঢ়ি আছে। বঙাইগাঁওত ঘৰ। মোক সুধিলে বেগ ক’ত আছে। মই লাহেকৈ উঠি গৈ বেগটো চাই আহিলোঁগৈ। থিকেই আছে। ইতিমধ্যে মানুহহালো শোলে। তেওঁলোকক আৰু জগাবলৈ মন নগ’ল। ল’ৰাজনক ক’লো বেগ থিকেই আছে। ইতিমধ্যে মানুহবোৰে কম্পাৰ্টমেন্টটোৰ লাইটবোৰ অফ কৰি দিছে। ল’ৰাজনক সুধিলোঁ ৰাতিটো যেনেতেনে তলতে বহি যাব পাৰিম নেকি। তেওঁ ক’লে লগৰকেইটাৰ লগত আলোচনা কৰি লওঁ। তেওঁলোকে কিছুসময় আলোচনা কৰি মোক জনালে যে মোক তেওঁলোকে তলৰ ছিটটো শুবলৈ এৰি দিব। যিহেতু মই অসমৰ ছোৱালী, সেই গতিকে সেইকন সহায় কৰিব। কিন্তু ইজনী ছোৱালী থাকিব নোৱাৰিব। কথাটো শুনি মই আচৰিত। দিনটো ছোৱালীজনী মোৰ লগতেই আছে। মোৰ হিন্দী যিমান বেয়া তাতকৈয়ো বেছি তাইৰ বেয়া। তাইৰ কথা কোনেও বুজি পোৱা নাই । নেপালত ঘৰ। নিউ জলপাই গুড়িত নামি তাই ছিলিগুৰি হৈ নেপাললৈ যাব। এই ছোৱালীজনীক মই কি যুক্তিত অক’লে বাহিৰত সেই মতা মানুহৰ ভীৰটোৰ মাজত থাকিবলৈ ক’ম। আনফালে ভয়ত ছোৱালীজনীৰ অৱস্থা নাই। মই ল’ৰাজনক তেওঁৰ সহায়ৰ বাবে ধন্যবাদ জনালোঁ কিন্তু ছোৱালীজনীক মই অক’লে এৰি দিব নোৱাৰো বুলি কৈ তাইক হাতত ধৰি ডবাটোৰ বাহিৰলৈ ওলাই আহিলোঁ। ইতিমধ্যে বাহিৰত থকা মানুহবোৰে আমি পুনৰ উভতি যোৱাত আমাক আৰু বেছিকৈ হাঁহিবলৈ আৰু জোকাবলৈ ধৰিলে। খঙতে মানুহ এটাক খুব গালি দিলোঁ। মানুহবোৰ অলপ চুপ হ’ল। তেনেতে সেই ল’ৰাজনে পুনৰ আহি আমাক দুয়োজনীকে মাতি ভিতৰলৈ লৈ আনিলে। মোক ক’লে বেয়া নাপাব, আজিকালি মানুহক বিশ্বাস কৰিবলৈ টান, তাতে বাহিৰা মানুহ। আপোনালোক দুয়োজনী এতিয়া এই ছিটটোটে যেনেতেনে শুই লওক। তেওঁৰ নিজৰ ছিটটো আমাক এৰি দি তেওঁৰ বন্ধু এজনৰ সৈতে ওপৰৰ ছিটটোত শুবলৈ গুচি গ’ল। কৃতজ্ঞতা জনাই মই এইবাৰ ছোৱালীজনীক অলপ শুই ল’বলৈ ক’লো। ডবাটো যিহেতু থ্ৰি টায়াৰৰ, অৰ্থাৎ আঠটা ছিটৰ এটা কম্পাৰ্টমেন্ট। এফালে তিনিটা-তিনিটা ছটা ছিট আৰু ছাইডত দুটা। দিনত বেছিভাগ মানুহে বহি যায় কাৰণে মাজৰ ছিটটো খুলি থয় আৰু ৰাতি শোৱাৰ সময়ত লগাই দিয়ে। আৰু মাজৰ ছিটটো লগালে তলৰ ছিটটোত মানুহ বহি যোৱাটো কষ্টকৰ।যি কি নহওঁক, এইবাৰ ছোৱালীজনীয়ে মোক ভয়ে ভয়ে ক’লে আমি শুই নাযাওঁ দিয়ক, কাকো বিশ্বাস কৰিব নোৱাৰি। দিনটো যুঁজি যুঁজি মোৰ মনটোও বৰ ভাৰাক্ৰান্ত হৈ পৰিছিল। এতিয়াও গুৱাহাটী পাবলৈ ২৪ ঘন্টা মানেই বাকী। মই তাইক একো ক’বলৈ নাপালোৱেই ওপৰত শুই থকা ল’ৰাজনে আমাক চিঞৰি ক’লে, টিটি আহিছে মনে মনে শুই থাকক। টিটিৰ কথা শুনি ছোৱালীজনীয়ে মোক টানমাৰি শোৱাই কম্বলেৰে মূৰলৈকে ঢাকি দুইজনীক দেখিবলৈ এজনীৰ নিছিনা কৰাই চুপ হৈ ৰ’ল। ল’ৰাজনে ওপৰৰ পৰা ক’লে কিবা সুধিলে একো শব্দ নকৰিব। টোপনি যোৱাৰ ভাও ধৰক। টিটি আহি আমাৰ ওচৰ পালেহি। আমাক টিকট দিখাওৱ বুলি কোৱাত ওপৰৰ পৰা ল’ৰাজনে ধমক লগালে, মানুহ শুই থাকোঁতে কি টিকট চাব আহিছে, কিমান টিকট চাব , শুব দিয়ক। টিটিজনে কাৰোবাক মিছাতে নামাতিবলৈ গালি দি গুচি গ’ল। মোৰ বুজাত অসুবিধা নহ’ল যে এইবাৰো ছিট নোপোৱা কোনোবা মানুহে আমি শুবলৈ ঠাই পোৱা দেখি টিটিক মাতি আনিছিল আমাক খেদাবলৈ। ইতিমধ্যে ৰাতি বহুত হ’ল। আমি লাহেকৈ কম্বলৰ পৰা মূৰ উলিয়াই উশাহ ল’লো। ৰাতিটো তেনেকৈয়ে পাৰ হ’ল। অৱশ্যে মাজৰাতি দুটামান মানুহে যিয়ে আমাক অনুসৰণ কৰি আছিল, টিটিক খবৰ দি আছিল সিহঁতে আহি আমি যেনে তেনে শুই থকা ছিটটোত আমাক ঠেলি ঠেলি বহিবলৈ চেষ্টা কৰিছিল, এটাইটো শুবলৈয়ে চেষ্টা কৰিছিলহি। মুখেদি যিমান গালি দিলোঁ তাতকৈ বেছি গুৰিয়ালো। উঠি যাবলৈ বাধ‍্য।ৰাতিপুৱা ছোৱালীজনীয়ে ষ্টেচন পাই নামি গ’ল। তাইৰ নামটোও মনত নাথাকিল। কেৱল তাই নমাৰ সময়ত দুয়োজনীয়ে দুয়োজনীক ভালকৈ যাবা বুলি কৈছিলোঁ।তাই নামি যোৱাৰ পিছত মই বঙাইগাঁওৰ সেই ল’ৰাকেইজনক পুনৰ ধন্যবাদ জনাই মোৰ বেগ থোৱা ঠাইখিনিলৈ আহিলোঁ। ইতিমধ্যে ট্ৰেইনত মানুহ পাতল হৈ আহিছে। নিউ জলপাই গুৰি পাৰ হোৱাৰ পিছত সাধাৰণতেই ট্ৰেইনৰ ভিৰটো কমি যায়। মোৰ বেগটো সযতনে ৰাখি থোৱা মৰমীয়াল মানুহহালক ধন্যবাদ জনালোঁ। ওচৰত বহি থকা মানুহবোৰে ক’লে এতিয়া আৰু টিটি নাহে, আৰামত বহি লোৱা ,ছিটো খালী আছে। মই তেওঁলোককো ধন্যবাদ জনাই ডবাটোৰ বাহিৰলৈ ওলাই আহিলোঁ। তাতে ড্ৰাম এটা থোৱা আছিলে। সেইটোটে বহি আহিলোঁ দিনটো। কিবা এটা ক্ষোভ আৰু খঙত নিজকে নিজে কৰা এটা প্ৰতিবাদ যেন। এচিৰ টিকট নথকা যাত্ৰীক এচিৰ দুৱাৰৰ বাহিৰতো ৰ’বলৈ নিদিয়া, মানুহৰ ইতিকিং, শ্লেষ, অসভ‍্যালী…তাৰ মাজতে কেইজনমান সহায় কৰা মানুহ…ড্ৰামটোট বহি ট্ৰেইনৰ গেইটখন খুলি লৈ অসমৰ প্ৰকৃতি চাই চাই ৰাতি ৮ মান বজাত গুৱাহাটীত নামিলোহি।।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ৰেল যাত্ৰা
Anjan Sarma

Anjan Sarma

Related Posts

সাগৰ দেখিলোঁ—মন্দাৰমণি!
Travel

সাগৰ দেখিলোঁ—মন্দাৰমণি!

by Sanjeev Kumar Nath
March 8, 2026
0

সাগৰ দেখিলোঁ—মন্দাৰমণি! সঞ্জীৱ কুমাৰ নাথ ভালেমান দিন আগতে যেতিয়া মহাবাহুত ভৱেশ শর্মাৰ অতি সুন্দৰ লেখা “মন্দাৰমণিৰ জোৱাৰভাটা” পঢ়িছিলোঁ, তেতিয়াই ভাবিছিলোঁ...

Read moreDetails
A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

A Kerala Story of the Triumph of Reason Over Greed : Silent Valley National Park

February 21, 2026
Chandubi Experience : A Certain Class of Assamese Tourists and Their Behaviour !

Chandubi Experience : A Certain Class of Assamese Tourists and Their Behaviour !

February 20, 2026
তিৰুআন্নামলই ডায়েৰী

তিৰুআন্নামলই ডায়েৰী

January 6, 2026
Hornbill Festival OF NAGALAND

Hornbill Festival OF NAGALAND

December 3, 2025
blue and white abstract painting

মন্ডাৰমণিৰ জোৱাৰ-ভাটা

October 6, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d