মানস প্ৰতিম দত্ত
আজি বিশ্ব জৈৱ বৈচিত্ৰ দিৱস । মানুহৰ বিচিত্ৰ কৰ্মই মানুহৰ জীৱন সমৃদ্ধ কৰাৰ দৰেই। প্ৰকৃতিৰ বিচিত্ৰ কৰ্মই প্ৰকৃতিক সমৃদ্ধ কৰে । মানুহ প্ৰকৃতিৰে এক অংশ। মানুহৰ বৰ্দ্ধিত জনসংখ্যাই দিনক দিনে প্ৰকৃতিৰ ওপৰত অধিক চাপৰ সৃষ্টি কৰিছে। অত্যাচাৰৰ কবলত পৰিছে প্ৰকৃতি। মানুহৰ অত্যাচাৰ আৰু অজ্ঞতাৰ বাবেই আজি ১০ হাজাৰৰো অধিক জীৱপ্ৰজাতি ধ্বংসৰ দিশলৈ গতি কৰিছে। এই বিশাল পৃথিৱীখনৰ প্ৰতিটো জীৱৰে জীয়াই থকাৰ অধিকাৰ আছে। আচলতে প্ৰতিটো জীৱই এটাই আনটোৰ লগত সংপৃক্ত হৈ আছে।
মানুহ আৰু প্ৰকৃতিৰ মাজত এনে সম্পৰ্কৰ কথা উপলব্ধি কৰা হৈছিল ১৯৯২ চনৰ নৰৱেত অনুষ্ঠিত জৈৱ বৈচিত্ৰ সন্মিলনত। সেই সন্মিলনতে ২৯ ডিচেম্বৰ তাৰিখে এক প্ৰস্তাৱ লোৱা হয় যে প্ৰত্যেক বছৰে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক আৰু জীৱ বৈচিত্ৰৰ ৰং-বিৰঙৰ নান্দনিক সম্বন্ধৰ গুৰুত্বৰ প্ৰতি মানুহৰ মাজত সজাগতা আনিব লাগিব। অন্যথা মানুহ আৰু অন্যান্য জীৱসমুদায়ৰ মাজৰ সম্পৰ্কত আউল লাগিবলৈ বেছি দিন নালাগিব। গতিকে প্ৰতি বছৰে ২২ মে’ তাৰিখটো বিশ্ব জৈৱ বৈচিত্ৰ দিৱস হিচাপে পালন কৰা উচিত।
২০২১ বৰ্ষৰ এই দিৱসৰ মূল বিষয় হ’ল – আমি সমাধানৰ অংশ। অৰ্থাৎ আমাৰ মাজত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰাৰ বাবে আমি নিজে আগবাঢ়ি আহিব লাগিব। আমিয়েই সেই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত উদ্যোগ ল’ব লাগিব।
সাম্প্রতিক সময়ত খেতিয়কৰ উন্নত জাতৰ বীজৰ প্রতি আগ্রহ বৃদ্ধি পাইছে। কিয়নো এনে খেতিত কম সময়ত অধিক উৎপাদনৰ আশা থাকে। এই উন্নত বীজসমূহৰ বাবে প্রয়োজনীয় জিনীয় পদার্থ একে প্রজাতিৰ বা অন্য বন্য বংশধৰৰ ৰোধ প্রতিৰোধ সক্ষমতা, উৎপাদন সক্ষমতা আদিৰ ওপৰত নির্ভৰ কৰি পৰা আহৰণ কৰা হয়। ইয়াৰ উপৰিও ভাৰতবর্ষত উদ্ভিদৰ পৰা প্রস্তুতকৃত ঔষধৰ ওপৰত প্রায় ৮০% শতাংশ মানুহ নির্ভৰ কৰা দেখা যায়। আমাৰ নিত্য ব্যৱহার্য সামগ্রীৰ পৰা আৰম্ভ কৰি দুৰাৰোগ্য ব্যাধিৰ বাবেও উদ্ভিদৰ পৰাই ঔষধ প্রস্তুত কৰা হয়। সৌন্দর্যবর্ধক চেম্পু, চাবোন, টুথপেষ্ট সকলোতে ব্যৱহার্য হার্বেল শব্দটো সেয়েহৈ আজি আমাৰ প্রত্যেকৰে চিনাকি। দুৰাৰোগ্য ৰোগ মেলেৰিয়াৰ ঔষধৰ বাবে চিনকোনা, নয়নতৰা গছৰ পৰা ব্লাড কেন্সাৰৰ ঔষধ আদি প্রস্তুত কৰা হৈছে। চিকিৎসা বিজ্ঞান আৰু ওষধি উদ্যোগত লোক ঔষধ সমূহৰ গুৰুত্বও অপৰিসীম। ইতিমধ্যে কেৰেলাৰ ৭৫ বৰ্ষীয়া লক্ষ্মীকুট্টি আম্মা, যি গৰাকী মহিলাই প্ৰায়৫০০ টাতকৈ অধিক পাৰম্পৰিক বন-দৰৱেৰে ৰাইজৰ সেৱা আগবঢ়াই আছে তেওঁক আমাৰ দেশৰ অসামৰিক সন্মান ‘পদ্মশ্রী’প্ৰদান কৰা হৈছে । ইয়াৰ উপৰিও মাটিৰ পৰা জীৱাণু সংগ্রহ কৰি ভিটামিন, এলকহল, জৈৱিক এচিড প্রস্তুত কৰা হয়। প্রকৃতি-প্রদত্ত শাক-পাচলিয়ে অর্থনৈতিক ক্ষেত্রলৈয়ো অভূতপূর্ব বৰঙণি আগবঢ়াইছে। প্রত্যেকজোপা গছৰে যদি অর্থনৈতিক মূল্য নির্ভৰ কৰে গছজোপাত বসবাস কৰা পোক-পৰুৱা, চৰাইৰ পৰা আৰম্ভ কৰি গছজোপাই প্রদান কৰা অক্সিজেন, জ্বলীয় বাষ্প আদিৰ ওপৰত নির্ভৰ কৰে। ইয়াৰ ওপৰত নির্ভৰ কৰি গছ এজোপাৰ ব্যৱহাৰিক মূল্য আৰু সেৱা মূল্য নির্ধাৰণ কৰা হয়। যদিহে এজোপা গছৰ ব্যৱহাৰিক মূল্য দহহেজাৰ টকা হয় তেন্তে ইয়াৰ প্রকৃতিলৈ আগবঢ়োৱা সেৱা মূল্য প্রায় ৩ কোটি টকাৰো অধিক হ’ব বুলি হিচাপ কৰি উলিওৱা হৈছে ।
জৈৱবৈচিত্রৰ নন্দনতাত্বিক মূল্যৰ কথা আমি সকলোৱে জানো। বৈচিত্রময় এডোখৰ ঠাই দেখিলেই আমাৰ মন-প্রাণ পুলকিত হৈ উঠে। এই বৈচিতই আমাক কেৱল সৌন্দর্যপিয়াসী মন এটাই নিদিয়ে, ঈবাৰ উপৰিও অর্থনৈতিক সুৰক্ষা দিয়ে। ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য আদিৰ দাঁতি-কাষৰীয়া স্থানতও পর্যটন কেন্দ্র গঢ় লৈ উঠিছে। গাঁৱে গাঁৱে গ্রাম্য অভয়াৰণ্য গঢ় লৈ উঠিছে। ই আমাক সৌন্দর্যৰ লগতে অর্থনৈতিক সকাহো প্রদান কৰিছে।
জৈৱবৈচিত্রৰ আন এটি অন্যতম অৱদান হ’ল যে, ই আমাক জিনীয়ভাৱে পৰিৱর্তিত খাদ্য প্রস্তুতৰ বাবে জিনীয় পদার্থ যোগান ধৰে। ফলত বিভিন্ন ধৰণৰ ট্রান্সজেনিক উদ্ভিদ সৃষ্টি কৰাটো সম্ভৱ হৈছে।
প্রকৃতি আৰু মানু্হৰ এই মধুৰ সম্পর্ক চিৰস্থায়ী হ’লেহে মানুহ-প্রকৃতিৰ বান্ধোন আৰ সহৃদয়তা যুগমায়ী হ’ব । কিয়নো প্রকৃতি সাধাৰণতে সহনশীল হয়। প্রকৃতিয়ে বছৰ পাছত বছৰ সহ্য কৰিব পাৰে। সহ্য কৰে। কিন্তু প্রকৃতিৰ সেই ধৈয্যৰ বান্ধোন খোল খাই গ’লে প্রকৃতিৰ বিধ্বংসী ৰূপক প্রতিহত কৰিবলৈ কাৰোৱেই ওচৰত কোনো শক্তি নাথাকিব। ভাৱকচোন, সততে ইক’নমিক সুৰক্ষাৰ কথা চিন্তা কৰা আমাৰ মাজত হঠাৎ যদি মূল্যৰ মান নিম্নগামী হৈ শূণ্য হৈ পৰে তেন্তে আমি কি খাম, কেনেকৈ খাম! ইতিমধ্যে জন-বিস্ফোৰণ আৰু নগৰমুখী যাত্রাই আমাৰ ভূমিৰ পৰিমাণ হ্রাস কৰি আনিলেই। তেনে স্থলত নিত্য-নৈমিত্তিক খাদ্যৰ বাবে আমি বজাৰলৈ যাবলগীয়া হয়।বাৰীত শাক এডৰা কৰিবলৈয়ো আমাৰ মাটি নাই, সময় নাই নহয়নে! গতিকে বজাৰ কৰিবই লাগিব । কিন্তু কেনেকৈ ? মূল্যহীন পইচা দিটো শাক-পাচলি ক্রয় কৰিব নোৱাৰিম নহয়নে! আকৌ তাৰ বাবে কিবা উপায় কৰিলেও সেই বনিক সকলৰ মাজতো খাদ্য শেষ হ’ব, তেতিয়া কি কৰিম? এবাৰ দুচকু মুদি যদিহে কথাবোৰ ভাবো আৰু উপলব্ধি কৰিবলৈ যত্ন কৰোঁ তেন্তে হয়তো আমাৰ সকলোৱে এই কথাত একমত হ’ম যে কেৱল ইক’নমিক মূল্যই আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে, তাৰ বাবে ইক’ল’জিকেল মূল্যৰো প্রয়োজন।
আমি আৰু কি কৰিব পাৰোঁ:
আমি সচৰাচৰ বিভিন্ন আৱর্জনা সমূহ প্লাষ্টিকৰ মোনাত ভৰাই ৰাস্তাৰ কাষত পেলাই দিওঁ। ফলত সেই প্লাষ্টিকৰ ভিতৰৰ আৱর্জনাসমূহ গেলি দুর্গন্ধৰ সৃষ্টি কৰে। পদপথেদি মানুহ যাব নোৱাৰা হয়। এই ক্ষেত্রত নগৰাঞ্চলত পৌৰনিগমে আৱর্জনাবোৰ সংগ্রহ কৰি বিজ্ঞানসন্মতভাৱে পেলাই দিয়াটো নিয়ম। ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ইয়াক গণমুখী কৰিবলৈ চেষ্টা কৰিছে। তোমালোকে নিশ্চয় আজিকালি জাৱৰ-জোথৰ সংগ্রহ কৰিবলৈ অহা ব্যক্তি দেখিছা। সেয়েহে য’তে ত’তে জাৱৰ-জোথৰ নেপেলায় নির্দিষ্ট সময়ত সংগ্রহ কৰিবলৈ অহা ব্যক্তিক জাৱৰ-জোথৰবোৰ যোগান দিয়া উচিত।
যিবোৰ কাৰণৰ বাবে আৱর্জনা সৃষ্টি হয় সেইবোৰ কাৰণ নোহোৱা কৰিবলৈ চেষ্টা কৰা উচিত। আমি পৰাপক্ষত এবাৰ ব্যৱহাৰযোগ্য সামগ্রী কিনবলৈ কমাই দিয়া উচিত। তদুপৰি দোকানত প্লাষ্টিক বিচৰাৰ সলনি পৰাপক্ষত বজাৰ-সমাৰ কৰিবলৈ নিজৰ লগত এটা পলিথিন ৰখা উচিত।
এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্রীসমূহ পুন:ব্যৱহাৰ কৰিলে অর্থনৈতিকভাৱেবও লাভৱান হ’ব পাৰোঁ। উদাহৰণস্বৰূপে, ভঙা-চিঙা আইনাসমূহ পুন:ব্যৱহাৰৰ বাবে আমি কোম্পানীসমূহক যোগান ধৰিব পাৰোঁ।তেওঁলোকে তাৰপৰা পুন: আইনা প্রস্তুত কৰিব পাৰে।
ওপৰোক্ত কার্যসমূহৰ দ্বাৰাহে সম্পদৰ সৈতে থকা মানুহৰ অসমতাসমূহ দূৰ কৰা সম্ভৱ। ব্যক্তিগতভাৱেও সম্পদৰ ব্যৱহাৰৰ ল্ষেত্রত সমতাপূর্ণ ব্যৱহাৰ নিশ্চিত কৰিব পাৰিবই লাগিব। গতিকে নিজা অঞ্চলসমূহৰ বহনক্ষম কিকাশৰ বাবে পৰিৱেশ সম্পদৰ যথোচিত ব্যৱহাৰত গুৰুত্ব দিব লাগে। ই আমাৰ দৈনন্দিন কার্যৰ অন্তর্গত হোৱা উচিত।
পৰিৱেশ দিৱস মানেই গছপুলি ৰোপণ – এই ধাৰণাৰ পৰামুক্ত হৈ নিজৰ সুবিধা। অনুযায়ী যিকোনো সময়ত যিকোনো দিনত গছপুলি ৰুলে প্রকৃতিৰ প্রতি থকা ভয়াবহতা ৰোধ হ’ব বুলি ভাবিব পাৰি। পাৰ্যমানে গছপুলি ৰোপন কৰাটো আমাৰ নৈতিক দায়িত্বৰে ভিতৰুৱা কথা।
প্রকৃতি সুৰক্ষাৰ ক্ষেত্রত পথ আৰু পৰিবহণ বিভাগো দায়িত্বশীল হোৱা উচিত । পথ নির্মাণৰ সময়ছোৱাত জধে-মধে গছ কাটি পথ বহলোৱা হয় গতিকে সেই গছসমূহ সুৰক্ষিত ৰাখি পথ বহলোৱাৰ পৰিকল্পনা কৰা উচিত।
এই মহামাৰীৰ সময়ত মানুহেও প্ৰকৃতি গুৰুত্ব অনুভৱ কৰিছে। বহনক্ষন বিকাশ আৰু স্বাস্থ্যৰ মাজৰ সম্বন্ধক উপলব্ধি কৰিছে। এতিয়া সময় হ’ল আমাৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক সলনি কৰাৰ। অত্যাচাৰৰ পৰিৱৰ্তে সহযোগিতা আগবঢ়োৱাৰ।
আপুনি জীৱ বৈচিত্ৰৰ সমস্যা সমাধানৰ এক অংশ হৈছেনে? যদি নাই হোৱা মই আপোনাক আমন্ত্ৰণ জনাইছো আহক প্ৰকৃতিৰ সমস্যাসমূহ সমাধানৰ আপুনিও এক অংশ হওঁক।