• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মৰিয়া জনগোষ্ঠী অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ

ম: ইনতাজ আলি

by Anjan Sarma
July 5, 2021
in Special Report
Reading Time: 2 mins read
0
বৃহত্তৰ অসমীয়া মহাজাতিত অসমীয়া শিখৰ অৱস্থিতি
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026

-ম: ইনতাজ আলি |

পৰিচয়

অসমীয়া জাতীয় জীৱনৰ লগত ওতপ্ৰোতভাৱে বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰপৰা জড়িত থকা অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈছে মৰিয়াসকল। অসমৰ দুখত দুখী অসমৰ সুখত সুখী এই মৰিয়াসকলে ধৰ্মৰ ঊৰ্ধ্বত থাকি নিজকে এজন ভাল অসমীয়া বুলি আনৰ আগত চিনাকি দি গৌৰৱ অনুভৱ কৰে। এইসকল লোকৰ ভাষা অসমীয়া, ৰীতি-নীতি অসমীয়া, সংস্কৃতি অসমীয়া, সাজ-পোছাক অসমীয়া, খাদ্যাভ্যাস অসমীয়া। আজি আমি এই লিখনি অসমৰ মৰিয়াসকলৰ সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশ সামৰি আলোচনা কৰিম এই কাৰণেই যে অসমৰ বিভিন্ন জিলাত বাস কৰা মৰিয়াসকল প্ৰথমেই কলিয়াবৰত আহোম ৰজাৰ হাতত বন্দী হৈছিল আৰু পিছলৈ স্বৰ্গদেউসকলে তেওঁলোকৰ আদি বাসস্থান কলিয়াবৰৰপৰাই এওঁলোকক নি অসমৰ বিভিন্ন ঠাইত বহুৱাইছিল। বৰ্তমান কলিয়াবৰত থকা জয়ন্তীপুৰ মৰিয়া গাঁওখনেই জনসংখ্যাৰ দিশত অসমৰ ভিতৰত এখন বিশাল মৰিয়া গাঁও হিচাপে পৰিচিত।

১৫৩২ খ্ৰীষ্টাব্দৰ তুৰ্বকৰ আক্ৰমণৰ সময়ত ৯০০ মুছলমান সেনা কলিয়াবৰৰ (হাটবৰ আৰু শিলঘাটৰ দুইমুনি শিলা) যুদ্ধত বন্দী হৈ ইয়াতে ৰৈ গৈছিল। এওঁলোকৰ উত্তৰাধিকাৰীসকল হ’ল বৰ্তমানৰ মৰিয়াসকল। ইতিহাসে যদিও কৈছে মৰিয়াসকল ১৫৩২ খ্ৰীষ্টাব্দতহে অসমত বন্দী হৈছিল, কিন্তু মৰিয়াসকলৰ বসতিৰ স্থানসমূহ চালে অনুমান কৰিব পাৰি যে এইসকল লোক নিশ্চয় ১২০৫-০৫ খ্ৰীষ্টাব্দৰ আশে-পাশে বন্দী হোৱা লোক। অন্যহাতে বড়ো সমাজৰ বহু ৰীতি-নীতি মৰিয়াসকল সামাজিক জীৱনত আজিও বিদ্যমান হৈ থকাৰ দিশলৈ চালে অনুমান কৰিব পাৰি যে, মৰিয়াসকল অসমৰ অতি পুৰণি মুছলমান লোক। বড়োসকল যিহেতু অসমৰ ভূমিপুত্ৰ আৰু তেওঁলোকৰ কিছু কিছু সামাজিক ৰীতি-নীতি মৰিয়াসকলৰ মাজত প্ৰচলিত, তাৰপৰাই এই কথাৰ অনুমান কৰিব পাৰি। এই বিষয়ে আমি পিছত আলোচনা কৰিম। সাহিত্যাচাৰ্য পদ্মানথ গোহাঞিবৰুৱাদেৱে তেখেতৰ ‘অসম বুৰঞ্জী’ নামৰ গ্ৰন্থত ‘অসমৰ জাত বিভাগ’ শিতানত মৰিয়াসকলকো এটা অন্যতম জাতি হিচাপে বিভক্ত কৰিছে। তেখেতে কৈছে খ্ৰীষ্টাব্দ ১২০৪ চনত গৌড় দেশৰপৰা মহম্মদ ঘোৰীৰ ৰণুৱা হৈ ইবিলাক অসমলৈ আহে। ইবিলাক ইছলামধৰ্মী মানুহ। বহু বুৰঞ্জীবিদৰ মতে আহোম স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্ব কালত বংগৰ কোনো নানাবৰ মূল সেনাপতি তুৰ্বকে কেইবাবাৰো অসম আক্ৰমণ কৰিবলৈ আহিছিল যদিও পিছৰ পৰ্যায় অৰ্থাৎ ১৫৩২ খ্ৰীঃৰ মাৰ্চ মাহত তেওঁ পুনৰ অসম আক্ৰমণ কৰে। মুছলমান সেনাপতি তুৰ্বকৰ এই আক্ৰমণ আহোম সৈন্যই শিলঘাটৰ দুইমুনি শিলা আৰু হাটবৰৰ যুদ্ধত ওফৰাই পঠোৱাৰ লগতে তুৰ্বকক বধ কৰি ৯০০ মুছলমান সৈন্য বন্দী কৰি ৰখাৰ লগতে ২২ খন যুদ্ধৰ মাৰ নাও আৰু যথেষ্টসংখ্যক অস্ত্ৰ-শস্ত্ৰ, বন্দুক, বৰটোপ হস্তগত কৰে। এই যুদ্ধবন্দী মুছলমান সৈন্যই ৰজাদিনীয়া লোকশিল্প বৃত্তিৰে, বৃত্তিগত ঐতিহ্যৰ নিজৰ চিনাকি আৰু পিছলৈ নিকপকপীয়া হৈ বৰ্তমানৰ খিলঞ্জীয়া মৰিয়া মুছলমান নামে পৰিচিত হয়। অসমৰ বিভিন্ন ইতিহাস অধ্যয়নৰপৰা অনুমান কৰিব পাৰি যে মৰিয়াসকলেই অসমৰ প্ৰথম ইছলামধৰ্মী মানুহ। যি অসমৰ আদৰ, মৰমত স্থায়ীভাৱে ইয়াত বসবাস কৰিবলৈ লৈছিল। মহান বুৰঞ্জীবিদ ড৹ মোহিনী শইকীয়াদেৱে লিখিছে—“It is said that the Muslim was prisoners brought by the forces of Suhung Mung durin this campaign (War of Kaliabor) in 1532 AD) were the earliest group of Muslim settlers in the Eastern Brahmaputra Valley, and they subsequently came to be known as the Mariyas.” তেখেতে আকৌ মৰিয়াসকলৰ অসমীয়া সংস্কৃতিলৈ অৱদান সম্পৰ্কে এইবুলি উল্লেখ কৰিছে, “The Mariyas being earliest of the Musalman settler in the Glory of introducing these implements to the material culture of Assam.”

মৰিয়া নামৰ উৎপত্তি

এই যুদ্ধবন্দী মুছলমান সৈন্যসকল ইয়াত স্থায়ীভাৱে থাকিবলৈ লোৱাৰ পিছতেই এওঁলোক মৰিয়া নামে পৰিচিত হয়। এই যুদ্ধবন্দীসকলৰ নামৰ উৎপত্তি সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত পোষণ কৰে। কোনোৱে কয় পিতল মৰিয়াই মৰিয়াই বাচন-বৰ্তন বনায় কাৰণে মৰিয়া, কোনোৰ মতে ‘মাৰৈ পূজা’ কৰাৰ কাৰণে ‘মৰিয়া’, মুৰাদাবাদৰপৰা অহাৰ কাৰণে ‘মৰিয়া’ ইত্যাদি। আমি কিন্তু এই কথা সহজে মানি ল’ব নোৱাৰো। কাৰণ পিতল নমৰিয়ায় খুন্দেহে, অসমত মাৰৈ পূজা কৰা আৰু বহুতো লোক আছে, তেওঁলোকক কিয় ‘মৰিয়া’ নকয়? অন্যহাতে মুৰাদাবাদৰপৰা মৰিয়াসকল আহিছিল বুলি কোনো বুৰঞ্জীত উল্লেখ নাই, সেয়ে ইয়ো মানিবলগীয়া কথা হ’ব নোৱাৰে। ‘মৰিয়া’ নামৰ উৎপত্তি সম্পৰ্কে আমাৰ ধাৰণা এনে ধৰণৰ যিহেতু এই যুদ্ধবন্দীসকলৰ নিজা সাংস্কৃতিক ঐতিহ্য, ভাষা, ৰীতি-নীতি আছিল, কিন্তু এওঁলোকে এইবিলাক ৰক্ষা নকৰি থলুৱা তিৰোতা বিয়া-বাৰু কৰাই বৃহৎ অসমীয়া জাতিৰ লগত ‘মাৰ’ (জীণ) গৈছিল কাৰণেও হয়তো এওঁলোক পিছলৈ মৰিয়া নামে পৰিচিত হয় অথবা এই যুদ্ধবন্দীসকলৰ সৰহসংখ্যকেই নৌ সৈন্য আছিল আৰু এওঁলোকক ‘মাৰিয়া’ বা মৰিয়া নামে নামকৰণ কৰিছিল। অন্যহাতে আৰু এটা কথা ক’ব পাৰি যে এইসকল লোক আজিও তেওঁলোকৰ মাজত কোনোবা এজন হঠাৎ বিপদত পৰিলে ‘দলবান্ধি’ বা ‘মাৰবান্ধি’ কাষত থিয় দিয়ে। সেই কাৰণেও হয়তো এওঁলোক ‘মাৰিয়া’ বা ‘মৰিয়া’ বুলি কোৱা হৈছিল। শেহতীয়াভাৱে মৰিয়াসকলৰ আদি বাসস্থান কলিয়াবৰৰ মৰিয়া গাঁৱৰ নিচেই সমীপত থকা ‘বড়ো’সকলৰ লোকগীতত মৰিয়া শব্দটো ব্যৱহাৰ কৰি অনুমান কৰিব পাৰো যে ‘মৰিয়া’ শব্দটো হয়তো এটা বড়ো শব্দ হ’ব পাৰে।

কলিয়াবৰৰ বড়ো ভাইসকলে এই লোকগীত ফাকি এনে ধৰণে ব’হাগ বিহুৰ হুঁচৰি গাওঁতে গায়—

“চাৰি আনি নি

মৰিয়া দাওহাৰু আ

মীন ফাই লাই বাই

বেয়াও হা

দে আই ফৌৰ দে

দে আফা ফৌৰ দে

থুংগ্ৰী লানা জাঞ্জি গাফ্ৰা দে”।

ইয়াৰ অৰ্থ চাৰিআলিয়েদি মৰিয়া সৈন্যসকল আমাৰ ইয়ালৈ আগবাঢ়ি আহি আছে। আই মোক তৰোৱাল বান্ধি দিয়া, দেউতা, মোক তৰোৱাল বান্ধি দিয়া, আমি তেওঁলোকক বাধা দিওগৈ।

‘মৰিয়া’ নামৰ উৎপত্তি যি কাৰণেই নহওক আমাৰ চিন্তাবিদসকলে এই নামৰ বিৰূপ অৰ্থ প্ৰকাশ নকৰি আমি মৰিয়াসকলে গ্ৰহণ কৰিব পৰাকৈ এটি অৰ্থ উলিয়াব পাৰিলে ভাল পাম।

মৰিয়াসকলৰ সামাজিক জীৱন আৰু লোকাচাৰসমূহ

মৰিয়াসকলৰ সামাজিক জীৱন আৰু লোকাচাৰসমূহ বড়োসকলৰ লগত মিল আছে। আমি আগতে উল্লেখ কৰি আহিছো যে মৰিয়াসকলে নিজকে অসমীয়া বুলি চিনাকি দি বেছি গৌৰৱ অনুভৱ কৰে। বিয়া-বাৰু আৰু তোলনি বিয়াৰ সম্পূৰ্ণ নিয়ম অসমীয়া হিন্দুৰ লগত হুবহু মিল আছে। বিয়াত বিয়ানাম গোৱা, নোওৱা, আদৰি নিয়া বা অনা, মুগা আৰু পাটৰ সাজ পিন্ধা, মূৰত তেল দিয়া, মাহ-হালধি সানি নোওৱা, বিয়াত দৰা-কইনা বহুৱা, হাতীত উঠি দৰা ছাতি লৈ কইনা ঘৰলৈ যোৱা, আমপাতৰ ব্যৱহাৰ, বিয়াৰ আৰম্ভণিৰেপৰা বৈঠক পতা, দৰা-কইনাৰ মূৰত তেল দিয়া, পুৱা ন-পুৰুষৰ সকাম পতা, নদী ঘাটৰপৰা গোপিনীসকলে পানী তোলা, দৰা-কইনা ঘৰলৈ যাবৰ সময়ত মাকে দুৱাৰত বাধা দিয়া ইত্যাদি ইত্যাদি পৰম্পৰা আজিও অব্যাহত আছে। মৰিয়াসকলৰ বিয়াত আখৈৰ প্ৰচলন আটাইতকৈ বেছি হোৱা দেখা যায়।

ইয়াৰ উপৰি বসন্তই দেখা দিলে আই সকাম পতা, সন্তান-সম্ভৱা মাতৃৰ বাবে গোপিনী সভা পতা, গৰখীয়া সকাম ইত্যাদি। বড়োসকলৰ সামাজিক ৰীতি-নীতিৰ লগত মৰিয়াসকলৰ এক নিবিড় সম্পৰ্ক আছে। গাঁৱত মাৰি-মৰক, কলেৰা, হাইজা আদিৰ দৰে বিপদ হ’লে যেনেকৈ বড়োসকলে নদীৰ পাৰত, মুকলি ঠাই বা গাঁৱৰ মাজত বৰচিৰণি কৰে। বড়োসকলৰ দৰেই এই দুয়ো শুভ কামত মুৰ্গী আৰু পিঠাগুড়ি ব্যৱহাৰ কৰে। ইয়াৰ উপৰি আজিৰপৰা বহু বছৰ আগতেই অসমৰ মৰিয়াসকলে মাৰৈ পূজা, ভৰত সেৱা বা ভিতৰ সেৱাৰ দৰে সকাম গাঁৱতেই কৰিছিল আৰু ইয়াৰ লগত সন্নিৱিষ্ট গীতো গাইছিল। মাৰৈ পূজা আৰু ভকত সেৱাত ঘৰুৱাভাৱে তৈয়াৰ কৰা মদৰো ব্যৱহাৰ কৰিছিল। আজিকালি অৱশ্যে এই কাম সম্পূৰ্ণৰূপে বন্ধ হৈছে। অসমৰ বড়ো সমাজে মৰিয়াসকলৰ মাজৰ গুণী-মানি ব্যক্তিজনক নিমন্ত্ৰণ কৰি নি তেওঁলোকৰ বহু সকামত সেই ব্যক্তিজনক সন্মান যাচি এনে ধৰণে গীত গাইছিল।

মৰিয়া আই দীং

চিংফৌ আই দীং

নগা আই দীং

দফলা আই দীং

এই কথায়ো প্ৰমাণ কৰে যে বড়োসকলৰ লগত মৰিয়াসকলৰ ভাতৃত্ববোধৰ কথা। বন্দিত্বৰ শিকলিৰপৰা মুকলি হোৱাৰ লগে লগেই কলিয়াবৰৰ বড়ো সমাজে মৰিয়াসকলক আঁকোৱালি লৈছিল বুলি অনুমান কৰিব পাৰি। বড়োসকলৰ দৰেই মৰিয়াসকলেও নিজা দোৱান ব্যৱহাৰ কৰিবলৈ বড়োসকলৰ উৎসাহতে অনুপ্ৰেৰণা পাইছিল। এই দোৱান আজি পৰ্যন্ত অসমৰ সকলো গাঁৱৰ মৰিয়া লোকে নিজৰ মাজত গোপনীয় কথা পাতিবলৈ ব্যৱহাৰ কৰে। অসমৰ মৰিয়া এজনে অসমৰ যিকোনো মৰিয়া গাঁৱৰ লোকৰ মাজত দোৱানত কথা পাতিলে তেওঁলোকেও বুজি পায়। এই কথাই ইয়াকে সূচায় যে অসমৰ সকলো মৰিয়া প্ৰাৰম্ভিক অৱস্থাত কলিয়াবৰতেই বাস কৰিছিল। এই দোৱানৰ কেইটামান শব্দ ইয়াত উল্লেখ কৰিলো। নিৰু (পানী), খেপেও (ল’ৰা), খ’ল (ঘৰ), পাৰ (টকা), নেউদালি (গৰু), কণিজা (ধান) ইত্যাদি ইত্যাদি। সেয়ে আজিও কলিয়াবৰৰ মৰিয়া আৰু বড়োসকল মৰম-স্নেহৰ এক এনাজৰীৰে নিবিড়ভাৱে বান্ধ খাই আছে। ধৰ্মীয় দিশত মৰিয়াসকলৰ গোড়ামি একেবাৰেই নাই। আমাৰ পূৰ্বপুৰুষে কলিয়াবৰত ১৫৭০ খ্ৰীঃত দুটি মছজিদ তৈয়াৰ কৰি লৈছিল। ধৰ্মত মুছলমান হৈও হিন্দু ৰীতি-নীতিৰেই চলিছিল। দুয়ো মছজিদত ব্যৱহাৰ কৰা দুটাকৈ লাই খুঁটাই আজিও হিন্দু-মুছলমানৰ সমন্বয়ৰ কথা সোঁৱৰে। শংকৰ গুৰুৰ আদৰ্শ বুকুত লৈ আহোম স্বৰ্গদেউসকলে এই দুই মছজিদৰ চাৰিটা দিশত পাঁচখন সত্ৰ ৰাখি তাৰ মাজত স্থাপন কৰিবলৈ দিছিল। এই মছজিদ দুটাৰ উত্তৰে শ্যামকানু সত্ৰ, দক্ষিণে বগাজান সত্ৰ, পূবত বালি সত্ৰ আৰু চামগুৰি সত্ৰ, পশ্চিমত লেটুগ্ৰাম সত্ৰ। এই সমন্বয় হাজোৰ পোৱামক্কা আৰু হয়গ্ৰীৱৰ সমন্বয়তৈক কোনো গুণে কম নহয়। মৰিয়াসকলে তেওঁলোকৰ ধৰ্মীয় কাম-কাজত আৰবী ভাষাৰ শ্লোক ব্যৱহাৰতকৈ অসমীয়া ভাষাৰ শ্লোকহে ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে, বহুদিন আগলৈকে মুৰ্গী এটা হালাল কৰোতে কোৰাণৰ শ্লোক নামাতি অসমীয়াতে আল্লাৰ নাম লৈ হালাল কৰিছিল।

“ক’লা কুকুৰাৰ বগা পাখি

মই হালাল কৰো খোদা সাখি।”

মৰিয়াসকলৰ সামাজিক আন্তঃগাঁথনি

আহোম ৰজাদিনীয়া শাসনৰ যি প্ৰণালীবদ্ধ আন্তঃগাঁথনি আছিল, মৰিয়া সমাজত সেয়া আজিও বিদ্যমান। মৰিয়াসকলৰ সামাজিক জীৱনত পাইক, খেল আৰু ফৈদৰ শ্ৰেণী প্ৰথা আজিও অসমৰ মৰিয়া সমাজত দেখা যায়। কলিয়াবৰৰ মহকুমাৰ জয়ন্তীপুৰ গাঁৱত বুঢ়াগঞা আৰু দেৱগঞা নামে দুটি খেল আছে। এই খেলসমূহ বহু পাইকেৰে গঠিত। পাইক মানে এটা পৰিয়ালৰ উপাৰ্জন কৰা ব্যক্তিজন। তেওঁ সমাজৰ যিকোনো কামত শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে সহায় আগবঢ়াব লাগে। অন্যথা গুৰুতৰ আৰ্থিক জৰিমনা ভৰিব লগা হয়। এই গাঁৱত তিনিটাকৈ বৃহৎ ফৈদ আছে। ১) বাছুৱৈ ফৈদ ২) তামুলী বৰুৱা ফৈদ ৩) বুঢ়াগঞা ফৈদ। এই ফৈদবিলাকৰ বছা বছা পাইকে আহোম স্বৰ্গদেউসকলৰ সৈতে যুদ্ধত অংশগ্ৰহণ অথবা বন্দুকৰ সৈতে বৰটোপ তৈয়াৰ কৰি দিব লগা হৈছিল। কলিয়াবৰৰ মৰিয়াসকলে ৰজাক বৰটোপ তৈয়াৰ কৰি যোগান ধৰিছিল। ইয়াৰ প্ৰমাণ এই গাঁৱত শ শ বছৰ ধৰি পৰি থকা বৰটোপকেইটাই প্ৰমাণ কৰে। বাছুৱৈ ফৈদৰ লাইধন খাই শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে বীৰত্বৰে যুঁজিছিল। তাৰ প্ৰমাণ বাছুৱৈ ফৈদৰ লোকৰ মুখত প্ৰচলিত মালিতা ফাকিয়েই সোঁৱৰাই দিয়ে।

‘‘লাইধন বোপাটি      মূৰতে কিৰিটি

বঙালক বধিলি ৰণত

বাছুৱৈ ফৈদৰ     নামে তই ৰাখিলি

স্বৰ্গদেউ মুচি হ’ল মনত।”

এই ফৈদৰ লোকসকল শকত-আৱত, মজবুত আৰু দীৰ্ঘদেহী। মৰিয়া সৈন্যসকলৰ মাজৰপৰা বাছি বাছি সৃষ্টি কৰা ফৈদটোৱেই হ’ বাছুৱৈ ফৈদ। তামুলী বৰুৱা ফৈদৰ আহোম ৰাজসভালৈ অহা বিশিষ্ট অতিথিসকলক তামোল-পাণ দি আপ্যায়ন কৰাৰ দায়িত্ব স্বৰ্গদেউসকলে ন্যস্ত কৰিছিল আৰু বুঢ়াগঞা ফৈদৰ মুৰব্বীসকলক আহোম ৰজাই গাঁৱৰ বিচাৰকৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে গাঁওবুঢ়া আদিৰ দৰে সন্মানীয় পদত অধিষ্ঠিত কৰিছিল। ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত মৰিয়াসকলৰ মাজত বৰ প্ৰিয় আছিল আৰু ই পৰম্পৰাগতভাৱে বহুদিন আগলৈকে চলি আছিল। ইতিহাসবিদ বেণুধৰ শৰ্মাদেৱৰ মতে কলিয়াবৰৰ মালিতা সম্ৰাট স্বৰ্গীয় বক্তব্য আলিৰ মৃত্যুৰ পিছৰেপৰা এই গীতগোৱা মানুহ নাইকিয়া হ’ল।

অসমৰ মৰিয়া গাঁওসমূহ

তিনিচুকীয়া-শদিয়া মহকুমাৰ মোগলপুৰ, ইছলামপুৰ, ডিব্ৰুগড় জিলাৰ বকুল গাঁও, চাউলখোৱা, লালুক, জাপিসজীয়া, লেপেটকটা, অবিভক্ত শিৱসাগৰ জিলাৰ দিখৌমুখ, মঠাদাং, বাগল, বিৰিয়া, জামগুৰি, ৰাঙলি, তামুলিছিগা, কলিয়াপানী, বলমা গাখীৰখোৱা, মুদৈজান, বাদুলি পুখুৰী, ফটিকা ছিগা, মাজগাঁও, মইনাপুৰ, কাকজান দগাঁও, আলিচুবুৰি, নাওবৈচা, ভেলগুৰি, মৰিয়নি, গোলাঘাট জিলাৰ ইছলামপতি, জামুগুৰি। মইনাবাপাৰা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ মৰিয়াসকলৰ আদিবাসস্থান জয়ন্তীপুৰ সৰ্বাধিক জনসংখ্যাৰে অসমৰ একমাত্ৰ মৰিয়া গাঁও। পাহি গাঁও কুঁৱৰীটোল চাৰিআলি, নলতলি, বঢ়মপুৰ, নাওকটা, পুৰণি গুদামৰ সূতাৰগাঁও, ধিঙৰ বিলতীয়া গাঁও, দক্ষিণপাত বেবেজীয়াৰ বালি গাঁও, গুৱাহাটীৰ উজানবজাৰ, ইছলামপুৰ, হাতীগাঁও, হাজো বাঁহগৰা, কাঁহিকুছি, মঙলদৈ মহকুমাৰ ইছলামপুৰ, তোতা, শোণিতপুৰৰ পিঠাখোৱা, নিৰাইআতি, বেছেৰিয়া, বাকোলা, মিছামাৰী গৰুবন্ধা, ইটাখোৱা, দিপলুঙা আৰু লখিমপুৰ জিলাৰ চাউলখোৱা, নকাৰী, লীলাবাৰী, কদম, চানমাৰি আৰু ঢকুৱাখনাত দুই-এখন মৰিয়া লোকৰ গাঁও আছে। ইয়াৰ উপৰি অসমৰ বিভিন্ন জিলাত মৰিয়া গাঁও আছে।

(খিলঞ্জীয়াৰ সৌজন্যত)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মৰিয়া জনগোষ্ঠী
Anjan Sarma

Anjan Sarma

Related Posts

man in black shorts sitting on floor
Lifestyle

Mental Flexibility: Working on the Core of it

by Parismita Goswami
May 16, 2026
0

Mental Flexibility: Working on the Core of it PARISMITA GOSWAMI If you’re anything like me, you’ve probably reached for your...

Read moreDetails
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The fountain of youth

The fountain of youth

May 16, 2026
man in black shorts sitting on floor

Mental Flexibility: Working on the Core of it

May 16, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 16, 2026
Eighteen Dead Elephants – One Explanation – Many Unanswered Questions

Eighteen Dead Elephants – One Explanation – Many Unanswered Questions

May 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32265 shares
    Share 12906 Tweet 8066
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13962 shares
    Share 5585 Tweet 3491
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    269 shares
    Share 108 Tweet 67
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3712 shares
    Share 1485 Tweet 928
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6522 shares
    Share 2609 Tweet 1631
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    927 shares
    Share 371 Tweet 232
  • Love in the Age of Ghosting and Situationships

    83 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    78 shares
    Share 31 Tweet 20
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    218 shares
    Share 87 Tweet 55
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d