ড০ ৰাস্না ৰাজখোৱা
পৃথিৱী
পৃথিৱীত বাস কৰা ব্যক্তি এজনৰ বাবে এতিয়াও বিশ্বাস কৰিবলৈ সহজ যে আমি স্থিৰৰে থিয় হৈ আছো৷ মুঠৰ ওপৰত আমি আমাৰ পাৰিপাৰ্শ্বিকতাত কোনো ধৰণৰ গতি অনুভৱ নকৰো৷ কিন্তু যেতিয়া আমি আকাশলৈ লক্ষ্য কৰো, তেন্তে আমি যে গতি কৰি আছো তাৰ সাক্ষ্য দেখিবলৈ পাম৷
প্ৰাচীনকালৰ কিছুসংখ্যক জ্যোৰ্তিবিদে কৈছিল যে আমি ভূ-কেন্দ্ৰীয় বিশ্ব-ব্ৰহ্মাণ্ডত বাস কৰো, যাৰ অৰ্থ হ’ল পৃথিৱীখন সকলোৰে কেন্দ্ৰত আছে৷ তেওঁলোকে কৈছিল সূৰ্যটো আমাৰ চাৰিওফালে ঘূৰে, যাৰফলত দিন-ৰাতি হয৷ একেধৰণৰ গতি চন্দ্ৰ আৰু বাকীবোৰ গ্ৰহৰো হয়৷ কিন্তু তাত কিছুমান ঘটনা (বস্তু) আছিল যিবোৰ এই দৃষ্টিভঙ্গীৰ পৰা ব্যাখ্যা কৰিব নোৱাৰি। কেতিয়াবা এটা গ্ৰহে পুনৰ আগলৈ যোৱাৰ আগতে পিছলৈ গতি কৰে৷ বৰ্তমান আমি এই গতিটোৰ বিষয়ে জানো—– যাক কোৱা হয় ‘পশ্চাৎগামী গতি’ (retrograde motion)৷ এই ঘটনাটো তেতিয়া ঘটে যেতিয়া পৃথিৱীয়ে তাৰ কক্ষপথত অন্য এটা গ্ৰহৰ মূখামুখী হয়৷ উদাহৰণস্বৰূপে মঙ্গল গ্ৰহৰ কক্ষপথ, পৃথিৱীৰ কক্ষপথতকৈ দূৰত৷ পৃথিৱী আৰু মঙ্গল গ্ৰহৰ দুইটা কক্ষপথৰ এটা নিৰ্দিষ্ট বিন্দুত আহি ৰঙা গ্ৰহটোক পৃথিৱীৰ কাষৰে গ’লে লগ পাব পৰা বা মূখামুখী হ’ব পৰা এটা অৱস্থাৰ সৃষ্টি হয়৷ কিন্তু আমি এই বিন্দুটোৰ কাষৰে গলে, আকাশত গ্ৰহটো অলপ পিছুৱাই যায়৷ আমি এই বিন্দুটো পাৰ হোৱাৰ পিছত মঙ্গল গ্ৰহটোৱে আকৌ আগলৈ গতি কৰে৷
সৌৰ প্ৰণালীৰ কেন্দ্ৰত সূৰ্য থকাৰ অন্য এটা প্ৰমাণ হ’ল- এটাৰ সাপেক্ষে অন্য এটা নক্ষত্ৰৰ আপাত পৰিৱৰ্তন৷ সাধাৰণ আপাত পৰিৱৰ্তনৰ উদাহৰণ এটা হ’ল, আপুনি আেপানাৰ তৰ্জনী আঙুলিটো মুখৰ সন্মুখত বাহুৰ দৈর্ঘ্যত থিয় কৰি ৰাখক৷ সোঁচকুতো বন্ধ কৰি কেৱল বাওঁ চকুটোৰে চাওক৷ তাৰপিছত বাওঁচকুটো বন্ধ কৰি আেপানাৰ আঙুলিটো সোঁ চকুটোৰে চাওঁক৷ আঙুলিৰ আপাত অৱস্থান সলনি হ’ব৷ ইয়াৰ কাৰণ আপোনাৰ বাওঁ আৰু সোঁ চকুৱে আঙুলিটো সামান্য বেলেগ কোণৰ পৰা পৰ্যেবক্ষণ কৰিছে৷ যেতিয়া আমি নক্ষত্ৰসমূহ চাওঁ তেতিয়া পৃথিৱীৰ ওপৰত একে ঘটনাই ঘটে৷ সূৰ্যৰ চাৰিওফালে আমাক এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা সময় লাগে৷ যদি আমি গ্ৰীষ্মত এটা নক্ষত্ৰলৈ চাওঁ (তুলনামূলকভাৱে ওচৰত থকা নক্ষত্ৰ) আৰু শীতটো একেটা নক্ষত্ৰলৈ আকৌ চাওঁ আকাশত ইয়াৰ আপাত অৱস্থান সলনি হ’ব কাৰণ আমি আমাৰ কক্ষপথৰ দুটা বেলেগ বিন্দুৰ পৰা পৰ্যেবক্ষণ কৰিছো৷ আমি তৰাটোক কক্ষপথৰ ভিন্ন বিন্দুৰ পৰা চাব পাৰো৷ সামান্য সৰল গণনাৰে আমি পৃথিৱীৰ পৰা তৰাটোৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰো৷
পৃথিৱী কিমান বেগেৰে ঘূৰে?
পৃথিৱীৰ ঘূৰ্ণন স্থিৰ (constant) নহয়, কিন্তু দ্ৰুতি পৃথিৱীৰ অৱস্থানৰ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰিব৷ এটা উদাহৰণ দিয়া হ’ল৷ নাছাৰ মতে পৃথিৱীৰ পৰিধি প্ৰায় ২৪,৮৯৮ মাইল (৪০,০৭০ কিলোমিটাৰ)৷ আপুনি গণনা কৰক, যদি এটা দিনৰ দৈর্ঘ্য ২৪ ঘণ্টা, আপুনি পৰিধিক ভাগ কৰিব পাৰে দিনটোৰ দৈর্ঘ্যৰে৷ ইয়ে বিষুৱত পৃথিৱীৰ বেগ বুজায়, ইয়াৰ মান প্ৰতি ঘণ্টাত ১০৩৭ মাইল (প্ৰতি ঘণ্টাত ১৬৭০ কিলোমিটাৰ)৷
যিনহওঁক, অন্য অক্ষাংশত আমি ইমান বেগত গতি নকৰো৷ যদি আমি গোলকৰ মাজলৈ ৪৫০ অক্ষাংশলৈ (উত্তৰ বা দক্ষিণলৈ) গতি কৰো আৰু তাত আমাৰ দ্ৰুতি নিৰ্ণয় কৰো তেন্তে তাৰ মান হ’ব প্ৰতি ঘণ্টাত ৭৩৩ মাইল (প্ৰতি ঘণ্টাত ১১৮০ কিলোমিটাৰ)৷ যদি আপুনি উত্তৰ বা দক্ষিণলৈ আৰু আগুৱাই যায় তেন্তে দ্ৰুতি আৰু কমি গৈ থাকিব৷ যদি আপুনি গৈ উত্তৰ বা দক্ষিণ মেৰু পাইগৈ আপোনাৰ ঘূৰ্ণন বহুত কম হ’ব, প্ৰকৃততে–ই গোটেই দিনটোৱেই ল’ব সেই ঠাইত৷
মহাকাশ এজেন্সীবোৰে পৃথিৱীৰ ঘূৰ্ণনৰ সুবিধা লবলৈ ভাল পায়৷ যদি তেওঁলোকে মানুহ পঠায় আৰ্ন্তজাতিক মহাকাশ আস্থানলৈ, উদাহৰণস্বৰূপে তেওঁলোকে বিষুৱৰ ওচৰৰ অৱস্থানলৈ পঠোৱাত বেছি প্ৰাধান্য দিয়ে৷ সেইকাৰণে কাৰগ’ অভিযান আৰ্ন্তজাতিক মহাকাশ আস্থানলৈ—-প্ৰথম আৰম্ভণি কৰিছিল ফ্লৰিডাৰ পৰা৷ তেনে কৰিলে আৰু আৰম্ভণি পৃথিৱীৰ ঘূৰ্ণনৰ দিশত কৰিলে ৰকেটৰ দ্ৰুতি বলে তেওঁলোকক মহাকাশত উৰাত সহায় কৰিব৷
পৃথিৱীৰ কক্ষীয় বেগ
পৃথিৱীৰ ঘূৰ্ণন অৱশ্যে এইটোৱেই মহাকাশত পৃথিৱীৰ গতি নহয়, সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষীয় বেগ প্ৰায় প্ৰতি ঘণ্টাত ৬৭,০০০ মাইল (প্ৰতি ঘণ্টাত ১০৭,০০০ কিলোমিটাৰ)৷ আমি ইয়াক প্ৰাথমিক জ্যামিতি ব্যৱহাৰ কৰি নিৰ্ণয় কৰিব পাৰো৷ প্ৰথমতে, আমি উলিয়াই ল’ব লাগিব নিৰ্দিষ্ট সময়ত পৃথিৱীয়ে কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰে৷ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ সময় লয় প্ৰায় ৩৬৫ দিন৷ কক্ষপথটো উপবৃত্তাকাৰ৷ কিন্তু গণিতে ইয়াক সৰল কৰিব পাৰে। ধৰাহ’ল ই গোলাকাৰ৷ গতিকে পৃথিৱীৰ কক্ষপথটোৰ পৰিধি বৃত্ত, পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্বক জ্যোৰ্তিয় একক (Astronomical Unit) বুলি কোৱা হয়৷ আৰ্ন্তজাতিক জ্যোৰ্তিবিদ সংঘৰ (International Astronomers Union) মতে, ইয়াৰ মান ৯২,৯৫৫,৮০৭ মাইল (১৪৯,৫৯৭.৮৭০ কিলোমিটাৰ)৷ এইটোৱেই কক্ষপথটোৰ ব্যাসাৰ্দ্ধ (r)৷ বৃত্তৰ পৰিধি 2πr ৰ সমান৷ গতিকে এবছৰত পৃথিৱীয়ে পৰিভ্ৰমণ কৰে প্ৰায় ৫৮৪ নিযুত মাইল (৯৪০ নিযুত কিলোমিটাৰ)৷ যিহেতু দ্ৰুতি (speed) হ’ল একক সময়ত অতিক্ৰম কৰা দূৰত্ব৷ গতিকে পৃথিৱীৰ দ্ৰুতি নিৰ্ণয় কৰিবলৈ ৫৮৪ নিযুত মাইল (৯৪০ নিযুত কিলোমিটাৰ)ক ৩৬৫ দিনৰে আৰু সেই ফলাফলক ২৪ ঘণ্টাৰে হৰণ কৰিলে পৃথিৱীৰ দ্ৰুতি পাম৷ গতিকে পৃথিৱীয়ে এদিনত প্ৰায় ১.৬ নিযুত মাইল (২.৬ নিযুত কিলোমিটাৰ) বা প্ৰতি ঘণ্টাত ৬৬.৬২৭ মাইল (প্ৰতি ঘণ্টাত ১০৭.২২৬ কিলোমিটাৰ) অতিক্ৰম কৰে৷
সূৰ্য আৰু তাৰকাৰাজ্যও গতি কৰে
সূৰ্যৰ, হাতীপটি তাৰকাৰাজ্যত নিজৰ এটা কক্ষপথ আছে৷ সূৰ্যটো হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা ২৫০০০ আলোকবৰ্ষৰ দূৰত্বত আছে৷ আৰু হাতীপটি তাৰকাৰাজ্য অতিক্ৰম কৰিবলৈ অতিকমেও ১০০,০০০ আলোকবৰ্ষ দূৰত্ব যাব লাগিব৷ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ জ্যোৰ্তিবিদসকলৰ মতে, আমি হাতীপটি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা ৰাজ্যখনৰ প্ৰায় আধা দূৰত্বত আছো বুলি ভবা হৈছে৷ সূৰ্য আৰু সৌৰ প্ৰণালী প্ৰতিছেকেণ্ডত ২০০ কিলোমিটাৰকৈ ঘূৰি আছে বা গড় দ্ৰুতি ৪৪৮,০০০ মাইল/ঘণ্টা (৭২০,০০ কিলোমিটাৰ/ঘণ্টা)৷ এই দ্ৰুত দ্ৰুতিত গতি কৰিলেও সৌৰ প্ৰণালীক হাটীপটি তাৰকাৰাজ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ২৩০ নিযুত বছৰ লাগে৷
অন্য তাৰকাৰাজ্য সাপেক্ষে হাতীপটি তাৰকাৰাজ্যও গতি কৰে৷ প্ৰায় ৪ বিলিয়ন বছৰত, হাতীপটি তাৰকাৰাজ্য নিকটতম তাৰকাৰাজ্য এনড্ৰ’মেডা তাৰকাৰাজ্যৰ লগত সংঘাত হ’ব৷ ইখন তাৰকাৰাজ্য, সিখন তাৰকাৰাজ্যৰ কাষ চাপি গৈ আছে প্ৰায় প্ৰতি ছেকেণ্ডত ৭০ মাইল (১১২
কিলোমিটাৰ/ছেকেণ্ড) বেগেৰে৷ গতিকে বিশ্বব্ৰহ্মাণ্ডৰ সকলোৱে গতি কৰি আছে৷
পৃথিৱীৰ ঘূৰ্ণন বন্ধহৈ গ’লে কি হ’ব?
বৰ্তমান পৃথিৱীখনে আপোনাক মহাকাশত দলিয়াই পেলোৱাৰ কোনো সুবিধা নাই, কাৰণ ঘূৰ্ণনৰ তুলনাত পৃথিৱীৰ মহাকৰ্ষণ শক্তি বহুত বেছি শক্তিশালী৷ ঘূৰ্ণন হৈ থাকিলে পৃথিৱীৰ সকলো বস্তুকেই কেন্দ্ৰ অভিমুখে এটা বলে আকৰ্ষণ কৰে৷ এই বলটোক অভিকেন্দ্ৰিক বল বোলে৷ অভিকেন্দ্ৰিক বলতকৈ পৃথিৱীৰ মহাকৰ্ষণ বল বহুত বেছি শক্তিশালী৷ পৃথিৱীৰ আটাইতকৈ শক্তিশালী বিন্দু, যিটো বিষুবত আছে, সেই স্থানত অভিকেন্দ্ৰিক বল, মাধ্যাকৰ্ষণ বলৰ মাত্ৰ 0.3%। অন্যধৰণে আপুনি ইয়াক অনুভৱেই কৰিব নোৱাৰিব, যদিও আপোনাৰ ওজন মেৰুতকৈ বিষুৱত সামান্য কম হ’ব৷
নাছাই প্ৰাকাশ কৰে যে পিছৰ কেইবা বিলিয়ন বছৰলৈকে পৃথিৱীৰ ঘূৰ্ণন বন্ধ হোৱাৰ সম্ভাৱনীয়তা “ব্যৱহাৰিকভাবে শূণ্য”৷ তাত্ত্বিকভাবে যিকিনহওঁক যদি পৃথিৱীখনে হঠাতে গতি কৰা বন্ধ কৰে, তেতিয়া ভয়ানক ঘটনা হ’ব৷ পৃথিৱীখন, বায়ুমণ্ডল পৃথিৱীৰে যিটো দ্ৰুতিত প্ৰথমতে ঘূৰিছিল, সেই দ্ৰুতিতে বায়ুমণ্ডল ঘূৰি থাকিব৷ অৰ্থাৎ পৃথিৱীৰ সকলো বস্তু, গছ, মানুহ, অন্য জীৱ-জন্তু, ঘৰ-দুৱাৰ, ওপৰ পৃষ্ঠৰ মাটি, শিল সকলো ভূ-পৃষ্ঠৰ পৰা আঁতৰি মহাশূন্যত পৰিব৷
বৰ্তমান এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ নহ’লেও, ভৱিষ্যতে এনে হোৱাৰ সম্ভৱনা আছে নেকি? নাছাই প্ৰকাশ কৰা মতে লাখ লাখ বছৰৰ পিছত এনেকুৱা দৃশ্যপট দেখা পোৱা যাব, কাৰণ সূৰ্য আৰু চন্দ্ৰই, পৃথিৱীৰ ঘূৰ্ণনক হঠাতে টানি ধৰি মানুহ, অন্যান্য জীৱ-জন্তু আৰু উদ্ভিদক এই পৰিবৰ্তনক ব্যৱহাৰ কৰিবলৈ পৰ্যাপ্ত সময় দিব৷ পদাৰ্থ বিজ্ঞানৰ সূত্ৰমতে, লেহেমীয়া পৃথিৱীয়ে তাৰ ঘূৰ্ণন ৩৬৫ দিনত এপাক সম্পূৰ্ণ কৰিবই লাগিব৷ এই অৱস্থাক কোৱা হয় “সূৰ্য সংযোগী” (Sun synchronous) আৰু সূৰ্যলৈ মুখ কৰি থকা পৃথিৱীৰ সেই ফালটোতহে সদায় বল কৰিব পাৰিব আৰু অন্যফালটো স্থায়ীভাবে সূৰ্যৰ পৰা আতঁৰত থাকিব৷ তুলনা কৰিলে দেখা যাব, পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ, পৃথিৱীৰ লগত একেলগে ঘূৰ্ণন হয় য’ত চন্দ্ৰৰ এটা ফাল আমাৰ ফাললৈ মুখকৰি থাকিব, অন্যফালটো আমাৰ বিপৰীত দিশত হ’ব৷
আকৌ উভতি চাওঁ, যদি ঘূৰ্ণন নাথাকে, আৰু কিছুমান চিন্তনীয় পৰিঘটনা হ’ব৷ যদি পৃথিৱীৰ ঘূৰ্ণন সম্পূৰ্ণ বন্ধ হয় তেন্তে পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰ অনুমান কৰা হৈছে নোহোৱা হ’ব, কাৰণ চৌম্বক ক্ষেত্ৰ পৃথিৱীৰ দ্ৰুত ঘূৰ্ণনৰ বাবে উৎপন্ন হোৱা বুলি ধৰা হয়। আমি মেৰু অঞ্চলত দেখা দিয়া ৰঙীন ‘আৰোৰা’ নেদেখা হ’ম, আৰু পৃথিৱীৰ চাৰিওফালে আগুৰি ধৰা ‘ভান এলেন বিকিৰণ বেল্ট’(Van Allen radiation belt)ও সম্ভৱতঃ নোহোৱা হ’ব৷ পৃথিৱী, সূৰ্যৰ প্ৰচণ্ড ক্ৰোধৰ সন্মুখীন হ’ব লগা হ’ব৷ সকলো সময়তে ক’ৰণাৰ পৰা আহিত কণা আহি পৃথিৱী পৃষ্ঠক আঘাত কৰিব আৰু এই আহিত কণাৰ বাবে সকলোৱে গা-ধুই থকাৰ নিচিনা হ’ব৷ এইটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ ‘জৈৱ বিপদ’৷
যদি পৃথিৱীৰ পশ্চাৎমূখী গতি হয়
কোটি কোটি বছৰ ধৰি পৃথিৱীখন সূৰ্যৰ লগত একে দিশত গতি কৰি আছে৷ কিন্তু কি হ’ব যদি পৃথিৱীয়ে তাৰ দিশ পৰিৱৰ্তন কৰে অৰ্থাৎ বিপৰীত দিশত গতি কৰিবলৈ লয়? ২০১৮ চনৰ এপ্ৰিলৰ আৰম্ভণিতে অষ্ট্ৰিয়াত অনুষ্ঠিত হোৱা ইউৰোপিয়ান জিঅ’চাইন্স ইউনিয়নৰ (European Geosciences Union) বাৰ্ষিক সাধাৰণ সভাত প্ৰদৰ্শন কৰা কম্পিউটাৰ আৰ্হি এটাৰ মতে মৰুভূমিয়ে উত্তৰ আমেৰিকাক সামৰি ল’ব, আমনিদায়ক বালিৰ স্তুপবোৰ দক্ষিণ আমেৰিকাৰ আমাজান বৰ্ষাৰণ্যলৈকে প্ৰসাৰিত হ’ব, আৰু জীপাল ডাঠ ঘন অৰণ্য, সেউজীয়া নৈসৰ্গিক দৃশ্য দেখা যাব মধ্য আফ্ৰিকাৰ পৰা মধ্য পূৱলৈকে৷
বিজ্ঞানীসকলে সভাখনত কয় এই আৰ্হিমতে, কিছুমান মহাদেশৰ পৰা কেৱল মৰুভূমি নাইকিয়া হ’ব আৰু অন্য কিছুমানত দেখা যাব এনে নহয়, বৰফ শীতল শীতে পশ্চিম ইউৰোপক আমনি কৰিব৷ চাইন’বেক্তেৰীয়া এটা বেক্তেৰীয়াৰ দল যিয়ে সালোকসংশ্লেষণৰ যোগেদি অক্সিজেন উৎপন্ন কৰে, কিছুমান ঠাইত দেখা যাব, য’ত আগতে নাছিলে আৰু আটলাণ্টিকত, আটলাণ্টিক মহাসাগৰীয় বিধবংসী পৰিৱহন (Atlantic Meridional Overturning Circulation-AMOC)– এটা গুৰুত্বপূৰ্ণ জলবায়ু নিয়ন্ত্ৰণ সাগৰীয় সোঁত নোহোৱা হ’ব আৰু ইয়াক প্ৰশান্ত মহাসাগৰৰ উত্তৰীয় দিশত দেখা যাব৷
সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ বছৰ দৈর্ঘ্য কক্ষপথ৷ বিষুৱত লোৱা জোখমতে আমাৰ গ্ৰহটোৱে ইয়াৰ অক্ষ সাপেক্ষে এটা পাক সম্পূৰ্ণ কৰে প্ৰতি ২৪ ঘণ্টাত, যিটো উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ ঘূৰ্ণন হয় ১,০৪০ মাইল/ঘণ্টা (১,৬৭০ কিলোমিটাৰ/ঘণ্টা) হাৰত৷ নাছাৰমতে, ইয়াৰ ঘূৰ্ণনৰ দিশ পশ্চিমৰ পৰা পূবলৈ, যিটো ঘড়ীকাটাৰ বিপৰীত দিশত যেন লাগে যেতিয়া উত্তৰমেৰুৰ ওপৰৰ পৰা চোৱা হয়, আৰু সৌৰপ্ৰণালীৰ শুক্ৰ আৰু ইউৰেনাছৰ বাহিৰে সকলো গ্ৰহৰ দিশ একেই৷
পৃথিৱীৰ ঘূৰ্ণন হ’লে, ইয়াৰ ভৰেবগ আৰু আকাৰ সাগৰীয় সোঁতৰ দ্বাৰা টনা হেঁচা হয়, যিটো বায়ুমণ্ডলীয় বতাহৰ গতিৰ দিশৰ সৈতে হয় আৰু বিশ্বব্যাপী বিভিন্ন জলবায়ুৰ চানেকি উৎপন্ন কৰে৷ এই চানেকিবোৰে আদ্ৰ জংঘলত যথেষ্ঠ বৰষুণৰ সৃষ্টি কৰে বা আদ্ৰতা আতঁৰাই নিয়ে৷
পৃথিৱীখন বিপৰীত দিশত গতি কৰিলে
পৃথিৱীখন বিপৰীত দিশত গতি কৰিলে পৃথিৱীৰ জলবায়ুৰ ওপৰত কি প্ৰভাৱ পৰিব অধ্যয়ন কৰিবৰ কাৰণে, বিজ্ঞানীসকলে শেহতীয়াকৈ সাংখ্যিক সংস্কৰণ (digital version) আৰ্হি এটা ‘পৃথিৱীৰ ঘূৰ্ণন বিপৰীত দিশত’ প্ৰস্তুত কৰে৷ আৰ্হিটো প্ৰস্তুতকৰ্তাৰ সহযোগী আৰু জাৰ্মানীৰ মেক্স-প্লাংক ইনচটিটিউট ফৰ মেটেৰ’ল’জিৰ গৱেষক ফ্ল’ৰিন যিমেনে কয়, যেতিয়া উত্তৰমেৰুৰ পৰা চোৱা যায় তেতিয়া ঘড়ী কাটাৰ দিশত ঘূৰ্ণন হয৷ এই দিশত গ’লে, ওভটনী যাত্ৰা হিচাপে জনা যায়৷ যিমেনে কৈছিল, আৰ্হিটোত পৃথিৱীৰ সকলো মুখ্য বৈশিষ্ট্য, যেনে আকাৰ, আকৃতি, মহাসাগৰ আৰু মহাদেশৰ অৱস্থান একে ৰাখি সম্পূৰ্ণ পৃথক অৱস্থা উদ্ভাৱন কৰি পৰিৱহন আৰু পৃথিৱীৰ ভূ-অৱয়বক পাৰস্পৰিক ক্ৰিয়া কৰিবলৈ দিয়া হৈছিল। এই নতুন ঘূৰ্ণনে সাগৰীয় সোঁত আৰু বতাহে মহাদেশৰ লগত পাৰস্পৰিক ক্ৰিয়া কৰাৰ অৱস্থা পৰ্যেবক্ষণ কৰোতে দেখা গ’ল যে সিহঁতে বেলেগ বেলেগ ধৰণে ক্ৰিয়া কৰে, বিশ্বব্যাপী সম্পূৰ্ণ নতুন বিভিন্ন জলবায়ুৰ অৱস্থাৰ উৎপন্ন কৰে, গৱেষকসকলে প্ৰকল্পটোৰ প্ৰতিবেদনত কয়৷
ঘূৰ্ণন চক্ৰ
মাক্স প্লাংক প্ৰতিষ্ঠানৰ গৱেষকসকলে সূৰ্যৰ ঘূৰ্ণন পথ ওলোটাবলৈ পৃথিৱী প্ৰণালী আৰ্হি ব্যৱহাৰ কৰে আৰু তাৰপৰা পৃথিৱীৰ ওলোটা গতি আৰু বিপৰীতমুখী কৰিঅ’লিচ বল (এটা অদৃশ্য বল যিটোৱে বস্তুবোৰক ঘূৰ্ণয়মান গ্ৰহৰ পৃষ্ঠত পৰিভ্ৰমণ কৰিবলৈ বল প্ৰয়োগ কৰে) নিৰূপণ কৰে৷ আৰ্হিটোত যেতিয়া এই পৰিবৰ্তনবোৰৰ সৈতে স্থাপন কৰা হ’ল তেতিয়া আৰ্হিটোৱে পৃথিৱীৰ ঘূৰ্ণন বিপৰীত দিশত দেখুৱালে৷ গৱেষকসকলে পৰ্যেবক্ষণ কৰিলে, বিপৰীত ঘূৰ্ণনৰ ফলত পৃথিৱীত হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা জলবায়ু প্ৰণালীৰ পৰিৱৰ্তন হৈছে৷ জলবায়ু আৰু সাগৰে, গ্ৰহটোত কিছুমান ক্ৰিয়া প্ৰদৰ্শন কৰিলে৷ বিজ্ঞানীসকলে এই কাৰ্যেবাৰ বৰ্ণনা কৰি প্ৰকাশৰ কাৰণে এখন গৱেষণা পত্ৰ বৰ্তমান প্ৰস্তুত কৰি আছে৷
মুঠৰ ওপৰত, গৱেষকসকলে আৱিষ্কাৰ কৰিছে পশ্চাৎ ঘূৰ্ণনৰ পৃথিৱীখন সেউজীয়া পৃথিৱী আছিল৷ বিশ্বৰ মৰুভূমি অঞ্চল প্ৰায় ১৬ নিযুত বৰ্গ মাইল (৪২ নিযুত বৰ্গ কিলোমিটাৰ) পৰা ১২ নিযুত বৰ্গ মাইল (৩১ নিযুত বৰ্গ কিলোমিটাৰ)লৈ সংকুচিত হৈছিল৷
আগৰ মৰুভূমি অঞ্চলৰ প্ৰায় আধা অংশ সেউজীয়া ঘাঁহ বনৰে পৰিপূৰ্ণ হ’ব আৰু কাঠ উদ্ভিদৰে আধা অংশ পৰিপূৰ্ণ হ’ব৷ গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে অগ্ৰৱৰ্তী ঘূৰ্ণন পৃথিৱীতকৈ এই পৃথিৱীৰ উদ্ভিদ, গছ-গছনিয়ে বেছি কাৰ্বন জমা কৰিব৷ যিকি নহওঁক য’ত আগতে কেতিয়াও মৰুভূমি নাছিলে তাত মৰুভূমি হ’ব–আমেৰিকাৰ দক্ষিণাঞ্চলত, ব্ৰাজিলৰ দক্ষিণাঞ্চলত আৰু আৰ্জেণ্টিনা আৰু চীনৰ দক্ষিণাঞ্চলত৷
ঘূৰ্ণন, ঘূৰ্ণন, ঘূৰ্ণন
ঘূৰ্ণনৰ পৰিৱৰ্তনে বিশ্বৰ বতাহৰ চানেকিৰো পৰিৱৰ্তন কৰিব, উপক্ৰান্তীয় অঞ্চলৰ উষ্ণতাৰ পৰিৱৰ্তন কৰিব আৰু মধ্য অক্ষাংশ, মহাদেশৰ পশ্চিমামণ্ডল শীতল আৰু পূৰ্বাঞ্চলৰ সীমাৰেখা উষ্ণ হ’ব৷ উত্তৰ-পশ্চিম ইউৰোপত শীতবোৰ অৰ্থপূৰ্ণভাৱে শীতল হ’ব৷ সাগৰীয় সোঁতেও দিশ সলনি কৰিব, সাগৰৰ পূবীয় সীমা গৰম আৰু পশ্চিমীয় সীমা শীতল হ’ব৷ আৰ্হিটোত এ এম অ’ চি (AMOC) গোটেই বিশ্বত গৰম পৰিৱহন কৰাৰ মূল সাগৰীয় কাৰক—সাগৰীয় সোঁত আটালাণ্টিক মহাসাগৰৰ পৰা নোহোৱা হ’ব, কিন্তু সদৃশ আৰু সামান্য বেছি শক্তিশালী সোঁত প্ৰশান্ত মহাসাগৰত উদ্ভৱ হ’ব, উষ্ণতা কঢ়িয়াব ৰাচিয়াৰ পশ্চিমাঞ্চললৈ৷ যিমেনে কয়, এইটো এটা অসাধাৰণ পৰিঘটনা, পূৰ্বৰ পশ্চাৎ ঘূৰ্ণন পৃথিৱী অধ্যয়নত এই পৰিৱৰ্তনটো দেখা পোৱা নাছিল৷ জলবায়ু প্ৰণালীত বহুত জটিল ক্ৰিয়া-কলাপৰ ফলাফলেবাৰ এ এম অ’ চিৰ প্ৰতিবেদনত ব্যাখ্যা কৰিছে৷ ফ্ল’ৰিন যিমেনে কয়, আগৰ ফলাফলৰ লগত নতুন পৰ্যেবক্ষণৰ ফলাফলৰ এই পৃথকতাৰ কাৰণ বহুতো হ’ব পাৰে৷ ভাৰত মহাসাগৰৰ, সাগৰীয় সোঁতৰ পৰিবৰ্তনে অঞ্চলটোত চাইন’বেক্টেৰীয়াক প্ৰভাবিত কৰাত অনুমতি প্ৰদান কৰে, গৱেষকসকলে আৱিষ্কাৰ কৰে যেতিয়া পৃথিৱীৰ ঘূৰ্ণন বৰ্তমানৰ দিশত থাকে সিঁহতে চাইন’বেক্টেৰীয়াক এই কামটো সমাধা কৰিবলৈ পৰিচালনা কৰিব নোৱাৰে৷ কিন্তু যিমেনৰ কাৰণে, চাহাৰা মৰুভূমি সেউজীকৰণ গুৰুত্বপূৰ্ণ পৰিবৰ্তন, যিটো পৃথিৱীৰ ‘পশ্চাৎমুখী’ আৰ্হিত দেখা গৈছিল। তেওঁ কয়, “আমাৰ আৰ্হিটোত সেউজীয়া চাহাৰাক দেখি মোক চিন্তাম্বিত কৰি তুলিলে কি কাৰণে চাহাৰা মৰুভূমি হ’ল আৰু কিয় পশ্চাৎমুখী বিশ্বত চাহাৰা মৰুভূমিহৈ নাথাকিল? প্ৰাথমিক প্ৰশ্নবোৰৰ এই চিন্তাবোৰেই প্ৰকল্পটোৰ প্ৰতি মোক মুগ্ধ কৰিছে৷”