য়াল্ডা আলী
অৰুজ হাকিমি
গজনি প্ৰদেশত জন্মগ্ৰহণ কৰা আইনৰ স্নাতক য়াল্ডা আলী (২৬)।
টল’ টিভি ( Tolo TV)ৰ বিখ্যাত পুৱাৰ অনুষ্ঠান “বামদাদ-ই- খোছ”ৰ এংকৰ হৈছে য়াল্ডা; তেওঁ মোক মহাবাহুৰ বাবে কৈ গৈছিল এনেদৰে….
কাবুলৰ পতনৰ দিনা ভয় আৰু হতাশাত অফিচৰ পৰা ওলাই আহিলো, গাড়ী নাছিল, দুঘণ্টা ধৰি ঘৰলৈ দৌৰিছিলো।
ময়েই নহয়, সকলো মানুহ আতংকিত হৈ নিজৰ ঘৰলৈ দৌৰিছিল।
দুসপ্তাহ ভয়তে পাৰ হৈ গ’ল, টিভিটোত সম্প্ৰচাৰ কৰিবলৈ কোনো অনুষ্ঠান নাছিল।
আমাৰ প্ৰায়বোৰ সহকৰ্মীয়ে দেশ এৰি থৈ গুচি গ’ল।
দুসপ্তাহৰ পাছত গম পালোঁ যে ‘বামদাদ খোছ‘ৰ অনুষ্ঠান, “ যিটো এটা লাইভ মৰ্নিং শ্ব“, সম্প্ৰচাৰ কৰা হৈছে, আৰু মোৰ এজন পুৰুষ সহকৰ্মীয়ে অনুষ্ঠানটো উপস্থাপন কৰি আছে।
মই বিচলিত হৈ কান্দিলোঁ এইবাবেই যে আফগান মহিলাসকলক কৰ্মস্থলীৰ পৰা আঁতৰাই পেলোৱা হৈছে আৰু টিভিৰ মঞ্চতো কেৱল পুৰুষহে আছে।
গোটেই দিনটো ভাবিছিলোঁ যে আজি যদি মইও হাৰ মানো, তেন্তে লাখ লাখ আফগান মহিলাও হতাশ হ’ব!
গোটেই দিনটো ভাবিলোঁ, আৰু ৰাতি অফিচলৈ ফোন কৰি ক’লোঁ যে মই অফিচলৈ উভতি অহাৰ সিদ্ধান্ত লৈছো আৰু এইবাৰ মই কেৱল প্ৰযোজক/পৰিৱেশিকা হিচাপে নহয়, ‘বামদাদ খোছ’ৰ অনুষ্ঠানটোৰ আয়োজক হিচাপেও টিভিত উপস্থিত হ’ম!
অফিচটোৱে মোৰ কথাত মান্তি হ’ল, আৰু কাবুল পতনৰ দুসপ্তাহৰ পাছত,মই অফিচলৈ গৈ লাইভ শ্ব’টো পৰিৱেশন কৰা আৰম্ভ কৰিলোঁ।
আগৰ চৰকাৰৰ তথা আফগানিস্তান বা কাবুলৰ পতনৰ পিছত টিভিত আবিৰ্ভাৱ হোৱা প্ৰথমগৰাকী নাৰী হিচাপে, আফগান মহিলা আৰু সংবাদ মাধ্যমৰ পৰা নাৰীক আঁতৰাই পেলোৱা বুলি ভবা হাজাৰ হাজাৰ লোকৰ বাবে মই এক অভাৱনীয় আশাৰ প্ৰতীক হৈ পৰিলোঁ যিটো আকৌ এবাৰ তেওঁলোকৰ শিৰাই শিৰাই তেজৰ দৰে বৈ গ’ল।
সংবাদ মাধ্যমত কাম কৰাৰ বাবে মোৰ প্ৰেৰণা আছিল পৰম্পৰাগত সমাজৰ নাৰীক উৎসাহিত কৰা আৰু নিষেধাজ্ঞা ভংগ কৰা মহিলাসকলৰ মাজত থকা, যিবোৰেও পুৰুষৰ দৰে পৰ্দাত থাকিব পাৰে, তেওঁলোকৰ মুখখন দেখা পাব পাৰে আৰু তেওঁলোকৰ ব্যক্তিত্ব আৰু পৰিচয় গঢ়ি তুলিব পাৰে, আৰু স্বাধীন হ’ব পাৰে। পাঁচ বছৰ ধৰি সংবাদ মাধ্যমত কাম কৰি আছো; কাবুলৰ পতনৰ আগতে মোৰ একমাত্ৰ প্ৰত্যাহ্বান আছিল আফগানিস্তানৰ পৰম্পৰাগত কিছুমান প্ৰথাক বাধা দিয়া, যেনে পুৰুষসকলৰ যিসকলে মোক কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিছিল আৰু মৌখিক হাৰাশাস্তি কৰিছিল – তেওঁলোকৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰা।
কিন্তু বৰ্তমানৰ শাসন ব্যৱস্থাত মই কেৱল পুৰুষৰ দমনমূলক সমাজৰ সন্মুখীন হোৱাই নহয়, মই এখন পৰম্পৰাগত আৰু পিতৃতান্ত্রিক চৰকাৰৰো সন্মুখীন হৈছো, য’ত বাক স্বাধীনতা নাই, মতামতৰ স্বাধীনতা নাই, নাৰীৰ স্বাধীনতাক স্বীকৃতি দিয়া হোৱা নাই, আৰু সমাজৰ সকলো স্তৰতেই মহিলাৰ শূন্য উপস্থিতি ৷
চৰকাৰী পৰ্যায়ত, আনকি মহিলাসকলেও টিভিৰ দৰে ব্যক্তিগত সংস্থাসমূহত অগণন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আৰু নিজৰ মুখ ঢাকি শ্ব’ আৰু নিউজসমূহ উপস্থাপন কৰিবলগীয়া হৈছে।
সংবাদ মাধ্যমত নাৰীৰ মুখ ঢাকিবলৈ তালিবানৰ নতুন ডিক্রীটোৰ বিষয়ে যেতিয়া গম পালোঁ, তেতিয়া মই ৰাতিপুৱাৰ অনুষ্ঠান “বামদাদ-ই- খোছ”ৰ বাবে সাজু হৈ আছিলো। হাজাৰটা গুলীৰ মাজত নিজকে পুনৰ এক নতুন গুলীৰে আঘাতপ্ৰাপ্ত মানুহ যেন লাগিল, কিন্তু মই ‘মাস্ক’ পিন্ধি মুখখন ঢাকি ললো আৰু থিৰাং কৰিলোঁ যে মোৰ মাতটো যথেষ্ট গৰ্জনমুখৰ বা বলিষ্ঠ কৰি মই শ্ব’টো উপস্থাপন কৰিম।
মই ‘মাস্ক’ পিন্ধা ভিডিঅ’টোৰ জৰিয়তে, যিটো ভাইৰেল হৈছিল, মই যৎপৰোনাস্তি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ যে যদিও আফগান মহিলাৰ পৰিচয় নোহোৱা হৈ গৈ আছে, কিন্তু বিশ্বই এতিয়াও বুজিব পৰা নাই; কিয়?
এই ডিক্রীয়ে নাৰী হিচাপে পৰিচয় থকাসকলক সংবাদ মাধ্যমৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰে৷ আমি আশংকা কৰিছো যে ছোৱালীৰ বিদ্যালয় বন্ধ হোৱাৰ লগে লগে আৰু চৰকাৰী প্ৰতিষ্ঠানত মহিলাৰ অনুপস্থিতিৰ ফলত তালিবানে পদ্ধতিগতভাৱে মহিলাসকলক বহু ধৰণৰ সামাজিক কাৰ্যকলাপৰ পৰা বাধা দিব। আমাক তালিবানে সমাজৰ পৰা একেবাৰে আঁতৰাই পেলাবলৈ চেষ্টা কৰিছে, যিটোৱে প্ৰচন্ড মানসিক কষ্ট দিয়ে!
এই পৰিস্থিতিত সংবাদ মাধ্যমত নাৰীৰ উপস্থিতি অতি তাৎপৰ্যপূৰ্ণ কাৰণ ই আন মহিলাসকলক প্ৰেৰণা দিয়ে যিসকলে নিজৰ সপোনবোৰকক ধ্বংসৰ পথলৈ গৈ থকা দেখা পায়, আৰু ই নাৰীসকলক জনাৰ ক্ষমতা প্ৰদান কৰে যে তেওঁলোক শক্তিশালী আৰু এতিয়াও উপস্থিত থাকিব পাৰে – জেদী হৈ অনুসৰণ কৰিব পাৰে তেওঁলোকৰ লক্ষ্য।
কিন্তু যদি তালিবানে কিছু সময়ৰ পাছত সংবাদ মাধ্যমৰ পৰাও নাৰীৰ কণ্ঠ আঁতৰাই পেলায়, তেন্তে মোৰ বাবে এজন উপস্থাপক হিচাপে, আফগান মহিলাৰ বাবে সংবাদ মাধ্যমৰ ভৱিষ্যত যেন অস্পষ্ট আৰু ‘ডেড-এণ্ড’, বহু কথা আশাই কৰিব নোৱাৰি!
প্ৰায় এবছৰ হ’ল আমি মত প্ৰকাশৰ স্বাধীনতা অবিহনে, সাজ-পোছাক বাছি লোৱাৰ অধিকাৰ নোহোৱাকৈ, মতামত আৰু চিন্তাৰ স্বাধীনতা নোহোৱাকৈ, জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে আমাৰ পৰিচয় কমি আহিছে!
আমাক আজি পৃথিৱীৰ সমৰ্থন লাগে। নিজকে নাৰীৰ অধিকাৰ ৰক্ষাকাৰী বুলি গণ্য কৰা সকলোৰে সহায়ৰ প্ৰয়োজন হৈছে। বিশ্বই জানিব লাগে আৰু ইতিহাসত লিখিব লাগে যে আফগান মহিলাসকলে নিজৰ উপস্থিতিৰ বাবে যুঁজি আছে আৰু নিজকে সমাজৰ পৰা আঁতৰাই নিদিয়ে। আমি প্ৰতিৰোধ কৰিম, আমাৰ মাত যথেষ্ট শক্তিশালী, কিন্তু যদি এদিন, আমাৰ মাত নিস্তব্ধ হৈ পৰে, তেন্তে সমগ্ৰ পৃথিৱীখন সকলো আফগান মহিলাৰ কণ্ঠ হ’ব লাগে।
এই পৰিস্থিতিত মতামত আগবঢ়োৱাও আমাৰ বাবে সহজ নহয়, কাৰণ আমি আমাৰ জীৱনৰ লগত খেলি আছো।
তথাপিও মই জানো যে আফগান মহিলা আৰু আফগান মহিলা সাংবাদিকসকলৰ প্ৰতি বিশ্বৰ চকু মুকলি কৰাটো আফগান মহিলাৰ অস্তিত্বৰ বাবে কিমান গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)