• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 31, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

যাদুকৰী গুণেৰে সমৃদ্ধ ”চজিনা”

ডাঃ মুকুল শৰ্মা

by Admin
April 20, 2022
in Health
Reading Time: 2 mins read
0
যাদুকৰী গুণেৰে সমৃদ্ধ ”চজিনা”
Share on FacebookShare on TwitterShare on LinkedIn

চজিনা

চজিনা সাধাৰণতে গ্ৰীষ্মপ্ৰধান অঞ্চল বা তাৰ আশে পাশে হোৱা এবিধ গছ। ই এবিধ পৰ্ণপাতী উদ্ভিদ আৰু প্ৰায়  ১০-১২ মিটাৰ ওখ হয়। ইয়াৰ কাণ্ডৰ ব্যাস প্ৰায় ৪৫ ছেন্টিমিটাৰ পৰ্যন্ত হয়। এই গছৰ বাকলি গাঢ় ধোঁৱা বৰণৰ হয় আৰু পাত বিলাক উপবৃত্তাকাৰ ওপৰফালে সেউজীয়া আৰু তল ফালে শেঁতা বৰণৰ হয়। সাধাৰণতে ইয়াৰ ফুল গোটেই বছৰেই পোৱা যায়। ফুলবিলাক উভয়লিংগী, সুগন্ধি, পাঁচটা বগা বা হালধীয়া বৰণৰ পাহিৰে আগুৰি থাকে। ফুলবিলাক গছৰ ডালৰ পৰা একো একোডাল মাৰি বা লাঠীৰ নিচিনাকৈ ওলমি থাকে আৰু ফলৰ ভিতৰত বহুতো ঘূৰণীয়া বীজ থাকে।

চজিনাৰ বিভিন্ন নাম সমূহ- ইয়াৰ বৈজ্ঞানিক নাম Moringa oleifera, ই moringacea পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক moringa বৰ্গত অন্তৰ্ভুক্ত কৰা হয়। সংস্কৃতত ইয়াক শিগ্ৰু নামেৰে জনা যায়, হিন্দীত সহিজন, মুনাগা, তামিলত মুনগ্নি, কানাড়াত নাগ্গি মাৰা, নাগ্গি কায়ী, মাৰাঠীত চেভগা, মালায়ালমত মুৰিংগা, সিংহলীত মুৰুংগা, গুজৰাটীত সাৰাগ্যো, উড়িয়াত সুজুনা, পাঞ্জাৱীত সুৰ্জানা, নেপালীত সাজিৱান নামেৰে জনা যায়।

RelatedPosts

woman crossing on bridge

ইক’থেৰাপি

March 27, 2023
silhouette of person raising its hand

Find Peace and A corner For Yourself

March 26, 2023
এ.ডি.এইচ.ডি : “দুষ্ট” শব্দৰ আঁৰৰ কাহিনী

এ.ডি.এইচ.ডি : “দুষ্ট” শব্দৰ আঁৰৰ কাহিনী

March 24, 2023

আবাসভূমি – ছজিনা বা শিগ্ৰু ভাৰতবৰ্ষৰ থলুৱা উদ্ভিদ হয় আৰু হিমালয়ৰ পাদদেশত আৰু উত্তৰ ভাৰতত বেছিকৈ পোৱা যায়। পৃথিৱীৰ গ্ৰীষ্মপ্ৰধান অঞ্চলবিলাকত আৰু তাৰ আশে পাশে ইয়াক পোৱা যায়। বিশেষকৈ ইথিওপিয়া, ছুডান, ফিলিপাইনছ, পশ্চিম, পূব আৰু দক্ষিণ আমেৰিকা, এছিয়া, ফ্লৰিডা আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জ সমূহত ইয়াক পোৱা যায়। ই যিকোনো প্ৰকাৰৰ মাটিতেই হব পাৰে আৰু খুব কম পানীৰ দৰকাৰ।

ব্যবহৃত অংশ– ইয়াৰ ফল, বীজ, পাত, ফুল, বাকলি ঔষধী হিচাপে বা খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিন্তু ইয়াৰ শিপা খোৱাৰ উপযোগী নহয়। কাৰণ শিপাত স্পাইৰচিন নামৰ এবিধ স্নায়ু বিকৃতি বা বিকলকাৰী বিষাক্ত পদাৰ্থ থাকে।

চজিনাত থকা পোষকতত্ব – ছজিনা গছৰ পাতত প্ৰচুৰ পৰিমানে প্ৰ’টিন থাকে আৰু লগতে প্ৰায় ৯২ বিধ পোষকতত্ব পোৱা যায় যাক অন্য উদ্ভিদত পোৱা টান । ফলমূল আৰু শাক পাচলিত থকা সকলোবিলাক ভিটামিন ইয়াত পোৱা যায়। প্ৰায় ৩০০ মান বেমাৰৰ বাবে ই উপকাৰী হয় আৰু স্বাস্থ্যৰ বাবে পৰম হিতকাৰী। ই এণ্টি অক্সিডেণ্ট গুণ সমৃদ্ধ আৰু জৈৱিক ভাবে সক্ৰিয় বহুতো পদাৰ্থ ইয়াত পোৱা যায়। এই গছৰ পাতত প্ৰধানত ভিটামিন বি১, ভিটামিন বি২, ভিটামিন বি৩, ভিটামিন বি৬, ভিটামিন বি৭, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই, ভিটামিন কে, ভিটামিন এ প্ৰচুৰ মাত্ৰাত পোৱা যায়। একাপ (প্ৰায় ২১ গ্ৰাম) ছজিনা গছৰ পাতত তলত দিয়া পৰিমাণৰ খাদ্য পদাৰ্থ তথা ভিটামিন পোৱা যায় – – প্ৰটিন ২ গ্ৰাম, লগতে আমাৰ শৰীৰৰ দৈনন্দিন প্ৰয়োজনৰ ভিটামিন বি৬ – ১৯%, ভিটামিন চি – ১২%, আইৰণ- ১১%, ভিটামিন এ (বিটা কেৰটিনৰ পৰা)- ৯%, মেগনেছিয়াম- ৮% ইয়াত পোৱা যায়। তেনেদৰে চজিনাৰ ফল বা ছেঁইতো বহু ধৰণৰ ভিটামিন আৰু খনিজ লৱণ থাকে, বিশেষকৈ ভিটামিন চি প্ৰচুৰ মাত্ৰাত পোৱা যায়।

xxx 1

“ছজিনা গছৰ পাতত প্ৰচুৰ পৰিমানে প্ৰ’টিন থাকে আৰু লগতে প্ৰায় ৯২ বিধ পোষকতত্ব পোৱা যায় যাক অন্য উদ্ভিদত পোৱা টান । ফলমূল আৰু শাক পাচলিত থকা সকলোবিলাক ভিটামিন ইয়াত পোৱা যায়। প্ৰায় ৩০০ মান বেমাৰৰ বাবে ই উপকাৰী হয় আৰু স্বাস্থ্যৰ বাবে পৰম হিতকাৰী। ই এণ্টি অক্সিডেণ্ট গুণ সমৃদ্ধ আৰু জৈৱিক ভাবে সক্ৰিয় বহুতো পদাৰ্থ ইয়াত পোৱা যায়। এই গছৰ পাতত প্ৰধানত ভিটামিন বি১, ভিটামিন বি২, ভিটামিন বি৩, ভিটামিন বি৬, ভিটামিন বি৭, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই, ভিটামিন কে, ভিটামিন এ প্ৰচুৰ মাত্ৰাত পোৱা যায়। একাপ (প্ৰায় ২১ গ্ৰাম) ছজিনা গছৰ পাতত তলত দিয়া পৰিমাণৰ খাদ্য পদাৰ্থ তথা ভিটামিন পোৱা যায় – – প্ৰটিন ২ গ্ৰাম, লগতে আমাৰ শৰীৰৰ দৈনন্দিন প্ৰয়োজনৰ ভিটামিন বি৬ – ১৯%, ভিটামিন চি – ১২%, আইৰণ- ১১%, ভিটামিন এ (বিটা কেৰটিনৰ পৰা)- ৯%, মেগনেছিয়াম- ৮% ইয়াত পোৱা যায়। তেনেদৰে চজিনাৰ ফল বা ছেঁইতো বহু ধৰণৰ ভিটামিন আৰু খনিজ লৱণ থাকে, বিশেষকৈ ভিটামিন চি প্ৰচুৰ মাত্ৰাত পোৱা যায়।”

চজিনাৰ ব্যৱহাৰিক দিশ –

* ছজিনা এবিধ এণ্টি- অক্সিডেণ্ট গুণযুক্ত গছ। ই আমাৰ শৰীৰক বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে তথা ফ্ৰী – ৰেডিকেলচ প্ৰতিৰোধ কৰে।

*চজিনাৰ পাত আৰু বাকলিৰ গুড়ি হৃদয় আৰু ৰক্তসঞ্চালন তন্ত্ৰত ক্ৰিয়া কৰে তথা  তেজৰ কলেষ্টেৰল কমায়। যাৰ ফলত উচ্চ ৰক্তচাপ তথা হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰে।

*চজিনাৰ পাত, ফল আৰু ফলৰ বীজবিলাক প্ৰদাহ হৰণকাৰী গুণযুক্ত। সেয়েহে আৰ্থাটিচ, ৰিউমেটিজম, গাউট ইত্যাদি বেমাৰত ই পৰম গুণকাৰী।

*চজিনাৰ বীজে শৰীৰক আৰ্ছেনিকৰ বিষাক্ত প্ৰভাৱৰ পৰা ৰক্ষা কৰে।

*এই গছবিধত যথেষ্ট পৰিমাণে কেলছিয়াম আৰু মেগনেছিয়াম পোৱা যায়। সেয়েহে ই দাঁত আৰু হাড় মজবুত কৰে আৰু অস্থিওপৰচিছ ইত্যাদি হাড়ৰ বিভিন্ন বেমাৰত উপযোগী।

*চজিনাৰ পাতৰ গুড়ি স্বাস্থ্যবান আৰু উজ্জ্বল ছালৰ বাবে ব্যৱহাৰ কৰা হয়।

*ইয়াৰ পাত মূৰত ঘঁহিলে অতিমাত্ৰা মূৰৰ বিষত আৰাম পোৱা যায়।

*ইয়াৰ সংক্ৰমণ বিৰোধী আৰু প্ৰদাহ বিৰোধী ধৰ্মৰ বাবে ইয়াক ঘাঁ বা স্খতস্হানত ব্যৱহাৰ কৰিলে সোনকালে ঘাঁ শুকায়।

*চজিনাৰ পাতৰ পৰা বনোৱা চাহ গেষ্ট্ৰিক আলচাৰ আৰু ডায়েৰিয়া ৰোগত ব্যবহাৰ কৰা হয়।

*চজিনাৰ ফলৰ পাউদাৰ স্কাৰ্ভি আৰু বিভিন্ন ছালৰ সংক্ৰমণত ব্যৱহাৰ কৰা হয়।

*যৌন সংক্ৰমিত ৰোগ আৰু ফোঁহাৰ চিকিৎসাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়।

*এই গছৰ কাণ্ডৰ পৰা ওলোৱা ৰস মূত্ৰবৰ্দ্ধক, পেশী বা কলা সংকোচনকাৰী, গৰ্ভপাতকাৰী আৰু এজ্মা ৰোগৰ বাবে খুব ফলকাৰী।

*এই গছৰ পাত ব্ৰংকাইটিছ, জ্বৰ, চকু আৰু কাণৰ সংক্ৰমণ প্ৰতিৰোধত সহায়ক হয়।

*চজিনা গছ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাত সহায়ক হয়। ই বিশেষকৈ স্তন, মহিলাৰ ডিম্বাশয়, পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি, গুদ্যদ্বাৰ, কলন ইত্যাদিৰ কৰ্কট ৰোগ প্ৰতিৰোধ তথা চিকিৎসাত সহায়ক হয়।

*ইয়াত আইৰণ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে পৰম গুণকাৰী।

*ইয়াত ভিটামিন এ থকা বাবে চকুৰ ৰেটিনা আৰু দৃষ্টিশক্তিৰ বাবে উপকাৰী।

*ই ডায়েবেটিজ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা ভিটামিন বি ১ য়ে শৰ্কৰাক শক্তিলৈ ৰূপান্তৰিত কৰে।

*ইয়াত থকা গ্লাইচিনে শৰীৰৰ নতুন কোষ উৎপন্ন কৰাত সহায় কৰে।

*চজিনাত গ্লুটামিক এচিড নামৰ এবিধ জৈৱিক পদাৰ্থ থাকে যিয়ে মস্তিষ্কৰ বিকাশৰ বাবে দৰকাৰী।

*ইয়াত থকা প্ৰটিনে শৰীৰৰ মাংসপেশীৰ বিকাশত সহায় কৰে।

*চজিনাত প্ৰচুৰ পৰিমাণে আয়ডিন পোৱা যায় বাবে হাইপোথাইৰয়ডিজম সমস্যাত ইয়াক ব্যৱহাৰ কৰা হয়।

পাৰ্শ্চক্ৰিয়া:-

*এই গছৰ শিপাত থকা স্পাইৰচিন নামৰ পদাৰ্থবিধে স্নায়ু বিকৃতি ঘটাব পাৰে।

*সৰহ পৰিমাণত সেৱন কৰিলে ডায়েৰিয়া হব পাৰে ।

মোখনিত এটা কথাই কব পাৰি যে ইমানবিলাক গুণেৰে ভৰপূৰ তথা প্ৰায় সকলোধৰণৰ পোষক দ্ৰব্যযুক্ত হোৱা বাবে চজিনাক যাদুকৰী গছ হিচাপে আখ্যা দিয়া হয়।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: চজিনা
Admin

Admin

Related Posts

woman crossing on bridge
Environment

ইক’থেৰাপি

by Admin
March 27, 2023
0

ইক'থেৰাপি লিপিকা দাস লিপিকা দাস "ইক'থেৰাপি" শব্দটো আমাৰ বহুতৰ বাবেই হয়তো নতুন, কিন্তু ইয়াৰ ধাৰণাটো নতুন নহয় । আজিৰ পৰা...

Read more
silhouette of person raising its hand

Find Peace and A corner For Yourself

March 26, 2023
এ.ডি.এইচ.ডি : “দুষ্ট” শব্দৰ আঁৰৰ কাহিনী

এ.ডি.এইচ.ডি : “দুষ্ট” শব্দৰ আঁৰৰ কাহিনী

March 24, 2023
যৌনতা আৰু ইৰোটোফোবিয়া

যৌনতা আৰু ইৰোটোফোবিয়া

March 22, 2023
WAPR-IC CONFERENCE AT TEZPUR, ASSAM

WAPR-IC CONFERENCE AT TEZPUR, ASSAM

March 19, 2023
New Sugar-Free Sweetener Sweeping the Nation

New Sugar-Free Sweetener Sweeping the Nation

March 18, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 31, 2023
Should Companies Have Menstrual Leave Policy For Women?

Should Companies Have Menstrual Leave Policy For Women?

March 31, 2023
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 31, 2023
Wall Street Journal reporter detained in Russia

Wall Street Journal reporter detained in Russia

March 31, 2023

Popular Stories

  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 93 Tweet 58
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 325 Tweet 203
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    204 shares
    Share 82 Tweet 51
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    210 shares
    Share 84 Tweet 53
  • Brahmaputra -The never-ending metaphor as Media of the valley

    100 shares
    Share 40 Tweet 25
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    153 shares
    Share 61 Tweet 38
  • কল্পনাতীত সৌন্দৰ্যৰ আকৰ ৱাৰি চ’ৰা! 

    75 shares
    Share 30 Tweet 19
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    70 shares
    Share 28 Tweet 18
  • Nature-Writings: New Rising In The World Of Literature

    57 shares
    Share 23 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    56 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: