• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, August 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

যাদৱ পায়েঙৰ অৰণ্য গঢ়াৰ আন্দোলন

অৰণ্য গঢ়াৰ আন্দোলন

by Anjan Sarma
May 5, 2022
in Climate Change, Nature, News, Special Report, World
Reading Time: 1 min read
0
যাদৱ পায়েঙৰ অৰণ্য গঢ়াৰ আন্দোলন
Share on FacebookShare on TwitterShare on LinkedIn

গৌতম শৰ্মা

ব্যক্তিজনৰ সেউজ কৰ্ম আৰু বৰ্ণিল জীৱনৰ বিষয়ে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱা অসমৰ একমাত্ৰ ব্যক্তিজন হৈছে সমগ্ৰ বিশ্বজুৰি অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েং ওৰফে মুলাই।

যোৰহাট জিলাৰ এখন ঐতিহাসিক ঠাই ককিলামুখৰ ঔণামুখ গাৱঁত ১৯৫৯ চনৰ ৩১ অক্টোবৰত জন্মগ্ৰহণ কৰা যাদৱ পায়েঙে নিজৰ একক প্ৰচেষ্টাৰে ৫৫০ হেক্টৰ বিস্তীৰ্ণ এলেকাক বন তথা সেউজীয়া আৱৰণলৈ ৰূপান্তৰৰ মহৎ এক প্ৰচেষ্টা হাতত লৈ শেষত ইয়াক ‘মুলাই কাঠনি বাৰী’ নামেৰে কাৰ্যত পৰিণত কৰি সম্প্রতি ইয়াক অলেখ প্ৰকৃতিপ্ৰেমী আৰু দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ আঁৰতেই তেখেতৰ মহান কৰ্মৰ চানেকি আৰু জীৱনৰ সফলতাসমূহ জড়িত হৈ আছে।

সঁচাকৈ যাদৱ পায়েঙৰ এই অৰণ্য গঢ়াৰ যি আন্দোলনৰ কৰ্ম সেয়া যোৰহাট, অসম তথা সমগ্র দেশখনৰ কাৰণেই বিৰল এক দৃষ্টান্ত।

উল্লেখযোগ্য যে ককিলামুখৰ ঔণামুখ চাপৰিটো হৈছে ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ-চাপৰি। প্রায় ২৭ কিলোমিটাৰ দৈর্ঘৰ এই চাপৰিটোৰ বাসিন্দা যাদৱ পায়েঙে জন্মলগ্নৰেপৰা প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি ইয়াক সুৰক্ষাৰ বাবে যুজঁ দি আহিছে।

তেখেতৰ মুলাই কাঠনিৰ বনভূমি সৃষ্টিৰ আঁৰৰ সম্পৰ্কে আমাৰ সৈতে হোৱা ব্যক্তিগত এক সাক্ষাৎকাৰত তেখেতে আমাক জনাইছিল যে, ১৯৭৯ চনত ব্ৰহ্মপুত্ৰই মথাউৰি ভঙাত ককিলামুখত এক ডাঙৰ বানপানী হৈছিল; তাৰপিছতো তেখেতে এই চাপৰিতেই তেখেতৰ গাইজনীৰ সৈতে নতুনকৈ ঘৰ-বাৰী পাতি থাকিবলৈ আৰম্ভ কৰিছিল। সেই নতুন বাৰীখনত প্ৰথমে তেখেতে বাঁহ গছ ৰুবলৈ আৰম্ভ কৰি তাৰপাছত বানপানীত উটি অহা গছৰ গুটি, ডালবোৰ পুতি থৈছিল।

Screenshot 20220331 114144 Chrome 1

প্ৰথম অৱস্থাত বিশেষকৈ শিমলু গছৰ কোমল ডালসমূহ বালিময় স্থানতেই গুজি থৈছিল। আৰু এনেদৰেই এদিন এইবোৰ প্ৰাথমিক প্ৰচেষ্টাই এখন বিস্তৰ ভূমিক অৰণ্যলৈ ৰূপান্তৰ কৰিছিল।

এইখিনিতে আৰু এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে ১৯৮০ চনত গোলাঘাট জিলাৰ বন বিভাগে পাঁচ বছৰৰ বাবে ককিলামুখৰ এই ঔণামুখ চাপৰিত ২০০ হেক্টৰ অঞ্চলত গছপুলি ৰোপণৰ এক আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিত কাম কৰাৰ বাবে মুলাইও অৰ্থাৎ যাদৱ পায়েঙো আছিল এজন কৰ্মী। নিৰ্দিষ্ট এক সময়ত এই আঁচনিৰ কাম শেষ হোৱাত মুলাইৰ বাদে অন্যান্য কৰ্মীসকল তাৰপৰা গুছি গৈছিল।

কিন্তু মুলায়ে নিজে বহু কষ্ট কৰি নতুনকৈ নিজৰ দুহাতেৰে প্ৰাণ দিয়া এই কাঠনি বাৰীখনৰ মোহ এৰিব নোৱাৰি ইয়াক আৰু অধিক গতিশীল ৰূপ দিয়াত ইয়াতেই আজীৱন থাকি গ’ল আৰু নিজৰ দৃঢ় একক প্ৰচেষ্টাৰে এই বাৰীক আৰু অধিক সম্প্ৰসাৰণ কৰি গছ ৰোৱাৰ কামৰ ধাৰাবাহিকতাক অটুট ৰাখিছিল।

আৰু এনেকৈ সুদীৰ্ঘ প্রায় ৩৩ বছৰৰ পাছত অৰ্থাৎ ২০১০ চনৰ ২৫ জানুৱাৰীত ৫৫০ হেক্টৰ বনভূমিলৈ সম্প্ৰসাৰিত হোৱা এই মুলাইৰ কাঠনি বাৰীখন জনসাধাৰণৰ দৃষ্টিগোচৰলৈ আহিছিল। সেই দিন ধৰি এই অৰণ্যভূমিয়ে বহুজন অৰণ্যপ্ৰেমীক আকৰ্ষিত কৰি আহিছে।

মুলাই তথা যাদৱ পায়েঙে গঢ়ি তোলা এই অৰণ্য ভূমিৰ সৈতে বহু গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে। সম্প্ৰতি ঢেঁকীয়াপতীয়া বাঘ, বনৰীয়া হাতী, বান্দৰ, হৰিণা, শহাপহু, অনেক প্ৰজাতিৰ চৰাইৰ লগতে বিভিন্ন বন্য জীৱ-জন্তুৰ মুক্ত বিচৰণে এই বনভূমিক অনন্য মাত্ৰা প্ৰদান কৰিছে।

তদুপৰি বন্যপ্ৰাণীৰ লগতে বহুবোৰ গুৰুত্বপূৰ্ণ উদ্ভিদ প্ৰজাতিকো যাদৱ পায়েঙৰ অৰণ্যখনে সুৰক্ষা আৰু সংৰক্ষণ কৰি আহিছে। এইসমূহৰ ভিতৰত শিমলু, চিচু, ডিমৰু, ভেলকৰ, অৰ্জুন, এজাৰ, গমাৰী, বগৰী, সোনাৰু, কৃষ্ণচূড়া, চেগুণ, আদিবোৰেই প্ৰধান।

তদুপৰি তেখেতৰ এই বিস্তীৰ্ণ বনভূমিত পোৱা অলেখ বাঁহ গছবোৰে এই অৰণ্যখনিক অপূৰ্ব প্ৰাকৃতিক তথা নৈসৰ্গিক সৌন্দৰ্য্য প্ৰদান কৰি সোণতে সুৱগা চৰাইছে।

এইখিনিতে মুলাই আৰু মুলাই কাঠনিৰ বাৰীৰ বিষয়ে আৰু বিশেষ দুটামান কথা উল্লেখ নকৰিলে আমাৰ লেখা আধৰুৱা হৈ ৰ’ব।

২০১২ চনৰ ২২ এপ্ৰিলৰ ধৰিত্ৰী দিৱসৰ দিনা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা এটি বিশেষ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপাৰিয়ে মুলাই তথা যাদৱ পায়েঙক প্ৰদান কৰা “অৰণ্য মানৱ” উপাধিয়ে যেন ব্যক্তিজনক আৰু বলিষ্ঠ আৰু ক্ষীপ্ৰ গতিত কাম কৰাৰ বাবে প্ৰবল অনুপ্ৰেৰণা যোগালে।

ইয়াৰ সমান্তৰালভাৱে ভাৰতৰ প্ৰাক্তন প্ৰয়াত ৰাষ্ট্ৰপতি ড° APJ আব্দুল কালামৰ দ্বাৰা তেখেতলৈ “ডায়মণ্ড এৱাৰ্ড” প্ৰদান আৰু শেহতীয়াকৈ ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ দ্বাৰা যাদৱ পায়েঙলৈ পদ্মশ্ৰী বঁটা প্ৰদানে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাদৱ পায়েঙৰ নাম আৰু কৰ্মক আজি প্ৰবলভাৱে সমাদৃত কৰি তুলিছে। যিবোৰ তথ্যই আজি সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে।

অক্লান্ত কঠোৰ পৰিশ্ৰমেৰে বৰ সযতনে ব্ৰহ্মপুত্ৰৰ বিস্তৰ এক পলসুৱা ভূমিক সেউজীয়াকৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অদ্যাপি অব্যাহত ৰখোৱা যাদৱ পায়েঙৰ জীৱনৰ একমাত্ৰ তথা সৰ্বশেষ আশা হৈছে প্ৰকৃতিক সুৰক্ষা কৰি পৃথিৱীখনক সুন্দৰ ৰূপত গঢ়ি তোলা। তেখেতৰ ভাষাৰেই কওঁ- “এক মিনিট সময় উশাহ বন্ধ কৰি অক্সিজেনৰ প্ৰয়োজন অনুভৱ কৰা আৰু গছ পুলি ৰোৱাত গুৰুত্ব দিয়া।”

বৰ্তমান ২০০০ হেক্টৰজোৰা বিশাল ভূমিত হাতীৰ বাবে কলগছ লগোৱাৰ দৰে এটি বহু গুৰুত্বপূৰ্ণ কাম হাতত লোৱাৰ লগতে তেখেতে যিমানদিন জীয়াই থাকে সেউজীয়া আৰু সেউজীয়াকৰণৰ ওপৰতেই গুৰুত্ব দি মাজুলী, জাঁজীমুখকে ধৰি বান আৰু খহনীয়াই সৰ্বস্বান্ত কৰা ভালেবোৰ সৌন্দৰ্য্যময় অঞ্চলৰ পৰিৱেশ সুৰক্ষা কৰি পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলাৰ স্বাৰ্থত মনোনিবেশ কৰিবলৈ মন মেলিছে।

লগতে শিক্ষানুষ্ঠান সমূহলৈও গৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিক শিক্ষাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ওপৰত কেতবোৰ ব্যৱহাৰিক শিক্ষা প্ৰদানৰ কামো হাতত লোৱাৰ পৰিকল্পনাবোৰ গ্ৰহণ কৰাৰ পোষকতা কৰিছে।

শেহতীয়াকৈ সমগ্র বিশ্বজুৰি ছচিয়েল মেডিয়াসমূহত জনপ্ৰিয় হৈ পৰা ভিডিঅ’ এটাই সম্প্ৰতি গভীৰ চৰ্চালৈ আহিছে। তেখেতৰ মতে, “বতাহে গছ ৰুব জানে, গৰু-ছাগলীবোৰেও গছ ৰুব জানে, চৰাই গছ ৰুব জানে, হৰিণাই গছ ৰুব জানে একমাত্ৰ জীৱশ্ৰেষ্ঠ মানুহেহে গছ কাটিব জানে কিন্তু ৰুব নাজানে।”

এনেবোৰ বিৰল চিন্তা আৰু কৰ্মই নিজৰ জীৱনটোক আগবঢ়াই নিবলৈ নিজকে উৎসৰ্গিত কৰোৱা যাদৱ পায়েঙৰ অনাগত দিনবোৰ আৰু কৰ্মবোৰ সুন্দৰ আৰু সাফল্যময় হওক। অসমৰ ৰাইজে আৰু প্ৰশাসনেও তেখেতৰ এই মহান প্ৰচেষ্টালৈ অতি আন্তৰিকতাৰে সক্ৰিয় সহযোগিতা আগবঢ়াওক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: যাদৱ পায়েঙ
Anjan Sarma

Anjan Sarma

Related Posts

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা
Climate Change

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

by Manas Pratim Dutta
August 16, 2026
0

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা মানস প্ৰতিম দত্ত প্ৰকৃতি হৈছে মানৱ অস্তিত্বৰ মূল ভেঁটি। বায়ু, পানী, মাটি, অৰণ্য...

Read moreDetails
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d