–ডা° সুকৃতি চৌধুৰী |
তেতিয়ালৈ হোষ্টেলতে থাকিবলৈ লোৱা বহুতদিন হৈছিল ৷ হোষ্টেলৰ ছিনিয়ৰ বাইদেউ হিচাপে দাদাগিৰিয়েই বেলেগ আছিল ৷ মোৰ গাৰ্জেন বুলিবলৈ দাদাৰ বাদে কোনো নাই ৷ বংশ পৰিয়ালৰ এনে কোনো অন্য মানুহ নাছিল যি কোনোদিন মোৰ খবৰ ল’বলৈ আহে ৷ বন্ধ বিলাকত প্ৰায়েই হোষ্টেলতে থাকি যাওঁ ৷ আনহাতে বহুত বছৰৰ পৰা অসমত এক মৃত্যুৰ ভয়ে ক’লা ছাঁৰ দৰে মোক খেদি ফুৰিছিল ৷ কাৰণ পুলিচ মিলিটেৰীৰ হাতত কেইবাজনো এনে আতংকবাদী মৰিছিল যি হয়তো মোৰ দেউতাৰ হত্যাকান্ডত জড়িত আছিল ৷ মই এই বিলাকৰ মাজত সোমাব খোজা নাছিলো ৷ সেই যে নৱম শ্ৰেনীতেই গাওঁখন এৰি গুচি আহি প্ৰাইভেট হোষ্টেলৰ বাসিন্দা হৈছিলোহি, তাৰ পিছত আৰু কোনো দিনেই গাওঁখনেই দেখা নাই ৷ চকু মুদি মই মানসিক ৰোগীৰ চিকিৎসা কৰাটোকেই দেখি থাকিব খুজিছিলো আৰু মোৰ এই কল্পনাত পাখি লগাই উৰাই দিছিল মোৰ সেনা বিষয়া দাদা জনে ৷ দুৰ্ভাগ্য এইটোৱেই আছিল যে এচাম হিংসাকুৰীয়া আৰু মোৰ পিছে পিছে ঘুৰি ব্যৰ্থ হোৱা প্ৰেমিকৰূপী নাৰী দেহৰ চিকাৰীয়ে এইবুলি উলিয়াই ফুৰিছিল যে মইয়েই লগাই দি সেই কেইজন আতংবাদীক মৰালো ৷ কি যে বিস্ফোৰক পৰিস্থিতি আছিল, আজি ভাবিয়েই কিবা কিবা লাগে ৷ সেই দিন বিলাকতে এন ডি এফ বি নে আন কোনো বড়ো উগ্ৰপন্থী সংগঠনে মনীষা (?) নামৰ এজনী ছোৱালীক নৃসংশভাৱে হত্যা কৰি কোনো এখন গাওঁৰ মাজৰ মুকলি ঠাইত পেলাই থৈছিল ৷ তাইৰ উলংগ মৃতদেহ তিনি দিনলৈকে তাতেই পৰি আছিল ৷ সেই গাওঁখনৰ কাৰো সাহস হোৱা নাছিল যে মৃতদেহটো উঠাই আনি সৎকাৰ কৰিব ৷ ছোৱালীজনীৰ একমাত্ৰ অপৰাধ আছিল যে তাইক জোৰকৈ ভাল পাব খোজা স্থানীয় উগ্ৰপন্থী নেতা এজনক তাই ভাল পাবলৈ অস্বীকাৰ কৰিছিল আৰু পঢ়ি-শুনি জীৱনত কিবা হ’ব খুজিছিল ৷ সেই উগ্ৰপন্থীজন অলপদিনৰ পিছত আৰ্মীৰ গুলিত মৰাত, আতংবাদী সংগঠনটোৱে স্বতঃসিদ্ধভাৱে এইবুলি ধৰি লৈছিল যে তাইয়েই খবৰ দি মৰালে ৷ ইয়াৰ প্ৰতিশোধ হিচাপে তাইক ঘৰৰ পৰা চোচৰাই লৈ গৈ হানি-খুচি আৰু শেষত গুলিয়াই থকা সৰকা কৰি মাৰি পেলালে ৷ তাইৰ মৃতদেহটো যাতে কোনেও সৎকাৰ নকৰে তাৰ বাবে গাওঁবাসীক সঁকিয়াই দিয়ো গ’ল ৷ তিনি দিনৰ পিছত পুলিচ মিলিটেৰীৰ দল নহালৈকে মৃতদেহটো তাতেই পৰি আছিল ৷ নৱম নে দশম শ্ৰেণীত পঢ়া সেই স্বপ্ন-পিয়াসী ছোৱালীজনী নৃসংশ মানুহৰ অত্যাচাৰত এনেদৰেই হেৰাই গৈছিল ৷ আস্ মোৰ কিশোৰী মনটো যে কিমান জোকাৰি গৈছিল এই ঘটনাটোৱে ৷ ক’বলৈ গ’লে nightmare হৈ পৰিছিল ৷ কিন্ত দাদাই হিমালয় পাহাৰৰ দৰে থিয় দি মোক সুৰক্ষিত কৰি ৰাখিছিল ৷ অন্যথা ? … কি হ’ল হেঁতেন বাৰু মোৰ অন্যথা ??
হোষ্টেলত থাকি পঢ়িবলৈ অহা ছোৱালীবোৰৰ মাজত এনে কিছুমান ছোৱালীও দেখিছিলো যি হয়তো ঘৰতে থাকি পঢ়িব পাৰিলেহেঁতেন ৷ কিন্তু লোকেল দাদা টাইপ কেতবোৰ গুন্ডাৰ অত্যাচাৰৰ বাবেই মাক-দেউতাকে তাহাঁতক ঘৰৰ পৰা দুৰৰ হোষ্টেলত ৰাখিবলৈ বাধ্য হৈছিল ৷ হোষ্টেলৰ ছাদলৈ যোৱাটো ভয়াৱহ আছিল ৷ ছোৱালী দেখিলেই সুহুৰি মাৰিবলৈ, অশ্লীল ইংগিত দিবলৈ বা চিঞৰি চিঞৰি বাজে কথা ক’বলৈ এচাম ল’ৰা অনবৰতে জুম বান্ধি ছোৱালীৰ হোষ্টেলবোৰৰ কাষত সদায় থিয় দি থাকিছিল ৷ কাপোৰ ধুই মেলি দিবলৈ হোষ্টেলৰ ছাদলৈ যোৱা আৰু শুকোৱাৰ পিছত লৈ অনাটো আছিল চৰম বিৰক্তিকৰ ৷ ছোৱালী হৈ জন্ম হোৱাৰ বাবেই এই জুম বান্ধি থকা ল’ৰাবোৰে আমি ছাদলৈ উঠাৰ লগে লগেই চিঞৰ-বাখৰ কৰি এক অভব্য পৰিবেশ সৃষ্টি কৰিছিল ৷ আমি যেন গৰালৰ এচুকত লুকাই থকা চিৰিয়াখানাৰ জন্তু ৷ দৰ্শকৰ চকুৰ সন্মুখলৈ আহিলেই সুহুৰি বাজিব……এয়া আছিল অসমৰ মফচলীয় ঠাইৰ ডুখৰীয়া ছবি ৷ উত্তৰ ভাৰতৰ অবস্থা আৰু শোচনীয় ৷ এজনী ছোৱালী আহি হোষ্টেলত থাকিবলৈ পোৱাটোয়েই ডাঙৰ কথা ৷ কিন্ত ইয়াৰ ছোৱালী হোষ্টেলবোৰ অসমৰ বোৰতকৈ অধিক কনজাৰভেটিভ বুলি ভাবো ৷ অসমৰ দৰে মুক্ত মুক্ত কিবা এটা যেন নাই ৷ এয়া মোৰহে অভিজ্ঞতা ৷ আনৰ অভিজ্ঞতা হয়তো বেলেগ হ’বও পাৰে আৰু মোৰ অভিজ্ঞতাই যে সকলোৰে ক্ষেত্ৰত হ’ব লাগিব এনে কোনো কথা নাই ৷
এতিয়া আহো লেখাটোৰ প্ৰথম শাৰীটোলৈ ৷ কাণপুৰত পঢ়িবলৈ আহি মেডিকো (মানে চিকিৎসা বিজ্ঞানৰ ছাত্ৰী) হিচাপে সেইবছৰ ফাইনেল ইয়েৰলৈ উঠিছো ৷ দাদা ই তেতিয়া মোৰ লগত এটা “একস্ট্ৰা গহীন” দিয়ে ৷ মানে তেনেই ডেকা মানুহটোৱে মোৰ দেউতা হ’বলৈ গৈ গাভৰুৰ বয়সীয়াল দেউতাকে যেনেকৈ কাঢ়া শাসণ কৰাৰ মুৰ্তি ধৰি থাকে, থিক তেনেকুৱাই এটা ৰূপ ৷ চিৰিয়াছ মুডৰ মানুহটো হোষ্টেললৈ আহিছে বুলি খবৰ পোৱা লগে লগেই লগৰ কেইজনীমানে লেফ-ৰাইট চাৱধান হুচিয়াৰ আদি কৈ মোক পেৰেড কৰি দেখুৱাই উৎপাত কৰে ৷ ইয়াৰ ভিতৰত নিষ্ঠা বাৰ্মা আছিল আগৰণুৱা ৷ এদিন দাদা খবৰ নিদিয়াকৈ আহিল ৷ লগত হোষ্টেলৰ ছোৱালীজাকৰ দিল গাৰ্ডেন গাৰ্ডেন লগাই দিব পৰা বিৰাট হেন্দচম তেনেই কম বয়সীয়া অফিচাৰ এজন ৷ সেই যে ছোৱালীবোৰে সপোন দেখে –Dark Tall Handsome, তেওঁ ঠিক তেনেকুৱাই ৷ কিন্ত কিবা নেহাঁহে নেমাতে টাইপ ৷ দেওঁবাৰ আছিল সিদিনা ৷ এক নম্বৰৰ ড্ৰামাবাজ নিষ্ঠাই মোক অভিনয় কৰি কৰি দেখাই আছিল দাদাই কেনেকৈ খোজ কাঢ়ে কথা কয় ইত্যাদি ইত্যাদি ৷ দুয়োজনীয়ে সপোনতো ভবা নাছিলো যে সিদিনাখন দাদা আহি উঠিব ৷ আমি আছিলোও ভিজিটিং ৰূমৰ ফালে বাৰাণ্ডাত ৷ কোনোবা এজনীৰ বয়ফ্ৰেণ্ড আহিছিল আৰু নিষ্ঠাই তাক আঁতৰৰ পৰা জোকাই জোকাই কাণ ৰঙা কৰি দিছিল ৷ মই আছিলো তাইৰ কাণ্ড-কাৰখানাৰ নীৰৱ দৰ্শক ৷ পিছে দাদা আৰু গ্ৰীকৰ দৰে চেহেৰাৰ লগৰ জনৰ চকুৰ আগত পৰিহে ফচিলো ৷ ছেঃ কি কৰো ৷ লাজতে ৰঙা-চিঙা পৰি “অ’ দা আহিলে ” বুলি কঁপি কঁপি কোনোৰকম ক’লো ৷ দা ই মোক অনৰ্গল গালি পাৰি থাকিল ৷ পিছে সেই হেন্দচম গ্ৰীক চেহেৰাটো আৰু ঠাইতে থৰ লাগি ৰোৱা নিষ্ঠাই তন্দ্ৰা লগাৰ দৰে এজনে আনজনলৈ চায়েই আছে চায়েই আছে ৷ মানে তাইৰ ভাষাৰে ক’বলৈ গ’লে –“নিহাৰ ৰহি থী” ৷ ইফালে মই তাইক ক’ব নোৱাৰিছো যে হেৰৌ অলপ বেলেগ ফালেও চা ৷ ইফালে দাদাৰ অবিৰাম গালিবৰ্ষণ চলিয়েই আছে ৷ এবাৰত হঠাতে দাদাই গালি বন্ধ কৰিলে আৰু কেইটামান মুহুৰ্ত ৰৈ তাহঁতলৈ চাই স্পষ্টকৈ ক’লে –“লাভ এট ফাৰ্ষ্ট চাইট ? ” ধেৎ বুলি কৈয়েই নিষ্ঠা দৌৰি পলাল ৷ গ্ৰীক মুৰ্তিয়ে সেমেনা-সেমেনি কৰি হেবাংটোৰ দৰে দাদা লৈ চালে ৷ সেই যে বিস্কুট বিচাৰি কুকুৰে নেগুৰ জোকাৰি জোকাৰি বুৰ্বকৰ দৰে মালিকৰ মুখলৈ চায়, থিক যেন সেই ভাৱটোৱেই ৷ মোৰ অৱস্থা –ফাট দিয়া বসুমতী পাতালে লুকাওঁ৷ দাদাহঁত সিদিনা গ’লগৈ ৷ কিন্ত এবছৰমান পিছত সেই গ্ৰীক মুৰ্তি আৰু নিষ্ঠাৰ বিয়াত মহিলা সংগীতৰ নিশা ঢুলুকি বজাই বহুত নাচ গাণ ফুৰ্তি কৰিলো ৷ দাদা আহিছিল গ্ৰীক মুৰ্তিৰ সৈতে বৰযাত্ৰী হৈ ৷ দেখিছিলো নিষ্ঠাই লাজতে দাদাৰ চকুলৈ চাব পৰা নাই আৰু গ্ৰীক মুৰ্তি যেন হেবাংটো হৈ পৰে৷ এনেদৰেই জীৱনৰ ভাল লগা বেয়া লগাবোৰ মোৰ হিয়াত খোদিত হৈ ৰ’ল ৷