–ডা° সুকৃতি চৌধুৰী
নমস্কাৰ বন্ধু-বান্ধৱীসকল
মনত আছেনে ৰোল লগাই ফটো তোলা কেমেৰা, ৱাক মেন, কেচেট, ফ্লপি,ভি চি আৰ——৷ এই বস্তুবোৰ মোৰ স্কুল-কলেজীয়া দিনতেই অতীতৰ সামগ্ৰী আছিল৷ অথচ মোৰ আগৰ জেনেৰেশ্যনৰ দিনত কিমান যে দৰকাৰী বস্তু আছিল এইবোৰ৷ নহয়নে? কিন্তু শেহতীয়া গৱেষণালব্ধ বিশ্লেষণ অনুসৰি তলৰ বস্তুবোৰ হেনো অতি সোনকালেই অতীত হৈ পৰিবঃ
(১) শ্বপিং মল———————-
এটা সময়ত ডিপাৰ্টমেণ্ট ষ্ট’ৰ, চুপাৰ মাৰ্কেট আদিবোৰ আধুনিক ধাৰণা আছিল৷ কিন্ত শ্বপিং মলৰ আগমনে এই সমূহক পুৰণি আৰু নচলা কৰিলে৷ আহি দিনবোৰত পিছে মৃত্যু ঘন্টা বাজিব শ্বপিং মলবোৰৰ৷ ইতিমধ্যে ভালকৈ নচলা বুলি পৃথিৱীৰ অনেক চহৰৰ বহুতো শ্বপিং মল বন্ধ হোৱা আৰম্ভ হৈছেই৷ হয়তো কিছু বছৰ লাগিব৷ কিন্তু নোহোৱা হ’ব শ্বপিং মলবোৰ৷ আচৰিত লাগিলেও এয়া সত্য৷ কাৰণ যিটো হাৰত অনলাইন শ্বপিং হয় সেয়াই হাজাৰ কোটি টকাৰ ইনভেষ্ট কৰি খোলা মলবোৰে যিমান লাভ দিব লাগিছিল দিব পৰা নাই৷ যিমান বিক্ৰী হ’ব লাগিছিল হোৱাতো নায়েই বৰঞ্চ দিনে দিনে কমিহে আহিছে৷ মলবোৰলৈ যোৱা ৮০% বা ততোধিক মানুহ হেনো এনেয়ে ফুৰিবলৈহে যায়৷ খৰিদ্দাৰ ২০% ও নহয়৷ এনে ক্ষেত্ৰত বেচাকিনা নোহোৱাকৈ বিশাল ইনভেষ্টমেন্ট কৰি কিমান দিনলৈ এটা ব্যৱসায় চলিব?
(২) বাতৰি-কাকত আৰু আলোচনী————————————————–
ঘৰৰ দুৱাৰ মুখত পুৱাতে দি যোৱা বাতৰি-কাকতখন হাতত লৈ যি আনন্দ পোৱা যায়, মাহৰ শেষত/আৰম্ভণিতে নতুন সংখ্যাৰ আলোচনীখন হাতত লৈ যি আমেজ তাৰ তুলনা নাই৷ কিন্তু শেহতীয়া গৱেষণাই কৈছে যে বাতৰি-কাকত আৰু আলোচনী কেৱল ই-প্লেটফৰ্মতহে থাকিবগৈ৷ ইতিমধ্যেই তীব্ৰ গতিৰে বাতৰি-কাকত আৰু আলোচনীৰ ফিজিকেল কপিৰ গ্ৰাহকৰ সংখ্যা তীব্ৰ গতিৰে হ্ৰাস পাইছে৷
(৩) এক্সটাৰ্ণনেল হাৰ্ড ড্ৰাইভ—————————————-বিশাল ডাটা সংৰক্ষণ আৰু ট্ৰান্সফাৰ কৰাৰ বাবে এক্সটাৰ্ণনেল হাৰ্ড ড্ৰাইভ আজিৰ সময়ত অ’তি জৰুৰী৷ কিন্তু অ’তি সোনকালেই এক্সটাৰ্ণনেল হাৰ্ড ড্ৰাইভ অতীত হৈ পৰিব৷ ইয়াৰ ঠাই ল’ব ক্লাউড বেচদ্ ষ্টোৰেজ চলিউশ্যনছ বিলাকে৷ এইবোৰ সহজে ব্যৱহাৰ কৰিব পাৰি আৰু খৰচ শূন্য লগতে চিকিউৰদ্৷
(৪) চিডি, ডিভিডি আৰু ব্লু-ৰে——————————————-
মনত পেলাওকচোন আপুনি শেষখন গান বা অভিনয়ৰ চিডি বা ডিভিডি আৰু ব্লু-ৰে কেতিয়া কিনিছিল৷ কি ভাবি পালে??—–বিশেষজ্ঞ সকলে কয় যে অনাগত দিনবোৰত চিডি, ডিভিডি আৰু ব্লু-ৰেৰ ব্যৱহাৰ নোহোৱা হ’ব৷ ইয়াৰ ঠাই ল’ব ইউ-টিউব, ৱিঙ্ক আদিৰ দৰে এপ সমূহে৷মানুহে অনলাইন প্লেটফৰ্মতেই আজিৰ দিনৰ চিডি, ডিভিডি আৰু ব্লু-ৰেৰ গান বা ভিডিওবোৰ শুনিব/চাব৷
(৫)চেক বুক——————বেংকৰ চেক বুক নোহোৱা হ’ব৷ অনলাইন পেমেন্টৰ যুগত চেক পেমেন্টৰ সলনি পেটিএম, পে-পল, গুগুল পে আদিৰেহে পেমেন্ট হ’ব৷ চেক বুক সোনকালেই অতীত হৈ পৰিব৷
(৬) পেট্ৰ’ল আৰু ডিজেলত চলা গাড়ী-মটৰ চাইকেল নোহোৱা হ’ব৷ কাৰেণ্টত ৰাস্তাৰে চলা বাহনৰ নগতে আৰম্ভ হ’ব উৰণীয়া বাহনৰ৷ পাব্লিক ট্ৰেন্সপৰ্ট, যেনে ধৰক নৈশ বাছ আদিবোৰ একেবাৰেই কমি যাব৷ কাৰণ প্ৰায়ভাগ লোকে নিজা গাড়ী আৰু ৰেলসেৱা আদিৰে দুৰণিবটীয়া যাত্ৰা কৰাৰ বাবে আবশ্যকীয় যাত্ৰীৰ অভাৱত বাছবোৰৰ চলাচল একেবাৰে কমিব৷ নোহোৱা হ’ব কেলকুলেটৰটো, ডিজিটেল কেমেৰা, সাধাৰণ ডায়েলৰ হাতঘড়ী, চাইকেল ৰিক্সা আদিবোৰ৷ কেতবোৰ ভাষা কোৱা আৰু লিখা মানুহ নাথাকিবগৈ বা সাংঘাতিকধৰনে কমি যাব৷
আৰু প্ৰেম?? আচৰিত তথ্যটো হ’ল মানুহৰ মাজত যৌন আচৰণৰ মুক্ততা বাঢ়িছে আৰু তীব্ৰ গতিৰে হ্ৰাস পাইছে প্ৰেমৰ অনুভৱ৷ প্ৰেম কৰাটো কেৱল যৌন আচৰণ কৰাৰ পথ হৈ আহিছে আৰু এসময়ত হেনো প্ৰেম বুলি একো নাথাকিবগৈ আৰু মানুহে পোনেপোনে কেৱল মুক্ত যৌন আচৰণ সম্পৰ্কেহে কথা হৈ চুক্তি কৰিব৷ মই ভাবিছো জন্তুয়ে প্ৰেম কৰিব নাজানে আৰু পোনেপোনে যৌন আচৰণ কৰে৷ যদিহে প্ৰেম হেৰাই যায় তেনেহ’লে মানৱ সমাজ কোন দিশে?
কথাবোৰ মই ভৱিষ্যতবানী কৰা নাই৷ এয়া মই বিভিন্ন উৎসত পঢ়িবলৈ পোৱা বিশেষজ্ঞ সকলৰ মতামতহে৷
আপোনাৰ দৃষ্টিভংগীৰে কওকচোন বাৰু ভৱিষ্যতে আৰু কোনবোৰ বস্তু নোহোৱা হ’ব আৰু তাৰ ঠাইত কি আহিব?
ধন্যবাদ