-নৰেন বৰুৱা |
পৃথিবীত যুগে যুগে অসংখ্য মহামাৰীৰ ঘটনা ঘটিছে। এই মহামাৰীবোৰত মৃত্যু হৈছে কোটি কোটি মানুহৰ। তাৰ ভিতৰত প্লেগ আৰু ফ্লুৰ নামেই বেছি শুনা যায়।
অনেক সময়ত দেখা যায় নানা কাৰণত এটা ক্ষুদ্ৰ অঞ্চলত ঘটা ৰোগ বিশ্বৰ বহু অঞ্চললৈ ব্যাপ্ত হৈ পৰে। তেতিয়া এই মহামাৰীয়ে ৰূপ লয় পেণ্ডেমিক বা বিশ্ব মহামাৰীৰ।
ইতিহাসত অৰ্ধশতাধিক মহামাৰীৰ লিখিত তথ্য পোৱা যায়। ২০১৯ চনত এচিয়াৰ কিছুমান দেশত এদিচ মহৰ পৰা হোৱা ডেংগু ৰোগ বিস্তাৰিত হয়। ফিলিপাইনত এই ৰোগে ৭২০ জন লোকৰ প্ৰাণ কাঢ়ি লয়। থাইলেণ্ড আৰু মালয়াচিয়ালৈয়ো বিস্তাৰিত হয় ডেংগু। বাংলাদেশতো ভয়াবহ ৰূপ লয়। ২০২০ চনত ক’ৰোনা ভাইৰাচ ঘটিত কোভিড-১৯ ক বিশ্ব-মহামাৰী বা পেণ্ডেমিক ঘোষণা কৰা হৈছে। সমগ্ৰ বিশ্ব এতিয়া সন্ত্ৰস্ত৷
(১) পৃথিবীৰ প্ৰথম মহামাৰী বুলি চিহ্নিত কৰা হৈছে খ্ৰিষ্ট্পূৰ্ব ৪৩০ চনত স্পাৰ্টানবিলাকৰ লগত গ্ৰীচৰ যুদ্ধ চলি থকাৰ সময়ত হোৱা ‘প্লেগ অৱ এথেঞ্চ’ নামে পৰিচিত প্লেগ মহামাৰীক। এই মহামাৰীত হাজাৰ হাজাৰ গ্ৰীক সৈন্য মৰা পৰে। এই মহামাৰী সম্পৰ্কে জনা গৈছে ইতিহাসবিদ থুচিডাইডচৰ ৰচনাংশ ‘হিষ্টৰী অৱ ডা পেলোপনেচিয়ান ৱাৰ’ ৰ পৰা। তেওঁ নিজ চকুৰে দেখা পাইছিল এই ৰোগৰ ভয়াৱহতা- কেনেকৈ গাঁৱৰ পিছত গাঁও জনশূণ্য হৈ গৈছিল। কিন্তু আন এদল ইতিহাসবিদৰ মতে খ্ৰিষ্ট্পূৰ্ব ৪৩০ চনৰ এই মহামাৰী আছিল গুটিবসন্ত। ৰোগটো এজন লোকে আন এজনক স্পৰ্শ কৰিলে ভেৰিওলা ভাইৰাচৰ মাধ্যমেদি হয়। এই ৰোগত এথেঞ্চৰ প্ৰায় ২০শতাংশ , অৰ্থাৎ ৩০০০০ লোক মৃত্যুৰ মুখত পৰিছিল।
(২) ইয়াৰ পাছত ৫৪০ -৪১ খ্ৰিষ্টাব্দৰ ফালে মিচৰত এক ভয়ানক প্লেগৰ উৎপত্তি হয়।এই মহামাৰীক দ্য প্লেগ অৱ জাষ্টিনিয়ান নামে অভিহিত কৰা হয়, যিহেতো তেওঁৰ শাসনকালতেই এই ৰোগ আৰম্ভ হৈছিল। এই ৰোগ বিস্তাৰ কৰাৰ দায়িত্ব লয় এন্দুৰবিলাকে। সেই সময়ত মিচৰেই খাদ্যশস্যৰ ভঁড়াল আছিল। ফলত খুব সহজেই পূবৰ পৰা পশ্চিমলৈ বিস্তাৰিত হয়। ৰোগৰ প্ৰথমটো আক্ৰমণ আছিল বাইজাণ্টাইনৰ ৰাজধানী কনষ্টাণ্টিনোপলত ( বৰ্তমানৰ ইষ্টাম্বুল) । মহামাৰীৰ চূড়ান্ত পৰ্যায়ত তাত প্ৰতিদিনে গড়ে ৫ হাজাৰ মানুহৰ মৃত্যু হৈছিল। প্ৰাচীন পৃথিবীৰ এই ভয়ানক মহামাৰীয়ে প্ৰায় ১০ কোটি লোকৰ প্ৰাণ কাঢ়ি নি ইউৰোপত অন্ধকাৰ যুগৰ ( Dark Age) সূচনা কৰিছিল।
(৩) ১৩৩৪ চনৰ ভিতৰত এটা মহামাৰী হ’ল ‘ড্য গ্ৰেট প্লেগ অৱ লন্ডন’। এই প্লেগ বিস্তাৰ হৈছিল চীন দেশৰ পৰা। ইয়াৰ পাছত ইটালীৰ ফ্লোৰেঞ্চ চহৰত ছয়মাহত নিহত হয় প্ৰায় ৯০ হাজাৰ মানুহ। সম্পূৰ্ণ ইউৰোপত মৰে প্ৰায় আঢ়ৈ কোটি মানুহ।
(৪) ইয়াৰ পাছৰ সময়ত ১৩৪৬-৫১ চনৰ ভিতৰত সংঘটিত হয় ‘দ্য ব্লেক ডেথ’। পৃথিবীৰ ইতিহাসত এই মহামাৰীৰ কথাই সবাধিক আলোচিত হয়। এনে ভয়ানক সৰ্বগ্ৰাসী ৰোগ বোধহয় পৃথিবীৰ মানুহে এইবাৰেই প্ৰথম দেখা পাইছিল৷ কৃষ্ণ সাগৰৰ উপকূলবৰ্ত্তী অঞ্চলৰ পৰা
এই মহামাৰী বিয়পি পৰে সমস্ত ইউৰোপত। প্ৰধান জীৱানুবাহী আছিল খাদ্যদ্ৰব্যৰ জাহাজবিলাকত যোৱা এন্দুৰবিলাক। । এই ৰোগে ইউৰোপৰ প্ৰায় দুই তৃতীয়াংশ লোকৰ প্ৰাণ কাঢ়ি নিয়ে। এই মহামাৰীৰ প্ৰভাৱ টিকি আছিল প্ৰায় ২০০ বছৰ ৷ এই দুশ বছৰত প্ৰায় ১০ কোটি মানুহে প্ৰাণ হেৰুৱাইছিল। সমগ্ৰ ইউৰোপৰ সাৰ্বিক জীৱনৰ মূল পৰিকাথামোটোৱেই বদলি গৈছিল আৰু প্ৰভাৱিত কৰিছিল শিল্প সাহিত্যকো। ইয়াৰ প্ৰভাৱে পাছৰ প্ৰজন্মবিলাকৰ ওপৰতো বিস্তৰ প্ৰভাৱ পেলাইছিল।এচাম ইতিহাসবিদৰ মতে এই ৰোগটো আছিল একপ্ৰকাৰ গ্ৰন্থিপ্ৰদাহজনিত প্লেগ। আন কিছুমানৰ মতে এই ভয়ানক মহামাৰী হৈছিল ইবলা ভাইৰাচৰ কাৰণে।
(৫) ১৫১৯-২০ চনৰ ভিতৰত মেক্সিকোত স্মল পক্সৰ কাৰণে মৃত্যু হয় প্ৰায় ৮০ লাখ মানুহ। বৰ্তমানৰ মেক্সিকো চহৰত সংঘটিত হোৱা বাবে এই মহামাৰী ‘এপিডেমিক অৱ মেক্সিকো’ নামেৰে খ্যাত হয়।
(৬) ১৬৩৩ চনত সংঘটিত হয় ‘স্মলপক্স এপিডেমিক অৱ এমেৰিকা’। ফ্ৰাঞ্চ, গ্ৰেট বৃটেইন আৰু নেডাৰলেণ্ডবাসীৰ মাধ্যমত আমেৰিকাৰ মাচাচুচেট্চত বিস্তাৰিত হয় এই ৰোগ আৰু প্ৰায় দুই কোটি মানুহৰ প্ৰাণ কাঢ়ি লয়।
(৭) ১৭৯৩ চনত আমেৰিকাৰ ফিলাডেলফিয়াত ইয়েল্ল ফিভাৰে মহামাৰীৰ ৰূপ ধাৰণ কৰে। নগৰখনৰ প্ৰায় ১০ শতাংশ লোকৰ মৃত্যু হয়। সংখ্যা হিচাবে প্ৰায় ৪৫ হাজাৰ।
(৮) ১৮৬০ চনৰ পৰা উনবিংশ শতিকাত তিনিবাৰ প্লেগৰ উদ্ভৱ হয়। তৃতীয়টো হয় চীনত। হংকং, গুৱাংজু প্ৰদেশ, ভাৰত, আফ্ৰিকা, ইকুৱেদৰ আৰু আমেৰিকালৈও বিয়পি পৰে এই মহামাৰী। দুই দশক ধৰি চলা এই মহামাৰীত প্ৰাণ হেৰুৱাই প্ৰায় এক কোটি বিশ লাখৰ পৰা ডেড় কোটী লোকে।
(১৮৯০ চনত প্লেগৰ ভেকচিন উদ্ভাৱন হয়)
(৯) ১৯১০ চনত চীনৰ মাঞ্চুৰীয়াত প্লেগত মৃত্যু হয় প্ৰায় ৬০ হাজাৰ লোক। কিন্তু প্লেগৰ চিটা আবিষ্কাৰ হোৱাৰ বাবে আৰু সংখ্যাধিক্য নঘটিল।
(১০)কিন্তু পলিও ৰোগে ধৰা দিয়ে মহামাৰীৰ ৰূপত ১৯১৬ চনত নিউয়ৰ্ক চহৰত। প্ৰায় ৯০০০ লোক আক্ৰান্ত হয় আৰু ৬০০০ লোক মৰে। পৃথিবীৰ বিভিন্ন জেগালৈ পলিও বিয়পি পৰে ।
অৱশেষত ১৯৫০ চনত জোনাচ চাল্কে পলিও টিকা আৱিষ্কাৰ কৰে।
(১১) ১৯১৮-২০ চনৰ ভিতৰত প্ৰথম বিশ্ব যুদ্ধৰ সমাপ্তিৰ পিছ ক্ষণতে এইবাৰ “ড্য ইন্ফ্লুয়েঞ্জা পেণ্দেমিকে’ বিশ্ব মহামাৰী ৰূপত দেখা দিয়ে। খুব কম সময়ৰ ভিতৰতে সমগ্ৰ বিশ্বত ৰোগ বিয়পি পৰে আৰু বিশ্বৰ এক তৃতীয়াংশ লোক আক্ৰান্ত হৈ ১ কোটিৰ অধিক লোকে প্ৰাণ হেৰুৱাই।বিশ্ব যুদ্ধত মৰিছিল প্ৰায় ৪ কোটি লোক।প্ৰতিখন দেশতে মাস্ক পিন্ধাটো ধৰা-বন্ধা নিয়মত পৰিণত হয় বজাৰবিলাকত জনসমাগম নিয়ন্ত্ৰণ কৰা হয়। দেখা যায় যে এই ইন্ফ্লুয়েঞ্জাত মৰা লোক সকলৰ হাওঁফাওঁটো পানীত ডুবা মানুহৰ দৰে নীলা হৈ গৈছিল।
যোৱা শতিকাৰ ১৯৭০ চনত স্মল পক্স এপিডেমিক হৈ সমস্ত ভাৰতত ব্যাপ্ত হৈপৰে আৰু স্মল পক্স এপিডেমিক অৱ ইণ্ডিয়া বুলি খ্যাত হৈ পৰে।প্ৰায় ১ লাখ লোকে মৃত্যু বৰণ কৰে। দেখা যায় যে যদিও ১৭৯৬ চনতেই এডৱাৰ্ড জেনেৰে স্মল পক্সৰ টিকা আৱিষ্কাৰ কৰিছিল,অথচ তাৰ ২০০ বছৰ পাছলৈকে এই বেমাৰত হাজাৰ হাজাৰ লোকে মৃত্যু বৰণ কৰি আছিল। ১৯৭৫ চনতহে ভাৰতবৰ্ষক স্মল পক্স মূক্ত বুলি ঘোষণা কৰা হয়।
(১২) ১৯৮৪ চনত আমেৰিকাত HIV ৰোগত মৰা যায় প্ৰায় ৫৫০০ লোক। বৰ্তমানে সমগ্ৰ বিশ্বত HIV আক্ৰান্ত লোক আছে প্ৰায় ৩.৫ কোটি। মৰিছে প্ৰায় ২.৫ কোটি।
(১৩) ২০০৩ চনত চাৰ্চ ( Severe Acute Respiratory Syndrome) নামক বেমাৰ মহামাৰীৰ তালিকাভূক্ত হয়। কাঁহ আৰু হাঁচিৰ মাধ্যমেদি এই বেমাৰ সংক্ৰমিত হয়। এচিয়াৰ কিছু অংশ, ইউৰোপ, আমেৰিকা, আৰু অষ্ট্ৰেলিয়াত এই ৰোগ বিয়পি পৰে। চাৰ্চৰ জীৱানু দেহত প্ৰৱেশ কৰিলে প্ৰথমতে মূৰৰ বিষ, জ্বৰ হৈ এসপ্তাহৰ ভিতৰত শুকান কাঁহ আৰম্ভ হয় আৰু পাছত নিউমোনিয়াত পৰিণত হয়। চাৰ্চৰ কোনো চিকিৎসা নাই। ২০০৩ চনত চাৰ্চৰ প্ৰাদুৰ্ভাৱৰ সময়ত চাৰ্জিকেল মাস্ক ব্যৱহাৰৰ জনপ্ৰিয়তা বাঢ়ে। তাৰ বাবে মৃ্ত্যুৰ সংখ্যা নিয়ন্ত্ৰিত হৈ আছে ৭৩৭ জনত।
(১৪) ২০০৯ চনত চুৱাইন ফ্লু এপিডেমিক হয়। H1N1 virus এ সৃষ্টি কৰা এই ফ্লুত ১৮৫০০ জন লোক মৰা যায়। মুঠ মৃত্যুৰ সংখ্যা ৫,৭৫,০০০জন বুলি ধাৰণা কৰা হৈছে।
(১৫) ২০১০ চনত হয় কলেৰা এপিডেমিক অৱ হাইতি৷ ভয়ংকৰ ভূমিকম্পৰ পাছত এই মহামাৰীত ১০,০০০ লোক মৰা যায়।
(১৬) ২০১২ চনত হোৱা ভাইৰাচ জনিত এটা ৰোগে বিশ্বজুৰি প্ৰায় ১,২২,০০০ লোক মৃত্যুৰ মুখত পেলায়। এই বছৰতে বেক্টেৰিয়া সংক্ৰামিত ৰোগ টিউবাৰকিউলিচত মৰা যায় প্ৰায় ১৩ লাখ লোক।
ইয়াৰ উপৰি প্ৰতিবছৰ টাইফয়েড ৰোগত মৰি আছে ২,১৬,০০০ মানুহ।
(১৭) ২০১৪ চনত ইবোলা এপিডেমিকত পঃ আফ্ৰিকাত মৰা যায় অন্ততঃ ১১,৩০০ জন লোক।
(১৮) এতিয়া ২০২০ চনটো আৰম্ভ হৈছে কৰোনাভাইৰাচ কোভিড-১৯ৰ সংক্ৰমনেৰে। এই বিশ্বমহামাৰীত আজি ২৫ মাৰ্চ ২০২০ ৰ ১১ বজালৈকে মৃতকৰ সংখ্যা হৈছেগৈ ১৮৯০৭ জন। মুঠ আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৪,২২,৯৫৯ জন। প্ৰতি ঘণ্টাত প্ৰায় ১০০ জনকৈ লোক মৃত্যুৰ মুখত পৰি আছে।
সমগ্ৰ বিশ্ব এতিয়া এই মহামাৰীৰ কবলত। ভাৰতত আক্ৰান্তৰ সংখ্যা ২৫ মাৰ্চৰ আগবেলা ১১ বজালৈকে হৈছে ৫৬২ জন আৰু মৃত্যু হৈছে ১0 জনৰ। সুস্থ হৈ উঠিছে আন ৪0 জন। ( ইণ্টাৰনেটৰ সহায় লৈ)