যুদ্ধ
•ডা° সুকৃতি চৌধুৰী
যেতিয়া এখন যুদ্ধ হয় তেতিয়া দুখন দেশৰ ডেকা মানুহবোৰে এজনে আনজনক চিনি নোপোৱা,কোনো শত্ৰুতা নথকা আৰু ঘিণ নকৰা সত্বেও এজনে আন জনক হত্যা কৰে৷ এই কাম কৰিবলৈ তেওঁলোকক দুয়োখন দেশৰ কিছুমান বুঢ়া মানুহে আদেশ দিয়ে যিবোৰ বুঢ়াই ইজনে সিজনক চিনি পায়, ঘৃণা কৰে, কিন্তু এজনে আনজনক হত্যা নকৰে – কথাষাৰ কৈছিল ইৰিচ হাৰ্টমেনে৷
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হৈ থকা যুদ্ধৰ সময়ত আমি এই বিষয়ে অনেক কথাই পঢ়িবলৈ শুনিবলৈ/চাবলৈ পাইছো৷ কিন্তু মোৰ মনত পৰিছে ইৰিচ হাৰ্টমেনে যুদ্ধ মানে কি তাৰ বিষয়ে কোৱা একাষাৰ কথালৈ৷ তেওঁ যুদ্ধৰ বিষয়ে কোৱা কথাষাৰ ইংৰাজীত পঢ়ি মোৰ ইমানেই ভাল লাগিছিল যে ইন্টাৰনেট খুচৰি খুচৰি ফটো এখনৰ সৈতে তেওঁৰ কথাষাৰ বিচাৰি উলিয়াই আপোনালোকলৈ বুলি শ্বেয়াৰ কৰিলো৷ ফটোখন চালেই তেওঁৰ কথাষাৰ পঢ়িবলৈ পাব৷
ইৰিচ হাৰ্টমেনৰ বিষয়ে খুউব চমুকৈ ক’বলৈ লৈ এটা কথাই ক’ব লাগিব যে তেওঁক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফাইটাৰ পাইলট বুলি কোৱা হয়৷ তেওঁ আছিল জাৰ্মান দেশৰ আৰু সেই দেশৰ হৈয়েই দ্বিতীয় মহাসমৰৰ যুদ্ধত অংশ লৈছিল৷ ইৰিচ হাৰ্টমেনে সৰ্বমুঠ ১৪০৪ টা যুদ্ধ অভিযানত অংশ হৈছিল৷ তেওঁ ৮২৫ খন প্ৰত্যক্ষ আকাশী যুদ্ধ কৰি অকলেই ৩৫২ খন শত্ৰুৰ ফাইটাৰ বিমান গুলীয়াই ভূপতিত কৰিছিল৷ সাংঘাতিক কথাটো হ’ল যান্ত্ৰিক বিজুতিৰ বাবে ১৬ বাৰকৈ তেওঁৰ বিমানখন আকাশৰ মাজতে বিকল হৈছিল আৰু প্ৰত্যেকবাৰেই তেওঁ অতি তৎপৰতাৰে পেৰাচ্যুটেৰে জপিয়াই বাচি গৈছিল৷
ইৰিচ হাৰ্টমেনৰ বিষয়ে মই জনাৰ সুবিধা পোৱা কথাটো আছিল এনেধৰণৰঃ
আচলতে মই গুৱাহাটীত থাকোতে সেনাৰ ২১ মাউন্টেইন ডিভিজনৰ মেজৰ জেনেৰেল বাট্ৰাৰ মেডাম আহোতে এবাৰ তেওঁৰ স্বামীৰ আৱাসলৈ মোক মতাই লৈ গৈছিল৷ এই মৰমীয়াল মহিলা গৰাকীয়ে কিতাপ পঢ়ি ভাল পাওঁ বুলি জানি স্বামীৰ পঢ়া ৰূমৰ ৰেকখনৰ পৰা যিখনেই মন যায় সেইখন কিতাপ লৈ যাবলৈ কৈছিল৷ অলপ আতৰত বাৰাণ্ডাৰ পিনে বহি পাইপ এডাল হুপি গভীৰ মনোযোগেৰে ফাইল এটা পঢ়ি থকা মানুহজনে ফাইলটোলৈকে চাই থাকি মাত দিছিল- “তুমি ৰেকখনৰ দ্বিতীয় শাৰীটোত হাত দিয়া৷ প্ৰথমটো থাকটোৰ মাজতেই পাবা৷ হাৰ্টমেনৰ বিষয়ে লিখা কিতাপখন৷ পালানে? লোৱা লোৱা লৈ যোৱা৷ কিন্ত অহা দেওবাৰে তুমি ভাত খোৱাকৈ আহি কিতাপখন ঘুৰাই দিবাহি৷“
দাদাই কৈছিল: তেওঁ মোক দুবাৰ বহিবলৈ কৈছিল৷ কিন্তু তেওঁ মোতকৈ ইমান চিনিয়ৰ যে মই কোনোপধ্যেই তেওঁৰ সন্মুখত বহিব নোৱাৰিম৷ এইখিনি সন্মান মই তেওঁক দিবই লাগিব৷ এয়াই ফৌজৰ দস্তুৰ৷
থকা ৰূমৰ বিচনাত পেট পেলাই পৰি কিতাপখন উৰাই-ঘূৰাই পঢ়ি কেইবাদিনো ৰাতি ফাইটাৰ প্লেন উৰুৱাই থকাৰ কিমান যে সপোন দেখিছিলো৷
বাৰু এতিয়া আপুনি হাৰ্টমেনে যুদ্ধৰ বিষয়ে কোৱা কথাষাৰ ফটোখন চাই পঢ়কচোন তেওঁ কি কৈছে….!