• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

যুৱ সমাজৰ পৰা এশাৰী কথা

by Editor
July 17, 2024
in Special Report
Reading Time: 4 mins read
0
যুৱ সমাজৰ পৰা এশাৰী কথা
Share on FacebookShare on TwitterShare on LinkedIn

যুৱ সমাজৰ পৰা এশাৰী কথা

সমুজ্বল দত্ত

Samujwal Dutta
সমুজ্বল দত্ত

এখন দেশৰ সামগ্ৰিক উন্নয়নৰ মূল চালিকা শক্তি হ’ল যুৱসমাজ। সম্প্ৰতি এই যুৱশক্তিক কেন্দ্ৰ কৰি সমাজত গা কৰি উঠা এটা প্ৰধান সমস্যা যুৱ-উচ্ছৃংখলতাই ভয়াবহ ৰূপ গ্ৰহণ কৰিছে।

ঘাইকৈ ১৪/১৫ বছৰ বয়সৰ পৰা ২৫/৩০ বছৰ তলৰ, অবিবাহিতা যুৱক-যুৱতীৰে যুৱ সমাজ গঠিত। পৰিৱেশ, পৰিস্থিতিৰ প্ৰতিকূলতাত ইয়াৰে এচাম যুৱক-যুৱতীয়ে আত্ম-নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলতেই সৃষ্টি হয় যুৱ অপৰাধ প্ৰৱণতা। ই লাহে লাহে কৰ্কট ৰোগৰ দৰে ছানি ধৰি সমাজ, সংস্কৃতি, ৰাজনীতি আদি সকলো দুৰ্বল কৰি তোলাৰ লগতে এক সামাজিক ব্যাধি ৰূপে গা কৰি উঠিছে।

যুৱ সমাজৰ পৰা এশাৰী কথা

     সাম্প্ৰতিক সময়ত দেখা গৈছে আমাৰ ৰাজ্যখনত উচ্ছৃংখল যুৱ-মানসিকতাই বাৰুকৈয়ে গা কৰি উঠিছে ৷ কিশোৰ-কিশোৰী বা যুৱক-যুৱতীয়ে কৰা অপৰাধৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ আজিৰ যুৱ প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতাই এনে এটা পৰ্য্যায় পাইছে গৈ যে তাক নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰিছে ৷

উদাহৰণ স্বৰূপে খবৰ কাকতবোৰতেই পঢ়িবলৈ পোৱা যায় যে— মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই এটা মোবাইল ফোনৰ তাড়নাত নিজ মাতৃক নৃশংসভাৱে হত্যা,ষোল্ল বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰই পোন্ধৰ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰীক নিচাযুক্ত দ্ৰব্যখুৱাই ধৰ্ষণ,কলেজীয়া ছাত্ৰই ATM card-ৰ নম্বৰ জালিয়াতি কৰি লক্ষ-লক্ষ টকা লুট কৰিছে ইত্যাদি৷

তদুপৰি নিতৌ যুৱ অপৰাধৰ ঘটনা সংঘটিত হৈ আছে ৷ তাৰে কিছু অংশ গণ মাধ্যম যোগে পোহৰলৈ আহিছে ৷ কিছু অহা নাই ৷ পোহৰলৈ অহা এই অপৰাধসমূহৰ পৰা কব পাৰি যে গ্ৰামাঞ্চলৰ তুলনাত চহৰাঞ্চলত যুৱ অপৰাধৰ সংখ্যা অধিক ৷

     এতিয়া প্ৰশ্ন হ’ল কিহৰ বাবে আমাৰ যুৱক-যুৱতী কিশোৰ-কিশোৰীসকল উচ্ছৃংখল হৈ পৰিছে? কি কাৰণত তেওঁলোকৰ মনত অপৰাধ প্ৰৱণতাই ঠন ধৰি উঠিছে?

ইয়াৰ বাবে একেষাৰেই ক’ব পাৰি যে এই উচ্ছৃংখলতাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ অভাৱ ৷ আজিৰ শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষা সম্বন্ধীয় পাঠ্যক্ৰম আৰু পাঠদান নাই বুলিবই পাৰি ৷ যাৰ ফলত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষালয়ত নৈতিক আৰু আধ্যাত্মিক শিক্ষা লাভ কৰিব পৰা নাই ৷

তদুপৰি আজিৰ যান্ত্ৰিক জীৱন যাত্ৰাত লিপিট খাই যোৱা অভিভাৱক সকলৰো নিজ সন্তানক নৈতিক শিক্ষা দিবলৈ আহৰি নাই ৷ নতুবা জোনাক নিশা চোতালত ঢাৰি পাৰি সাধু কথাৰে নীতিজ্ঞান দিবলৈ তাহানিৰ সেই আইতাহঁতো নাই ৷

গতিকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিশু অৱস্থাৰ পৰাই আজৰি সময়ত বন্ধ কোঠাৰ ভিতৰত বিভিন্ন টিভি চেনেলে সম্প্ৰচাৰ কৰা প্ৰেম, হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ কাহিনী ভৰা ধাৰাবাহিক নতুবা চিনেমা চোৱাত অভ্যস্ত হৈ পৰে ৷ ক্ৰমে ক্ৰমে এই ধাৰাবাহিক বা চিনেমাৰ কাহিনীভাগত থকা অপৰাধ প্ৰৱণতাই তেওঁলোকৰ মানসিকতা অতি সংগোপনে প্ৰভাৱ বিস্তাৰ কৰে ৷

যুৱ সমাজৰ পৰা এশাৰী কথা

আমাৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতী সকলৰ বহুতে আকৌ আজৰি সময়ত নিজ ঘৰতে থকা কাম্পিউটাৰত ইন্টাৰনেট খুলি চুপাৰহিট ব্লু ফিল্ম চোৱাত অভ্যস্ত হয় ৷ এনেয়ে ঘি গলো-গলো, তাতে কাষত জুই ৷ গতিকে মজাই বেলেগ ৷ ক্ৰমে-ক্ৰমে এই মজাৰ তাড়নাত উদ্বাউল হৈ উঠে তেওঁলোকৰ মন-মগজু ৷ গতিকে সুযোগ পালেই আজুৰি লয় মজা যাৰ নাম ধৰ্ষণ, বেশ্যা গমন, ড্ৰাগছ সেৱন, ধনলুট আদিৰ দৰে জঘন্য অপৰাধ ৷

     এই প্ৰসংগতে উল্লেখ্য যে যুৱ অপৰাধীসকলে অপৰাধৰ কৌশলসমূহৰ অধিকাংশই টিভিৰ ধাৰাবাহিক আৰু চিনেমাৰ পৰা আয়ত্ব কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া কথাটো বাতৰিযোগে প্ৰচাৰ হৈছে৷ সেয়েহে চৰকাৰে ধাৰাবাহিক বা চিনেমা নিৰ্মাতা সকলক বাধ্য কৰাব লাগে যাতে তেওঁলোকে শিশু-কিশোৰৰ মানসিকতাত বিপৰীত চিন্তাৰ প্ৰভাৱ পেলাব পৰা ধাৰাবাহিক বা চিনেমা প্ৰস্তুত নকৰে ৷ অন্যথা তেওঁলোকে দেশৰ ভৱিষ্যত প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ অপৰাধত দেশৰ আইনে যথোপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে ৷

         আকৌ এই ক্ষেত্ৰত কোনোৱে হয়তো ক’ব আপোন ভালে জগত ভাল ৷ কিন্তু আমি জাতিৰ পিতা গান্ধীজীৰ সেই মহান কথাষাৰ মনত ৰখা উচিত। তেখেতৰ সৰল মন্তব্য আছিল যে “ধূলিৰ লগত খেলিলে লেতেৰা হ’বা, ফুলৰ লগত খেলিলে সুগন্ধি পাবা ৷”

গতিকে এতিয়া কথা হ’ল সুগন্ধ পাবলৈ হ’লে, ফুলৰ লগত খেলিবলৈ হ’লে আমাৰ চৌপাশে ফুল থাকিব লাগিব ৷ শিশু-কিশোৰৰ মানসিকতাক বিপথগামী কৰিব পৰা বিষয়বস্তুৰ ওপৰত প্ৰস্তুত কৰা ধাৰাবাহিক বা কথাছবি সমূহ ফুল হ’বনে? নতুবা আমাৰ চৌপাশে তেনেই সুলভ হৈ পৰা মদ বা অন্য নিচাযুক্ত দ্ৰব্য আদি ফুল হ’বনে? যাৰ প্ৰতি আমাৰ শিশু-কিশোৰ সকল দ্ৰুত গতিত ধাৱমান হৈছে ৷

যুৱ সমাজৰ পৰা এশাৰী কথা

আমাৰ নৱপ্ৰজন্মই ফুলৰ লগত খেলি সুগন্ধ পাবলৈ হ’লে, নিজৰ লগতে দেশৰ নাম বিশ্বসভাত উজলাই তুলিবলৈ হ’লে পোন প্ৰথমে প্ৰতিজন অভিভাৱক সচেতন হ’ব লাগিব ৷ প্ৰতিজন ব্যক্তি এখন সুস্থ-সৱল সমাজ গঢ়িবলৈ সংকল্পবদ্ধ হ’ব লাগিব ৷ প্ৰতিজন অভিভাৱক তথা শিক্ষকে সন্তান বা ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান প্ৰযুক্তিবিদ্যা বা সকলো ধৰণৰ উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ লগতে তেওঁলোকক একোজন সৎ, মানৱদৰদী মানুহ হিচাপে গঢ়ি তুলিব লাগিব ৷

তাকে কৰিবলৈ হ’লে তেওঁলোকক নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰেও সুশিক্ষিত কৰি তুলিব লাগিব ৷ যিসকল লোক নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে সুশিক্ষিত, তেওঁলোকে জীৱনৰ প্ৰতিখোজত সেই শিক্ষাৰ সদব্যৱহাৰ কৰে বাবে তেওঁলোকে সহজতে অপৰাধ কাৰ্যত লিপ্ত হ’ব নোৱাৰে ৷ তেওঁলোকে লোকৰ অহিত চিন্তা কৰিব নোৱাৰে ৷ কাৰণ তেওঁলোকৰ আত্মাই প্ৰকৃতাৰ্থত পাপ-পূণ্য আৰু ঈশ্বৰৰ বিচাৰ বিশ্বাস কৰে ৷

তদুপৰি প্ৰকৃত জীৱনবোধে তেওঁলোকক অপৰাধ প্ৰৱণতাৰ পৰা আতৰাই ৰাখে ৷ এই অপৰাধ প্ৰৱণতাৰ অন্য এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল সামাজিক সাংস্কৃতিক সম্পৰ্কৰ অভাৱ ৷ আজিৰ যান্ত্ৰিক জীৱনযাত্ৰাই আমাৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলক সামাজিক-সাংস্কৃতিক সম্পৰ্কৰ পৰা আতৰাই ৰাখিছে ৷ যিবোৰ ল’ৰা-ছোৱালী সামাজিক-সাংস্কৃতিক (Socio-Cultured) নহয়, তেওঁলোকে সামাজিক শিক্ষা লাভ নকৰে ৷

ফলত, তেওঁলোকৰ লজ্জাবোধ কম ৷ কিন্তু যিসকল ল’ৰা-ছোৱালী সামাজিক-সাংস্কৃতিক কৰ্মৰ লগত জড়িত, তেওঁলোক আত্মসন্মান ৰক্ষাৰ ক্ষেত্ৰত অধিক সচেতন ৷ ফলত তেওঁলোকৰ মানসিকতাত অপৰাধ প্ৰৱণতাই সহজে থিতাপী ল’ব নোৱাৰে।

    প্ৰথম যৌৱনপ্ৰাপ্তিৰ মাদকতাত যুৱক-যুৱতীসকল হৈ পৰে অধিক আৱেগ প্ৰৱণ৷ যৌৱনৰ বা গাত লাগি পমুৱা তুলাৰ দৰে উৰি ফুৰিবৰ মন যায়৷ যৌৱনপ্ৰাপ্তিৰ লগে লগে লাভ কৰা মনো-দৈহিক পৰিৱৰ্তনে তেওঁলোকক ৰোমাঞ্চিত কৰি তোলে৷ ফলত মন-প্ৰাণ হৈ পৰে উতলা৷ উন্মনা ফাগুনৰ দৰে হৈ পৰে তেওঁলোক৷

কিন্তু ফাগুনৰ পছোৱাই আঁজুৰি নাঙঠ কৰা প্ৰকৃতিৰ দেহত সেউজীয়া চোলাৰ আৱৰণ পিন্ধাই ন-ৰূপত বসন্তক আদৰাৰ প্ৰতিশ্ৰুতিভৰা ফাগুনৰ উন্মাদনাক অনুভৱ কৰিবৰ বাবে যুৱক-যুৱতীসকলক প্ৰস্তুত কৰি তোলাটো অতি প্ৰয়োজন৷ কিয়নো যৌৱনৰ উচ্ছ্বাসত উচ্ছ্বসিত হৈ তেওঁলোকৰ দৃষ্টিত ধৰা দিয়া সেউজীয়াবোৰ কেতিয়াবা হালধীয়া পৰিও যাব পাৰে– যদিহে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা নহয়৷

যুৱ সমাজৰ পৰা এশাৰী কথা

গতিকে যৌৱনৰ বলিয়া বতাহৰ জিঘাংসাৰ আঁচোৰৰ পৰা যৌৱনটোক নিলগে ৰাখি যৌৱনৰ প্ৰকৃত ৰং উপভোগৰ প্ৰতি যুৱক-যুৱতীসকলক সতৰ্ক কৰি ৰখাটো অতি প্ৰয়োজন৷

যৌৱনে দিয়া উচ্ছ্বাস, মাদকতা আৰু কৌতুহলী মনক সঠিক দিশত, গঠনাত্মকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে যুৱক-যুৱতীসকল যৌৱনৰ অসুখত ভোগাটো নিশ্চিত৷ সেয়েহে যৌৱনটোক এখন পালতৰা নাৱৰ দৰে উটি-ভাহি যাব নিদি, গুৰিব’ঠা ধৰি লক্ষ্যপ্ৰাপ্তিৰ দিশে আগুৱাই নিবলৈ তেওঁলোকক উপযুক্ত শিক্ষা, সামাজিক পৰিৱেশ, প্ৰয়োজনীয় উপাদান আৰু প্ৰয়োজনত অনুশাসন ব্যৱস্থাৰ আওতাত ৰাখিব লাগে৷ ইয়াৰ বাবে ঘৰ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ৷

             যৌৱনপ্ৰাপ্তিত যুৱক-যুৱতীৰ ওপৰত ঘৰখনৰ অসীম দায়িত্ব আছে৷ প্ৰথম কথা হ’ল, যুৱক-যুৱতীসকলৰ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষালাভৰ আধাৰস্বৰূপ হ’ল ঘৰখন৷ ঘৰুৱা পৰিৱেশে যুৱক-যুৱতীৰ চৰিত্ৰ গঠনত বিশেষ প্ৰভাৱ পেলায়৷ এই ক্ষেত্ৰত পিতৃ-মাতৃয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে৷

Child

যৌৱনৰ অনুসন্ধিৎসু মনৰ কৌতুহলবোৰ পিতৃ-মাতৃয়ে যিমান পাৰি সহজ-সৰল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে নিবাৰণৰ চেষ্টা কৰিব লাগে৷ কোনো ক্ষেত্ৰতে গা এৰা দিয়া মনোভাব, মিছা আশ্বাস, বিশ্বাস বা পলায়নবাদী স্বভাৱেৰে আঁভুৱা-ভাৰিব নালাগে৷ ঘৰখনত যাতে এক সুস্থ আৰু সাংস্কৃতিক বাতাৱৰণ অটুট থাকে তাৰ প্ৰতি সতৰ্ক হ’ব লাগে৷ যুৱক-যুৱতীসকলক এটা সংস্কৃতিৱান মনৰ অধিকাৰী কৰিবৰ বাবে সদায় গঠনমূলক চিন্তা-কৰ্মৰ প্ৰতি আকৃষ্ট কৰিব লাগে৷ ঘৰুৱা পৰিৱেশ আৰু আচাৰ-ব্যৱহাৰে যুৱক-যুৱতীক অতি বেছিকৈ প্ৰভাৱিত কৰে৷

সেয়েহে তেওঁলোকক এনেকুৱা এটা পৰিৱেশ প্ৰদান কৰিব লাগে, য’ত নিজকে সম্পূৰ্ণ আশ্বস্ত অনুভৱ কৰিব পাৰে৷ প্ৰেম, ভালপোৱা, যৌনতা আদি বিষয়বোৰৰ ওপৰত যথাসম্ভৱ বৈজ্ঞানিক জ্ঞান আৰু সামাজিক পৰম্পৰা, নৈতিকতাভিত্তিক পৰামৰ্শ প্ৰদান কৰিব লাগে৷ নিজৰ ৰুচি-অভিৰুচিবোৰ পূৰণৰ বাবে উৎসাহিত কৰিব লাগে, কিন্তু যাতে অৰুচিকৰ মনোভাব গঢ় লৈ উঠিব নোৱাৰে তাৰ প্ৰতি সচেষ্ট হ’ব লাগে৷

unrecognizable man suffering from depression behind window
Photo by Ricardo Esquivel on Pexels.com

অতি বেছি হকা-বাধা কৰিলে তেওঁলোক বিদ্ৰোহী হৈ পৰে৷ ভাল-বেয়া দিশকেইটা আঙুলিয়াই দি চিন্তা আৰু কৰ্মৰ স্বাধীনতা প্ৰদান কৰিব লাগে, কিন্তু অদৃশ্য অনুশাসনৰ ডোলেৰে বান্ধি ৰাখিব লাগে৷ আজিৰ ভোগবাদী আৰু আত্মকেন্দ্ৰিক আধুনিক সমাজ ব্যৱস্থাত বিভিন্ন সহজলভ্য উৎসৰ প্ৰতি যুৱক-যুৱতীসকল আকৃষ্ট হোৱাটো নিতান্তই স্বাভাৱিক৷

এনে ক্ষেত্ৰত তেওঁলোকক আধুনিক সমাজ ব্যৱস্থাৰ লগত চিনাকি কৰাই দিওঁতে আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ জ্ঞানখিনি আগতীয়াকৈ প্ৰদান কৰিব লাগে৷ বৰ্তমান সময়ত যুৱ-উচ্ছৃংখলতা এটা প্ৰধান সমস্যা হিচাপে দেখা দিছে৷ মুক্ত যৌনতা, অপৰাধ প্ৰৱণতা, অপসংস্কৃতি আদি সমস্যাবোৰে যুৱ সমাজক ৰঘুমলাৰ দৰে আক্ৰমণ কৰিছে৷

কিন্তু এনেধৰণৰ যৌৱনৰ অসুখত ভোগা যুৱক-যুৱতীসকলৰ মনস্তাত্ত্বিক দিশ বিশ্লেষণ কৰি চালে দেখা যায় যে ইয়াৰ বাবে সামাজিক পৰিৱেশ ৮০ শতাংশই দায়ী৷ সমাজ যিহেতু পৰিয়ালৰ পৰাই সৃষ্টি হয়, গতিকে পৰিয়ালসমূহৰ আত্মকেন্দ্ৰিক, ভোগবাদী আৰু অ-সাংস্কৃতিক পৰিৱেশ যুৱ-উচ্ছৃংখলতাৰ বাবে প্ৰধানকৈ দায়ী৷ সেয়েহে যুৱক-যুৱতীসকলৰ সুস্থ-সবল সামাজিক দায়িত্ব, ৰুচিপূৰ্ণ আৰু সৎ নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ঘৰখনৰ প্ৰথম আৰু প্ৰধান দায়িত্ব৷ আনহাতে, বিদ্যালয়-মহাবিদ্যালয়সমূহ হ’ল তেওঁলোকৰ দ্বিতীয় ঘৰ৷

New Gen2

 সেয়েহে ইয়াৰ পৰিৱেশ, শিক্ষা ব্যৱস্থা, শৈক্ষিক প্ৰণালী, পাঠ্যক্ৰম, শিক্ষকৰ প্ৰভাৱ আদি বিষয়বোৰেও যুৱক-যুৱতীসকলৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়৷ বৰ্তমান বিশ্বায়ন আৰু আধুনিকতাৰ নামত বৈষয়িক শিক্ষাই নৈতিকতাৰ ডিঙি চেপি ধৰাৰ লগতে প্ৰতিযোগিতামুখী বাতাৱৰণ সৃষ্টি কৰি যুৱক-যুৱতীসকলক যন্ত্ৰসদৃশ কৰি তুলিছে৷ ফলত তেওঁলোক হৈ পৰিছে এফালে নৈতিকতাহীন, আনফালে প্ৰবল আত্মকেন্দ্ৰিক৷ প্ৰতিযোগিতাৰ দৌৰত ট্ৰেকৰ পৰা পিচলি পৰা যুৱক-যুৱতীসকল হৈ পৰিছে পথভ্ৰষ্ট আৰু আধুনিকতাৰ নামত ৰোপণ কৰিছে অপসংস্কৃতিৰ বীজ৷

        এনে ক্ষেত্ৰত শিক্ষানুষ্ঠানবোৰে মানৱ সম্পদ গঢ়াৰ মানৱীয় কৰ্তব্য নাপাহৰি নিজৰ দায়িত্ব পালনত অধিক সতৰ্ক হ’ব লাগে আৰু গুৰু-শিষ্যৰ “মণিকাঞ্চন” সংযোগেৰে ছাত্ৰ-ছাত্ৰীসকলক সমাজ-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ কৰি তুলিব লাগে৷ ইয়াৰ উপৰি পাঠ্যক্ৰমসমূহত মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা বৰ্তমান অধিক অনুভৱ হৈছে৷

সময়ৰ লগত পৰিৱেশৰ পৰিৱৰ্তন আৱশ্যম্ভাৱী যদিও তেনে পৰিৱৰ্তনে যাতে আমাক সময়ৰ সোঁতত উটুৱাই লৈ নাযায় তাৰবাবেও সচেষ্ট হ’ব লাগে৷ বিদ্যালয়-মহাবিদ্যালয়সমূহত সেয়েহে বৰ্তমান নৈতিক, আধ্যাত্মিক আৰু সামাজিক-সাংস্কৃতিক মূল্যবোধৰ শিক্ষাৰ গুৰুত্ব অধিক অনুভৱ হৈছে৷

যুৱক-যুৱতীসকলৰ যৌৱনৰ উত্তাল তৰংগক ধ্বংসাত্মক ছুনামী হোৱাৰ পৰা ৰক্ষা কৰি সমাজ পোহৰ কৰা শক্তি হিচাপে উৎপাদন কৰিবৰ বাবে সকলো পক্ষই আন্তৰিকতাৰে গুৰুত্ব প্ৰদান কৰিলে যুৱক-যুৱতীসকলৰ যৌৱনৰ অসুখ পুলিয়ে-পোখাই উভালি পেলোৱাৰ আশা কৰাটো নিশ্চয় অলীক সপোন নহ’ব৷

New Gen 3

(বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ)

সমুজ্বল দত্ত, গুৱাহাটী বিশ্ববিদ্যালয়

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

The River That Became a Drain: Bharalu and the Death of a Memory
Environment

The River That Became a Drain: Bharalu and the Death of a Memory

by RAHUL ROAHN PAUL
August 13, 2026
0

The River That Became a Drain: Bharalu and the Death of a Memory RAHUL ROHAN PAUL There is a photograph...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d