যৌনকৰ্মী সকলক স্বীকৃতি
২৫ বছৰৰ সংগ্ৰাম সফল হ’ল ‘দুৰ্বাৰ’ৰ
অৰবিন্দ ৰাভা
১৯৯৬ চনৰ ১৩ নৱেম্বৰ। সেই দিনটোত ‘যৌনকৰ্মী সকলক শ্ৰমিকৰ মৰ্যদা দিব লাগে’ বুলি প্ৰায় ১০০০০ + যৌনকৰ্মীয়ে প্ৰথমবাৰৰ বাবে এখন আন্তৰ্জাতিক মানসম্পন্ন অধিৱেশন অনুষ্ঠিত কৰিলে। সেই দিনটোতেই প্ৰথমবাৰৰ বাবে সাংবাদিক সকলৰ চকুত চকু থৈ কথা ক’বলৈ সাহস পালে যৌনকৰ্মীসকলে।
তাৰপিছত প্ৰতিবছৰে ১ মে’ তাৰিখে শ্ৰমিক দিৱসৰ দিনাখন হাতত জোৰ লৈ তেওঁলোকে ৰাজপথত নামি আন্দোলন কৰি আহিছে তেওঁলোকে আৰু এইক্ষেত্ৰত নেতৃত্বত আছিল কলকাতাৰ সোণাগাছি অঞ্চলত যৌনকৰ্মী সকলৰ হৈ সংগ্ৰাম কৰা ‘দুৰ্বাৰ মহিলা সমন্বয় সমিতি'( DMSC)। এটাই উদ্দেশ্য, যৌনকৰ্মী সকলক স্বীকৃতি দিব লাগিব।
১৯৯৭ চনৰ পৰা ২৫ বছৰ সংগ্ৰাম কৰাৰ পিছত যোৱা বৃহস্পতিবাৰে, ২৬ মে’ ২০২২ তাৰিখে, ভাৰতত তেওঁলোকক স্বীকৃতি দিয়া হ’ল। দেহ ব্যৱসায়ক অইন পেশাদাৰী ব্যৱসায়ৰ দৰেই ‘পেশা’ হিচাপে স্বীকৃতি দিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে ক’লে, যৌন সেৱা আগবঢ়োৱাটো হৈছে আইনস্বীকৃত পেশা। যিসকল এই পেশাৰ সৈতে জড়িত, তেওঁলোকৰো সন্মানজনক জীৱন-যাপনৰ অধিকাৰ আছে। সমগ্ৰ ভাৰতত স্থায়ী যৌনকৰ্মীৰ সংখ্যা প্ৰায় ১২ লাখ আৰু এছিয়াৰ ভিতৰতে সকলোতকৈ বৃহৎ পতিতালয় হ’ল পশ্চিমবঙ্গৰ সোণাগাছি।
দীৰ্ঘ ২৫ বছৰ ধৰি এই যৌনকৰ্মী সকলৰ সামাজিক স্বীকৃতিৰ দাবীক লৈ সংগ্ৰাম কৰি আহিছে দুৰ্বাৰ মহিলা সমন্বয় সমিতিয়ে। অল ইণ্ডিয়া হেল্থ এন্ড হাইজিনৰ সঞ্চালক ডা° স্মৰজিৎ জানাই যৌনকৰ্মী সকলৰ কাষত থিয় হৈ সংগ্ৰাম কৰাৰ বাবে চৰকাৰী চাকৰিও ত্যাগ কৰিছিল। যোৱা বছৰ কোভিডত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।
যোৱা বৃহস্পতিবাৰে দুপৰীয়া দুৰ্বাৰৰ কাৰ্যালয়ত যেতিয়া উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বাতৰিটো প্ৰৱেশ কৰিছিল, তেতিয়া পাৰভঙা আনন্দত মতলীয়া হৈ পৰিছিল যৌনকৰ্মীসকলে। আবিৰ সানিছিল এগৰাকীয়ে আনগৰাকীক, ৰসগোল্লা, সন্দেশ খুৱাইছিল এগৰাকীয়ে আনগৰাকীক। আৰম্ভ হৈছিল উৎসৱ।উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত এতিয়া নিৰ্ভয়ে ব্যৱসায় কৰিব পাৰিব যৌনকৰ্মী সকলে। দুৰ্বাৰৰ মুখপাত্ৰ মহাশ্বেতা দেৱীয়ে কৈছে, ‘এতিয়াৰে পৰা দেহ ব্যৱসায় কৰা সকলক পুলিচে হাৰাশাস্তি কৰিব নোৱাৰিব। আনকি গোচৰ ৰজু কৰিবও নোৱাৰিব।’
উচ্চতম ন্যায়ালয়ে কৈছে, ভাৰতৰ সকলো নাগৰিকৰে সন্মানজনক জীৱন যাপনৰ অধিকাৰ আছে। যৌনকৰ্মী সকলৰো আছে আৰু আছে আইনৰ সুৰক্ষা লাভ কৰাৰ অধিকাৰ। যদি কোনো প্ৰাপ্তবয়স্ক যৌনকৰ্মীয়ে কাৰোবাক স্বেচ্ছাই সেৱা আগবঢ়ায়, তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধে কোনো অপৰাধমূলক ব্যৱস্থা ল’ব নোৱাৰিব।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি বি.আৰ. গভই, বিচাৰপতি নাগেশ্বৰ ৰাও, বিচাৰপতি এ.এছ. বোপান্নাৰ বেঞ্চ-এ যৌনকৰ্মী সকলৰ বাবে কিছুমান নিৰ্দেশাৱলী আগবঢ়াইছে। তাৰোপৰি বেঞ্চখনে কৈছে, কোনো যৌনকৰ্মীয়ে কৰ্মক্ষেত্ৰত আতিশয্যৰ চিকাৰ হ’লে তেওঁক সকলোধৰণৰ আইনী সুবিধা দিব লাগিব।যৌনকৰ্মী সকলৰ অধিকাৰৰ বাবে তেওঁলোকক সচেতন কৰিব লাগিব। কেৱল দেহ ব্যৱসায়ত লিপ্ত বাবেই মাতৃৰ পৰা সন্তানক পৃথক কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত ১৫ লাখ যৌনকৰ্মী উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।
ইতিপূৰ্বে নিম্নোক্ত দেশসমূহৰ যৌনকৰ্মী সকলক স্বীকৃতি দিয়া হৈছেঃ
নিউজিলেণ্ড (২০০৩ চন)
অষ্ট্ৰেলিয়া (২০০৪)
অস্ট্ৰিয়া ( ২০০৬)
বেলজিয়াম ( ২০০৮)
ব্ৰাজিল ( ২০০৮)
কানাডা ( ২০১৪)
কলম্বিয়া ( ২০১০)
ডেনমাৰ্ক ( ২০১১)
ইকুৱেডৰ ( ২০১২)
ফ্ৰান্স ( ১৯৪৬)
জাৰ্মানী ( ১৯২৭)
গ্ৰীচ (১৯৩০)
ইন্দোনেছিয়া ( ২০০০)
নেদাৰলেণ্ড ( ১৯৮০)
বাংলাদেশ ( ২০১৮)
28-05-2022