• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি

-লেখক: লক্ষ্মীনাথ বেজবৰুৱা

by Anjan Sarma
October 14, 2022
in Inspiration, Literature, Remembrance
Reading Time: 11 mins read
0
লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি
Share on FacebookShare on TwitterShare on LinkedIn

লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি

লক্ষ্মীনাথ বেজবৰুৱা

।। বেজবৰুৱাৰ পত্ৰলেখা।।

[ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ জীৱনকালত লিখা চিঠি]

                      (১)

কমলাকান্ত ভট্টাচাৰ্য্যলৈ লেখা চিঠি :

সম্বলপুৰ

দিনাংক: (৪। ৪। ২৮)

    ৰাজহুৱা হিছাপত অষ্টাবক্ৰ-সংহিতা-কাৰ দাৰ্শনিক ডাঙৰীয়া, ভিতৰুৱা হিছাপত সপ্তবক্ৰ হৰি-ভকত, অন্তৰঙ্গ হিছাপত আমাৰ পূবফলীয়া সত্ৰাধিকাৰ আতৈ, আৰু নিজ হিছাপত সোপাসোপে মৰমৰ, লাডুৱে লাডুৱে চেনেহৰ বান্ধৈ আৰু পূবফলীয়া সত্ৰৰ পকামিঠৈ!

আপোনাৰ চিঠি পালোঁ, পঢ়িলো আৰু গিলিলোঁ। এই চিঠি আপোনালৈ পোনপটিয়েই নেলেখি অলপ বেঁকা পটিয়েদি পঠিয়ালোঁ, কাৰণ পোনতকৈ বেকাঁটো অনেক সময়ত সুখ লগা। সেই দেখি চিঠিখন ডেকা গোঁসাইৰ (যিজনে আমাক, আমাৰ সত্ৰৰ সমূহ বাপুসকলক জ্ঞান দি আনন্দিত কৰে) বিজোগত সংযোগ কৰি দিলোঁ, তেখেতে শুচি হৈ হস্তলিপিখনি ঠগি এখনৰ ওপৰত থৈ অতি সন্তৰ্পণে পঢ়ি অধিকাৰ প্ৰভুকে প্ৰমুখ্য কৰি ভকত সকলক শুনাব। বিশেষকৈ আপুনি আন হিছাপেও “পবলিক্ মেন”; “পবলিক্ সিটো” নহয়, এতেকে আপোনালৈ “প্ৰাইভেট” চিঠি লেখাটো দোষ।

সদ্যহতে এই দূৰণিবটীয়া ভকতৰ গাটি ভালেই আছে, মনটিও ঠন ধৰা, আৰু গতি বক্ৰ হোৱা নাই। ভকতনী বুঢ়ীৰো গা ভাল, মন ভাল, আৰু জী-জোঁৱাই আমা-ডিমা ল‘ৰা-ছোৱালীহঁতৰতো কথাই নাই। সকলোকে হৰি ভগৱন্ত বস্তুৱে কুশলে ৰাখিছে। আপোনাৰ আৰু ডেকা গোসাঁইৰ আৰু মাজু বহাৰ আতৈৰো মঙ্গলাদিৰ বাতৰি পাবলৈ আশা কৰি ৰ‘লো। ঈশ্বৰে আপোনাসকলক ভালে ৰাখক আৰু যেন আমাৰ সত্ৰৰ বন্তিগছ নুনুমায় – এই প্ৰাৰ্থনা।

“অসমীয়া”ত গোৱালপাৰাৰ আবাল চন্দ্ৰ অসাধন কেইজনক পাৰি থকা আপোনাৰ গুৱাল-গালি পঢ়ি সন্তোষ পাইছোঁ, তেওঁলোকক যেন সেইবোৰে সুমতি দিয়ে। ভাল কথা ক‘লে মানুহে প্ৰথমতে বেয়া পায়; কিন্তু লাহে লাহে সেই কথাই বেয়া পাওঁতাজনক ভাল কৰে।

আপোনাৰ “বুঢ়ীগৰাকীয়ে” আপোনাক যি পৰামৰ্শ দিছে, সেইটো অতি উত্তম। আপোনাৰ মীমাংসা আৰু উত্তৰটো ঠিক হোৱা নাই। নিশ্চয় জানিব, বুঢ়ীৰ কিল খোৱাতকৈ গাভৰুৰ লাথি খোৱাটো শতগুণে ভাল, সুখকৰ আৰু গৌৰৱজনক। এতেকে কথাটোৰ “চানি-বিচাৰ” কৰি “ৰদ” কৰি “বুঢ়ীগৰাকীৰ” বাক্য শিৰোধাৰ্য কৰি বিজ্ঞতা আৰু বিচক্ষণতাৰ চিনাকি দি আমাৰ সত্ৰৰ সন্মান ৰক্ষা কৰিব, এই গোহাৰি কৰিলোঁ। ইংৰাজীত কয় – A stitch in time saves nine. আৰু এষাৰ ইংৰাজীত মাতো, ক্ষমা কৰিব, কাৰণ ইংৰাজীয়ে মোৰ মুখত বৰকৈ সুৰসুৰাইছে।

“Let not thy winged days be spent in vain; When gone, no gold can buy them back again.”

মোৰ আকৌ উভতি তালৈ যোৱাটো ভৱিষ্যতৰ উদৰত। প্ৰসবৰ সময়ত মোৰ নিজা বান্ধৈ সকলক জান নিশ্চয় দিম। আৰু আমাৰ অধিকাৰে তাৰ নাড়ী কাটিবই লাগিব। আজিলৈ ইমানতে বহা-সুখ সামৰিলোঁ।

আপোনাৰ

হৰিভকত”

########

                            (২)

সম্বলপুৰ

(২০। ৩। ৩২)

মৰমৰ হৰিভকত ভট্টাচাৰ্য্য ডাঙৰীয়া,

জ্ঞান বোপাৰ পোষ্ট কাৰ্ডৰ পোন্ধত আঁৰি দিয়া আপোনাৰ লেখা কেইষাৰি পাই আনন্দ পালোঁ। আপোনাৰ মন আজিকালি বিষাদপূৰ্ণ হোৱাৰ কাৰণো জানিলোঁ। ধন,জ্ঞান আৰু কিবা এটা আপোনাৰ নাই। সেয়ে কাৰণ বুলি আপুনি কৈছে।

ধন আগেয়ে আপোনাৰ আছিল,এতিয়া দুৰ্বল আৰু অকামিলা,তাৰ মানে নথকাৰ নিচিনা। আপোনাৰ ধন থাকোঁতে সি আপোনাৰ মনত “মাৰো পানী,মাৰো পানী”কে কেনেকৈ আপোনাক উতলাই লৈ ফুৰিছিল,সেই কথাটো আপোনাৰ “চিন্তাৰ ঢৌ”ত পেলাই দি তলি পাবলৈ এৰি দিলেই গম পাব,তেনেকুৱা দুৰ্দান্ত ধন যদি গ‘ল,আপুনি ৰক্ষা পালে বুলি ভাবক।

আৰু সেই ধনে সদায় আপোনাক সহায় কৰি লৈ ফুৰাব বুলি ভবাটোও ভুল। তাৰ দিনত সি তাৰ কাম দিলে। তাক চিৰকাল টানি-আঁজুৰি তাৰ পৰা কাম ল‘বলৈ আশা কৰা বৃথা। এই দেখিয়েই “অৰ্থমনৰ্থং” বুলিছে। আপুনি অনৰ্থৰ হাত সাৰিল দেখি মোৰ congratulation ল‘ব। জ্ঞান আপোনাৰ হাতৰ কাষতে। জ্ঞানে মোক তোল,মোক তোল বুলি ফুৰাটো যদি আপুনি সামৰি নলয় তেন্তে সেইটো কাৰ দোষ?দেশৰ “কৰ্ম” আপুনি আগেয়ে অনেক কৰিলে। এতিয়া কৰিব নোৱাৰা হ‘ল যদি তাত দুখ নকৰিব। “চিৰদিন সমানে নেযায়।” এতিয়া আপোনাৰ পক্ষে মানসিক কৰ্মই শ্ৰেয়ঃ। তাতো সুখ আছে। ….. …..

আপোনাৰ প্ৰৱন্ধৰে আজিকালি আপুনি এটাইকেইখন আসমিয়া কাকত বুৰাই আছে;তথাপি আপোনাৰ খক নাই যোৱা। মানুহ যিমান বুঢ়া হৈ আহে,খকো তিমান বাঢ়ি আহে নেকি? আপুনি নিজৰ ছপাখানা নাই বুলি বেজাৰ কৰিছে। মই কওঁ,আগেয়ে আছিল-যেনে তেজপুৰত সেই ছপাখানা। তাত আপুনি প্ৰাণপণে চেপিছিল;আৰু কাৰ্যৰ ফলো হ‘ল;কাৰণ আপোনাৰ গাত বল-শকতি আছিল। আজি কোনো ছপাখানাই আপোনাৰ চেপত একাণপতিয়াকৈ পৰিবলৈ ৰাজী নহয়। “বুঢ়াটো” বুলি আপোনাক অৱজ্ঞা কৰিব। এতেকে “তে হি নো দিৱসা গতাঃ” বুলি মনলৈ শান্তি আনক। ভালে আছোঁ,মৰম পঠিয়ালোঁ।

শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা

 

                          (৩)

চন্দ্ৰকুমাৰ আগৰৱালালৈ লেখা চিঠি

 (১)

সম্বলপুৰ

(৫। ৬। ২৮)

মাজিউ,

তোমাৰ চিঠি পায়েই লৰালৰিকৈ এইটো লেখি দিলোঁ। পাহৰি আছিলোঁ। ৰত্নাৰ result এতিয়াও ওলোৱা নাই। অৰুণা M.A. দিবলৈ প্ৰস্তুত হৈছে। কলিকতালৈ গৈছে। ল‘ৰাটো আৰু ছোৱালীজনী ইয়াত থৈ গৈছে। ল‘ৰাটো আগৰ পৰাই আছিল। exam.Aug.-অৰ 1st week -অত।

জ্ঞানক মোৰ হৈ চুমা এটা দিবা। আৰু তেওঁক cheerful কৰি ৰাখিবা।

Hati বাবুক মৰম ও প্ৰীতি। Mr. Agarwala-ক শ্ৰদ্ধা, ল‘ৰাহঁতক মৰম। তুমি মোক গোটাগোটে ল‘বা।

মৰমৰ

“বেজ”

 

                       (৪)

চন্দ্ৰকুমাৰ আগৰৱালালৈ লেখা চিঠি

(২)

Sambalpur

10.2.28

 মাজিউ,

 চিঠি পালোঁ। “মিলন”,“সাহিত্যসভা পত্ৰিকা“ মোলৈ পঠিয়াবৰ আৱশ্যক নাই। মই সেইবোৰ পাওঁ। শ্ৰীযুত বাণী কাকতীক পালে ভাল। কিন্তু Rs.50/- ক‘ৰপৰা কেনেকৈ দিয়া যায়। উপেন্দ্ৰক ভাৰ নিদিবা, Unfit. মই মোৰ লেখা যি পাৰোঁ অলপতে আকৌ পঠিয়াম। মোৰ মৰম ল‘বানে?-ইমান সৰহ আৰু গধুৰ যে কিজানি তাৰ ভাৰ ব‘ব নোৱাৰিবা। জ্ঞানক আৰু হাতীডাঙৰীয়াক মৰম আৰু সাদৰ সম্ভাষণ জনালোঁ। জ্ঞানক আৰু হাতীডাঙৰীয়াক “বাঁহী”ত লেখিবলৈ নোকোৱা কিয়? জ্ঞানে “আসামহিতৈষী”ত প্ৰৱন্ধ লেখিছে দেখিলোঁ। হাতীবাবুৰ প্ৰৱন্ধতো খেৰনিয়ে-ধননিয়ে।

মৰমৰ “বেজ”

 

                            (৫)

(৩) চন্দ্ৰকুমাৰ আগৰৱালালৈ লেখা চিঠি

 Sambalpur

 21.7.28

মাজিউ,

তোমাৰ p.c.পালোঁ। “সাম্প্ৰদায়িক সঙ্কীৰ্ণতা” দ্বিতীয় প্ৰবন্ধ পঠিয়ালোঁ। আশাকৰোঁ আগৰটো ছপা হৈছে। “বাঁহী” আজিও পোৱা নাই,- সোনকালে পাম, আশা কৰিলোঁ। আন প্ৰবন্ধ for next issue আজি লেখিবলৈ বহিম।

ৰত্নাৰ বিয়া ঠিক হোৱাত , আৰু ডিব্ৰুগড়ৰ ৰোহিণীৰে সৈতে,তুমি ভাল পোৱাত মোৰ অশেষ সন্তোষ। কি বোলা, সঁচাকৈ তুমি ভাল বুলিছানে? যদি বুলিছা মোৰ সুখৰ অন্ত নাই। বিয়া জাৰ গ‘লেহে হ‘ব পাৰিব। অৱশ্যে সম্বলপুৰত। তুমি তেতিয়া ইয়ালৈ এবাৰ আহিব লাগিব। তুমি জানা তুমি মোৰ কি বস্তু। সৰহ নকওঁ। লৰালৰি। আহিলৈ মেলানি। ভালে আছাহঁকতো?

তোমাৰ “বেজ”

 

                           (৬)

 (৪) চন্দ্ৰকুমাৰ আগৰৱালালৈ লেখা চিঠি

Sambalpur

24.7.28

মাজিউ,

কথাটো শুনি Shocked হৈ গ‘লোঁ। আশা কৰো মিছা gossip- মোৰ বিশ্বাসো সেয়ে। ইমান সাহ কৰিবনে? ঈশ্বৰে যি কৰে।

ইয়াত তেওঁ মোক কৃষ্ণকান্ত Handique-ৰ ভায়েকৰ কথা কৈছিল, যে তেওঁ বিলাতত বিয়া কৰাইছে, আৰু ল‘ৰা এটাও হৈছে, বাপেকে নাজানে। আহিলে বাপেকৰ ভয়ত ডিব্ৰুগড়ত তেওঁৰ ঘৰত এমাহমান থাকিব। পিছে চাকৰী লৈ আন ঠাইলৈ যাব। বোধকৰোঁ সেইটো কথাৰে এইটো এটা আকাৰ ধৰি ওলাইছে। দুয়ো খুব friend। যি হওক তুমি তাত enquiry কৰিবা। ইয়াত জানিবৰ কোনো উপায় নাই।

“বাঁহী” পালোঁ। “বাঁহী”লৈ “সাম্প্ৰদায়িক সঙ্কীৰ্ণতা” registered কৰি তোমালৈ পঠিয়াইছিলোঁ; পাব পোৱা। আজি দুটা article পঠিয়ালোঁ গুৱাহাটীলৈ – সম্পাদকৰ কথা আৰু কৃপাবৰ।

ভালে আছোঁ। মোৰ মৰম ল‘বা। ইতি

তোমাৰ “বেজ”

 

                       (৭)

(১) হেমচন্দ্ৰ গোস্বামীলৈ লেখা চিঠিখন

Old Baythakkhana 2nd Lane Calcutta, March 24, 1892

Gossain,

“There are more things in heaven and earth than are dreamt of in my philosophy.”

My philosophy dreamt of no letter from you, but your letter came, and my dream has been undreamt. Be that as it may, you threaten me with an intended ‘next’ letter. Well, allow me to tell you that I have got a worthy bit of pluck and courage in me and am not to be daunted by such threats. Write me, I mean, come forward with the missiles and missiles; I will be able to hold my own.

Preface or no preface, but your letter is fraught with preliminaries, and so far I am certain.

I thought of doing what, do you know? I thought of not replying to your letter now and keeping my ‘silence’ till the time of your coming back to Calcutta and then of sending you an apology modelled and formulated after glittering, smooth, but brittle chinaware. So much for matter dull and dry. Now let us to honeyed subjects. No use seeing the sun at the horizon, following or imitating him, and being lost!

You are merely repeating my imagination, vivid and bright, when you say that you are in the arms of Mrs. Gossain. None can feel or understand it more than this humble self. None in this world of struggle can be armed with so deadly a weapon to fight the terribly delicious battle of love, as the elysian arms of his love when stretched and contracted, endangering his life with a frolicsome cruelty.

Desiring you to convey my and my wife’s best wishes to Mrs. Gossain. I conclude and subscribe.

Yours ever affly, ‘Bez’

P.S. My wife is alright now, L.B.

 

                      (৮)

(১) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

Shahjahanpur Prosad Bhawan

 21.3.16

My Dear Jotindra,

Who says poetry is poet`s property and of the young? Well, I am pestered with poetry of innumerable dimensions as well as with mosquitoes of similar cast. I wrote three pieces of poems this morning, (1) To my beloved, (2) To a mosquito, (3) Ode on the dusts. Won`t you call me a poetaster after this?

You are there , I am here. Who knows when we shall be together? My Shahjahanpur sojourn may terminate any day. The hostess is of “won`t-let-you-go” type. So my pent-up feelings due to homesickness find vent in “Ode ot dusts”, and some such things.

I did not like Shahjahanpur the first two days for garam. But the High Above must have felt comapssion for me, and a part of the fag end of winter has been anchored. So I have got nothing to complain now. Are you correcting proofs of banhi? If not, do it. Ask Samanta to write to the Sloth of Wilkins. The dove is signing; my heart is ringing. So, I must stop and write ode to the dove , the harbinger of love.

Ta-ta, my young friend.

Yours affly. ‘Bez’

 

                       (৯)

(২) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

 সম্বলপুৰ

 ১৯১৭

My dear Mr.Beginner of Activity,

তোমাৰ ২৩। ১০। ১৭ তাৰিখৰ চিঠিৰ পৰা বুজিলো যে চিঠি-পত্ৰ লেখা-লেখি হৈ থাকিলেহে মানুহে মানুহক নেপাহৰে, কোনো কাৰণত চিঠি লেখা বন্ধ হʼলে, অথবা পলম হ’লেই পাহৰণিৰ পকনি আৰম্ভ হয়। মোৰ সাংসাৰিক জীৱনৰ প্ৰথমতে এটি সন্তান হৈছিল, সন্তানটি ছোৱালী। ছোৱালীটি ধুনীয়া আছিল বুলি কʼলেও সম্পূৰ্ণকৈ কোৱা নহয়; কাৰণ সেই কালৰ সমসাময়িক “কবিসকল”ৰ যি ছোৱালীটি দেখিছিল আৰু তাইৰ সৈতে কথা-বাৰ্তা পাতিছিল, তেওঁলোকে কৈছিল- সেইটি ফুলৰ সৌৰভ, জোনৰ পোহৰ, মৃদু বতাহৰ গতি, শিৱসাগৰৰ বৰ পুখুৰীত ৰাতি জোনৰ পোহৰ পৰি চিক্‌মিক্‌ কৰা সৰু সৰু ঢৌৰ মালাৰ চাকি। পাঁচ বছৰৰ মূৰত এদিন কʼৰবালৈ গুচি গ‘ল। আজিলৈকে এখনি চিঠি তাই আমালৈ লেখা নাই, আমিও তাইৰ ঠিকনা জানিব নোৱাৰি এখনিও চিঠি লেখিব পৰা নাই; কিন্তু তাইক পাহৰণিৰ আৰম্ভ আমাৰ মনত হোৱাটোৰ গম আজিলৈকে হʼলে পোৱা নাই। পিছত কি হয় কʼব নোৱাৰো।

সিদিনা মই হাওড়াৰপৰা ইয়ালৈ আহোতে ৰেল-গাড়ীৰ খোটালিটোত, অৰ্থাৎ মই যিটো খোটালিত আছিলো, সেই খোটালিটোত এজন জাপানী ডেকা সোমালহি। তেওঁৰ গাৰ পোছাক আৰু মূৰৰ টুপী গঢ়-গতিৰে সৈতে নিখুঁত বিলাতী। হাওড়া ষ্টেচন এৰি কিছু বাট অহাৰ পিছত, মই তেওঁৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰি দিলো।

কিন্তু দুখৰ কথা কি কʼম, তেৱোঁ মোক ভাব বুজাব নোৱাৰে, ময়ো তেওঁক মোৰ ভাব বুজাব নোৱাৰো। তেওঁৰ মাত মই নুবুজোঁ, মোৰ মাত তেওঁ নুবুজে। মোৰ মাত বোলোঁতে আকৌ তুমি ভুল নকৰিবা; মই অসমীয়া মাত মতা নাছিলোঁ, ইংৰাজী মাতহে মাতিছিলোঁ। তেৱোঁ ইংৰাজী মাতকেহে মাতিছিল; কিন্তু তেওঁৰ ইংৰাজী উচ্চাৰণ এনে অদ্ভুত যে মই তাৰ একেষাৰ কথাকে বুজিব নোৱাৰাত পৰিলো।

তেওঁ শেহত নিজেই সৈ কাঢ়িলে যে তেওঁলোকে ভালকৈ ইংৰাজী শিকা নাই আৰু পৰিশ্ৰম কৰি নিশিকেও, মাথোন ব্যৱসায়-বাণিজ্যৰ নিমিত্তে যিবোৰ কথা আৱশ্যকীয়, সেইবোৰ কথা মুখস্থ কৰি ৰাখে। এই বুলি তেওঁ সুন্দৰকৈ বিলাতী গঢ়েৰে বন্ধোৱা কিছুমান কিতাপ উলিয়ালে; মই দেখিয়েই ভাবিলো পেলগ্ৰেভৰ ‘গল্ডেন ট্ৰেজাৰি অব্ লিৰিক্স‘ নাইবা গল্ডস্মিথৰ বা টেনিছনৰ ধুনীয়া এডিছন।

কিন্তু মেলিয়েই মোৰ চকু থিৰ হʼল, – থিয়কৈ কিবা-কিবি ফুল-বছা পাতেৰে কিতাপ কেইখন ভৰা। মই তেওঁক সুধিলো, এইবোৰ আসাম দেশৰ তাঁতশালত অসমীয়া শিপিনীয়ে ফুলাম পাৰি দিয়া কাপোৰত ফুল দিবলৈ চানেকিনে? ভাবিলো ,তেওঁ ব্যৱসায়ী মানুহ, কিজানি আসামত বেচিবলৈ জাপানত পাৰি দিয়া ফুলাম কাপোৰকে বোৱাব খুজিছে। তেওঁ কʼলে , নহয়, সেইবোৰ জাপানী ভাষাৰ কিতাপ, ‘নভেলʼ, ‘পয়েমʼ ইত্যাদি।

মই তেতিয়াহে কথাটো টঙ কৰি থিৰ হʼলো; নতুবা আমাৰ ব্যৱসায় এটা জাপানীয়ে কাঢ়ি নিবৰ চক্ৰান্ত কৰিছে বুলি সৰু-সুৰাকৈ বুকু কঁপি যোৱা ভয়কে এটা পাইছিলো। যি হওক, তেওঁৰে সৈতে , দুই আঁকৰাই কথা পতাদি, আজোৰ-পিজোৰকৈ কথা পাতিবলৈ পৰিশ্ৰম কৰি থকাতকৈ আন কিবা এটা বুধি উলিয়াও বুলি মনতে পাঙি তেওঁক কʼলো, “জাপানী গান এটাকে মোক গাই শুনাওক।”

তেওঁ কʼলে,আপুনিও মোক বঙ্গলা গান এটা গাই শুনাওক, আপুনি গালেই মই গাম। মই যিমানকৈ সুঁৱৰিবলৈ চেষ্টা কৰিলো, এটাও গান মনত নপৰা হ‘ল। ৰৌ মাছলৈ বৰশী পেলাওতে বামুণ-ভেকোলা বৰশীত লগাদি হঠাৎ মোৰ ‘বেবীʼক জোকোৱা এই গানটো মনত পৰিল। ভাবিলো, ইনো জাপানীয়ে মোৰ কি ভুল ধৰিব পাৰিব, দিওঁ এইটোকে গাই, এই বুলি দীঘলকৈ টান দি নিৰ্ভয়ে ধৰিলোঁ- আয় লো পেন্‌পেনী! সবে মিলে এখনি, কান্নাকাটি কৰি মোৰ জ্বালাইব জননী।

গানটোৰ ওৰ পৰিলত তেওঁ কʼলে- “এইটো religious song” (ধৰ্ম-সম্বন্ধীয় সঙ্গীত)। মই কʼলো ‘হু!ʼ তেওঁ কʼলে “ভাৰতবৰ্ষীয় সঙ্গীতবোৰ প্ৰায় religious।” মই কʼলো, “হয়; কিন্তু love song (প্ৰেমৰ সঙ্গীতো) আছে। ” তেওঁ কʼলে,”লভ ছং এটা গাওক। ” মোক তেতিয়া গানে পীড়িছে; মোৰ প্ৰাণে গান গাব লাগিছে; সেই দেখি তেতিয়াই আকৌ আৰম্ভ কৰি দিলো,- অনন্ত আকাশৰ মাজে দে ধোঁৱা উৰুৱাই। গʼল দুখ, গʼল শোক, যাওক ভাগৰ পলুৱাই। নলী লগা ধোঁৱাখোৱা। ইত্যাদি।

তেওঁ বাহবা দি কʼলে, “Beautiful”। তেওঁ আৰু কʼলে,”তোমালোকৰ গানবোৰ দীঘল। ” মই ক‘লোঁ, “আপোনাৰ এটি এতিয়া উলিয়াওকচোন।” তেওঁ গুৰু-গম্ভীৰ সুৰেৰে জাপানী গান আৰম্ভ কৰিলে। মানুহটিয়ে গান গাব জানে। যদিও তেওঁৰ গানৰ কথাবোৰ বুজিব নোৱাৰিলো, সুৰটি বেছ ভাল লাগিছিল।

তেওঁ ক্ৰমাগত তিনিটা কি চাৰিটা গালে। শুনি বৰ ভাল লাগিছিল। তেওঁলোকৰ গানবোৰ চুটি হয়-একোটা দুশাৰী, তিনিশাৰী, চাৰি শাৰীহে। ৰাতি বাৰ বজাত মই ঝাৰসোগোড়া ষ্টেচনত নামিলো, আৰু জাপানী বন্ধুটি সেই গাড়ীতে বোম্বাইলৈ গুচি গʼল। তেওঁ এবছৰমান বোম্বাইত থাকিব হেনো। মোক তেওঁ ঠিকনা দি মাতি গৈছে। মই কিন্তু তেওঁক খুলি কʼলো যে তেওঁ যেন গৈয়েই এজন ইংৰাজী শিকোৱা মাষ্টৰ ৰাখি ইংৰাজী ভালকৈ শিকে। নতুবা মোৰ বোম্বাই-ভ্ৰমণ মাটি হʼব।

সম্বলপুৰ বেছ চহৰ। মোৰ ঘৰৰপৰা ৫০ নলমান দূৰৈত এজন মাৰোৱাৰীৰ এটা ‘বাগান-বাড়ীʼঘৰ আছে। ঘৰটি সুন্দৰকৈ সজোৱা। চাৰিওফালে ফুলৰ বাগিছাও আছে। টোলৰ ভিতৰত মুকলি পথাৰৰ নিচিনা মাটিও পৰি আছে। মাৰোৱাৰীজন চহৰৰ ভিতৰৰ বজাৰৰ ভিতৰতে থাকে। তেওঁৰ এখন লেণ্ডুগাড়ী, এখন ফিটন, এখন টঙ্গা গাড়ী আছে। পুৱা সাত বজাত আৰু আবেলি ৪ বজাত দিনৌ তেওঁ punctually নিৰ্দিষ্টমতে তেওঁৰ ঘৰৰ পৰা লেণ্ডুগাড়ীত উঠি বাগান-বাড়ীলৈ আহে।

তেওঁৰ বাগান-বাড়ী যাত্ৰাৰ এনে ঠিক-ঠাক সময় দেখি অলপ আচৰিত হৈ মই এদিন ইয়াৰ মানুহ এজনক সুধিলো, ইয়াৰ মানে কি?

উত্তৰ পালো- “এ আপুনি নেজানেনে, এই মাৰোৱাৰীজনে পুৱা আৰু আবেলি লেণ্ডুত উঠি শৌচাচাৰ কাৰ্য কৰিবৰ নিমিত্তে তেওঁৰ বাগান-বাড়ীলৈ আহে, তেওঁ লেণ্ডুত উঠি হাৱা খোৱা বা আন কাৰ্য নকৰে আৰু এই লেণ্ডুগাড়ী আৰোহণ এই কাৰ্যৰ নিমিত্তেই হয়।”

মই কলিকতাৰ মানুহ; সম্বলপুৰত লেণ্ডুৰ এনে ব্যৱহাৰ দেখি স্তম্ভিত হʼলোঁ। ইয়াতো মোৰ বন্ধু গোট খাইছে। সিদিনা মই সস্ত্ৰীক এজন বন্ধুৰ ঘৰলৈ গৈছিলো, তেওঁ বঙ্গালী, সেই ঠাইতে অনেক দিন আছে। গৈয়ে শুনিলো বোলে, বন্ধু আৰু বন্ধুৰ ঘৈণীয়েক দুইৰো গা বেয়া, অলপ পানী লগা জ্বৰ হৈছে। আমি বাহিৰতে বহিলো। তেওঁৰ লগুৱাই আমাৰ গৃহিণীক মাতি ভিতৰলৈ লৈ গ’ল, মই বাহিৰতে থাকিলো।

গৃহিণীয়ে বন্ধুৰ গৃহিণীক শোৱা-পাটীত পৰি থকা পালে, আৰু ওচৰৰ বিছনা এখনত এজন মতা মানুহক মূৰে-গায়ে কাপোৰেৰে ঢাকি শুই থকা দেখিলে। তেওঁক দেখিয়েই বুজিলে যে সেইজনা “বন্ধুনী”ৰ স্বামী। আমাৰ গৃহিণীয়ে নৰিয়াৰ ভু লৈ বাহিৰলৈ ওলাই আহোতে, বন্ধুৰ লগুৱাই মোক ভিতৰলৈ মাতি নিলে। মই গৈ বন্ধুক দেখি তেওঁৰ গাত হাত দি, তেওঁৰ সৈতে অলপ কথা-বাৰ্তা পাতি তেওঁৰ নৰিয়াৰ বুজ লৈছো, এনেতে মোৰ চকু গʼল, দেখিলো তেওঁৰ ওচৰৰে এখন বিছনাত এজনী তিৰোতা মানুহে মূৰে-গায়ে ঢাকি পৰি আছে। মোৰ আৰু বুজিবৰ বাকী নেথাকিল যে সেইজনা মোৰ বন্ধুৰ ঘৈণীয়েক।

বাহিৰলৈ ওলায় আমাৰ গৃহিণীৰ সৈতে দুইৰো note compare কৰি বুজিব পাৰিলো যে আমাৰ বন্ধু আৰু বন্ধুনী একেটা কোঠালিতে জ্বৰত পৰি শুই আছিল। আৰু মোক ভিতৰলৈ মাতি নিওতে বন্ধুনীয়ে মূৰে-গায়ে কাপোৰেৰে ঢাকি আছিল আৰু মোৰ গৃহিণীক নিওতে বন্ধুৱে তেনে কৰিছিল। কেনে বুদ্ধি চোৱা।

আৰু এজন বন্ধুৰ ঘৰলৈ গৈছিলো। তেওঁৰো নৰিয়া, জ্বৰ। তেওঁ কথাৰ কথা কলে। “মই যিটো পাটনাদৰ পানী খাওঁ, সেইটোৰ পানী ironical (আইৰনিকেল,অৰ্থাৎ তাৰ পানীত আইৰন্ আছে ), গতিকে মোৰ causticness(কষ্টিকনেছ ) হয়; সেই দেখি মই পানীভাৰীক কৈ দিছো, যেন আপোনাৰ পাটনাদৰপৰা মোলৈ পানী আনে। “

কিছুমান পৰ তেওঁৰ সৈতে কথা-বাৰ্তা পাতি আছো, এনেতে আন এজন মানুহৰ কথা ওলাল। সেই মানুহজন ধেমেলীয়া কথাৰ নিমিত্তে খ্যাত। মোৰ জ্বৰীয়া বন্ধুৱে seriously মোক সেইজনৰ বিষয়ে কʼলে, “এৰা তেখত বৰ তামসিক লোক” অৰ্থাৎ তামাচা কৰোতে humorous মানুহ।

মোৰ ঘৰৰ ওচৰতে ওজন পাদুৰী চাহাব আছে। তেওঁ এইবাৰ উড়িয়া ভাষাত পৰীক্ষা দি মহলাত উঠিছে। যোৱা দেওবাৰে তেওঁ হাটলৈ গৈ কিছুমান সাধাৰণ উড়িয়া মানুহেৰে উড়িয়াত কথা কৈছিল। উড়িয়াকেইটাই চাহাবৰ মুখৰ ফালে চাই মিচিক মিচিককৈ হাঁহি আছিল, অথচ তেওঁৰ কথাৰ উত্তৰ নিদিয়া দেখি, তেওঁ হিন্দুস্থানীৰে তাৰ কাৰণ সোধাত সিহঁতে “চাহাব আমি তোমাৰ ইংৰাজী কথা বুজিব পৰা নাছিলো, কাৰণ আমি ইংৰাজী নাজানো”, এই বুলি কʼলে।

আজি পুৱা দেখিলো পাল্কী গাড়ী এখনত , আমাৰ ঘৰৰ আগেদি মানুহ ঠাহ খাই গৈছে। ওচৰলৈ গৈ দেখিলো, মানুহ মুঠেই এজন। মানুহজন তাহানি হাতীত উঠি যোৱাৰ নিচিনা- যিজনক দেখি হাতী চাবলৈ অহা লʼৰা এটাই তেওঁলৈ আঙুলিয়াই বাপেকক সুধিছিল, “পিতাই, হাতী সেইটো নে তলৰটো?”

আজি ইমানতে শেষ কৰি মেলানি মাগিলো।

তোমাৰ কৃপাবৰ

 

                      (১০)

(৩) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

Sambalpur

 5.9.27

My Dear Jotindra,

তোমাৰ চিঠি পালোঁ। বংশাৱলী ছপা আৰু বন্ধা ভাল হৈছে। Satisfied.

মই Cal. Office-অৰ telegram পাই উধাতু খাই গ‘লোঁ; আৰু ইয়াত বৰ আৱশ্যকীয় কামত উপস্থিত থাকিব লগীয়া হোৱাত উধাতু খাই উভতি আহিলোঁ। তেতিয়া B.N.R.line বৰষুণত ভাগিছিল দেখি ঘূৰি -পকিহে এইখিনিত ওলাব পাৰিছিলোঁ। বৰ মন থকাতো তোমাক চাবলৈ যাব নোৱাৰিলোঁ; সেই বাবে দুখ লাগিছিল।

বৰষুণে একেবাৰেই সেমেকাই পেলালে। সেই দেখি ভাল নাই যদিও ভালে আছোঁ। তুমি ওফোন্দ পাতি ওফন্দি আছা। আমাৰ হ‘লে গাত ৰ‘দও নাই, জুইও নাই; গতিকে ওফন্দিবৰ উপায়ও নাই; লেৰেলি সেমেকি আছোঁ – যিটোক আমাৰ অসমৰ অসমীয়াৰ চিঠিৰ ভাষাত ক‘বলৈ গ‘লে হ‘ব “প্ৰাণগতিক মঙ্গল। “

মৰমৰ শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা

 

                      (১১)

(৪) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

Sambalpur

11.10.27

মৰমৰ Jotindra

তুমি অসমৰ পৰা উভতি আহিলানে? আইতাৰ গা ভাল হৈছেনে? তোমাৰ আগৰ চিঠিৰ জবাব দিছিলোঁ, কিন্তু কিবা গ্ৰহ-দোষত তুমি মাজে মাজে মোৰ চিঠি নোপোৱা। যাওক, গ্ৰহেৰে সৈতে মই এই বুঢ়া গাৰে যুঁজিব পৰাটো টান।

তোমাৰ মনটো ভালকৈ ৰাখিবাঁ। নিজৰ মনটো ভালে ৰাখিলেই গোটেই কাৰ্য-সিদ্ধি। “নিজৰ মন ভালেই জগত ভাল” বুলি কয়।

বুঢ়ী এতিয়া দাৰ্জিলিঙত। বৰজোঁৱায়েক-জীয়েকেৰে সৈতে শৈল-বিহাৰত ব্যস্ত। মই মাজুজনী আৰু সৰুজনী ছোৱালীক বুকুত বান্ধি লৈ কোনোমতে ঢিমিক-ঢামাককৈ ইয়াত আছোঁ। কলেজ খুলিলেই অকলশৰীয়া পহু হ‘ম। যদি সেই সময়ৰ জোৰাতে বুঢ়ীয়ে লগ নধৰেহি তেন্তে তেওঁ খহু ধুই ভাগৰিব লাগিব।

মৰমৰ শ্ৰীহ’ব লগীয়া খহুৱা

আসামক কেনে যেন দেখিলা?

ল.

 

                       (১২)

(৫) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

Forest

13.2.28

My dear Jotindra,

তোমাৰ চিঠি পালোঁ। মই আহিবৰ পৰা যে কি কৰি ক‘ত ফুৰিছোঁ, তাৰ লেখ দিব নোৱাৰোঁ। দেখা হ‘লে মুখেৰে ক‘ম। মুঠতে মোৰ এই বসয়ত এনে কাম, এনে হাবিত,ঠিক কাৰ্য নহয়। মই শীঘ্ৰে উভতি যাবলৈ চেষ্টা কৰিছোঁ।

তোমাৰ নিমিত্তে J.Barooah দি এই certificate লেখালো। কাইলৈ আচলখন পাবা। এইখন copy হে।

মোৰ মৰম আৰু আৰ্শীব্বাদ।

তোমাৰ মৰমৰ শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা

 

                         (১৩)

(৬) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

Sambalpur

 27.4.28

মৰমৰ যতীন্দ্ৰ বোপা,

তুমি মোৰ দুখন চিঠিৰ প্ৰাপ্তি স্বীকাৰ নকৰাত ৰং পাইছোঁ; কাৰণ তাৰ আগেয়ে বাৰচেৰেক তুমি খপ্ খপ্ কৰে চিঠিৰ উত্তৰ দিছিলা; আৰু তাকে দেখি মোৰ ভয় হৈছিল, পাছে আমাৰ সেই পুৰণি যতীন্দ্ৰক কিজানি হেৰুৱাওঁ। মোৰ সকলো সৰ্ব্বহ পৰিত্যাগ কৰিবলৈ মই সাজু, কিন্তু পুৰণি যতীন্দ্ৰ, the dear old soul-অক হেৰুৱাব নোখোজোঁ। ঈশ্বৰৰ কৃপা যে, তেওঁৰ ন গঢ়-গতি দেখি হেৰাওঁ হেৰাওঁ ভয় হৈছিল যদিও, এতিয়া দেখিলোঁ হেৰুৱা নাই।

কেনে আছা? ভালে থাকিলেই ভাল পাওঁ; আৰু মোৰ মনৰ সন্তোষ।

অলপতে কলিকতালৈ এবাৰ যাবৰ মন আছে। হোটেলত থাকিবৰ মন নাই। ঘাইটো আপত্তি, দিনৌ ৫। ৬ টকাকৈ ধন খৰচ হ‘ব। তাৰ বাহিৰে, আজিকালি যি খোৱা-শোৱা উজুভাৱে কৰি লৈছোঁ, তাৰো ভিকাচন ভাগিব কিজানি। এই বিষয়ে, কিবা এটা বুধি দিব পৰিবানে? দিলে শলাগ পাবা, নিদিলে ধৰম ক‘লৈ যাব? আজিকালি ইয়াত বৰ ঘাম। ঘামত তিতি পকা শ‘ল মাছটো যেন হৈ আছোঁ। এই চিঠি লেখোঁতেই টপ্ টপ্ কৰে কপালৰ ঘাম চিঠিত পৰিছে। ইতি

মৰমৰ শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা

 

                      (১৪)

(৭) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

Sambalpur

8.2.29

My dear Jotindra,

মই হাবিৰ পৰা কালিহে ওলাই আহিছোঁ। তোমাৰ চিঠিত ব্ৰজ বাবুৰ মৃত্যুৰে বাতৰি পাই বৰ বেজাৰ পালোঁ। নিশ্চয় তুমি এজন তোমাৰ অভিভাৱক হেৰতুৱালা আৰু মই এজন sincere friend। এইদৰেই আমাৰ বন্ধু-বান্ধৱক আৰু নিচেই নিজৰ মানুহক আমাৰ বুকুৰপৰা কালে টানি নিয়ে। তথাপি আমি সকলো চিৰস্থায়ী বুলি ভাবি আচল বস্তু পাহৰি থাকোঁ।

আমাৰ তেওঁৰ কিতাপৰ বিষয়ে তুমি দিয়া suggestion বোৰ ভাল। তেওঁ সেইবোৰ adopt কৰিব বুলি কৈছে কৈছে। Book Company ৰে সৈতে জাৰকৰ নিমিত্তে বন্দবস্ত কৰিবা।

মৰম ল‘বা।

তোমাৰ

শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা

P.S.”বাঁহী”লৈ কবিতা পঠিয়াবা।

 

                      (১৫)

(৮) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

Sambalpur

8.3.18

My dear Jotindra,

তুমি কি ভাবিছা, কোঁৱা। ক‘বই লাগিব। ন‘কলে ধৰি ল‘ম যে তোমাৰ চিঠিৰ উত্তৰ দিয়া নাই দেখি তুমি ভাবিছা, মই আভঁজা, মই পাহৰা ধানৰ ভাত খোৱা ভতুৱা, এলাহৰ নিহালিৰ তলত ফস্তি জুৰি শুই থকা এলেহুৱা, কথাৰ চাউলকথা ৰাখিব নজনা ভিকহু, মৰমৰ শীতল পানী ৰাখিব নোৱাৰা ফুটা লাওৰ ভাৰ বওঁতা ভাৰী, মৰম কৰোঁতাক মৰমৰ খুদকণ এটাকে দিব নোৱাৰা কটকিনা , পৰুৱাৰ মুৰৰপৰাও চেনেহৰ ঘিউকণ কাঢ়ি লৈ নিজৰ চেনেহৰ ঘিউৰে মৰমৰ জনক ভোজনি এটাকে দিব নোৱাৰা চিকটা, আৰু ইত্যাদি, ইত্যাদি।

তুমি কৈছা মই ব্যস্ত আছোঁ, মইও আসৈ নামাতোঁ যে মই ব্যস্ত আছোঁ; কিন্তু সেইবুলি জানো মই ভাত খোৱা নাই, শোৱা নাই, হঁহা নাই, নাইবা মোৰ মৰমৰ জীহঁতক চুমা খোৱা নাই, সিহঁতৰ মুৰৰ চুলিৰ ভিতৰত আঙুলি বুলাই মৰম কৰি মূৰ শুঙা নাই? আৰু তাতকৈ “ব্যস্ত সমস্তৰ” কাম “বাঁহী” লেখা নাই?

তাৰ বাবে মই কি কৰিম ভাবি পোৱা নাই। সকলোৱে এনে আহুকালত পৰি অনুতাপ কৰে; ময়ো এবাৰ তেনেকুৱা অনুতাপ-তনুতাপ এটাকে কৰিম নে? তুমি কি বোলা? তুমি যিহকে কোৱা, মই তাকে কৰিম- নিশ্চয়,নিশ্চয়,নিশ্চয়; আন নেলাগে অসমীয়াৰ অসাধ্য কাম আমাৰ ইয়াৰ পদূলি-মূৰত দাঢ়ি জোকাৰি লৰি ফুৰা ভোবোলা ছাগলী এটাকে যদি লৰি-ঢাপলি গৈ ধৰিবলৈ কোৱা, তাকে ধৰিবলৈ লৰিম, আৰু ধৰিব পাৰিলে, তোমাৰ অভিপ্ৰায় বুজি তাক pound-ত (থানাত) দিবলৈকো ওলাম। ঘূৰি ডাকত তোমাৰ অনুমতি-পত্ৰৰ অপেক্ষাত থাকিলোঁ।

“ মাজু“ মোৰ ইয়ালৈ নাহিল। কলিকতাৰ পৰাই তীৰ্থ কৰিবলৈ গ‘ল! আৰু কি মই মোৰ কাষত “মাজু”ক পাম! সংসাৰ বান্ধোনবোৰ এইদৰে এডালি এডালিকৈ কোনে ছিঙে! হায়! ১০ম সংখ্যা “বাঁহী” আজি তোমালৈ পঠিয়ালোঁ বন্ধাই থঁবা, তোমাৰ ওচৰত সি থাকক, শান্তি পাব; এখন এখন “বাঁহী” এই নিঃকিনৰ এডোখৰ এডোখৰ।

মই বনবাসী বনৰীয়া। বনত বন-ফুল দেখোঁই কিন্তু তুলিব নোৱাৰোঁ, উপভোগ কৰাৰ আগেয়ে তাক সপৰিবাৰে উজাৰ কৰিবলৈ তাৰ গুৰিত বৰ-কুঠাৰ মাৰোঁ। মোৰ কাৰ্য দেখি দৈত্যই হাঁহে, দেৱতাই কান্দে। মই ঠিৰাঙকৈ ক‘ব পাৰোঁ, তুমি আৰু “মাজু”ৱেও দেখিলে কান্দিবাহক।

এই ব্যাধে কোমল হৰিণা পোৱালিৰ গাত কঠিন শৰ হানে, ক্ৰৌঞ্চমিথুনৰ এটিক বধ কৰে, আহঁত গছৰ তলত ৰঙা চৰণ দুখানিমেলি বহি থকা কৃষ্ণচন্দ্ৰৰ ৰঙা চৰণক হৰিণৰ মুখ বুলি ভ্ৰম কৰি তাত চোকা কাঁড় হানে। এনে গুৰুতৰ অপৰাধ কৰি এই ব্যাধৰ মুখৰ পৰা এষাৰ স্তুতি নোলায়, এটি শোকৰ শ্লোক নুফুটে আৰু চকুৰ পৰা এটুপি লো নজৰে। এনে লোকক তুমি এতিয়া কি বুলিবা?

বিষয় বিষাক্ত সাপ বুলি সাধু সকলে কয়। মোৰ আৰু ক‘বলৈ একো মুখত নোলায়, কাৰণ বিষত মূছঁকঁছ গৈ আছোঁ।

ইয়াত আজি কালি বৰ ৰ‘দ, বৰ ঘাম। কিন্তু পাপৰ ৰ‘দ-ঘামতকৈও ই বেছিনে? আসামলৈ মনত পৰে। তোমাৰ আসাম-নিবাস দেখি সেই অৱস্থা পাবৰ মন যায়। কিন্তু “দশন-বিহীন কুত্তা যেন, হাড় চোবাইবাক নপাৰয়” মাথোন হাড়ডোখৰ মুখত লৈ “জিভা লৰচৰ” কৰাৰ বাহিৰে আন কি হ‘ব পাৰে?

তোমাৰ সূচনি ভাল। বহাগৰপৰা “বাঁহী”ৰ নতুন বছৰ কৰিম। “বাঁহী” চলোৱা যে কি লেঠাৰ কাম হৈছে। তাক আৰু চিঠিত লিখি কি জনাম। মোৰ নাই আহৰি, মোৰ নাই “বাঁহী”ৰ জন্মস্থানত নিবাস,নাই সেইকামত সহায় কৰোঁতা মানুহ, মোৰ নাই “বাঁহী”ৰ গ্ৰাহক সকলৰ পৰা ধনৰ সহায় মোৰ আছে মাথোন “বাঁহী”চলাই থাকিবৰ মন আৰু অদম্য উছাহ। আমি ভালে আছোঁ। তোমাৰ সোনকালে লেখিবা।

মৰমৰ শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা

 

                        (১৬)

(৯) যতীন্দ্ৰনাথ দুৱৰালৈ লেখা চিঠি

Sambalpur

29.9.18

যতীন্দ্ৰ,

তোমাৰ দীঘলীয়া চিঠিৰ উত্তৰ দিম বুলি পেলাই থওঁতেই পিছ পৰি গৈছোঁ। তোমাৰ চিঠি পঢ়ি যে কি সুখ পাইছোঁ, ঈশ্বৰেহে জানিছে। মই ইয়াত অকলশৰীয়া। অসম আৰু অসমীয়াৰ প্ৰভাৱৰ পৰা আঁতৰ; গতিকে বুজিব পাৰিছা , মোৰ surroundings কি আৰু তাৰ প্ৰভাৱ মোৰ ওপৰত কেনে হ‘ব পাৰে। মইতো মানুহ; মানুহৰ স্বভাৱ আৰু weekness- অৰ হাত এৰোৱা কি টান বুলি ভাবি চাবা। তোমাৰ চিঠি আৰু ন “অসমীয়া” কাকত , এই দুই বস্তুৱেহে মোক অসমৰ কথালৈ মনত পেলাই টনকিয়াল কৰে।

“অসমীয়া” কাকতখন খুব ভাল হৈছে। মন দি লাগি যোৱাহঁক, শীঘ্ৰে সি অসমত এটা power হৈ উঠিব। “মাজু”ৱে যি কাম হাতত লয় , সি সদায় সিদ্ধ হয়। মানুহটো sincere, সেই দেখি। আৰু সেই দেখিয়েই তেওঁ মোৰ হিয়াৰ মাজৰ বস্তু।

শ্ৰী শ্ৰী শঙ্কৰদেৱৰ তিথিৰ উৎসৱৰ বিৱৰণ তোমাৰ চিঠিত পঢ়ি আৰু “অসমীয়া”ত দেখি যে মোৰ মনত কি আনন্দ হৈছে , কি ক‘ম! মহাপুৰুষে তোমালোকৰ অন্তৰত অকণ বল দিব। সাজু হোৱাহঁক। অন্তৰীক্ষৰ পৰা তেওঁ তোমালোকৰ ফাললৈ চাব লাগিছে। অন্তৰৰ চকুমেলি চোৱাঁ, নিশ্চয় নিশ্চয় দেখিবা। তুমি ভাবি চাবাঁচোন, সিদিনাৰ তিথি মহোৎসৱৰ দিনাৰ পৰা তোমাৰ অন্তৰত কেনে এটা নতুন বল পাইছা। আৰু পাবা, যদি ওপৰৰ পৰা বৈ অহা সেই বলৰ সোঁতা হৃদয়ত ধাৰণ কৰিব পাৰা। তালৈ হৃদয় receptacle শুদ্ধ কৰি পাতি ৰাখিব লাগিব , তেহে।

মহাদেৱে মুৰ পাতি আকাশী গংগাৰ ধাৰো শিৰত শুদ্ধ চিত্তে ধৰিব পাৰিছিল , সেই দেখি তেওঁ মহাদেৱ হ‘ব পাৰিছিল। আমিও অলপ অচৰপ তেনে হ‘ব পাৰিম , যদি এহা-শুধীয়া ভাবে কাৰ্য কৰোঁ। আকাশী গঙ্গাৰ ধাৰ আমি মূৰ পাতি ধৰি কৃতাৰ্থ হ‘ম। কিন্তু সেই গংগাই পূৰ্বৱতে সকলোৰে, বিশ্বমানৰ জীৱ-জঙ্গমৰ মহোপকাৰ সাধি সকলোকে পবিত্ৰ , পূত, বিধৌত, সজীৱ, সবল কৰিবৰ নিমিত্তে পৃথিবীত সেই গঙ্গাক বোৱাই দিমহক।

এই শিক্ষা , এই উদ্দেশ্য-আদৰ্শেৰে তোমালোকে শ্ৰী শঙ্কৰদেৱ -মন্দাকিনিক আকৌ অসমলৈ নমাই আনা , কৃতকাৰ্য আৰু কৃতাৰ্থ হ‘বা। জীৱনৰ উদ্দেশ্য সিদ্ধি হ‘ব। জৰ্জ ইনষ্টিটিউচনে এনে এদল ডেকা,a band of young man গঢ়ক , দেখিবা অচিৰতে অসম পৃথিৱীত গৌৰৱান্বিত হ‘ব। আমাৰ material আগতে আছে, হাতৰ কাষতে,বাঢ়ৈ-খনিকৰৰ অভাৱ!

মাজুৱে “অসমীয়া”ৰ Puja number-অলৈ মোৰ পৰা anything nonsensical খুজিছিল। গোটাচেৰেক লিখি পঠিয়ালোঁ তোমাৰ ঠিকনাত, পঢ়ি চাই তেওঁক দিবা। যদি তোমালোকৰ কাকতৰ পক্ষে তেনেকুৱা লিখা উপযোগী নহয় বুলি ভাবা, article-টো মোলৈ ওভোতাই পঠিয়াবাঁ, “বাঁহী”য়ে তাৰ ভাৰ ব‘ব। তাৰ নকল ময়ো ৰখা নাই। ভালে আছোহঁক। সোনকালে মোলৈ চিঠি লেখিবাঁ; তোমাৰ চিঠি মোৰ আদৰৰ বস্তু। তোমাৰ গা আশাকৰোঁ , এতিয়া সম্পূৰ্ণ হৈছে। ফুকনক মোৰ সাদৰ সম্ভাষণ জনাবাঁ।

ইতি

মৰমৰ শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d